এখন অখ্যাত গাঁৱৰ উপকথা।
এখন অখ্যাত গাঁৱৰ উপকথা।
লেখকৰ দুআষাৰ
উপন্যাসখন বংগীয় মূলৰ ধৰ্মান্তৰিত
মুছলমানৰ সংগ্ৰামী জীৱনৰ আধাৰত ৰচনা কৰা হৈছে। উপন্যাসখনত বংগীয় মূলৰ মুছলমানৰ
আৰ্থ-সামাজিক আৰু শৈক্ষিক দিশৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া হৈছে। উপন্যাসখন
সম্পূর্ণ কাল্পনিক।উপন্যাসখনত সন্নিৱিষ্ট কোনো চৰিত্ৰ বা ঘটনা যদি কাৰো জীৱনৰ লগত
সাদৃশ্য থাকে, তেনেহ'লে সেয়া সম্পূর্ণ কাক-তালীয়৷ তাৰ
বাবে মই দুঃখিত।
-লেখক
প্রথম অধ্যায়
বৰপেটা চহৰৰ পৰা পঁচিশ কিলোমিটাৰ
দক্ষিণ পশ্চিম দিশত অৱস্থিত বাঘবৰ পাহাৰ। পাহাৰখন বৰপেটা জিলাৰ একমাত্ৰ পাহাৰ।
ফুলৰা-চতলাক বহুতেই পাহাৰ বুলি ক'ব
খোজে যদিও সেই দুখন প্ৰকৃতাৰ্থত টিলাহে।
চৌধ্য শতিকাৰ শেষ ভাগত কমতাপুৰৰ ৰজা
আৰিমত্তই সজোৱা বাঘবৰ থানৰ নামেৰেই পাহাৰখনৰ নাম বাঘবৰ হৈছে বুলি জনা যায় ৷ কিছু
সংখ্যকে আকৌ বাঘবৰ পাহাৰৰ কাষেদি বৈ যোৱা চাউলখোৱা নদীৰ বাকৰ বাবেই পাহাৰখনৰ নাম
বাঘবৰ হোৱা বুলি ক'ব
খোজে ৷ ষাঠিৰ দহকৰ শেষলৈকে বাঘবৰ পাহাৰৰ পৰা ছয়-সাত কিলোমিটাৰ দক্ষিণ ফালেদি বৈ
থকা ব্রহ্মপুত্র নদখন বর্তমান পাহাৰখনৰ গা চুই বৈ আছে।
ব্ৰহ্মপুত্ৰ অসমৰ সম্পদ। ইয়াৰ জলৰাশিত
আছে ৰূপালী মাছ, কাছ, শিহু, ঘঁৰিয়ালকে আদি কৰি বিভিন্ন জলচৰ প্ৰাণী।
বছৰে বছৰে নদীত বান আহে। বানে পলস
কঢ়িয়াই আনে-- পাৰৰ মাটি সাৰুৱা কৰে। শস্য, শ্যামল কৰি তোলে ইয়াৰ অৱবাহিকা অঞ্চল।
খৰালি ব্ৰহ্মপুত্ৰৰ শান্ত সমাহিত ৰূপ।
মৰা অজগৰৰ দৰে নিশ্চল হৈ পৰি থাকে,
কিন্তু বাৰিষা ইয়াৰ অনন্ত জলৰাশি ফেনে ফুটুকাৰে উফন্দি উঠে। ৰুদ্ৰ
মূৰ্তি ধাৰণ কৰে। ভয়ত মানুহৰ বুকু কঁপে। দুকূল ওপচি পৰে। ত্ৰাসৰ সৃষ্টি কৰে।
হাজাৰ হাজাৰ মানুহ গৃহহীন হয় । কেতিয়াবা কেতিয়াবা দুই চাৰিজন মানুহো ইয়াৰ পেটত
সুমুৱাই লেয়। গাঁও ভূঁই তল যায়। হাহাকাৰ ৰোল উঠে। গৰু-ছাগলী, ঘৰ-দুৱাৰ ভাহি যায়। মানুহবোৰে ওখ ঠাই
বিচাৰি ঢাপলি মেলে। এই ঘটনা বাৰিষা কালত বছৰে বছৰে পুনৰাবৃত্তি হয়।
ব্ৰহ্মপুত্ৰৰ এই ৰূপৰ বাহিৰেও আন এক
সর্বগ্রাসী ৰূপ আছে।
বাৰিষা ইয়াৰ অনন্ত জলৰাশি পাৰে পাৰে
ঠেকা খাই বৈ যায়। ৰুকনিয়ে ৰুকাৰ দৰে ৰুকি গৰাৰ তলত গাঁতৰ সৃষ্টি কৰে । জপা
জপাংকৈ পাৰৰ মাটি খহি পৰে। জীৱন দায়িনী ব্ৰহ্মপুত্ৰ তেতিয়া জীৱন্ত বিভীষিকা হৈ
পৰে। ঊনৈছ শ পঞ্চাশ চনৰ ভূমিকম্পৰ পাছত ইয়াৰ তলিভাগ দাং খাই উঠাৰ ফলত এই খহনীয়াৰ
তাণ্ডৱ অভাৱনীয় ভাৱে বৃদ্ধি পাইছে। ফলত ইয়াৰ বুকুত গাঁৱৰ পাছত গাঁও বিলীন হৈ
গৈছে। এতিয়াও হৈ আছে। ফলত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈ পৰিছে।
বাঘবৰ পাহাৰৰ চৌদিশে কেইবছৰমান আগলৈকো
বংগীয় মূলৰ মুছলমান অধ্যুষিত বহুকেইখন গাঁও সিঁচৰতি হৈ আছিল। উত্তৰ দিশত সাতমুখী, মৰাভাজ, বালাজান। পূৱ দিশত সুঁতিৰ পাৰ, সাৰগাঁও, পালাৰ
পাম, চিলোচী, মানিকপুৰ, আলীৰ পাম আৰু আলীগাঁও। দক্ষিণ দিশত ৰামাপাৰা, দলাগাঁও, ধৰ্মপুৰ, চাপুৰী, মোয়ামাৰী। পশ্চিম দিশত বাঘবৰ পাথাৰ, জাহানাৰপাৰ, জাহানাৰ ঘোলা, ৰৌমাৰী আদি গাঁও ৷ উত্তৰপূৱ দিশত
ঐতিহাসিক গোবিন্দপুৰ ৰিজাৰ্ভ । (ৰিজাৰ্ভখন বৰ্তমান গৰা খহনীয়া গ্ৰস্ত মানুহৰ বাবে
আবণ্টন দিয়া হৈছে। ফলত ৰিজাৰ্ভখন মাথোন নামতহে আছে। বৰ্তমান মানুহৰ বসতি হৈছে।)
মৰাভাজ আৰু গোবিন্দপুৰৰ কিছু অংশৰ বাহিৰে আটাইকেইখন গাঁও বৰ্তমান ব্ৰহ্মপুত্ৰৰ অতল
তলিত জাহ গৈছে। গৰা খহনীয়াৰ কবলত পৰা মানুহখিনি বর্তমান ভূমিহীন কৃষকত পৰিণত হৈ
সমগ্ৰ অসম তথা অসমৰ বাহিৰতো সিঁচৰতি হৈ পৰিছে।
গোবিন্দপুৰ ৰিজাৰ্ভত মাটিৰ আবণ্টন পোৱা
সকলে গোবিন্দপুৰ ৰিজাৰ্ভত বসবাস কৰি আছে। মাটি আবণ্টন নোপোৱাসকলৰ কিছুমানে মথাউৰি
আৰু কিছুমানে বাঘবৰ পাহাৰৰ চৌদিশে আগুৰি থকা গাঁওসমূহত আশ্ৰয়লৈ আছে। ভূমিহীন
কৃষকৰ সতি-সন্ততি সকলে গুৱাহাটী এনেকি ভাৰতৰ ভিন্ ভিন্ চহৰলৈ গৈ ঠেলা-ৰিক্সাৰ
লগতে দিন মজুৰি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। একেবাৰে নিঃস্ব-ৰিক্ত মানুহখিনি
লক্ষ্মীমপুৰ, নাগালেণ্ডলৈ
গৈ কৃষি মজদুৰ বা ইটাভাটাত দিন হাজিৰা কৰি পেটৰ ভাত মোকলাই আছে। বহুতে আকৌ লক্ষ্ণৌ, দিল্লী, কাশ্মীৰলৈ গৈ বিভিন্ন কামত নিয়োজিত হৈ পেটৰ ভাত মুঠিৰ বাবে সংগ্ৰাম
কৰি আছে।
গাঁৱসমূহৰ কোনো কোনো অংশ কেতিয়াবা
পানীৰ তলৰ পৰা কাছৰ পিঠিৰ দৰে নদীৰ বকুত জাগি উঠে। কঁহুৱা গজে। কেতিয়াবা
কেতিয়াবা কিছু কিছু মাটি খেতিৰ উপযোগীও হয়। তেতিয়া সেই মাটিৰ দখলী স্বত্বলৈ
কাজিয়া লাগে। কেতিয়াবা সেই কাজিয়াত দুই চাৰিজন মানুহ হতাহতো হয়। সেইবোৰ এতিয়া
থাওঁক বাৰু ৷
বাঘবৰ পাহাৰৰ চৌদিশে সিঁচৰতি হৈ থকা
বংগীয় মূলৰ অসমীয়া মুছলমান অধ্যুষিত গাঁৱসমূহ ইংৰাজী ওঠৰশ সাতানব্বৈ চনলৈকে
থলুৱা অসমীয়া মানুহৰ বসতি প্রধান আছিল। বসতিৰ চিহ্নও মাটিৰ তলত পোত খাই আছিল।
গৰাখহনীয়াৰ আগলৈকে মাটি খান্দিলেই মাটিৰ সাজ বাচন ওলাইছিল। ক'ৰবাত ক'ৰবাত কুঁৱা বা পকীঘৰৰ দেৱালো ওলাই পৰিছিল। ভূমিকম্পৰ ফলত গাঁৱসমূহ
বসতিৰ অনুপযোগী হৈ পৰাত মানুহবিলাকৰ কিছু সংখ্যকে বাঘবৰ পাহাৰ আৰু সৰহ সংখ্যাকে
বৰপেটা, গজিয়া, কুমাৰীকাটাকে আদি কৰি অসমৰ বিভিন্ন
অঞ্চললৈ উঠি যায়।
তেতিয়াৰ পৰাই গাঁৱসমূহ বসতিহীন ভাৱে
পতিত পৰি আছিল। ফলত নল, খাগৰি, ইকৰা, গজি গাঁৱসমূহ অটব্য হাবিত পৰিণতহৈছিল। সেই হাবিবোৰ বনৰীয়া ম’হ, গাহৰি, বাঘ
আদিৰ বিচৰণস্থলী আছিল। পূৰ্ব বংগৰ পৰা অহা ভূমিহীন মানুহবোৰে পৰৱৰ্তী পৰ্যায়ত এই
গাঁৱসমূহত বসতি স্থাপন কৰিছিল। ফলত গঢ়ি উঠিছিল জনপদ। জাগি উঠিছিল প্রাণ চাঞ্চল্য।
উপৰোল্লেখিত প্ৰতিখন গাঁওৰ ইতিবৃত্ত
একেই যদিও আলীগাঁৱৰ ইতিবৃত্তহে ইয়াত উল্লেখ কৰা হ'ব। আলীগাঁৱৰ ইতিবৃত্ত উল্লেখ কৰাৰ কাৰণো অৱশ্যে আছে। কাৰণ এই
গাঁৱসমূহৰ ভিতৰত আলীগাঁওতে প্রথম প্রাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই
বিদ্যালয়খনৰ জৰিয়তে মুছলমান অধ্যুষিত গাঁৱসমূহত প্রথম জ্ঞানৰ উন্মেষ ঘটিছিল।
বিদ্যালয়খন এতিয়াও আছে; কিন্তু বিদ্যলয়খনৰ আগৰ সেই সুনাম নাই।
বাৰে বাৰে গৰা খহনীয়াৰ কবলত পৰি বিদ্যালয়খনৰ অবস্থা বর্তমান খুবেই শোচনীয়।
বিদ্যালয়খন বা গাওঁখনৰ জন্ম লগ্নৰ কথা
যিসকলে ক'ব পাৰিলেহেঁতেন
বৰ্তমান তেওঁলোকৰ এজনো জীৱিত নাই । দুই চাৰিজন বয়োবৃদ্ধ মানুহ জীয়াই আছে যদিও
গাঁৱখনৰ জন্মলগ্নত হয় সিহঁত নিচেই কেঁচুৱা আছিল অথবা জন্মই হোৱা নাছিল ৷
গাঁওখনৰ জন্ম লগ্নৰ কথা ক'ব পাৰিলেহেঁতেন পাকুবেপাৰী, জিগীৰ মুন্সী, দানেশ মুন্সী, নায়েব আলী, মহম্মদ আলী, ঘুতুবেপাৰী, কলিমদ্দিন, পোছাই মাতবৰ, বালাচান বেপাৰী বা মহচীন হাজীৰ দৰে
মানুহবোৰে; কিন্ত
তেওঁলোকৰ এজনো বৰ্তমান জীৱিত নাই ।
তেনেহ'লে কোনজন মানুহৰ কথাৰে আলীগাঁৱৰ ইতিবৃত্ত আৰম্ভ কৰা যায় বাৰু? মহচীন হাজীৰ কথাৰে আৰম্ভ কৰিলে কেনে
হয় ? কাৰণ মহচীন
হাজীৰ প্ৰচেষ্টাতে আলীগাঁৱত প্রথম বিদ্যালয়খন স্থাপিত হৈছিল। তাহানি বহুতে
বিদ্যালয়খনক হাজী চাহাবৰ বিদ্যালয় বুলি উল্লেখ কৰিছিল। হয়তো এতিয়াও দুই
চাৰ্জিনে কৰে । গতিকে মহচীন হাজীৰ কথাৰেই আৰম্ভ কৰা যাঁওক আলী গাওঁৰ ইতিবৃত্ত ৷
মহচীন হাজী তেতিয়াৰ পূৰ্ব বংগৰ ঢাকাৰ
জিলাৰ অৰ্গজ নামৰ এখন গাঁৱৰপৰা মাক-দেউতাকৰ লগত অসমলৈ আন্তঃপ্ৰব্ৰজন কৰিছিল।
তেতিয়া তাৰ বয়স আছিল মাথোন পাঁচ বছৰ।
গতিকে প্ৰব্ৰজনৰ কাৰণ সম্পৰ্কে জানিবলৈ হ'লে প্ৰথমতে মহচীন হাজীৰ দেউতাক কলিমুদ্দিনৰ কথাৰেই ইতিবৃত্ত আৰম্ভ
কৰা যুগুত হ'ব।
কলিমুদ্দিনৰ কথাৰে আৰম্ভ কৰিবলৈ হ'লে মহচীন হাজী জন্ম গ্ৰহণ কৰা দেশ তথা
গাঁৱখনৰ আৰ্থ সামাজিক দিশৰ কিছু কথা আলোচনা কৰাটো নিশ্চয় প্ৰাসংগিক হ'ব।
অৰগজ !!
এটি মুছলমান অধ্যুষিত গাঁও। গাঁওখন দ
জলাশয় ঠাইত অৱস্থিত। বাৰিষা অহাৰ লগে লগে খেতিপথাৰ পানীত তল যায়। দ্বীপৰ দৰে
পানীৰ বুকুত থিয় হৈ থাকে ঘৰ-দুৱাৰ। দূৰৰ
পৰা লক্ষ্য কৰিলে ঘৰ-দুৱাৰবোৰ পানীৰ বুকুত ওপঙি থকা মেটেকাৰ দ’মৰ দৰে দেখা যায় ।
গাঁৱখনৰ মানুহবোৰ হত দৰিদ্ৰ ৷ নাঙল আছে; মাটি নাই। গাঁৱখনৰ বহুতে পেটৰ ভাতমুঠি
মোকলাবৰ বাবে লোকৰ ঘৰত মজুৰি খাটিব লগীয়া হয়। মূৰৰ ঘাম মাটিত পেলাই শস্য উৎপাদন
কৰে ; কিন্ত তাৰ
সিংহভাগ যায় জমিদাৰ আৰু মহাজনৰ ভঁৰাললৈ। নিজে বৈ নি জমিদাৰ তথা মহাজনৰ ভঁৰালত জমা
কৰি দি আহে ৷ ফলত বছৰ দিনলৈ খাবলৈ নাটে। বছৰৰ বেছিভাগ সময় মহাজনৰ পৰা ঋণলৈ চলিব
লাগে। ঋণৰ বোজা বঢ়াৰ লগে লগে দুর্ভোগ বাঢ়ে। ৰোগ- ব্যাধি মাড়ি-মৰক প্ৰতিনিয়ত
লাগিয়ে থাকে। ঔষধ পথ্যৰ অভাৱত মানুহ, গৰু, ছাগলী
মৰে । গছৰ ডালত ধ্যানস্থ হৈ বহি থকা শগুণৰ ধ্যান ভাঙে। মাটিৰ বুকুলৈ নামি আহে।
পেলাই থৈ যোৱা মৰা গৰু, ছাগলী
আদিৰ ওপৰত পৰে। কৃষকৰ বুকুৰ কলিজাৰে বৰভোজ পাতে ।
কিন্তু এটা সময়ত গাঁৱখনৰ অৱস্থা
এনেকুৱা হত দৰিদ্ৰ নাছিল। চালত কোমোৰা, লাউ, জিকা, ভোলেৰে উভৈনদী আছিল গাঁৱখন। মানুহবোৰৰ
চকুত সপোন নাচিছিল। জীৱনবোৰ ৰং ৰইচেৰে ভৰা আছিল । গৰমৰ দিনত জোনাক নিশা চোতালে
চোতালে গীতালৰ আসৰ (মেহফিল) বহিছিল। আকাশে বতাহে ধ্বনিত-প্রতিধ্বনিত হৈছিল গীতালৰ
সাৰিন্দাৰ সুৰ। ঘৰে ঘৰে ওপচি পৰিছিল হাঁহিৰ লহৰ- আনন্দৰ জোৱাৰ। ৷
জীয়ৰী-বোৱাৰীবোৰে শাক-শামুক বিচাৰি
পথাৰে পথাৰে ঘুৰি ফুৰিছিল। দলবান্ধি পানী আনিবলৈ গৈছিল নদীৰ ঘাটলৈ। ঢেঁকিত ধান
বানিছিল। গীতৰ কলি গুণগুণাইছিল। বেৰৰ ফাঁকেৰে হাটলৈ যোৱা গৃহস্থৰ বাবে বাট চাইছিল।
ইঘৰে সিঘৰলৈ গৈ তামোল-পাণৰ শৰাধ কৰিছিল। সুখ-দুখৰ কথা পাতিছিল। জীয়ৰী-বোৱাৰী, ডেকা-গাভৰু, ল'ৰা ছোৱালীবোৰে ভেট,
পদুম, মেটেকা
ফুলৰ শোভা চাই তন্ময় হৈ পৰিছিল।
চ’ত-বহাগত ল'ৰাবোৰে
চিলা উৰোৱাই কৌতুক কৰিছিল। পুৰুষবোৰে ইদলে সিদলৰ লগত দুয়াগীতৰ প্ৰতিযোগিতা কৰি
খেতি নিকাইছিল ৷
শৰৎ কালত চুবুৰীয়ে চুবুৰীয়ে হা-ডু-ডু
খেল অনুষ্ঠিত হৈছিল। শীতকালি গীতনাট্য অভিনীত হৈছিল। কবি গানৰ মেহফিল বহিছিল।
কিন্ত মানুহবোৰৰ এই সুখ স্থায়ী নহ'ল।
পলাচী যুদ্ধৰ পৰাজয়ে মানুহবোৰৰ সেই সুখৰ মূৰত কুঠাৰাঘাত কৰিলে। জীৱনলৈ নামি আহিল
বিপৰ্য্যয়।
মীৰ জাফ, মোহাম্মদীবেগ, জগৎ
শেঠ, উমিচাদ, ইয়াৰ লতিফ আদি আমিৰ ওমৰাহ সকলৰ
বিশ্বাসঘাতকতাৰ ফলত ১৭৫৭ চনৰ ২৩ জুনত চিৰাজ-উদ-দ্দৌলা পলাচীৰ যুদ্ধত ইংৰাজৰ হাত
পৰাজিত হয়। ফলত বংগৰ শাসনভাৰ মীৰ জাফৰৰ হাতলৈ যায়। ইংৰাজসকলে নবাবৰ কোষাগাৰ
লুণ্ঠন কৰি ১ কোটী ৭০ লক্ষ ৰৌপ্যমুদ্রা, ৩২ লক্ষ স্বর্ণমুদ্রা,
২ চিন্দুক অমুদ্রিত সোণৰ পিণ্ড, ৪ বাকচ হীৰা, জহৰত, দুই বাকচ চুনী পান্না ইংণ্ডললৈ লৈ
যায়। ইয়াৰ উপৰিও যুদ্ধৰ খৰচ বাবদ মীৰ জাফৰৰ পৰা তিনি কোটিতকৈও অধিক টকা আদায়
কৰে। (ইতিহাসবিদসকলৰ মতে পলাচী যুদ্ধৰ পাছত ত্ৰিশ বছৰৰ অধিক কাল বংগৰ মানুহ যি
বিভীষিকাৰ মাজত কালাতিপাত কৰিছে তাৰ কোনোউদাহৰণ বিগত পাঁচশ বছৰৰ ইতিহাসত নাই।) মীৰ
জাফৰ নামতহে নবাব হয়। সকলো ক্ষমতা যায় ইংৰাজৰ হাতলৈ ৷
ইংৰাজসকলৰ আগমনৰ ফলত কোনো কোনো দিশত
উন্নতি হয় যদিও তেওঁলোকৰ স্বেচ্ছাচাৰী শাসনৰ ফলত কৃষক মজদুৰৰ দুঃখ- দুৰ্দ্দশা
কূলাই পাচিয়ে নধৰা হয়। বিলাতী বস্ত্ৰ চালু কৰাৰ কাৰণে দেশীয় কাৰিকৰসকলৰ হাতৰ
আঙুলি পৰ্য্যন্ত কাটি দিয়া হৈছিল আৰু নীলচাহাবৰ জৰিয়তে কৃষকৰ পৰা মাটি কাঢ়িলৈ
নীলৰ খেতি কৰিবলৈ বাধ্য কৰোৱা হৈছিল।
ইয়াৰ উপৰিও ভূতৰ ওপৰত দানহ পৰাদি
ব্ৰিটিচৰ স্বাৰ্থ সুক্ষিত কৰাৰ কাৰণে লর্ড কর্ণৱালিচে ১৭৯৩ চনত চিৰস্থায়ী
বন্দৱস্ত আইন প্রচলন কৰে। ফলত জোতদাৰ, জমিদাৰসকলে প্ৰজাসকলক শোষণ কৰিবলৈ অধিক সুবিধা পায়।
এই চিৰস্থায়ী বন্দৱস্তৰ ফলত বংগ, বিহাৰ, উৰিষ্যা, বাৰানসী
আৰু মাদ্ৰাজৰ কৃষক সকল চৰকাৰৰ পৰোক্ষ আৰু জমিদাৰসকলৰ প্ৰত্যক্ষ ৰায়তলৈ পৰ্যবসিত
হয়।
উক্ত প্ৰদেশকেইখনৰ খাজনা জমিদাৰসকলে
আদায় কৰিছিল। জমিদাৰসকলে চ'ত
মাহৰ ৩০ তাৰিখৰ সূৰ্য্যোদয়ৰ পূৰ্বে চৰকাৰৰ কোষাগাৰত খাজনা জমা দিব নোৱাৰিলে
জমিদাৰী নীলামত বিক্ৰী হৈ গৈছিল।
নবাব আমলতো জমিদাৰী প্ৰথা আছিল; কিন্তু জমিদাৰসকলে নিৰ্দ্ধাৰিত সময়ত
খাজনা আদায় দিব নোৱাৰিলেও জমিদাৰী নীলাম হোৱাৰ নিয়ম নাছিল। উত্তৰাধিকাৰহে মাথোন
হস্তান্তৰিত হৈছিল। ফলত জমিদাৰসকল প্ৰজাৰ ওপৰত কিঞ্চিত পৰিমাণে হ'লেও সদয় আছিল। কিন্তু চিৰস্থায়ী
বন্দৱস্তৰ ফলত নিৰ্দ্ধাৰিত সময়ত খাজনা আদায় দিব নোৱাৰিলে জমিদাৰী হেৰুৱাৰ ভয়ত
জমিদাৰসকলে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে প্ৰজাৰ সুখ-দুখলৈ আওকাণ কৰি জধে-সধে
খাজনা আদায় কৰিছিল । ইয়াৰ উপৰিও জমিদাৰসকলে নিজৰ আমোদ- প্রমোদৰ কাৰণে আবওয়াব
নামৰ এক প্ৰকাৰ কৰো আদায় কৰিছিল। ইয়াৰ উপৰিও জমিদাৰসকলে নিজৰ প্ৰয়োজনত কৃষক
সকলক শাৰীৰিক শ্ৰমদান কৰিবলৈকো বাধ্য কৰাইছিল। তেতিয়া জমিদাৰসকলেই আছিল প্ৰজাৰ
দণ্ড-মুণ্ডৰ কৰ্ত্তা। এনেকি প্ৰজাৰ ওপৰত যৌন শোষণো চলাইছিল জমিদাৰসকলে। জমিদাৰসকলৰ
এই স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিছিল। সময়মতে
খাজনা আদায় পালেই চৰকাৰ সন্তুষ্ট হৈছিল।
তেতিয়া মাটি জমিদাৰসকলৰ ব্যক্তিগত
সম্পত্তিৰ পৰ্যায়ভূক্ত আছিল। তেওঁলোকে ইচ্ছামতে কৰ ধাৰ্য কৰিব পাৰিছিল। প্ৰয়োজনত
জমিদাৰী বিক্ৰী বা বন্ধকতো থ'ব
পাৰিছিল। তেওঁলোকে প্ৰজাৰ সুখ-দুখৰ কথা ভবাৰ সময় নাছিল বা প্রয়োজন বোধ কৰা নাছিল। মাথোন খাজনা আদায় কৰাটোৱে আছিল
তেওঁলোকৰ মুখ্য উদ্দেশ্য।
অধিক বানপানী বা খৰাং বতৰৰ কাৰণে শস্য
উৎপাদন ব্যাহত হ'লে
মহাজনৰ পৰা ঋণ লৈ হ'লেও
কৃষকসকলে খাজনা আদায় দিব লাগিছিল। এইদৰেই অধঃস্তন ৰায়তৰ সৃষ্টি হৈছিল। এই সকল
অধঃস্তন ৰায়তৰ দুখ-দুৰ্দ্দশাৰ সীমা নাছিল।
এই শোষণ আৰু নিৰ্যাতনে চৰম ৰূপ লোৱাত
মানুহবোৰে বিকল্প চিন্তা কৰিবলৈ বাধ্য হয়। এই চিন্তাৰ ফলশ্রুতিতেই সিহঁতে কৰ্মৰ
সন্ধানত দিহিঙে-দিপাঙে ঢাপলি মেলে। ফলত এক আলোড়নৰ সৃষ্টি হয়। বৰলৰ বাহত ফর্মটি
মাৰিলে বৰলবোৰে বাহ এৰি দিগ্বিদিক শূন্য হৈ উৰিবলৈ লোৱাৰ দৰে এই নিঃস্ব-ৰিক্ত
মানুহবোৰে দৰিদ্ৰতাৰ চাবুকাঘাতত অতিষ্ঠ হৈ দিশে দিশে ঢাপলি মেলিলে। নাই, নাই, উপমাটো হয়তো যথাযথ নহ'ল । তাতকৈ ক'ব
পাৰি হাতৰপৰা কাঁচৰ বস্তু এপদ পকী মজিয়াত পৰি ভাঙি গ'লে টুকৰাবোৰ যেনেকৈ সিঁচৰিত হৈ পৰে
মানুহবোৰ তেনেকৈ দিহিঙে-দিপাঙে সিঁচৰতি হৈ পৰিল ।
সাহসীবোৰে ঢাপলি মেলিলে
কলকাৰখানাসমূহলৈ আৰু দুৰ্বলবোৰে ঢাপলি মেলিলে মাটি বিচাৰি।
১৮৯৭ চনৰ ভূমিকম্প, কলাজ্বৰ আৰু মানৰ আক্ৰমণৰ ফলত অসমখন
তেতিয়া প্ৰায় জন শূন্য হৈ পৰিছিল। মানুহৰ অভাৱত লাখ লাখ বিঘা মাটি ছন পৰি আছিল।
সৃষ্টি হৈছিল অটব্য হাবি। সেই হাবিবোৰ বাঘ, ভালুক, গাহৰিকে
আদি কৰি নানা হিংস্ৰ প্ৰাণীৰ বিচৰণস্থলী আছিল । ফলত চৰকাৰৰ যথেষ্ট ৰাজহ ক্ষতি
হৈছিল। যাৰ ফলত বাধ্যহৈ ঔপনিবেশিক চৰকাৰ আৰু তেতিয়াৰ অসমৰ মধ্যবিত্ত লোকসকলে এই
অবধাৰিত প্ৰব্ৰজনত ইন্ধন যোগাইছিল । গুণাভিৰাম বৰুৱাৰ দৰে অগ্ৰণী লোকসকলে এই
প্ৰব্ৰজনৰ বাস্তৱিক প্রয়োজনীয়তা উপলব্ধি কৰি আন্তঃপ্ৰব্ৰজনৰ বাবে উৎসাহিত কৰিবলৈ
বৃটিছ কর্তৃপক্ষলৈ পৰামৰ্শ আগবঢ়াইছিল। কাৰণ তেতিয়া বংগদেশ ভাৰতবৰ্ষৰে এখন প্ৰদেশ
আছিল। ফলত চৰকাৰে এই মেহনতী মানুহবোৰক পাচঁটকীয়া বেনিফিট কার্ড দি More Grow
food আচঁনিৰ অধীনত
অসমলৈ প্ৰব্ৰজন কৰিবলৈ উৎসাহিত কৰিছিল আৰু দুৰ্ভগীয়া মানুহবোৰে দুবেলা দুমুঠি পেট
পূৰাই খোৱাৰ আশাত জন্মভূমিৰ মোহ এৰি অসমলৈ ঢাপলি মেলিছিল। অসমৰ থলুৱা মানুহবোৰেও
সিহঁতক বন্ধু, সখি
বুলি আদৰি লৈছিল। সহযোগিতাৰ হাত আগবঢ়াইছিল। প্রশাসনেও এই প্রব্রজিত মানুহখিনিক
সহায় সহযোগিতা কৰিছিল। ফলত এই প্রব্রজিত মানুহবোৰে বন জংঘল কাটি মুৰৰ ঘাম মাটিত
পেলাই কিছুদিনৰ ভিতৰতে অসমখনক শস্য শ্যামলা কৰি তুলিবলৈ সক্ষম হৈছিল।
** ** **
মহচীন হাজীৰ দেউতাক কলিমুদ্দিনো এজন
অধঃস্তন ৰায়ত আছিল। খেতিৰ মাটি আৰু ভেঁটিটোৰে সৈতে তাৰ মুঠ মাটি আছিল দু বিঘা।
ফলত মহাজনৰপৰা ঋণলৈ দিন মজুৰি কৰি কোনোমতে পেটে ভাতে চলি আছিল। এনেকৈ চলোঁতে
চলোঁতে এটা সময়ত ঋণৰ বোজা বাঢ়ি গৈ নিজৰ ৰূপিত মাটি দুবিঘাও হেৰুৱাব লগাত পৰে।
আৰু তাৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈ পৰে। এটা ল'ৰা আৰু এজনী ছোৱালীৰে সৈতে স্বামী-স্ত্ৰীৰ চাৰ্জিনীয়া পৰিয়ালটো দিন
হাজিৰা কৰি পোহপাল দিয়াটো এটা সময়ত তাৰ পক্ষে খুবেই দূৰূহ হৈ পৰিল। ফলত নাখাই
নবৈ এটা সময়ত ল'ৰা-ছোৱালীহালৰ
হাড় কেইডালহে মাথোন অৱশেষত অৱশিষ্ট থাকিলগৈ।
এনেতে এদিন কলিমুদ্দিনৰ ঘৰলৈ দলুমিয়া
আহিল। দলুমিয়া তাৰ পেহাকৰ ল'ৰা
। তাতকৈ পাঁছ বছৰৰ ডাঙৰ। দলুমিয়াই পাঁচ বছৰ মান আগত প্ৰব্ৰজন কৰি অসমলৈ উঠি
আহিছিল। আত্মীয়-স্বজনৰ লগত দেখা কৰিবলৈ সি বংগলৈ গৈছিল। কলিমুদিনৰ দূৰৱস্থা দেখি
দলুমিয়া ব্যথিত হৈ উঠিল।
দলুমিয়াই কলিমুদ্দিনৰ অৱস্থা দেখি
সহানুভূতিৰ সুৰত ক'লে-
মোৰ লগত অসমলৈ ব’লা।
ইয়াত থাকিলে নখাই-নবৈ ল'ৰা-ছোৱালীহাললৈ
মাৰিবা। পেটৰ ভোকত বাঘ বলিয়া হয়। পেট মানুহৰ শত্ৰু। পেটৰ ভোকতকৈ মানুহৰ ডাঙৰ
শত্ৰু নাই। দুবেলা দুমুঠি ভাত দিব নোৱাৰিলে পেটে মানুহৰ লগত শত্ৰুতা কৰে ৷ মানুহৰ
তেজ মঙহ খুলি খুলি খায়। শেষত মাথোন হাড় কেইডালহে অবশিষ্ট থাকেগৈ। ভোকে মানুহক
তিল তিলকৈ মৃত্যু-মুখলৈ ঠেলি দিয়ে আৰু অৱশেষত জীৱন বন্তি নিৰ্বাপিত কৰি শান্ত হয়
। তাক দুবেলা দুমুঠি দিব লাগিব। তোমাৰ যি অৱস্থা দেখিছোঁ, এনেকৈনো আৰু কিমান দিন চলিবা? অসমত মাটিৰ অভাব নাই । চৰকাৰেও অসমলৈ
মানুহ নি আছে। তাৰ মানুহবোৰো ভাল ৷ সহজ-সৰল। জমিদাৰ মহাজনো নাই। থলুৱা অসমীয়াৰ
ব্যৱহাৰো বন্ধুসূলভ। হিংসা-দ্বেষ নাই। প্রব্রজিত লোকসকলক বন্ধু, সখি বুলি সম্বোধন কৰে। তদুপৰি অসমৰ
বিস্তীর্ণ অঞ্চল শ শ বছৰ জুৰি বংগৰ লগত যুক্ত হৈ থকাত ভাষা, আচাৰ-বিচাৰ, ৰীতি-নীতিৰো আমাৰ লগত যথেষ্ট মিল আছে।
দলুমিয়াই এইদৰে অসমৰ গুণ বখানি কলিমুদ্দিনক প্রলোভিত কৰাৰ কাৰণে শেষত নিজৰ অৱস্থা
বৰ্ণনা কৰিলে- মই বর্তমান জংঘল কাটি কিছু মাটি মোকলাইছোঁ, এইবাৰো কিছু মাটি মোকলাম বুলি ভাবিছো।
বর্তমান মোৰ ভাত মুঠিৰ অভাৱ নাই । কিছুদিন পাছতে মই যাম। মোৰ লগত তুমিও ওলাবা ।
তালৈ গ'লে সুখতে থাকিব
পাৰিবা ।
কলিমুদ্দিনে দলুমিয়াৰ কথাবোৰ
মনোযোগেৰে শুনিলে। দলুমিয়া ৰৈ যোৱাৰ পাছত সি হুমুনিয়াহ কাঢ়ি ক’লে- ময়ো অৱশ্যে কথাটো নভবা নহয় ৷
ইয়াৰ আগতো মোৰ অৱস্থা দেখি দুই চাৰ্জিনে অসমলৈ যাবলৈ উপদেশ দিছে। কিন্তু এইখন দেশ
এৰি যাবলৈ কোনোমতেই মন বান্ধিব পৰা নাই। আই-বোপাই, আতা-আবু এইখন দেশৰ মাটিতে শুই আছে। চকুৰে নেদেখিলেও হৃদয়ত সিহঁতৰ
উপস্থিতি অনুভৱ কৰোঁ। ইয়াৰ বায়ু-পানী, গছ-লতা, মাটিৰ
লগত যি এক নিবিড় বান্ধোনত বান্ধ খাই আছোঁ, সেই বান্ধোন চিঙিবলৈ মনেই নাযায় দেখোন! চিঙাৰ কথা ভাবিলেই কলিজাত
যেন কিহবাৰ বিষ অনুভৱ কৰো। ইফালে ভাতৰ কষ্টনো আৰু কিমান সহ্য কৰিম! ল'ৰা-ছোৱালী হালৰ মুখলৈকে চাব নোৱাৰি।
হাড় কেইডালহে মাথোন আৱশিষ্ট আছেহি। তথাপি এইখন দেশৰ পৰা যোৱাৰ কথা ভাবিলেই দেখোন
অন্তৰখন হাহাকাৰ কৰি উঠে।
দলুমিয়াই কলিমুদিনৰ মৰ্মবেদনাৰ কথা
অনুভৱ কৰিব পাৰে ৷ দেশ এৰি যোৱাৰ সময়ত তাৰো এই একেই অৱস্থা হৈছিল ৷ নিৰূপায় হৈহে
সি জন্মভূমিৰ মোহ ত্যাগ কৰিব লগা হৈছে।
সেয়ে দলুমিয়াই শান্ত্বনাৰ সুৰত ক'লে- কথাতে কয়, দেশ এৰিলে হেনো মানো এৰিব লাগে।
জন্মভূমি আইৰ কোলাৰ দৰে। কিন্তু জন্মভূমিৰ মোহ কৰি নাখাই-নবৈ মৰিলে কি লাভ হ'ব? তুমিতো জন্মভূমিৰ কথা ভাবিছা; কিন্তু জন্মভূমিৰ মানুহবোৰেতো তোমাৰ কথা এবাৰো ভৱা নাই ৷ ইয়াৰ ধনী
মহাজন, জমিদাৰসকলে আমাৰ
দৰে দুখীয়া মানুহবোৰক খুলি খুলি খাইছে। সেয়া তুমি নিজ চকুৰেই দেখিছা ৷ তুমি
নিজেও শোষিত। উৎপীড়িত। কিন্তু বংগৰ দৰে অসমত জমিদাৰ নাই। ফলত শাসন-শোষণো নাই। কাম কৰিবা, ভাত খাবা। কোনেও তোমাক শোষণ নকৰে৷
ঠিক আছে। মই আগতে মহচীনৰ মাকৰ লগত
কথাটো আলোচনা কৰোঁ, পাছত
আপোনাক মোৰ সিদ্ধান্তৰ কথা জনাম বাৰু ৷ আপুনিতো কেইদিনমান আছেই।
অ' আছোঁ৷ বিছ দিনমান থাকিব লাগিব। আধা বিঘা মাটি আছে। সেয়া বিক্ৰী কৰি
যোৱাৰ কথা ভাবিছো। টকা হ'লে
হাজিৰা লৈ কিছু মাটি সৰহকৈ মোকলাব পাৰিম দিয়াচোন ।
মাটি বিক্ৰীৰ কথা কাৰোবাৰ লগত আলোচনা
কৰিছে নেকি?
তেনেকৈ অৱশ্যে কৰা নাই। হিন্দু-মহাজন
এজনকে গতাব লাগিব বুলি ভাবিছো।
হিন্দু শব্দটো শুনাৰ লগে লগে কলিমুদিনৰ
চকুৰ আগত হিন্দু মহাজনসকলৰ শোষণৰ প্ৰতিচ্ছবি ভাহি উঠিল। অসমখনো হিন্দু বসতি প্রধান
বুলি সি লোকমুখে শুনিছে। সেয়ে সি মূৰ খজুৱাই খজুৱাই সংশয় মিহলি হতাশ কণ্ঠত ক’লে- অসমতো হিন্দু মানুহৰে দেশ। সিহঁতে জানো আমাক শোষণ নকৰিব?
দলুমিয়াই অভয় দি ক'লে- তুমি অযথাই এইবোৰ কথা চিন্তা
কৰিছা। সিহঁত হিন্দু হ'লেও
আমাৰ ইয়াৰ হিন্দুৰ দৰে নহয় । সিহঁত সহজ- সৰল, অতিথি পৰায়ণ। কাজিয়া-পেচাল ভাল নোপোৱা মানুহ। তদুপৰি আমাৰ
ভাৰতবৰ্ষৰ কেইজন মানুহনো ইৰাণ, ইৰাক, আৰব বা আফগানিস্থানৰ পৰা আহিছে? ভাৰতীয় মুছলমানৰ আঙুলি মূৰত লেখিব পৰা
এক ক্ষুদ্র অংশহে বিদেশৰ পৰা অহা মুছলমান । বাকী সকলো ধৰ্মান্তৰিত মুছলমান।
এৰা, দলুমিয়াই কোৱা কথাবোৰ মিছা নহয়। দুবছৰমান আগলৈকো কলিমুদ্দিনহঁতৰ
ঘৰত এটা পিতলৰ মূৰ্ত্তি আছিল। সৰু মূৰ্ত্তি । ৰাধা-কৃষ্ণৰ যুগল মূৰ্ত্তি । মূৰ্ত্তিটো
দেখাতো চকুত লগা আছিল। কোনোবা এটা সময়ত তেওঁলোকৰ কোনোবা পূৰ্ব পুৰুষে হিন্দু
ব্ৰাহ্মণৰ দৌৰাত্ম্য অথবা বিশেষ কোনো সুবিধা পোৱাৰ আশাত ধৰ্মান্তৰিত হ'লেও মূৰ্ত্তিটোৰ সৌন্দৰ্য্যত মুগ্ধহৈ
নাইবা মূৰ্ত্তিটোৰ মাজত পুৰ্বপুৰুষৰ প্ৰাণৰ স্পন্দন অনুভব কৰি মূৰ্ত্তিটো পেলাই
দিয়া নাছিল ।
কলিমুদ্দিনহঁতৰ ঘৰত মূৰ্ত্তিটো থকাৰ
কথা গম পাই দুবছৰমান আগত মৌলবী এজনে তাক লগ ধৰি কৈছিল- আপোনাৰ ঘৰত হেনো কিবা এটা
মূৰ্ত্তি আছে। সেয়া নদীত পেলাই দিব। মুছলমানৰ ঘৰত মূৰ্ত্তি থাকিব নাপায়। ধর্ম
নষ্ট হয় ৷
মূৰ্ত্তিটো পেলাই দিবলৈ কলিমুদ্দিনৰ সত
যোৱা নাছিল। মূৰ্ত্তিটোৰ গাত যেন সি পূৰ্বপুৰুষৰ প্ৰাণৰ স্পন্দন অনুভব কৰিছিল।
কিমান ভক্তি, কিমান
বিশ্বাস যে মূৰ্ত্তিটোৰ মাজত নিহিত হৈ আছে! সুপ্রাচীন দেশ এখনৰ শ্বাশত ধৰ্মৰ মৰ্ম
যেন মূৰ্ত্তিটোৰ মাজত জীপাল হৈ আছে। তাৰ কোনোবা এজন পূৰ্বপুৰুষে হয়তো মূৰ্ত্তিটো
আনি হৃদয়ৰ আকুলতাত আপ্লুত হৈ সযতনে বেদীত স্থাপন কৰিছিল আৰু ভক্ত হৃদয়ৰ আকুলতাৰে
পূজা-অৰ্চনা কৰিছিল। মূৰ্ত্তিটোৰ
ওচৰত প্ৰাণৰ কামনা-বাসনা নিবেদন কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰে
উত্তৰাধিকাৰীসকলে বংশাণুক্রমে মূৰ্ত্তিটোৰ দায়িত্ব লৈছিল। হৃদয়ৰ আবেদন নিবেদন
কৰিছিল। হয়তো কোনোবা এদিন ধর্মীয় অনুশাসনত বিতুষ্ঠ হৈ নাইবা আৰ্থিক দৈন্যতাৰ বলি
হৈ অথবা পূৰ্বপুৰুষৰ ধৰ্মৰ প্ৰতি বীতশ্রদ্ধ হৈ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ
মূৰ্ত্তি পূজা এৰিছিল। কিন্তু মূৰ্ত্তিটোৰ মোহ এৰিব নোৱাৰি সযতনে পেৰাত সংৰক্ষণ
কৰি ৰাখিছিল ।
জগদীশ মাষ্টৰে কোৱামতে জমিদাৰ আকতাৰ
চৌধুৰীৰ পূৰ্বপুৰুষো হেনো এটা সময়ত নৈষ্ঠিক ব্ৰাহ্মণ আছিল। মুছলমান ছোৱালীৰ
প্ৰেমত পৰা কাৰণে ধৰ্মৰপৰা বিতাড়িত হৈ মুছলমান হৈছিল। কালা পাহাড়ো নৈষ্ঠিক
ব্ৰাহ্মণ আছিল। তেওঁ নবাব হোছেন ছাহৰ ছোৱালীক জলহস্তী মুখৰপৰা ৰক্ষা কৰাৰ কাৰণে
নবাবে তেওঁক কৃতজ্ঞতাৰ চিহ্নস্বৰূপে আদৰ-আপ্যায়ন কৰি এটা ৰাতি নিজৰ প্রাসাদতে
ৰাখিছিল । মুছলমানৰ ঘৰত নিশা যাপন কৰাৰ কাৰণে তেওঁ সমাজচ্যুত হ'বলগা হৈছিল। ফলত তেওঁ হিন্দু ধৰ্মৰ
প্ৰতি বীতশ্রদ্ধ হৈ হোছেন ছাহৰ ছোৱালীক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এইদৰে
অলেখ কাহিনী ইতিহাসৰ পাতে পাতে থূপ খাই আছে। ভাৰতীয় মুছলমানৰ পঁচাশী শতাংশই হেনো
ধৰ্মান্তৰিত মুছলমান
সৌ সিদিনালৈকে বহুতো মুছলমানে ধুতি
পিন্ধিছিল। হিন্দু আৰ্হিত নাম ৰাখিছিল৷ ধৰ্মান্তৰিত মুছলমান সকলে বিয়া বাৰুত
এতিয়ালৈকে বহুতো হিন্দু পৰম্পৰা পালন কৰে। পূজা-পাতল দেখিলে বহুতো মুছলমানৰ গা
সাতখন আঠখনহৈ নাচি উঠে। নিজে পূজা নকৰিলেওঁ দলে দলে মূৰ্ত্তি দৰ্শন কৰিবলৈ ঢাপলি
মেলে। সুফি সম্প্ৰদায়ৰ লোকসকলকতো অৰ্দ্ধ হিন্দুই বুলিব পাৰি। তেওঁলোকে বেদীত
মূৰ্ত্তি স্থাপন কৰি পূজা নকৰিলেও হৃদয়ত ৰাধা-কৃষ্ণৰ যুগল মুৰ্ত্তি স্থাপন কৰি
ধ্যান কৰে।
খোৱা-লোৱাৰ ক্ষেত্ৰতো ধৰ্মান্তৰিত
বহুতো মুছলমানে হিন্দু পৰম্পৰা ৰক্ষা কৰি চলে। কোপ্তা, কাবাবতকৈ বাঙালী হিন্দুৰ দৰে মাছ-
দালিৰ প্ৰতি তেওঁলোক অধিক আকৃষ্ট। লক্ষ্মীৰ পূজা প্ৰায় ঘৰে ঘৰেই চলে। ধানৰ প্ৰথম
থোকটো আনি ভঁৰাল ঘৰৰ সম্মুখত ওলোমাই ৰাখে। ধান পূজাতো লক্ষ্মীৰে পূজা। ধানেইতো
কৃষকৰ লখিমী। প্ৰায়বোৰ মুছলমানেই আহিন-কাতি মাহৰ সংক্ৰান্তিৰ নিশা গাৰ্চী উদ্যাপন
কৰে।
এইবোৰ কথা ভাবি মৌলবীয়ে কোৱা সত্ত্বেও
কলিমুদ্দিনে মূৰ্ত্তিটো পেলাই দিয়া নাছিল ।
গতিকে সমাজৰ মুৰব্বী এজনে কথাটো গম পাই
এদিন কলিমুদ্দিনক লগ ধৰি কৈছিল- কলিমুদ্দিন, মৌলবীয়ে কোৱা সত্ত্বেও তুমি মূৰ্ত্তিটো ৰাখি থৈ খুবেই অন্যায়
কৰিছা। আজি দিনৰ ভিতৰতে যদি তুমি মূৰ্ত্তিটো পেলাই নিদিয়া তেনেহ'লে তোমাক এঘৰীয়া কৰা হ'ব। সমাজৰ মানুহবোৰে তোমাক ত্যাগ কৰিব।
তুমিও সমাজৰ মানুহৰ লগত সংশ্ৰৱ ৰাখিব নোৱাৰিবা । এতিয়া যি ভাল দেখা তাকে কৰা গৈ ।
সমাজচ্যুত হোৱাৰ ভয়ত কলিমুদ্দিনে
হাতযোৰ কৰি কৈছিল- নাই নাই, মাতবৰ
খুৰা, তেনে কাম নকৰিব।
আজিয়ে মই মূৰ্ত্তিটো নৈত পেলাই দিমহি। পূৰ্বপুৰুষৰ হাতৰ বস্তু বুলিহে
মুৰ্ত্তিটোৰ প্ৰতি এটা মোহ আছিল । গতিকে পেলাই দিবলৈ সত যোৱা নাছিল। ধৰ্মৰ সমৰ্থন
নাই যেতিয়া আজিয়ে পেলাই দিম বাৰু ।
মাতবৰে শান্ত্বনাৰ সুৰত কৈছিল- সকলো
মোহ এৰিব পাৰিছা যেতিয়া মুৰ্ত্তিটোৰ মোহো এৰিব লাগিব । আজিয়েই পেলাই দিবাহি।
মাতবৰে কোৱা মতেই কলিমুদ্দিনে মূৰ্ত্তিটো পেৰাৰ পৰা উলিয়াই ধুৱাই-পখলাই নদীত
পেলাই দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু হঠাৎ তাৰ মনত পৰিছিল হিন্দু মহাজন
কৈলাশ সাহাৰ কথা । সিহঁতেওতো মূৰ্ত্তি পূজা কৰে । গতিকে মূৰ্ত্তিটো সিহঁতক দিলে
কেনে হয়? মূৰ্ত্তিটো
পালে সিহঁতে নিশ্চয় ভালেই পাব। কৈলাশ সাহা কায়স্থ হিন্দু । ধৰ্মৰ প্ৰতিও অগাধ
বিশ্বাস। সাহাই সদায় পূজা অৰ্চনালৈ ব্যস্ত থাকে। বাৰ মাহত তেৰটা পার্বণ লাগিয়ে
থাকে সিহঁতৰ ঘৰখনত ।
ভবামতেই কলিমুদ্দিনে মূৰ্ত্তিটো বুকুত
সাৱটিলৈ কৈলাশ সাহাৰ ঘৰলৈ লৈ গৈছিল।
কৈলাশ সাহা ঘৰতে আছিল । কলিমুদ্দিনক
দেখি সাহাই অভ্যর্থনা কৰি মাতিলে-আহা কলিমুদ্দিন, পিচে কি সকামতনো আহিলা? ধান বা টকা লাগিলে আজি কিন্তু দিব নোৱাৰিম। আজি আমাৰ ব্ৰত চলিছে।
কলিমুদ্দিনে আবেগ বিহ্বল কণ্ঠত ক’লে- নাই নাই বাবু, আজি মই ধান বিচাৰি অহা নাই। বেলেগ এটা
সকামতহে আহিছোঁ। কৈলাশ সাহাই কলিমুদ্দিনৰ কথাত কৌতুহল অনুভৱ কৰি সুধিলে- বেলেগ
সকাম! পিছে, সকামনো
কি ?
কলিমুদ্দিনে আলফুলকৈ বুকুৰ মাজৰ পৰা
মূৰ্ত্তিটো উলিয়াই কৈলাশ সাহাক দেখুৱাই ক'লে- এই মূৰ্ত্তিটোলৈ মহা সমস্যাত পৰিছোঁ। মুছলমান হৈ মূৰ্ত্তি ৰখাটো
অপৰাধ। মূৰ্ত্তিটো বহুদিন ধৰি আমাৰ পেৰাত আছিল। সমাজৰ মানুহবোৰে মূৰ্ত্তিটোৰ কথা
গম পাই নৈত পেলাই দিবলৈ আদেশ দিছে। গতিকে নৈত পেলাই দিবলৈকে ঘৰৰ পৰা লৈ আহিছিলোঁ।
হঠাৎ আপোনাৰ কথা মনত পৰিল । আপোনালোকেওতো মূৰ্ত্তিপূজা কৰে। গতিকে ভাবিলোঁ, মূৰ্ত্তিটো যদি আপুনি ৰাখে..........।
কলিমুদ্দিনে বাক্যটো আধৰুৱাকৈ এৰি
কৈলাশ সাহাৰ মুখলৈ চালে।
মূৰ্ত্তিটোৰ প্ৰতি কলিমুদ্দিনৰ ভক্তি
দেখি কৈলাশ সাহাই বিস্মিত কণ্ঠত ক’লে-মূৰ্ত্তিটোৰ
প্ৰতি তোমাৰ ইমানেই ভক্তিনে?
কৈলাশ সাহাৰ কৌতুহল দেখি কলিমুদ্দিনৰ
মুখমণ্ডল উজ্বল হৈ উঠিল। ভক্তি গদ্গদ্ কণ্ঠত অনুনয় কৰি ক'লে সি- পূৰ্বপুৰুষৰ হাতৰ বস্তু। গতিকে
মোহ এটা আছে দিয়কচোন। মূৰ্ত্তিটো আপুনি ৰাখক ৷ ভগবানে আপোনাৰ মংগল কৰিব।
কৈলাশ সাহাই সূক্ষ্ম ভাবে মূৰ্ত্তিটো
নিৰীক্ষণ কৰি ক'লে-
ৰাধা-কৃষ্ণৰ যুগল মূৰ্ত্তি। মূৰ্ত্তিটো দেখাতো ভাল। দেখিলেই ভক্তি ওপজে। এইদৰে কৈ
সাহাই হুমুনিয়াহ কাঢ়ি ক’লে-
মূৰ্ত্তিটো ৰাখিব পাৰিলে অৱশ্যে ভালেই আছিল, কিন্তু ....... ।
‘না’ নুবুলিব বাবু। কলিমুদ্দিনে হাতযোৰ কৰি
ক'লে- আপোনাক মই
কাবৌ কৰিছোঁ। মূৰ্ত্তিটো আপুনি ৰাখক । আল্লাহই আপোনাৰ মংগল কৰিব । কৈলাশ সাহাই
অন্যমনস্ক ভাবে কিছুপৰ ভাবি মূৰ্ত্তিটো ৰখাৰ বাবে অপাৰগতা প্রকাশ কৰি ক'লে- তুমি বেয়া নাপাবা, কলিমুদ্দিন। সমাজ সংসাৰলৈ বাস কৰোঁ।
সেয়ে সমাজৰ বাধা-

মোহ এটা আছে দিয়কচোন। মূৰ্ত্তিটো আপুনি ৰাখক । ভগবানে আপোনাৰ মংগল কৰিব ৷

মূৰ্ত্তিটো ৰাখিব পাৰিলে অৱশ্যে ভালেই আছিল, কিন্তু......
না, নুবুলিব বাবু। কলিমুদ্দিনে হাতযোৰ
কৰি ক'লে- আপোনাক মই
কাবৌ কৰিছোঁ। মূৰ্ত্তিটো আপুনি ৰাখক । আল্লাহই আপোনাৰ মংগল কৰিব ৷
কৈলাশ সাহাই অন্যমনস্ক ভাবে কিছুপৰ
ভাবি মূৰ্ত্তিটো ৰখাৰ বাবে অপাৰগতা প্রকাশ কৰি ক'লে- তুমি বেয়া নাপাবা, কলিমুদ্দিন ৷ সমাজ সংসাৰলৈ বাস কৰোঁ। সেয়ে সমাজৰ বাধা-নিষেধ আমি
মানি চলিবই লাগিব। গতিকে মুছলমানৰ ঘৰত ৰখা মূৰ্ত্তিটো পূজা কৰাটো সম্ভৱ নহ'ব। সমাজে অনুমতি নিদিব। তাতকৈ তুমি
বাৰু মূৰ্ত্তিটো নৈতে পেলাই দিয়াগৈ।
মূৰ্ত্তিটো ৰখাৰ বাবে কৈলাশ সাহাই
অপাৰগতা প্ৰকাশ কৰাত কলিমুদ্দিনৰ মন বিষাদেৰে ভৰি পৰিল । আহত হোৱাৰ লগতে তাৰ মনত
ক্ষোভৰো সৃষ্টি হ'ল ।
তথাপি সি মনৰ ক্ষোভ মনতে সামৰি আথেবেথে ক’লে-নাই নাই বাবু, মুছলমান
হ'লেও আমি কোনো
দিনে মূৰ্ত্তিটোৰ অনাদৰ কৰা নাই । তদুপৰি পাষাণ প্রতিমাৰ জানো জাত আছে? জাত যোৱাটো জানো সম্ভৱ? তেনেহ'লে...
