মুখ বাগৰা মুকুতা-১
মুখ বাগৰা মুকুতা-১ সাপ নচুৱা আৰু বান্দৰ। মদন এজন সাপ নচুৱা। এদিন সি সাপৰ খেল দেখুৱাবলৈ বুলি হাটলৈ গৈ আছিল। জেঠ মাহৰ দুপৰীয়া। টিকা-ফটা ৰ ’ দ। ৰ ’ দৰ তাপত তাৰ অণ্ঠ-কণ্ঠ শুকাই যোৱাত সি সাপ ভৰাই অনা মাটিৰ পাত্ৰটো গছ এজোপাৰ তলত নমাই থৈ ওচৰতে থকা মানুহ এঘৰলৈ পানী খাবলৈ গ ' ল। গছজোপাত কেইটামান বান্দৰ বাস কৰিছিল। মদনে আটোম-টোকাৰিকৈ বান্ধি সাপ ভৰাই অনা পাত্ৰটোত নিশ্চয় কিবা লোভনীয় খোৱা বস্তু আছে বুলি বান্দৰ কেইটাই ভাবিলে। মানুহজনৰ সাজ-পাৰো চকুত লগা ধৰণৰ ! মুৰটোও তেল-পানী সানি পৰিপাৰ্টিকৈ ফনিওৱা। বান্দৰ কেইটাই ভাবিলে , মানুহজনে নিশ্চয় মিঠৈ জাতীয় কিবা ভাল খোৱা বস্তু লৈ শহুৰেকৰ ঘৰলৈ গৈ আছে! মিঠৈৰ কথা মনত পৰাৰ লগে লগে টেঙা দেখিলে যেনেকৈ জিভাৰ পানী সৰ সৰকৈ ওলাবলৈ ধৰে , ঠিক সেইদৰে বান্দৰ কেইটাৰো জিভাৰ পানী ওলাবলৈ ধৰিলে। মদনে পাত্ৰটো অকলশৰীয়াকৈ এৰি থৈ যোৱা দেখি মলুৱা বান্দৰকেইটাই লোভ সামৰিব নোৱাৰি গছৰ পৰা সৰ সৰকৈ নামি এখ...