Posts

Showing posts with the label প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত মুছলমানৰ ইতিবৃত্ত।

প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত মুছলমানৰ ইতিবৃত্ত।

Image
         প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত           মুছলমানৰ ইতিবৃত্ত। প্ৰাগজ্যোতিষ -কামৰূপৰ ভূমিত ধাৰাবাহিক প্ৰব্ৰজন মানুহে বহু কথাতে চৈধ্য পুৰুষৰ কথা কয়। কিন্তু প্ৰাগজ্যোতিষপুৰীয়া মূলৰ ধৰ্মান্তৰিত বাংলাভাষী মুছলমানৰ বহুতৰে তিনি পুৰুষৰ খবৰে নাই। শিল্প-সাহিত্য সম্পর্কে এওঁলোকৰ ধাৰণা খুবেই পুতৌজনক। ৰাজনৈতিক , শৈক্ষিক আৰু অৰ্থনৈতিক ভাবেও বহু পিছপৰা। নিজৰ জাতীয় ইতিহাস সম্পর্কেও সচেতন নহয়। ফলত এই জাতি-গোষ্ঠীৰ বহুতে নিজক আৰব , ইৰাণ , ইৰাক আদিৰপৰা প্ৰব্ৰজিত বুলি ভাবে। বহুতে আকৌ নিজক বাদচাহৰ বংশধৰ বুলিও গৌৰৱ কৰে। প্ৰকৃতাৰ্থত এওঁলোক বাদচাহৰ বংশধৰতো নহয়ে , আৰব , ইৰাণ , ইৰাকৰপৰা প্রব্রজিতও নহয়। এওঁলোক বহুকাল আগৰে পৰা প্ৰাগজ্যোতিষ-কামৰূপৰ ভূখণ্ডত বসবাস কৰি আছে আৰু প্ৰকৃতাৰ্থত ক ’ বলৈ গ ' লে এওঁলোক এই ভূখণ্ডৰ আদিম অধিবাসী। এওঁলোক মূলতঃ বাংলাভাষী। শিশুসকলে ঘৰখনত প্ৰথমতে বাংলা মাত-কথাই শিকে। প্রয়োজনৰ খাতিৰত এওঁলোকে অসমীয়াকে আদি কৰি বিভিন্ন ভাষা ব্যৱহাৰ কৰিলেও সমগোত্রীয় লোকৰ লগত সদায় বাংলা ভাষাতে কথা পাতে...