কৈলাশ সাহাই কলিমুদ্দিনৰ বেদনা উপলব্ধি
কৰিব পাৰি শান্ত্বনা দিয়াৰ কাৰণে ক'লে- জাত বৰ ঠুনুকা বস্তু কলিমুদ্দিন ৷ জাতৰ বিচাৰ, ধৰ্মৰ বিচাৰ যুক্তিৰে কৰিব নোৱাৰি। ই হ'ল অনুভৱৰ বস্তু। গতিকে ই ধৰ্ম ঠুনুকা
হৈ পৰিছে । ফলত ছাঁ গাত লাগিলেই জাত যায়।মোৰ অৱশ্যে আপত্তি নাই। কিন্তু সমাজে
কথাটো মানি নল'ব।
মুছলমানৰ ঘৰৰ মূৰ্ত্তি ৰখাৰ কথা শুনিলে সমাজৰ মানুহে মোক সমাজচ্যুত কৰিব ।
হিন্দু-মুছলমানৰ মাজত এই হিংসাৰ বীজ
কোনে ৰোপণ কৰিছিল কলিমুদ্দিনে অৱশ্যে নাজানে। হিংসা কৰাটো যেন দুই সম্প্ৰদায়ৰ
মাজত সহজাত প্রবৃত্তিৰ দৰে হৈ পৰিছে। ধৰ্মৰ কথা বাদ দিলে ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত
এই দুই সম্প্ৰদায়ৰ মাজত বিশেষ পার্থক্য নাই। সাধাৰণ কিছু পার্থক্য যেন পাৰ্থক্যৰ
খাতিৰতে ইচ্ছাকৃতভাৱে কৰা হৈছে। হিন্দুসকলে ধূতি পিন্ধে, মুছলমানসকলে লুংগী পিন্ধে, হিন্দুসকলে জল বুলি কয়, মুছলমানসকলে কয় পানী বুলি, হিন্দুসকলে পাণৰ যি পিঠিত চূণ লগায়
মুছলমানসকলে লগায় তাৰ বিপৰীত পিঠিত। এনেকুৱা সাধাৰণ কিছুমান পার্থক্য আছে দুই
সম্প্রদায়ৰ মাজত। কিন্তু ব্যক্তিগত জীৱনত কোনেও কাকো হিংসা নকৰে; সামগ্রিক ভাবেহে মাথোন হিংসা কৰে।
কলিমুদ্দিনৰ তাকৰীয়া বুদ্ধিৰেও বুজিব পাৰে, যে এয়া নিশ্চয় কাৰোবাৰ চাল। হিন্দু মুছলমানক ভাগ ভাগ কৰি স্বাৰ্থ
সিদ্ধি কৰাৰ চাল। ইয়াৰ ফলত লাভবান হৈছে জমিদাৰ আৰু মহাজনসকল। জগদীশ মাষ্টৰে
কোৱামতে, বৃটিচ অহাৰ পাছৰ
পৰাহে এই বিভেদ সৃষ্টি হৈছে। শাসন-শোষণৰ সুবিধাৰ কাৰণে বৃটিচে ইচ্ছাকৃতভাবে এই
বিভেদ সৃষ্টি কৰিছে। পৃথিবী থাকে মানে যেন ই শাসন- শোষণৰ হাতিয়াৰ হিচাপে যুগে
যুগে ব্যৱহাৰ হৈ থাকিব। যদিহে মানুহ সচেতন নহয় ৷
কলিমুদ্দিনক মনে মনে থকা দেখি কৈলাশ
সাহাই পুনৰ ক'লে-
যোৱা মূৰ্ত্তিটো নৈতে পেলাই দিয়াগৈ। বহি বহি ভাবি থাকিলে কি হব? মানুহে কোনো দিনে তোমাৰ আবেগৰ মূল্য
নুবুজিব।
কলিমুদ্দিনে কথা নবঢ়াই ভাৰাক্ৰান্ত
মনেৰে সাহাৰ ঘৰৰ পৰা ওলাই আহিছিল আৰু নৈৰ পাৰলৈ আহি সি মূৰ্ত্তিটো নৈত পেলাই দি
ঘৰলৈ উভতি আহিছিল।
কিন্তু ওৰেটো ৰাতি তাৰ চকুত টোপনি অহা
নাছিল। ওৰেটো ৰাতি ভাবিও সি মূৰ্ত্তিটোৰ প্ৰতি থকা মোহৰ কাৰণ বিচাৰি পোৱা নাছিল ৷
মূৰ্ত্তিটো ঘৰত থকালৈকে সি যেন মূৰ্ত্তিটোৰ মাজত পূৰ্বপুৰুষৰ প্ৰাণৰ স্পন্দন অনুভৱ
কৰিছিল। মুৰ্ত্তিটো নৈত পেলাই দিয়াৰ লগে লগে যেন সেই স্পন্দন চিৰ দিনৰ বাবে
স্তব্ধ হৈ গ'ল ।
এনকুেৱাই উপলব্ধি হৈছিল তাৰ । মূৰ্ত্তিটো হেৰুৱাৰ বেদনা বহু দিনলৈ তাৰ মনৰ মাজত
সজীৱ হৈ আছিল। বৰ্তমানেও মূৰ্ত্তিটোৰ স্মৃতি মানস পটত ভাহি উঠিলেই তাৰ হৃদয় যেন
বিষাদেৰে ভৰি পৰে
কলিমুদ্দিন মনে মনে এইবোৰ কথা ভাবি
দলুমিয়াক সমৰ্থন কৰি ক'লে-
এৰা, তুমি কোৱা
কথাবোৰ ষোল্ল আনাই সঁচা। আমাৰ পূৰ্বপুৰুষো এটা সময়ত হিন্দুই আছিল। গতিকে
হিন্দু-মুছলমানৰ মাজত ভেদ-ভাব কৰি লাভ নাই।
দলুমিয়াই কলিমুদ্দিনৰ মনোভাব জানিবলৈ
সুধিলে- তেনেহ'লে
তুমি যোৱাটো খাটাং বুলিয়ে ধৰিব পাৰো, নে কি কোৱা ?
কলিমুদ্দিনে মুৰ খজুৱাই খজুৱাই ক'লে- আপোনাৰ লগত যাব পাৰিলে অৱশ্যে
ভালেই আছিল। কিন্তু .......
দলুমিয়াই প্ৰশ্নবোধক দৃষ্টিৰে
কলিমুদ্দিনৰ ফালে চালে। কলিমুদ্দিনে মনৰ সংশয় ব্যক্ত কৰিলে – গ’লেতো ল'ৰা-ছোৱালীহাল
লৈয়ে যাব
লাগিব; কিন্ত আমাৰ কাৰণেতো কোনেও ঘৰ বান্ধি ৰখা নাই । এহাল ল'ৰা-ছোৱালী লৈ গৈ থাকিম ক’ত?
দলুমিয়াই মনে মনে হাঁহিলে। কিন্তু
পাছমুহুর্ততে বংগৰ জন-জীৱনৰ কথা চিন্তা কৰি সি নিজক চম্ভালি ল'লে। কলিমুদ্দিনৰ সংশয় অমূলকো নহয়।
মাত্রাধিক জনসংখ্যাৰ কাৰণে বংগদেশত এতিয়া কোনেও কাৰো কথা ভবাৰ আহৰি নাই। আটায়ে
নিজকলৈ ব্যস্ত। কিন্তু অসমৰ কথা বেলেগ। জনসংখ্যা কম। অভাৱ অনাটনো কম। পৰিশ্ৰম
কৰিলে ভাত মুঠিৰ অভাৱ নাই ৷ অসমত বৰ্তমান মানুহৰ প্ৰয়োজন । গতিকে মানুহৰ প্ৰতি
মানুহৰ ভাল পোৱা, মৰম, চেনেহ, সহানুভূতি আৰু সহযোগিতাৰ অভাৱ নাই।
সেয়ে দলুমিয়াই কলিমুদ্দিনক আশ্বাস
দিয়াৰ কাৰণে ক’লে-
এইবোৰলৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। তালৈ গৈ আমাৰ ঘৰত কিছুদিন থাকিলেই হ'ব। ঘৰ এটা সাজোতেনো কেইদিন লাগিব? তিনি চাৰি দিনতেই হৈ যাব। প্ৰথমতে নল, ইকৰাৰে জপুৰী এটা সাজিব লাগিব ৷ নল
ইকৰাৰে ঘৰ সজাৰ কথা শুনি কলিমুদ্দিনৰ চকু-মুখত বিস্ময়ৰ অভিব্যক্তি ফুটি উঠিল। সি
বিস্ময় প্রকাশ কৰি ক'লে-নল
ইকৰাৰে ঘৰ! কেনেকৈ?
দলুমিয়াই গৰ্বেৰে ক'লে- এৰা, নল, ইকৰাৰ
ঘৰ। ইয়াৰ পৰানো তোমাক কেনেকৈ বুজাম? তালৈ গ'লে
নল, ইকৰাৰে কেনেকৈ
ঘৰ সাজে নিজেই প্রত্যক্ষ কৰিব পাৰিবা । সি নল ইকৰাৰ অবয়ৱ হাতৰ মুদ্ৰাৰে দেখুৱাই ক'লে- এই ইমান মোটা আৰু ইমান দীঘল ৷ ঠিক
জাতি বাঁহ একোটাৰ দৰে একো একোটা নল,
খাগৰি ৷ ছাউনি দিয়াৰ কাৰণে খেৰ বিৰিণাৰো অভাৱ নাই। ইকৰাৰে কামিও
কৰিব পৰা যায়।
দলুমিয়াৰ কথা কোৱাৰ ধৰণ আৰু অংগ-ভংগী
ইমান ৰসাল আৰু বাস্তৱ আছিল যে, নল, ইকৰাবোৰ কলিমুদ্দিনৰ চকুৰ আগত জীৱন্ত
হৈ নাচি উঠিল আৰু অসমখন চোৱাৰ বাবে তাৰ মনত এক দুৰ্বাৰ হেঁপাহ ওপজিল। সি আগতে
অসমখন তন্ত্ৰ-মন্ত্ৰৰ দেশ বুলি লোক মুখে শুনিছিল । সি আৰু শুনিছিল যে, অসমৰ হাবি-বননিসমূহ বাঘ, ভালুক, সাপ-নেউল আদিৰ বিচৰণস্থলী। দলুমিয়াৰ মুখত নল ইকৰাৰ বৰ্ণনা শুনি তাৰ
মনত সেই ধাৰণা অধিক বদ্ধমূল হৈ উঠিল। সি কিছু পৰিমাণে নিৰুৎসাহিতও হ'ল। সেয়ে সি মনে মনে অসমলৈ নাহিব
বুলিয়ে সিদ্ধান্ত ল'লে।
কিন্তু পোনপটিয়া ভাৱে প্ৰস্তাৱটো প্ৰত্যাখান কৰাৰ পৰিৱৰ্ত্তে সি আওপকীয়া ভাবে ক’লে- আপোনাৰ কথা শুনি অৱশ্যে মোৰো অসমখন
চোৱাৰ হেঁপাহ জাগিছে। আপুনিতো কেইদিনমান আছেই! যোৱা-নোযোৱাৰ খাটাং কথাটো মই আপোনাক
পাছত জনাম, বাৰু।
কলিমুদ্দিনৰ কথাত দলুমিয়া আহত হ'ল যদিও পাছ মুহূর্ততে সি নিজক চম্ভালি
ক'লে – বাৰু, তুমি যি ভাল দেখা তাকে কৰিবা, তোমাৰ ইচ্ছাৰ কথা । তুমি আমাৰ নিজা মানুহ বুলিহে কৈছোঁ। যোৱাৰ আগতে
এদিন আহি তোমাৰ লগত দেখা কৰিম। যোৱাৰ মন থাকিলে সাজু হৈ থাকিবা ।
সিদিনাৰ আলোচনা সিমানতে সামৰি দলুমিয়া
গুচি গ'ল।
কলিমুদ্দিনে মূৰে কপালে হাত দি গভীৰ
চিন্তাত বিভোৰ হৈ পৰিল । দুশ্চিন্তাই তাৰ মনৰ আকাশখনত দলদোপ হেন্দোলদোপ লগালে ।
** ** **
দলুমিয়াই খবৰ ল'বলৈ অহাৰ আগতেই এদিন এটা ঘটনা ঘটিল।
উক্ত ঘটনাই কলিমুদ্দিৰ অসমলৈ অহাৰ বাট প্রশস্ত কৰি তুলিলে । ঘটনাটো ঘটিছিল এনেদৰে
-
মহচীন হাজী তেতিয়া পাঁচ বছৰীয়া শিশু
। সি নিউমোনিয়াত ভুগি আছিল । তেতিয়াৰ দিনত এতিয়াৰ দৰে ভাল ডাক্তৰ কবিৰাজ নাছিল, বিশেষকৈ গাঁও অঞ্চলবোৰত ৷ বেমাৰ আজাৰ হ'লে গাঁৱৰ মানুহবোৰে বেজ, কবিৰাজ, ওজাৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হৈছিল। অপেক্ষাকৃত স্বচ্ছল সকলহে চহৰলৈ
গৈ ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰোৱাৰ সৌভাগ্য লাভ কৰিছিল।
শিশু মহচীনৰ অসুখ বেছি হৈ অহাত
কলিমুদ্দিনে তাকলৈ কাষৰ গাঁৱৰ কবিৰাজ এজনৰ ওচৰলৈ যাব লগা হ'ল। সি মহচীনক কোলাত লৈ কবিৰাজৰ ওচৰলৈ
যাবলৈ ওলাল।
বহাগ মাহ। কেইদিনমানৰ পৰা চিপ্চিপ্কৈ
বৰষুণ দি থকাৰ কাৰণে বাট পথৰ অৱস্থা শোচনীয় হৈ পৰিছিল। সেয়ে সি মহচীনক কোলাত লৈ
খুপি খুপি খোজ পেলাই যাবলৈ ধৰিলে।
তেতিয়া জমিদাৰসকলৰ প্ৰতাপ কিছু
পৰিমাণে হ্রাস পালেও কোনো কোনো জমিদাৰৰ প্ৰতাপ আগৰ দৰেই আছিল। তেওঁলোকৰ প্রতাপত
বাঘে-ছাগে একেটা ঘাটতে পানী খাবলৈ বাধ্য হৈছিল। বিশেষ কৰি আৰ্থিক ভাবে পিছপৰা
শ্ৰেণীটোৱে সাধাৰণ দোষৰ বাবে কেতিয়াবা জমিদাৰসকলৰ পৰা গুৰু দণ্ড ভোগ কৰিব লগীয়া
হৈছিল।
কলিমুদ্দিন মুছলমান জমিদাৰ আকমল
চৌধুৰীৰ ৰায়ত আছিল। জমিদাৰ হাউলিৰ আগেদি যোৱাৰ সময়ত সাধাৰণ প্ৰজাৰ কাৰণে আকমল
চৌধুৰীয়ে এটা নিয়ম বান্ধি দিছিল। হাউলিৰ আগেদি পাৰ হৈ যাওঁতে এটা নিৰ্দ্দিষ্ট
সীমাৰ পৰা কুঁজা হৈ মূৰ দোঁৱাই কুৰ্নিচ কৰি কৰি সিংহদ্বাৰ পাৰ হ'ব লাগিছিল আৰু সিংহদ্বাৰ পাৰ হৈ ঘূৰি
পুনৰ আগৰ দৰেই কুৰ্ণিচ কৰি কৰি পিছুৱাই যাব লাগিছিল। ইয়াৰ উপৰিও যিমানে ৰ'দ বৰষুণ নাথাকক কিয় ছাতি মেলি যোৱা
নিষিদ্ধ আছিল। এই নিৰ্দ্দেশ ইমানেই কঠোৰ আছিল যে, কোনোবাই এই নিৰ্দ্দেশ অমান্য কৰিলে তাক চাবুকেৰে কোবোৱা হৈছিল । গতিকে পৰাপক্ষত
মানুহবোৰে জমিদাৰ হাউলি এৰাই চলিবলৈ চেষ্টা কৰিছিল । বেছি ভাগ মানুহ মূল ৰাস্তা
এৰি খেতিৰ মাজে মাজে আলিপথেৰেই অহা যোৱা কৰিছিল আৰু তেনেকৈয়ে অযথা হাৰাশাস্তিৰ
পৰা ৰেহাই পোৱাৰ চেষ্টা কৰিছিল । কিন্তু সিদিনা বৰষুণ দি থকাৰ কাৰণে পাঁচ বছৰীয়া
ৰোগাক্ৰান্ত শিশু মহচীনক কোলাত লৈ কলিমুদ্দিনে আলিপথেৰে যাবলৈ ভৰসা নাপালে
৷ ইফালে কে’বাদিন
ব্যাপি বৰষুণ দি থকাৰ কাৰণে আলি পথ পিচল হৈ পৰিছিল। গতিকে যিকোনো মুহূৰ্তত পিচলি
পৰাৰো ভয় আছিল।
গতিকে কলিমুদ্দিনে শিশু মহচীনক কোলাতলৈ
জমিদাৰ হাউলিৰ আগেদিয়ে যোৱাৰ সিদ্ধান্ত ল'লে। জমিদাৰৰ
কাছাৰী ঘৰত তেতিয়া কিবা সৰস আলোচনা চলি আছিল। কাছাৰী ঘৰৰপৰা হাঁহিৰ কলৰোল ভাহি
আহি আছিল৷
কুঁজা হৈ যোৱাৰ নিৰ্দ্দিষ্ট সীমাত
উপস্থিত হৈ কলিমুদ্দিনে কাছাৰী ঘৰৰ ফালে চাই পঠিয়ালে । পাইক এজনৰ বাহিৰে
বাৰান্দাত কোনো মানুহ নাছিল । পাইকজনে ৰাস্তাৰ ফালে পিঠি দি বহি কলমটিয়াই থকা
কলিমুদ্দিনৰ চকুত পৰিল ।
তেতিয়াও চেগা-চেৰোকাকৈ বৰষুণ দি আছিল
। বৰষুণত তিতিলে অসুখ বেছি হ'ব
পাৰে বুলি ভাবি সি মৰসাহ কৰি ছাতি নজপোৱাকৈয়ে কূজা হৈ কুৰ্ণিচ কৰি কৰি যাবলৈ
ধৰিলে।
এনেতে হঠাৎ কাছাৰী ঘৰৰ ভিতৰৰ পৰা জুলমত
খাঁ বাৰান্দালৈ ওলাই আহিল। জুলমত খাঁ জমিদাৰৰ চাপৰাচী। সি মূৰ দাঙি কলিমুদ্দিনলৈ
চালে। কলিমুদ্দিনক দেখি তাৰ ওঁঠত ক্ৰুৰ হাঁহিৰ ৰেখা বিৰিঙি উঠিল। কলিমুদ্দিনক
দেখিও নেদেখাৰ ভাওজুৰি সি পুনৰ কাছাৰী ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
জুলমত খাঁক দেখি এক অজান ভয়ত
কলিমুদ্দিনৰ বুকু চিৰিং কৈ উঠিল।
জুলমত খাঁ এজন কুখ্যাত ডকাইত আছিল আৰু
জমিদাৰৰ চাকৰিত সোমোৱাৰ আগতে সি ডকাইতি, খুন, জখমকে
আদি কৰি নানা অসামাজিক কামত লিপ্ত আছিল। জমিদাৰৰ চাকৰিত সোমোৱাৰ পাছৰপৰা সি ডকাইতি
কৰিবলৈ এৰিছে যদিও আগৰ কথা সুঁৱৰি আটায়ে তাক সমীহ কৰি চলে। মানুহে তাৰ সংগ এৰাই
চলিবলৈও যত্ন কৰে। কলিমুদ্দিনেও তাক এৰাই চলিবলৈ যত্ন কৰিছিল। কিন্তু এদিনৰ এটা
ঘটনাৰ কাৰণে সি জুলমত খাঁৰ ওপৰত জপিয়াই পৰিবলৈ বাধ্য হৈছিল। মৰিয়াই মৰিয়াই তাৰ
আগ দাঁত দুটা সৰাই পেলাইছিল। সিদিনা জুলমত খাঁৰ চকুত সি যি প্ৰতিহিংসাৰ জুই
প্ৰত্যক্ষ কৰিছিল; সেই
জুই শিখাৰ ভয়ত সি এতিয়া আৰু অধিক পৰিমাণে জুলমত খাঁক এৰাই চলিবলৈ যত্ন কৰে। এৰাই
চলিও আহিছে ইমান দিনে। কিন্তু আজি সি জুলমত খাঁৰ চকুত পোন্ধৰ বছৰ আগত জ্বলা সেই
জুই শিখাৰ কথা স্মৰণ কৰি শংকিত হৈ উঠিল আৰু লগে লগে তাৰ চকুৰ আগত ভাহি উঠিল পোন্ধৰ
বছৰ আগৰ সেই বিশেষ দিনটোৰ প্ৰতিচ্ছবি। ঘটনাটো ঘটিছিল এনেকৈ-
কলিমুদ্দিনৰ ভনীয়েক জমিলাক জুলমত খাঁই
বিয়া কৰাব খুজিছিল। কইনা খুজি সি প্রস্তাৱো আগবঢ়াইছিল। কিন্তু তাৰ উগ্ৰ স্বভাৱৰ
কাৰণে কলিমুদ্দিনহঁতে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল ৷
কলিমুদ্দিনহঁতৰ পৰা প্ৰত্যাখাত হৈ
জুলমত খাঁ লাজ অপমানত জৰ্জৰিতহৈ জমিলাক বলপূর্বক ধৰি নিয়াৰ বাবে ভাবুকি দিছিল।
জুলমত খাঁ শেনৰ এজাত । সি কৰিব নোৱাৰা
কাম নাই। গতিকে তাৰ ভাবুকিত ভয় খাই কলিমুদ্দিনৰ দেউতাকে জমিলাৰ বিয়াৰ প্ৰস্তুতি
চলাইছিল। কথা বতৰাও আগবাঢ়িছিল। কিন্তু তেনেতে ঘটিছিল ঘটনাটো ।
সিদিনা জমিলা অকলে নৈৰ ঘাটলৈ পানী
আনিবলৈ গৈছিল। পানীলৈ উভতি অহাৰ বাটতে জুলমত খাঁই হঠাৎ তাইৰ বাট ভেটি থিয় হৈ
কৈছিল- ব’লা, মোৰ লগত।
জমিলা প্রথমতে কিছু ভয় খাইছিল যদিও
পাছ মুহূর্ততে সাহস গোটাই জুলমত খাঁৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি ক'লে- বাট এৰি দিয়া, নহ'লে মই চিঞৰি মানুহ মাতিম ।
জমিলাই তাৰ প্ৰস্তাৱত অসন্মত হোৱাৰ
কাৰণে সি পূৰ্ব পৰিকল্পনা মতে জমিলাৰ হাতত ধৰি টানি চোঁচৰাই নিবলৈ উদ্যত হ'ল।
জমিলাই ভয়ত চিঞৰ বাখৰ কৰিবলৈ ধৰিলে।
সৰু ল'ৰা এজনে ঘটনাটো
প্ৰত্যক্ষ কৰি দৌৰি গৈ কলিমুদ্দিনক ঘটনাৰ বিষয়ে খবৰ দিলে।
খবৰ পাই কলিমুদ্দিন ঘটনাস্থলীলৈ দৌৰি
আহিল। ইতিমধ্যে জুলমত খাঁই জমিলাক কিছু দূৰ চোঁচৰাই নিছিল। ঘটনা দেখি খঙে
কলিমুদ্দিনৰ চুলিৰ আগ পালেহি। সি জুলমত খাঁৰ বাট ভেটি থিয় দি ক'লে- জমিলাক এৰি দে, নহ'লে কথা বেয়া হ'ব।
জুলমত খাঁই এখন হাতেৰে জমিলাক ধৰি ৰাখি
আনখন হাতেৰে কঁকালত গুজি ৰখা ডেগাৰখন উলিয়াই ক'লে- গুচ্ মোৰ সন্মুখৰ পৰা, নহ'লে
লাচ পৰি যাব ।
জুলমত খাঁৰ ডাংকোপ মৰা কথা শুনি
কলিমুদ্দিন অধিক হিংস্ৰ হৈ উঠিল। সি ডেগাৰলৈ কেৰেপ নকৰি জুলমত খাঁৰ ফালে চোঁচা
ললে।
কলিমুদ্দিনক চোঁচা লোৱা দেখি জুলমত
খাঁই ডেগাৰখন দাঙি কলিমুদ্দিনক আঘাত কৰাৰ কাৰণে অপেক্ষা থাকিল। সেই সুযোগত জমিলাই
জুলমত খাঁৰ ডেগাৰ ধৰা হাতখনত কামুৰি দিলে । জমিলাৰ মুখৰপৰা হাতখন এৰুৱাবলৈ টনা
আঁজোৰা কৰি থাকোঁতেই কলিমুদ্দিন আহি জুলমত খাঁৰ ওপৰত হিংস্র বাঘৰ দৰে জঁপিয়াই
পৰিল ।
কলিমুদ্দিনে প্রথমতে জুলমত খাঁৰ হাতৰ
পৰা ডেগাৰখন কাঢ়ি নিলে। তাৰ পাছত সি জুলমত খাঁক ঘপিয়াবলৈ উদ্যত হ'ল।
কথা ভীষণ যেন দেখি জমিলা কলিমুদ্দিন
আৰু জুলমত খাঁৰ মাজত থিয় দি ভয় বিহ্বল কণ্ঠত ক’লে- নাই নাই ককাইদেউ,
এওঁক নামাৰিবা। ই মৰিলে আমি আটায়ে জেললৈ যাব লাগিব।
কলিমুদ্দিন উত্তেজনাত কঁপি কঁপি ক’লে- জেললৈ যাব লাগে যাম। সেই বুলি জেলৰ
ভয়ত এই অন্যায় সহ্য নকৰো। তই গুচ্ মোৰ সন্মুখৰপৰা৷
জমিলাই কলিমুদ্দিনক সাৱটি ধৰি ক'লে- অবুজ নহ'বা ককাইদেউ। এয়া বৃটিচৰ ৰাজত্ব।
নৰহত্যা কৰিলে ৰেহাই নাই। জেললৈ যোৱাটো নিশ্চিত। শেষ বিচাৰত ফাঁচি বা দীপান্তৰো হ'ব পাৰে।ব্ৰিটিচৰ দিনত গুৰুতৰ অপৰাধীক
হয় ফাঁচি দিয়া হৈছিল নহ'লে
আন্দামানলৈ পঠোৱা হৈছিল । আন্দামানলৈ পঠোৱা আচামীক দীপান্তৰ হোৱা বুলি কৈছিল।
বৃটিচৰ বিচাৰো আছিল কঠোৰ। সাক্ষী প্রমাণ থাকিলে শাস্তি হোৱাটো প্ৰায় নিশ্চিত আছিল।
গতিকে দীপান্তৰৰ কথা শুনি কলিমুদ্দিন
থমকি ৰ'ল। জমিলাই কোৱা
কথা মিছা নহয়। নৰহত্যাৰ একমাত্ৰ শাস্তি দীপান্তৰ নহ'লে ফাঁচি।ফাঁচি হ'লে লেঠাশেষ; কিন্তু দীপান্তৰ হ'লে তাৰ দুৰ্দ্দশাৰ সীমা নাই। ম্যাদ শেষ
নোহোৱালৈকে জেলত যমৰ যাতনা ভূগিব লগীয়া
হয়।
কিছুদিন আগতে দীপান্তৰৰপৰা ম্যাদ শেষ
কৰি অহা সুবল মণ্ডলৰ কংকাল সাৰ দেহ কলিমুদ্দিনৰ চকুৰ আগত ভাহি উঠিল। সুবলে পোন্ধৰ
দিনমান আগতে দীপান্তৰ খাটি আহিছে। চৰ্ম সাৰ দেহ। মাথোন হাড় কেইডালহে অৱশিষ্ট
আছেহি। তাক দেখিলে জঁকা বুলিহে ভ্রম হয়। নৰহতাৰ অপৰাধত তাৰ দীপান্তৰ হৈছিল। নিজৰ
ঘৈণীয়েকৰ ইজ্জত বচাবলৈ গৈ সি পৰিমল মুখাৰ্জীক হত্যা কৰিছিল । দীপান্তৰৰ কথা মনত
পৰাৰ লগে লগে কলিমুদ্দিনে দাখন দলিয়াই পেলাই জুলমত খাঁক গবা মাৰি ধৰিলে ৷
দুয়োৰে মাজত জোঁটা পুটি লাগিল। দৈহিক
বলত দুয়ো সমান সমান। বয়সো একে। কোনেও কাকো বলে নোৱাৰে। ইজনে সিজনক বগৰাই পেলাবলৈ
ধ্বস্তাধ্বস্তি কৰিবলৈ ধৰিলে।
জমিলাই জুলমত খাঁৰ হাতত কামোৰা ঠাইত
গভীৰ ক্ষত সৃষ্টি হৈছিল। জোঁটা পুটিৰ ফলত ক্ষতস্থানৰ পৰা অধিক তেজ ক্ষৰণ হৈ আছিল।
সেই তেজৰ চেকা গৈ কলিমুদ্দিনৰ কাপোৰত লাগিল ৷
কলিমুদ্দিনৰ কাপোৰত লগা তেজৰ চেকা
জুলমত খাঁৰ চকুত পৰিল। সি নিজৰ ক্ষতস্থানলৈ চালে। ক্ষতস্থানৰ পৰা তেজ ক্ষৰণ হোৱা
দেখি সি মুখমণ্ডল বিকৃত কৰি জামিলাৰ ফালে চালে। জামিলাৰ ফালে চাই সি অন্যমনস্ক হৈ
পৰিল। সেই সুযোগতে কলিমুদ্দিনে তাক মাটিত বগৰাই পেলালে ।
জুলমত খাঁ মাটিত পৰাৰ লগে লগে
কলিমুদ্দিনে তাৰ বুকুত চেপি বহি দুহাতেৰে চুলিত ধৰি মূৰটো মাটিত থেকেচিয়াবলৈ
ধৰিলে। জুলমত খাঁই কলিমুদ্দিনক বুকুৰ পৰা নমাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে যদিও সি
বিফল হ'ল ।
বিজয়ৰ আনন্দত কলিমুদ্দিন অধিক হিংস্ৰ
হৈ উঠিল। সি জুলমত খাঁৰ নাকে-মুখে,
মূৰে-কপালে বলিয়াৰ দৰে উপৰ্যুপৰি ভুকিয়াবলৈ ধৰিলে। মাৰৰ কোবত জুলমত
খাঁৰ ওঁঠ ফাটি তেজ ওলাল। তেজ দেখি কলিমুদ্দিন অধিক উল্লসিত হৈ নিৰৱচ্ছিন্ন ভাবে
জুলমত খাঁক ভুকিয়াবলৈ ধৰিলে।
জামিলা ওচৰতে থিয় হৈ চিঞৰ-বাখৰ কৰি
আছিল। তাইৰ চিঞৰ-বাখৰ শুনি গাঁৱৰ মানুহ লৰি আহিল। দুজন মানে কলিমুদ্দিনক জুলমত
খাঁৰ বুকুৰ পৰা টানি তুলিলে ৷
জুলমত খাঁৰ অৱস্থা তেতিয়া শোচনীয়।
নাক-মুখ ফুলি উঠিছে। ওপৰৰ পাৰিৰ আগ দাঁত দুটা সৰি গৈছে। ক্ষতস্থানৰ পৰা তেজ ওলাই
মূখ মণ্ডল তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছে।
কলিমুদ্দিনৰ দেউতাক ছলিমুদ্দিনো
সেইখিনি আহি পাইছিলহি। জুলমত খাঁৰ অৱস্থা দেখি তেওঁ আতংকিত হৈ উঠিল । তেওঁ
কলিমুদ্দিনক তিৰস্কাৰ কৰি ক'লে-
তই বলিয়া হৈছ নেকি? দোষ
কৰিছে বুলিয়ে এনেকৈ মাৰিব লাগে নেকি? এইদৰে কৈয়ে তেওঁ জুলমত খাঁক মাটিৰ পৰা টানি তুলিলে ।
জুলমত খাঁই মুখমণ্ডলত হাত বুলালে । তাৰ
হাতত তেজৰ চেকা লাগি আহিল। তেজ দেখি সি হিংস্র ক্রুদ্ধ দৃষ্টিত কলিমুদ্দিনৰ ফালে চালে।
কলিমুদ্দিনে তেতিয়া গামোচা এখনেৰে
নিজৰ গাটো জাৰি জোকাৰি চাফা কৰাত ব্যস্ত হৈ আছিল। সংযোগবশতঃ সি জুলমত খাঁৰ ফালে
চালে । সিহঁতৰ চাৰি চকুৰ মিলন হ'ল ।
জুলমত খাঁৰ চকুত তেতিয়া জুই জ্বলি আছিল । কলিমুদ্দিনে জুলমত খাঁৰ চকুত হিংস্ৰ
দৃষ্টি দেখি তলমূৰ কৰিলে।
ঠিক তেতিয়াই সেইখিনি আহি পালেহি পৰাণ
শ্বেখ৷ পৰাণ শ্বেখ চকিদাৰ। তাৰ ওপৰতে গাঁৱখনৰ পহৰাৰ দায়িত্ব ন্যস্ত। গাঁৱৰ ভাল-
বেয়া খা-খবৰ সি জমিদাৰক জনাব লাগে।
পৰাণ শ্বেখে জুমটোলৈ উদ্দেশ্য কৰি ক'লে- কি হল? ঘটনা কি?
কলিমুদ্দিনে ঘটনাটো বিৱৰি ক'লে।
কলিমুদ্দিনৰ মুখৰপৰা ঘটনাৰ বিৱৰণ শুনি
পৰাণ শ্বেখে বিজ্ঞৰ দৰে ক'লে-
ফৌজদাৰী মামলা। ইফালে জখমো যথেষ্ট হৈছে। গতিকে বিষয়টো আমি ইয়াত মীমাংসা কৰা
সম্ভৱ নহ'ব। এইদৰে কৈয়ে
সি জুলমত খাঁলৈ আঙুলিয়াই জুমটোলৈ উদ্দেশ্য কৰি ক'লে- এওঁক জমিদাৰৰ ওচৰলৈ লৈ ব’লা। জমিদাৰে এওঁৰ বিচাৰ কৰিব।
জমিদাৰৰ আকতাৰ চৌধুৰী এজন সুশিক্ষিত
ধর্মপ্রাণ ব্যক্তি । ডকাইতৰ প্ৰতি খুবেই কঠোৰ। তেওঁ এবাৰ চোৰ- ডকাইতৰ এখন তালিকা
কৰি ধৰি নি শাস্তি দি আছিল৷ সেই তালিকাত জুলমত খাঁৰ নামো আছিল ।
গতিকে জমিদাৰৰ ওচৰলৈ নিয়াৰ কথা শুনি
জুলমত খাঁ ভয় বিহ্বল হৈ উঠিল। সি ভয়-বিহ্বল কণ্ঠত ক’লে- জমিদাৰৰ ওচৰলৈ নিনিব। মোৰ ভুল মই
স্বীকাৰ কৰিছোঁ। আপোনালোকে যি শাস্তি দিয়ে মই তাকে মূৰ পাতি ল'বলৈ সাজু আছোঁ।
পৰাণ শ্বেখে জুলমত খাঁৰ চৰিত্ৰৰ কথা
জানে। সেয়ে পৰাণ শ্বেখে আশংকা প্রকাশ কৰি ক'লে- বিপদত পৰিলে বহুতেই প্রতিশ্রুতি দিয়ে; কিন্তু বিপদ তৰিলেই সেই প্ৰতিশ্ৰুতিৰ
কথা পাহৰি যায়। আমি এৰি দিয়াৰ পাছত তুমি যদি জমিদাৰৰ ওচৰত গোচৰ দিয়া তেনেহ'লে আমাৰ অসুবিধা হ'ব।
জুলমত খাঁই শপত খাই ক'লে- মোক বিশ্বাস কৰক । মই আল্লাহৰ নামত
শপত খাই কৈছোঁ, মই
জমিদাৰৰ ওচৰলৈ নাযাওঁ। এই ভুলৰ বাবে যি শাস্তি দিব লাগে আপোনালোকেই দিয়ক।
জুলমত খাঁৰ পৰা আশ্বাস পাই পৰাণ শ্বেখে
ছলিম উদ্দিনলৈ উদ্দেশ্য কৰি ক'লে-
ছলিম ভাই, তুমি
বা আকৌ কি কোৱা? ছোৱালী
মানুহ, বিয়া-বাৰুৰ
কথাও আছে। কথাটো যিমানে জনাজনি হ'ব, বিয়া-বাৰু দিয়াত সিমানে অসুবিধা হ'ব। ইফালে বিয়াও ঠিক হৈয়ে আছে। সেয়ে
জমিদাৰৰ ওচৰলৈ নিবলৈ হ'লে
দৰা ঘৰৰো অনুমতি ল'ব
লাগিব। জুলমত খাঁই কোৱা কথা নিশ্চয় শুনিলা। এতিয়া তোমাৰ মতামত জনোৱা ৷
ছলিম উদ্দিন এজন সহজ-সৰল মানুহ । আইন
আদালতলৈও ভীষণ ভয়। সেয়ে তেওঁ ক'লে
-আইন আদালতলৈ যোৱাৰ ইচ্ছা মোৰো নাই। বাঘে চুলে ওঠৰ ঘাঁ। তাতকৈ আপোনালোকে যি ভাল
দেখে তাকে কৰক। মোৰ ফালৰ পৰা কোনো আপত্তি নাই। দৰা ঘৰক যি ক'ব লাগে ময়ে কম বাৰু। সিহঁতে মোৰ কথাৰ
বিৰোধিতা নকৰিব বুলিয়ে মোৰ বিশ্বাস ।
দুয়ো পক্ষৰ মতামত লৈ মেল বহিল।
সাক্ষী-বাদীৰ জবান বন্দী শুনি মেলুৱৈয়ে ৰায় দিলে- জুলমত খাঁই আঁঠু কাঢ়ি ৰাইজৰ
ওচৰত ক্ষমা খুজিব আৰু ভৱিষ্যতে এনেকুৱা কুকৰ্ম নকৰে বুলি শপত খাব ।
বিপদত পৰিলে বাঘেও হেনো ঘাঁহ খায়।
সিংহও ভেড়া হয়। জুলমত খাঁৰ ক্ষেত্ৰতোসেয়ে হ'ল।
মেলুৱৈৰ সকলো চৰ্ত মানিলৈ ক্ষমা খোজাৰ লগতে ভৱিষ্যতে তেনেকুৱা কাম নকৰে বুলি সি
কাণত ধৰি শপতো খালে ।
এয়া প্ৰায় পোন্ধৰ বছৰ আগৰ ঘটনা।
কিন্তু জুলমত খাঁই জানো সেই অপমানৰ কথা পাহৰিব পাৰিছে?
জুলমত খাঁক ঘৰৰ ভিতৰলৈ সোমাই যোৱা দেখি
কলিমুদ্দিনৰ যষ্ট ইন্দ্ৰিয় সজাগ হৈ উঠিল। জুলমত খাঁৰ পোন্ধৰ বছৰ আগৰ সেই হিংস্র
আক্রোশ ভৰা দৃষ্টি তাৰ চকুৰ আগত ভাহি উঠিল। ছাতি মেলি যোৱাৰ কথা জামিদাৰৰ ওচৰত ক'লে কি পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে তাৰ এক কল্পিত চিত্ৰ কলিম
উদ্দিনৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিল আৰু লগে লগে সি সিঁয়ৰি উঠিল।
আকতাৰ চৌধুৰী থাকিলে অৱশ্যে পৰিস্থিতিৰ
কথা বিবেচনা কৰি মানৱতাৰ খাতিৰতে ক্ষমা কৰি দিলেহেঁতেন। কিন্তু জমিদাৰ আকমল
চৌধুৰীৰ পৰা সেই সহানুভূতি আশা কৰা বৃথা। আকমল চৌধুৰী হৃদয়হীন ব্যক্তি। ৰাইজৰ
ওপৰত অন্যায় অত্যাচাৰ কৰি তেওঁ আমোদ উপভোগ কৰে । ৰাইজৰ প্ৰতি চকু দিয়াৰ সময়ো
নাই তেওঁৰ । জমিদাৰীৰ কাম-কাজৰ প্ৰতি তেওঁৰ মুঠেই কাণসাৰ নাই। মদ আৰু বাইজীলৈয়ে
তেওঁ সদায় ব্যস্ত হৈ থাকে। ফলত তেওঁ নামতহে জমিদাৰ। কাম কাজ চলায় নায়েব ফিৰোজ
আনছাৰীয়েহে।
জমিদাৰসকলৰ আগৰ প্ৰতিপত্তি নাই ।
অৱস্থাও পৰি আহিছে। বহুতো জমিদাৰ ধাৰ-দেনাত পোতগৈ দেউলীয়া হৈ পৰিছে। ভগ্ন প্রায়
অট্টালিকা এটাৰ দৰে নিজৰ অৱস্থিতিৰ কথাহে মাথোন ঘোষণা কৰি আছে। প্রতিপত্তি কমাৰ
লগে লগে জমিদাৰ সকল আহত বাঘৰ দৰে হিংস্ৰ হৈ উঠিছে। জমিদাৰৰ স্বেচ্ছাচাৰিতাৰ সুযোগ
লৈ পাইক, চাপৰাচী, বৰকন্দাজ সকলো স্বেচ্ছাচাৰি হৈ উঠিছে।
জুলমত খাঁ জমিদাৰৰ চাপৰাচী। এবাৰ সি
ডকাইতি কৰিবলৈ গৈ ধৰা পৰিছিল। আকমল চৌধুৰীয়ে তাক জামিনৰ ব্যৱস্থা কৰি মোকলাই আনি
নিজৰ সেৰেস্তাত চাপৰাচীৰ পদত নিয়োগ কৰিছে। কাৰণ এইবোৰ কামত এজন ভাল মানুহতকৈ এজন
বেয়া মানুহৰে সমাদৰ বেছি। লাঠিয়াল হিচাপে জুলমত খাঁৰ সুনামো আছে। এইবোৰ গুণে তাক
জমিদাৰৰ চাপৰাচী হোৱাত সহায় কৰিছে।
কলিমুদ্দিনে এইবোৰ কথা ভাবি শিলপৰা
কপৌৰ দৰে থৰ হৈ থিয় দি ৰ'ল।
খন্তেক পাছতে জুলমত খাঁ ঘৰৰ ভিতৰৰ পৰা
বাহিৰলৈ ওলাই আহি কলিমুদ্দিনক হাত বাউলি মাতিলে- কলিম কাই, আহা হুজুৰে তোমাক মাতিছে।
মাত শুনি কলিমুদ্দিনে মূৰ তুলি জুলমত
খাঁৰ ফালে চালে। তাৰ বুজিবলৈ বাকী নাথাকিল, যে সি ছাতি মেলি যোৱা কথাটো জুলমত খাঁই ইতিমধ্যে জমিদাৰক জনাইছে আৰু
তাৰেই প্ৰতিক্ৰিয়া হিচাপে জমিদাৰে তাক তলব কৰিছে। কথাটো ভবাৰ লগে লগে তাৰ বুকু
ঢপ্ঢপাবলৈ ধৰিলে।
কলিমুদ্দিনে ছাতি জপাই মহচীনক বুকুত
সাবটি থৰক-বৰক খোজেৰে সিংহদ্বাৰ পাৰহৈ আহি কাছাৰী ঘৰৰ বাৰান্দাত উঠিল। জুলমত খাঁই
কলিমুদ্দিনক ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰি ক'লে- ইয়াত থিয় দিয়া,
তুমি অহা কথাটো মই জমিদাৰক জনাওগৈ। এই দৰে কৈ জুলমত খাঁ কাছাৰী ঘৰৰ
ভিতৰলৈ সোমাই গ'ল
আৰু খন্তেক পাছতে ওলাই আহি ক'লে-
আহা ভিতৰলৈ সোমাই আহা, হুজুৰে
তোমাক মাতিছে।
কলিমুদ্দিনে ছাতিটো বাৰান্দাৰ বেৰত
আঁউজাই থৈ মহচীনক কোলাত লৈ জুলমত খাঁৰ পিছে পিছে ঘৰৰ ভিতৰলৈ সোমাই আহি মূৰ দোঁৱাই
কুৰ্নিচ কৰিলে। তাৰ পাছত মহচীনক কোলাৰ পৰা নমাই হাতযোৰ কৰি থিয় হ'ল।
আকমল চৌধুৰী আৰু ফিৰোজ আনচাৰী দবা খেলি
আছিল।
ফিৰোজ আনছাৰীয়ে দবাৰ গুটিটো এটা চাল
দি কলিমুদ্দিনলৈ চকু ঘোপাকৰি চাই সুধিলে- তুমি ছাতি নজপোৱাকৈ গৈছিলা ? হুজুৰে মাৰিলেও মাৰক কাটিলেও কাটক।
এইদৰে কৈয়ে কাষত পেঁপুৱা লাগি থিয় হৈ থকা মহচীনলৈ আঙুলিয়াই ক'লে- হুজুৰ, এই ল'ৰাজনৰ জ্বৰ। নিউমোনিয়াত ভূগি আছে। ইফালে বৰষুণো দি আছিল। বৰষুণত
তিতিলে অসুখ বেছি হ'ব
পাৰে বুলি ভাবি ছাতি নজপোৱাকৈ গৈ আছিলোঁ।
ফিৰোজ আনচাৰীয়ে ৰূঢ় কণ্ঠত ক'লে – বেতমিচ, তোৰ
ল'ৰাৰ অসুখৰ কাৰণে
ইমান দিনে চলি অহা পৰম্পৰা ভংগ কৰিবি নেকি ? তোৰ ল'ৰাৰ
কিয়, তই নিজে মৰিলেও
জমিদাৰৰ নিৰ্দ্ধাৰিত নিয়ম মানি চলিবই লাগিব। ফিৰোজ আনচাৰীয়ে এইদৰে কৈ আকমল
চৌধুৰীৰ ফালে চাই ক'লে-
হুজুৰ, এওঁ ছাতি
নজপোৱাকৈ গৈ আছিল৷
আকমল চৌধুৰীয়ে তীক্ষ্ণ দৃষ্টিত দবাৰ
গুটিবোৰ লক্ষ্য কৰি আছিল। তেওঁ দবা-বোৰ্ডৰ পৰা মূৰ নুতোলাকৈয়ে অন্যমনস্ক ভাবে ক’লে- দহ ঘা চাবুক মাৰি এৰি দিবলৈ কওঁক।
জমিদাৰৰ নিৰ্দ্দেশ পাই ফিৰোজ আনচাৰীয়ে
জুলমত খাঁক চাবুক মাৰাৰ দায়িত্ব দিলে।
জুলমত খাঁই গাৰ সমস্ত বল প্রয়োগ কৰি
কলিমুদ্দিনৰ পিঠিত চাবুক মাৰিবলৈ ধৰিলে। চাবুকৰ কোববোৰ কলিমুদ্দিনৰ পিঠিত দকৈ বহি
গ'ল। দৃশ্যটো চাই
মহচীন চিঞৰি উঠিল।
জুলমত খাঁই ধমকিৰ সুৰত ক'লে- চুপ, কান্দিলে তোকো মাৰিম।
ধমকি খাই মহচীন চুপ হৈ গ'ল।
চাবুকৰ কোব খোৱাৰ পাছত কবিৰাজৰ ওচৰলৈ
নগৈ লাজ, ক্ষোভ, অপমানত ম্ৰিয়মান হৈ কলিমুদ্দিন ঘৰলৈ
উভতিল । চাবুকে কটা ঠাইৰ পৰা তেজ নিগৰি নিগৰি তাৰ কাপোৰ-কানি ৰঙচুৱা হৈ পৰিল। সেই
তেজৰ চেকা মহচীনৰ কাপোৰতো লাগিল ৷
* * * * * *
ঘৰলৈ আহি কলিমুদ্দিনে মহচীনক কোলাৰ পৰা
নমাই ঘৈণীয়েক হাফিজাক মাতি ক'লে-
কবিৰাজৰ তালৈ যোৱা নহ'ল৷
গৰম পানী কৰি মহচীনক সেক দিয়াৰ ব্যৱস্থা কৰা ।
কলিমুদ্দিনৰ মাত শুনি হাফিজা ঘৰৰ ভিতৰৰ
পৰা ওলাই আহিল আৰু কলিমুদ্দিনৰ কাপোৰত তেজৰ চেকা দেখি তাই আতংকিত কন্ঠত সুধিলে-
তেজ! তেজ লাগিল ক'ৰ
পৰা?
কলিমুদ্দিনে আহত বাঘৰ দৰে গৰ্জি উঠি ক'লে- তেজ? তেজ ক'ত
দেখিলা? এয়া দুখীয়াৰ
ৰঙাচন্দন। এইদৰে কৈয়ে সি আক্ষেপত ভাঙি পৰিল- মই কোনোদিনে জমিদাৰৰ অবাধ্য হোৱা
নাছিলোঁ। বৰষুণত তিতিলে মহচীনৰ অসুখ বেছি হ'ব পাৰে বুলি ছাতি নজপোৱাকৈ গৈ আছিলাঁ। তাৰ ফলতে এই পৰিণাম! এই দৰে কৈ
কলিমুদ্দিনে হাফিজাৰ ওচৰত সকলো কথা ভাঙি পাতি কৈ ক'লে- দুখীয়াৰ আবেগ অনুভূতিৰ যেন কোনো মূল্যই নাই এই পৃথিবীত !
হাফিজাই মাটিৰ প্ৰতিমাৰ দৰে স্থবিৰ হৈ
কলিমুদ্দিনৰ কথা শুনি আছিল। তাইৰ অনুমান হ'ল যেন চাবুকৰ কোবকেইটা তাই নিজৰ পিঠিতো অনুভব কৰি আছে। কলিমুদ্দিন ৰৈ
যোৱাত তাই কলিমুদ্দিনক শান্ত্বানা দিয়াৰ কাৰণে ক'লে- আক্ষেপ কৰি কি কৰিব? এয়া আপোনাৰ ভাগ্যত আছিল বুলি ভাবক।
হাফিজাই ভাগ্য শব্দটো উচ্চাৰণ কৰাৰ লগে
লগে কলিমুদ্দিনৰ ওঁঠত তাচ্ছিল্যৰ হাঁহি বিৰিঙি উঠিল। ভাগ্য! ভাগ্য কি? ভাগ্য হ’ল দুখীয়াৰ কাৰণে শান্ত্বনা। ভাগ্যৰ ওপৰত বিশ্বাস কৰি দুখীয়াবোৰে
নানা লাঞ্ছনা-গঞ্জনা ভূগি তিলে তিলে মৃত্যুৰ মুখলৈ আগবাঢ়ি যায়। দুখীয়াৰ জীৱন হ'ল এক অভিশাপ। জীৱন ? জীৱন কি ? জীৱনটোতো একান্ত ভাৱেই নিজৰ । কিন্তু
সেই জীৱনৰ ওপৰতো ভাগ্যৰ দোহাই দি ক্ষমতাশালীবোৰে প্ৰভাৱ বিস্তাৰ কৰে। কিন্তু সেই
আধিপত্য অস্বীকাৰ কৰাৰ ক্ষমতা দুখীয়াবোৰৰ নাই। ক্ষমতা ? ক্ষমতা শব্দটোৰ ওপৰতো কলিমুদ্দিনৰ ঘৃণা
উপজি গ'ল। ক্ষমতা
থাকিলেইতো ক্ষমতাৰ অপব্যৱহাৰ হয়। ক্ষমতাৰ অপব্যৱহাৰ মানেইতো অন্যায়। অন্যায়
মানেই পাপ । পাপৰ শাস্তি শাস্ত্রমতে নৰক ভোগ। কিন্তু সি কি পাপ কৰিছিল যাৰ বাবে সি
চাবুকৰ কোব খাব লগা হ’ল ? পৰিস্থিতিত বাধ্য হৈ জমিদাৰৰ পৰম্পৰা
ভংগ কৰি সি চাবুকৰ কোব খাব লগা হ'ল।
এয়া জানো ক্ষমতাৰ অপব্যৱহাৰ নহয় ?
ক্ষমতাৰ অপব্যৱহাৰ মানেইতো পাপ। পাপ মানেইতো পতন। কিন্তু এওঁলোকৰ পতন
কোনো দিনেই নহ'ব।
এদলৰ পতন হ'লে
আনটো দল মূৰ দাঙি উঠিব। এই অন্যায়ৰ পৰা হাত সাৰিবলৈ হ'লে সি নিজে ধনী হ'ব লাগিব। দুবেলা দুমুঠি পেটপূৰাই খোৱাৰ
জোখাৰে ধন অৰ্জন কৰিব লাগিব। কিন্তু ইয়াত থাকি এই কাম কৰা কেতিয়াও সম্ভৱ নহয়।
ইয়াৰ বাবে সি জন্মভূমিৰ মোহ ত্যাগ কৰি অসমলৈ যাব লাগিব।
কলিমুদ্দিনে এইবোৰ কথা মনতে ভাবি
ক্ষোভেৰে সৈতে ক'লে-
ভাগ্য পৰিবৰ্ত্তনৰ কাৰণেই আমি এইখন দেশৰ মোহ ত্যাগ কৰিব লাগিব। দলু কাইক খবৰ
পঠোৱাৰ ব্যৱস্থা কৰা।
কলিমুদ্দিনৰ সিদ্ধান্তৰ কথা শুনি
হাফিজা চক্ খাই উঠিল। এক অনামী দুশ্চিন্তাই তাইৰ দেহমন আচ্ছন্ন কৰি পেলালে। কাৰণ
কলিমুদ্দিনৰ স্বভাৱৰ কথা তাই জানে । কলিমুদ্দিন আচলতে শান্তিপ্রিয়- গহীন গম্ভীৰ
মানুহ। নভবা-নিচিন্তাকৈ কোনো সিদ্ধান্ত নলয় । কিন্তু এবাৰ সিদ্ধান্ত ল’লে সেই সিদ্ধান্ত পৰাপক্ষত পৰিবৰ্ত্তন
নকৰে। গতিকে চিনাকি গাঁও, চিনাকি
পৰিবেশ এৰি কোনো দিনে নজনা-নুশুনা দেশ এখনলৈ যোৱাৰ কথা ভাবি তাই আতংকিত হৈ উঠিল ৷
তদুপৰি সিহঁতৰ প্ৰথম সন্তান ফৰিদাৰ অহা বহাগত বাৰ বছৰ পূৰ্ণ হ'ব। বিবাহ যোগ্যা ছোৱালী এজনীলৈ
নজনা-নুশুনা দেশলৈ গমন! এয়া জানো সম্ভৱ? সেয়ে তাই সংশয় মিহলি সুৰত ক'লে- নজনা-নুশুনা ঠাই। ঘৰত বিবাহ যোগ্যা ছোৱালী। শেষত যদি কিবা
কেলেংকাৰী হয়?
