Posts

Showing posts with the label বাংলা অনুবাদ গল্প-১

বাংলা অনুবাদ গল্প-১

Image
  বাংলা অনুবাদ গল্প-১       সূচীপত্র বিচাৰক : (ৰবীন্দ্ৰনাথ ঠাকুৰ।) হঠাৎ এজনী নাৰীঃ (সুনীল গঙ্গোপাধ্যায়।) বৰযাত্ৰীঃ (গজেন্দ্ৰকুমাৰ মিত্ৰ) জমাৰ খাতাঃ (গজেন্দ্ৰকুমাৰ মিত্র।) অভিলাষঃ (মূল বাংলা- গজেন্দ্ৰকুমাৰ মিত্র।) দুপাট জোতাঃ (গজেন্দ্ৰকুমাৰ মিত্র। যাত্রা-পথতঃ (গজেন্দ্ৰকুমাৰ মিত্র।) নাগ আৰু নাগিনীঃ-(তাৰাশংকৰ বন্দোপাধ্যয়) তিস্তাই সকলো কৰিব পাৰেঃ-(তাপস কুমাৰ বিশ্বাস) বিঃ দ্ৰঃ- গল্পবোৰ বিভিন্ন সময়ত বিভিন্ন কাকতত প্ৰকাশিত।                  বিচাৰক    মূল-ৰবীন্দ্ৰ নাথ ঠাকুৰ।                                 প্ৰথম পৰিচ্ছদ বহু অৱস্থান্তৰৰ পাছত অৱশেষত বিগত যৌৱনা ক্ষীৰোদা যিজন পুৰুষৰ আশ্রয় প্রাপ্তা হৈছিল সিয়ো যেতিয়া তাইক জীৰ্ণ বস্ত্ৰৰ দৰে পৰিত্যাগ কৰি গুচি গ ' ল , তেতিয়া অন্ন সংস্থাপনৰ কাৰণে দ্বিতীয়টো আশ্রয় প্ৰাপ্তিৰ চ...