Posts

Showing posts with the label এটি অভিশাপৰ মৃত্যু

এটি অভিশাপৰ মৃত্যু

Image
                                 এটি অভিশাপৰ মৃত্যু সূচীপত্র অদ্ভুত ছোৱালী নৰক টাড়াবন্দী এটি অভিশাপৰ মৃত্যু বেকীৰ বান সংযোগ বিভ্রাট তিল্লুকী বাই                      অদ্ভুত ছোৱালী চঞ্চলা গাভৰুৰ দৰে পাহাৰীয়া জুৰিটি নাচি-বাগি বৈ আছিল। পানীৰ মাজে মাজে ওলাই থকা শিলাখণ্ডবোৰত ঠেকা খাই পানীয়ে ৰচিছিল সংগীতৰ মূৰ্চ্ছনা। কোনোবা শিল্পীৰ দৰদী হাতৰ পৰশত যেন তুলিছিল বীণাৰ ঝংকাৰ। জুৰিৰ পাৰৰে এডোখৰ শিলত বহি মই উপভোগ কৰি আছিলো প্ৰকৃতিৰ সেই অপৰূপ সৌন্দর্য সম্ভাৰ। হঠাৎ এক আৰ্ত চিঞৰ মোৰ কাণত পৰিল। কাণ পোণাই চিঞৰটো কোন দিশৰ পৰা আহিছে জানিবলৈ যত্নপৰ হ ' লো।কোনো শব্দ মোৰ কাণত নপৰিল। কেউফালে নিজম নিস্তব্ধ। কাঁহ পৰি জীণ যোৱা অৱস্থা। বহাৰ পৰা উঠি মই পিচফালে ঘূৰি চালো। মোৰ পৰা পঁচিছ-ত্ৰিছ হাতমান আঁতৰত মই দুজন মানুহ থিয় দি থকা দেখিলোঁ। সিহঁতৰ সন্মুখত পৰি আছে এজন মানুহ। মানুহজন জীৱিত , নে মৃ...