কলিমুদ্দিনেও কথাটো নভবা নহয়। ইয়াৰ
আগতেও বহুতে তাক অসমলৈ যাবলৈ লগ ধৰিছে। কিন্তু প্ৰতিবাৰেই সি এষাৰ কথা কৈ প্ৰস্তাৱটো প্ৰত্যাখান
কৰিছে - নাই নাই, জন্মভূমি
এৰি ক'লৈকো নাযাওঁ ।
পৰৰ দেশৰ মাছ মঙহতকৈ নিজৰ দেশৰ শাক পুঠিয়ে ভাল। গতিকে মোৰ কাৰণে এই দেশ এৰি
বিদেশলৈ যোৱা সম্ভৱ নহয়। কিন্তু আজিৰ ঘটনাৰ পাছত তাৰ মোহ ভংগ হৈছে । এইখন দেশৰ
মানুহৰ প্ৰতি তাৰ বিতৃষ্ণা উপজিছে। সেয়ে সি হাফিজাৰ কথাত বিৰক্তি প্রকাশ কৰি ক'লে- সেয়া ভৱিষ্যতৰ কথা। বৰ্ত্তমানৰ কথা চিন্তা কৰা। ভৱিষ্যতে যি হয়
হ'ব । তাততো আৰু
বাঘ-ভালুক নাথাকে— মানুহে
থাকে।তদুপৰি আমি নিজৰ ঘৰখনলৈ ব্যস্তহৈ আছোঁ
কাৰণে বহিঃজগতৰ কথা ভাবিব পৰা নাই। পৃথিৱীখন বহু সলনি হৈছে। নাদৰ ভেকুলীৰ দৰে
ঘৰখনকে পৃথিৱী বুলি ভাবি আছোঁ কাৰণে প্ৰকৃত পৃথিৱীৰ উম ঘামে পোৱা নাই আমি।
আজি-কালি ছোৱালীবোৰে স্কুল কলেজত পঢ়িছে। স্বৰাজৰ কাৰণে ৰাজপথলৈ ওলাই আহিছে। ত্রিশ
পঁয়ত্রিশ বছৰ বয়সলৈকে আবিয়ৈ হৈ আছে । ফৰিদাৰনো কিমান বয়স হৈছে ? মাথোন বাৰ বছৰহে । তুমিয়েতো ভাগ্যৰ
কথা ক'লা। ভাগ্য
পৰিবৰ্ত্তনৰ কাৰণেই আমি অসমলৈ যাব লাগিব। যাব লাগিবই যেতিয়া পলম কৰি লাভ নাই।
দলুকাইৰ লগতে যাম।
প্ৰসংগটো সিমানতেই সামৰিবলৈ হাফিজাই ক'লে- বাৰু, আপুনি যি ভাল দেখে তাকে কৰক। এইদৰে কৈ
হাফিজাই কলিমুদ্দিৰ কাষলৈ আহি গেঞ্জিটো ধৰি ক'লে- চাওঁ, ক’ত লাগিছে? গেঞ্জি দাঙি হাফিজা চক্ খাই উঠিল- এয়া
দেখোন চাবুকৰ কোব! কে’বা
ঠাইতো দাগ কাটি বহি গৈছে । চাবুক মাৰিলে বুলিয়ে এনেকৈ মাৰিব লাগেনে? আপুনি অকণমান বহক। মই পানী গৰম কৰি আনি
আছোঁ। গৰম পানীৰে ধুই পখালি গৰম তেল সানি দিলে অকণমান ভাল পাব। গাতজ্বৰো উঠিছে ।
এইদৰে কৈ হাফিজাই ঘৰৰ ভিতৰলৈ সোমাই গৈ চাদৰ এখন আনি কলিমুদ্দিনৰ গাত জাপি দিলে।
কলিমুদ্দিনে চাদৰ জাপি বাৰান্দাতে পীৰা
এখনত বহিল ৷
এনেতে দলুমিয়া আহি সেইখিনি পালেহি।
দলুমিয়াক দেখি হাফিজাই ওৰণি টানি পীৰা এখন আনি বাৰান্দাত পাৰিলে। দলুমিয়াই পীৰাত
বহি জিজ্ঞাসু দৃষ্টিত কলিমুদ্দিনলৈ চাই ক'লে- বাটত আহোতে কথা এষাৰ শুনি আহিলোঁ ৷ কথাটো সচাঁ নেকি?
দলুমিয়াৰ প্ৰশ্ন সোধাৰ ধৰণ আৰু
মুখমণ্ডলৰ থমথমীয়া অভিব্যক্তিলৈ লক্ষ্য কৰি কলিমুদ্দিনৰ বুজিবলৈ বাকী নাথাকিল, যে দলুমিয়াই ইতিমধ্যে হয়তো চাবুক
মৰাৰ কথাটো জানিব পাৰিছে। কাৰণ অ-কথা কু-কথা বতাহতকৈও অধিক বেগত চলে। সি বাটে বাটে
আহি থাকোঁতে তাৰ গাত তেজৰ চেকা দেখি বহুতেই তেজৰ কাৰণ সম্পৰ্কে জানিব বিচাৰিছে; কিন্তু সি পাৰ্যমানে সিহঁতৰ প্ৰশ্নবোৰ
এৰাই আহি ঘৰ পাইছেহি। ঘটনাটো শুনি বহুতেই তাক হয়তো সমবেদনা জনালেহেঁতেন। কিন্তু
সেই সমবেদনাই জানো তাৰ মনৰ বেদনা লাঘৱ কৰিব পাৰিলেহেঁতেন? দুই এজনে হয়তো ওলোটাই তেওঁকে জগৰীয়া
কৰিলেহেঁতেন । কাৰণ দুখীয়াৰ দোষহে লোকৰ চকুত পৰে। দুখীয়াই দোষ কৰিলে অপৰাধ আৰু
ধনীয়ে দোষ কৰিলে সেয়া লীলা। কোনেও পৰিস্থিতিৰ কথা চিন্তা নকৰিলেহেঁতেন। এইবোৰ
কথা ভাবিয়ে সি কাৰো কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই । কিন্তু আহোঁতে বাটত নিলু
জেঠাকৰ লগত তাৰ দেখা হৈছিল। নিলু প্রবীণ মানুহ। কলিমুদ্দিনক স্নেহো কৰে ৷ গতিকে
তেওঁ সোধাত অনিচ্ছা সত্ত্বেও সি তেওঁৰ ওচৰত ঘটনাটো থূলমূলকৈ কৈ আহিছে। তেওঁৰ পৰাই
হয়তো ঘটনাটো ইতিমধ্যে গাঁৱখনত প্ৰচাৰ হৈ গৈছে। দলুমিয়াইয়ো হয়তো তেওঁৰ পৰাই
ঘটনাটো শুনি সমবেদনা জনাবলৈ লৰি আহিছে।
তথাপি কলিমুদ্দিনে পোনপটীয়াভাৱে
দলুমিয়াৰ প্ৰশ্নৰ উত্তৰ নিদি আওঁপকীয়াভাবে সুধিলে- কি কথা নো শুনিছে?
দলুমিয়াই সংকোচিত ভাবে ক’লে- জুলমত খাঁই হেনো তোমাৰ পিঠিত চাবুক
মাৰিছে? কথাটো মই নিলু
জেঠাৰ পৰা শুনিছোঁ । ঘটনাটো সঁচানে মিছা জানিবলৈ লৰি আহিছোঁ।
কলিমুদ্দিনে হুমুনিয়াহ কাঢ়ি
শান্তভাৱে সংক্ষিপ্ত উত্তৰ দিলে- ঘটনাটো মিছা নহয় ৷
দলুমিয়িাই ক্ষুব্ধ কণ্ঠত ক’লে- জুলমত খাঁতো এটা পাষশু। সি আজি সেই
পুৰণি আখেজৰে প্ৰতিশোধ ল'লে৷
এইদৰে কৈয়ে দলুমিয়াই বিচলিত কন্ঠত ক’লে- চাওঁ, ক'ত লাগিছে? শুনিলোঁ, কে’বা
ঠাইতো হেনো চাবুক দাগ কাটি বহি গৈছে।
কলিমুদ্দিনে অনিচ্ছা সত্বেও চাদৰখন
আঁতৰাই পিঠিৰ ফালে গেঞ্জিটো দাঙি ধৰিলে।
পিঠিখন চাই দলুমিয়া উচাপ্ খাই উঠিল। ক’লে- চাবুক দেখিছোঁ কে’বা ঠাইতো দাগ কাটি বহি গৈছে। তেজৰ চপৰা
বান্ধিছে। গৰম পানীৰে ঘাঁ ধুই নার্জী পাত থেতেলি লগাই দিব লাগিব । এই দৰে কৈয়ে সি
হাফিজাক মাতিলে- বোৱাৰী, পানী
তপতোৱা ৷ গৰম পানীৰে ঘাঁ ধুই তেজৰ চপৰাবোৰ চাফা কৰা। হাফিজাক এইদৰে নিৰ্দ্ৰ্দেশ দি
সি অভিযোগৰ সুৰত ক'লে-
চাবুক মাৰিলে বুলিয়ে এনেকৈ মাৰিব লাগে নে? পাষণ্ডৰ নৰকতো ঠাই নহ'ব।
কলিমুদ্দিনে প্ৰসংগটো সিমানতে সামৰিবলৈ
আত্মসমৰ্পণৰ ভংগীত ক’লে-
তাৰ ওচৰত দেনা আছিল, আজি
পৰিশোধ হৈ গ'ল ।
তুমি কি ক'ব খুজিছা বুজিব পাৰিছোঁ । দলুমিয়াই
উষ্মাৰে সৈতে ক’লে-
সেয়া তাৰ প্ৰাপ্য আছিল । সি জামিলাৰ লগত দুৰ্ব্যৱহাৰ নকৰিলে জানো তুমি
মাৰিলাহেঁতেন। সি সিদিনা যি কাম কৰিছিল জীৱনলৈ যে উভতি যাব পাৰিছিল সেয়াই তাৰ
কাৰণে সৌভাগ্য আছিল । সি মাথো পাষণ্ডই নহয়, জাৰজো। তাৰ জন্ম ৰহস্যৰ কথা কোনেনো নাজানে। সি আচলতে হিন্দুৰ
সন্তান...... জটাধৰৰ সন্তান।
কথাটো মিছাও নহয়। কলিমুদ্দিনেও শুনিছে
কথাটো। আচলতে মচলিচ খাঁ তাৰ প্ৰকৃত পিতৃ নহয়। তাৰ প্ৰকৃত পিতৃ হ'ল জটাধৰ মণ্ডল। মচলিচ খাঁই পিতৃত্বৰ
দায়িত্ব লৈছিলহে মাথোন। সেয়াও এক মুখৰোচক ঘটনা ।
মচলিচ খাঁ পাঠান । সি কানপুৰৰ বাসিন্দা
আছিল । তাত সি কচাইৰ কাম কৰিছিল। ১৮৫৭
চনৰ চিপাহী বিদ্ৰোহৰ সময়ত কানপুৰৰ বিবি ঘৰত হোৱা কুখ্যত হত্যা কাণ্ডৰ লগত সি
জড়িত আছিল ৷ ইংৰাজৰ হাতত যেতিয়া দেশীয় সৈন্য পৰাজিত হ'বলৈ আৰম্ভ কৰিছিল, তেতিয়া সি ভয়ত বংগদেশলৈ পলাই আহিছিল।
বংগদেশলৈ আহি সি কুখ্যাত এদল ডকাইতৰ লগত জড়িত হৈ পৰিছিল। সেই দলৰ নেতা আছিল জীৱন
মণ্ডল নামৰ এজন দুৰ্দ্দান্ত যুৱক ৷
নিম্নবৰ্ণৰ হিন্দুৰ প্ৰায় ভাগৰে গাৰ
বৰণ স্বাভাৱিকতে কলা বা মিঠা যদিও জীৱন মণ্ডলৰ ঘৈণীয়েক ৰাখাল দাসীৰ গাৰ বৰণ পকা
থেকেৰাৰ দৰে আছিল । এমূৰ কেঁকোৰা চুলি, আয়ত চকু, জোঙা
নাক, ডালিম গুটীয়া
দাঁত আৰু খামুচীয়া ককাঁলেৰে ৰাখাল দাসীৰ ৰূপৰ খ্যাতি ৰৈ বৈ যোৱা ধৰণৰ আছিল। দৈহিক
গঠন আৰু গাৰ বৰণলৈ লক্ষ্য কৰি কিশোৰী অৱস্থাৰ পৰাই আটায়ে তাইক ৰূপহী বুলি
মাতিছিল। শেষত সেই মাতা নামটোৰেই তাই ৰাখাল দাসীৰপৰা ৰূপহী হৈ পৰিছিল।
এঘাৰ বছৰ বয়সত মাক দেউতাকে ৰূপহীক
জীৱনৰ লগত বিয়া দি উলিয়াই দিছিল। জীৱন এক দুধৰ্ষ ডকাইত দলৰ নেতা আছিল ৷ এবাৰ সি
ডকাইতি কৰিবলৈ গৈ বৰ্ণাৰ খোচ খাই মৃত্যু মুখত পৰে আৰু অকাল বৈধব্যক সাৱটিলৈ
ৰূপহীয়ে মাক-দেউতাকৰ লগত থাকিবলৈ লয় ।
জীৱন মণ্ডলৰ মৃত্যুৰ পাছত তিনি চাৰি
বছৰ কোনো আলৈ আহুকাল হোৱা নাছিল ৷
বয়স বঢ়াৰ লগে লগে ৰূপহীৰ দেহত পূৰ্ণ
যৌৱনে পোহাৰ মেলিলে। ফলত তাইৰ ওপৰত গাঁৱৰ ডেকাচামৰ চকু পৰিল আৰু তাইৰ সান্নিধ্য
পাবলৈ সিহঁত উন্মাদ হৈ উঠিল।
সেই ডেকাচামৰ মাজত জটাধৰ মণ্ডলো এজন
আছিল। সি জীৱন মণ্ডলৰ ভায়েক। ৰূপহীৰ প্ৰতি আকৃষ্ট হৈ আত্মীয়তাৰ গইনালৈ সি সঘনে
ৰূপহীহঁতৰ ঘৰলৈ অহা-যোৱা আৰম্ভ কৰিছিল। ফলত দুয়োৰে মাজত ভালপোৱাৰ সম্বন্ধ গঢ়লৈ
উঠিছিল। অৱশেষত জটাধৰে ৰূপহীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল।
ৰূপহী বা ৰূপহীৰ মাক-দেউতাকৰ সেই
বিয়াত আপত্তি নাছিল। আপত্তি উঠিল সমজুৱাৰ পৰা। বিশেষকৈ ৰূপহীৰ প্ৰতি আসক্ত ডেকাচামৰ পৰা । সিহঁতে
প্রকাশ্যে ঘোষণা কৰিলে যে, জটাধৰৰ
এই অনাচাৰ সহ্য কৰা নহ'ব।
হিন্দু ধর্মত বিধবা বিবাহ নিষেধ। জটাই যদি ধৰ্মৰ বিধান উলংঘা কৰি ৰূপহীক বিয়া
কৰায় তাক সমাজচ্যুত কৰা হ'ব।
ফলত সমজুৱাৰ ভয়ত জটাধৰে ৰূপহীক বিয়া কৰোৱাৰ পৰা বিৰত হ'ব লগা হ'ল।
সময় বাগৰৰ লগে লগে ভৰা বাৰিষাৰ নদীৰ
ঢলৰ দৰে ৰূপহীৰ ৰূপ যৌৱন উথলি উঠিল। তাই নিজেও পুৰুষৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ
উঠিল। গাঁৱৰ ডেকাকেইজনো তাইৰ প্ৰতি অধিক আকৃষ্ট হৈ পৰিল। কিন্তু ৰূপহীৰ দেউতাকো
এজন দুর্ধর্ষ ডকাইত আছিল। গতিকে দেউতাকৰ ভয়ত কোনেও আগবাঢ়ি আহিবলৈ সাহস গোটাবপৰা
নাছিল। আকাশৰ জোনটো চোৱাৰ দৰে আটায়ে দূৰৰ পৰাই ৰূপহীৰ যৌৱন উপভোগ কৰি আছিল। ইফালে
দেউতাকৰ ভয়ত ৰূপহীও পাৰেমানে নিজক সংযত কৰি ৰাখিবলৈ যত্ন কৰিছিল। দেউতাকে তাইক
কঢ়া পহৰাতো ৰাখিছিল৷ কাৰো লগত হলি-গলি কৰিবলৈ নিদিছিল । ফলত সঁজাত বন্দীনি
বাঘিনীৰ দৰে তাই গুজৰি-গুমৰি আছিল । পলাই গৈ দেহোপজীৱিনী হোৱাৰ কথাও কেতিয়াবা
কেতিয়াবা ভাবিছিল তাই।
মনৰ এনেকুৱা এটি সন্ধিক্ষণতে ৰূপহীয়ে
এদিন পানী আনিবলৈ নদীৰ ঘাটলৈ যাওঁতে বাটত জটাধৰক লগ পালে। জটাধৰক দেখি তাইৰ জৈৱিক
ভোক জুইৰ লেলিহান শিখাৰ দৰে জিভা মেলি লক্লকাই উঠিল। সৰ্বশৰীৰত তাই জুইৰ উত্তাপ
অনুভৱ কৰিবলৈ ধৰিলে। সমজুৱাৰ ভয়ত জটাধৰে তাইক বিয়া কৰাব নোৱাৰিলেও তাইৰ প্ৰতি যে, জটাধৰ তেতিয়াও অনুৰুক্ত হৈ আছিল এই
কথাও তাই জানিছিল । তাই আৰু জানিছিল যে, জীৱনত তাইৰ বিয়া নহ'ব ৷
হিন্দু বিধবাৰ বহু মৰ্ম যন্ত্রনা তাই প্রত্যক্ষ
কৰিছে। লোক লজ্জাৰ ভয়ত বহুতো বিধবাই নিজক শামুকৰ দৰে গোটাই ৰাখি জ্বলি পুৰি
মৰিছে। বহুতে আকৌ লোক-লজ্জা, সমাজৰ
ভয় ত্যাগ কৰি নিজক পৰ পুৰুষৰ দুবাহুৰ মাজত সমৰ্পণ কৰি জৈৱিক ভোক চৰিতাৰ্থ কৰিছে ।
তাই জানে যে, তাইৰ
জৈৱিক ভোক নিবাৰণ কৰিবলৈ হ'লেও
তাই অবৈধ উপায়ে অৱলম্বন কৰিব লাগিব । উপযাচিয়ে তাই পণ্য সামগ্ৰীৰ দৰে নিজক পৰ
পুৰুষৰ দুবাহুৰ মাজত সমৰ্পণ কৰিব লাগিব। গতিকে তাই মনে মনে জটাধৰৰ দুবাহুৰ মাজত
ধৰা দিয়াৰ সিদ্ধান্ত ল'লে
। ভবা মতেই তাই জটাধৰক কটাক্ষ কৰি কলে- খবৰ কি তোমাৰ? বহুদিনলৈ তোমাৰ টিকিটোকে দেখা নাই দেখোন? একেবাৰে দেখোন পুৰঠ ডেকাটো হৈ উঠিছা।
জটাধৰ এনেকুৱা এটি সুযোগৰ অপেক্ষাতে
আছিল। গতিকে সি আওঁপকীয়াভাৱে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ক'লে- খবৰ আৰু কি থাকিব ! তুমি জানো
ভালেৰে থাকিবলৈ দিছা ?
ৰূপহীয়ে জটাধৰৰ কথাৰ ইংগিত বুজিও
নুবুজাৰ ভাও জুৰি বিস্ময় প্রকাশ কৰি ক'লে - কিয়? মই
আকৌ কি কৰিলোঁ তোমাৰ ?
ৰূপহীৰ সুৰত
আত্মসমৰ্পণৰ ইংগিত পাই জটাধৰৰ দেহত বিজুলী খেলি গ'ল। স্থান-কাল-পাত্ৰৰ কথা পাহৰি সি ৰূপহীৰ হাতত ধৰি ক’লে- তোমাক নাপালে মই নাবাচো নবৌ। তোমাক
বিয়া কৰাব খুজিছিলোঁ। সমাজে বিধি পথালি দিলে। ব’লনা নবৌ, আমি
ইয়াৰ পৰা পলাই যাওঁগৈ।
প্ৰস্তাৱটো ৰূপহীৰ কাৰণে অৱশ্যেই
লোভনীয় আছিল। তাই নিজেও বহুদিন জটাধৰৰ লগত পলাই যোৱাৰ কথা ভাবিছে। কিন্তু পলাই গৈ
থাকিব ক’ত? খাব কি? পেটৰ ভোকতো প্ৰেমৰ সপোন দেখি নিশ্চুপ হৈ বহি নাথাকে। তাক সময়মতে
দুবেলা দুমুঠি দিবই লাগিব। ভাতেই
যৌৱন। ভাত নাপালে যৌৱন নাথাকে। কামনা বাসনা স্তিমিত হৈ পৰে। গতিকে তাই পলাই যোৱাটো
উচিত নহ'ব বুলি ভাবি
বেলেগ উপায়েৰে যৌৱনৰ কামনা-বাসনা উপভোগ কৰাৰ কথা ভাবিলে।
ৰূপহীয়ে জটাধৰৰ হাতৰ পৰা নিজৰ হাতখন
আলফুলে এৰুৱাই নি ক’লে-
হাত এৰি দিয়া। কোনোবাই দেখিলে বিপদ হ’ব। তাতকৈ কাম এটা কৰিবা । যদি সাহস আছে ৰাতি যাবা।
প্ৰস্তাৱটো জটাধৰৰ কাৰণে লোভনীয় যদিও
এষাৰ কথা ভাবি সি সংকোচিত হৈ উঠিল। তাৰ চকুৰ আগত ৰূপহীৰ দেউতাক হৰি মণ্ডলৰ মুখখন
ভাহি উঠিল। হৰি মণ্ডল একোচা ম’হ
শিঙীয়া গোঁফেৰে দৈত্যৰ দৰে চেহেৰাৰ মানুহ । তাক গাঁৱৰ ডেকামখাই যমৰ দৰে ভয় কৰে।
সি নিজেও ভয় কৰে ভয়ংকৰ হৰি মণ্ডলক ।
সেয়ে জটাধৰে ভয় বিহবল কণ্ঠত ক’লে-কিন্তু তাৱৈয়ে জানিলে দেখোন
দুয়োকে কাটি দুছোৱা কৰিব ৷ তোমাৰ ওপৰত গাঁৱৰ আটাইৰে চকু। একমাত্ৰ তাৱৈৰ ভয়তহে
আটায়ে কাছৰ দৰে হাত ভৰি গোটাই ৰাখিছে।
ৰূপহীয়ে ভেঙুচালি মাৰি ক'লে- থোৱাথোৱা, তোমাৰ ভয়। সাহস আছে যদি যাবা, নহ'লে শাড়ী পিন্ধি ঘৰতে বহি থাকাগৈ ৷ চাও, বাট এৰি দিয়া । মোৰ কাম আছে। এইদৰে
তিৰস্কাৰ কৰি ৰূপহী গুচি গ'ল।
ৰূপহী গুচি যোৱাৰ পাছতো জটাধৰ বহু সময়
আকাশ-পাতাল ভাবি বহি থাকিল। অৱশেষত সি সকলো ভয়-শংকা আঁতৰাই থৈ ৰূপহীয়ে কোৱা ধৰণে
কাম কৰিবলৈ সিদ্ধান্তলৈ ঘৰমুৱা হ'ল।
সেই দিনাৰ পৰাই ৰূপহী আৰু জটাধৰৰ
অভিসাৰ আৰম্ভ হৈছিল । কিন্তু এটা সময়ত সিহঁতৰ সেই অভিসাৰৰ কথা গাঁৱৰ ডেকা মখাৰ
চকুত ধৰা পৰিল। সিহঁতো ৰূপহীৰ সান্নিধ্য পাবলৈ ব্যগ্ৰ হৈ উঠিল। সিহঁতে সুযোগ বুজি
ৰূপহীলৈ বেয়া প্ৰস্তাৱো আগবঢ়াবলৈ ধৰিলে। কিন্তু ৰূপহীয়ে সিহঁতৰ সেই প্ৰস্তাৱ
প্ৰত্যাখান কৰিলে। প্রত্যাখাত ডেকাকেইজনৰ তিনিজনমান ক্ষোভ অপমানত জৰ্জৰিত হৈ উঠিল
৷ হৰি মণ্ডল ঘৰত নথকাৰ সুযোগ লৈ সিহঁতে এৰাতি ৰূপহীক বলপূর্বক ধৰি নিজান পথাৰ
এখনলৈ নি বলাৎকাৰ কৰিবলৈ চেষ্টা চলালে ।
জুলমত খাঁৰ দেউতাক মচলিচ খাঁ তেতিয়া
নীলকুঠিৰ চাহাবৰ চহিচ । সি ঘোঁৰাক দানা-পানী খোৱাই বান্ধিবলৈ যাওঁতে হঠাৎ এটা
ঘোঁৰা তাৰ হাতৰ পৰা মুকলি হৈ চেঁকুৰ মেলিলে। ঘোঁৰাটো ধৰিবলৈ সি ঘোঁৰাটোৰ পাছে পাছে
লৰ মাৰিলে। ঘোঁৰাটোৰ পাছে পাছে লৰি আহি সি নীলকুঠিৰ পৰা অলপ আঁতৰত থকা এখন নিজান
পথাৰ পালেহি।
ফটফটীয়া জোনাক ৰাতি । মচলিচ খাঁই
আঁতৰৰ পৰা লক্ষ্য কৰিলে, তিনি
চাৰিজন মানুহে কিবা এটা বস্তু লৈ টনা আঁজোৰা কৰি আছে ৷
দৃশ্যটো দেখি মচলিচ খাঁ থমকি ৰ'ল। মানুহ কেইজনলৈ লক্ষ্য কৰি সি ধমকিৰ
সুৰত সুধিলে- কোন? কোন
তাত?
মানুহকেইজন আন কোনো নহয় ৰূপহীক ধৰি
অনা ডেকা কেইজনহে আছিল । মানুহৰ উপস্থিতিত ভয় খাই সিহঁতে কোনো উত্তৰ নিদি মনে মনে
থাকিল। মচলিচ খাঁই পুনৰ সুধিলে- কোন তোমালোক? উত্তৰ দিয়া, নহ'লে চাহাবক মাতিম।
ঠাইডোখৰ নীলকুঠিৰ পৰা বেছি নিলগত নহয়।
ইফালে চাহাবো ভয়ংকৰ মানুহ। আটায়ে ভয় কৰে। গতিকে চাহাবৰ ওচৰলৈ যোৱাতো দূৰৰ পৰা
কথা বিশেষ প্রয়োজন নহ'লে
কোনেও চাহাবৰ কুঠিৰ ওচৰলৈকে নাহে। চাহাবে দিনৰ দিনটো বন্দুকলৈ চিকাৰ বিচাৰি ঘুৰি
ফুৰে ৷ ডেকাকেইজনেও জানে চাহাবৰ এই ভয়ংকৰ স্বভাৱৰ কথা। সেয়ে চাহাবৰ কথা শুনি
সিহঁতে ভয়ত ৰূপহীক এৰি থৈ তৰা-নৰা চিঙি দৌৰি পলাল।
মচলিচ খাঁ লাহে লাহে ঠাইডোখৰলৈ আগবাঢ়ি
আহিল । হাত-ভৰি আৰু মুখত কাপোৰ বন্ধা অৱস্থাত সি ৰূপহীক পৰি থকা দেখিলে ৷
ততাতৈয়াকৈ সি ৰূপহীৰ মুখৰ কাপোৰ আৰু হাত-ভৰিৰ বান্ধ খুলি দিলে ।
মচলিচ খাঁই ৰূপহীক চিনিবও পাৰিলে।
সেয়ে সি আথে-বেথে সুধিলে- নবৌ তুমি ?
ৰূপহীয়ে মচলিচ খাঁৰ ভৰিত ধৰি ক'লে- তুমি নাহিলে সিহঁতে আজি মোক
মাৰিয়ে পেলালেহেঁতেন হয়তো। তুমি অহাৰ কাৰণেহে কোনোমতে ৰক্ষা পৰিলো আজি ।
তুমি ইয়ালৈ কেনেকৈ আহিলা? মচলিচখাঁই কৌতুহল প্রকাশ কৰি সুধিলে ।
মই নিজৰ ইচ্ছাত ইয়ালৈ অহা নাই। দেউতা
ঘৰত নথকাৰ সুযোগলৈ সিহঁতে মোক জোৰ-জুলুম কৰি ইয়ালৈ লৈ আহিছে।
মচলিচ খাঁই ৰূপহীক শান্ত্বনা দিয়াৰ
কাৰণে ক'লে- হয় নেকি? ৰ’বা, চাহাবক
কৈ সিহঁতক মই শাস্তি দিয়াম। তুমিতো নিশ্চয় চিনিব পাৰিছা পাষণ্ড কেইটাক ?
হয় পাৰিছোঁ। সুবল, পৰাণ, আৰু পঞ্চানন।
চাহাবৰ আগত নাম কেইটা কৈ দিলেই সিহঁতক
ধৰি আনি চাহাবে সিহঁতক শাস্তি দিব। এইদৰে কৈয়ে মচলিচ খাঁই শংকিত কণ্ঠত সুধিলে-কিন্তু
তুমি এতিয়া কি কৰিবা? ঘৰলৈকে
যাবা, নে চাহাবৰ
তালৈকে যাবা ?
চাহাবৰ কথা শুনি ৰূপহী ৰোমাঞ্চিত হৈ
উঠিল যদিও পাছমুহূৰ্ততে এষাৰ কথা ভাবি তাই শংকিত হৈ উঠিল। তাই চাহাবসকলৰ চৰিত্ৰৰ
কথা জানে ৷ এবাৰ সিহঁতৰ হাতৰ মুঠিলৈ গ'লে সতকাই মুকলি হৈ অহা টান। যৌৱন থাকে মানে সিহঁতৰ কামনাৰ সঁজাত
বন্দী হৈ থাকিব লাগিব। এজন চাহাব বদলি হৈ গ'লে তেওঁৰ পৰিবৰ্ত্তে যিজন চাহাব আহিব তেওঁৰে শয্যা সংগীনি হ'ব লাগিব। যৌৱন থাকে মানে এনেকৈয়ে হাত
বাগৰি থাকিব লাগিব। জীৱন প্ৰাচুৰ্যৰে ভৰিব যদিও স্বাধীনতা নাথাকিব। অৱশ্যে এটা কথা ঠিক যে, চাহাবৰ তালৈ গ'লে কামনা-বাসনা চৰিত্ৰাৰ্থৰ কৰাৰ লগতে
পাপিষ্ঠ কেইজনকো শাস্তি দিব পৰা যাব। কিন্তু প্রতিহিংসা চৰিতাৰ্থ কৰিবলৈ গৈ তাই
নিজৰ স্বাধীনতা বিক্ৰী কৰাটো জানো উচিত হ'ব?
নাৰীৰ বাবে স্বামীৰ বিকল্প নাই। হিন্দু
বিধবাৰ কোনো আশা নাই— আকাংক্ষা
নাই। থাকিলেই পাপ । পাপৰ বাটত ভৰি দিলেই সমাজৰ চকুত পতিতা বুলি বিবেচিত হ'ব লগা হয়। মুছলমান সকলেই ভাল। সিহঁতৰ
সমাজত বিধবা বিবাহত কোনো বাধা নাই। জাত-পাতৰো
কোনো বাধ্য-বাধকতা নাই ৷
এইবোৰ কথা ভাবি ৰূপহীয়ে মচলিচ খাঁক
উদ্দেশ্য কৰি ক'লে-
মচলিচ ভাই, তুমিতো
এদিন মোৰ দেহটো বিচাৰিছিলা । আজি মোৰ দেহটো তোমাক সমপৰ্ণ কৰিলো। মোক তোমাৰ
ঘৰলৈ ব’লা। মই চিৰদিনৰ
কাৰণে তোমাৰ হ'ব
খুজিছোঁ ।
ৰূপহীৰ প্ৰস্তাৱত মচলিচ খাঁ ৰোমাঞ্চিত
হৈ উঠিল। তাৰ তেতিয়া ঘৈণীয়েকো নাছিল । দুবছৰ মান আগতে ঢুকাইছে। তেতিয়ালৈকে সি
বিয়া কৰোৱা নাছিল। তদুপৰি ৰূপহীকো সি এটা সময়ত মনে প্রাণে কামনা কৰিছিল। জীৱন
হাড়ি জীয়াই থকা সময়ৰ এৰাতিৰ এটা ঘটনাৰ কথা তাৰ মনত পৰি গ'ল।
মচলিচ খাঁ নিজেও এজন ডকাইত আছিল। সি
জীৱন হাড়িৰ দলৰে সদস্য আছিল। এৰাতি সি এটা ডকাইতিৰ খবৰ দিবলৈ জীৱন হাড়িৰ ঘৰলৈ
গৈছিল ।
জীৱন হাড়ি সিদিনা ঘৰত নাছিল। কেচৰ
হাজিৰা দিবলৈ সি সদৰলৈ গৈছিল। সিদিনা সি প্রায় দুঘন্টা সময় জীৱন হাড়ি অহালৈ বাট
চাই জীৱন হাড়ীৰ ঘৰতে বহি আছিল। বেলেগ মানুহে দেখিলে সন্দেহ কৰিব পাৰে বুলি ভাবি
সি ঘৰৰ ভিতৰতে বহি আছিল।
আগে পাছেও মচলিচ খাঁ জীৱন হাড়িৰ ঘৰলৈ
বহুবাৰ গৈছিল। গতিকে ৰূপহীযেও তাক ভাল দৰে চিনি পাইছিল। মচলিচ খাঁ জীৱন মণ্ডলতকৈ
বয়সত সৰু। সেয়ে সি ৰূপহীক নবৌ বুলি মাতিছিল আৰু ৰূপহীয়ে তাক মচলিচ ভাই বুলি
মাতিছিল। গতিকে ৰূপহীৰ লগত সুখ-দুখৰ কথা পাতি সি সময়বোৰ পাৰ কৰি আছিল ৷
এবাৰ মচলিচ খাঁই ঠাট্টাৰ চলতে কৈছিল-
নবৌ, তোমালৈ চালে
চায়ে থাকিবৰ মন যায়। তোমাৰ ৰূপহী নামটো সঁচাকৈয়ে সাৰ্থক হৈছে। স্বৰ্গৰ উৰ্বশী, মেনেকাও হয়তো তোমাক দেখিলে হিংসাত
জ্বলি পুৰি মৰিব ৷
পুৰুষৰ প্ৰশংসা নাৰীৰ কাৰণে গৰ্বৰ
বিষয়। ইফালে মচলিচ খাঁৰ প্ৰশংসাযে মাথোন কথাৰ কথা নহয় সেয়াও ৰূপহীয়ে জানে ৷ একমাত্র
মচলিচ খাঁই নহয়। বহুতেই তাইৰ ৰূপৰ প্ৰশংসা কৰে। জীৱনেও তাইৰ ৰূপত মুগ্ধ হৈয়ে
তাইক বিয়া কৰাইছে। জীৱনৰ বাহিৰেও বহুতে তাইক বিয়া কৰাব খুজিছিল। বহুতো ল'ৰাৰ মাকেও তাইক বোৱাৰী হিচাপে পাবলৈ
ইচ্ছা কৰিছিল। সেয়ে ৰূপৰ প্ৰশংসা শুনি শুনি তাই অভ্যস্ত হৈ পৰিছিল। গতিকে তাই
মচলিচ খাঁৰ প্ৰশংসা শুনি মাথোন মিচিকিয়াই হাঁহিলে।
মচলিচ খাঁ ৰূপহীৰ হাঁহিত উৎসাহিত হৈ
পুনৰ ক'লে- তোমাক যদি
এবাৰ মাথোন বুকুতলৈ মৰম কৰিব পাৰিলোহেঁতেন, নিজকে ধন্য মানিলোঁহেঁতেন।
ৰূপহীয়ে কটাক্ষ কৰি ঠাট্টাৰ সুৰত
কৈছিল- ইমানেই ভাল লাগেনে মোক? বাৰু, তোমাৰ ককায়েৰা আহিলে তাক কথাটো ক'ম আৰু তেওঁ অনুমতি দিলে নিশ্চয় এদিন
মৰম কৰিবলৈ দিম।
ৰূপহীৰ কথাত প্রত্যাখানৰ ইংগিত
থাকিলেওঁ তাইৰ মুখমণ্ডলত প্ৰশ্ৰয়ৰ প্রচ্ছায়াও প্ৰচ্ছন্ন আছিল। গতিকে ৰূপহীৰ
কটাক্ষত মচলিচ খাঁৰ কামনাৰ জুই শিখা দপকৈ জ্বলি উঠিছিল। নিজকে সংযত কৰিব নোৱাৰি সি
থাপ মাৰি ৰূপহীৰ হাতত ধৰি পেলাইছিল।
ৰূপহীয়ে কোনো ধৰণৰ বিদ্ৰোহ নকৰাকৈ
শান্তভাৱে নিজৰ হাতখন মচলিচৰ হাতৰ পৰা এৰুৱাই কৈছিল- অবুজ নহ'বা মচলিচ ভাই, মই এজনৰ বিবাহিতা স্ত্ৰী...... তোমাৰ
বন্ধু পত্নী।
ৰূপহীৰ কথাত মচলিচ খাঁৰ কামনাৰ জুই
শিখা স্তিমিত হৈ পৰিছিল। পিঠিত যেন কোনোবাই চাবুকৰ কোবহে মাৰিছে এনেকুৱা উপলব্ধি
কৰিছিল সি। ৰাতিপুৱাৰ কুঁৱলি সূৰ্যৰ তাপত মিলি যোৱাৰ দৰে সিদিনা তাৰ কমনাৰ জুই
শিখা শান্ত হৈ পৰিছিল। অৱশ্যে তাৰ পাছতো সি ৰূপহীৰ প্ৰতি এক ধৰণৰ আকৰ্ষণ অনুভব কৰি
আছিল ৷
ৰূপহীয়ে স্বেচ্ছাকৃত ভাবে ধৰা দিবলৈ
প্ৰস্তাৱ আগবঢ়োৱাত মচলিচ খাঁ ৰোমাঞ্চিত হৈ উঠিল। কিন্তু এষাৰ কথা ভাবি সি শংকিতও
হৈ উঠিল। ৰূপহী হিন্দুৰ বিধবা। তাইক ঘৰলৈ নিলে কেইদিনমান হৈ হট্টগোল হ'ব। এনেকি হিন্দু-মুছলমান মাজত
সাম্প্ৰদায়িক সঘর্ষও হ’ব
পাৰে। অৱশ্যে নীল কুঠি চাহাবৰ বাংলোত উঠিলে এই সমস্যা সমাধান কৰাটো বিশেষ অসুবিধা
নহ'ব। কাৰণ চাহাবক
আটায়ে ভয় কৰে। চাহাব তাৰ পক্ষত থাকিলে সময়ত সকলো ঠিক হৈ যাব ।
সেয়ে প্ৰথমাৱস্থাত কিছু দোধোৰ-মোধোৰত
পৰিলেও শেষত চাহাবৰ কথা ভাবি মচলিচ খাঁই সাদৰে ৰূপহীৰ প্ৰস্তাৱত সন্মতি জনাই ক’লে- মোৰ ফালৰ পৰা আপত্তি নাই। কিন্তু
তোমাৰ মা-দেউতাৰা আছে- সমাজ আছে!
ৰূপহী ক্ষোভত ফাটি পৰিল। ব্যংগ ভৰা
কন্ঠত ক'লে তাই-
মা-দেউতা, সমাজ!
যিখন সমাজে নাৰীৰ মৰ্ম বেদনা উপলব্ধি কৰিব নোৱাৰে, যি মা-দেউতাই সন্তানৰ প্ৰয়োজনৰ কথা উপলব্ধি কৰিব নোৱাৰে, মই নামানো সেই সমাজ, সেই মা-দেউতাৰ কথা । তুমি মোক লৈ ব’লা। দূৰলৈ, বহু দূৰলৈ। মোৰ বুকুত সঞ্চিত মৰম তোমাক
মই অকাতৰে নিবেদন কৰিম। বলা, পলম
নকৰিবা। সিহঁতে পুনৰ আমাক বিচাৰি আহিব পাৰে ৷
মচলিচঁ খাই দাম্ভিকভাবে ক'লে- তুমি আশ্বাস দিলে মই কালৈকো ভয়
নকৰোঁ। তোমাক লৈ মই পলায়ো নাযাওঁ। ইয়াত থাকিয়ে মই তোমাক ধর্মপত্নীৰ মৰ্য্যদা
দিম। ব’লা, বর্তমান আমি চাহাবৰ বাংলোতে উঠোগৈ।
চাহাবৰ বাংলোৰ কথা শুনি ৰূপহী
ম্রিয়মান হৈ পৰিল ৷ আপত্তি কৰি ক'লে
তাই- কিন্তু চাহাবে যদি.........
ৰূপহীৰ বাক্য আধাৰুৱা হৈ ৰ'ল। মচলিচ খাঁই ৰূপহীৰ আপত্তিৰ কাৰণো
উপলব্ধি কৰিব পাৰিলে। তাইৰ আশংকা অমূলকো নহয় ৷ চাহাব সকল নাৰী লোভী। নাৰী দেখিলে
তেওঁলোক হিংস্ৰ হৈ উঠে- মদমত্ত হাতীৰ দৰে জপিয়াই পৰে। সেয়ে মচলিচ খাঁও কিছু
পৰিমাণে চিন্তিত হৈ পৰিল৷
কিন্তু পাছ মুহূর্ততে মচলিচ খাঁৰ মনত
এটা বুদ্ধি খেলালে। সি পৰমৰ্শৰ সুৰত ক'লে- তুমি এটা কাম কৰিব লাগিব। তুমি নিজকে যক্ষ্মা ৰোগী বুলি পৰিচয়
দিবা। যক্ষ্মাৰ কথা শুনিলে চাহাব ভয়ত জিকাৰ খাই উঠিব। তোমাক স্পৰ্শ কৰাতো দূৰৰে
কথা, তোমাৰ ছাঁটোকে
গচকিবলৈ ভয় কৰিব। চাহাবসকলে বীৰৰ দৰে মৰিবলৈ ভয় নকৰে; কিন্তু তিলে তিলে মৰিবলৈ তেওঁলোকে খুব
ভয় কৰে। এই দৰে কৈয়ে মচলিচ খাঁই ৰূপহীক বুকুৰ মাজত সাৱটি ধৰি ক'লে- আজিৰ পৰা তুমি মোৰ, একান্ত ভাৱেমোৰ। মোৰ বুকুৰ পৰা কোনেও
তোমাক কাঢ়ি নিব নোৱাৰে ৷
মচলিচ খাঁৰ বুকুত মূৰ গুজি ৰূপহী এক
মর্মান্তিক মানসিক যন্ত্রনাত ক্ষত বিক্ষত হ'বলৈ ধৰিলে। তাই আবেগ জড়িত কণ্ঠত কঁপা কঁপা মাতেৰে ক'লে- তুমি মোক আশ্রয় দিবলৈ সন্মত হৈছা, গতিকে তোমাক প্ৰতাৰণা কৰিলে নৰকতো মোৰ
ঠাই নহ'ব। আগতে মোৰ কথা
শুনা, তাৰ পাছত তুমি
তোমাৰ সিদ্ধান্ত ল'বা।
মচলিচ খাঁই নিৰুদ্বেগ কন্ঠত ক’লে- কোৱা, তোমাৰ কোনো কথাই বৰ্তমান মোক বিচলিত
কৰিব নোৱাৰে। কোৱা, তুমি
কি ক’ব খুজিছা ?
ৰূপহীয়ে সেমেনা সেমেনি কৰি ক'লে- মই বৰ্তমান সন্তান সম্ভৱা ৷
মচলিচ খাঁই নভবা নিচিন্তাকৈয়ে ক’লে- মই তোমাৰ সেই সন্তানৰ পিতৃত্বৰ
দায়িত্ব ল’ম।
ৰূপহীৰ দৈহিক শুচিতাৰ কথা নাভাবি মচলিচ
খাঁই সিদিনা ৰূপহীক নিজ ঘৰলৈ লৈ আহিছিল।
এইদৰে ঘটনাটো ভাঙিপাতি কৈ দলু মিয়াই
কলে- জুলমত খাঁ আচলতে জটাধৰৰ সন্তান- মচলিচ খাঁৰ সন্তান নহয়। জুলমত খাঁ জাটাধৰৰ
জাৰজ সন্তান।গতিকে তাৰ পৰা কি ভালটো আশা কৰিবা? বাৰু, যি হ'বৰ
হৈ গল, এতিয়া আৰু আফচোচ্ কৰি কি কৰিবা। তুমি মোৰ লগত অসমলৈ ব'লা।অসমলৈ গ'লে শান্তিৰেই বসবাস কৰিব পাৰিবা।
দলু মিয়াৰ সমবেদনাত কলিমুদ্দিনে যেন
পিঠিৰ বিষ নতুনকৈ অনুভৱ কৰিবলৈ ধৰিলে। লাজ-ক্ষোভ-অপমানত তাৰ মুখমণ্ডল বিকৃত হৈ
উঠিল। কোনোমতে সি নিজক সংযত কৰি শান্ত কণ্ঠত ক’লে- যদি বাটে-ঘাটে লগ পাই সি পোন্ধৰ বছৰ আগৰ ঘটনা সোঁৱৰাই দি মোক
মাৰিলেহেঁতেন মোৰ আক্ষেপ নাথাকিলেহেঁতেন। কিন্তু সি কাপুৰুষৰ দৰে সুযোগৰ অপব্যৱহাৰ
কৰাতহে মই বেছি দুখ পাইছোঁ।
দলু মিয়াই কলিমুদ্দিনৰ বেদনাহত মনটোক
শান্ত্বনা দিয়াৰ কাৰণে উপদেশৰ সুৰত ক'লে- কুকুৰৰ কামেই হৈছে কামোৰা। সি এটা কুকুৰৰ বাহিৰেনো আৰু কি? সি ইয়াৰ সমুচিত শাস্তি এদিন নিশ্চয়
পাব। অসমলৈ যাবলৈ আপত্তি নকৰিবা। সংশয় এৰি মোৰ লগত ব’লা ৷ তালৈ গ'লে তোমাৰ সুখেই হ'ব।
ইতিমধ্যে মই সিদ্ধান্ত লৈয়ে পেলাইছোঁ।
কলিমুদ্দিনে দৃঢ় কণ্ঠত কলে- অসমলৈ যোৱাটো খাটাং। মোৰ বৰ্তমান এই অৱস্থা। ঘাঁ
নোশুকোৱালৈকে আপুনি থাকিব লাগিব।
নিশ্চয় থাকিম। এমাহ লাগিলেও মই
থাকিম। দলু মিয়াই আশ্বাস দিলে।
এমাহ নালাগেই। পোন্ধৰ দিনতে ভাল পাই
যাম ।
এনেতে হাফিজাই গৰম পানী লৈ আহিল ৷ তাই
চোতালত পীৰা এখন পাৰি দিলে ৷ কলিমুদ্দিনে বহাৰ পৰা উঠি লাহে লাহে গৈ পীৰাত বহিল।
হাফিজাই আলফুলে গেঞ্জিটো খুলি আতোল-তোলকৈ তেজৰ চপৰাবোৰ গৰম পানীৰে ধুই দিবলৈ ধৰিলে
আৰু কলিমুদ্দিন মূৰে কপালে হাত দি নিৰ্বিকাৰ ভাবে বহি অসমৰ সপোন দেখিবলৈ ধৰিলে।
** ** **
ভবামতে পোন্ধৰ দিন পাছতে কলিমুদ্দিনে
মাটি, লোটা-ঘটি বিক্ৰী
কৰি দলুমিয়াৰ লগত নিজৰ পৰিয়াললৈ অসমলৈ যাত্ৰা কৰিলে ।
সিহঁতে এটা অতি তাৎপৰ্য্য পূৰ্ণ দিনতে
যাত্ৰা আৰম্ভ কৰিছিল । সিদিনা আছিল ৰাখী পূর্ণিমা। সেই বছৰৰ ৰাখি পূর্ণিমাও আছিল
বিশেষ তাৎপৰ্য্য পূর্ণ ।
ইংৰাজী ১৯০৫ চনত লৰ্ড কাৰ্জনৰ নিৰ্দেশ
মৰ্মে বৃহত্তৰ বংগক জৰাসন্ধাৰ দৰে ফালি দুভাগত বিভক্ত কৰা হৈছিল। পূৰ্বংগ আৰু
পশ্চিম বংগ । এই বংগ ভংগ পূৰ্ব বংগৰ মানুহে আদৰি লৈছিল যদিও পশ্চিম ভংগৰ মানুহে
ইয়াৰ বিৰোধিতা কৰিছিল আৰু বংগ ভংগৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিছিল। এই
আন্দোলনৰ গুৰি ধৰিছিল সুৰেন্দ্ৰ নাথ ব্যানার্জী, বিপিন চন্দ্র পাল,
কৃষ্ণ কুমাৰ মিশ্র,
যতীন্দ্ৰ নাথ ঠাকুৰ,
আনন্দ মোহন বসু, ৰবীন্দ্ৰ
নাথ ঠাকুৰকে আদি কৰি কিছু সংখ্যক নমস্য ব্যক্তিয়ে।
এই আন্দোলনৰ অংশ হিচাপে ৰবীন্দ্ৰ নাথ
ঠাকুৰৰ পৰামৰ্শ মৰ্মে ১৯১১ চনৰ ১৬ ডিচেম্বৰৰ দিনটো এক সৰ্বজনীন ৰাখী বন্ধন দিৱস
হিচাপে পালন কৰা হৈছিল আৰু ভ্ৰাতৃত্বৰ বন্ধন সুদৃঢ় কৰিবলৈ হিন্দুই মুছলমানৰ আৰু
মুছলমানে হিন্দুৰ হাতত ৰাখী বান্ধি একাত্মতা প্রকাশ কৰিছিল।
মহচীনৰ বয়স তেতিয়া মাথোন পাচঁবছৰ
আছিল। তথাপিও সেই দিনটোৰ ধুসৰ স্মৃতি জীয়াই থকা দিনলৈকে তেওঁৰ মনত সজীৱ হৈ আছিল।
সিহঁত আহি লালমণিৰ হাট পাওঁতে এজনী সৰু ছোৱালীয়ে তাৰ হাতত ৰাখী বান্ধিছিল। জীয়াই
থকা দিনলৈকে মহচীন হাজীয়ে সেই দৃশ্য পাহৰা নাছিল। বংগ দেশৰ কথা উঠিলে কেতিয়াবা
তেওঁ সেই স্মৃতিৰ কথা মানুহৰ আগত ব্যক্ত কৰিছিল।
লালমণি হাটৰ পৰা ৰে'ল যোগে আহি কলিমুদ্দিনহঁত বৰপেটা ৰোডত
নামি পদব্ৰজে জনীয়ালৈ আহিছিল।
জনীয়া বৰপেটা চহৰৰ পৰা দহ কিলোমিটাৰ
পশ্চিম দিশত অৱস্থিত এখন থলুৱা হিন্দু বসতি প্রধান গাওঁ । জনীয়া নাম সৃষ্টিৰ আঁৰত
এটি মুখৰোচক ঘটনা প্রচলিত আছে-
শংকৰ দেৱৰ নাতিয়েক নাৰায়ণ দাস আতাই
কে’বা শতক আগতে
জনীয়াত এটি সত্র স্থাপন কৰিছিল। এদিন এখন ধর্মীয় সভাত নাৰায়ণ দাস আতাই বৈষ্ণৱ
ধৰ্মৰ গভীৰ তত্বৰ বিষয়ে আলোচনা কৰি থাকোঁতে এজনে কথা কৈ থকাৰ মাজতে আন এজনে কথা
কৈ এক বিশৃংখল পৰিবেশৰ সৃষ্টি কৰিছিল। নাৰায়ণ দাস আতাই মানুহবোৰৰ আচৰণত বিৰক্ত হৈ
ঠাট্টাৰ সুৰত কৈছিল- ইয়াত দেখোন জনে জনে কথা কোৱাৰ অভ্যাস। কোনেওঁ কাৰো কথা শুনাৰ
আহৰি নাই। গতিকে ঠাইখনৰ নাম
জনীয়া থোৱা যাওঁক, নে
কি কয় ভকতসকল ?
নাৰায়ণ দাস
আতাই কৌতুকতে কোৱা সেই জনীয়া নামটোৰেই পৰৱৰ্ত্তী কালত ঠাইডোখৰ জনীয়া নামৰে
জনাজাত হৈ পৰে৷
কলিমুদ্দিনহঁতে বেলি পাটত বহাৰ আগে আগে
আহি জনীয়া পাইছিল ।
দলুমিয়াই জনীয়াৰ পৰা দুই তিনি
কিলোমিটাৰ দক্ষিণ দিশত অৱস্থিত ৰূপাকুছিত বসতি স্থাপন কৰিছিল। ইফালে পথ শ্ৰমত
শান্ত-ক্লান্ত হৈ মহচীন আৰু ফৰিদা একেবাৰে লেউ-সেউ হৈ পৰিছিল। গতিকে খন্তেক জিৰাই
লোৱাৰ উদ্দেশ্যে কলিমুদ্দিনে ক'লে-
ককাইদেউ, ইয়াতে অকণমান
জিৰাই লওঁ। ল'ৰা-ছোৱালীহালো
পথ শ্ৰমত একেবাৰে লেউ-সেউ হৈ পৰিছে । আমিও ভাগৰি পৰিছোঁ। গতিকে খন্তেক জিৰণি লৈ
গাটো আমিও অকণমান টঙাই লওঁ।
দলুমিয়াই পশ্চিমাকাশলৈ চাই উপদেশৰ
সুৰত ক'লে- বেলি পাটত
বহিলেই প্রায় ৷ হাবি তলীয়া লুঙলুঙীয়া বাট । আমি এতিয়াও প্রায় দুমাইল বাট খোজ
কাঢ়িব লাগিব। বাঘ নাথাকিলেও বনৰীয়া ম’হ, গাহৰি, আদিৰ ভয় কম নহয়। গতিকে আমি সোনকালে
যোৱাই উচিত হ'ব।
জিৰাবলৈ গ'লে
পলম হৈ যাব।
মহচীন ক্লান্তিত একেবাৰে লেউ-সেউ হৈ
পৰিছিল। ফৰিদাই তাক মাজে সময়ে কোলাত লৈ আনিছে যদিও মাজে সময়ে সি নিজেও খোজ কাঢ়ি
আহিছে। কলিমুদ্দিন আৰু হাফিজাই লোটা- ঘটি, কাপোৰৰ টোপোলা আদি বৈ আনিব লগা হোৱাত সিহঁতে তেনেকৈ মহচীনক কোলাত লৈ
আনিবপৰা নাই। দলুমিয়ায়ো তাক কান্ধত তুলি আনিছে দুবাৰমান ।
জিৰোৱাৰ কথা শুনি মহচীনে ক'লে- নাই নাই, মই জিৰাম। মোৰ পানী পিয়াহ লাগিছে।
পানী খাম ।
মহচীনৰ পিয়াহ লগাৰ কথা শুনি দলুমিয়াই
অলপ আঁতৰত থকা আহঁত গছ এজোপালৈ আঙুলিয়াই ক'লে- ব’লা, সৌ গছজোপাৰ তলতে বহোঁগৈ।
সিহঁত পোন্ধৰ বিছ খোজ মান আঁতৰত থকা
এজোপা আহঁত গছৰ তললৈ আহি বহি পৰিল। দলুমিয়াই ওচৰৰে অসমীয়া হিন্দু মানুহ এক গিৰিৰ
পৰা এলোটা পানী আনি মহচীনলৈ আগবঢ়াই ক'লে- হুঃ, লোৱা
পানী খোৱা ।
লোটাৰ লগত গিলাচো আছিল । মহচীনে হাত
বঢ়াই লোটাটো লোৱাৰ আগতেই হাফিজাই লোটাৰপৰা গিলাচত পানী বাকি মহচীনলৈ আগবঢ়ালে-
হুঃ, লোৱা ।
মহচীনে ঢক্ঢক্কৈ পানী খাই গিলাচটো হাফিজালৈ
আগবঢ়ালে। হাফিজাই পুনৰ গিলাচত পানী ভৰাই ফৰিদালৈ উদ্দেশ্য কৰি ক'লে- খাবি নেকি?
ফৰিদাৰো পিয়াহ লাগিছিল। এগিলাচ নহয়
তাই দুগিলাচ পানী খালে। পাছত যথাক্রমে কলিমুদ্দিন ও হাফিজায়ো খালে। পানী খোৱা হ'লত দলুমিয়াই লোটা আৰু গিলাচ গৃহস্থক
উভতাই দি আহি ক'লে-
ব’লা, পলম নকৰাই ভাল । এতিয়া যোৱা যাওক ।
হাফিজাই জংঘলবোৰলৈ কৌতুহলেৰে চাই ক'লে- বাট-পথ দেখোন দেখা নাই, কেনেকৈ যাব?
দলুমিয়াই আহত কণ্ঠত ক’লে- জংঘলৰ মাজে মাজে লুঙলুঙীয়া বাট
আছে। আমি সেই বাটেৰেই যাব লাগিব ।
ফৰিদাই ভয়ার্ত কণ্ঠত ক’লে- কিন্তু যদি বাঘ ওলায় ?
দলুমিয়াই দৃঢ় কণ্ঠত ক’লে- এইখিনিত বাঘ নাই। ভয় কৰিব নালাগে।
মহচীন হাবি-জংঘলেৰে ভৰা আচহুৱা
ঠাইডোখৰপলকহীন দৃষ্টিত কৌতুহলেৰে নিৰীক্ষণ কৰি আছিল । বাঘৰ কথা শুনি সি মাকৰ আঁচলত
ধৰি নিজৰ ফালে আকৰ্ষণ কৰি কাণৰ গুৰিলৈ মুখ আনি শিশু সুলভ কৌতুহলেৰে ক'লে- মা, মই বাঘ চাম।
মহচীনৰ শিশু সুলভ চপলতাত লুমিয়াই ৰং
পাই ক'লে-বাঘ চাবা? বাঘ ভয়ানক হিংস্র প্রাণী। গৰু, মহ, মাৰি খায়। কেতিয়াবা মানুহো মাৰে।
মানুহ মৰাৰ কথা শুনি মহচীনে ভয়
মিশ্রিত বিস্ময় প্রকাশ কৰি ক'লে-
মানুহ মাৰে! দেখিবলৈ কেনেকুৱা ?
