Posts

Showing posts with the label ভাৰতীয় কালজয়ী অনুবাদ গল্প

ভাৰতীয় কালজয়ী অনুবাদ গল্প

Image
  ভাৰতীয় কালজয়ী অনুবাদ গল্প               সূচীপত্র c খুলি দিয়া। (মূল -(চাদাত হাচান মণ্টো) সৰিয়হ ফুল (মূল উর্দু- মহঃ কে মহতাজ) উপদেশ। মূল (তেলেগু-বালিৱাড় কান্ত) গুৰমুখ সিঙৰ উইল। (মূল উর্দু- ছাদাত হাছান মণ্টো) খীৰতী গাই ঃ মূল কাশ্মীৰী- আমিন কামিল নতুন আইন (মূল- ছাদাত হাছান মণ্টো) ঠাণ্ডা মঙহ (মূল- ছাদাত হাছান মণ্টো) আল্লাহৰ কচম (মূল-ছাদাত হাছান মণ্টো) চিকাৰী মহিলা (মূল-ছাদাত হাছান মণ্টো)                               খুলি দিয়া   ( মূল-(চাদাত হাচান মণ্টো) বিশেষ ৰে ' লগাড়ীখন অমৃতচৰৰপৰা দুপৰীয়া দুই বজাত যাত্ৰা আৰম্ভ কৰি আঠ ঘণ্টা পাছত মোগোলপুৰা পালেহি- ৰাস্তাত কে ’ বাজনো মানুহ মৰিল , কিছু মানুহ জখম হ ’ ল আৰু কিছু মানুহ ইফালে সিফালে গুচি গ ' ল। ৰাতিপুৱা দহ বজাত কেম্পৰ চেঁচা মজিয়াত চিৰাজুদ্দিনে চকু মেলি চালে আৰু কেউফালে পুৰুষ মানুহ আৰু সৰু সৰু ল ' ৰা-ছোৱালী...