জীৱন নৈৰ সুঁতি(উপন্যাস)
জীৱন নৈৰ সুঁতি (উপন্যাস) এক হে ’ ৰি , কোন আছে ভিতৰত ? অনুগ্ৰহ কৰি দুৱাৰখন খোলক । হঠাৎ কোনোবাই দুৱাৰত টুকুৰিয়াই অনুচ্চসুৰত অৰ্ণৱক কাতৰ অনুৰোধ জনালে। নাৰীকণ্ঠ। কণ্ঠস্বৰত প্ৰচ্ছন্ন আতংক । শীতকাল। কেইদিনমনাৰপৰা যথেষ্ট ঠাণ্ডা পৰিছে। দুদিনমানৰপৰা হিমাংক বিছ ডিগ্ৰীৰ তলত নামিছে। অর্ণৱে মূৰলৈকে লেপ জাপি আইনৰ কিতাপ পঢ়ি আছিল। কিতাপখন জপাই সি সবিস্ময়ে দুৱাৰৰ ফালে চালে। কোন আহিব পাৰে এই ৰাতিখন! তদুপৰি নাৰীকণ্ঠ। এইখন নগৰত সি সাত-আঠ বছৰ ধৰি আছে যদিও তাৰ তেনে কোনো পুৰুষ মানুহৰ লগতে পৰিচয় নাই , তিৰোতা মানুহৰ লগত পৰিচয়তো দূৰৰে কথা ! নাই নাই , সেইবুলি সি নীৰস প্ৰকৃতিৰ মানুহ নহয়। আচলতে পৰিচয় হোৱাৰ সুযোগ বা অৱসৰে নাই তাৰ । সি দেৱাল ঘড়ীটোলৈ চালে । দহ বাজি গৈছে কেতিয়াবাই। সি থকা ঠাইডোখৰ অভিজাত কল ’ নিৰ পিছফালে থকা এডোখৰ নিৰ্জন এলেকা। মহানগৰীৰ কোলাহলৰপৰা সম্পূৰ্ণৰূপে মুক্ত ৷ বসতিও সেৰেঙা। ফলত ৰাতি দহোটা মানে দুপৰ নিশা । চৌহদত আন কিছুমান ভাড়াতীয়া আছে যদিও আটায়ে দ...