দলুমিয়াই বাঘৰ আকৃতি বুজাবলৈ দুই হাত
প্ৰসাৰিত কৰি ক'লে-
এই ইমান দীঘল, ইমান
ওখ। দেখিবলৈ ঠিক মেকুৰীৰ দৰে। সেই বাবেই মেকুৰীক বাঘৰ মাহী বুলি কয়। ৰাতি বাঘৰ
নাম ল'ব নাপায় । মামা
বুলি মাতিব লাগে ।
বাঘৰ নিষ্ঠুৰ ও হিংস্ৰ স্বভাৱৰ কথা
শুনি মহচীন ভয় খোৱাৰ পৰিৱৰ্ত্তে সি বাঘ চাবৰ বাবে অধিক কৌতুহলী হৈ উঠিল। উৎসাহিত
কণ্ঠত ক’লে সি- মই বাঘ
চাম। বাঘ থাকে ক’ত?
জংঘলত। কলিমুদ্দিনে বিৰক্তি প্ৰকাশ কৰি
ক'লে- এতিয়া ব’লা, তোমাক মই বেলেগ এদিন বাঘ মামাৰ ওচৰলৈ লৈ যামহি।
আজিয়েই ব’লা। মহচীনে টপৰাই ক'লে।
দলুমিয়াই মহচীনক আভুৱা-ভাঁৰিবলৈ ক'লে- ব’লা, আজিয়েই
তোমাক বাঘ মামাৰ ওচৰলৈ লৈ যাম।
টালি-টোপোলালৈ কলিমুদ্দিনহঁতে পুনৰ
যাত্ৰা আৰম্ভ কৰিলে। মুনিচুনি বেলি সিহঁত আহি দলুমিয়াৰ ঘৰ পালেহি।
** ** **
দলুমিয়াৰ ঘৰখনৰ আটায়ে কলিমুদ্দিনহঁতক
উষ্ম অভ্যর্থনা জনালে। গাঁৱৰ আন কিছুমান মানুহো কলিমুদ্দিনহঁতৰ খা-খবৰ ল'বলৈ আহিল। ফলত দলুমিয়াৰ ঘৰখনত এক উৎসৱ
মুখৰ পৰিবেশ সৃষ্টি হ'ল।
আটায়ে বংগ দেশত আত্মীয়-স্বজন এৰি থৈ আহিছে। গতিকে আটায়ে কলিমুদ্দিন আৰু
দলুমিয়াৰপৰা নিজৰ নিজৰ আত্মীয়-স্বজনৰ খা-খবৰ ল'লে। ইবিধ সিবিধ আলাপ-আলোচনা কৰি দুপৰ ৰাতি আটায়ে ঘৰা-ঘৰি গ'ল। মানুহবোৰৰ উৎসাহ আৰু আত্মীয়তা দেখি
কলিমুদ্দিন আৰু হাফিজাই মনত বল পালে। ফলত মনৰপৰা দুঃশ্চিন্তা বহুখিনি আঁতৰি গ'ল।
পাছদিনা ৰাতিপুৱা দলুমিয়া
কলিমুদ্দিনকলৈ মাটি চাবলৈ ওলাল। গোটেইখন ঠাই নল, খাগৰি, ইকৰা, বিৰিণা আদিৰে ভৰা। মাজে মাজে কিছু কিছু
ঠাইৰ জংঘল কাটি চাফা কৰি মানুহে বসতি স্থাপন কৰিছে। দলুমিয়াহঁতৰ ঘৰখনৰ ওচৰত মুঠতে
পাঁচ ঘৰ মানুহ। আটায়ে মাটিৰ ঢিপৰ দৰে ভেঁটিত খেৰৰ সৰু সৰু জুপুৰি ঘৰ সাজি লৈছে।
ৰাতি এই কেই ঘৰৰ মানুহেই কলিমুদ্দিনহঁতক মাতষাৰ লগাবলৈ গৈছিল। আটায়ে বংগ দেশৰ পৰা
অহা মানুহ। কোনখন কাৰ ঘৰ দলুমিয়াই কলিমুদ্দিনক বুজাই ক’লে।
কলিমুদ্দিনে দৃষ্টি প্ৰসাৰিত কৰি
ঠাইডোখৰত চকু ফুৰালে। পঞ্চাছ ষাঠি বিঘা মাটি জংঘল কাটি মোকলাই লোৱা তাৰ চকুত পৰিল ।
বহাগ মাহ । ধানগছবোৰ মাটিৰ পৰা চাৰি
পাঁচ ইঞ্চি ওপৰলৈ উঠিছে। ধানগছবোৰ বতাহত হালি জালি নাচি আছে। ধানৰ নাচোন দেখি
কলিমুদ্দিনৰ হৃদয়খনো আনন্দত নাচি উঠিল।
কিছুদূৰ আগবঢ়াৰ পাছত দলুমিয়াই এঠাইত
ৰৈ বন জংঘললৈ আঙুলিয়াই ক'লে-তুমি
ইচ্ছা কৰিলে এই ঠাইখিনি জংঘল কাটি মোকলাই ল'ব পাৰিবা। ময়ে মোকলাম বুলি ভাবিছিলোঁ । তুমি আহিলা যেতিয়া তুমিয়ে
মোকলাই লোৱা। মাটিও ভাল । আমাৰ ওচৰতো হ'ব........
কলিমুদ্দিনে হতাশ সুৰত ক'লে- নাই নাই ককাইদেউ, তুমি মোকলাব খুজিছিলা যেতিয়া তুমিয়ে
মোকলাই লোৱা। মোক নহ'লে
বেলেগ এডোখৰ...
দলুমিয়াই বাধা দি ক'লে- চিন্তা কৰিব নালাগে। ইয়াত মাটিৰ
অভাৱ নাই। সৌযে দিগন্ত বিয়পি যোৱা বন-জংঘল দেখিছা আটাইবোৰ মাটি অনাবাদী হৈ পৰি
আছে। তুমি য'ত ইচ্ছা
ত’তেই বসতি স্থাপন
কৰিব পাৰিবা । বিৰিণাত গাঁঠি মাৰিলেই সেই মাটি ডৰাত তোমাৰ দখল বাহাল হৈ যাব। গতিকে
এই মাটিডৰা তুমিয়ে মোকলাই লোৱা। মই ওচৰৰে বেলেগ ক'ৰবাত মোকলাম বাৰু
কলিমুদ্দিনে বিস্মিত কণ্ঠত সুধিলে- এই
মাটিৰ মালিক নাই নেকি? ইমান
মাটি অনাবাদী হৈ পৰি আছে?
দলুমিয়াই ক'লে- এই মাটিৰ মালিক হ'ল চৰকাৰ। এই আটাইবোৰ চৰকাৰী মাটি। খেতি
কৰাৰ বাবে মানুহ নাই। সেইবাবেই তো চৰকাৰে বংগৰ ভূমিহীন কৃষকসকলক ইয়ালৈ আনি আছে।
কলিমুদ্দিনৰ বিস্ময়ৰ সীমা নাই। ইমান মাটি !
সি ইচ্ছা কৰিলেই এইবোৰ মাটিৰ গৰাকী হ'ব পাৰে! ইয়াৰ বাবে কোনো টকা-সিকা দিব নালাগে! মাথোন জংঘল কাটি
মোকলাই ল'লেই হ'ল। যিজন কলিমুদ্দিনে বংগদেশত মাথোন
পাঁচ বিঘা মাটি হ'লেই
নিজকে ধন্য মানিলেহেঁতেন সেইজন কলিমুদ্দিনে ইচ্ছা কৰিলে বিছ, পঞ্চাছ, এশ বিঘা মাটিৰ মালিক হ'ব পাৰে। এয়া কলিমুদ্দিনৰ বাবে বিস্ময়ৰ বাহিৰনো আকৌ কি ?
মাটিৰ গুনাগুণ
যাঁচাই কৰিবৰ বাবে কলিমুদ্দিনে এখামোচ মাটি হাতত তুলি ল'লে। কেঁচা মাটিৰ কোমল সুবাস তাৰ নাকত
লাগিল ।
ছাই বৰণীয়া দোমোজা মাটি। বহুদিন
অনাবাদী হৈ পৰি থকা কাৰণে মাটিৰ সাৰুৱা গুণ বৃদ্ধি পাইছে।
কলিমুদ্দিন দলুমিয়ালৈ চাই নিজৰ মত
ব্যক্ত কৰিলে- যিহেতু ছাই বৰণীয়া দোমোজা মাটি সেয়ে মৰাপাটৰ বাবে খুবেই উপযোগী
হব।
দলুমিয়াই কলিমুদ্দিনক সমৰ্থন কৰি ক'লে- বংগদেশৰ মাটিতকৈ এই মাটিৰ সাৰুৱা
গুণ কোনো গুণেই কম নহয়। ধান, মৰাপাট, সৰিয়হ, মাহ, আদিৰ
বাবে এই মাটি যথেষ্ট উপযোগী। যোৱাবাৰ মই এবিঘা মৰাপাটৰ খেতি কৰিছিলোঁ। এবিঘা মাটিত
মই ন মোন মৰাপাট পাইছিলোঁ। যদি মাটি পছন্দ হৈছে দুই চাৰি দিনৰ ভিতৰতে জংঘল কাটিবলৈ
আৰম্ভ কৰি দিয়া । কোৰ মাৰি দুই চাৰি বিঘা মাটিত ধান সিঁচিব পাৰিলেই গোটেই বছৰ
খোৱাৰ জোখাৰে ধান পাই যাবা ।
কলিমুদ্দিনে মাটি চুই কপালত হাত স্পৰ্শ
কৰি সেৱা জনাই কলে- বাৰু, আপুনি
কৈছে যেতিয়া ললোঁ। কাইলৈৰ পৰাই কামত লাগি যাম।
ব’লা, আমি
আৰু অলপ ঘূৰি-পকি চাওঁগৈ৷
দুয়ো আগবাঢ়িল। কিছুদূৰ অহাৰ পাছত
সিহঁত এডোখৰ ওখ ঠাইত উপস্থিত হ'ল।
ঠাইডোখৰ অপেক্ষাকৃত ওখ। মাটিও
বালিচহীয়া। উলুখেৰেৰে ভৰা। ঠায়ে ঠায়ে বিক্ষিপ্তভাবে বিৰিণাবন গজি আছিল। অলপ আগতে
চাই অহা মাটিৰ তুলনাত মাটি ডাৰ সাৰুৱা গুণো কম। ঠাইডোখৰ ওখ আৰু বালিচহীয়া হোৱাৰ
নিশ্চয় কিবা কাৰণ আছে বুলি কলিমুদ্দিনৰ উপলব্ধি হল।
সেয়ে সি কৌতুহল নিৰসন কৰিবলৈ
দলুমিয়াক উদ্দেশ্য কৰি সুধিলে- ককাইদেউ, ঠাইডোখৰ এনেকুৱা বালিচহীয়া আৰু ওখ হোৱাৰ কাৰণ কি?
দলুমিয়াই কলিমুদ্দিনৰ কৌতূহল নিসন
কৰিবলৈ ক'লে- ইয়াৰ থলুৱা
মানুহে কোৱামতে চৈধ্য পোন্ধৰ বছৰ মান আগত ইয়াত ডাঙৰ ভুমিকম্প হৈছিল। ভুমিকম্পৰ
ফলতে এনেকুৱা অৱস্থা হৈছে হেনো। সেই ভুমিকম্পৰ ফলত হেনো বহু ধন-জনো ক্ষতি সাধন
হৈছিল।
কলিমুদ্দিনে হতাশ কণ্ঠত সুধিলে- এনেকুৱা
ভূমিকম্প মাজে সময়ে হয় নেকি ইয়াত?
ভূমিকম্প অৱশ্যে হয়, সেই বুলি এনেকুৱা ডাঙৰ নহয়। সৰু-সুৰা
জোকাৰণি অৱশ্যে বছৰত দুই চাৰিবাৰ অনুভূত হয়। সেই জোকাৰণিত কোনো ক্ষয় ক্ষতি নহয়।
আমি অহাৰ পাছতো দুবাৰমান ভুমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। দলুমিয়াই কথাৰ প্ৰসংগ সলনি
কৰিবলৈ কলে- বাদ দিয়া সেইবোৰ। ভয়ৰো কোনো কাৰণ নাই। বংগ দেশতো ভুমিকম্প হয়। আদিম
কালৰ পৰাই মানুহে প্ৰকৃতিৰ লগত যুঁজি যুঁজিয়েতো জীয়াই আছে। তুমি আজি ভাটিবেলা
আহি ইয়াৰ পৰা খেৰ কাটিবা, ঘৰৰ
ছাউনী দিবৰ বাবে। ব’লা, আমি এতিয়া কৰিম বেপাৰীৰ তালৈকে যাওঁ।
তেওঁৰ লগত তোমাক পৰিচয় কৰাই দিওঁগৈ। আমি আটায়ে তেওঁক মাতবৰ পাতিছোঁ। জংঘল কটাৰ
আগতে আমি তেওঁৰ লগত আলোচনা কৰিব লাগিব ।
মাতবৰৰ কথা শুনি কলিমুদ্দিন আহত হ'ল। জুয়ে পোৰা গৰুই ৰঙা মেঘ দেখি ভয়
খোৱাৰ দৰে কলিমুদ্দিনৰ মনতো ভয়ৰ সঞ্চাৰ হ'ল । কাৰণ বংগ দেশত সি মাতবৰ আৰু ধনী মহাজন সকলৰ দৌৰাত্মত নানা
জীয়াতু ভূগি আহিছে। সেয়ে সি মাতবৰৰ কথা শুনি ভয় বিহ্বল দৃষ্টিত দলুমিয়াৰ ফালে
চালে।
দলুমিয়াই কলিমুদ্দিনৰ দৃষ্টিৰ অৰ্থ
বুজিব পাৰি ভৰসা দিয়াৰ কাৰণে ক'লে – নাই নাই, ভয়ৰ কোনো কাৰণ নাই। বংগৰ দৰে ইয়াত মাতবৰৰ আধিপত্য নাই। কৰিম বেপাৰী
মানুহজন বয়স্ক। সহজ সৰলো ৷ দহ বছৰ মান আগতে আহিছে। আগতে জাহাজৰ খালাচী আছিল ।
তেৱেঁ ইয়ালৈ অহা প্ৰথম মানুহ। সমাজ পাতি থাকিবলৈ হ'লে এজন মুৰব্বী লাগে দিয়াচোন৷ গতিকে বয়োবৃদ্ধ বুলি তেওঁকে মুৰব্বী
পাতি লৈছোঁ ৷ য'ৰ
পৰা ইচ্ছা ত’ৰে
পৰা তুমি মাটি ল'ব
পাৰিবা । মাতবৰে কোনো হকা-বধা
নকৰে । শ শ বিঘা মাটি পতিত পৰি আছে। খেতি-বাতি কৰাৰ মানুহ নাই । গতিকে নতুন মানুহ
আহিলে আটাইয়ে ভালেই পায়। বেয়া পোৱাতো দূৰৰ কথা । কালি জনীয়াত যে আমি থলুৱা
অসমীয়া মানুহৰ বসতি দেখি আহিলোঁ সিহঁতেও পাৰে মানে সহায় সহযোগিতা কৰে। অধিক মানুহ
অনাৰ বাবে উৎসাহিতও কৰে সিহঁতে ।
দুয়ো কথা পাতি পাতি আহি কৰিম বেপাৰীৰ
ঘৰ পালেহি ।
কৰিম বেপাৰী বাৰাণ্ডাত বহি হোকা হুপি
আছিল। বয়োবৃদ্ধ মানুহ। দাঢ়ি চুলি পকা। গাৰ ছাল শোতোঁৰা। মুখমণ্ডলত এক ধৰণৰ
প্রসন্নতা বিৰাজ কৰি আছিল।
কৰিম বেপাৰীয়ে দলুমিয়াক দেখি আথে-বেথে
সুধিলে- আৰে, দলু
বোপা দেখোন। দেশৰ পৰা কোন দিনা আহিলা ? আহা। এইদৰে কৈয়ে কলিমুদ্দিনলৈ সপ্রশংস দৃষ্টিত চাই সুধিলে- এওঁ কোন ? নতুন যেন লাগিছে।
দলুমিয়াই বাৰাণ্ডালৈকে আগবাঢ়ি আহি ক'লে- আমি কালি সন্ধিয়া আহি পাইছোহি।
এইদৰে কৈয়ে সি কলিমুদ্দিনলৈ আঙুলিয়াই ক'লে - এওঁ মোৰ মহাৰ ল'ৰা
কলিমুদ্দিন। ময়ে লৈ আহিছোঁ।
কৰিম বেপাৰীয়ে কলিমুদ্দিনৰ ভৰিৰপৰা
মূৰলৈকে দৃষ্টি বুলাই ক'লে-
অগজৰ ছলিম ভাইৰ ল'ৰা
নেকি? আৰে, তোমাক মই চিনিবপৰা নাই। তোমাৰ মাতামহৰ
ঘৰ দেখোন আমাৰ কাষৰীয়া গাঁৱখনতে আছিল। সৰুতে দেখোন তোমাক মই কোলাতো লৈছোঁ ৷ আমাৰ
ঘৰ ধানকোৰাত আছিল। আহা বহাহি।
দুয়ো বাৰান্দাত পাৰি থোৱা নলেৰে সজা
ঢাৰিত বহিল ৷ কৰিম বেপাৰীয়ে কলিমুদ্দিনলৈ চাই সুধিলে-পিছে, কোৱাচোন দেশৰ খা-খবৰ কি ? চাবলৈ আহিছা নে একেবাৰে থাকিম বুলিয়েই
আহিছা ?
কলিমুদ্দিনে উত্তৰ দিয়াৰ আগতেই
দলুমিয়াই ক'লে-
নাই নাই, চাবলৈ অহা নাই।
থাকিম বুলিয়েই আহিছে। পিছে, মোৰ
লগতে মাটি দিম বুলি ভাবিছোঁ। মাটি দেখুৱাইয়ো আনিলো। পছন্দও হৈছে।
কৰিম বেপাৰী উৎসাহিত হৈ ক'লে- তেওঁ য'ৰ পৰা বিচাৰে ত’ৰে পৰাই দিবা। ইচ্ছা কৰিলে আমাৰ ইয়াৰ
পৰাও ল'ব পাৰিব ।
কলিমুদ্দিনে কৃতজ্ঞতা প্রকাশ কৰি ক'লে- আপোনাৰ সহানুভূতিৰ বাবে ধন্যবাদ।
ককাইদেউৰ ওচৰৰ পৰাই ল'ম
বুলি ভাবিছোঁ। মাটিও পছন্দ হৈছে।
বাৰু, তোমাৰ য'ৰ
পৰা ইচ্ছা তাৰে পৰা ল’বা।
কোনেও হকা-বধা নকৰে। প্ৰথম বছৰ অৱশ্যে কিছু কষ্ট হ'ব। পাছত সকলো ঠিক হৈ যাব। এইদৰে কৈয়ে কৰিম বেপাৰীয়ে ঘৰৰ ফালে মুখ
কৰি ৰিঙিয়াই মাতি ক'লে-
হেৰা, চাই যোৱাচোন কোন
আহিছে।
ঘৰৰ ভিতৰৰ পৰা কৰিম বেপাৰীৰ ঘৈণীয়েক
খুদেজা দীঘল ওৰণি টানি ওলাই আহিল। বয়স সত্তৰৰ ওপৰত। বয়সৰ ভৰত দেহ কিছু কুঁজা হৈ
পৰিছে। বাৰাণ্ডালৈ ওলাই আহি তাই দীঘলকৈ ওৰণি টানি থিয় হ'ল।
ইমান দীঘলকৈ ওৰণি টানিব নালাগে।
ধানকোৰাৰ ছলিম খুৰাৰ নাতি কলিমুদ্দিন। কৰিম বেপাৰীয়ে পৰিচয় কৰাই দিলে।
খুদেজাই ওৰণিৰ ফাঁকেৰে কলিমুদ্দিনলৈ
চাই ওৰণি কিছু কমাই ক'লে-
হয় নেকি? বহুদিনৰ
কথা চিনিম কেনেকৈ ! সৰুতে মাকৰ লগত ককাকহঁতৰ ঘৰলৈ অহা যোৱা কৰোঁতেহে দেখিছিলোঁ।
যোৱা, বোৱাৰীক তামোল দি পঠিয়াই দিয়াগৈ। কৰিম বেপাৰীয়ে ক'লে।
তুমি বহাদেই। মই তোমালোকৰ কাৰণে তামোল লৈ আহি আছোঁ এই
দৰে কৈ খুদেজা ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
দলুমিয়াই সুধিলে- তালেবৰৰ কোনো খা-খবৰ
নাপালে নেকি, খুৰা
?
কৰিম বেপাৰীয়ে বিৰক্তি প্রকাশ কৰি ক'লে- নাই, পাষণ্ডৰ কথা নক'বা।
তাৰ কোনো খবৰে নাই। জে'লৰ
পৰা ওলাই আহি দুদিনমান ঘৰত আছিল। তাৰ পাছত গ'ল যি গ’লেই।
প্রায় এবছৰ হ'ল
সি ঘৰৰ পৰা ওলাই যোৱা । তাৰ পৰিয়াল এতিয়া ময়ে পুহিব লগা হৈছে।
কৰিম বেপাৰীৰ কথাত ৰহস্যৰ গোন্ধ পাই
কলিমুদ্দিনে কৌতুহলী দৃষ্টিত দলুমিয়াৰ ফালে চালে।
দলুমিয়াই কলিমুদ্দিনৰ দৃষ্টিৰ অৰ্থ
বুজিব পাৰি ক'লে-
তালেবৰ, খুৰাৰ ডাঙৰ
পুতেক। বেয়া সংগত পৰি সি একেবাৰে উছন্ন গৈছে। তোমাক তাৰ বিষয়ে এদিন কম বাৰু।
লাজ-অপমানত জৰ্জৰিত কৰিম বেপাৰীয়ে
পুতেকৰ প্রতিক্ষোভ প্রকাশ কৰি ক'লে-
পাষণ্ডৰ কাৰণেই লোক সমাজত মুখ উলিয়াব নোৱাৰা হৈছোঁ। বোৱাৰীৰ মুখৰ ফালে চালে
অন্তৰখন হাহাকাৰ কৰি উঠে। তাইৰ মুখৰ ফালে চাই কথা ক'ব নোৱাৰোঁ। অপৰাধ বোধে হিয়াখন সংকোচিত কৰি তোলে । ময়ে তাইৰ জীৱনটো
নষ্ট কৰিলোঁ । তিনি বছৰীয়া নাতিনী এজনী আছে। ফুটফুটীয়া। থুনুক থানাককৈ কথা ক'ব পৰা হৈছে। দেউতাকৰ কথা সুধি তাই মোক
ব্যতিব্যস্ত কৰি থাকে। কেতিয়াবা খঙত তাইৰ দেউতাৰা মৰিল বুলি থমকি দি খেদি পঠাওঁ। এইদৰে ক্ষোভ
উজাৰি কলিমুদ্দিনক উদ্দেশ্য কৰি ক'লে-তোমাৰ মামীয়েৰা ......বাৰু তোমাক মই ভাগিন বুলিয়েই মাতিম, নে কি কোৱা? তোমাৰ নানাজান মোৰ সম্বন্ধীয় খুৰা
আছিল । আমি খুৰা বুলিয়ে মাতিছিলোঁ। সেই সম্বন্ধ ধৰিলে তুমি মোৰ ভাগিনেই দিয়াচোন
। কি কৈছিলো? অ!
মনত পৰিছে। তোমাৰ মামীয়েৰাই সেই পাষণ্ডৰ কথা ভাবি ভাবিয়ে মৰিব। যিমান পাষণ্ডই
নহওঁক কিয়, হেজাৰ
হ'লেও পেটত ধৰিছে
দিয়াচোন। অসৎ সন্তানৰ প্ৰতিয়ে মাক-বাপেকৰ মৰম বেছি থাকে।
কৰিম বেপাৰী আবেগিক হৈ উঠিল। তেওঁ আৰু
বহু কথাই ক'লেহেঁতেন
৷ হয়তো, এনেতে এখন
গামলাত মুৰিলৈ ওঠৰ উনৈশ বছৰীয়া এজনী তিৰোতা মানুহ ওৰণি টানি ঘৰৰ ভিতৰৰপৰা
বাৰাণ্ডালৈ ওলাই আহিল। তিনি চাৰি বছৰীয়া ফুটফুটীয়া ছোৱালী এজনীয়ে তাইৰ আঁচল ধৰি
আছিল। ছোৱালীজনী দেখাত মৰম লগা। কলিমুদ্দিনৰ বুজিবলৈ বাকী নাথাকিল যে, তিৰোতাজনী তালেবৰৰ ঘৈণীয়েক আৰু
ছোৱালীজনী তাৰেই জীয়েক।
তিৰোতাজনীয়ে মুৰিৰ গামলা দলুমিয়াৰ
সন্মুখত নমাই থৈ ক’লে-
আম্মাজানে পঠিয়াই দিলে। খাওঁক ।
এইদৰে কৈয়ে তিৰোতাজনী ঘৰৰ ভিতৰলৈ
সোমাই গ'ল আৰু ছোৱালীজনী
আহি কৰিম বেপাৰীৰ কোলাত বহিল।
কৰিম বেপাৰীয়ে হুমুনিয়াহ কাঢ়ি ঘৰৰ
ভিতৰ ফালে আঙুলিয়াই ক'লে-
সেইজনীয়ে বোৱাৰী। কোলাত বহা ছোৱালীজনীলৈ আঙুলিয়াই ক'লে- এইজনীয়ে নাতিনী। নাম নুৰবানু।
এইদৰে বোৱাৰী আৰু নাতিনীয়েকৰ পৰিচয় দি ক'লে- খোৱা, মুৰি
খোৱা, কিহেৰেনো আপায়ন
কৰিম! মুৰিকে খোৱা আৰু ।
কলিমুদ্দিনে সেমেনা সেমেনি কৰি কলে-
আপুনি মানে........... আমি অকলে খাম নেকি?
একো নহয়, তোমালোকে খোৱা। মই অলপ আগতে খাইছোঁ।
আমি খাম আৰু আপুনি বহি থাকিব নেকি? দলুমিয়াই খাবলৈ ইতস্ততঃ কৰি ক'লে ৷
তোমালোক খোৱাচোন। মই তামোল এচালিকে
চোবাম বাৰু। এইদৰে কৈয়ে বেপাৰীয়ে ঘৰৰ ভিতৰলৈ উদ্দেশ্য কৰি মাতি ক'লে- বোৱাৰী, মোৰ কাৰণে তামোল এচালি লৈ আহাচোন ৷
কলিমুদ্দিনে নুৰবানুলৈ উদ্দেশ্য কৰি ক'লে – মাজনী আহা, তুমিয়ে
আমাৰ লগত খোৱাহি।
নুৰবানুই টপৰাই ক'লে- মই খাইছোঁ। আপোনালোকে খাওঁক ।
** ** **
দলুমিয়াৰ পৰামৰ্শমতে কলিমুদ্দিনে
পাছদিনাৰ পৰাই ঘৰ সজাৰ কামত লাগি গ'ল ৷
সি নল, ইকৰা, আৰু বিৰিণাৰে এসপ্তাহৰ ভিতৰতে ঘৰ এটা
সাজি উলিয়ালে। ঘৰটো সজাৰ ক্ষেত্ৰত দলুমিয়া আৰু দলুমিয়াৰ পুতেক জালালে পাৰে মানে
তাক সহায় কৰিলে।
ঘৰটো সজা হ’লত দলুমিয়াই প্ৰথম দিনা দেখুৱাই দিয়া
মাটি ডৰাত কিছু জংঘল কাটি মোকলাই গাঁৱৰ মানুহৰ সহযোগত নতুনকৈ সজা ঘৰটো তাত স্থাপন
কৰিলে। ইকৰাৰে বেৰ দিয়াৰ কামো সম্পন্ন হ'ল। পাছদিনা ঘৰৰ ভেটিত মাটি দিয়া হ'ল। হাফিজাই জীয়েক ফৰিদাৰ লগত লগ লাগি সিদিনাই লেপা-মোচাৰ কাম
সম্পন্ন কৰিলে। তাৰ পাছত শুভ দিনবাৰ চাই কলিমুদ্দিনে ল'ৰা-ছোৱালীহাল লৈ নতুনকৈ সজা ঘৰলৈ আহিল।
ঘৰলৈ অহাৰ দিনাখনে কলিমুদ্দিনে এগৰাকী মুঞ্চীৰ লগতে দলুমিয়া, কৰিম বেপাৰীকে আদি কৰি গাঁৱৰ সাত আঠজন
মান মানুহ মাতি দৰূদ চৰিফ পাঠ কৰালে।
নতুন ঘৰলৈ অহাৰ পাছদিনাৰ পৰাই
কলিমুদ্দিনে জংঘল কাটি মাটি মোকলাবলৈ লাগি গ'ল। এই ক্ষেত্ৰত ঘৈণীয়েক হাফিজা আৰু জীয়েক ফৰিদাই স্বতঃস্ফূর্ত ভাৱে
তাক সহায় কৰিবলৈ ধৰিলে।
বন জংঘল কাটি যিমান মাটি মোকলাব পাৰিব
গোটেইখিনি মাটিয়ে সিহঁতৰ হ'ব!
সিহঁত মাটিৰ গৰাকী হ'ব!
সিহঁতৰ মাটিৰ অভাৱ নাথাকিব। ভাতমুঠিৰ চিন্তা নোহোৱা হ'ব। পেট পূৰাই খাবলৈ পাব। এইবোৰ কথা
ভাবি সিহঁতে দেহত নতুন বল পালে আৰু মনত উৎসাহৰো সঞ্চাৰ হ'ল। মূৰৰ ঘাম মাটিত পেলাই সিহঁতে
হাড়ভগা পৰিশ্ৰম কৰিবলৈ ধৰিলে।
বংগ দেশত থাকোঁতেও অৱশ্যে হাফিজা আৰু
ফৰিদাই কলিমুদ্দিনক খেতিৰ কামত সহায় কৰিছিল। কিন্তু সেই মাটি সিহঁতৰ নিজৰ নাছিল।
সেই মাটিৰ গৰাকী আছিল মহাজনসকল। সেই মাটিত মূৰৰ ঘাম ভৰিত পেলাই উৎপাদন কৰা শস্যৰ তিনিভাগৰ
দুভাগ মহাজনৰ ভঁৰাললৈ বৈ নি জমা কৰি দি আহিব লাগিছিল। মাথোন এভাগহে সিহঁতে পাইছিল।
সিহঁতে যেতিয়া জানিলে যে, সিহঁতে
যিমান মাটি মোকলাব পাৰিব গোটেইখিনি মাটিয়ে সিহঁতৰ নিজৰ হ'ব। সেই মাটিৰ শস্যৰ অংশ কাকো দিব
নালাগিব। যিখিনি শস্য উৎপাদন কৰিব আটাইখিনিয়ে সিহঁতৰ থাকিব। এই কথাই সিহঁতক অধিক
উৎসাহিত কৰি তুলিলে। পাঁচবছৰীয়া শিশু মহচীনেও পাৰেমানে মাক-দেউতাকক
স্বতঃস্ফূর্ত ভাবে সহায় কৰিবলৈ ধৰিলে।
দিনে-নিশাই কৰা অক্লান্ত পৰিশ্ৰমৰ
অন্তত পোন্ধৰ দিনৰ ভিতৰতে কলিমুদ্দিনহঁতে পাঁচবিঘা মাটি জংঘল কাটি মোকলালে।
জংঘলবোৰ শুকোৱাৰ পাছত এদিন জুই লগাই দিলে। লেলিহান শিখা মেলি জুই জ্বলি উঠিল। সেই
জুয়ে জংঘল পুৰি ছাই কৰাৰ সমান্তৰালভাবে কলিমুদ্দিনহঁতৰ দুৰ্ভাগ্যও যেন পুৰি ছাই
কৰিবলৈ ধৰিলে।
এটা সময়ত জংঘল পুৰি ছাইৰ স্তুপত পৰিণত
হ'ল আৰু পোৰা ছাইৰ
মাজে মাজে নল, খাগৰি, ইকৰা, বিৰিণাদিৰ মূঢ়াবোৰ ওলাই পৰিল ৷
কলিমুদ্দিনে দুগুণ উৎসাহেৰে সবল হাতেৰে
কোৰ মাৰি মূঢ়াবোৰ তুলিবলৈ লাগি গ'ল।
তাৰ গাৰপেশীসমূহ ফুলি ফুলি উঠিল। হাড়ৰ জোৰা টন্টনাবলৈ ধৰিলে। মূৰৰ ঘাম আহি ভৰি
স্পৰ্শ কৰিলে। ঘামৰ টোপালবোৰ মূৰৰপৰা বৈ আহি মুখত লাগিল। মুখৰপৰা জিভা স্পৰ্শ কৰিলে। ঘামৰ লুণীয়া
সোৱাদে কলিমুদ্দিনৰ দেহমন পুলকিত কৰি তুলিলে। দেহত নতুন উদ্যম আৰু বল পালে।
কলিমুদ্দিন ক্লান্তিত ভাগৰি পৰিলে হাফিজা আৰু ফৰিদায়ো কোৰ মাৰি মূঢ়াবোৰ তোলাত
সহায় কৰিবলৈ ধৰিলে। দলুমিয়া, কৰিম
বেপাৰী সমন্বিতে চুবুৰীয়া দুই চাৰিজনে মাজে মাজে আহি দিহা পৰামৰ্শৰ লগতে উৎসাহিত
কৰিবলৈ ধৰিলে।
এদিন দলুমিয়াই হাফিজালৈ উদ্দেশ্য কৰি
পৰামৰ্শ আগবঢ়ালে- বোৱাৰী, তোমালোকে
মূঢ়াবোৰ বৈ নি এঠাইত জমা কৰাহি। খেতিও চাফা হ'ব আৰু লগতে ভেঁটিটোও বন্ধা হ'ব। বাৰিষাৰ আগে জপুৰিটো নি ভেঁটিৰ ওপৰত তোলাৰ ব্যৱস্থা কৰিব লাগিব ।
দলুমিয়াৰ পৰামৰ্শ মতেই হাফিজা আৰু
ফৰিদাই মূঢ়াবোৰ বৈ নি এঠাইত জমা কৰিবলৈ ধৰিলে। মহচীনেও পাৰেমানে সিহঁতৰ লগত হাত
উজান দিলে।
সচাকৈয়ে কেইদিনমানৰ ভিতৰতে মূঢ়াবোৰ দ'ম হৈ এটা ভেঁটিৰ আকাৰ ল'লে।
খেতিৰ মাটি মোকলোৱাৰ সমান্তৰালভাবে
ভেঁটিও বন্ধা হ'ল।
তেতিয়া প্ৰয়োজন হৈ পৰিল গৰু আৰু নাঙলৰ।
নাঙলেই কৃষকৰ সম্বল। কৃষকৰ প্ৰধান
অস্ত্র। নাঙলৰ ফালেৰে মাটিৰ কোমল বুকু চিৰাচিৰ কৰি ধূলিয়ৰি কৰি বসুমতীক জগাই
তুলিব লাগে। ধূলিয়ৰি মাটিতবীজ সিঁচিলে বসুমতীৰ বুকুৰ উম আৰু ৰস চয়ন কৰি বীজে
অংকুৰ মিলে। গছ গজি উঠে। বসুমতীৰ বুকুৰ ৰস আহৰণ কৰি গছবোৰ লহপহকৈ বাঢ়িবলৈ ধৰে।
এটা সময়ত বসুমতীৰ বুকু সেউজ শ্যামল হৈ উঠে। ধানগছবোৰ চঞ্চল কিশোৰীৰ দৰে হালিজালি
নাচে। বতাহত ঢৌখেলে। সেই নাচোন দেখি কৃষকৰ বুকু ভৰে। চকু জুৰায়। বুকুত আশাৰ সপোন
নাচে। ধানৰ নাচোন দেখি কৃষকে পৰিশ্ৰমৰ ক্লান্তি পাহৰে........ দুখ ভাগৰ পাহৰে ।
কলিমুদ্দিনে এদিন দলুমিয়াক লগ ধৰি ক'লে- ককাইদেউ, কোৰ মৰাৰ লগে লগে মাটিৰ চপৰাৰে ভেঁটিও
বন্ধা হ'ল। এতিয়া হাল
বোৱাৰ প্ৰয়োজন। গৰু আৰু নাঙল নহ'লে
হাল বাম কেনেকৈ?। আপুনি কিবা এটা
কৰক ৷
দলুমিয়াই ক'লে- নাঙল অৱশ্যে মোৰ আছে। গৰুলৈহে
চিন্তা। এইদৰে কৈ সি ভ্ৰযোৰ কোঁচাই কিছুপৰ ভাবি ক'লে- বাৰু, গৰুও
যোগাৰ হৈ যাব। উদ্ধৱ মহাজনৰ পৰা ল'ব
লাগিব। খেতি চপোৱাৰ পাছত
অৱশ্যে প্ৰতিটো গৰুৰ কাৰণে এমোনকৈ ধান দিব লাগিব। আজি বেলি পৰি আহিছে। সেয়ে আজি
থাকক। কাইলৈ যাম বাৰু।
কলিমুদ্দিনে চিন্তিত কণ্ঠত ক’লে- যদি মহাজনৰ তাত গৰু পোৱা নাযায় তেতিয়া
কি কৰিব?
দলুমিয়াই দৃঢ় কন্ঠত ক’লে- নিশ্চয় পোৱা যাব। নিজৰ নাথাকিলেও
কিনি হ'লেও মহাজনে গৰু
যোগাৰ কৰি দিব। মানুহজন ভাল। কোনো ভেদ ভাৱ নাই। হিন্দু-মুছলমানৰো কোনো প্রভেদ
নকৰে। মই প্ৰথমবাৰ অহাৰ সময়ত তেওঁৰ পৰাই গৰু লৈছিলোঁ। মোক ধানো দিছিল। সেই ধানৰ
কোনো সুতো লোৱা নাছিল । আচলতে মানুহজনে পৰোপকাৰ কৰি ভাল পায়। গতিকে তুমি নতুনকৈ
অহা বুলি শুনিলে যেনেকৈয়ে হঁওক গৰু যোগাৰ কৰি দিবই।
দলুমিয়াৰ পৰা আশ্বাস পাই কলিমুদ্দিনৰ
চকুযোৰ আনন্দত উজলি উঠিল। ক'লে
সি- এটা গৰু হ'লেই
হ'ব। বংগৰ পৰা
অহাৰ সময়ত গাই এজনী বিক্ৰী কৰি আহিছোঁ। আপোনাৰ কৃপাত সেই টকা এতিয়াও হাতত জমা
আছে। সেই টকাৰে এজনী গাই কিনি দিয়ক আৰু মহাজনৰ পৰা এজনী লৈ দিয়ক।
কলিমুদ্দিনে গাই কিনাৰ কথা কোৱাত
দলুমিয়া কিছু পৰিমাণে হতাশ হ'ল। কাৰণ অনাবাদী ছন
পৰা মাটিত গাই গৰুৰে হালবোৱাটো কষ্টকৰ হ'ব। তদুপৰি গাই গৰুৰে হাল বোৱাৰ কথা শুনিলে মহাজনেও বেয়া পাব। কাৰণ
মহাজনে গাই গৰুৰে হাল বাবলৈ নিদিয়ে। তেওঁৰ মতে গৰু বিষ্ণুৰ অৱতাৰ আৰু গাই গৰু
মাতৃস্বৰূপা। গতিকে গাই গৰুৰে হাল বোৱাটো পছন্দ নকৰে। তেওঁলোকে গাই গৰু মাথোন
গাখীৰ আৰু পোৱালি জগোৱাৰ বাবেহে পোহে ।
দলুমিয়াই কথাটো কলিমুদ্দিনক বুজাই ক'লে- মহাজনে গাই গৰুৰে হাল বাবলৈ
নিদিয়ে। গতিকে তুমি গাইৰ পৰিবৰ্ত্তে নিজে এটা বলধ কিনা আৰু এটা মহাজনৰ পৰা লৈ
দিওঁ।
দলুমিয়াৰ পৰামৰ্শত কলিমুদ্দিন হতাশ হ'ল। কাৰণ সি ভাবিছিল, গাই এজনী হ'লে হাল বোৱাৰ লগে লগে ল'ৰা-ছোৱালীহালৰ কাৰণে গাখীৰ এটোপাৰো
ব্যৱস্থা কৰিব পাৰিব। সি নিজৰ মনৰ ভাৱ ব্যক্ত কৰিলে- বহুদিনলৈ ল'ৰা-ছোৱালীহালে গাখীৰৰ মুখকে দেখা নাই।
গতিকে গাই এজনী হ'লে
গাখীৰৰ ব্যৱস্থা হ'ব
বুলিহে মই গাই কিনাৰ কথা ভাবিছোঁ ।
কলিমুদ্দিৰ মনৰ ভাব উপলব্ধি কৰিব পাৰি
দলুমিয়াই সমস্যাটোৰ সমাধান কৰিবলৈ ক'লে- তোমাৰ সমস্যাটো অৱশ্যে মই বুজিব পাৰিছোঁ। কথাটো অৱশ্যে তুমি
মিছাও কোৱা নাই। কৃষকৰ ঘৰত গাখীৰ এটোপাৰ ব্যৱস্থা নাথাকিলে নচলে। বাৰু, তুমি হালৰ বাবে দুটা বলধে লোৱা আৰু
হাতত থকা টকাৰে গাই এজনী কিনা। মাথোন এমোন ধানহে বেছি দিব লাগিব। আল্লাহই দিলে একো
অসুবিধা নহ'ব ।
বলধ গৰু হ'লে
তিনি চাৰি বিঘা মাটি সৰহকৈয়ো চহাব পাৰিবা দিয়াচোন ।
হ'ব বাৰু, কলিমুদ্দিনে
দলুমিয়াৰ পৰামৰ্শ মানি লৈ ক'লে-
আপুনি কৈছে যেতিয়া তাকেই কৰক ৷ হাল নাবালে গাইজনীৰ গাখীৰো বেছি হ'ব।
পৰামৰ্শ মানি লোৱাত দলুমিয়াই
উৎফুল্লিত হৈ ক'লে-
আচলতে তোমাৰ ভালৰ কাৰণেহে কৈছোঁ। কাইলৈ ৰাতিপুৱাই ওলাবা ৷ ঘৰত গৰু নাথাকিলে মহাজনে
গৰু কিনিলেহে দিব পাৰিব। তেতিয়া কিছু সময়ৰো প্ৰয়োজন হ'ব। ইফালে যিমান সোনকালে গৰু পোৱা যায়সিমানে
তোমাৰ কাৰণে মংগল। গাইজনী কিনিবলৈ হ'লেও গাঁৱৰ পৰা বিচাৰ-খোচাৰ কৰি কিনিব লাগিব। হঠাৎ মনত পৰাৰ দৰে
দলুমিয়াই ক’লে-
অ’ এটা কথা হ’ল নহয়, ঘৰটো ভেঁটিত তুলিবলৈ হ'লে দেখোন বাঁহৰো দৰকাৰ হ'ব। বাঁহৰ ব্যৱস্থাও কৰি আহিম বাৰু।
এইদৰে পৰামৰ্শ কৰি পাছদিনাই দুয়ো
জনীয়ালৈ বুলি ওলাল। সিহঁত পোনে পোনে আহি উদ্ধৱ মহাজনৰ ঘৰত উঠিল।
উদ্ধৱ দাস বাৰান্দাত বহি হোকা হুপি
আছিল । দলুমিয়াক দেখি তেওঁ আন্তৰিকতাৰে মাতিলে- আৰে দলুভাই দেখোন, আহক বহকহি। এইদৰে কৈয়ে তেওঁ
কলিমুদ্দিনলৈ আঙুলিয়াই ক'লে-
নতুন যেন দেখিছোঁ, কোন
এওঁ ?
দলুমিয়া বাৰাণ্ডাত পাৰি থোৱা বস্তা
এখনত বহি কলে- মোৰ মহাৰ ল'ৰা, কলিমুদ্দিন। বংগত বৰ কষ্টত আছিল। এইবাৰ
বংগদেশলৈ যাওঁতে ময়ে লৈ আহিছোঁ । মোৰ ওচৰতে মাটি দিছোঁ। এইদৰে কৈ সি কলিমুদ্দিনৰ প্ৰশংসা কৰি
ক'লে- বৰ কামিলা
মানুহ। পোন্ধৰ ষোল্ল দিনৰ ভিতৰতে পাঁচ বিঘা মাটি মোাকলাইছে। কোৰ মৰাও হৈ গৈছে। এতিয়া গৰুৰ দৰ্কাৰ। গৰু হ'লেই হাল বাই বীজ সিঁচিব পাৰে ।
উদ্ধৱ দাসে আকাশলৈ চাই ক'লে- এইবাৰ কৃষকৰ কাৰণে ভাল বছৰ এটা হ’ব যেন পাইছোঁ। ইতিমধ্যে দুই এজাক বৰষুণ
পৰিবলৈ আৰম্ভ কৰিছেই। বহুতৰে ধান পাঁচ ছয় ইঞ্চিমান হ'লেই। এওঁৰ অৱশ্যে কিছু পলম হ'ল। অৱশ্যে একো নহয়। কোনো কোনো বছৰ
আগতীয়া খেতিতকৈ পচতীয়া খেতিয়ে ভাল হয় ৷ এইদৰে মন্তব্য কৰি কলিমুদ্দিনলৈ
সপ্রশংস দৃষ্টিত চাই ক'লে-
কর্মী মানুহ বুলি শুনি সুখী হ'লোঁ।
পৰিশ্ৰম কৰিব লাগিব। ছন পৰা অনাবাদী মাটি। গতিকে পৰিশ্ৰম অলপ হ’বই। একো নহয়। ভগৱানে হাত দুখন দিছে
পৰিশ্ৰমৰ কাৰণেই। দেৱতা আৰু অসুৰে সমুদ্র মন্থন কৰি অমৃত উলিয়াইছিল। আমি মাটিৰ
বুকু মন্থন কৰি ধান ৰূপ অমৃত উলিয়াব লাগে। গতিকে পৰিশ্ৰমতো অলপ হ’বই, নে কি কোৱা ? উদ্ধৱ
দাসে এইদৰে প্ৰশ্ন সুধি উত্তৰলৈ অপেক্ষা নকৰি ব্যৱসায়ৰ কথালৈ আহিল- এহালেই লাগিব
নেকি?মোৰ ৰেটতো
জানেই৷ গৰুৱে প্ৰতি এমোনকৈ ধান। ধান চপোৱাৰ পাছতেই দিব লাগিব।
দলুমিয়াই গৰ্বেৰে ক'লে- জানে। মই সকলো কৈছোঁ। পিছে, মহাজন বাবু, এওঁ গাই এজনী কিনিব খুজিছে। আপোনাৰ
জনা-শুনাৰ ভিতৰত কোনোবাই গাই বিক্ৰী কৰিব নেকি ?
গাই কিনাৰ কথা শুনি উদ্ধৱ দাস অলপ হতাশ
হ'ল। তেওঁ হিচাপী
মানুহ। এমোন ধান কম পোৱাৰ ভয়ত হতাশ হোৱাটো তেনেই স্বাভাৱিক । তথাপি প্রকাশ্যে
উৎসাহ প্ৰকাশ কৰি ক'লে-
নিজে কিনিব পাৰিলেতো ভালেই। নিজে কিনিব নোৱাৰিলে মই আছোঁ ৷ এইদৰে কৈ উদ্ধৱ দাসে
ঘৰৰ ফালে মুখ কৰি ৰিঙিয়াই মাতি ক'লে-
হেৰা, চাহ তিনি কাপ
পঠিয়াই দিয়াচোন। চাহৰ ফৰ্মাচ দিয়ে তেওঁ দলুমিয়ালৈ উদ্দেশ্য কৰি ক'লে – পিছে, আপোনাৰ
খেতি-বাতিৰ খবৰ কি?
-
দলুমিয়াই সেমেনা-সেমেনি কৰি ক'লে- পঁচিশ বিঘামানত ইতিমধ্যে ধান সিঁচা
হৈ গৈছে। ধান গছবোৰ বৰ্ত্তমান চাৰি পাঁচ ইঞ্চিমান কৈ হৈছে। এইবাৰ পাঁচবিঘা মৰাপাটৰ
খেতিও কৰিছোঁ। অহাবাৰলৈ জলিলৰ বিয়াখন পতাৰ কথা ভাবিছোঁতো।
জলিল দলুমিয়াৰ ডাঙৰ পুতেক ৷ ল'ৰাজন পৰিশ্ৰমী। উদ্ধৱ দাসৰ ঘৰলৈকো সি
মাজে সময়ে ইবিধ সিবিধ বস্তু বিচাৰি আহে। উদ্ধৱ দাসে জলিলক ভালো পায়। সি আহিলে
ইটো সিটো দুই এবিধ কামো কৰি দি যায়। গছো বগাব জানে। গছৰপৰা তামোল-পাণ আদি সিয়ে
পাৰি দিয়ে। গতিকে উদ্ধৱ দাস আৰু তেওঁৰ পৰিবাৰে জলিলক চেনেহো কৰে।
সেয়ে জলিলৰ বিয়াৰ কথা শুনি উদ্ধৱ দাস
উৎসাহিত হৈ উঠিল। ক'লে
তেওঁ- অ' নিশ্চয় পাতিব।
পিছে, বয়স অৱশ্যে কম।
একো নহয়। আপোনালোকৰ মাজত কম বয়সত বিয়া বাৰু কৰোৱাৰ নিয়ম আছে যেতিয়া অসুবিধা
নাই । পিছে, কইনা
চালে জানো ?
উদ্ধৱ দাসৰ প্ৰশ্নত দলুমিয়াৰ চকুৰ আগত
ভাহি উঠিল দুদিনমান আগত দেখা এটা দৃশ্য।
ফৰিদাই সিদিনা পথাৰত অকলেই কাম কৰি
আছিল। মাটিৰ চপৰা পাচি এটাত ভৰাই তাই ভেঁটিত নি পেলাই আছিল।
ফৰিদাই বাৰ পাৰ হৈ তেৰ বছৰত ভৰি দিছে।
কিন্তু তাইৰ মন আৰু দেহৰ গঠন যোল্ল বছৰীয়া কিশোৰীৰ দৰে ঠন ধৰি উঠিছে। দেহৰ ভাঁজে
ভাঁজে যৌৱনে পোহৰ মেলিবলৈ আৰম্ভ কৰি দিছে। মোহনীয়া দীঘল মুখ মণ্ডল । গাৰ বৰণ
মিঠা। এক আশ্চৰ্য্য কমনীয়তাই যেন সেই মিঠা বৰণত সুৱগা চৰাইছে। আয়ত চকু জুৰিত
প্ৰস্ফুটিত হৈ উঠিছে স্বপ্নালস মদিৰ দৃষ্টি।
ফৰিদাৰ পিন্ধোনত আছিল তাঁতৰ ৰঙীন মোটা
শাৰী। খালী গা। গাত ব্লাউজ নাছিল। তেতিয়াৰ দিনত দুখীয়া ঘৰৰ জীয়ৰী-বোৱাৰীয়ে
ব্লাউজ প্রায় নিপিন্ধিছিলেই। উদং গাৰেই থাকিছিল। ফৰিদাৰ গাও উদং আছিল । পল্লীগীতৰ
কলি এটা গুণ গুণাই তাই পাচিত মাটিৰ চপৰা ভৰাই আছিল।
জালাল কিবা কাৰণত সেই ফালেদি গৈ আছিল।
ফৰিদাই গুণগুণাই থকা গীতৰ কলি তাৰ কাণত পৰিল। সি ঘূৰি চাই ফৰিদাক দেখি থমকি ৰৈ গ'ল। কে’বা দিনৰ পৰা সি ফৰিদাক দেখি আছে যদিও সিদিনা যেন ফৰিদা তাৰ চকুত
নতুনকৈ ধৰা দিলে। সি ফৰিদাৰপৰা দৃষ্টি ঘূৰাই যাব খুজিও যাব নোৱাৰা হ'ল। কিবা এক অমোঘ আকর্ষণে যেন তাক
চুম্বকৰ দৰে ফৰিদাৰ ফালে টানিবলৈ ধৰিলে৷ ফৰিদাৰ লগত কথা পাতিবলৈ সি ব্যাকুল হৈ
উঠিল। প্রথমদিনা দেখাৰে পৰা সি ফৰিদাৰ প্ৰতি কিছু দুৰ্বল হৈ আছে; কিন্তু লাজ ও ভয়ত সি তাইৰ লগত কথা
পাতিবলৈ সাহস গোটাব পৰা নাই। কিন্তু সিদিনা সি ভয় সংশয় লাজ আঁতৰাই থৈ লাহে লাহে
আহি তাইৰ পিছফালে থিয় হ'ল।
পাছফালে কোনোবা আহি থিয় হোৱাৰ উমান
পাই ফৰিদা লাজ-সংকোচত বিহ্বল হৈ গীত বন্ধ কৰি পাছফালে ঘূৰি চালে। জালালক দেখি তাই
স্বস্থিৰ নিস্বাস পেলাই মিচিকিয়া হাঁহি মাৰি কৃত্ৰিম অভিযোগৰ সুৰত ক'লে- এনেকৈ মাতবোল নিদিয়া কৈ আহিব
লাগেনে ? মই একেবাৰে ভয়
খাই গৈছিলোঁ।
ফৰিদাৰ কণ্ঠত প্ৰশ্ৰয়ৰ সুৰ শুনি জালাল
উৎফুল্লিত ও উৎসাহিত হৈ উঠিল। সাহস সঞ্চয় কৰি সেমেনা-সেমেনি কৰি সুধিলে সি- কি গীত
গাই আছিলা? বিয়াগীত
নেকি?
বিয়াগীতৰ কথা শুনি ফৰিদাৰ মুখমণ্ডল
লাজত ৰক্তিম হৈ উঠিল। সেমেনা-সেমেনি কৰি ক'লে তাই-নাই নাই, বিয়াগীত
নহয়, এনেই কিবা এটা
গুণগুণাই আছিলো ।
লাজ নাৰীৰ ভূষণ। গতিকে লাজত ৰঙা পৰা
কাৰণে ফৰিদাৰ মুখ মণ্ডল অধিক মোহনীয়া হৈ উঠিল। জালালে ফৰিদাৰ ৰূপৰ প্ৰশংসা কৰি ক'লে- তোমাক আজি বৰ ধুনীয়া দেখাইছে।
স্বৰ্গৰ হুৰ-পৰীও হাৰ মানিব তোমাৰ আগত, তোমাক দেখি এনেকুৱা উপলব্ধি হৈছে মোৰ ৷
নাৰীয়ে পুৰুষৰ মুখৰপৰা নিজৰ ৰূপৰ
প্ৰশংসা শুনি ভাল পায় ? গতিকে
ফৰিদাই জালালৰ মুখৰ পৰা নিজৰ ৰূপৰ প্ৰশংসা শুনি পুলকিত হৈ উঠিল। তাইৰ বোধ শক্তিও
ইতিমধ্যে প্রবল হৈ উঠিছে। গতিকে জালালৰ প্ৰশংসাৰ অৰ্থও তাই উপলব্ধি কৰিব পাৰিলে।
সেয়ে তাই কৃত্রিম অভিযোগৰ সুৰত ক'লে-
যোৱা, তুমি মোক ঠাট্টা
কৰিছা! মোৰ দৰে ক'লী
ছোৱালী এজনীক মিছাতে তুমি ধুনীয়া বুলি প্ৰশংসা কৰিছা ৷
জালালে বাধা দি ক'লে- নাই নাই, মই ঠাট্টা কৰা নাই। সচাঁকৈয়ে কৈছোঁ।
আজি তোমাক বৰ ধুনীয়া দেখাইছে।
ফৰিদা মনে মনে পুলকিত হৈ উঠিল। তাই
জানে, গাৰ বৰণ মিঠা
হলেওঁ ধুনীয়া বুলি তাইৰ এটা সুনাম আছে। বংগদেশত থাকোঁতেই বহুতেই তাইক ধুনীয়া
বুলি প্ৰশংসা কৰা তাই শুনিছে। ইফালে জালালো কম ধুনীয়া নহয়। গাৰ বৰণ ফৰিদাতকৈ
বগা। আঁৰি মাছৰ দৰে বহল বুকু। সুঠাম দেহ। নাকৰ তলত গজি উঠা উদ্ভিন্ন গোঁফৰ ৰেখাৰে
জালাল সঁচাকৈয়ে ধুনীয়া হৈ উঠিছে। যিকোনো ছোৱালীক আকৃষ্ট কৰিব পৰাকৈ তাৰদেহ
সৌষ্টৱো আকৰ্ষণীয়। ফলত প্রথমদিনা দেখাৰে পৰা জালালৰ দৰে ফৰিদাও জালালৰ প্ৰতি এক
বিশেষ আকর্ষণ অনুভৱ কৰি আছিল ।
ইফালে জালালোযে তাইৰ প্ৰতি কিছু দুৰ্বল
জালালঁহতৰ ঘৰত থকা দিনৰে পৰা তাই লক্ষ্য কৰি আছে। সিহঁতৰ ঘৰত থকা দিনকেইটাত জালালে
তাইক দেখিলেই গহীন হৈ পৰিছিল। তাইৰ দৃষ্টি এৰাই তাইৰ ফালে ৰ’লাগি চাইছিল আৰু চকুত চকু পৰিলেই
অপ্ৰস্তুত হৈ দৃষ্টি ঘূৰাই আঁতৰি গৈছিল।
ফৰিদাহঁত নতুন ঘৰলৈ উঠি অহাৰ পাছত
জালাল ইটো-সিটো অজুহাত উলিয়াই মাজে সময়ে সিহঁতৰ ঘৰলৈ আহে। তাইৰ মাক- দেউতাকৰ লগত
খেতি-বাতি সম্পর্কে ইটো-সিটো কথা আলোচনা কৰে। উপযাচিয়ে কেতিয়াবা দুই এটা কামো কৰি দিয়ে।
কিন্তু তাইক দেখিলেই গহীন হৈ পৰে। দেখিও নেদেখাৰ ভাও জুৰিবলৈ যত্ন কৰে। এইবোৰযে
তাইৰ প্ৰতি জালালৰ দুৰ্বলতা ও পূৰ্বৰাগৰ লক্ষণ সেয়া উপলব্ধি কৰিবলৈ ফৰিদাৰ
অসুবিধা নহয় ৷
আজিৰ প্ৰশংসাওযে সেই পূৰ্বৰাগৰে লক্ষণ
সেয়া উপলব্ধি কৰি তাই কৃত্ৰিম অভিযোগৰ সুৰত ক'লে- মোক ভালৰি বোলাবলৈহে তুমি মোৰ ৰূপৰ প্ৰশংসা কৰিছা ! আচলতে তুমিহে
ধুনীয়া ৷
ফৰিদাৰ মুখত নিজৰ ৰূপৰ প্ৰশংসা শুনি
জালালৰ হৃদয় আলোড়িত হৈ উঠিল ৷ ক'লে
সি- কি কৰিলে মই তোমাক ঠাট্টা কৰা নাই বুলি বিশ্বাস কৰিবা? এইদৰে কোৱাৰ পাছত সি ফৰিদাৰ উত্তৰলৈ
অপেক্ষা নকৰি তাইৰ সন্মুখত থকা মূঢ়া ভৰ্ত্তি পাচিটো একেটানে মূৰত তুলি লৈ ক’লে- পুৰুষ হেনো ধুনীয়া তিৰোতাৰ গোলাম। আজিৰ পৰা ময়ো
তোমাৰ গোলাম হ’লো।
ফৰিদাই আতংকিত কণ্ঠত ক’লে- এয়া তুমি কি কৰিছা? মানুহে দেখিলে কি বুলি ক’ব?
একো নকয় । জলিলে দাম্ভিকতাৰে ক'লে- ক’লেও মই পৰোৱা নকঁৰো ৷ এইদৰে কৈয়ে সি পাচিটো বৈ নি চপৰাবোৰ ভেঁটিত
পেলাই থৈ আহিল ৷
জালালৰ বলিয়ালি দেখি হাঁহি সামৰিব
নোৱাৰি ফৰিদী হাঁহিত বাগৰি পৰাৰ উপক্ৰম হ'ল। হাঁহি হাঁহিয়ে ক'লে
তাই- মানুহে তোমাক বলিয়া বুলিব ।
জালালে পাচিটো দলি মাৰি থৈ ক’লে- বলিয়াক বলিয়া বুলিলেনো কি
ক্ষতিটো হ'ব? মইতো আচলতে বলিয়াই-- তোমাৰ কাৰণে ।
ফৰিদাই কৃত্রিম খং কৰি ক'লে- মই কিন্তু কথাটো জেঠাক কৈ দিম।
জলিলে মিচিকিয়া হাঁহি মাৰি ক'লে- ভালেই হ'ব। আমাৰ বিয়াখন সোনকালে হৈ যাব। এইবোৰ
এৰা । পাচিত চপৰা ভৰোৱা৷
দলুমিয়া সিদিনা সেই ফালেদি গৈ থাকোঁতে
দৃশ্যটো প্ৰত্যক্ষ কৰিছিল। তাৰ পাছৰপৰা সি ফৰিদাক বোৱাৰী কৰি নিয়াৰ কথা ভাবি আছে।
কিন্তু সি কথাটো এতিয়ালৈকে কাৰো ওচৰত প্ৰকাশ কৰা নাই। এনেকি জালালৰ মাকৰ ওচৰতো
নহয় ৷
সেয়ে দলুমিয়াই কলিমুদ্দিনৰ ফালে এবাৰ
কেৰাহিকৈ চাই উদ্ধৱ দাসৰ প্ৰশ্নৰ উত্তৰত ক'লে- কইনা অৱশ্যে তেনেকৈ চোৱা নাই ৷ আজিকালি বিয়াৰ বাবে কইনা পোৱাও
টান। তদুপৰি গা ধন নিদিলে কইনা পোৱা নাযায়। গতিকেই অলপ সৰহকৈ খেতি কৰাৰ কথা
ভাবিছোঁ। তেহে গা ধনৰ ব্যৱস্থা কৰিব পৰা যাব। (আগতে ছোৱালীক গা ধন দি বিয়া কৰাব
লাগিছিল। স্থানীয় ভাষাত ইয়াৰ পণপ্রথা বুলি কোৱা হৈছিল।)
উদ্ধৱ দাসে উৎসাহিত কণ্ঠত ক’লে- নিশ্চয় কৰিব । পৃথিৱীখন যোগ্যজনৰ
বাবেহে। যোগ্য ভোগ্যা বসুন্ধৰা । সেই যোগ্যতাৰ মাফ কাঠি হ'ল হাত দুখন । হাতেৰে পৰিশ্ৰম কৰিব
লাগিব । দেহৰ ঘাম সৰাব লাগিব । তেহে ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰিব। বংগদেশত আপোনালোকৰ শ্ৰম শোষিত হৈছে। ন্যায্য প্রাপ্যৰ পৰা বঞ্চিত
হৈছে। ইয়াত শোষণ নাই । আপোনালোকৰ শ্রম শোষণ কৰি কোনেও ধন নঘটে। আপোনালোকৰ হাত
দুখনেৰে উপাৰ্জন কৰা শস্য আপোনালোকৰে থাকিব।
উদ্ধৱ দাসৰ কথাত বংগদেশৰ চিত্ৰখন
দলুমিয়াৰ চকুৰ আগত ভাহি উঠিল। দলুমিয়াহঁতৰ আতাকৰ ভেঁটিটোৰ বাহিৰেও চল্লিশ বিঘা
ৰূপিত মাটি আছিল ৷ তাৰ দেউতাকৰ সৈতে আতাকৰ পাঁচজন পুতেক আৰু চাৰিজনী ছোৱালী আছিল।
ভাই ভাই ঠাই ঠাই। এনেকুৱা এটি প্রবচন প্রচলিত আছে বংগীয়মূলৰ মুছলমান সমাজত ।
আতাকৰ মৃত্যুৰ পাছত এই প্রবচন অনুসৰিয়ে ভায়েক-ককায়েক কেইজন পৃথক হয় ৷ পৃথক
হোৱাৰ সময়ত প্ৰত্যেকৰ ভাগত মাটি পৰিছিল ছ বিঘাকৈ। দুবিঘাকৈ মাটি ভনীয়েক চাৰিজনীক
দিছিল। দলুমিয়াহঁতো চাৰিজন ককায়েক-ভায়েক আছিল। সিহঁত পৃথক হোৱাৰ সময়ত
প্ৰত্যেকে মাটি পাইছিল মাথোন এবিঘাকৈ। সেই এবিঘা মাটিও দৰিদ্ৰতাৰ সুযোগ লৈ মহাজনে
অজগৰৰ দৰে গিলিবলৈ আৰম্ভ কৰিছিল। পাঁচ বছৰ পাছত ভেটিটোৰ এপোৱা মাটিৰ বাহিৰে বাকি মাটি
মহাজনে ঋণৰ দায়ত নীলামত কিনি লৈছিল আৰু সি অধঃস্তন ৰায়তত পৰিণত হৈছিল। আৰম্ভ
হৈছিল দৰিদ্ৰতাৰ লগত যুঁজ-বাগৰ ।
এনেতে দলুমিয়াই এদিন খবৰ পালে যে, অসমত বহু মাটি পতিত পৰি আছে৷ তালৈ
চৰকাৰে মানুহ নি আছে । তাক খবৰটো দিছিল সিহঁতৰ গাঁৱৰে নুৰুদ্দিনে। নুৰুদ্দিন জাহাজৰ
খালাচী আছিল। সি দলুমিয়াৰ দৈন্যতা দেখি তাক অসমলৈ আহিবলৈ উৎসাহিত কৰিছিল । ভেঁটিৰ এপোৱা
মাটি মহাজনৰ ওচৰত বন্দকত থৈ সি অসমলৈ আহিছিল । সিহঁত নাৱেৰে প্ৰথম খোলাবান্ধালৈ
আহিছিল আৰু এবছৰ পাছত ৰূপাকুছিলৈ উঠি আহিছে।
ৰূপাকুছিলৈ আহি প্ৰথম বছৰ দলুমিয়াই
পাঁছ বিঘা মাটি মোকলাইছিল। জালাল তেতিয়া এঘাৰ বছৰ বয়সৰ কিশোৰ৷ সিও তাৰ লগত
দিনে-নিশা হাড় ভঙা পৰিশ্ৰম কৰিছে। বৰ্তমান জালালৰ বয়স সোতৰ বছৰ। বংগ ভংগৰ বছৰতে
দলু মিয়া অসমলৈ আহিছিল।
ৰূপাকুছিলৈ অহাৰ এমাহমান পাছতে উদ্ধৱ
দাসৰ লগত লুমিয়াৰ পৰিচয় হয়। পৰিচয় কৰাই দিছিল কৰিম বেপাৰীয়ে। কৰিম বেপাৰী
দলুমিয়াহঁত অহাৰ ছ বছৰ আগত অসমলৈ উঠি আহিছে।
কৰিম বেপাৰী জাহাজৰ খালাচী আছিল ।
অসমলৈ উঠি অহাৰ আগতে জাহাজৰ খালাচী হিচাপে তেওঁ তিনিবাৰ অসমলৈ আহিছিল। শেষৰ বাৰ
আহোঁতে খোলাবান্ধা ঘাটত উদ্ধৱ দাসৰ লগত তেওঁৰ পৰিচয় হয় ।
ইটো-সিটো কথা-বতৰাৰ মাজত বংগদেশত কৰিম
বেপাৰীৰ মাটি নাই বুলি জানি উদ্ধৱ দাসে কৈছিল- তাত মাটি নাই যদি ইয়ালৈ উঠি নাহে
কিয়? অসমত মাটিৰ অভাৱ
নাই। মানৰ আক্ৰমণ, ভূমিকম্প
আৰু কলাজ্বৰৰ প্ৰকোপত অসমখন প্ৰায় জনশূন্য হৈ পৰিছে। মানুহৰ অভাৱত হাজাৰ হাজাৰ
বিঘা মাটি অনাবাদী হৈ পৰি ছন আছে। গতিকে মাটি নাই যদি অসমলৈ উঠি আহক। মই আপোনাৰ
মাটিৰ ব্যৱস্থা কৰি দিম ।
-
এইদৰে পৰামৰ্শ দি উদ্ধৱ দাসে এটুকুৰা
কাকতত নাম ঠিকনা লিখি দি কৈছিল –
এই কাকত টুকুৰাত মোৰ নাম ঠিকনা লেখি দিলোঁ। যদি অসমলৈ অহাৰ মন আছে, মই লিখি দিয়া ঠিকনা মতে যাব। মই
আপোনাক মাটি দিম।
কৰিম বেপাৰীয়ে সিবাৰ বংগলৈ গৈয়ে
জাহাজৰ চাকৰিত ইস্তাফা দি অসমলৈ উঠি আহিছিল আৰু অসমলৈ আহি তেওঁ উদ্ধৱ দাসক লগ
ধৰিছিল। উদ্ধৱ দাসে তেওঁৰ কথা ৰাখিছিল। তেওঁ কৰিম বেপাৰীক মাটি দেখাই দিছিল আৰু
হাল-গৰু দিওঁ সহায় কৰিছিল।
দলুমিয়াহঁতৰ গাঁৱৰ নুৰুদ্দিনে
দলুমিয়াক কৰিম বেপাৰীৰ ঠিকনা দিছিল। নুৰুদ্দিন আৰু কৰিম বেপাৰী একেখন জাহাজতে
চাকৰী কৰিছিল। নুৰুদ্দিনৰ কথামতেই দলুমিয়াই ৰূপাকুছিলৈ আহি কৰিম বেপাৰীক লগ
ধৰিছিল। কৰিম বেপাৰীয়ে পৰিচয় কৰাই দিয়াৰ পাছত উদ্ধৱ দাসেই দলুমিয়াক প্ৰথম বছৰ
হালৰ গৰু দিছিল ।
কোনো এপদ বস্তুৰ তলত পৰি থকা দুবৰিবনৰ
ওপৰৰ পৰা বস্তুপদ আঁতৰাই নিয়াৰ পাছত দুবৰিবনবোৰ লাহে লাহে ঠন ধৰি থিয় হৈ উঠাৰ
দৰে উদ্ধৱ দাসৰ সহায় সহযোগিতাৰ বলতে দলুমিয়াই দৰিদ্ৰতাৰ নিষ্পেষণৰ পৰা কঁকাল
পোনাই থিয় হ'ব
পাৰিছে।
সেয়ে দলুমিয়াই উদ্ধৱ দাসৰ প্ৰতি
আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰি ক'লে-
মাথোন হাত দুখন থাকিলেই নহয় মহাজন বাবু, সহায় সহযোগিতাৰো প্ৰয়োজন হয়। আপোনাৰ পৰা সহায় সহযোগিতা নাপালে মই
কঁকাল পোনাই থিয় হ'ব
নোৱাৰিলোহেঁতেন। আপুনি হিন্দু মানুহ হৈ মুছলমানৰ কাৰণে বহু কৰিছে।
সংসাৰত এনে কিছুমান মানুহ আছে যিসকলে
খ্যাতি, প্রতিষ্ঠা, প্রতিপত্তি নিবিচাৰে। তেওঁলোকে বিচাৰে
মাথোন কৃতজ্ঞতা স্বীকাৰ কৰাটো। কৃতজ্ঞাতা স্বীকাৰ কৰিলেই তেওঁলোকে পৰম আত্মতৃপ্তি
লাভ কৰে ৷
উদ্ধৱ দাসো সেই প্ৰকৃতিৰ মানুহ। প্রথমে
তেওঁ ব্যৱসায়ী সূলভ মনোভাৱেৰে কথা আৰম্ভ কৰিলেও ব্যৱহাৰ পাতি ভাল দেখিলে মূৰকত গৈ
ব্যৱসায়ৰ কথা পাহৰি এজন সহায়কাৰীৰ ভূমিকাহে গ্ৰহণ কৰে। তেওঁৰ টকা পইচাৰো বিশেষ
দৰ্কাৰ নাই। খেতি-বাতি আছে। দুজন ল'ৰাই
চাকৰি কৰে। এজন শিক্ষক আৰু আনজন মেলিটাৰী। তেওঁ হিন্দু-মুছলমানৰ প্ৰভেদো নকৰে।
বেলেগ মহাজনে থলুৱা হিন্দুৰপৰা টকাত দুপইচা সুত লোৱাৰ বিপৰীতে মুছলমালনৰ পৰা সুত
লয় টকাত এক অনা। উদ্ধৱ দাসে কিন্তু এই প্রভেদ নকৰে। হিন্দুৰ পৰা যি হাৰত সুত লয়, মুছলমানৰ পৰাও সেই হাৰতে লয়।
গতিকে দলুমিয়াৰ কথাত উদ্ধৱ দাস আপ্লুত
হৈ উঠিল। ক'লে
তেওঁ- তেনেকৈ নক'ব।
মইনো কোন ! সকলো সৌ ওপৰৱালাৰ ইচ্ছা । উদ্ধৱ দাসে ওপৰৰ ফালে চাই কপালত হাত স্পৰ্শ
কৰি ক'লে- অকণমান
সহায় সহযোগিতা নকৰিলে সৃষ্টি চলিব কেনেকৈ? মানুহে মানুহৰ বাবে নকৰিলে কোনে কৰিব? এই সহায়ৰ ক্ষেত্ৰত জাতি-ধৰ্মৰো বিচাৰ কৰিব নাপায় ৷ গুৰুজনাই কৈছে -
শৃগাল, কুকুৰ, গৰ্দ্দৰ্ভৰ আত্মাৰাম, হেন জানি সবাকো কৰিবা প্রণাম। তদুপৰি
আপোনালোকৰ পৰাওতো আমি কম কথা শিকা নাই। খেতি-বাতি সম্পর্কে আমি বহু কথাই শিকিছোঁ
আপোনালোকৰ পৰা। এডৰা মাটিত ভিন ভিন খেতি কৰাৰ কথা আমি আপোনালোকৰ পৰাই শিকি আছোঁ ।
আগতে আমি মাথোন ধান খেতিহে কৰিছিলোঁ। আপোনালোকৰ পৰা শিকি এতিয়া আমি মৰাপাটৰ লগতে
ভিন ভিন ৰবি শস্যৰ খেতিও কৰিবলৈ লৈছোঁ।
এনেকুৱা কথা আপোনাৰ দৰে মানুহৰ মুখতহে
শোভা পায়। আপোনাৰ এই গুণৰ কাৰণেই আমি নতুন জনম পাইছোঁ। এইদৰে কৈ দলুমিয়াই
কলিমুদ্দিনলৈ আঙুলিয়াই ক'লে-
এওঁ বৰ দুখীয়া। টানে-আপদে আপুনি এওঁক চাব লাগিব। এওঁৰ ঘৰ বন্ধাৰ প্ৰয়োজন । আপুনি
বাঁহ কেইডালমানো দিব লাগিব।
নিশ্চয় দিম। উদ্ধৱ দাসে কলিমুদ্দিনলৈ
উদ্দেশ্য কৰি ক'লে-
যিমান লাগে বাঁহনিৰপৰা কাটি নিব। বাঁহৰ অভাৱ নাই ।
কলিমুদ্দিনে আবেগ মিহলি কণ্ঠত ক'লে- কিন্তু মহাজনবাবু, মই বর্তমান টকা দিব নোৱাৰিম ।
খেতি চপাই দিলেই হ'ব। আপুনি গাই এজনী কিনাৰ কথা কৈছিল নহয়, ময়ে বিক্ৰী কৰিম।পচন্দ হ'লে
ল'ব পাৰিব। জাতো
ভাল। দুই তিনি সেৰকৈ গাখীৰ দিয়ে ।
এইদৰে আলোচনা চলি থাকোঁতেই চাহ আহিল।
কলিমুদ্দিনৰ চাহ খোৱাৰ অভ্যাস নাই বুলি দলুমিয়াই জানে। উদ্ধৱ দাসৰ ঘৰত চাহ খাই
খাই তাৰ বৰ্তমান চাহ খোৱাৰ অভ্যাস প্রায় গঢ়লৈ উঠিছে। প্ৰথমবাৰ চাহ খাওঁতে তাৰ
মুখ পুৰিছিল। তপতৰ কাৰণে প্ৰথম ঢোক চাহ সি গিলিব পৰা
নাছিল।
সেয়ে দলুমিয়াই কলিমুদ্দিনক সতৰ্ক কৰি
দিলে- তপত চাহ। অকণমান চেঁচা পৰিবলৈ দিয়া । তপত চাহ খালে মুখ পুৰিব। এইদৰে কৈ
দলুমিয়াই একাপ চাহ হাততলৈ ফুৱাই-ফুৱাই খাবলৈ ধৰিলে।
কলিমুদ্দিনে একাপ চাহ গামোচাৰে
মেৰিয়াই হাতলৈ ফুৱাবলৈ ধৰিলে। চাহ কাপ অকণমান চেঁচা পৰাৰ পাচতহে সি কাপত চুমুক
দিলে। চাহৰ মলমলীয়া সুবাস আৰু মিঠা সোৱাদ পাই সি বৰ মজা পালে ৷
চাহ খোৱাৰ পাছত একো চালিকৈ তামোল মুখত
ভৰোৱাৰ পাছত উদ্ধাৰ দাসে ক'লে-
পথাৰলৈ ব’লক। গাইজনী
পথাৰতে আছে।
তিনিও পথাৰলৈ বুলি ওলাল।
কজলা বৰণৰ গাইজনী চাই কলিমুদ্দিনৰ
পচন্দ হ'ল ।
পাঁচ টকাত গাইজনী বন্দবস্ত কৰি ফৰকাল
মনলৈ কলিমুদ্দিন আৰু দলুমিয়া ঘৰলৈ উভতিল।
** ** **
প্ৰথম বছৰ খেতি বেয়া নহ'ল। খেতি ভালদৰে চপোৱাও হ'ল।
কলিমুদ্দিনে পাঁচবিঘা মাটিত ধান
সিঁচিছিল। বিঘাই প্রতি প্রায় দহমোনকৈ ধান পালে। উদ্ধৱ দাস আৰু দলুমিয়াৰ ঋণ
পৰিশোধ কৰাৰ পাছতো তাৰ ভালেখিনি ধান ৰৈ গ'ল।
কলিমুদ্দিনে নলেৰে ঢাৰি বই বাখৰু
বান্ধি ধান ভঁৰালত তুলিলে। নতুন ধানৰ চাউলৰে প্ৰথম ভাত খোৱাৰ দিনা সি মুন্সীৰ লগতে
গাঁৱৰ মানুহ কেইজনমান মাতি ভোজভাত খুৱালে। বহুদিনৰ মূৰত হাফিজাই মুৰি ভাজিলে।
টেকেলি, কুলি, গাখীৰ পিঠাকে আদি কৰি পিঠাপনা বনাই ল'ৰা-ছোৱালীহালক খুৱালে।
ভাতমুঠিৰ চিন্তাত অস্থিৰ হৈ থকা
কলিমুদ্দিনৰ মুখত হাঁহি বিৰিঙিল । অথৰ্ব পংগুই যেন নতুন যৌৱন পালে । ৰাতি-ৰাতি সি
মনৰ সুখতে সুৰ তুলি মুচিদী, ভাওয়াইয়া, পল্লীগীতি আদি গাবলৈ ধৰিলে। মানুহে
কথাতে কয়- এক গীত গায় সুখীয়ে আৰু এক গায় দুখীয়ে। আচলতে গীত গায় সুখীয়েহে।
দুখীয়াৰ ওঁঠত সুৰ নুফুটে। দুখীয়াৰ সুৰ ফুটে অন্তৰতহে ।
ইয়াৰ মাজতে ফৰিদাৰ বিয়াৰ প্ৰস্তাৱ
আহিল। ঘটক কৰিম বেপাৰী। দৰা দলুমিয়াৰ পুতেক জালাল উদ্দিন। আপত্তি কৰাৰ কাৰণ
নেদেখি হাফিজাৰ লগত আলোচনা কৰি কলিমুদ্দিনে বিয়াত মত দিলে। ধুমধামৰে বিয়া
সম্পন্ন হৈ গ'ল ।
কলিমুদ্দিনে বিয়াত মুক্তহস্তে খৰচ
কৰিলে। ওচৰ-চুবুৰীয়াক পেট পূৰাই খুৱালে। বাঙালী মানুহ অতিথি পৰায়ণ । বহুদিনৰ
মূৰত লোকক খুৱাব পাৰি কলিমুদ্দিন ও হাফিজাৰ হৃদয় আনন্দেৰে উপচি পৰিল ।
** ** **
দিন, মাহ, বছৰ
বাগৰি দহোটা বছৰ কালৰ বুকুত জাহ গ'ল।
কলিমুদ্দিনে এই দহোটা বছৰতে প্ৰায় পঞ্চাছ বিঘা মাটি মোকলালে। মহচীনেও কলিমুদ্দিনক
সহায় কৰিব পৰা হ'ল ।
মহচীনৰ উপৰিও এটা ল'ৰা
আৰু দুজনী ছোৱালীৰ সৈতে ধনে-জনে ভৰি পৰিল কলিমুদ্দিনৰ সংসাৰ।
এদিনাখন কলিমুদ্দিনে কৰিম বেপাৰীৰ পৰা
এটি নোহোৱা নোপোজা খবৰ শুনিলে। প্রথমতে সি কথাটো বিশ্বাস কৰিবলৈকে টান পালে। সেয়ে
সি ঘটনাৰ তলা-নলা পাবলৈ ক'লে-
এইটো আকৌ এটা আইন হল নেকি? ল'ৰা-ছোৱালী আমাৰ, গতিকে বিয়া-বাৰুৰ দায়িত্বও আমাৰ । এই
ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰাৰ কাৰণ কি? আগতে দেখোন কইনাৰ পাঁচ আৰু দৰাৰ সাত আঠ বছৰ বয়সত কিমান বিয়া হৈছিল।
তেতিয়া দেখোন একো বাধা নিষেধৰ প্রশ্ন উঠা নাছিল ? এতিয়া আকৌ বাধা নিষেধৰ প্ৰশ্ন আহিল ক'ৰ পৰা ?
কৰিম বেপাৰী কিছুদিন আগতে বংগদেশলৈ
গৈছিল। তাৰে পৰাই তেওঁ কথাটো শুনি আহিছে। গতিকে তেওঁ লোক-মুখে শুনি অহা কথাবোৰকে
বুজাই ক’লে- এই আইনৰ নাম
সাদা আইন। কোনোবা এগৰাকী সাদা নামৰ মহিলা এগৰাকীৰ পৰামৰ্শ মতে এই আইন পাচ হৈছে
হেনো । কম বয়সত বিয়া বাৰু হ'লে
মাকৰ স্বাস্থ্য দুৰ্বল হোৱাৰ লগতে সন্তানো দুর্বল হয়। গতিকে এই আইনৰ জৰিয়তে
বাল্য বিবাহক বাধা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ল'ৰাৰ একৈছ আৰু ছোৱালীৰ ওঠৰ বছৰৰ আগতে বিয়া বাৰু হ'লে আইন মতে দণ্ডনীয় হ'ব লাগিব । কিছুদিনৰ ভিতৰতে এই আইন
কার্যকৰী হ'ব
হেনো।
মহচীনৰ বয়স তেতিয়া পোন্ধৰ বছৰ। উক্ত
আইনৰ কথা শুনি কলিমুদ্দিন চিন্তিত হৈ পৰিল। ঘৰলৈ আহি সি হাফিজাক লগ ধৰি ক'লে- হেৰা শুনিছানে? কথা এটা হ'ল নহয়। দেশত কিবা বোলে এটা আইন পাচ
হৈছে। কিবা বোলে সাদা আইন। এইদৰে কৈ সি কৰিম বেপাৰীৰ মুখত শুনি অহা কথাবোৰ বুজাই
কৈ ক'লে- মহচীনে
এইবাৰ পোন্ধৰ বছৰত ভৰি দিলে। ফৰিদাক বিয়া দি উলিয়াই দিয়াৰ পাছত ঘৰখনো যেন কিবা
শুদা শুদা লগা হৈছে ৷ আইন কাৰ্য্যকৰী হোৱাৰ আগতে মহচীনৰ বিয়াখন নাপাতিলে আৰু ছবছৰ
অপেক্ষা কৰিব লাগিব ৷ গতিকে মহচীনৰ বিয়াখন পাতি দিলে কেনে হয় ?
দুদিনমান আগতে কৰিম বেপাৰীৰ ঘৈণীয়েক
হাফিজাহঁতৰ ঘৰলৈ আহিছিল। তায়ো কথাটো হাফিজাক কৈ গৈছে। বংগদেশত হেনো বিয়াৰ ধুম
উঠিছে। কোলাত থকা কেঁচুৱা, এনেকি
কিছুমানে আকৌ সন্তান গৰ্ভত থকা অৱস্থাতো বিয়া পাতি আছে। অচিৰেই হেনো আইনটো দেশত
প্ৰচলিত হ'ব।
সেয়ে এই বিয়াৰ ধুম। কথাটো শুনাৰে পৰা হাফিজাৰ চকুৰ টোপনি নোহোৱা হৈছে। মহচীনৰ
বিয়াৰ বাবে তায়ো মনে মনে অস্থিৰ হৈ উঠিছে। কওঁ কওঁ বুলিও তাই কলিমুদ্দিনক কথাটো
ক'ব পৰা নাছিল ।
সেয়ে কলিমুদ্দিৰ মুখত মহচীনৰ বিয়াৰ
কথা শুনি তাই উল্লসিত হৈ উঠিল। দুৰৰ গংগা নিজে যাচি আহি যেন তাইৰ ওচৰত ধৰা দিলে ৷
আনন্দত অধীৰ হৈ ক’লে
তাই- ময়ো কথাটো শুনিছোঁ। কইনাও ঠিক কৰিছোঁ। আপুনি অনুমতি দিলে কইনা ঘৰৰ লগত কথাটো
আলোচনা কৰিব পাৰোঁ।
হাফিজা আচলতে বিশেষ প্রয়োজন নহ'লে নিজৰ ঘৰখন এৰি ক'লৈকো নাযায়। গতিকে কইনা চোৱাৰ কথা
শুনি বিস্ময়াভিভূত হৈ কলিমুদ্দিনে সুধিলে- কইনা চাইছা? ক’ত?
কৰিম বেপাৰীৰ নাতিনী নুৰবানু । নামতো
নুৰ, দেখাতো নুৰ।
পূৰ্ণিমাৰ জোনটোৰ দৰেই নুৰবানু দেখিবলৈ ধুনীয়া।
কলিমুদ্দিনেও নুৰবানুক দেখিছে। নুৰবানু
সচাঁকৈয়ে নুৰ অৰ্থাৎ জ্যোতিৰ দৰে দীপ্তিময়ী। বাৰ তেৰ বছৰ বয়স। বয়সৰ তুলনাত
তাইক ডাঙৰ যেন অনুমান হয়। উজ্জ্বল গৌৰবৰ্ণ। মূৰত এমূৰ মিহি ঘন ক’লা চুলি। দীঘল থুতুৰি। আয়ত চকু। ওঁঠত
যেন সদায় হাঁহি উজলি থাকে। যৌৱন কালতযে ছোৱালীজনী আৰু অধিক ধুনীয়া হৈ উঠিব
দেহাৱবয়ত তাৰ আভাস বাৰ বছৰ বয়সতে ফুটি উঠিবলৈ আৰম্ভ কৰিছে। গতিকে এনেকুৱা এজনী
ছোৱালী বোৱাৰী কৰি আনিব পৰাটো সৌভাগ্যৰ কথা হ'ব। কিন্তু এষাৰ কথা ভাবি কলিমুদ্দিনৰ মুখমণ্ডল থম্থমীয়া হৈ উঠিল।
কৰিম বেপাৰী সৎ আৰু নিষ্ঠাবান হ'লেও নুৰবানুৰ দেউতাক তালেবৰ এজন
কুখ্যাত ডকাইত। বংগদেশত থাকোঁতে সি নমঃশূদ্র, বাগ্দী সকলৰ লগত লগ লাগি ডকাইতি কৰি ফুৰিছিল। অসমলৈ অহাৰ পাছতো
ডকাইতি কৰিবলৈ গৈ ধৰা পৰি সি দুবাৰ জে’লো খাটিছে। শেষৰ বাৰ জে’লৰ পৰা ওলাই সি বংগদেশলৈ গৈছিল। তাতো দুবাৰ ধৰা পৰি সি দুবছৰ জেল
খাটি আহিছে। বৰ্তমান ঘৰত থাকে যদিও মাজে সময়ে নিৰুদ্দেশ হৈ থাকে। আহুকাণে-পহুকাণে
শুনামতে এতিয়ালৈকে হেনো সি ডকাইতি কৰে ৷
গতিকে নুৰবানুক বোৱাৰী কৰি অনাৰ মন এটা
থাকিলেও তালেবৰৰ স্বভাৱৰ কথা ভাবি কলিমুদ্দিনে ইতস্ততঃ কৰি ক'লে- তাইক বোৱাৰী কৰি আনিব পাৰিলে
অৱেশ্যে ভালেই পালোঁহেঁতেন। কিন্তু ...........
হাফিজাই কলিমুদ্দিনৰ সংকোচৰ কাৰণ
উপলব্ধি কৰিব পাৰি ক'লে-
একো নহয়। বাপেকটোহে বেয়া, মাকজনীতো
বেয়া নহয় ৷ বৰ যৌৱনত গিৰিয়েকৰ অৱহেলা সত্বেও কেনেকৈ ছোৱালীজনীক বুকুত সাৱটি পৰি
আছে দেখা নাই জানো? প্ৰথমবাৰ
গিৰিয়েক নিৰুদ্দেশ হোৱাৰ সময়ত বহুতেই হেনো তাইক বিয়াৰ বাবে উচটাইছিল; কিন্তু তাই মান্তি হোৱা নাছিল ৷ কৰিম
বেপাৰী মানুহজনো সৎ। এবাৰ নুবানুৰ দেউতাক জে’লৰ পৰা পলাই আহোঁতে কৰিম বেপাৰীয়ে নিজে তাক পুনৰ জে'ললৈ লৈ গৈছিল। তদুপৰি ছোৱালীবোৰে
বিশেষকৈ মাকৰ স্বভাৱহে পায়। মাক ভালেই জী ভাল । বাপেক ভালেই পো ভাল । মহচীনৰ লগত
শুৱাবও ভাল। ইতিমধ্যে দুয়োৰে মাজত ভাবো হৈ উঠিছে।
কলিমুদ্দিনে শেষৰ কথাফাঁকি শুনি
অবিশ্বাসৰ ভাৱত প্ৰশ্নবোধক দৃষ্টিত হাফিজাৰ ফালে চালে।
হাফিজাই অর্থপূর্ণ হাহি মাৰি ক'লে- অ’ কথাটো মিছা কোৱা নাই। ভাৱ হোৱাটো সঁচা। কোনেওঁ কাকো নেদেখাকৈ থাকিব
নোৱাৰে ৷ মহচীনে সময় সুযোগ পালেই নুৰবানু হঁতৰ ঘৰলৈ যায়, নুৰবানুও মাজে সময়ে আহে আমাৰ ঘৰলৈ৷
তথাপি কলিমুদ্দিনে কথাটো বিশ্বাস
কৰিবলৈ টান পালে। ইয়াৰ কাৰণো অৱশ্যে আছে। ল'ৰালিত মহচীন আৰু নুৰবানুৰ মাজত সাপ- নেউলৰ সম্বন্ধ আছিল ৷ কোনেও কাকো
সহ্য কৰিব নোৱাৰিছিল। মহচীনে কিবা কাৰণত নুৰবানুহঁতৰ ঘৰলৈ গ'লেই নুৰবানুই মহচীনলৈ বুলি সিহঁতৰ
পোহনীয়া কুকুৰটো লেলিয়াই দিছিল। গতিকে কিবা দকাৰত মহচীনক নুৰবানুহঁতৰ ঘৰলৈ
পাচিলে সি যাবলৈ আপত্তি কৰিছিল ৷ সিহঁতৰ মাজত ভালপোৱাৰ সম্বন্ধ গঢ়ি উঠাৰ কথা শুনি
কলিমুদ্দিন দোধোৰমোধোৰত পৰিল। সুধিলে সি- ল'ৰালিতে দেখোন সিহঁত দুটাৰ মাজত সাপ-নেউলৰ সম্পৰ্ক আছিল! সিহঁতৰ মাজত
ভালপোৱা গঢ়ি উঠিল কেনেকৈ ?
সেয়া অনুৰাগৰ পূৰ্বলক্ষণহে আছিল, বুজিছে। হাফিজাই এইদৰে কৈয়ে
ৰহস্যপূৰ্ণ হাঁহি মাৰিলে।
হাফিজাৰ ৰহস্যময় হাঁহিৰ অৰ্থ
কলিমুদ্দিনে উপলব্ধি কৰিব পাৰিলে। কাৰণ সিহঁতৰ মাজতো এদিনৰ এটি বিশেষ ঘটনাৰ গইনালৈ বিয়াৰ
আগতে ভালপোৱাৰ সম্বন্ধ গঢ়লৈ উঠিছিল। সেয়ে হাফিজাৰ ওঁঠত ৰহস্যময় হাঁহি দেখি
কলিমুদ্দিনৰ মন বাইছ তেইছ বছৰ আগৰ এটি বিশেষ দিনটোলৈ উৰা মাৰিলে।
কলিমুদ্দিন সিবাৰ মোমায়েকহঁতৰ ঘৰলৈ
যাওঁতে ঘটিছিল ঘটনাটো।
হাফিজা আৰু কলিমুদ্দিনৰ মোমায়েকহঁতৰ
ঘৰ একেখন গাঁৱতে আছিল আৰু একে বয়সৰ হোৱাৰ কাৰণে কলিমুদ্দিনৰ মোমায়েকৰছোৱালী
কমিনৰ লগত নুৰবানুৰ সদ্ভাৱো আছিল। হাফিজা মোমায়েকহঁতৰ ঘৰলৈ গ'লে তাই কৰিমনৰ লগতে বেছি কটাইছিল।
সিদিনা হাফিজাই কৰিমনক বিচাৰি পোনচাটেই
কৰিমনৰ শোৱনি কোঠালিলৈ সোমাই গৈছিল।
সংযোগ বশতঃ কালিমুদ্দিন সিদিনা মুৰলৈকে
কঁথা জাপি কৰিমনৰ বিছনাত শুই আছিল।
হাফিজাই কৰিমনক অপ্ৰস্তুত কৰিবলৈ
কলিমুদ্দিনকে হাফিজা বুলি ভাবি তাৰ ওপৰত শুই পৰিছিল।
কঁথাৰ উম পাই কলিমুদ্দিনৰ চিলমিলকৈ
টোপনি ধৰিছিলহে মাথোন। হঠাৎ গধুৰ বস্তুৰ হেঁচা পাই সি খক্মক্কৈ সাৰ পাই উঠিল।
খৰখেদাকৈ সি মুখৰপৰা কঁথাখন আঁতৰাই তাৰ ওপৰত কিনো বস্তু তেনেকৈ পৰিল তাকে চাবলৈ
চকু মেলি চালে। অপৰিচিতা কিশোৰী এজনীক তাৰ ওপৰত শুই থকা দেখি সি ৰোমাঞ্চিত হৈ
উঠিল। তাৰ সৰ্বাংগত যেন বিদ্যুৎ প্রবাহ খেলি গ'ল। কিন্তু পাছমুহূৰ্ততে ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি সি নির্বাক স্তব্ধ
হৈ পৰিল। ৰোমাঞ্চৰ লগতে এক অপৰাধবোধে তাৰ দেহমন জঠৰ কৰি তুলিলে। লৰচৰ কৰাৰ
শক্তিকনো যেন সি হেৰাই পেলালে।
ইফালে হাফিজাৰ অৱস্থাও তথৈবচ। তাই নিজৰ
ভুল বুজিব পাৰি বজ্ৰাহত হৰিণীৰ দৰে থৰ লাগি গ'ল ৷ লাজত ৰঙা চিঙা পৰি তাই অপ্রস্তত ভাবে বিহ্বলৰ দৰে কলিমুদ্দিনলৈ
মাথোন এবাৰ চায়ে চকুমুদি দিলে।
এক দুই তিনি কৰি প্ৰায় পাঁচ চেকেণ্ড
সময় পাৰ হৈ গ'ল
সেই বিহবল অৱস্থাত ৷ কাৰো মুখত কথা নাই । উভয়ৰ চকু-মুখত বিস্ময় আৰু কৌতূহল।
সূৰ্যৰ তাপ পাই শীতৰ কুঁৱলি আঁতৰি যোৱাৰ দৰে এটা সময়ত হাফিজাৰ মনৰ পৰা বিস্ময়
আৰু বিহ্বলতাৰ ডাৱৰ আঁতৰি গ'ল ৷
ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি বিস্ময়ৰ পৰিৱৰ্তে ভয় ও শংকাই তাইৰ দেহমন আচ্ছন্ন কৰি
তুলিলে। সৰ্পদৃষ্ট মানুহৰ দৰে তাই চক্ খাই উঠি তড়িৎ গতিত কলিমুদ্দিনৰ ওপৰৰ পৰা
উঠি বাঘে খেদা হৰিণাৰ দৰে দৌৰি কোঠালিৰ পৰা ওলাই পোনচাটেই কৰিমনহঁতৰ পাক ঘৰলৈ
সোমাই আহিল।
সময় তেতিয়া আবেলি। ৰন্ধা-বঢ়াৰ কাম
চলি আছিল। (তেতিয়া বংগীয় মূলৰ মুছলমান পৰিয়ালত বেলি ডুবাৰ পাছতেই ৰাতিৰ ভাত সাজ
খোৱাৰ নিয়ম আছিল।) কৰিমনে মাকক ৰন্ধা-বঢ়াত সহায় কৰি আছিল। হাফিজাক ধুমুহাৰ গতিত
সোমাই অহা দেখি তাই সবিস্ময়ে হাফিজালৈ চালে। হাফিজাই আতংকিত দৃষ্টিত কৰিমনৰ শোৱনি
কোঠাৰ ফালে চাই দৃষ্টি ঘূৰাই প্ৰশ্নবোধক দৃষ্টিত কৰিমনৰ ফালে চালে।
কৰিমনে হাফিজাৰ দৃষ্টিৰ অৰ্থ বুজিব
নোৱাৰি কৌতুহলী হৈ সুধিলে- কি হ'ল? কেতিয়া আহিছ?
হাফিজাই ঘটনাটো ক'বলৈ গৈয়ো ৰৈ গ'ল। এক অজান ভয়-শংকা-সংকোচে তাইৰ ওঁঠ
চেপি ধৰিলে । তাই মাথোন সেমেনা-সেমেনি কৰি ক'লে- একো নহয়, পাছত
ক’ম।
হাফিজাই কৰিমনৰ সন্মতিলৈ অপেক্ষা নকৰি
সংকোচিত ভাবে পাক ঘৰৰপৰা ওলাই গ'ল।
কৰিমনে তাইক পিছফালৰ পৰা মাতি ক'লে- কি হ'ল? আহিয়ে একো নোকোৱাকৈ গলি যে?
হাফিজাই কৰিমনৰ কথা শুনিও নুশুনাৰ
ভাওঁজুৰি গুচি গ'ল।
ইফালে কলিমুদ্দিনৰ অৱস্থাও তথৈবচ্। হাফিজা তাৰ ওপৰৰ পৰা উঠি দৌৰি পলোৱাৰ পাছতো সি
প্রায় দুই তিনি মিনিট অসাৰ হৈ পৰি থাকিল । দেহমনত সি এক অনির্বাচনীয় পুলক অনুভৱ
কৰিবলৈ ধৰিলে ৷ তাৰ কাৰণে ই এক বিৰল অভিজ্ঞতা। এজনী কিশোৰীৰ দেহৰ ভাৰ যে ইমান মিঠা
আৰু আৰামদায়ক হ'ব
পাৰে এই কথা সি সপোনতো কল্পনা কৰা নাছিল । এই বিৰল অভিজ্ঞতাই তাৰ দেহমন ৰোমাঞ্চিত
কৰি তোলাৰ লগতে এক কৰুণ মৌন বিষন্নতাই তাৰ দেহ-মন আচ্ছন্ন কৰি পেলালে । সি যেন
কিবা এটা অমূল্য বস্তু পাইয়ো হেৰুৱালে এনেকুৱা ভাব হ'ল তাৰ মনত ৷ সেই দেহৰ ভাৰ যেন সি সমগ্ৰ
জীৱন ব্যাপী ব’বলৈয়ো
প্রস্তুত আছিল এনেকুৱা এক উপলব্ধিতত সি ৰোমাঞ্চিত হৈ উঠিল।
কেইটামান মুহূর্ত ৰোমাঞ্চ অনুভৱ কৰাৰ
পাছত কলিমুদ্দিনৰ মনত এক অপৰাধবোধ জাগি উঠিল। তাৰ বাবেই আজি এজনী কিশোৰী অপ্ৰস্তুত
হ'ব লগা হ'ল। সি যদি কৰিমনৰ বিছনাত তেনেকৈ
নুশুলেহেঁতেন, তেনেহ'লে হয়তো কিশোৰীজনী এনেকৈ অপ্ৰস্তুত হ'ব লগা নহ'লহেঁতেন। সি এজনী ছোৱালীৰ বিছনাত
তেনেকৈ শোৱাটো নিশ্চয় উচিত হোৱা নাই। এই উপলব্ধিয়ে তাক হাফিজাৰ প্ৰতি অধিক
আকৰ্ষিত কৰি তুলিলে। কোন এই কিশোৰী?
কিশোৰীজনীৰ পৰিচয় জানিবলৈ সি কৌতুহলী হৈ উঠিল আৰু হাফিজাৰ লাৱণ্যৰে
ভৰা কমনীয় মুখমণ্ডল যেন অধিক মোহনীয়া হৈ উঠিল তাৰ কল্পনাত। সি দেহমনৰ জড়তা ভাঙি
বিছনাৰ পৰা নামি পৰিল ।
কিশোৰীজনী নিশ্চয় কৰিমনৰ বান্ধৱী।
কলিমুদ্দিনে মোমায়েকহঁতৰ গাঁৱৰ মানুহ তেনেকৈ চিনি নাপায়। দুই এবছৰৰ মূৰতহে সি দুই এদিনৰ কাৰণে আহে
মোমায়েকহঁতৰ ঘৰলৈ। অৱশ্যে ল'ৰালিত
সি মাকৰ লগত মাজে সময়ে আহিছিল। বয়স হোৱাৰ পাছত বিশেষ কাৰণ নহ'লে মাকেও প্রায় নাহেই। সিও নাহে বিশেষ
কাৰণ নহ'লে। গতিকে
গাঁৱখনৰ মানুহৰ লগত তাৰ বিশেষ চিনা-পৰিচয় নাই । তথাপিও কিশোৰীজনীৰ পৰিচয় জনাটো
বিশেষ অসুবিধা নহ'ব
বুলি ভাবিলে সি। কৰিমনক সুধিলেই নিশ্চয় সি কিশোৰীজনীৰ পৰিচয় জানিব পাৰিব। এইদৰে
মনতে ভাবি সি কৰিমনক বিচাৰি কোঠালিৰ পৰা ওলাই আহিল।
হাফিজাৰ আচৰণত কৰিমন বিস্ময়াভিভূতভাৱে
পাক ঘৰৰ সন্মুখত থিয়দি আছিল। হাফিজাৰ আচৰণে বাৰুকৈয়ে তাইক কৌতূহলী ও বিস্মিত কৰি
তুলিছিল। হাফিজাই নিশ্চয়
তাইক বিচাৰি আহিছিল। কিন্তু তাইক একো নোকোৱাকৈ এইদৰে গুচি যোৱাৰ কাৰণ কি? এই আচৰণৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য
লুকাই আছে! কিন্তু কি সেই ৰহস্য ?
কৰিমনে এইবোৰ কথা মনত জুকিয়াই
থাকোঁতেই কলিমুদ্দিন আহি সেইখিনি পালেহি।
কলিমুদ্দিন কৰিমনৰ বিছনাত শুই থকা
কথাটো কৰিমনে জানে। সেয়ে তাই কলিমুদ্দিনক দেখি সুধিলে- কি হ'ল? সাৰ পালা নেকি ?
কলিমুদ্দিনে ইতিমধ্যে নিজক চম্ভালি
লৈছিল। তাৰ বিহ্বলতাও ইতিমধ্যে প্রায় নাইকিয়া হৈ গৈছিল। তেতিয়া তাৰ চকুৰ আগত
মাথোন হাফিজাৰ লাজ ৰক্তিম মুখৰ প্ৰতিচ্ছবিহে ভাহি আছিল। মিঠা বৰণ। আয়ত টনা চকু।
গোল মুখৰ দীৰ্ঘাংগী কিশোৰী। বয়স চৈধ্য পোন্ধৰ বছৰ। পিন্ধোনত আকাশী ৰঙৰ মোটা
শাড়ী।
কলিমুদ্দিনে কৰিমনৰ প্ৰশ্নৰ উত্তৰ নিদি
সুধিলে- তোমালোকৰ ঘৰলৈ অলপ আগতে কোনোবা ছোৱালী আহিছিল নেকি ?
কলিমুদ্দিনে যে হাফিজাৰ কথাকে সুধিছে
এই কথা উপলব্ধি কৰিবলৈ কৰিমনৰ অসুবিধা নহ'ল । এফালে হাফিজাৰ অস্বাভাৱিক আচৰণ আৰু আনফালে কলিমুদ্দিনৰ উৎকণ্ঠিত
প্ৰশ্নৰ মাজত তাই ৰহস্যৰ গোন্ধ পালে। হাফিজা আৰু কলিমুদ্দিনৰ মাজত কিবা ভুল
বুজাবুজি সৃষ্টি হৈছে বুলি তাই এক প্ৰকাৰ নিশ্চিত হ'ল। ফলত তাই ৰহস্যৰ পুলি-পোখা উভালিবলৈ ৰহস্যপূর্ণ হাঁহি মাৰি ক'লে- অ’ আহিছিল। কি হ’ল
সেইবুলি ? তোমাৰ
লগত দেখা হৈছিল নেকি ?
কলিমুদ্দিনৰ চকুৰ আগত অলপ আগতে ঘটি
যোৱা ঘটনাৰ প্ৰতিচ্ছবি উদ্ভাসিত হৈ উঠিল আৰু সি ঘটনাটো ব্যক্ত কৰিবলৈ ব্যৰ্থ হৈ
উঠিল। কিন্তু পাছমুহূর্ততে সি সজাগ হৈ উঠিল। প্রকৃত ঘটনা প্রকাশ কৰিবলৈ তাক বিবেকে
বাধা দিলে। কাৰণ দুৰ্ঘটনা হ’লেও
এক স্পর্শকাতৰ ঘটনা। লজ্জাজনকো। লজ্জাই নাৰীৰ ভূষণ। ঘটনাটো লোক সমাজত প্ৰকাশ হ'লে ছোৱালীজনী নিন্দিতা হোৱাটো নিশ্চিত।
মানুহে পৰিস্থিতিৰ কথা চিন্তা নকৰি প্ৰকৃত ঘটনাটোত ৰহণ সানি তিলটোকে তালটো কৰি
ছোৱালীজনীৰ জীৱন দুর্বিসহ কৰি তুলিব । কাৰণ পৰচৰ্চা তেঁতিলিতকৈও সোৱাদ আৰু লোভনীয়
এচাম মানুহৰ বাবে।
সেয়ে কলিমুদ্দিনে প্রকৃত ঘটনাটো গাপ
মাৰি ক'লে- নাই নাই, তেনে কোনো কথা হোৱা নাই। আহিয়ে গুচি
যোৱা দেখিলো। সেই কাৰণেহে সুধিছোঁ। এইদৰে প্ৰকৃত ঘটনা গাপ মাৰি সি তাৰ ঈস্পিত
প্ৰশ্নটো সুধিলে- ক'ৰ ছোৱালী
? নাম কি?
মানুহৰ মুখমণ্ডল হ'ল মানুহৰ মনৰ দাপোণ। মানুহ এজনৰ মনৰ
অভিব্যক্তি মুখমণ্ডল আৰু আচৰণত ফুটি উঠে। গতিকে কলিমুদ্দিনে শাকেৰে মাছ ঢাকিবলৈ
চেষ্টা কৰিলেও তাৰ মুখমণ্ডলৰ অভিব্যক্তি আৰু আচৰণলৈ লক্ষ্য কৰি হাফিজা আৰু
কলিমুদ্দিনৰ মাজত কিবা অঘটন ঘটি গৈছে বুলি কৰিমন নিশ্চিত হ'ল।
তাই কৌতুহল নিবাৰণ কৰিবলৈ আন্তৰিকতাৰে
সুধিলে- কোৱাচোন ককাইদেউ, কি
হৈছে? একো অসুবিধা
নাই। তাই মোৰ বান্ধৱী।
কৰিমনৰ আন্তৰিকতা আৰু অভয়বাণীত
কলিমুদ্দিন কিছু পৰিমাণে আশ্বস্ত হ'ল।
ক'লে সি- ঘটনাটো
কাকো নক’বা বুলি আগতে
শপত খোৱা ৷
জোলোঙাৰ মেকুৰী ওলোৱাৰ আশাত কৰিমনে ক'লে- নকওঁ। সইত, সইত, সইত। এয়া তিনি সইত খালো। এতিয়া কোৱাচোন ঘটনাটো কি?
কৰিমনৰ পৰা আশ্বাস পাই অলপ আগতে ঘটি
যোৱা ঘটনা কলিমুদ্দিনে কৰিমনৰ ওচৰত থূলমূলকৈ বিৱৰি ক'লে ৷
ঘটনাটোত আমোদৰ খোৰাক পাই কৰিমনৰ
মুখমণ্ডল কৌতুকত উদ্ভাসিত হৈ উঠিল। তাই মিচিকিয়াই হাঁহি ক'লে- তাইৰ নাম হাফিজা। ঘৰ সাটুৰিয়াত।
মোমায়েকহঁতৰ ঘৰলৈ আহিছে। বৰ ভাল ছোৱালী। দেউতাক মচজিদ ইমাম। তায়ো কোৰাণ পঢ়িব
জানে। মোমায়েকহঁতৰ ঘৰলৈ আহিলে মোৰ লগত দেখা নকৰাকৈ নাযায়। ব’লা, তোমাক তাইৰ লগত পৰিচয় কৰাই দিওঁগৈ৷
প্ৰস্তাৱটো কলিমুদ্দিনৰ কাৰণে লোভনীয়
আছিল যদিও এক সংকোচবোধে তাক বিব্ৰত কৰি তুলিলে। সেয়ে সি সেমেনা-সেমেনি কৰি ক’লে- নাই নাযাওঁ । তাইবা আকৌ কি ভাৱে ?
একো নাভাবে ৷ কৰিমনে দৃঢ়তাৰে ক'লে-তুমি গ'লে তাই ভালেই পাব । তুমিতো তাইক বলপূর্বক টানি নিয়া নাছিলা । কোনো
অশিষ্ট ব্যৱহাৰো কৰা নাই তুমি তাইৰ লগত। মোক বুলি ভাবিয়ে হয়তো তাই মোক অপ্রস্তুত
কৰিবলৈ তেনেকৈ শুইছিল। ব’লা, ঘটনাটো লৈ কৌতুক কৰিবপৰা যাব। তুমি গ'লে তাইৰ লাজ-সংকোচৰ পৰাও মুক্ত হ'ব।
কৰিমনৰপৰা আশ্বাস পাই কলিমুদ্দিন
হাফিজাৰ মোমায়েকহঁতৰ ঘৰলৈ যাবলৈ সন্মত হ’ল।
দুয়ো হাফিজাৰ মোমায়েকহঁতৰ ঘৰলৈ আহিল।
হাফিজা অন্যমনস্ক ভাবে বাৰাণ্ডাত পীৰা এখন পাৰি বহি আছিল । কৰিৰ্মনৰ লগত
কলিমুদ্দিনক দেখি তাই সংকোচিত হৈ উঠিল। বহাৰ পৰা উঠি তাই কমিনক উদ্দেশ্য কৰি ক'লে- আহা ভিতৰত বহোঁগৈ ।
কৰিমনে বাধা দি ক'লে- নাই নাই, ইয়াতে বহিম। এইদৰে কৈ তাই
কলিমুদ্দিনলৈ আঙুলিয়াই ক'লে-
সংকোচ কৰিব নালাগে। এওঁ মোৰ পেহীৰ ল'ৰা ।
হাফিজাই কলিমুদ্দিনলৈ কেৰাহিকৈ চাই
দৃষ্টি ঘূৰাই কৰিমনক উদ্দেশ্য কৰি ক'লে- নাই নাই, ব’লা ভিতৰতে বহোঁগৈ৷ এওঁ ইয়াতে বহক।
কৰিমনে পুনৰ বাধা দি ক'লে- নাই নাই, আমি ভিতৰত বহিম আৰু তেওঁ বাৰাণ্ডাত বহি
থাকিব এয়া ভাল নেদেখাব। ব’লা, তিনিওি ভিতৰতে বহোগৈ। আচলতে ককাইদেউ
তোৰ লগত দেখা কৰিবলৈয়ে আহিছে ।
হাফিজাই বিস্ময় প্রকাশ কৰি ক'লে- মোৰ লগত দেখা কৰিবলৈ ? কিয়? মই দেখোন এওঁক চিনিকে নাপাওঁ। তেনেহ'লে মোৰ লগত দেখা কৰিবলৈ অহাৰ কাৰণ কি?
কৰিমনে ভুমিকা এৰি পোনপটীয়াভাবে ক’লে- ক্ষমা খুজিবলৈ।
হাফিজাই বিস্ময় প্রকাশ কৰি ক'লে- ক্ষমা খুজিবলৈ! এওঁ কি দোষ কৰিছে
মোৰ ওচৰত?
কৰিমনে পৰিৱেশটো লঘু কৰি তুলিবলৈ ক'লে- সেয়া তহঁতে জান। মই কি ক'ম। মাথোন জানো যে, আজি ভাল সাৰি গৈছ। টানি কঁথাৰ তলত
সুমুৱাই ল'লে
মোল্লা মাতিব লগা হ'লহেঁতেন!
এইদৰে কৈ কৰিমনে ৰহস্যময় ভংগীত হাঁহি মাৰিলে ।।
কৰিমনে ঘটনাটো জানি গৈছে বুলি জানি
হাফিজা লাজত ৰঙা-চিঙা পৰি গ'ল।
পৰিবেশ লঘু কৰি তুলিবলৈ তাই কৰিমনৰ গাত ঠেলা মাৰি ক'লে- ধেৎ আঁকৰী। তই বৰ বাঢ়ি গৈছ। হাঁহিলে কান্দিব লাগে, বুজিছ !
এইবাৰ কলিমুদ্দিনে মুখ খুলিলে। ক'লে সি- চাওঁক এই ক্ষেত্ৰত মোৰ একো দোষ
নাই। ঘটনাটোৰ কাৰণে মই খুবেই দুঃখিত।
হাফিজাই নিজৰ ভুল স্বীকাৰ কৰি ক'লে- আচলতে ভুলটো মোৰেই। মই কৰিমন
বুলিহে ভাবিছিলো । গতিকে আপোনাক বিব্ৰত কৰাৰ কাৰণে ময়ো দুঃখিত।
কৰিমনে মধ্যস্ততা কৰি ক'লে- বাৰু, যি দেখিলোঁ দোষ উভয়ৰে। কিন্তু
ককাইদেৱে উপযাচি আহি দুঃখ প্রকাশ কৰাৰ কাৰণে জৰিমনা তয়ে ভৰিব লাগিব। যা, কিবা এটা খুওৱাৰ ব্যৱস্থ কৰগৈ।
এইদৰেই সিদিনা পৰিস্থিতি স্বাভাৱিক হৈ
উঠিছিল আৰু হাফিজাই দুয়োকো ঘৰৰ ভিতৰলৈ মাতি নি গুড়েৰে মুৰি খোৱাইছিল।
সেই ঘটনাৰ পাছত হাফিজা আৰু কলিমুদ্দিনৰ
মাজত ভালপোৱাৰ সম্বন্ধ গঢ়ি উঠিছিল আৰু এবছৰমান পাছত সেই ভালপোৱাই বিয়াৰ ৰূপ
লৈছিল ।
কলিমুদ্দিনে অতীত ৰোমন্থন কৰি
অন্যমনস্ক হৈ থাকোঁতেই হাফিজাই ক'লে-
নুৰবানুৰ সেই বিৰাগেই আছিল অনুৰাগৰ পূৰ্বলক্ষণ। হাফিজাই ওপৰৰ ফালে চাই ক'লে- আল্লাহই সিহঁত দুটাক যোৰা
বান্ধিয়ে পঠাইছে বোধহয়।
কলিমুদ্দিনে সংশয় মিহলি কণ্ঠত ক’লে- কিন্তু এই বয়সত প্রেম!
হাফিজাই ক'লে- জানো। মোৰোতো প্রথমে বিশ্বাসে হ'ব খোজা নাছিল। কিন্তু ঘটনাৰ গমগতি দেখি
অৱশেষত বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ। নুৰবানুৰৰ মাক আৰু আবুয়েকেও জানে কথাটো ।
তথাপি কলিমুদ্দিনে কথাটো বিশ্বাস
কৰিবলৈ টান পালে। অৱশ্যে অবিশ্বাস কৰাৰ যথেষ্ট থলো আছিল। তাৰ সন্দেহ অমূলকো নাছিল।
কাৰণ ল'ৰালিত মহচীন অলপ নিৰ্জু স্বভাৱৰ আছিল। কাৰো লগত বিশেষ মাতবোল
নকৰিছিল। কিছু ভয়াতুৰ প্রকৃতিৰো আছিল সি। গতিকে নুৰবানুই তাৰ সেই ভয়াতুৰ আৰু
নিৰ্জু স্বভাৱৰ সুযোগলৈ জোকাই আমোদ উপভোগ কৰিছিল।
কৰিম বেপাৰীৰ ওচৰত মহচীনে
বাল্যশিক্ষাখন পঢ়িছিল। নিতৌ ৰাতিপুৱা সি বাল্যশিক্ষাৰ পাঠ ল'বলৈ কৰিম বেপাৰীৰ ওচৰলৈ গৈছিল আৰু
নুৰবানুই সিহঁতৰ কুকুৰটো লেলিয়াই দি মহচীনক নাজল-নাথল কৰিছিল । ফলত নুৰবানুৰ
উৎপাতৰ কাৰণে সি বাল্যশিক্ষাখন শেষ কৰিব পৰা নাছিল। আধাতে এৰিব লগা হৈছিল।
গতিকে ঘটনাৰ তলা-নলা পাবলৈ কলিমুদ্দিনে
সুধিলে- কোৱাচোন কথাটো কি?
ময়ো অৱশ্যে কথাটো তেনেকৈ নাজানো ৷
হাফিজাই ক'লে-
মহচীনৰ জ্বৰ হোৱাৰ সময়তহে মই কথাটো গম পাইছোঁ। পাছত মই নুৰবানুৰ আইতাকৰ মুখতো
ঘটনাটো শুনিছোঁ। এইদৰে কৈয়ে হাফিজাই নুৰবানুৰ আইতাকৰ মুখত শুনা ঘটনাটো বিৱৰি ক'লে।
প্রায় দুমাহমান আগতে ঘটিছিল ঘটনাটো-
নুৰবানুহঁতৰ কেইজনীমান ছাগলী আছিল ।
তাৰে দুজনী ছাগলী তাইৰ নিজৰ আছিল । প্ৰতিদিনৰ দৰে সিদিনা তাই ছাগলী দুজনীক ঘাঁহ
খাবলৈ এৰি দিছিল।
তেতিয়া জন বসতি পাতল আছিল বাবে বেছি
ভাগ ঠাই বন জংঘলেৰে ভৰা আছিল। জংঘলবোৰ বাঘ, ম'হ, গাহৰি আদিৰ উপৰিও শিয়াল, হাপাৰ বিচৰণস্থলী আছিল। শিয়ালবোৰে
দিনৰ ভাগতো চিকাৰৰ সন্ধানত হাবিৰ দাঁতিয়ে দাঁতিয়ে পিয়াপি দি ফুৰিছিল। সুযোগ
পালেই হাহঁ-কুকুৰা,ছাগলী
আদি ধৰি নি খাইছিল।
সিদিনা নুৰবানুৰ ছাগলী দুজনী পথাৰত চৰি
আছিল ৷
দুটা শিয়াল ওঁঠ চেলেকি চেলেকি হাবিৰ
দাঁতিত খাপ পিতি ৰৈ ছাগলী দুজনীক চিকাৰ কৰাৰ সুযোগ বিচাৰি আছিল ৷
এটা সময়ত শিয়াল দুটাৰ সুযোগ মিলিল ।
ছাগলী দুজনী মনৰ হেপাঁহত ঘাঁহ খাই খাই আহি হাবিৰ দাঁতি পালেহি। শিয়াল দুটাই সেই
সুযোগতে হাবিৰপৰা ওলাই আহি এজনী ছাগলীক দুফালৰ দুখন কাণত ধৰি চোঁচৰাই হাবিৰ ফালে
টানি নিবলৈ ধৰিলে আৰু আনজনী ছাগলী ভয়ত গগণ ফলা চিঞৰ মাৰি উধাতু খাই ঘৰলৈ বুলি লৰ
মাৰিলে ।
ছাগলীজনীক উধাতু খাই লৰি অহা দেখি
নুৰবানুই ছাগলী দুজনী চৰি থকা পথাৰৰ ফালে চাই পঠিয়ালে । শিয়াল দুটাই ছাগলীজনীক
কাণত ধৰি চোঁচৰাই নিয়া দৃশ্যটো তাইৰ চকুত পৰিল । দৃশ্যটো দেখি তাই দিগ্বিদিক্
জ্ঞান শূন্য হৈ পৰিল আৰু ছাগলীজনীক শিয়ালৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ দৌৰি আহিল। কিছু
নিলগৰ পৰাই তাই হেই-হেই বুলি ভয় খুওৱাই শিয়াল দুটাক খেদি পঠিয়াবলৈ চেষ্টা চলালে; কিন্তু তাই বিফল হ'ল। শিয়াল দুটাই তাইৰ ডাবি-ধমকিলৈ কেৰেপ
নকৰি নিৰ্বিকাৰভাৱে ছাগলীজনীক চোঁচৰাই লৈ গৈ থাকিল। অৱশেষত নিৰূপায় হৈ তাই দৌৰি
আহি ছাগলীজনীৰ পিছ ঠেঙত ধৰি শিয়াল দুটাৰ কবলৰ পৰা এৰুৱাই আনিবলৈ চেষ্টা চলালে।
শিয়াল দুটাই আকৰ্ষণ কৰে হাবিৰ ফালে আৰু নুৰবানুই আকৰ্ষণ কৰে নিজৰ ফালে। কিন্তু
শিয়াল দুটাৰ লগত বলে নোৱাৰি তাই অৱশেষত সহায়ৰ কাৰণে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে।
মহচীন অলপ আঁতৰতে হালবাই আছিল।
ছাগলীজনীৰ গগন ফলা চিঞৰৰ লগতে নুৰবানুৰ চিঞৰ-বাখৰ তাৰ কাণত পৰিল। সি চিঞৰৰ উৎস
বিচাৰি মূৰ তুলি চালে। মূৰ তুলি চোৱাৰ লগে লগে দৃশ্যটো তাৰ চকুত পৰিল। নুৰবানুক সি
চিনিবও পাৰিলে। আসন্ন বিপদ দেখি আগ-পাচ নাভাবি সি হালুৱা লৰুটোলৈ ছাগলীজনীক ৰক্ষা
কৰিবলৈ লৰি আহিল। কিন্তু কিছু দূৰ অহাৰ পাছতে এষাৰ কথা মনত পৰি গ'ল আৰু লগে লগে সি থমকি ৰৈ গ'ল।
নুৰবানুহঁতৰ এটা পোহনীয়া কুকুৰ আছিল।
নাম আছিল বাঘা। কুকুৰটো দেখাত প্ৰায় বাঘৰ দৰে আছিল। মহচীনক দেখিলেই নুৰবানুই ‘ছোঃ ছোঃ ধৰ ধৰ’ বুলি কুকুৰটো তাৰ ফালে লেলিয়াই দিছিল
আৰু মহচীনে ভয়ত হাত ভৰি জোকাৰি চিঞৰ-বাখৰ কৰিছিল। মহচীনে ভয় খাই যিমানে আটাহ পাৰি চিঞৰিছিল নুৰবানুই সিমানে খিলখিলাই
হাঁহি তাক অপ্ৰস্তুত কৰিছিল। নুৰবানুৰ আতাক আৰু মাকে এই কাৰ্যৰ বাবে তাইক
ডাবি-ধমকিও দিছিল; কিন্তু
তাইক এই কাৰ্যৰ পৰা বিৰত কৰিবপৰা নাছিল। শেষলৈকে নুৰবানুৰ উৎপাত সহ্য কৰিব নোৱাৰি
মহচীনে নুৰবানুহঁতৰ ঘৰলৈ যাবলৈ এৰি দিছিল। ফলত বাল্যশিক্ষা পঢ়া সি আধাতে বন্ধ
কৰিব লগীয়া হৈছিল।
নুৰবানু আৰু মহচীনহঁতৰ ঘৰ প্ৰায়
উচৰা-উচৰি কাৰণে দুয়োৰে সততে দেখা-সাক্ষাৎ হৈছিল। বাটে-পথে লগ পালেই নুৰবানুই মুখ
ভেঙুচাই ওঁঠ ওলোটাই মহচীনক ঠাট্টা কৰি কৈছিল- ভয়াতুৰ। কুকুৰ দেখিলেই ভেঁউ ভেঁউ কৈ
কান্দে।
সহ্যৰো এটা সীমা আছে। অতিমাত্ৰা উৎপাতত
নিৰ্জু নিৰীহও কেতিয়াবা হিংস্ৰ হৈ উঠে।
এদিন নুৰবানুই তেনেকৈ ঠাট্টা কৰোঁতেই
মহচীনে ধৈৰ্য্য হেৰুৱাই তাইৰ হাতত কামুৰি দিছিল । ক্ষতস্থানৰ পৰা তেজো ওলাইছিল। এই
ঘটনাৰ বাবে নুৰবানুৰ আতাক-মাকে মহচীনক জগৰীয়া কৰাৰ পৰিৱৰ্তে নুৰবানুকে জগৰীয়া
কৰিছিল।
নুৰবানুৰ মাকে কৈছিল- উচিত কামেই
কৰিছে। এওঁ তোৰ কি পকা-ধানত মৈ দিছে, যে তই সদায় এওঁক জোকাবলৈ যাৱ ? নুৰবানুক এইদৰে ভৎসনা কৰি মহচীনক শান্ত্বনা দিবলৈ কৈছিল- তুমি ঠিকেই
কৰিছা। তাই যদি পুনৰ তোমাৰ লগত লাগিবলৈ যায় তেনেহ'লে তুমি এইৰ হাতৰ মঙহ কামুৰি চিঙি নিবা।
এই ঘটনাৰ পাছৰ পৰা নুৰবানু গহীন হৈ
পৰিছিল আৰু মহচীনক জোকাবলৈ এৰি মাথোন কেৰাহিকৈ চাইয়ে মুখ ঘুৰাই আঁতৰি গৈছিল ৷
কোনেও কাকো মাতবোল নকৰিছিল। ইজনে-সিজনক এৰাই চলিবলৈ যত্ন কৰিছিল। বিশেষকৈ মহচীনে।
এই কথাবোৰ মনতে ভাবি মহচীনে কিছু সময় থমকি ৰই উভতিখোজ ল'লে। দুখোজ মান গৈয়ে সি পুনৰ দৃশ্যটোৰ
ফালে উভতি চালে।
নুৰবানুই তাক উদ্দেশ্য কৰি অসহায় ভাবে
কোৱা কথাবোৰ তাৰ কাণত পৰিল- তেনেকৈ গুচি গৈছা কিয় ? আহা, ছাগলীজনীক
শিয়ালৰ কবলৰ পৰা বচোৱা ৷
নুৰবানুৰ অসহায় অৱস্থা দেখি মহচীনে
মনে মনে ৰঙ পালে যদিও ছাগলীজনীৰ প্ৰতি তাৰ সহানুভূতি উপজিল। গতিকে সি সকলো
হিংসা-দ্বেষ পাহৰি লৰুডাল দাঙি দৌৰি আহিল। শিয়ালদুটাৰ ওচৰলৈ আহিয়ে সি লৰুডালেৰে
শিয়াল দুটাক উধাই-মুধাই কোবাবলৈ ধৰিলে।
আকস্মিক আক্ৰমণত শিয়াল দুটাই ভয় খাই
ছাগলীজনীক এৰি থৈ দৌৰি পলাল ।
বংগীয় মূলৰ ধৰ্মান্তৰিত মুছলমান সমাজত
তেতিয়া ফ্ৰক আৰু ব্লাউজৰ প্ৰচলন এক প্ৰকাৰ নাছিল বুলিয়েই ক'ব পাৰি। সৰুতে পেণ্ট বা গামোচা
পিন্ধিছিল আৰু সাত-আঠ বছৰ বয়স হ'লেই
ছোৱালীবোৰে তাঁতৰ শাড়ী পিন্ধিছিল। পেটিকোটৰ প্ৰচলনো নাছিল। ধনী আৰু চখীনসকলেহে
পেটিকোট ব্যৱহাৰ কৰিছিল। সেয়াও বিয়া- বাৰুৰ পাছতহে ।
নুৰবানুই সিদিনা তাঁতৰ মোটা শাড়ী
পিন্ধি আছিল। গাত ব্লাউজ নাছিল।
শিয়ালৰ লগত ছাগলীজনীকলৈ টনা-আঁজোৰা
কৰি থাকোঁতে তাই ক'ব
নোৱাৰাকৈয়ে তাইৰ গাৰপৰা কাপোৰখন খহি পৰাত গাটো সম্পূৰ্ণৰূপে উদং হৈ পৰিছিল।
মহচীনৰ বয়স তেতিয়া পোন্ধৰ বছৰ। দেহলৈ
পূৰ্ণ যৌৱন নাহিলেও ইতিমধ্যে যৌৱনৰ পৰশ লাগিবলৈ আৰম্ভ কৰিছিল। নাকৰ তলত গোঁফৰ ৰেখা
সম্পূৰ্ণ ৰূপে বিকশিত হৈ নুঠিলেও ক'লা
আভাস জিলিকি উঠিছিল। এক কথাত মেদহীন কর্মঠ পেশীবহুল দেহত যৌৱনে লুকাভাকু খেলিবলৈ
আৰম্ভ কৰিছিল।
নুৰবানুৰ বয়স তেতিয়া বাৰ বছৰ।
মহচীনতকৈ তিনি বছৰৰ সৰু। গাৰ বৰণ বগা। আয়ত চকু। দীঘল ঘন কলা চুলি। তেল- পানীৰ
অভাৱত অৱশ্যে কিছু পাৰিমাণে ৰুক্ষ ।তেতিয়াৰ দিনত দুখীয়াৰ ঘৰত চাবোনৰ ব্যৱহাৰ
প্ৰায় নাছিল বুলিয়ে ক'ব
পাৰি। চোডা নহ'লে
এঠালতীয়া মাটিৰে চুলি চাফা কৰিছিল। মূৰত এড়ি আৰু সূৰুযমুখীৰ হাতে পেৰা তেল
ঘঁহিছিল। গতিকে গৃহস্থ ঘৰৰ জীয়ৰী-বোৱাৰীৰ প্ৰায়বোৰৰে চুলি অমসৃণ আছিল। অৱশ্যে আন
দহজনী ছোৱালীতকৈ নুৰবানুৰ চুলি কিছু মাৰ্জিত আৰু মসৃণ আছিল। তাইৰ দেহতো পূৰ্ণ
কিশোৰীৰ আটাইবোৰ লক্ষণ ফুটি উঠিবলৈ আৰম্ভ কৰিছিল। দেহত ফাগুন পলাশৰ ৰং সম্পূৰূপে
উদ্ভাসিত হৈ নুঠিলেও আভা এটা পৰিছিল।
আধা ফুটা কলি আৰু আধাফুটা মাতৰ দৰেই
আছিল দুয়োৰে দেহ আৰু মনৰ অৱস্থা ।
নুৰবানুই মাটিত বিক্ষিপ্ত ভাবে পৰি থকা
কাপোৰ সামৰি অনাবৃত বুকু আবৃত কৰাৰ আগতেই তাইৰ উদং বুকুখনিৰ ওপৰত মহচীনৰ চকু পৰিল
আৰু সি ৰোমাঞ্চিত হৈ উঠিল। সি নুৰবানুৰ প্ৰতি অনামী এক আকর্ষণ অনুভৱ কৰিবলৈ ধৰিলে।
নুৰবানুৰ দেহৰ ওপৰত তাৰ লোভাতুৰ দৃষ্টি নিৱন্ধ হৈ ৰ'ল। স্থান-কাল-পাত্ৰৰ কথা পাহৰি সি নিলৰ্জৰ দৰে নুৰবানুৰ দেহৰ
সৌন্দৰ্য সম্ভাৰ উপভোগ কৰিবলৈ ধৰিলে।
মহচীনৰ লোভনীয় দৃষ্টি দেখি নুৰবানু
অপ্রস্তুত হোৱাৰ লগতে পুলকিতও হৈ উঠিল। তাইৰ দেহমনত এক অনামী শিহৰণ খেলি গ'ল।লাজত ৰঙা পৰি উঠিল তাই। অপ্রস্তুত অৱস্থা
ঢাকিবলৈ তাই মিচিকিয়া হাঁহি মাৰি কাপোৰ সামৰি ল'লে।
প্ৰত্যুত্তৰত মহচীনে ওঁঠ টিপি হাঁহিলে।
নুৰবানুই কাপোৰ সামৰি কৃতজ্ঞতা জনাবলৈ
ক'লে- তোমাৰ
কাৰণেই আজি ছাগলীজনী ৰক্ষা পৰিল ।
মহচীনে কৃত্রিম ক্ষোভ মিশ্ৰিত উপহাসৰ
সুৰত ক'লে- সেই কাৰণেই
আজি তোমাৰ মুখ ভেঙুচালি দেখাৰ পৰিৱৰ্তে মুখৰ এষাৰ মিঠামাত শুনাৰ সৌভাগ্য হ'ল।
মহচীনৰ ক্ষোভ মিশ্ৰিত উপহাসত নুৰবানু
কিছু পৰিমাণে অপ্রস্তুত ও বিব্রত হ'ল
যদিও সেমেনা-সেমেনি কৰি ক'লে-
তুমি মোক বেয়া পোৱা নেকি?
মহচীনে মুখ ভেঙুচাই ক’লে-নাই নাই,তোমাক বেয়া পাম কিয়? তুমি কুকুৰ লেলিয়াই দি আমোদ উপভোগ
কৰিবা আৰু মই তোমাক ভাল পাই থাকিম। এয়া তুমি ভাবিব পাৰিলা কেনেকৈ? মহচীনে খন্তেক ৰৈ হাতত কামোৰাৰ কথা
সোঁৱৰাই দি ক'লে-
তোমাক ভালপাওঁ নে বেয়া পাওঁ সিদিনাৰ কামোৰত জানো গম পোৱা নাছিলা?
নুৰবানুই নিজৰ ক্ষতস্থানৰ ফালে
চালে।সোঁহাতৰ কিলাকুটিৰ তলত দুপাৰিৰ চাৰিটা দাঁতৰ সুস্পষ্ট ক্ষত চিহ্ন জিলিকি থকা
তাইৰ চকুত পৰিল। মহচীনে তাইৰ হাতত কামুৰিছিল যদিও মাকে ওলোটাই তাইকহে গালি পাৰিছিল
৷ মাকৰ গালি-শপনিত তাইৰ চকু মুকলি হৈছিল। মহচীনক সদায় তেনেকৈ জোকোৱাটো উচিত হোৱা
নাই বুলি সিদিনা তাই উপলব্ধি কৰিব পাৰিছিল। সেয়ে সিদিনাৰ পৰা তাই মহচীনক জোকাবলৈ
এৰিছে। আচলতে তাই বেয়া পাই মহচীনক তেনেকৈ জোকোৱা নাছিল। সৰুৰে পৰা তাই মহচীনৰ
প্ৰতি এক বিশেষ অকর্ষণ অনুভৱ কৰিছিল আৰু তেনেকৈ জোকাই সেই আকৰ্ষণৰ প্ৰতিক্ৰিয়াহে
প্ৰকাশ কৰিছিল মাথোন। সেয়ে মহচীনে তাইৰ হাতত তেনেকৈ কামোৰাৰ পাছতো মহচীনৰ প্ৰতি
তাইৰ কোনো অভিযোগ নাছিল। এতিয়াও অৱশ্যেকোনো ধৰণৰ অভিযোগ নাই তাইৰ ।
এইবোৰ কথা মনত জুকিয়াই চাই নুৰবানু
কিছু পৰিমানে আবেগিক হৈ উঠিল। সেয়ে আবেগ জড়িত কণ্ঠত ক’লে তাই-এয়া চোৱা তুমি কামোৰা ঠাইডোখৰ
এতিয়াও কেনেকৈ জিলিকি আছে। ক্ষতস্থানলৈ চালেই তোমাৰ কথা মনত পৰে। এইবাৰ নুৰবানু
অধিক আবেগিক হৈ উঠিল- আচলতে তোমাক সৰুৰে পৰাই মোৰ ভাল লাগে। সেইবাবেই কুকুৰ
লেলিয়াই দি সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ ৷ অনুৰাগৰ পূৰ্ব লক্ষণতো বিৰাগেই
হয় এয়া তুমি নাজানা জানো ?
নুৰবানুৰ কথাবোৰ মহচীনৰ কাণত সংগীতৰ
মূৰ্চ্ছনাৰ দৰেই ঝংকাৰিত হ'ল।
আনন্দ উত্তেজনাত সৰ্বশৰীৰত সি এক ধৰণৰ বিশেষ কম্পন অনুভৱ কৰিবলৈ ধৰিলে। কিবা এটা ক'বলৈ গৈয়ো আবেগত তাৰ বাৰুদ্ধ হৈ গ'ল। এনেতে ওচৰতে থিয় দি থকা ছাগলীজনীৰ
ফালে তাৰ চকু গ'ল।
ছাগলীজনীৰ ক্ষতস্থানৰ পৰা তেজ বৈ আছিল।
মহচীনে কামোৰাৰ ফলত সিদিনা নুৰবানুৰ ক্ষতস্থানৰ পৰাও এনেকৈ তেজ নির্গত হৈছিল।
সিদিনাৰ সেই দৃশ্যটো চকুৰ আগত ভাহি উঠাৰ লগে লগে মহচীনে হৃদয়ত এক ধৰণৰ কৰুণ ব্যথা
অনুভৱ কৰিলে । তাৰ প্ৰথমবাৰৰ কাৰণে উপলব্ধি হ'ল যে, সিদিনা
সি এজনী ফুল কোমলীয়া ছোৱালীক তেনেকৈ কামোৰাটো উচিত হোৱা নাছিল। পাঁচ বছৰ আগতে কৰা
দোষটো সি আজি মনে মনে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। কিন্তু মুখ ফুটাই দোষ স্বীকাৰ কৰিবলৈ তাৰ সংকোচ বোধ হ'ল।
গতিকে মহচীনে নিজৰ দুৰ্বলতা ঢাকিবলৈ
ব্যস্ত হৈ উঠিল। সি ছাগলীজনীৰ ক্ষতস্থানলৈ আঙুলিয়াই ক'লে- চোৱাচোন, ছাগলীজনীৰ ক্ষতস্থানৰ পৰা কেনেকৈ তেজ
নিগৰি আছে। সোনকালে তেজ বন্ধ কৰাৰ ব্যৱস্থা নকৰিলে অসুবিধা হ'ব পাৰে। ব’লা, ছাগলীজনী ঘৰলৈ লৈ ব'লা, ক্ষতস্থানত হালধি পিহি লগাই দিব লাগিব
।
এইদৰে কৈয়ে নুৰবানুক কোনো কথা ক'বলৈ সুযোগ নিদিয়াকৈ মহচীনে ছাগলীজনী
দাঙি বুকুত সাৱটি ধৰিলে।
নুৰবানুৰ ছাগলীজনীও সেই মুহূর্তে
মহচীনৰ মনত আপোন আপোন লাগিবলৈ ধৰিলে। তাৰ অনুমান হ'ল যেন ছাগলী নহয় সি নুৰবানুকহে বুকুত সাৱটি ধৰিছে। বুজাব নোৱাৰা এক
মিঠা আমেজত তাৰ চকু মুদ খাই আহিল । ছাগলীজনী বুকুত সাৱটি ধৰি সি নুৰবানুহঁতৰ ঘৰৰ
ফালে খোজ ল'লে।
নুৰবানুই নিঃশব্দে তাক অনুসৰণ কৰিলে।
ঘৰলৈ আহি মহচীনে ছাগলীজনী বুকুৰ পৰা
নমাই ক'লে- যোৱা
সোনকালে হালধি পিহি অনাগৈ ।
মহচীনৰ তাগিদা মতে নুৰবানুই হালধি পিহি
আনি দিছিল আৰু মহচীনে নিজ হাতে ছাগলীজনীৰ ক্ষতস্থানত হালধি লগাই দিছিল।
ঘটনাৰ দুদিনমান পাছৰপৰা মহচীনে পুনৰ
কৰিম বেপাৰীৰ ওচৰত বাল্যশিক্ষাখন পঢ়িবলৈ আৰম্ভ কৰিছে। ফলত নুৰবানুৰ লগত দেখা
সাক্ষাৎ কৰাৰ সুযোগ ওলাইছে। সিহঁতৰ এই ভালপোৱাৰ কথা ইতিমধ্যে হাফিজাৰ চকুতো ধৰা
পৰিছে।
কিছুদিন আগতে মহচীনৰ জ্বৰ হৈছিল। সি
দুদিনমান বিছনাত পৰি আছিল। তেতিয়া এদিন নুৰবানু সিহঁতৰ ঘৰলৈ আহিছিল। প্ৰথম দিনা
আহোঁতে এক কৌতুকজনক পৰিস্থিতি সৃষ্টি হৈছিল ।
নুৰবানু আহি হাফিজাৰ ওচৰত বহিছিল। তাই
হাফিজাৰ লগত কথা পাতিছিল যদিও তাইৰ দৃষ্টিত এক ধৰণৰ চঞ্চলতা আৰু আচৰণত উদ্বেগ
কাতৰতা বিৰাজ কৰি আছিল। মাজে মাজেই তাই অন্যমনস্ক হৈ পৰিছিল আৰু তাইৰ চকুৰ
দৃষ্টিয়ে যেন কাৰোবাক বিচাৰি আছিল ৷
নুৰবানুৰ সেই উদ্বেগ কাতৰতা আৰু উচ্পিচনিলৈ
লক্ষ্য কৰি হাফিজাই সুধিছিল-কিবা সকামত আহিছিলা নেকি?
নুৰবানুৰ তেতিয়া ধৈৰ্যৰ বান্ধ শিথিল
হৈ পৰিছিল। তাই পোনপটীয়া ভাৱে সুধিছিল- মহচীন ককাইক দেখোন দেখা নাই৷ ক'ৰবালৈ গৈছে নেকি?
হাফিজাই তাইৰ চঞ্চলতা আৰু উদ্বেগ
কাতৰতা উপলব্ধি কৰিব পাৰি কৈছিল- আজিলৈ দুদিন ধৰি জ্বৰ হৈ সি বিছনাত পৰি আছে। জ্বৰ
! নুৰবানুই উৎকণ্ঠা প্রকাশ কৰি সুধিছিল- ক'ত শুই আছে?
ঘৰৰ ভিতৰত। হাফিজাই মহচীন শুই থকা ঘৰৰ
ফালে ইংগিতেৰে দেখুৱাই কৈছিল।
নুৰবানুই হাফিজাৰ অনুমতিলৈ অপেক্ষা
নকৰি মহচীন শুই থকা ঘৰৰ ভিতৰত সোমাই গৈছিল আৰু প্ৰায় আধা ঘণ্টা সময় তাই মহচীনৰ
ওচৰত বহি আছিল।
পিছদিনাও নুৰবানুই দুবাৰ মহচীনক চাবলৈ
আহিছিল আৰু দুবাৰেই হাতত এপদকৈ খোৱা বস্তুলৈ আহিছিল। প্ৰথমবাৰ আহোঁতে তাই বস্তুবোৰ
হাফিজাৰ হাতত দি কৈছিল- মাই পঠিয়াই দিছে। মহচীন ককাইক খাবলৈ দিয়ক গৈ । আকৌ পাছৰ
বাৰ আহোঁতে কৈছিল- ককাইৰ জ্বৰৰ কথা শুনি এয়া আইতাই পঠিয়াই দিছে।
হাফিজাই নুৰবানুৰ মনৰ কথা বুজিব পাৰি
কৈছিল- বাৰু, তুমিয়ে
দিয়াগৈ যোৱা। মই অলপ ব্যস্ত আছোঁ ৷
হাফিজাই এইবোৰ কথা মনতে জুকিয়াই
কলিমুদ্দিনৰ প্ৰশ্নৰ উত্তৰত ক'লে-
মহচীনৰ যে এবাৰ জ্বৰ হৈছিল তেতিয়াই মই কথাটো উপলব্ধি কৰিব পাৰিছোঁ। নুৰবানুহঁতৰ
ঘৰখনেও জানে কথাটো ।
হাফিজাৰ কথাত কলিমুদ্দিনে কৌতুক অনুভৱ
কৰি ক'লে- হয় নেকি? মই দেখোন একোকে গম নাপাওঁ। কথাটো বিশ্বাস
কৰিবলৈকে টান পাইছোঁ মই।
ময়োতো প্রথমতে বিশ্বাস কৰিবলৈ টান
পাইছিলোঁ; কিন্তু
হ'লেও কথাটো সঁচা।
তোমাৰ কথা বাৰু সঁচা বুলিয়ে ধৰি ল'লো; কিন্তু কৰিম বেপাৰীয়ে জানো মত দিব?
সেই দায়িত্ব মোৰ ওপৰত এৰি দিয়ক।
হাফিজাই দৃঢ়তাৰে ক'লে-
যি কৰিব লাগে ময়ে কৰিম। আপুনি একো কৰিব নালাগে ৷
হয় নেকি ! কলিমুদ্দিনে ক'লে- বাৰু, তুমি যি ভাল দেখা তাকে কৰা। মহচীনৰ
বিয়াৰ দায়িত্ব মই তোমাৰ ওপৰতে এৰিলোঁ । কিন্তু চাবা যাতে মুখ থেকেচা নোখোৱা।
আপুনি নিশ্চিন্তে থাকক । মই সকলো কথাৰ
ভুলৈয়ে কৈছোঁ। নুৰবানুৰ আইতাকে ইতিমধ্যে মহচীনক জোঁৱাই বুলি ভাবিবলৈ লৈছেই।
হাফিজাই কোৱা কথা সঠিক বুলিয়ে প্রমাণ
হ'ল। কৰিম
বেপাৰীয়ে সাগ্রহেই বিয়াত সন্মতি দিলে আৰু এমাহমান পাছতে বিয়াখন অনুষ্ঠিতও হ’ল। ফৰিদাক বিয়া দি উলিয়াই দিয়াৰ
পাছত নিজম পৰি থকা ঘৰখন পুনৰ সৰৱ হৈ উঠিল।
* * *
* * *
বিয়াৰ পাঁচ পাছৰ কথা । মহচীন আৰু
নুবানুৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে প্ৰথম সন্তান নুৰুলহকৰ জন্ম হৈছিল। তেতিয়াৰ
দিনত ল'ৰা সন্তান জন্ম
হ’লে মাকৰ আৰু
ছোৱালী সন্তান জন্ম হ'লে
দেউতাকৰ নামৰ আদ্যাক্ষৰেৰে সন্তানৰ নামকৰণ কৰাৰ এক অলিখিত নিয়ম বংগীয় মূলৰ
মুছলমান সমাজত প্ৰচলিত আছিল। এইদৰে নাম ৰাখিলে সন্তান সৌভাগ্যশালী হয় বুলি ভবা
হৈছিল। এই ধাৰণাৰ বশৱৰ্তী হৈয়ে কলিমুদ্দিনে বোৱাৰীয়েক নুৰবানুৰ নামৰ আদ্যক্ষৰেৰে
মহচীনৰ প্ৰথমটো সন্তানৰ নাম নুৰুল হক ৰাখিছিল ৷
সিদিনা কলিমুদ্দিনে নাতিয়েক নুৰুলহকক
কোলাত লৈ বাৰাণ্ডাত বহি আছিল। নুৰুলহকে হাত ভৰি জোকাৰি আতাকৰ দাঢ়ি টানি খেলি
আছিল।
ঠিক তেনেতে দলুমিয়া সোমাই আহিল। দলুমিয়াৰ
মন ভাৰাক্ৰান্ত। সি আহি বাৰাণ্ডাত পাৰি থোৱা পীৰা এখনত মূৰে কপালে হাত দি বহি পৰিল
৷
দলুমিয়াৰ আচৰণ কলিমুদ্দিনৰ কাৰণে
আচহুৱা লাগিল। কাৰণ দুলমিয়াই বেলেগ দিনা আহিলে বাহিৰৰ পৰা মাতি মাতি হুলস্থুল কৰি
আহে। নুল হকক দেখিলে কোলাত লৈ মৰম কৰে আৰু ধেমেলীয়া কথাকৈ হাঁহি-তামচা কৰে ৷
কিন্তু সিদিনা আহি কোনো ধৰণৰ মাতবোল
নকৰাকৈ মুৰে-কপালে হাত দি বহি পৰাত ঘোৰতৰ কিবা ঘটিছে বুলি ভাবিবলৈ বাধ্য হ’ল কলিমুদ্দিন। তথাপিও সি পৰিস্থিতিটো
পাতল কৰি তুলিবলৈ ঠাট্টাৰ সুৰত ক'লে-
কি হ'ল বিয়ৈ ? আহিয়ে মূৰে- কপালে হাত দি বহি পৰিলযে!
ফৰিদে বিয়নীক দখল কৰি আপোনাক খেদি পঠিয়ালে নেকি?
ফৰিদ জালাল আৰু ফৰিদাৰ প্ৰথম সন্তান।
দলুমিয়াৰ নাতিয়েক। সাত আঠ বছৰ বয়স।
বেলেগ দিনা হ'লে দলুমিয়াই কলিমুদ্দিনৰ ঠাট্টাৰ
প্ৰত্যুত্তৰত ঠাট্টা কৰিয়ে ক’লেহেঁতেন-
হয় বিয়ৈ, ফৰিদৰ
কাৰণে বৰ্তমান দখল ৰখাটো কঠিন হৈয়ে পৰিছে। গতিকে তাকেই এৰি দি আহিলোঁ। নাতি বিয়ৈ
নাতি। নাতি হ'ল
প্ৰেমৰ প্ৰতিদ্বন্দ্বি। কেইটামান বছৰ যাবলৈ দিয়ক, আপোনাৰ অৱস্থাও মোৰ দৰেই হ'ব।
কিন্তু সিদিনা দলুমিয়াই এইবোৰ কথাৰ
ওচৰ-পাজৰে দিয়ে নগ'ল।
গহীনভাবে ক’লে
সি- বিয়ৈ, আজি
উদ্ধৱ মহাজনৰ পৰা এষাৰ কথা শুনি আহিলোঁ। নগাওঁ জিলাত বোলে কিবা এটা আইন পাচ হৈছে।
লাইন আইন (লাইন প্রথা)। (এই আইন ১৯২০ চনত প্ৰথম নগাঁৱ জিলাত চালু হৈছিল। এই
ব্যৱস্থা অনুসৰি থলুৱা আৰু প্ৰব্ৰজিত বংগীয় মূলৰ মুছলমানৰ কাৰণে বিশেষ বিশেষ
এলেকা নিৰ্দ্দিষ্ট কৰি দিয়া হৈছিল। প্ৰব্ৰজনকাৰীক থলুৱাসকলৰ অঞ্চলত আৰু থলুৱাক
প্ৰব্ৰজনকাৰীৰ অঞ্চলত বসতি স্থাপনত বাধা দিয়া হৈছিল। ফলত থলুৱা আৰু প্ৰব্ৰজনকাৰীৰ
মাজত এক ভৌগোলিক ব্যৱধান সৃষ্টি হৈছিল। এইদৰে বিভাজনৰ ফলত বৃহত্তৰ অসমীয়া জাতি
গঠন প্ৰক্ৰিয়াত অসুবিধা আহি পৰিছিল। ফলত প্ৰব্ৰজনকাৰী মুছলমানে এই আইন
আন্তৰিকতাৰে গ্ৰহণ কৰিবপৰা নাছিল। কৃষক শ্রমিক নেতা মৌলানা আব্দুল হামিদ খান
ভাচানীয়ে এই প্ৰথাৰ বিৰুদ্ধে আৰু অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীয়ে এই আইনৰ
স্বপক্ষে নেতৃত্ব দিছিল।) থলুৱা আৰু প্ৰব্ৰজনকাৰীৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে হেনো এই
আইন কৰা হৈছে ৷ মাটি তিনিটা ভগত ভাগ কৰা হ'ব। প্ৰথম বিধ মাটিত প্ৰব্ৰজনকাৰী সকলে আৰু দ্বিতীয় বিধ মাটিত থলুৱা
লোকে বসবাস কৰিব। তৃতীয় বিধ মাটিৰ এফালে প্ৰব্ৰজনকাৰী আৰু আনফালে থলুৱাসকলে বসবাস
কৰিব পাৰিব। অচিৰেই হেনো এই আইন সকলোবোৰ জিলাতে চালু হ'ব। উদ্ধৱ মহাজনে কোৱা মতে ওখ ঠাইবোৰ
থলুৱাৰ কাৰণে আৰু নিম্নভূমিসমূহ প্ৰব্ৰজনকাৰীৰ কাৰণে সংৰক্ষিত থাকিব।
কথাটো শুনি কলিমুদ্দিনৰ মূৰত যেন সৰগ
ভাঙি পাৰিল। প্রচণ্ড বেদনাত তাৰ হৃদয় মোচড় দি উঠিল। তাৰ চকুৰ আগত ভাহি উঠিল
বংগদেশৰ দুঃখ-দৈন্য প্রতিচ্ছবি। অসমতো সিহঁতে বংগৰ দৰে আলাই-আথানি ভোগ কৰিব লাগিব
নেকি? এই সংশয় তাৰ
মনত জাগি উঠাৰ লগে লগে সি সংশয় মিহলি কম্পিত কণ্ঠত সুধিলে-তেনেহ'লে কি হ'ব বিয়ৈ ? আমি
ইয়াৰ পৰা উঠি যাব লাগিব নেকি ?
কি হয় ক'ব নোৱাৰোঁ ৷ দলুমিয়ায়ো সংশয় মিহলি
কণ্ঠত ক’লে- চূণ খাই মুখ
পুৰিছে, এতিয়া দৈ
দেখিলেও ভয় লাগে। উদ্ধৱ মহাজনৰ মুখত কথাটো শুনাৰে পৰা কথাটো ভাবি আছোঁ; কিন্তু কোনো কূল-কিনাৰা পোৱা নাই। মোৰ
মতে সংশয়ত নথকাই ভাল। কেইদিনমান আগতে বাঘবৰৰপৰা অহা এজন মানুহ লগ পাইছিলোঁ। সি
কোৱামতে বাঘবৰত হেনো বহু মাটি পতিত পৰি আছে। ১৮৯৭ চনৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈ
হেনো বাঘবৰৰ বহু মানুহ বেলেগ ঠাইলৈ উঠি গৈছে। ফলত হাজাৰ হাজাৰ বিঘা মাটি অনাবাদী
হৈ পৰি আছে। বংগৰ পৰা কিছু মানুহ আহি হেনো ইতিমধ্যে তাত বসতি স্থাপন কৰিছে। মাটিও
হেনো আমাৰ ইয়াৰ মাটিতকৈ উৰ্বৰা ৷ দলুমিয়াই একে উশাহে কথাবোৰ কৈ উপদেশৰ সুৰত ক'লে- কি হয় ক'ব নোৱাৰোঁ। গতিকে সময় থাকোঁতেই বাট ব’লা ভাল। ব’লক, আমি নহ'লে
এদিন গৈ ঠাইডোখৰ চাই আহোঁগৈ৷
ভবামতেই কাম। এসপ্তাহমান পাছত দুয়ো
বিয়ে বাঘবৰলৈ বুলি ওলাল ।
নল, খাগৰি, ইকৰা
আদিৰ মাজে মাজে লুংলুঙীয়া বাট। নল,
খাগৰি দোঁ খাই পৰি কোনো কোনো ঠাইত সুৰংগৰ দৰে বাটসৃষ্টি কৰিছে।
ৰাতিপুৱা যাত্ৰা আৰম্ভ কৰি আবেলি মানত সিহঁতে আহি ভেলেংগী নদীৰ পাৰ-ঘাট পালেহি ।
নাও পাৰতে বন্ধা আছিল। সিহঁত দুয়ো আহি
নাওত উঠিল।
নাৱৰীয়াজন নাওৰ টিঙৰ ওপৰত বহি আছিল।
অসময়ত অচিনাকি মানুহ দেখি নাৱৰীয়াজনে কৌতুহলী হৈ সুধিলে- আপোনালোক ক'ৰ মানুহ? যাব ক’লৈ? আগতে দেখা যেন মনত নপৰে!
আমাৰ ঘৰ ৰূপাকুছিত। দলুমিয়াই ক'লে- আমি আগতে ইয়ালৈ অহাই নাছিলো, চিনিব কেনেকৈ?
যাব ক’লৈ ? নাৱৰীয়াজনে
সুধিলে ?
বাঘবৰলৈ। এইবাৰ কলিমুদ্দিনে উত্তৰ
দিলে।
বাঘবৰলৈ! নাৱৰীয়াজনে পশ্চিমাকাশলৈ চাই
বিস্ময় প্রকাশ কৰি ক'লে-
এই অসময়ত! সিটো পাৰে অটব্য হাবি। দুদিনমান আগতে বাঘে চাচৰাৰ ফালৰ মানুহ এজন
মাৰিছে। মানুহ মৰাৰ পাছত বাঘটো গুজৰি-গুমৰি আছে। মই দুপৰীয়া বাঘৰ মাতো শুনিছোঁ।
বাঘৰ কথা শুনি উভয়ে আতংকিত হৈ উঠিল
আৰু ভয়-শংকাত লেউ-সেউ হৈ পৰিল।
কলিমুদ্দিনে আতংকিত কণ্ঠত সুধিলে-
তেনেহ'লে উপায়? আমি যাম কেনেকৈ ?
নাৱৰীয়াজনে অভয় দি কলে- দিনৰ ভাগত গ'লে অসুবিধা নহ'ব। মানুহৰ আহ-যাহ আছেই। বেছি মানুহ
দেখিলে বাঘে আক্রমণ নকৰে।
দুলমিয়াই হতাশ কণ্ঠত ক’লে- কিন্তু আমি ৰাতি থাকিম ক’ত? ইয়াত দেখোন আমাৰ কোনো জনা-শুনা মানুহ নাই ৷
নাৱৰীয়াজনে নৈৰ পাৰত থকা বন ইকৰাৰ
চালিখনলৈ আঙুলিয়াই ক'লে-
ৰাতি সৌ চালিখনতে থাকিব পাৰিব।
কথাটো দুয়োৰে মনত ধৰিলে। চালিখনতে
থকাৰ সিদ্ধান্ত লৈ দুয়ো নাওৰ পৰা পাৰলৈ উঠি আহিল । চালিখন থকাৰ উপযোগী হয় নে
নহয় উভয়ে পর্যবেক্ষণ কৰিবলৈ ধৰিলে।
চালিখন নল ইকৰাৰ হ'লেও বেৰবোৰ ভাল। মানুহ থকাৰ বাবে
উপযোগী। মজিয়াত ধানখেৰ কিছুমান পাৰি থোৱা আছে। ৰাতি নাৱৰীয়াজন হয়তো চালিখনতে
থাকে। কঁথা দুটামান এঠাইত জাপি থোৱা আছে ৷
চালিখন চাই সন্তুষ্ট হৈ দুয়ো নদীৰ
পাৰলৈ আহি নাৱৰীয়াজনক উদ্দেশ্য কৰি ক’লে- বাৰু, ৰাতি
আমি ইয়াতে থকাৰ সিদ্ধান্ত ল'লো৷
নাৱৰীয়াজনে উৎসাহিত হৈ উঠিল। ক'লে- থাকি ভালেই পাব। ময়ো ৰাতি ইয়াত
থাকোঁ। আপোনালোক থাকিলে মই ঘৰতে থাকিম বাৰু। অলপ নিলগতে আমাৰ ঘৰ৷
নাৱৰীয়াজনে ঘৰৰ পৰা ভাতো আনি খোৱালে
সিহঁতক। মটৰ শাক আৰু শিঙি মাছৰ আঞ্জা, তৃপ্তিৰে খাই-বই দুয়ো শুই পৰিল। নাৱৰীয়াজনে সিহঁতক শুৱাই থৈ ঘৰলৈ গ'ল।
শীত কালি। ধানখেৰ আৰু কথাঁৰ উমত দুয়ো
গভীৰ টোপনিত লাল-কাল দিলে।
ৰাতিপুৱা নাৱৰীয়াজন আহি সিহঁতক জগালে।
দুয়ো নদীলৈ আহি হাত-মুখ ধুই পুনৰ চালিখনলৈ আহিল ৷
নাৱৰীয়াজনে মুৰিৰ টোপোলা এটা সিহঁতলৈ
আগবঢ়াই ক’লে-
মুৰি কেইটা খাওঁক । দুই চাৰিজন মানুহ আহিলেই আপোনালোকক পাৰ কৰি দিম।
সিহঁতে মুৰি খাই অঁতায় মনে পাৰ ঘাটত
চাৰ্জিন মানুহ আহি গোট খালে। সিহঁতেও সি পাৰলৈ যাব। নাৱৰীয়াজনে মানুহ কেইজনৰ লগত
কলিমুদ্দিনহঁতকো পাৰ কৰি দিলে।
মানুহ কেইজনৰ লগত লগ লাগি সিহঁত ঘন
হাবি পাৰ হৈ আহি অপেক্ষাকৃত মুকলি এডোখৰ ঠাই পালেহি। মুকলি ঠাই ডোখৰেদি
পূৱা-পশ্চিমাকৈ যোৱা এটি লুংলঙীয়া বাটৰ দাঁতিত সিহঁত ৰৈ গ'ল৷
মানুহ কেইজনৰ মাজৰ পৰা এজনে ক'লে- আমি ইয়াৰ পৰা পূৱফালে যাম।
মানুহজনে পশ্চিম দিশলৈ আঙুলিয়াই ক'লে-
সৌৱা বাঘবৰ পাহাৰ । এইটো বাটেৰে পোনে পোনে গ'লেই আপোনালোকে বাঘবৰ পাবহি। মানুহ কেইজনৰপৰা বিদ্যালয়লৈ দুয়ো বাঘবৰ
পাহাৰ অভিমুখে আগবাঢ়িল। কিছুদুৰ অহাৰ পাছতে লাঠি-যাঠি লৈ বাটৰ মাজত থিয় হৈ থকা
কেইজনমান মানুহ সিহঁতৰ চকুত পৰিল ।
দুয়ো আহি আহি মানুহকেইজনৰ কাষ পালে।
জুমটোৰ মাজৰ পৰা এজনে সিহঁতক উদ্দেশ্য কৰি ক'লে- অলপ আগতে ইয়াত বাঘে গৰু এটা মাৰিছে। আপোনালোক যাব ক’লৈ ?
দলুমিয়াই ভয় মিহলি কণ্ঠত ক’লে- বাঘবৰলৈ। বাঘ ওচৰে-পাজৰে ক'ৰবাত ৰৈ আছে নেকি?
গৰু মাৰিছে যেতিয়া থাকিব লাগে।
মানুহজনে ক'লে-
বাঘে চিকাৰৰ ওপৰত সদায় চকু ৰাখে।
তেনেহ'লে আমি এইটো বাটেৰে যোৱা নিৰাপদ নহ'ব নেকি? কলিমুদ্দিনে
সভয়ে সুধিলে।
তেনেকৈ ভয়ৰ কাৰণ নাথাকিলেও আপোনালোকে
সদ্যহতে নোযোৱাই ভাল। মানুহজনে দক্ষিণ পশ্চিম দিশলৈযোৱা বাট এটালৈ আঙুলিয়াই ক’লে- আপোনালোক এইটো বাটেৰে যাওঁকগৈ।
অৱশ্যে বাট কিছু দীঘলীয়া হ'ব।
হ’লেও অসুবিধা
নাই। বেলি থাকোঁতেই গৈ পাবহি ।
মানুহজনে দেখুৱা বাটেদি দুয়ো
আগবাঢ়িল। দুঘণ্টামান খোজ কঢ়াৰ পাছত সিহঁতে এডৰা খেতি পালে। ধান খেতি। পকাধান
মৰণাৰ দৰে পৰি আছিল। ধান খেতি দেখি দুয়োৰো মন তৃপ্তিত ভৰি পৰিল। সিহঁতে ধাননি
ডৰাৰ শোভা চাই চাই খেতিৰ ঠেক আলিয়েদি আগবাঢ়িবলৈ ধৰিলে।
চাৰিজন মানুহে এঠাইত জংঘল কাটি আছিল।
দুয়ো আগবাঢ়ি মানুহ কেইজনৰ কাষ পালেহি। দলুমিয়াই সুধিলে- ঠাইডোখৰৰ নাম কি?
মানুহকেইজনৰ মাজৰ পৰা অপেক্ষাকৃত
বয়সীয়ালজনে ক'লে-
আলিগাঁও। আপোনালোক যাব ক'লৈ ? ঘৰ ক'ত ?
কলিমুদ্দিনে ক'লে- আমাৰ ঘৰ জনীয়াৰ ওচৰৰ ৰূপাকুছিত।
বাঘবৰলৈ যাম।
আন এজনে সুধিলে- বংগদেশত ঘৰ কোন জিলাত
আছিল ?
দুলমিয়াই ক'লে- ঢাকা জিলাৰ অৰগজত ৷
মানুহজনে কিছুপৰ ভাবি ক'লে- ঢাকা জিলাৰ কেইঘৰ মান মানুহ আমাৰ
ইয়াতো আছে। মানুহজনে এইদৰে কৈয়ে সিহঁতৰ লগৰে ডেকা এজনক উদ্দেশ্য কৰি ক'লে- মুছা, তই যাচোন সাটুৰিয়াৰ সেই বুঢ়াজনক মাতি
আনগৈ। তেওঁ অলপ আঁতৰতে কাম কৰি আছে।
মানুহজনৰ নিৰ্দ্দেশ মৰ্মে মুছা
বুঢ়াজনক মাতিবলৈ গ'ল।
কিছু সময় পাছতে সি বুঢ়াজনক লগত লৈ উভতিল ।
আদহীয়া বুঢ়া মানুহ ৷ মূৰৰ চুলিবোৰ
আধা কেঁচা আৰু আধা পকা। আটিল দেহা। বয়সে যেন দেহত তেনেকৈ আঁচোৰ বহাবপৰা নাই ৷
পিন্ধোনত লুংগী। খালী গা। কান্ধত গামোচা।
বুঢ়াজনক দেখি কলিমুদ্দিন আৰু
দুলমিয়াই উৎফুল্লিত কণ্ঠত কৈ উঠিল- আৰে, নায়েব আলী কা, আপুনি!
নায়েব আলীয়েও সিহঁতক চিনিব পাৰিলে।
বিস্ময়াভিভূত কণ্ঠত ক’লে
সি- আৰে, তোমালোক! ক'ৰ
পৰা আহিলা ?
দলুমিয়াই সিহঁত অহাৰ কাৰণ জনালে- দেশত
কিবা বোলে লাইন আইন পাচ হৈছে। এইদৰে কৈয়ে সি লাইন প্ৰথাৰ বিষয়ে জনা কথাখিনি
বুজাই কৈ ক'লে-
এই আইনৰ ভয়তে আমি মাটি বিচাৰি বাঘৰলৈ বুলি ওলাই আহিছোঁ।
নায়েব আলীয়ে বাঘবৰলৈ যোৱাৰ পৰা বিৰত
কৰিবলৈ ক'লে- মাটি বিচাৰি
বাঘবৰলৈ যাব নালাগে। ইয়াতে বহু মাটি পৰি আছে। কাইলৈ মই তোমালোকক মাটি দেখুৱাম
বাৰু। এতিয়া ব’লা, আমি ঘৰলৈ যাওঁগৈ। ওচৰতে ঘৰ।
বংগত নায়েব আলীৰ ঘৰ ঢাকা জিলাৰ
সাটুৰিয়াত আছিল। সাটুৰিয়া কলিমুদ্দিনহঁতৰ চুবুৰীয়া গাওঁ। নায়েব আলীৰ লগত
কলিমুদ্দিনৰ মাহীয়েকৰ ছোৱালী হামিদাৰ বিয়া হৈছিল। হামিদা বৰ্তমানেও জীৱিত থকা
বুলি কলিমুদ্দিনে জানে। চাৰি বছৰমান আগতে বংগদেশলৈ যাওঁতে সি হামিদাক দেখি আহিছে।
তেতিয়াই অৱশ্যে সি নায়েব আলীক অসমলৈ আহিবলৈ পৰামৰ্শ দিছিল। কিন্তু হামিদাৰ
আপত্তিৰ কাৰণেই আহিবপৰা নাছিল। বুঢ়া মাক-বাপেকক এৰি তাই ক’লৈকো নাযায় বুলি আপত্তি কৰিছিল। ফলত
হামিদাই বিধি-পথালি দিয়াত ইচ্ছা থকা সত্ত্বেও নায়েব আলী তাৰ লগত অসমলৈ আহিব পৰা
নাছিল।
গতিকে কলিমুদ্দিনে সুধিলে-কেতিয়া আহিল? আপুনি অহাৰ কোনো খা-খবৰে দেখোন দিয়া
নাই আমাক?
নায়েব আলীয়ে ক'লে- নাৱেৰে আহি দলগোমাত নামিছিলোঁ। তাৰ
পৰা পাক্কু বেপাৰীৰ লগত ইয়ালৈ আহিছোঁ। অহাৰ মাথোন এবছৰহে হৈছে। তোমালোকৰ খা-খবৰ
কৰিছোঁ যদিও দেখা কৰিবলৈ যোৱাৰ কাৰণে সময় উলিয়াবপৰা নাই।
কলিমুদ্দিনে পুনৰ সুধিলে- সিবাৰ হামিদা
বাইদেৱে দেখোন আহিবলৈ আপত্তি কৰিছিল, ইবাৰ আপত্তি কৰা নাই নেকি?
নায়েব আলীয়ে ক'লে- যিসকলৰ কাৰণে আপত্তি কৰিছিল
তেওঁলোক ঢুকাল। গতিকে আহিবলৈ আপত্তি কৰা নাই। এইবাৰ তাই নিজেই উপযাচিয়ে আহিছে।
ভাতৰ কষ্টনো কিমান সহ্য কৰিব?
হয় নেকি? কলিমুদ্দিনে হুমুনিয়াহ কাঢ়ি ক’লে- মহা-মাহী ঢুকাল নেকি?
এৰা ঢুকাল । আমি ইয়ালৈ অহাৰ এবছৰ মান
আগতে ঢুকাইছে। নায়েব আলীয়ে এইদৰে কৈ প্ৰসংগ সলনি কৰি ক'লে- ব'লা, ঘৰলৈ
গ’লে আটাইকে লগ
পাবা। বিশ্বা, ৰঞ্জনহঁতেও
তোমালোকৰ কথা কৈ থাকে ।
বিশ্বা, ৰঞ্জন নায়েব আলীৰ পুতেক। কলিমুদ্দিনতকৈ বয়সত সৰু। ৰঞ্জন আৰু
বিশ্বাৰ লগত তাৰ ঘনিষ্টতাও আছিল। গতিকে ৰঞ্জন আৰু বিশ্বাৰ কথা শুনি সি কিছু
পৰিমানে উৎফুল্লিতও হৈ উঠিল। ক'লে
সি- বাৰু, ব’লক। ঘৰলৈ গৈয়ে কথা পাতিম বাৰু।
দুয়ো নায়েব আলীৰ লগত খোজ ল'লে। কিছুদূৰ অহাৰ পাছত নায়েব আলীয়ে
কিছু নিলগত থকা ঘৰ এখনলৈ আঙুলিয়াই ক’লে- সৌৱা, সৌখনেই
আমাৰ ঘৰ। জুপুৰি তিনিটা বান্ধি কোনোমতে মূৰ গুজি আছোঁ দিয়াচোন ।
নায়েব আলীয়ে আঙুলিয়াই দেখুৱা ঘৰখনৰ
ফালে কলিমুদ্দিন আৰু দলুমিয়াই দৃষ্টি প্ৰসাৰিত কৰিলে। নল ইকৰাৰে সজা তিনিটা
জুপুৰী।তেতিয়া জাৰৰ দিন । প্ৰতিটো জুপুৰীতে লাউ উৰহী গছ। গছৰ আগবোৰ সাপৰ দৰে ফেঁট
তুলি আছে। গছবোৰ লাউ, উৰহীৰে
ভৰি আছে। গছৰ অৱস্থা দেখি দুয়োৰে হৃদয় আনন্দত নাচি উঠিল।
ঘৰলৈ অহাৰ পাছত হামিদাই উভয়ক উষ্ম
অভ্যর্থনা জনালে। ৰঞ্জন বিশ্বাহঁতেও যেন হাতত সৰগ ঢুকি পালে ।
ৰঞ্জন আৰু বিশ্বাই বিয়া কৰাইছে।
বিশ্বাৰ দুজনী ছোৱালী আৰু ৰঞ্জনৰ এটা ল'ৰা। ল'ৰা-ছোৱালীকেইটায়ো
নতুন মানুহ পাই আনন্দত জঁপিয়াবলৈ ধৰিলে।
ৰাতি খোৱা লোৱাৰ পাছত ওচৰ-চুবুৰীয়াৰ
পৰাও দুই চাৰিজন মানুহ আহি সিহঁতৰ খা-খবৰ ল'লে। কুশল বাতৰি বিনিময়ৰ পাছত আটায়ে সিহঁতক বাঘবৰৰ পৰিৱৰ্তে
আলীগাঁৱতে মাটি ল'বলৈ
পৰামৰ্শ দিলে। মাটিৰ গুণাগুণ চাই আৰু মানুহবোৰৰ আত্মীয়তা দেখি আলীগাঁৱতে মাটি
লোৱাৰ সিদ্ধান্তলৈ সিহঁত শুই থাকিল।
পাছদিনা ৰাতিপুৱা মুৰি খাই দুয়ো
নায়েব আলীৰ লগত মাটি চাবলৈ ওলাল ৷
নায়েব আলীয়ে এঠাইত ৰৈ ক'লে- ইয়াৰ মাটিখিনি এতিয়ালৈকে কোনেও
দখল কৰা নাই। ইয়াৰ পৰা যিমান ইচ্ছা সিমানে ল’ব পাৰিবা ৷
কলিমুদ্দিনে এখামোচ মাটি হাতত তুলিলৈ
গুণাগুণ পৰীক্ষা কৰি ক'লে-
দোমোজা মাটি। আমাৰ তাতকৈ ইয়াৰ মাটি ভাল ৷ মৰাপাট খেতিৰ বাবে খুবেই উপযোগী হ'ব। এইদৰে কৈয়ে সি নায়েব আলীক
উদ্দেশ্য কৰি সুধিলে- ককাইদেউ, ইয়াত
পানী কেনেকৈ হয় ?
নায়েব আলীয়ে ক’লে- একঁকাল হয় বুলি শুনিছোঁ।
যোৱাবাৰতো মাথোন একাঁঠু পানীহে হৈছিল।
হয় নেকি? কলিমুদ্দিনে ক'লে- তেনেহ'লে মৰাপাটৰ উপৰিও ডংৰাজ, সহৰাজ আৰু ভাতুৰী ধানৰ বাবে খুবেই
উপযোগী হ'ব। এইদৰে কৈয়ে
সি দলুমিয়ালৈ উদ্দেশ্য কৰি ক'লে-
বিয়ৈ ইয়ালৈকে উঠি আহোঁগৈ ব’লক।
মাটিও ভাল। আত্মীয়ও ওলাল যেতিয়া ইয়াতে থকাই ভাল হ'ব। নে কি কয় আপুনি ?
দলুমিয়াই নিজৰ সিদ্ধান্তৰ কথা জনালে-
ময়ো তাকেই ভাবিছোঁ। এইদৰে কৈয়ে সি নায়েব আলীক উদ্দেশ্য কৰি ক'লে- ককাইদেউ, ব’লক আমি মাটিৰ সীমা ঠিক কৰি লওঁ।
নায়েব আলীয়ে দলুমিয়াক সমৰ্থন কৰি ক'লে- বাৰু ব'লা, আজিৰ দিনটোও ভাল। শুক্রবাৰ। সিদ্ধান্ত মৰ্মেই বিৰিণাবনত গাঁঠি দি
সিহঁতে মাটিৰ সীমা নিৰ্দ্ধাৰণ কৰি ল'লে।
ৰাতিপুৱাৰ ভাত সাজ খাই দলুমিয়া আৰু
কলিমুদ্দিন পুনৰ মাটিডৰালৈ আহিল। জুপুৰী এটা বন্ধাৰ উদ্দেশ্য দুয়ো নল খাগৰি
কাটিবলৈ লাগি গ'ল ।
দুপৰীয়ামানতে জুপুৰী এটা বন্ধাৰ জোখাৰে নল খাগৰি কটা হৈ গ'ল।
দুপৰীয়া ঘৰলৈ আহি জিৰাই শঁতাই সিহঁতে
গা-পা ধোলে। তাৰ পাছত ভাত-পানী খাই চাউনি দিয়াৰ কাৰণে বিৰিণা কাটিবলৈ পুনৰ সিহঁত
মাটিডৰালৈ আহিল। সন্ধিয়াৰ আগে আগে বিৰিণা কটাও হৈ গ'ল ৷
পাছদিনা ৰাতিপুৱা দুয়ো জুপুৰী
বান্ধিবলৈ লাগি গ'ল।
নায়েব আলীয়ে সিহঁতক উক্ত কামত পাৰেমানে সহায় কৰিবলৈ ধৰিলে । তিনি দিনৰ পৰিশ্ৰমৰ
অন্তত জুপুৰী বন্ধা হৈ গ'ল।
জুপুৰী বন্ধা হ'লত দলুমিয়াই ক'লে- জুপুৰী বন্ধা হ'ল যেতিয়া ব’লক, এতিয়া আমি ঘৰলৈ যাওঁগৈ। ঘৰলৈ গৈ জালাল আৰু মহচীনক ইয়ালৈ পঠোৱাৰ
ব্যৱস্থা কৰিব লাগিব ৷
কলিমুদ্দিনে কথাটো বুজিব নোৱাৰি ক'লে- অর্থাৎ.........
দলুমিয়াই কথাটো বুজাই ক'লে- পতিত মাটি। নল খাগৰিও যথেষ্ট। বয়স
বঢ়াৰ লগে লগে আমাৰ দেহৰ বলো কমি আহিছে। গতিকে আমাতকৈ সিহঁত আহিলেই বেছি ভাল হ'ব।
কলিমুদ্দিনে দলুমিয়াৰ যুক্তি সমৰ্থন কৰি
ক'লে- আপোনাৰ
যুক্তিটো মোৰো পছন্দ হৈছে। ব’লক, কাইলৈয়ে আমি ঘৰলৈ যাওঁগৈ৷
সিদ্ধান্ত মর্মেই পাছ দিনাই দুয়ো
ৰূপাকুছিলৈ আহিল৷
কলিমুদ্দিনহঁত ঘৰলৈ অহাৰ এসপ্তাহমান
পাছত জালাল আৰু মহচীনকলৈ সিহঁত পুনৰ আলীগাঁৱলৈ আহিল। ফৰিদা আৰু নুৰবানু ও সন্তান
দুটাৰে সৈতে সিহঁতৰ লগত আহিল।
আলীগাঁৱলৈ অহাৰ পাছদিনাৰ পৰাই মহচীনৰ
প্ৰকৃত জীৱন সংগ্ৰাম আৰম্ভ হ'ল।
নিজে হাড়ভঙা পৰিশ্ৰম কৰাৰ লগতে সি হাজিৰা কৰা মানুহ কেইজনমানো ল'লে। কলিমুদ্দিনেও পাৰেমানে তাৰ লগত হাত
উজান দিলে।
এমাহমানৰ ভিতৰত সিহঁতে জংঘল কাটি বিছ
বিঘামান মাটি মোকলালে। জংঘলবোৰ শুকোৱাৰ পাছত এদিন জুই লগাই দিলে। লেলিহান শিখা
মেলি জুই জ্বলি উঠিল। আলীগাঁৱৰ আকাশ ধুঁৱলি- কুঁৱলি হৈ পৰিল। বহুদূৰৰ পৰা বহুতে
প্ৰত্যক্ষ কৰিলে সেই শিখা আৰু ধোঁৱা ৷
এটা সময়ত জুই নুমাল আৰু নল খাগৰিৰ
মূঢ়াবোৰ ওলাই পৰিল। পুনৰ হাজিৰা কৰা মানুহলৈ কোৰ মাৰি মূঢ়াবোৰ তুলিবলৈ ধৰিলে।
নুৰবানু আৰু কলিমুদ্দিনে মূঢ়াবোৰ পাচিত ভৰাই বৈ আনি এঠাইত জমা কৰিবলৈ ধৰিলে।
এমাহৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত কোৰ
মৰাৰ লগে লগে ভেঁটিটোও বন্ধা হ'ল।
ইয়াৰ মাজতে কলিমুদ্দিনে ৰূপাকুছিৰপৰা
এহাল গৰু লৈ আহিল। মহচীনে সৱল হাতেৰে নাঙলৰ মুঠি ধৰি মাটি যুগুতাবলৈ লাগি গ'ল। কলিমুদ্দিন আৰু নুৰবানুয়েও তাক এই
কামত পাৰেমানে সহায় কৰিবলৈ ধৰিলে।
কেইদিনমান পাছত ৰূপাকুছিৰ মাটিত হাল
বোৱাৰ কাৰণে কলিমুদ্দিন ৰূপাকুছিলৈ গুচি আহিল। ফলত মহচীনৰ একক প্ৰচেষ্টাত জীৱন
সংগ্ৰাম আৰম্ভ হ'ল।
মহচীনে দিনত হাড়ভঙা পৰিশ্ৰম কৰে আৰু
ৰাতি ভাটিয়ালী, বিচ্ছেদ
গানৰ লহৰ তোলে। শিশু সন্তান নুৰুল হককলৈ আনন্দ কৌতুক কৰে। দিনৰ পৰিশ্ৰমৰ দুখ ভাগৰ
পাহৰে। এইদৰে আনন্দ কৌতুকৰ মাজেৰে দিনবোৰ বাগৰে ৷
প্ৰথম বছৰ মহচীনে দহ বিঘা মাটিত ধান
সিঁচিলে। পোখা মেলি ধান গছবোৰ লহ-পহ কৈ বাঢ়িবলৈ ধৰিলে।
ধান খেতি নিকোৱাৰ সময় আহিল। মহচীনে
খন্তিলৈ ধান খেতি নিকাবলৈ ওলাল। লগতে হাজিৰা কৰা মানুহ কেইজন মানো ল'লে৷ ইদল-সিদলৰ লগত ধুয়াগানৰ
প্ৰতিযোগিতা চলিল। গানৰ সুৰে সুৰে আলীগাঁৱৰ আকাশ-বতাহ মুখৰিত হৈ উঠিল।
ইয়াৰ মাজতে চেমনীয়া ল'ৰাবোৰে পথাৰে পথাৰে চিলা উৰুৱাই আনন্দ
কৌতুকত মুখৰ হৈ উঠিল। চৌদিশে যেন আনন্দৰ জোৱাৰ উপচি পৰিল ।
এটা সময়ত ধান পকিল। মহচীনে হাজিৰা লৈ
ধান কাটিবলৈ লাগি গ'ল।
সিবাৰ সি ভবাতকৈও অধিক ধান পালে।
ধান চপোৱাৰ পাছত এদিন মহচীনে নুৰবানুক
ক’লে- হেৰা, ভবাতকৈও বেছি ধানেই পালোঁ আমি। ধানকটাৰ
লগতে মৰণা মৰাও হ'ল ৷
তোমাৰো যথেষ্ট পৰিশ্ৰম হৈছে এই কেইদিনমান। গতিকে কিছু ধান বিক্ৰী কৰি তোমাক এডাল
সোণৰ হাৰ গঢ়ি দিয়াৰ কথা ভাবিছোঁ। ইয়াততো তেনে কোনো ভাল কৰ্মকাৰ নাই, গতিকে হাৰডাল বনোৱাৰ কাৰণে ৰূপাকুছিলৈ
যোৱাৰ কথা ভাবিছো। তুমি কেইদিনমান নুলহককলৈ অকলে থাকিব লাগিব। ভয় কৰিবা নেকি?
নুৰবানুই আপত্তি কৰি ক'লে- ভয় অৱশ্যে নকৰোঁ। তথাপি
ৰূপাকুছিলৈ যোৱাৰ প্ৰয়োজন নাই। আচলতে মোৰ সোণৰ হাৰ প্ৰয়োজন নাই। ৰূপৰ
হাৰ্ডালেৰেই হ'ব।
তাতকৈ আপুনি ধান বিক্ৰী কৰি পোৱা ধনেৰে সৰহকৈ হাজিৰা কৰা মানুহলৈ এইবাৰ আৰু কিছু
মাটি মোকলোৱাৰ ব্যৱস্থা কৰক। আগতে মাটি, পাচতহে হাৰ। তদুপৰি আপুনি আছে যেতিয়া মোৰ হাৰৰনো কি প্রয়োজন? আপুনিয়ে মোৰ কণ্ঠহাৰ। এইদৰে কৈয়ে
নুৰবানুই মহচীনৰ দুই হাত টানি আনি নিজৰ ডিঙিত স্থাপন কৰিলে। মহচীনে আবেগত নুৰবানুক
সাবটি ধৰি আলফুলে চুমা খালে।
নুৰবানুৰ পৰামৰ্শ মতেই মহচীনে ধান
বিক্ৰী কৰি পোৱা টকাৰে হাজিৰালৈ সিবাৰ বিছ বিঘা মাটিৰ জংঘল কাটি মোকলালে। পাছৰ বছৰ
আৰু বিছ বিঘা ৷ এইদৰে বছৰে বছৰে মাটি মোকলাই পাচঁ বছৰৰ ভিতৰত মহচীন এশ বিছ বিঘা
মাটিৰ গৰাকী হৈ পৰিল। অতি কম দিনৰ ভিতৰতে তেওঁ নিজৰ পৰিশ্ৰমৰ বলত আলীগাঁৱৰ এজন
লেখত ল'ব লগীয়া
ব্যক্তি হিচাপে পৰিচিত হৈ পৰিল।
কলিমুদ্দিন তেতিয়ালৈকে ৰূপাকুছিতে
আছিল। ৰূপাকুছিতো মহচীনহতঁৰ চল্লিশ বিঘা মাটি আছিল৷ এদিন নুৰবানুই মহচীনক ক'লে- আব্বা আৰু আম্মাজানকো ইয়ালৈ লৈ
আহক গৈ। আমি ইয়াত আছো আৰু সিহঁত আছে ৰূপাকুছিত। তেওঁলোকক ৰূপাকুছিত থৈ ভাল লগা
নাই। আমাৰতো এতিয়া কোনো বস্তুৰে অভাৱ নাই। বুঢ়া বয়সত আব্বাজানে কাম কৰাৰ কি
প্রয়োজন?
মহচীনে ক’লে- ময়ো কেইদিনমানৰ পৰা কথাটো ভাবি
আছোঁ; কিন্তু দেউতা
আহিব জানো?
নুৰবানুই পৰামৰ্শ আগবঢ়ালে- আপুনি আগতে
গৈ চাওঁকচোন। বুজাই ক'লে
নিশ্চয় আহিব।
দুবছৰ মান আগত মই দেউতাক এবাৰ কথাটো
কৈছিলোঁ। তেতিয়া তেওঁ আলীগাঁৱলৈ নাহে বুলি কৈ পঠাইছিল।
এইবাৰ গৈ আকৌ কওঁক । এইবাৰ আহিব পাৰে
হয়তো।
নুৰবানুৰ পৰামৰ্শমতেই পাছদিনা মহচীন
ৰূপাকুছিলৈ আহিল । তেওঁ দেউতাকক লগ ধৰি ক'লে- দেউতা ইয়াৰ পৰা ব'লক । আলীগাঁওত আমি আটায়ে একেলগে থাকিম। আপোনালোকক ইয়াত থৈ তাত আমাৰ
ভাল লগা নাই। এতিয়া আপুনি কাম কৰাৰো প্ৰয়োজন নাই। মাজেদক লৈ মই যি পাৰোঁ তাকে
কৰিম। আপুনি নুৰুলহককলৈ খেতি-বাতি চাই ফুৰিলেই হ'ব।
এতিয়া ইয়াৰ মাটি কি কৰিম ?
বিক্ৰী কৰি দিয়ক । আলীগাঁৱত আমাৰ
প্রায় দেড়শ বিঘা মাটি। প্রয়োজন হ'লে এই মাটি বিক্ৰী কৰি পোৱা টকাৰে আৰু মাটি কিনিম ।
মাটি বিক্ৰীৰ কথা শুনি কলিমুদ্দিনৰ
বুকুখন হম্হমাই উঠিল। মূৰৰ ঘাম ভৰিত পেলাই মাটি মোকলাইছে। কোন সতেৰেনো সেই মাটি
বিক্ৰী কৰে সি!
সেয়ে সি ক'লে-কথাটো অৱশ্যে তই বেয়া কোৱা নাই ।
কিন্তু বৰ্তমান মই এই মাটি বিক্ৰী কৰাৰ কথা ভবা নাই । তহঁত দুজন ককায়েক- ভায়েক । মই মাজেদক ইয়াতে
থকাটো কামনা কৰিছোঁ। মাজেদৰ বৰ্তমান বিয়াৰ বয়স হৈছে। তাক বিয়া-বাৰু
কৰাই থানথিত লগাই দিয়াৰ পাছতহে তহঁতৰ লগত থাকিবলৈ যাব পাৰিম ।
মাজেদৰ কাৰণে কইনা চাইছে নেকি?
তেনেকৈ অৱশ্যে চোৱা নাই ৷
আলীগাঁৱত পক্কবেপাৰীৰ ছোৱালী এজনী আছে।
আপুনি চাব পাৰে। পছন্দ হ'লে
মই কথা পাতিমহি। মহচীনে পৰামৰ্শ আগবঢ়ালে। কলিমুদ্দিনে কিছুপৰ ভাবি ক'লে- পাকুবেপাৰীৰ ছোৱালীজনী অৱশ্যে ময়ো
দেখিছোঁ। মাজেদৰ লগত শুৱাবও ভাল। কিন্তু মই ভাবিছোঁ বেলেগ কথাহে। মাজেদক যেতিয়া
ইয়াতে ৰখাৰ সিদ্ধান্ত লৈছোঁ, গতিকে
ইয়াতে ক'ৰবাত বিয়া পতাৰ
কথা ভাবিছোঁ।
ইয়াত তেনেকুৱা ভাল ছোৱালী আছে জানো ?
কালুবেপাৰীৰ এজনী ছোৱালী আছে।
দেখাই-শুনাই বেয়া নহয়। তই আহিছ যেতিয়া ছোৱালীজনী চাই আহগৈ। পছন্দ হ'লে কৰিম বেপাৰীৰ জৰিয়তে কথা পাতিবপৰা
যাব।
সিদ্ধান্তমতে মহচীনে কালুবেপাৰীৰ
ছোৱালীজনী চালে। তাৰ পছন্দও হ'ল
ছোৱালীজনী। সি দেউতাকক তাৰ পছন্দৰ কথা জনালে- কইনা চালোঁ। ভালেই। মাজেদৰ লগত
শুৱাবও ভাল। আপোনাৰ পছন্দ হ’লে
কথা পাতিব পাৰে ।
মহচীনৰপৰা সন্মতি পাই কলিমুদ্দিন
কমিবেপাৰীক কালু বেপাৰীৰ ওচৰলৈ ঘটক পঠালে। কালু বেপাৰীয়ে বিয়াত সন্মতিও দিলে।
ফলত এমাহ মান পাছত অতি ধুম-ধামেৰে মাজেদৰ বিয়াখন সম্পন্ন হৈ গ'ল ।
** ** **
বিয়াৰ ছয়মাহমান পাছত মহচীনে পুনৰ
দেউতাকক ল’গ
ধৰি ক'লে- দেউতা, মাজেদৰ বিয়াখন হৈ গ'ল যেতিয়া এতিয়া আলীগাঁওলৈ ব’লক।
কলিমুদ্দিনে ক’লে- বিয়াখন হোৱাৰ মাথোন ছয়মাহহে হ'ল। মাজেদক অলপ থান-থিত লগাই দি যাম
বাৰু।
কিন্তু কেইদিনমান পাছত ঘটা এটি ঘটনাৰ
বাবে কলিমুদ্দিন আলীগাঁওলৈ আহিবলৈ ব্যগ্ৰ হৈ উঠিল। ঘটনাৰ মূলত আছিল নুৰবানুৰ
দেউতাক তালেবৰ।
বংগদেশত তালেবৰহঁতৰ কাষৰীয়া গাওঁখনত
নমঃশূদ্ৰসকলৰ বাস আছিল। নমঃশূদ্রসকল প্রচণ্ড দৈহিক শক্তিৰ অধিকাৰী আৰু চুৰি
ডকাইতিকে আদি কৰি নানা অসামাজিক কামত লিপ্ত আছিল। নৰহত্যাকো সিহঁতে সাধাৰণ ঘটনা
বুলি ভাবিছিল।
তালেবৰো দৈহিক বলত বলীয়ান আছিল আৰু
দৈহিক শক্তিয়ে তাক ভয়হীন কৰি তুলিছিল। ডেকা বয়সত সি নমঃশূদ্ৰসকলৰ লগত লাঠি
চালনাৰ প্ৰতিযোগিতা কৰিছে। হা-ডু-ডু খেলিছিল। এনেকৈয়ে নমঃশূদ্ৰসকলৰ লগত তাৰ
আত্মিক সম্পৰ্ক গঢ়ি উঠিছিল। এটা সময়ত সি নমঃশূদ্ৰসকলৰ লগত লগ লাগি চখৰ ডকাইতি
কৰিবলৈ আৰম্ভ কৰে আৰু ডকাইতিৰ ক্ষেত্ৰত সি নমঃশূদ্ৰসকলতকৈও অধিক পাৰদৰ্শী হৈ উঠে।
এবাৰ ডকাইতি কৰিবলৈ গৈ সি দোতলাৰ পৰা জপিয়াই নামি বিশেষ সাহস আৰু পাৰদৰ্শিতাৰ
পৰিচয় দিছিল। চুৰিৰ বেলিকা ও তালেবৰ সিদ্ধহস্ত আছিল ৷ এবাৰ চুৰি কৰিবলৈ গৈ এটা
ঘটনা ঘটিছিল। সিদিনা তাৰ উপস্থিত বুদ্ধিৰ বলতহে তাৰ সহযোগী এজন চোৰ নিশ্চিত মৃত্যু
মুখৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল।
সিদিনা তালেবৰে তাৰ দলৰ চাৰিজন সদস্য
লৈ এঘৰত চুৰি কৰিবলৈ গৈছিল। সিন্দি খন্দাৰ পাছত এজনে সিন্দিৰে ঘৰৰ ভিতৰলৈ প্ৰবেশ
কৰিবলৈ যো-জা কৰোঁতেই তালেবৰে তাক টানি ধৰি ঘৰৰ ভিতৰলৈ সোমোৱাৰ পৰা বিৰত কৰিলে।
তাৰ পাছত সি সৰু কলগছ এডাল কাটি আনি সিন্দিৰে ঘৰৰ ভিতৰতলৈ সুমুৱাই দিলে। লগে লগে
ঘেকৈ এটা শব্দ হ'ল
অৰ্থাৎ গৃহস্থই সিন্দি খন্দাৰ উমান পাই যাঠি এডাললৈ সিন্দিৰ মুখত খাপপাতি ৰৈ আছিল
আৰু কলগছডালকে চোৰ বুলি ভাবি যাঠিৰে হানি দিছিল ৷
ঘেচকৈ শব্দ উঠাৰ লগে লগে ঘটনাৰ গম গতি
পাই তালেবৰহঁতে সিদিনা খৰখেদাকৈ তাৰ পৰা আতৰি আহিছিল ৷
এনেকুৱা উপস্থিত বুদ্ধি আৰু সাহসৰ
কাৰণেই আটায়ে তাক চৰ্দাৰ হিচাপে মানি লৈছিল।
এবাৰ ডকাইতি কৰিবলৈ গৈ তালেবৰহঁতৰ দলৰ
এজন সদস্য গৃহস্থৰ হাতত ধৰা পৰে আৰু ধৃত ডকাইতজনৰ স্বীকাৰোক্তি অনুসৰি সিহঁতৰ দলৰ
আন চাৰিজন ডকাইতো পুলিচৰ হাতত ধৰা পৰে। পুলিচৰ হাতত ধৰা পৰাৰ ভয়ত তালেবৰ পশ্চিম
বংগলৈ পলাই গৈ গাপ মাৰি আছিল ৷
ঘটনাটো ঘটাৰ সময়ত কৰিম বেপাৰী অসমত
আছিল। তেওঁ জাহাজৰ খালাচী হৈ আহিছিল। ঘৰলৈ গৈ তেওঁ তালেবৰৰ অধঃপতনৰ কথা গম পাই মনত
বৰ আঘাত পায়। ইতিমধ্যে তেওঁৰ উদ্ধৱ দাসৰ লগত পৰিচয় হৈছিল। গতিকে তেওঁ মনৰ দুখত
পৰিয়াল-পৰিজনলৈ অসমলৈ উঠি আহে। তালেবৰে তেতিয়া বিয়া কৰাইছিল। গতিকে তেওঁ অসমলৈ
অহাৰ সময়ত বোৱাৰীয়েককো লগত লৈ আহিছিল।
ছয়মাহ মান পাছত তালেবৰ ঘৰলৈ আহি তাৰ
পৰিয়াল পৰিজন অসমলৈ উঠি অহাৰ কথা গম পাই সি নিজেও অসমলৈ গুচি আহে।
ৰাগিয়ে ধৰা মানুহে সতকাই ৰাগি এৰিব
নোৱাৰাৰ দৰে তালেবৰেও অসামাজিক কামৰ ৰাগি এৰিব নোৱাৰিলে। দুবছৰমান ঘৰ-সংসাৰ কৰাৰ
পাছত সি পুনৰ নিৰুদ্দেশ হৈ পৰে। নুৰবানুৰ বিয়াৰ সময়তো সি বংগদেশতে আছিল ।
দুবছৰমান পাছত ঘৰলৈ আহি পুনৰ ঘৰ সংসাৰ কৰিবলৈ লৈছে যদিও সি আগৰ স্বভাৱ এৰিব পৰা
নাই বুলি আড়ালে আপডালে বহুতে কোৱা মেলা কৰে। কলিমুদ্দিনে কথাটো সিমান বিশ্বাস কৰা
নাছিল যদিও এদিনৰ এটা ঘটনাৰ পাছত সিও কথাটো বিশ্বাস কৰিবলৈ বাধ্য হ'ল ৷
কোনেও নজনাকৈ তালেবৰে এদিন এটা হাতে
নিৰ্মিত পিষ্টল কলিমুদ্দিনহঁতৰ গোবৰ শুঁঠি থোৱা মাচিয়াত লুকোৱাই থৈছিল। গোৱৰ
শুঁঠি আনিবলৈ গৈ হাফিজাই পিষ্টলটো দেখি আতংকিত হৈ উঠিল। কামটো কাৰ সেই কথা
বুজিবলৈও তাইৰ বাকী নাথাকিল । কাৰণ দুদিনমান আগত তালেবৰ সিহঁতৰ ঘৰলৈ আহিছিল। হাফিজাই তেতিয়া
ভঁৰাল ঘৰৰ ভিতৰত কিবা কাম লৈ ব্যস্ত হৈ আছিল। গতিকে তাই মাতষাৰ লগাবলৈ ওলাই আহোঁতে
কিছু পলম হৈছিল। তাই ভঁৰাল ঘৰৰ পৰা ওলাই অহাৰ পাছত তালেবৰক পাকঘৰৰ পৰা ওলাই অহা
দেখা পাইছিল। তেতিয়া তাই ঠাট্টাৰ চলতে সুধিছিল- পাকঘৰত কি
কৰিবলৈ গৈছিল, বিয়ৈ? গোবৰ শুঁঠি চুৰ কৰিবলৈ নেকি ?
তালেবৰে তেতিয়া থতমত্ খাই কৈছিল-
বাৰিষাৰ কাৰণে কিমান গোবৰ শুঁঠি গোটাইছে তাকে চালো। বহুত গোটাইছে দেখোন!
চব বস্তু কম-বেছি ধাৰে পোৱা যায় ৷
হাফিজাই কৈছিল- কিন্তু গোবৰ শুঁঠি ধাৰে পোৱা নাযায়। সেই কাৰণে নিদানৰ সম্বল
গোটাইছো। আপোনালোক পুৰুষ মানুহে ইয়াৰ গুৰুত্ব নুবুজিব।
ইয়াৰ পাছত ইটো-সিটো ঘৰুৱা খা-খবৰ লৈ
তামোল এচালি খাই তালেবৰ গুচি গৈছিল। কিন্তু তালেবৰে যে পিষ্টলটো থ'বলৈ তেনেকৈ পাক ঘৰত সোমাইছিল এই কথা
হাফিজাই সপোনতো ভবা নাছিল।
ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি হাফিজাই
পিষ্টলটো পুনৰ গোৱৰ শুঁঠিৰ তলত লুকোৱাই থৈ থৰক-বৰক খোজেৰে পাক ঘৰৰ পৰা ওলাই আহি
কথাটো কলিমুদ্দিনক জনালে।
কথাটো শুনি কলিমুদ্দিনে ভয়ত থৰথৰ কৈ
কঁপিবলৈ ধৰিলে। সি কোনোমতে নিজক চম্ভালি লৈ সুধিলে- বস্তুটো এতিয়া ক'ত আছে?
হাফিজাই ক'লে- য'ত আছিল ত’তেই
গোবৰ শুঁঠিৰে ঢাকি থৈছোঁ।
পিষ্টলটো চাবলৈ কলিমুদ্দিনৰ কৌতুহল
উপজিল। ক'লে সি- ব’লাচোন, বস্তুটো চাওঁগৈ।
পাক ঘৰলৈ আহি হাফিজাই পিষ্টল ৰখা
ঠাইডোখৰলৈ আঙুলিয়াই ক’লে-
ইয়াতে গোবৰ শুঁঠিৰ তলত আছে।
কলিমুদ্দিনে গোৱৰ শুঁঠি আঁতৰাই
পিষ্টলটো দেখি ক'লে-
সঁচাইতো। কোনদিনা থ'লে
বস্তুটো? ইয়াৰ মাজতে
আহিছিল নেকি?
হাফিজাই পিষ্টল
থোৱা দিনৰ ঘটনাটো বিৱৰি কৈ ক'লে-
তেনেকৈ পিষ্টল থ’বলৈ
পাক ঘৰত সোমাইছিল বুলি মই সপোনতো ভবা নাছিলো।
কলিমুদ্দিনে হাফিজাক সঁকীয়াই দিলে-
তুমি কথাটো ভুলতো কাকো নক’বা।
এনেকি মাজেদেও যাতে নাজানে কথাটো। বে-আইনী কাম। বৰ সাংঘাতিক কেচ।
হাফিজাই আতংকিত কণ্ঠত ক’লে- তেনেহ'লে এতিয়া কি হ'ব? আমাৰ কোনো অসুবিধা নহয়তো ?
আমাৰ ঘৰত বস্তুটো থকাৰ কথা পুলিচে
জানিলে নিশ্চয় অসুবিধা হ'ব।
এতিয়া আমাৰ ঘৰৰপৰা বস্তুটো আঁতৰাই পঠোৱাহে কথা । বাৰু, এতিয়াই বিয়ৈৰ তালৈ গৈ আছোঁ। মই নহালৈকে
কাকো পাক ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিবা। ভাগ্য ভাল বোৱাৰী ঘৰত নাই৷ থাকিলে সাংঘাতিক
কথাই হ'লহেঁতেন। তুমি
চোতালতে বহি থাকা। মই বিয়ৈৰ ওচৰলৈ গৈ আছো। মই উভতি নহালৈকে ক’লৈকো নাযাবা ।
কলিমুদ্দিন থৰক-বৰক খোজেৰে কৰিম
বেপাৰীৰ ঘৰলৈ আহিল। তালেবৰ ঘৰতে আছিল। সি তালেবৰক লগ ধৰি ক'লে- বিয়ৈ বাহিৰলৈ ব’লক, আপোনাৰ লগত বিশেষ কথা আছে।
তালেবৰে নিৰ্বিকাৰ কণ্ঠত ক’লে- কি কথা? ইয়াতে কওঁক, বাহিৰলৈ যোৱাৰনো কি দৰ্কাৰ!
নাই নাই, ইয়াত ক'ব
নোৱাৰি। কথাটো অলপ গুৰুত্ব পূৰ্ণ। বাহিৰলৈ গৈ ক'ব লাগিব ।
বাৰু ব’লক।
দুয়ো ঘৰৰ পৰা ওলাই নিৰ্জন এডোখৰ ঠাইলৈ
আহিল। কলিমুদ্দিনে কেউফালে দৃষ্টি বোলাই অভিযোগৰ সুৰত ক'লে- বিয়ৈ আপুনি আমাক মাৰিব খুজিছে
নেকি ?
তালেবৰে কথাটোৰ গুৰুত্ব বুজিও নুবুজাৰ
ভাওজুৰি ক'লে-
আপোনাক মাৰিম? কোনে
ক'লে আপোনাক এই
কথা?
কলিমুদ্দিনে ক্ষোভ আৰু বিৰক্তি মিহলি
কণ্ঠত অনুৰোধৰ সুৰত ক'লে-
মাৰিবলৈনো ক'ত
বাকী ৰাখিছে! চাওঁক, আমি
নিৰীহ মানুহ । আপুনি বস্তুটো আজিয়ে লৈ আহক গৈ।
তালেবৰে নিৰ্বিকাৰ ভাৱে কলিমুদ্দিনক
আশ্বাস দিবলৈ চেষ্টা কৰি ক'লে-
চিন্তা কৰিব নালাগে। কোনেও গম নাপায়। মই বৰ্তমান সেইবোৰ কাম এৰি দিছোঁ। মাথোন
আত্মৰক্ষাৰ বাবেহে বস্তুটো ৰাখিছোঁ। দেউতাৰ ভয়তে আপোনালোকৰ তাত লুকোৱাই থৈছোঁ।
আপুনি ভয় কৰিছে যেতিয়া দুই এদিনৰ ভিতৰতে বস্তুটো লৈ আহিমহি। আপুনি নিশ্চিন্তে
থাকিব পাৰে ।
তালেবৰৰ নিৰ্বিকাৰ কথাত কলিমুদ্দিন অধিক
বিচলিত হৈ উঠিল। সি অধৈৰ্য হৈ ক'লে-
নাই নাই দুই এদিন নহয়, আপুনি
এই মুহূর্তে লৈ আহক গৈ। ন’হলে
মই তাৱৈক কথাটো জনাবলৈ বাধ্য হ'ম।
নাই নাই, আপুনি দেউতাক কথাটো জনাব নালাগে। কৰিম বেপাৰীৰ কথা শুনি তালেবৰে
বিচলিত হৈ উঠিল। ক'লে
সি- আজি সন্ধিয়াই বাৰু মই বস্তুটো লৈ আহিমহি।
এই ঘটনাৰ এমাহমান পাছতে কলিমুদ্দিনে
ৰূপাকুছিৰ মাটি বিক্ৰী কৰি মাজেদকলৈ আলীগাঁৱলৈ উঠি আহিল। আলীগাঁৱলৈ অহাৰ ছয়হমান পাছত
এক চৰম বিপৰ্য্যয় নামি আহিল। যি বিপৰ্য্যয়ৰ কথা পৰিয়ালৰ কোনো এজন সদস্যই সপোনতো ভবা
নাছিল । সেয়া আছিল নিয়তিৰ
এক নিৰ্মম পৰিহাস।
তেতিয়াৰ দিনত আজিকালিৰ দৰে ডাক্তৰ
নাছিল। অসুখ বিসুখ হলে বেজ কবিৰাজ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছিল। ফলত অসুখ বিসুখ হ'লে চিকিৎসাৰ অভাৱত বহু মানুহ মৃত্যু
মুখত পৰিছিল। তেতিয়াৰ দিনত দুই বিধ বেমাৰ কালান্তক যমৰ দৰে আছিল। কলেৰা আৰু
বসন্ত। শৰৎ কালি অৰ্থাৎ কাতি মাহত কলেৰা আৰু বসন্ত কালিৰ শেষত অর্থাৎ বহাগ জেঠত
বসন্তৰ প্ৰকোপ আৰম্ভ হৈছিল। এই দুবিধ ৰোগে হাজাৰ হাজাৰ মানুহৰ প্ৰাণ নাশ কৰিছিল।
কোনো কোনো পাৰিয়ালেই উছন কৰি পেলাইছিল। কলেৰায়ে মানুহৰ বেছি ক্ষতি কৰিছিল। কাতি
মাহটো পাৰ হ'লে
আৰু এটা বছৰ জীয়াই থাকিব পাৰিব বুলি মানুহে বিশ্বাস কৰিছিল।
কলিমুদ্দিন আলীগাঁৱলৈ উঠি অহাৰ ছমাহ
পাছত আলীগাঁৱত কলেৰাই মহামাৰী ৰূপ ধাৰণ কৰিলে আৰু ঘৰে ঘৰে মানুহ মৰিবলৈ ধৰিলে। ফলত
এক আতংকময় পৰিৱেশ সৃষ্টি হ'ল
গাঁৱখনত। জানাজা দিবলৈকো মানুহে ভয় কৰা হ'ল। সন্ধিয়াৰ লগে লগে মানুহবোৰ ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি থ’কা হ'ল। বেজ-কবিৰাজৰ চিকিৎসা চলিল। কবিৰাজে গাঁও বন্ধ কৰি দেৱতালৈ ভোগ আগবঢ়ালে; কিন্তু একোতে ফল নধৰিল। ঘৰে ঘৰে দিনৌ
মানুহ মাৰিবলৈ ধৰিলে।
এদিন কলিমুদ্দিনৰো কলেৰা হ'ল। কবিৰাজৰ চিকিৎসা চলিল। কবিৰাজৰ
পৰামৰ্শ অনুসৰি জীৱনৰ পৰিৱৰ্তে জীৱন হিচাপে মহচীনে বলধ এটাও এৰি দিলে। কিন্তু একো
ফল নধৰিল। দুদিন ৰোগভোগৰ পাছত কলিমুদ্দিন ঢুকাল ।
কলিমুদ্দিনৰ মৃত্যুৰ চাৰিদিন পাছত মাক
হাফিজাৰো কলেৰা হ'ল।
এদিন ৰোগভোগৰ পাছত তায়ো ঢুকাল। মহচীন সমন্বিতে সমগ্র পৰিয়াল শোকত ম্রিয়মান হৈ
পৰিল।
এইদৰেই দুটা সংগ্ৰামী জীৱনৰ যৱনিকা
পৰিল ।
-প্রথম অধ্যায় সমাপ্ত-
** ** **
দ্বিতীয় অধ্যায়
সময় মহান চিকিৎসক। সময়ে মানুহৰ
হৃদয়ৰ ক্ষতবোৰ ভৰাই তোলে। সময় যোৱাৰ লগে লগে মহচীনৰ হৃদয়ৰ ক্ষতবোৰ শুকাই আহিবলৈ
ধৰিলে। তিনিমাহমান পাছত মহচীনে মাক-দেউতাকৰ নামত খৰচ (শ্রাদ্ধ) কৰিলে। শ্রাদ্ধ
কৰাৰ পাছত তেওঁৰ মনটো অলপ ফৰকাল হৈ উঠিল। তেওঁ মাক-দেউতাকৰ শোক পাহৰি পুনৰ
খেতি-বাতিৰ কামত মনযোগ দিলে।
শ্ৰাদ্ধ (ইছলাম ধৰ্মমতে খৰচ)ৰ এমাহমান পাছত
মহচীনৰ দ্বিতীয়টো সন্তান জুলহাসৰ জন্ম হ'ল।
পাছত মহচীনে মাক দেউতাকৰ নামত খৰচ
(শ্রাদ্ধ) কৰিলে। শ্রাদ্ধ কৰাৰ পাছত তেওঁৰ মনটো অলপ ফৰকাল হৈ উঠিল। তেওঁ মাক-
দেউতাকৰ শোক পাহৰি পুনৰ খেতি-বাতিৰ কামত মনযোগ দিলে।
সিদিনা মহচীনে জুলহাসক কোলাত লৈ
বাৰাণ্ডাত বহি আছিল। এনেতে তেওঁৰ বয়সৰে ডেকা এজন আহি সুধিলে- আপুনিয়ে মহচীন হয়
নেকি?
হয়। মহচীনে নিজৰ পৰিচয় দি
অনুসন্ধিৎসু দৃষ্টিত ডেকাজনলৈ চাই ক'লে- আপুনি! আপোনাক কিন্তু মই চিনিবপৰা নাই ।
ডেকাজনে নিজৰ পৰিচয় দিলে- মোৰ নাম
লতিফ খাঁ। দুবছৰ আগতে বংগৰ পৰা উঠি আহিছোঁ। বর্তমান পালহাজিত মোমায়েকহঁতৰ ঘৰত
আছোঁ। মোমায়েকহঁতৰ ঘৰ হ'লেও
লোকৰ ঘৰ! লোকৰ ঘৰতনো আৰু কিমান দিন থাকিম ৷ তাত বৰ্তমান মানুহৰ সংখ্যা বাঢ়ি গৈছে।
নতুনকৈ অহা মানুহে মাটি পোৱা কঠিন হৈ পৰিছে। এইদৰে নিজৰ পৰিচয় দি ডেকাজনে পূব
দিশলৈ আঙুলিয়াই ক'লে-
সৌ মাটিডৰা আমি ললোঁ৷
লতিফ খাঁই আঙুলিয়াই দেখুৱা মাটিডৰা
মহচীন বহি থকা ঠাইডোখৰপৰা ভালদৰেই দেখা যায়। মাটিডৰা মহচীনহঁতৰ ঘৰৰ পৰা চাৰি চী
আঁতৰত ৷ মাটিডৰা আগতে যিজন মানুহে লৈছিল সি ছয় সাত বিঘা মাটিৰ জংঘল কাটি
মোকলাইছিল। কিন্তু কিবা কাৰণত মন নবহাত সি মাটিডৰা এৰি থৈ গুচি গৈছে। তেতিয়ালৈকে
কোনেও মাটিডৰা দখল কৰা নাছিল। যোৱাৰ সময়ত মানুহজনে মহচীনকে মাটিডৰা চোৱা- চিতা
কৰাৰ দায়িত্ব দি থৈ গৈছে।
গতিকে লতিফ খাঁই মাটিডৰা লোৱাৰ কথা
শুনি মহচীনে বিস্ময় প্রকাশ কৰি ক'লে-
মাটিডৰা ল’লে
! কাৰ পৰা ?
ফিৰদুচ খুৰাৰ পৰা। লতিফ খাঁই ক’লে- মাটিৰ বাবদ কিছু টকাও তাক দিয়া
হৈছে ইতিমধ্যে। সি আপোনাৰ কথা কৈছে। আপোনাৰ পৰা অনুমতি লৈহে মাটিডৰাৰ দখল ল'বলৈ কৈ পঠাইছে। কাৰণ মাটিডৰা হেনো
বৰ্তমান আপোনাৰ তত্ত্বাৱধানত আছে।
আচলতে মাটিডৰা মহচীনেই লোৱাৰ কথা
ভাবিছিল । কিন্তু লাতিফ খাঁই কিনাৰ কথা শুনি তেওঁ সেই আশা ত্যাগ কৰিলে । সেয়ে
তেওঁ লতিফ খাঁক আশ্বাস দিবলৈ ক'লে-
আপুনি টকা দি লৈছে যেতিয়া মাটিডৰা বৰ্তমান আপোনাৰে হৈ গৈছে। আপুনি মাটিৰ দখল লৈ
লওঁক।মোৰ ফালৰপৰা কোনো আপত্তি নাই।
লতিফখাঁহঁত আলীগাঁৱলৈ উঠি অহাৰ এমাহমান
পাছত মহচীনে লতিফ খাঁহঁতৰ প্ৰকৃত পৰিচয় পাইছিল। নায়েব আলীয়ে তেওঁক জনাইছিল
কথাটো। সি কৈছিল- কথা এটা হ'ল
নহয় মহচীন। ফিচ কাইৰ মাটিডৰা লোৱা ডেকাজন আচলতে জুলমত খাঁৰ পুতেক । মই এই মাত্ৰ
সিহঁতৰ ঘৰৰ পৰা আহিলোঁ। তাতেই মই জুলমত খাঁক দেখি আহিলোঁ । লতিফ খাঁহত ইয়ালৈ উঠি
অহাৰ সময়ত সি হেনো বংগত আছিল। কালি ৰাতিহে আহি পাইছে হেনো। আজি ৰাতিপুৱা ৰূপচানে
মোক কথাটো ক'লে।
গতিকে মই নিজ চকুৰে চাই আহিলোঁ। সঁচাকৈয়ে সি জুলমত খাঁই হয় ।
জুলমত খাঁ। কোন জুলমত খাঁ ?
তোমাৰ দেউতাকক যিজনে চাবুক মাৰিছিল
জমিদাৰৰ হাউলিত ৷
চাবুক মৰাৰ কথাটো মনত পেলাই দিয়াৰ লগে
লগে মহচীনৰ চকুত আগৰ ভাহি উঠিল তেইছ বছৰ আগৰ এটা বিষাদময় দিনৰ প্ৰতিচ্ছবি।
তেতিয়া তেওঁৰ বয়স আছিল মাথোন পাচঁ বছৰ। সময় বাগৰাৰ লগে লগে স্মৃতি কিছু ধূসৰ হৈ
পৰিছে যদিও সেই বিশেষ দিনটোৰ স্মৃতি এতিয়াও তেওঁৰ মনত ৰৈ আছিল। চাবুক মৰাৰ কথা
কোৱাৰ লগে লগে সেই বিশেষ দিনটোৰ বিশেষ দৃশ্য তেওঁৰ চকুৰ আগত জিলিকি উঠিল আৰু
দেউতাকৰ পিঠিত বামি মাছৰ দৰে ফুলি থকা দাগবোৰলৈ মনত পৰিল। দাগবোৰলৈ মনত পৰাৰ লগে
লগে তীব্ৰ বেদনাত তেওঁৰ দেহমন ভৰি পৰিল।
নদী সাধাৰণতে শান্ত হৈ থাকে; কিন্তু বতাহ বলিলেই নদীৰ বুকু আন্দোলিত
হৈ উঠে। ঢৌ আহি পাৰৰ মাটিত আছৰি পৰে । তেতিয়া পাৰৰ মাটি খহায়। হেজাৰ হেজাৰ বছৰ
ধৰি তলত পৰি থকা মাটি নতুন ৰূপত ওলাই পৰে। দৃশ্যটো মনত পৰাৰ লগে লগে সেইদৰে সময়ে
প্ৰলেপ সনা পুৰণি ঘাঁ ডোখৰ পুনৰ নতুন ৰূপত জাগি উঠিল আৰু লগে লগে তেওঁ বুকুত এক
ধৰণৰ ব্যথা অনুভৱ কৰিলে ৷
মহচীনে চকুমুদি দৃশ্যবোৰ মনত পাগুলি
অনুশোচনা মিহলি উপদেশৰ সুৰত ক'লে-
ডাঙৰ ভুল এটা হৈ গ'ল, খুৰা। আগতে পৰিচয় পোৱা হ'লে সিহঁতক ইয়াত কেতিয়াওঁ মাটি
নিদিলোঁহেঁতেন। কিন্তু উপায় নাই। হ’বৰ সেয়া হৈয়ে গৈছে। এতিয়া আৰু সেই ভুলৰ শুধৰণি সম্ভৱ নহয় ।
এতিয়া একমাত্র উপায় হ'ব
সিহঁতৰ লগত বেছিকৈ হলি গলি নকৰাটোহে । আমি সিহঁতৰ পৰা সাৱধান হৈ চলিব লাগিব ৷
আপুনি এই বিষয়ে আটাইকে সাৱধান কৰি দিব যাতে সিহঁতৰ লগত লাগি কোনেও অশান্তি চপাই
নলয় ৷
নায়েব আলীয়ে হতাশ কণ্ঠত ক'লে- কিন্তু সিহঁত শেনৰ এজাত। আমি
শান্তি বিচাৰিলে কি হ'ব!
সিহঁতে যদি শান্তি নিবিচাৰে অশান্তি হ’বই ।
মহচীনে ক’লে- আমি সাৱধান হৈ চলাৰ পাছতো যদি
সিহঁতে অশান্তি সৃষ্টি কৰে তেতিয়াই বাৰু দেখা যাব ।
নায়েব আলীয়ে পৰামৰ্শ আগবঢ়ালে- শিপা
মেলাৰ আগতেই সিহঁতক ইয়াৰ পৰা খেদি পঠিওৱাই ভাল আছিল নেকি?
মহচীনে কথাটোত সমৰ্থন জনাব নোৱাৰিলে। ক'লে তেওঁ- সেয়া সম্ভৱ নহয, খুৰা। গাঁৱখনতো একমাত্র আমাৰে নহয় ৷
মাটিও আমাৰ নহয় ৷ চৰকাৰী মাটি । গতিকে এই মাটিত আটায়েৰে বসবাস কৰাৰ অধিকাৰ আছে।
সেই অধিকাৰ খৰ্ব কৰিলে আমি আইনৰ চকুত জগৰীয়া নহ'ম জানো ?
কথাটো অৱশ্যে হয়। নায়েব আলীয়ে হতাশা
প্রকাশ কৰি ক'লে-
সিহঁত ভাল হ'লেতো
কথাই নাছিল । বেয়া কাৰণেহে কৈছোঁ । সিহঁতৰ তেজৰ মাজতে অপৰাধ নিহিত হৈ আছে। সিহঁতে
অপৰাধ নকৰাকৈ থাকিব নোৱাৰিব, চাবা
।
এবছৰ পাছতে নায়েব আলীৰ সন্দেহ
ফলিয়ালে।
আগতে সমাজৰ মাতবৰ আছিল পাক্কু বেপাৰী।
বয়স হোৱা কাৰণে তেওঁ বৰ্তমান সমাজৰ দায়িত্ব এৰি দিছে। বয়স কম হ’লেও ধীৰ-স্থিৰ আৰু শান্ত-শিষ্ট স্বভাৱৰ
কাৰণে আটায়ে মহচীনক সমাজৰ মুৰব্বী পাতিছে। গতিকে গাৱঁখনত কিবা ঘটনা ঘটিলেই আটায়ে
মহচীনৰ ওচৰলৈ লৰি আহে ৷
সিদিনা প্রচণ্ড ক্ষোভ বেদনা আক্রোশত
জৰ্জৰিত হৈ নায়েব আলীৰ সৰুটো পুতেক শ্বাজামাল মহচীনৰ ওচৰলৈ লৰি আহিল ৷
মহচীন বাৰাণ্ডাত বহি আছিল। মহচীনে কিবা
কোৱাৰ আগতেই শ্বাজামালে ক্ষোভ আক্রোশত গুজৰি-গুমৰি ক'লে- মহচীন কাই, তোমাৰ কথাই ঠিক। সিহঁতে আমাক শান্তিত
থাকিবলৈ নিদিয়ে। আজি লতিফ খাঁৰ ভায়েক ছালামে যি কাণ্ড কৰিছে, তাৰ গা কটাৰিৰে ফাল ফাল কৰি নিমখ
ছটিয়াই, মূৰ খুৰাই গাঁৱে
গাঁৱে ঘূৰালেও দেহৰ জ্বালা উপশম নহ'ব।
পাষণ্ডৰ ইমান সাহ! দিন দুপৰতে সি...............
প্রচণ্ড ক্ষোভত শ্বাজামালৰ কণ্ঠ ৰুদ্ধ
হৈ আহিল। শেষৰ কথাফাকি সি শেষ কৰিব নোৱাৰিলে ৷
শ্বাজামালৰ ভয়ংকৰ হিংস্ৰ মুখমণ্ডললৈ
চাই মহচীনে শান্ত সমাহিত কণ্ঠত সুধিলে- তুমি দেখোন খঙত কথা ক'ব নোৱাৰা হৈছা ? ঘটনা কি ?
ঘটনা শুনাৰ আগতে হুকুম দিয়া তাক ধৰি
আনিবলৈ । শ্বাজামালৰ প্ৰতিহিংসা যেন অধিক তীব্ৰতৰ হৈ উঠিল- পাষণ্ডক আজি মই কেঁচাই
খাম। সি মোৰ বুকুত কামোৰ মাৰিছে। তাক.......
শ্বাজামালক উত্তেজিত হোৱা দেখিও মহচীন
হাজী উত্তেজিত নহ'ল।
নিৰ্বিকাৰ ভাবে ক'লে
তেওঁ- ঘটনা কি কোৱাচোন ? অধৈৰ্য
হৈ কোনো কাম সিদ্ধি কৰিব নোৱাৰি। আগতে ঘটনা কি কোৱা, পাছত হুকুম দিব লাগে,
নে নালাগে পাছত বিবেচনা কৰিম ৷
মহচীন হাজীৰ নিৰ্বিকাৰ ভাৱ দেখি
শ্বাজামাল কিছু পৰিমাণে হতাশ হ'ল ।
তাৰ উদ্ধত উত্তাল গতিও কিছু পৰিমাণে স্তিমিত হৈ পৰিল ।অৱসন্নভাৱে সি মাটিৰ ওপৰতে
লেপেটা কাঢ়ি বহি পৰিল । তাৰ পাচত সি কৈ গ'ল এক জঘন্য কাহিনী।
ঘটনাটো ঘটিছে শ্বাজামালৰ বাগদত্তা
ৰংমালাকলৈ। সিহঁতৰ বিয়া ঠিক হৈ আছে। অহা মাহতে বিয়া হোৱাৰ কথা। ঠিক এনেকুৱা
অৱস্থাত ঘটনাটো ঘটাত শ্বাজামাল লাজ,
অপমান, ক্ষোভত
বিপর্যস্ত হৈ পৰাটো স্বাভাৱিক।
জুলমত খাঁৰ পাঁচটা ল'ৰা আৰু এজনী ছোৱালী। ল'ৰা কেইজনৰ ভিতৰত লতিফ খাঁ জ্যেষ্ঠ আৰু
ছালাম খাঁ কনিষ্ঠ। ছোৱালী জৰিণা আটাইতকৈ সৰু। আজিৰ ঘটনাৰ নায়ক ছালাম খাঁ ।
ছালাম খাঁই বিয়া-বাৰু কৰোৱা নাই। বাকী কেইজনে
বিয়া-বাৰু কৰাইছে। জৰিণাৰ তেতিয়ালৈকে বিয়াৰ বয়স হোৱা নাছিল ।
তেতিয়াও ঠায়ে ঠায়ে বিক্ষিপ্তভাৱে
বন-জংঘল সিঁচৰতি হৈ আছিল। ৰংমলাই দামুৰি এটা বিচাৰি তেনেকুৱা এডৰা জংঘলৰ মাজলৈ
সোমাই গৈছিল।
ছালামে জংঘলডৰাৰ ওচৰতে গৰু চৰাই আছিল।
ৰংমালাক সেইদৰে অকলে জংঘলৰ মাজলৈ সোমাই যোৱা দেখি অসৎ উদ্দেশ্য চৰিতাৰ্থৰ কাৰণে সি
সন্তর্পণে ৰংমালাৰ পাছে পাছে জংঘলৰ মাজলৈ সোমাই গৈছিল।
ৰংমালাক জংঘলৰ মাজত লগ পাই ছালামে অসৎ
প্ৰস্তাৱ অগবঢ়ালে; কিন্তু
ৰংমালাই তাৰ সেই প্ৰস্তাৱত সন্মত নোহোৱাত সি বলপূর্বক অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ
কাৰণে তাইক জপটিয়াই ধৰিলে। ৰংমালাই তেতিয়া নিৰুপায় হৈ চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে।
তাইৰ চিঞৰ-বাখৰ শুনি অনতি দূৰতে গৰু চৰাই থকা গৰখীয়া ল'ৰা কেইজনমান হাই-উৰুমি কৰি দৌৰি গৈছিল।
কথা ভীষণ যেন দেখি ছালামে ৰংমালাক এৰি থৈ দৌৰি পলাইছে।
শ্বাজামালৰ মুখত ঘটনাৰ বিৱৰণ শুনি
মহচীন স্তম্ভিত হৈ পৰিল।
এনেকুৱা ঘটনা সংসাৰত নতুন নহয়।
সৃষ্টিৰ পাতনিৰে পৰা এচাম মানুহে জৈৱিক ভোকৰ উন্মাদনাত পৈচাশিক লালসা চৰিতাৰ্থ
কৰাৰ কাৰণে ক্ষুধার্ত বাঘৰ দৰে নাৰীৰ ওপৰত জপিয়াই পৰি যুগে যুগে নাৰীৰ নাৰীত্বক
অৱমাননা কৰি আহিছে।
মানুহৰ মাজতে মানবিক শক্তিৰ শ্ৰেষ্ঠ প্ৰকাশ
ঘটিছে আৰু কেতিয়াবা সেই জীৱশ্ৰেষ্ঠ মানুহেই জৈৱিক ভোকৰ উন্মাদনাত পশুতকৈও হিংস্ৰ
হৈ উঠিছে। পশুবোৰ আবেগৰ দ্বাৰা পৰিচালিত । সিহঁতৰ মাজত বোধশক্তি আছে যদিও জ্ঞানৰ
প্ৰকাশ হোৱা নাই। কিন্তু মানুহ বিবেকৰ দ্বাৰা পৰিচালিত। মানুহৰ জ্ঞান আছে—মায়া-মমতা আছে— বিবেকেৰে সমৃদ্ধ এখন হৃদয় আছে। কিন্তু
মানুহ বিশেষ বিশেষ পৰিস্থিতিত হৃদয়হীন হৈ পৰে। তেতিয়া মানুহৰ মাজত থকা মানৱতাৰ
শ্ৰেষ্ঠ মাপ কাঠি জ্ঞান নামৰ অনুভূতি লোপ পায়----হিতাহিত জ্ঞান হেৰুৱাই পেলায় ।।
নাৰীৰ প্ৰতি প্রলোভিত হ'লে
মানুহৰ জ্ঞানৰ পৰিধি অধিকভাৱে সংকোচিত হৈ পৰে।
নাৰীৰ প্ৰতি পুৰুষৰ আকৰ্ষণ দুবাৰ। টেঙা
দেখিলে জিভা প্রলোভিত হোৱাৰ দৰে নাৰী দেখিলে পুৰুষ প্ৰলোভিত হয় । তেতিয়া হৃদয়ত
কামনাৰ জুই শিখা জ্বলি উঠে। বহুতে বিবেকৰ চাবুকেৰে মনটোক শাসন কৰি সমাজ আৰু আইনৰ
ভয়ত নিজক শামুকৰ দৰে গোটাই ৰাখে । কিছু সংখ্যকে আকৌ সমাজ, আইন, লাজ-সংকোচ আঁতৰাই চিত্তবৃত্তিৰ দাস হৈ নানা অসামাজিক ঘটনা সংঘটিত
কৰে। মানুহৰ এই অপৰাধ প্ৰৱণতাৰ কাৰণেই সমাজখন সুস্থ সুন্দৰকৈ ৰখাৰ বাবে আইনৰ
আশ্ৰয় ল'ব লগা হৈছে। ফলত
বিভিন্ন অপৰাধৰ কাৰণে বিভিন্ন ধৰণৰ আইন প্রণয়ন কৰিছে। এই আইনসমূহ বাস্তৱায়িত
কৰাৰ কাৰণে নিৰ্দ্ধাৰিত মানুহো আছে। ফলত আইন হাতত তুলি লোৱাটোক অপৰাধ হিচাপে গণ্য
কৰা হয়।
ঘটনাটো শুনি মহচীনৰ হৃদয়ত তীব্র ক্ষোভ
সঞ্চাৰিত হ'ল
যদিও আইনৰ কথা ভাবি তেওঁ নিজক চম্ভালিলৈ নিৰ্বিকাৰভাৱে ক'লে- বাৰু, মই কথাটো জুলমত খুৰাক কৈ চাওঁ। তেওঁ
যদি উপযুক্ত বিচাৰ নকৰে তেতিয়া বেলেগ কথা চিন্তা কৰিম ৷
শ্বাজামালে ঘটনাটো কৈ থাকোঁতে আৰু
কেইজনমান মানুহ আহি তাত গোট খাইছিল। মানুহবোৰৰ মাজত বিশেষ মানুহজন আছিল মুছা
শ্বেখ৷
মুছাশ্বেখে মহচীনৰ সিদ্ধান্তৰ বিৰুদ্ধে
প্রতিবাদ কৰি উঠিল- নাই নাই, পাছত
নহয়। আজিয়ে তাক উচিত শিক্ষা দিব লাগিব।
মহচীনে মুছা শ্বেখৰ স্বভাৱৰ কথা জানে।
খং উঠিলে মুছাশ্বেখ বল্গাহীন ঘোঁৰাৰ দৰে হৈ উঠে। তেতিয়া লেকামডাল টানি ধৰাৰ
প্রয়োজন হয়। মুছা শ্বেখ মহচীনতকৈ বয়সত দহ বাৰ বছৰৰ ডাঙৰ। তথাপিও সি মহচীনক মানি
চলে। সতকাই মহচীনৰ কথাৰ বিৰুদ্ধে নাযায়। এবাৰ মুছাই নৰহত্যাৰ দৰে মহাপাপ কৰিবলৈ
ওলাইছিল। সিবাৰ মহচীনেই বুজাই-বঢ়াই তাক কোনোমতে শান্ত কৰিছিল ৷
মুছাশ্বেখৰ প্ৰথমজনী ঘৈণীয়েক বসন্ত
ৰোগত ঢুকোৱাৰ পাছত সি গাঁৱৰে ৰংমালা নামৰ এজনী ছোৱালীৰ প্ৰেমত পৰিছিল। উভয়ে উভয়ক
বিয়া কৰোৱাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধও হৈছিল। কিন্তু শেষ মুহূৰ্ত্তত ছোৱালীজনীৰ
অভিভাৱকে বৰলা বুলি মুছাশ্বেখৰ লগত বিয়া নিদি লতিফ খাঁৰ ভায়েক শুকুৰ খাঁৰ লগত
বিয়া দি উলিয়াই দিছিল। ফলত সি ছোৱালীজনীক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল।
তেতিয়া মহচীনে বুজাই-বঢ়াই শান্ত কৰি তাক নৰহত্যাৰ দৰে অপৰাধৰ পৰা ৰক্ষা কৰিছিল।
কিন্তু শুকুৰ খাঁৰ কাৰণেই সি ৰংমালাক বিয়া কৰাব নোৱাৰিলে বুলি ভাবি শুকুৰ খাঁৰ
প্ৰতি এতিয়াও বিদ্বেষ ভাব পোষণ কৰি ৰাখিছে । তাৰ খঙৰ আঁৰতো সেই বিদ্বেষ ভাবেই
বিশেষ ভাবে ক্রিয়া কৰি আছিল ৷
মুছাশ্বেখক উত্তেজিত হৈ উঠা দেখি
মহচীনে ধম্কীৰ সুৰত ক'লে-
মই তোমাৰ খঙৰ কাৰণ উপলব্ধি কৰিব পাৰিছো । মোৰ কথা শুনা, ধৈর্য ধৰা। সহি থাকিলে বহি চাব পাৰিবা।
খং চণ্ডাল। খঙৰ জৰিয়তে কোনো কাম সমাধা নহয় ৷
মহচীনৰ ধম্কিত অনিচ্ছা সত্ত্বেও
মুছাশ্বেখ কিছু শান্ত হ'ল
যদিও নায়েব আলীৰ ডাঙৰ জন পুতেক বিশ্বাই তীব্ৰ কণ্ঠত প্রতিবাদ কৰি উঠিল- নাই নাই, আজি ইয়াৰ কিবা এটাহেস্ত নেস্ত কৰিহে
এৰিম। সিহঁত শেনৰ এজাত। স্বভাৱ কুকুৰৰ দৰে। লাই দিলে গললৈকে জপিয়াব । প্ৰথমৰ পৰাই
সিহঁতক কেঁকোৰা-চেপা দি নাৰাখিলে শেষত গৈ জীয়াৰী-বোৱাৰীলৈ বসবাস কৰাই কঠিন হৈ
পৰিব। তুমি মাথোন হুকুম দিয়া, যি
কৰিব লাগে আমি কৰিম। তুমি একো কৰিব নালাগে। অন্ততঃ এই ক্ষেত্ৰত তুমি ‘না’ নুবুলিবা ৷
বিশ্বাও অলপ গোৱাৰ প্ৰকৃতিৰ। গোৱাৰ
প্ৰকৃতিৰ লোকক যুক্তিৰেহে ঘাইল কৰিব পাৰি। সেয়ে মহচীনে বিশ্বাৰ সুৰতে সুৰ মিলাই ক’লে- বাৰু, মোৰ হুকুম ল'বলৈ আহিছা যেতিয়া সদ্যহতে তোমালোকে
ক্ষোভ আক্রোশ সামৰি ঘৰলৈ যোৱাগৈ। ঘটনাস্থলীতে কিবা এটা হ'লে তেতিয়া বেলেগ কথা আছিল। ঘটনাস্থলীত
যেতিয়া কোনো অঘটন ঘটা নাই এতিয়া তাৰ পুনৰাবৃত্তি কৰিব নালাগে। অন্যায়ৰ বিচাৰ
কৰাৰ কাৰণে সামাজিক নীতি-নিয়ম আছে। চৰকাৰী আইন আছে। মই প্ৰথমতে জুলমত খুৰাৰ ওচৰত
নালিচ দিয়াৰ কথা ভাবিছোঁ। তেওঁ বিচাৰ নকৰিলে তেতিয়াহে বেলেগ কথা চিন্তা কৰিম।
তোমালোকে যিদৰে উগ্রমূৰ্ত্তি ধৰি আহিছা, এইদৰে সমস্যাৰ সমাধান নহ'ব; বৰঞ্চ
সমস্যা বাঢ়িবহে। তোমালোকে তাক জোৰ-জুলুম কৰি ঘৰৰ পৰা উঠাই আনিবলৈ গ'লে সিহঁতেওঁতো বহি নাথাকে! তেতিয়া
দুয়োপক্ষৰ মাজত মৰা-মৰি হৈ খুন-জখমো হ'ব পাৰে। তাতকৈ মোৰ কথা শুনা । মই আজিয়ে সিহঁতৰ ঘৰলৈ গৈ জুলমত খুৰাক
কথাটো জনাম । তেওঁ যদি আমাৰ কথাত গুৰুত্ব নিদিয়ে তেতিয়াহে বেলেগ কথা ভাবিম ।
খুন জখমৰ কথা শুনি বিশ্বাৰ বাহিৰে
আটায়ে সংকোচিত হৈ উঠিল।
ৰংমালাৰ ককায়েক ফিদুচো তাত উপস্থিত
আছিল। কিবা অঘটন ঘটিলে দোষটো প্ৰথমতে সিহঁতৰ গাতে পৰিব বুলি ভাবি সি বিশ্বাক
উদ্দেশ্য কৰি ক'লে-
নালাগে বিশ্বাকাই, মাতবৰৰ
কথামতেই কাম কৰা । কুকুৰে কামুৰিছে বুলি আমি কুকুৰক কামোৰাটো উচিত নহ'ব।
ফিৰদুচৰ কথাত বল পাই মহচীনে ক'লে- যোৱা, এতিয়া আটায়ে ঘৰাঘৰি যোৱাগৈ। আবেলি
আমি জুলমত খুৰাৰ ওচৰলৈ যামহি। এইদৰে কৈ মুছা শ্বেখক উদ্দেশ্য কৰি ক'লে- মুছা কাই, আপুনিও ওলাব মোৰ লগত ৷
মহচীনৰ পৰামৰ্শ অনুসৰি আটায়ে ক্ষোভ
আক্রোশ সামৰি সিদিনাৰ কাৰণে ঘৰা-ঘৰি গ'ল।
সন্ধিয়া মহচীনে মুছাশ্বেখ, নায়েব আলীকে আদি কৰি চাৰিজন মানুহ
লগতলৈ জুলমত খাঁৰ ওচৰলৈ আহিল ৷
জুলমত খাঁৰ তেতিয়া ষাঠিৰ দেওনা পাৰ হৈ
গৈছে। দাঢ়ি চুলিত পক ধৰিছে। গাৰ বৰণ আবলুচ কাঠৰ দৰে কিচকিচিয়া কলা। ওখ কপাল। ওপৰ
পাৰিৰ আগদাঁত দুটা-ভঙা। আটিল দেহ। বয়সে যেন তেনেকৈ আঁচোৰ বহাব পৰা নাই দেহত
জুলমত খাঁ বাৰান্দাত চকী এখনত বহি
আছিল। জুলমত খাঁহঁত আলীগাঁৱলৈ উঠি অহা প্ৰায় দুই তিনি বছৰেই পাৰ হবৰ হ'ল। এই দুই- তিনি বছৰত মহচীনে কিজানি
দুদিনো অহা নাই সিহঁতৰ ঘৰলৈ। জুলমত খাঁৰো একেই অৱস্থা। সিও মাথোন দুবাৰহে গৈছে
মহচীনহঁতৰ ঘৰলৈ। অথচ দুয়োৰে ওচৰা-উচৰি ঘৰ। ইজনে সিজনৰ লগত মাতি কথা ক'ব পৰা দূৰত্বহে মাথোন দুখন ঘৰৰ মাজত ৷
জুলমত খাঁক দেখিলেই মহচীনৰ বুকুখন সাপৰ
দৰে মোচড় দি উঠে। চকুৰ আগত ভাহি উঠে দেউতাকৰ সেই ৰক্তাপ্লুত দেহ। জিলিকি উঠে
পিঠিত বামি মাছৰ দৰে ফুলি থকা ক'লা
দাগবোৰ ৷ গতিকে মহচীনে পাৰ্যমানে জুলমত খাঁক এৰাই চলিবলৈ চেষ্টা কৰে ।
জুলমত খাঁৰো সেই একেই অৱস্থা। তাৰো
ঘটনাটোলৈ মনত পৰে। ফলত মহচীনক দেখিলে সি যেন কিছু পৰিমাণে সংকোচিতও হৈ পৰে। ভঙা
দাঁত দুটাৰ কথা মনত পৰি কেতিয়াবা হয়তো আক্রোশো সঞ্চাৰিত হয় হৃদয়ত। কিন্তু
কোনেও কোনোদিন কাকো এই বিষয়ে একো প্রশ্ন সোধা নাই। মনৰ কথা মনতে গাপ মাৰি ৰাখি
স্বাভাৱিক ব্যৱহাৰ কৰি আহিছে পৰস্পৰে পৰস্পৰৰ লগত ।
মহচীনক দেখি জুলমত খাঁই প্ৰথমতে মাত
লগালে- আহা, মহচীন
বোপা বহাহি ।
জুলমত খাঁৰ বাও কাষে পাৰি থোৱা বেঞ্চ
এখনত মহচীন বহিল। তেওঁৰ লগত যোৱা বাকীবোৰেও বহিল বেঞ্চটোত।
জুলমত খাঁই সৌজন্যতাৰ খাতিৰতে কুশল
বাতৰি সুধিলে- কোৱাচোন তোমাৰ খা-খবৰ কি? খেতি-বাতিৰ খবৰ কোৱা।
মহচীনে জানে এই খা-খবৰ সোধাৰ মাজত কোনো
আন্তৰিকতা নাই। মাথোন সৌজন্যতাহে এয়া ।
সেয়ে মহচীনে গতানুগতিকভাৱে ক'লে- মোটা-মুটি বেয়া নহয়, ভালেই। কথা প্রসংগত বেলেগ কথা ওলাব
পাৰে বুলি ভাবি তেওঁ আচল কথালৈ আহিল। ক’লে- আজি আমি এটা বিশেষ কথালৈহে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি হয়তো কথাটো
ইতিমধ্যে গম পাইছেই।
দুপৰীয়া ঘটা ঘটনাটোৰ প্ৰতিক্ৰিয়া
হিচাপেই যে মহচীনৰ আগমন এই কথা জুলমত খাঁই মহচীনহঁতক দেখিয়ে উপলব্ধি কৰিব পাৰিছিল
। সেয়ে মহচীনৰ কথাত তাৰ মুখমণ্ডলত তীব্র শ্লেষ ও বিৰক্তিৰ অভিব্যক্তি ফুটি উঠিল।
কিন্তু পাচমুহূর্ততে সি নিজক চম্ভালিলৈ হতাশ ও বিষণ্ণ সুৰত ক'লে- তোমাৰ আগমনৰ উদ্দেশ্য মই বুজিব
পাৰিছোঁ। কথাটোলৈ মই তোমাৰ ওচৰলৈ যোৱাৰ কথাই ভাবি আছিলোঁ । তুমি আহিলা যেতিয়া
ভালেই হ'ল। এইদৰে কোৱাৰ
পাছত এক অসহিষ্ণু বিৰক্তিত তাৰ মুখমণ্ডল কুঞ্চিত হৈ উঠিল। সি ডাঙৰজন পুতেক লতিফ
খাঁক প্রয়োজনতকৈ উচ্চ কণ্ঠত মাতিলে- লতিফ, লতিফ অ’।
ঘৰৰ ভিতৰৰ পৰা লাতিফ খাঁই সঁহাৰি
জনালে- দেউতা.......
তুমি ছালামক ইয়ালৈ লৈ আহাচোন। জুলমত
খাঁই আদেশৰ সুৰত ক'লে
৷
লতিফ খাঁ আৰু ছালাম খাঁ ঘৰৰ ভিতৰতে
আছিল। ক্ষন্তেক পাছতে লতিফ খাঁ বাৰাণ্ডালৈ ওলাই আহিল। ছালাম খাঁও চুচুক-চামাককৈ
ওলাই আহিল তাৰ পাছে পাছে।
লতিফ খাঁ বাৰাণ্ডাৰ পৰা নামি গৈ চোতালত
থিয় দিলে । ছালাম খাঁ বাৰাণ্ডাতে তলমূৰকৈ থিয় দি থাকিল।
বিক্ষুব্ধ উত্তেজিত কণ্ঠত জুলমত খাঁই
ছালামক উদ্দেশ্য কৰি সুধিলে- পাষণ্ড, দুপৰীয়াৰ পৰা তোৰ বিৰুদ্ধে যিবোৰ কথা শুনি আছোঁ সেইবোৰ সঁচা নেকি ?
মহচীনহঁতক দেখি ছালাম খাঁ স্বাভাৱিকতে
অলপ শংকিত হৈ উঠিছিল। জুলমত খাঁৰ উত্তেজিত বিক্ষুব্ধ কণ্ঠস্বৰত সি অধিক ভয়বিত হৈ
উঠিল। সি দেউতাকৰ ফালে কেৰাহিকৈ চাই পুনৰ তলমূৰ কৰিলে।
ছালাম খাঁৰ মৌনতাত জুলমত খাঁ আহত বাঘৰ
দৰে গৰ্জি উঠিল- পাষণ্ড ! এইদৰে কৈয়ে সি তড়িৎ গতিত বহাৰপৰা উঠি ছালাম খাঁৰ গালত
চৰ এটা শোধাই ক'লে-
বদমাচ, পুনৰ যদি
এনেকুৱা কাম কৰ, তোৰ
হাত-ভৰি ভাঙি বিছনাত পেলাই থ’ম।
যা, গুচ্ মোৰ
সন্মুখৰ পৰা।
ছালাম খাঁ যেন দূৰৰ গংগা ওচৰত পালে।
কোনো ধৰণৰ প্ৰতিবাদ নকৰাকৈ সি ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
জুলমত খাঁ মহচীনহঁতক উদ্দেশ্য কৰি ক'লে- মই বৰ দুঃখিত। ইয়াকে লৈ আৰু হৈ-চৈ
কৰিব নালাগে। কাইলৈ ৰাতিপুৱাই মই ইয়াৰ বিচাৰ দিম ।
জনমতৰ প্ৰতি লক্ষ্য কৰিয়ে হওঁক বা
ছালামৰ ভৱিষ্যতৰ কথা ভাবিয়ে হওঁক জুলমত খাঁই ছালামকলৈ পাছদিনা ৰংমালাহঁতৰ ঘৰলৈ গৈ
তাইৰ মাক-দেউতাকৰ ভৰিত ধৰাই ক্ষমা খোজাই আনিছিল । ৰংমালাৰ ওচৰতো ক্ষমা খোজাইছিল।
জুলমত খাঁই নিজেও ৰংমালাৰ মাক- দেউতাকৰ ওচৰত ক্ষমা খোজাৰ লগতে পুতেকৰ ভুলৰ বাবে
মহচীনহঁতৰ ওচৰতো ক্ষমা খুজিছিল।
কিন্তু সিদিনাৰ সেই শাসনে ছালামৰ সেই
স্বভাৱৰ পৰিবৰ্তন সাধিব পৰা নাছিল। পাছৰ পৰ্যায়ত সি নাৰীৰ প্ৰতি দুৰ্বলতাৰ লগতে
চুৰি-ডকাইতিতো অভ্যস্ত হৈ পৰিছিল। জুলমত খাঁৰ মৃত্যুৰ পাছত সি অধিক বেপৰোৱা হৈ
উঠিছিল আৰু নাৰীজনিত ঘটনাতে তাক মানুহে হত্যা কৰিছিল। সেইবোৰ ঘটনা প্রবাহতে আহিব।
এতিয়া থাওঁক বাৰু ।
** ** **
ছালাম খাঁক লৈ উদ্ভৱ হোৱা ঘটনাৰ পাছত
কৰ্মমুখৰ অথচ উদ্যমহীন গতানুগতিক কেইটামান বছৰ কালৰ বুকুত জাহ গ'ল।
ভাৰতৰ আন আন মানুহে যেতিয়া বৃটিছৰ
শাসন-শোষণৰ পৰা মুক্ত হ'বলৈ
মহাত্মা গান্ধীৰ নেতৃত্বত যুগান্তকাৰী বিপ্লৱৰ সূচনা কৰি চৰকাৰী শাসন, ফাঁচীৰ ভয় নেওচি স্বাধীনতা আন্দোলনত
জপিয়াই পৰিছিল আলীগাঁৱৰ মানুহ তেতিয়া নাঙল, গৰু আৰু খেতি-পথাৰলৈ ব্যস্ত হৈ আছিল।
এক গতানুগতিক জীৱন প্ৰবাহ; য'ত নাই কোনো বিচিত্রতা,
নাই কোনো উত্তেজনা। সমগ্ৰ ভাৰতবৰ্ষ যেতিয়া জাতীয় চেতনাত উত্তাল, আলীগাঁৱৰ মানুহ তেতিয়া নিস্তৰংগ
পুখুৰীৰ দৰে নিশ্চল নিতাল। দেশৰ মানুহে যেতিয়া স্বাধীনতাৰ বাবে তেজ আহুতি দিছে-
আলীগাঁৱৰ মানুহে তেতিয়া পেটৰ ভাতমুঠিৰ বাবে দেহৰ ঘাম তৰ্পণ কৰি বসুমতীৰ বুকু
জীপাল কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে। য'ত জীৱন আছে ;কিন্তু
স্পন্দন নাই- উদ্যম আছে ; কিন্তু
প্রাণ চাঞ্চল্য নাই ।
ইয়াৰ মাজতে ঈদ আহিছে। মানুহবোৰে দলে
দলে ঈদগাহলৈ গৈ নামাজ পঢ়িছে। হিংসা-দ্বেষ পাহৰি গলে গলে মিলিছে। ল'ৰা- ছোৱালীয়ে লেছেৰি বুটলিছে।
জীয়ৰী-বোৱাৰীয়ে শাক-শামুক বুটলিছে। চ’ত বহাগত ল'ৰাবোৰে
চিলা উৰুৱাই কৌতুক কৰিছে। ডাঙৰবোৰে খেতি নিকাবলৈ গৈ ধুয়াগানৰ সুৰেৰে আকাশ-বতাহ
মুখৰিত কৰি তুলিছে। জীয়ৰী, বোৱাৰীবোৰে
ঢেঁকীৰ শব্দৰ তালে তালে বিয়াগীত গাইছে। নাট্যপ্ৰেমীসকলে শীত কালি গীতিনাট্যৰ দল
গঠন কৰি নিস্তৰংগ জীৱনলৈ কিছু প্ৰাণৰ স্পন্দন জগাইছে। চেমনীয়াবোৰে মাগন গীত
(হুঁচৰি) গাইছে। পুথি পঢ়িছে। কবি গানৰ মেহফিল বহিছে। জোনাক নিশা গীতালৰ সাৰিন্দাৰ
ধ্বনিয়ে আকাশ বতাহ মুখৰিত কৰিছে। চুফী পন্থীসকলে ঢোল-খোল বজাই ভক্তিৰসেৰে সমৃদ্ধ
গীত গাই মেহফিল কৰিছে। বছৰৰ পাছত বছৰ ধৰি এইদৰেই চলিছে আলীগাঁৱৰ জীৱন প্রবাহ। য’ত পেটৰ ভোকৰ বাহিৰে নাই বেলেগ কোনো
চিন্তা-ভাবনা ৷
ইয়াৰ মাজতে একমাত্ৰ মহচীন হাজী কিছু
ব্যতিক্ৰম আছিল। তেওঁ মাজে সময়ে সদৰলৈ গৈছিল। আধুনিক বিশ্বৰ কিছু খা-খবৰো ৰাখিছিল।
ল'ৰা-ছোৱালীৰ
শিক্ষা-দীক্ষাৰ কথা চিন্তা কৰিছিল। দুই এজনৰ লগত তেওঁ এই বিষয়ে আলোচনাও কৰিছিল; কিন্তু তেওঁ সিহঁতৰ পৰা সহাঁৰি পোৱা
নাছিল। ফলত জীৱন প্ৰবাহ একেদৰেই চলিছিল।
দ্বিতীয় মহাসমৰৰ অন্তিম পৰ্যায়ত
আলীগাঁৱৰ নিস্তৰংগ জীৱনত প্ৰাণৰ স্পন্দন জাগিল। জগালে কেশৱ চৌধুৰীয়ে।
কেশৱ চৌধুৰী কংগ্ৰেছৰ স্বেচ্ছাসেৱক।
বাঘবৰ অঞ্চলৰ নামজ্বলা মানুহ। সদালাপী। মিষ্টভাষী। সকলোৰে লগত মিলিবপৰা ধৰণৰ সৰৱহী
মানুহ। পৰোপকাৰী। মেট্ৰিক পাছ। ছাত্ৰাৱস্থাতে জাতীয় কংগ্ৰেছত যোগদান কৰি
দেহে-কেহে স্বাধীনতা আন্দোনলত জপিয়াই পৰিছিল। দেশৰ ডাঙৰ ডাঙৰ কংগ্ৰেছী নেতাসকলৰ
লগতো তেওঁৰ পৰিচয় আছিল। ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছ মহাসভাৰ তেওঁ এগৰাকী
স্বেচ্ছাসেৱকো আছিল।
কেশৱ চৌধুৰীৰ দেউতাকৰ নামত এখন ৰেচনৰ
দোকান আছিল । মহচীন হাজীহঁতে সেই ৰেচনৰ দোকানৰপৰা মাল খাইছিল। ৰেচনৰ দোকানৰ
মালখোৱাৰ সুবাদতে মহচীন হাজীৰ লগত কেশৱ চৌধুৰীৰ পৰিচয় আছিল। কিন্তু তেনেকৈ
ঘনিষ্ঠতা নাছিল অৱশ্যে। ঘনিষ্ঠতা হয় দ্বিতীয় মহাসমৰৰ অন্তিম পর্যায়তহে।
দ্বিতীয় মহাসমৰৰ অন্তিম পৰ্যায়ত কেশৱ
চৌধুৰী কংগ্ৰছেৰ সাংগঠনিক কামত আলীগাঁৱলৈ আহে আৰু কেশৱ চৌধুৰীৰ আগমনৰ ফলতে আলীগাঁও
অঞ্চলত প্ৰাণৰ স্পন্দন জাগে। মহচীন হাজীয়ে কংগ্ৰছৰ সদস্য পদ গ্ৰহণ কৰে আৰু কেশৱ
চৌধুৰীৰ লগত সাংগঠনিক কাম আৰম্ভ কৰে । সেই সুবাদতে কেশৱ চৌধুৰীৰ লগত মহচীন হাজীৰ
আন্তৰিকতা গঢ়লৈ উঠে আৰু তেওঁৰ প্ৰচেষ্টাতে আলীগাঁৱত প্ৰাথমিক বিদ্যালয়খন স্থাপিত
হয় ৷
আলীগাঁও অঞ্চলৰ মানুহৰ বাবে কেশৱ
চৌধুৰী দেৱদূত স্বৰূপ আছিল। ইং ১৯৬৪ চনত ১৯৩৮ চনৰ পাছত অসমলৈ অহা বংগীয়মূলৰ
মুছলমানসকলক চিনাক্ত কৰি অসমৰ পৰা পাকিস্থানলৈ বহিস্কাৰ কৰাৰ এটা প্ৰক্ৰিয়া
চলিছিল । উক্ত কামৰ বাবে বিষয়-ববীয়াসকলে বাঘবৰ থানাত বাহৰ পাতি আছিল। মানুহবোৰে
১৯৩৮ চনৰ আগৰ মাটিৰ পট্টা, খাজনাৰ
ৰচিদ আদি দেখুৱাই নিজকে ১৯৩৮ চনৰ আগত অসমলৈ অহা প্ৰজা বুলি প্ৰমাণ কৰিব লাগিছিল।
১৯৩৮ চনৰ আগত অহা বহুতো মানুহৰ মাটিৰ পট্টা নাছিল। তেতিয়া কেশৱ চৌধুৰীয়ে
ত্ৰাণকৰ্তাৰ ভূমিকালৈ পট্টা নথকা মানুহবোৰক অযথা হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিছিল ৷
কেশৱ চৌধুৰীৰ দেউতাকৰ নামত ১৯৩৮ চনৰ
আগৰ পৰাই ৰেচনৰ দোকান আছিল। সেই সময়ত বাঘবৰ অঞ্চলৰ আটাইবোৰ মানুহেই কেশৱ চৌধুৰীৰ
দেউতাকৰ ৰেচনৰ দোকানৰ পৰা মাল খাইছিল। মাল নিয়াৰ সময়ত বহীত চহী বা টিপ চহী দি
মাল নিব লাগিছিল। চৌধুৰীৰ দেউতাকে সেই বহীবোৰ সংৰক্ষণ কৰি ৰাখিছিল। কেশৱ চৌধুৰীয়ে
পট্টা নথকা মানুহখিনিৰ বাবে মেজিষ্ট্ৰেটৰ ওচৰত হাতযোৰ কৰি কৈছিল- ছাৰ, এইসকল মানুহৰ পট্টা নাই যদিও এইসকল
১৯৩৮ চনৰ আগত অহা মানুহ। এওঁলোকে আমাৰ ৰেচনৰ দোকানৰপৰা মাল খাইছিল। এতিয়াও বহুতে
খায়। এইদৰে কৈয়ে চৌধুৰীয়ে ৰেচনৰ দোকানৰ বহীবোৰ মেজিষ্ট্ৰেটৰ আগত মেলি ধৰি
কৈছিল- এয়া চাওঁক ছাৰ, এইসকল
মানুহে ’৩৮ চনৰ আগতে
আমাৰ ৰেচনৰ দোকানৰপৰা মাল খাইছিল। এই বহীবোৰেই তাৰ সাক্ষী। বহীবোৰত চন আৰু তাৰিখ
স্পষ্টভাৱে লিখা আছে।
মেজিষ্ট্রেটে উৱঁলি যোৱা বহীবোৰ
লিৰিকি-বিদাৰি পাতবোৰ লুটিয়াই চাই কৌতুহল আৰু বিস্ময়েৰে চৌধুৰীলৈ চাই কৈছিল-
আপুনিও সাংঘাতিক মানুহ দেই। ইমান দিন আগৰ বহীবোৰ এনেকুৱা যত্ন কৰি ৰাখিছে !
চৌধুৰীয়ে উৎসাহিত হৈ কৈছিল- ক’বতো নোৱাৰি কেতিয়া কি কামত আহে। গতিকে
সাঁচি ৰাখিছোঁ।
মেজিষ্ট্রেটে উৎফুল্লিত হৈ প্ৰশংসাসূচক
মন্তব্য কৰিছিল- আপোনাৰ এই কামে কিছুসংখ্যক নিৰীহ মানুহক অযথা হাৰাশাস্তিৰ পৰা
বচালে। এই দৰে কৈ মেজিষ্ট্রেটে বহীবোৰ কেশৱ চৌধুৰীলৈ আগবঢ়াই কৈছিল- বহী লওঁক, মই নাম মাতিলে আপুনি বহীৰ নামৰ লগত
মিলাই মানুহবোৰ চিনাক্ত কৰি দিব।
ইয়াৰ পাছত মেজিষ্ট্রেটে নাম মাতি
গৈছিল আৰু কেশৱ চৌধুৰীয়ে বহীৰ নামৰ লগত মিলাই বহীত থকা অর্থাৎ ‘৩৮ চনৰ আগত অহা মানুহবোৰক চিনাক্ত কৰি
দিছিল ।
দ্বিতীয় মহাসমৰৰ অন্তিম পৰ্যায়ত জাকে
জাকে উৰাজাহাজ উৰিছিল। উৰা জাহাজৰ আহ-যাহ দেখি আলীগাঁৱৰ মানুহবোৰ এফালে উৎফুল্লিত
হৈ উঠিছিল যদিও আনফালে আতংকিত হৈও উঠিছিল। শিকলিৰে উৰা জাহাজ বান্ধি নিয়া দৃশ্য
দেখি দেশত কিবা অঘটন ঘটিছে বুলি উপলব্ধি কৰিব পাৰিছিল যদিও প্রকৃত ঘটনাৰ উম-ঘাম
পোৱা নাছিল। তেতিয়াৰ দিনত আজিকালিৰ দৰে যোগাযোগৰ কোনো সুব্যৱস্থাও নাছিল। ৰেডিও
বাতৰি কাকতৰ নামেই হয়তো আলীগাঁৱৰ মানুহে শুনা নাছিল ৷ উৰা জাহাজৰ শব্দ শুনিলে ল'ৰা-ছোৱালীৰ লগতে ডেকা- বুঢ়া
জীয়ৰী-বোৱাৰী আটায়ে হাতৰ কাম পেলাই উৰা জাহাজ চাবৰ কাৰণে বাজলৈ ওলাই আহিছিল।
কেতিয়াবা একেলগে ত্রিশ-চল্লিশখন উৰাজাহাজো উৰি গৈছিল। উৰা জাহাজৰ শব্দই এক
আতংকজনক পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।
মহচীন হাজীয়ে যুদ্ধ লগাৰ কথা জানিছিল
যদিও উৰাজাহাজৰ ৰহস্যৰ বিষয়ে অজ্ঞ আছিল। ঠিক এনেকুৱা এটি সময়তে মানুহবোৰক অভয়
দিবলৈ কেশৱ চৌধুৰী আলীগাঁৱলৈ আহিছিল ৷
আগৰেপৰা চিনা-জনা থকাৰ সুবাদতে কেশৱ
চৌধুৰী প্ৰথমতে মহচীন হাজীৰ ঘৰত উঠিছিল। অৱশ্যে মহচীন হাজী তেতিয়ালৈকে মক্কালৈ
যোৱা নাছিল। তথাপিও আলীগাঁৱত তেওঁৰ এখন সুকীয়া আসন আছিল। কেশৱ চৌধুৰী আলীগাঁৱলৈ
আহি কৈছিল- মহাসমৰ আৰম্ভ হৈছে। হিটলাৰৰ নাচি বাহিনীয়ে দেশৰ পাছত দেশ জয় কৰি
সমগ্ৰ বিশ্বক আতংকিত কৰি তুলিছে। হিটলাৰ বাহিনীক বাধা দিবলৈ আমেৰিকা, ইংলেণ্ড, ৰাচিয়াৰ লগতে আন কিছুসংখ্যক দেশ এক গোট হৈ মিত্র বাহিনী গঠন কৰিছে।
মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে ভাৰতৰ জনসাধাৰণে কোনো পক্ষতে যোগ নিদিয়াৰ
সিদ্ধান্তলৈ নীৰৱ দৰ্শকৰ ভূমিকালৈ যুদ্ধৰ গতি-বিধি নিৰীক্ষণ কৰি আছে। কিন্তু
নেতাজী সুভাষ চন্দ্ৰ বসু ইংৰাজৰ চকুত ধূলি দি ভাৰতৰ পৰা পলাই গৈ বৰ্তমান জাপানত
আছেহি। জাপান হিটলাৰৰ সমৰ্থক। তেওঁ তালৈ গৈ জাপানৰ সহযোগত আজাদ হিন্দ ফৌজ নামেৰে
সেনা বাহিনী গঠন কৰি ভাৰতবৰ্ষৰ ফালে আগুৱাই আহি আছে। আজাদ হিন্দ ফৌজ মণিপুৰৰ ইম্ফল
আহি পাইছেহি। জাপানী বোমাৰু বিমানে ভাৰতৰ ঠায়ে ঠায়ে বোমা পেলাই আছে। কলিকতাতো
বোমা পেলাইছে। গুৱাহাটীতো বোমা পেলাব পাৰে। গতিকে কেতিয়া কি পৰিস্থিতিৰ উদ্ভৱ হয়
ঠিক নাই। অৱশ্যে গাঁও অঞ্চলত বোমা পেলোৱাৰ ভয় নাই। তথাপিও সতর্কতা হিচাপে ৰাতি
চাকি জ্বলাই নৰখাই উত্তম। শিকলিৰে বান্ধি নিয়া জাহাজবোৰ নাচি বাহিনীৰ পৰাজিত
জাহাজহে।
কেশৱ চৌধুৰীয়ে মহচীন হাজীক লৈ গাঁৱে
গাঁৱে সভা পাতি মানুহবোৰক অভয় দিয়াৰ লগতে স্বাধীনতা আন্দোলনৰ বিষয়েও বুজাই ক’বলৈ ধৰিলে। তেওঁ মহাত্মা গান্ধীৰ আদৰ্শ, কার্য প্রণালী, দেশ স্বাধীন হ'লে মানুহৰ কি কি সুবিধা হ’ব তাকো বুজাই ক'লে । তেওঁৰ ব্যক্তিত্ব আৰু মধুৰ আচৰণত
মুগ্ধ হৈ আলীগাঁৱৰ মানুহবোৰে দলে দলে কংগ্ৰেছত যোগদান কৰিবলৈ ধৰিলে।
এইদৰে সভা-সমিতি কৰি ঘূৰি ফুৰোঁতে কেশৱ
চৌধুৰীয়ে লক্ষ্য কৰিলে, যে
গাঁৱখনৰ আটাইবোৰ মানুহ বংগৰ পৰা প্ৰব্ৰজন কৰি অহা মুছলমান। মানুহবোৰ মেহনতী আৰু
উদ্যমী। প্ৰচুৰ প্ৰাণ শক্তি আছে মানুহবোৰৰ মাজত। কিন্তু শিক্ষা-দীক্ষাৰ অভাৱত
সমসাময়িক বিশ্বৰ পৰা বিচ্ছিন্ন হৈ আওপুৰণি কলা-সংস্কৃতি, পৰম্পৰা, কুসংস্কাৰ আঁকোৱালি থকাৰ ফলত মানুহবোৰে এক নিম্নমানৰ জীৱন-ধাৰাত
আৱদ্ধ হৈ আছে। শিক্ষাৰ পোহৰেৰে উদ্ভাসিত কৰিব পাৰিলে মানুহবোৰে কঁকাল পোনাই থিয়
দিব পাৰিব বুলি তেওঁ মনে প্রাণে উপলব্ধি কৰিব পাৰিলে।
সেয়ে তেওঁ এদিন এখন সভাত মহচীন হাজীক
উদ্দেশ্য কৰি ক'লে-
আলী চাহাব, ইয়াত
স্কুল এখনৰ বৰ প্রয়োজন৷ আপোনালোকে স্কুল এখন স্থাপন কৰক। মই আমাৰ দলৰ উৰ্দ্ধতন
কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বোৰ্ডৰ ফালৰ পৰা অনুমোদন পোৱাৰ ব্যৱস্থা কৰি দিম ।
প্ৰস্তাৱটো মহচীন হাজীৰ বাবে খুবেই
লোভনীয় আছিল। তেওঁ নিজেও স্কুল এখনৰ অভাৱ বৰকৈ অনুভৱ কৰি আছিল। ইচ্ছা থকা
সত্ত্বেও তেওঁলোকে স্কুলৰ অভাৱত লিখা-পঢ়া শিকিব নোৱাৰিলে। যুগ সলনি হৈছে।
তেওঁলোকৰ দিন আৰু বৰ্তমান যুগৰ মাজত বহু পার্থক্য। যুগৰ লগত তাল মিলাই চলিবলৈ হ'লে লিখা-পঢ়াৰ বিকল্প নাই। জজ
মেজিষ্ট্রেট নহওঁক উত্তৰপুৰুষসকল অন্ততঃ নিজৰ নাম দস্তখত আৰু চিঠিপত্ৰ পঢ়িব
পাৰিলেই বৰ্তমান যথেষ্ট। তেওঁ যেনিবা বাল্যশিক্ষা খন পঢ়িছিল; যাৰ ফলত চিঠি-পত্ৰ পঢ়াৰ কাৰণে লোকৰ
ওচৰলৈ দৌৰিব লগা নহয়। যি সময়ত দেশৰ অন্যান্য মানুহ শিক্ষাৰ পোহৰেৰে উদ্ভাসিত হৈ
দেশ-বিদেশত উচ্চ উচ্চ পদবীত অধিষ্ঠিত হৈছে, বিলাতলৈ গৈ বেৰিষ্টাৰ হৈছে, আই, চি, এচ বিষয়াৰ দৰে গুৰুত্ব পূৰ্ণ পদত অধিষ্ঠিত
হৈ সুখ্যাতিৰে কাৰ্য নিৰ্বাহ কৰি আছে; এনেকুৱা এটি সময়ত তেওঁলোকৰ সমাজত চিঠি এখন পঢ়াৰ কাৰণে মানুহ বিচাৰি
হাবাথুৰি খাব লগীয়া অৱস্থা। এয়া খুবেই দূৰ্ভাগ্যৰ কথা । বিদ্যালয় নাই কাৰণেই
মানুবিলাকৰ এই অৱস্থা। বিদ্যালয় এখন স্থাপন হ'লে এই সমস্যা সমাধানৰ ক্ষেত্ৰত এখোজ হ’লেও আগুৱাই যাব পৰা যাব ।
এইদৰে মনতে গুণাগঁথা কৰি মহচীন হাজীয়ে
সাদৰে কেশৱ চৌধুৰীৰ প্ৰস্তাৱ সমৰ্থন কৰি ক'লে- আপুনি বৰ ভাল কথা মনত পেলাইছে, চৌধুৰী বাবু। কথাটো মই বহুদিনৰ পৰা ভাবি আছোঁ যদিও ক'ত কেনেকৈ কি কৰিব লাগে নজনাৰ ফলত
আগবাঢ়িবলৈ ভৰসা পোৱা নাছিলো । আপুনি যদি সহায় সহযোগিতা কৰিবলৈ সন্মত হয়; আমি সোনকালেই বিদ্যালয়খন আৰম্ভ কৰিম।
কেশৱ চৌধুৰীয়ে উৎসাহেৰে ক'লে- মোৰ ফালৰ পৰা কৰিব পৰাখিনি মই
নিশ্চয় কৰিম৷ আপোনালোকে কমিটি এখন গঠন কৰি ঘৰ এটি বন্ধাৰ ব্যৱস্থা কৰক ৷
নায়েব আলী, মুছাশ্বেখকে আদি কৰি গাঁৱৰ ভালেমান
মানুহ সভাত উপস্থিত আছিল।
মুছাশ্বেখ এজন গোৱাৰ প্ৰকৃতিৰ মানুহ। কৰিম বুলি ক'লে যিমানেই কষ্টকৰ নহওঁক কিয় সি কৰিবই
আৰু নকৰোঁ বুলি ক'লে
সহজ কাম এটাও কোনেও কৰোৱাব নোৱাৰিব। গতিকে মহচীন হাজীয়ে মুছাশ্বেখৰ সমৰ্থন বিচাৰি
সুধিলে- মুছাকাই, এই
বিষয়ে তোমাৰ মত কি?
মুছাশ্বেখ মহচীন হাজীৰ অন্ধ সমর্থক। সি
মাটিত চাপৰ মাৰি ক'লে-
মোৰ ফালৰপৰা কোনো দ্বিমত নাই। আজিয়ে কমিটি গঠন কৰা । কাইলৈৰ পৰাই ঘৰ বন্ধাৰ কাম
আৰম্ভ কৰি দিম। ঘৰ বন্ধাৰ দায়িত্ব মই ললোঁ।
শুভ কাম । গতিকে মহচীন হাজীয়ে গাঁৱৰ
প্ৰতিজন মানুহৰ সমৰ্থন থকা প্ৰয়োজন বুলি উপলব্ধি কৰিলে। তেওঁ ভাবিলে, এটা সমাজৰ মানুহহে উপস্থিত আছে সভাখনত।
তেওঁলোকৰ সমাজৰ উপৰিও কে’বাটাও
সমাজ আছে আলীগাঁৱত। জুলমত খাঁহঁতৰো এখন সমাজ আছে। জুলমত খাঁ এজন উগ্ৰ আৰু অসামাজিক
মানুহ হিচাপে সমাজত পৰিচিত। অৱশ্যে বয়স হোৱাৰ কাৰণে তেওঁ বৰ্তমান সামাজিক কামৰপৰা
অব্যহতি লৈছে। জুলমত খাঁৰ জ্যেষ্ঠ পুতেক লতিফ খাঁ উত্তৰাধিকাৰ সূত্ৰে বৰ্তমান
সেইখন সমাজৰ মুৰব্বী। তেওঁলোকৰ সমাজখন একেবাৰে চুবুৰীয়া সমাজ। অৱশ্যে চুবুৰীয়া হ'লেও দুখন সমাজৰ মাজত তেনেকৈ সদ্ভাৱ
নাই। তথাপিও শুভ কাম এটাত সিহঁতৰ উপস্থিতি আৰু সমৰ্থন প্রয়োজন বুলি ভাবি মহচীন
হাজীয়ে ক'লে-
কিন্তু কমিটি এখন কৰাৰ কথা! লতিফ খাঁহঁতৰো এখন সমাজ আছে। সিহঁতে এনেয়ে আমাৰ দোষ
খুচৰি ফুৰে। সিহঁতৰ অনুপস্থিতিত কমিটিখন গঠন কৰিলে সিহঁতে বা আকৌ কি বুলি ভাবে?
কেশৱ চৌধুৰীয়ে জুলমত খাঁহঁতৰ সমাজখনক
বিশেষ ভাল নাপাইছিল। লতিফ খাঁৰ প্ৰতি তেওঁ মনে মনে খুবেই ক্ষুণ্ণ আছিল ৷ কাৰণ বহু
বুজাই বঢ়াইয়ো তেওঁ লতিফ খাঁক নিজৰ দলত আনিবপৰা নাছিল। (মহচীন হাজীয়ে কংগ্ৰেছত
যোগদান কৰাৰ এবছৰ পাছতে উনৈশ ছয়চল্লিশ চনত পূৰ্ব বংগৰ মুছলিমলীগৰ নেতা আব্দুল
হামিদ ভাচানী আৰু অসমৰ চাৰ ছাদুল্লা খাঁন চাহাবে বৰপেটা চহৰৰ সংলগ্ন শনকুছি
ৰিজাৰ্ভত এখন সভা কৰিছিল। উক্ত সভাত লতিফ খাঁই মুছলিম লীগত যোগদান কৰিছিল।) ফলত
চৌধুৰীৰ লতিফ খাঁৰ প্ৰতি বিৰাগভাৱ এটা আছিল। সেয়ে মহচীন হাজীয়ে লতিফ খাঁৰ নাম
লোৱাত তেওঁ প্ৰকাৰন্তৰে মহচীন হাজীৰ বিৰোধিতা কৰি ক'লে- একো নহয় ৷ আপোনালোকে এটা ভাল কাম কৰিবলৈহে ওলাইছে! সিহঁতেও
নিশ্চয় মত দিব। সিওতো এখন সমাজৰ মুৰব্বী। সৎ ব্যক্তিয়ে কেতিয়াও সৎ কাৰ্যৰ
বিৰোধিতা নকৰে। অসুৰ বীৰ্যইহে সৎ কাৰ্যৰ বিৰোধিতা কৰে। আপোনালোকে তাকো কমিটিত লৈ
লওঁক। শুভস্য শীঘ্রম। ইমানবোৰ মানুহ পুনৰ গোট খুৱাবলৈ গ'লেও বহুদিন লাগিব।
অসুৰ বীৰ্যৰ কথা শুনি মহচীন হাজীৰ হঠাৎ
দেউতাকৰ পিঠিৰ দাগবোৰলৈ মনত পৰি গ'ল।
দেউতাকৰ কথা মনত পৰাৰ লগে লগে এক অৱৰুদ্ধ বেদনা মহচীন হাজীৰ হৃদয়ত সাপৰ দৰে মোচড়
দি উঠিল। কিন্তু পাছমুহূৰ্ততে তেওঁ নিজক চম্ভালি ল'লে আৰু বিদ্বেষ পাহৰি সেমেনা-সেমেনি কৰি ক'লে- তথাপি এজন মানুহ গৈ লতিফ খাঁক মাতি
আনিলে কেনে হয়?
মুছাশ্বেখ বহাৰপৰা উঠি থিয় হ'ল। সি প্রকাশ্যে মহচীন হাজীৰ বিৰোধিতা
কৰি ক'লে- মই গ'লো। আপোনালোকে যি কৰে কৰি থাকক। লতিফ
খাঁ থাকিলে মই নাই।
মুছাশ্বেখক থিয় হোৱা দেখি বিশ্বা
সমন্বিতে আৰু তিনি চাৰিজন বহাৰ পৰা উঠি থিয় হ'ল।
বিশ্বাই মুছাশ্বেখক সমৰ্থন কৰি ক'লে- লতিফ খাঁ আহিলে আমিও নাই। সি আহিলে
স্কুল নহ'ব। কিবা নহয়
কিবা প্ৰকাৰে অশান্তিহে হ'ব।
সমজুৱাৰ মনোভাব উপলব্ধি কৰি মহচীন
হাজীয়ে কেশৱ চৌধুৰীক উদ্দেশ্য কৰি ক'লে- আপুনি আছে যেতিয়া ভয় নাই। আজিয়ে কমিটিখন গঠন কৰি দিয়ক। এইদৰে
কৈ মহচীন হাজীয়ে কেশৱ চৌধুৰীৰ ফালে দৃষ্টি বোলাই সমজুৱাক উদ্দেশ্যে কৰি ক'লে- ময়ে প্রথম প্ৰস্তাৱটো কৰোঁ, নে কি কয় ৰাইজ?
বিশ্বাই উৎসাহিত হৈ ক'লে- কৰাচোন, তুমিয়ে প্ৰথমতে কৰা। কেনেকৈ প্ৰস্তাৱ
কৰিব লাগে আমি নাজানোই দেখোন।
বাৰু। মহচীন হাজীয়ে গল খেকাৰি মাৰি ক'লে- কমিটি এখন কৰিবলৈ হ'লে সভাপতি এজনৰ প্ৰয়োজন। তদুপৰি স্কুল
কৰাৰ কথা । স্কুলৰ বিষয়ে আমাৰ জ্ঞান নাই বুলিলেই হয়। গতিকে মই সভাপতি হিচাপে
চৌধুৰী বাবুৰ নামটো প্ৰস্তাৱ কৰিলোঁ। একমাত্ৰ কেশৱ চৌধুৰীৰ বাহিৰে উপস্থিত আটায়ে
প্ৰস্তাৱটোত সন্মতি জনালে। কেশৱ চৌধুৰীয়ে আপত্তি জনালে যদিও বানৰ মুখৰ খেৰ কুটাৰ
দৰেই সেই আপত্তি ভাহি গ'ল।
ইয়াৰ পাছত মহচীন হাজীক সম্পাদক
হিচাপেলৈ এঘাৰ্জনীয়া কমিটি গঠন কৰা হ'ল। লতিফ খাঁক সহকাৰী সম্পাদক হিচাপে ৰখা হ'ল। মহচীন হাজীয়ে নিজৰ ঘৰৰ ওচৰত
তিনিবিঘা মাটি আৰু কেশৱ চৌধুৰীয়ে প্ৰয়োজনীয় টিনপাতখিনি দিয়াৰ প্ৰতিশ্ৰুতি
দিলে।
পাছদিনাই স্কুল ঘৰৰ ভেঁটিত মাটি
পেলোৱাৰ কাম আৰম্ভ হ'ল।
কেশৱ চৌধুৰী আৰু মহচীন হাজীয়ে প্রথম টুকুৰি মাটি একেলগে ধৰি নি ভেটিত পেলাই ভেটি
বন্ধা কামৰ শুভ উদ্বোধন কৰিলে। ঠিক তেনেতে লতিফ খাঁ তাৰ দলবললৈ আহি স্কুলখন সিহঁতৰ
ঘৰৰ ওচৰত স্থাপন হ'ব
লাগে বুলি দাবী জনালে।
কেশৱ চৌধুৰীয়ে আপত্তিটো নাকচ কৰি ক'লে- শুভ কাম এটা আৰম্ভ হৈছে যেতিয়া
বিদ্যালয়খন ইয়াতেই স্থাপন কৰা হ'ব।
ইয়াকেলৈ আপুনি আপত্তি কৰিব নালাগে ৷
কংগ্ৰেছৰ স্বেচ্ছাসেৱক হিচাপে কেশৱ
চৌধুৰী প্রভূত ক্ষমতাৰ অধিকাৰী বুলি লতিফ খাঁই জানে। গতিকে মৃদু আপত্তি জনাই সি
তাৰ দলবললৈ গুচি যাবলৈ উদ্যত হ'ল।
লগে-ভাগে লাগি স্কুলখন স্থাপনৰ কাৰণে মহচীন হাজীয়ে লতিফ খাঁক অনুৰোধ জনালে; কিন্তু লতিফ খাঁ সেই অনুৰোধত গুৰুত্ব
নিদিলে। সি তাৰ দলবললৈ গুচি গ'ল।
দুদিনমান পাছত লতিফ খাঁয়ো সিহঁতৰ ঘৰৰ
ওচৰত বিদ্যালয় এখন স্থাপনৰ কাৰণে যো-জা চলালে । সিহঁতৰ সমাজৰ মানুহ মাতি মিটিং
কৰিলে। কমিটিও গঠন কৰিলে। কিন্তু বাস্তৱত বিদ্যালয়খন হৈ নুঠিল। মিটিঙতে সীমাৱদ্ধ
থাকিল বিদ্যালয়খন।
পোন্ধৰ দিনৰ ভিতৰত বিদ্যালয় গৃহৰ
ভেঁটি বন্ধা আৰু ঘৰ নিৰ্মাণৰ কাম শেষ হ'ল । হাচেন আলী নামৰ যুৱক এজনক শিক্ষক হিচাপে নিয়োগ কৰা হ'ল। হাচেন আলীৰ কোনো আনুষ্ঠানিক শিক্ষা
নাছিল। তেওঁ বাল্যশিক্ষাখনহে ভালদৰে পঢ়িব জানিছিল। তেতিয়াৰ দিনত তেৱেঁই আছিল
আলীগাঁৱৰ একমাত্ৰ শিক্ষিত যুৱক। তিনি চাৰি মাইল বাটকুৰি বাই বহুতেই তেওঁৰ ওচৰলৈ
চিঠি-পত্ৰ পঢ়াবলৈ আহিছিল। কোনো আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত নহ'লেও সময়ত তেওঁ এগৰাকী ভাল শিক্ষক
হিচাপে অঞ্চলটোত জনাজাত হৈ পৰিছিল । শুভদিন বাৰ চাই এদিন বিদ্যালয়ৰ পাঠদান কার্যও
আৰম্ভ হ'ল। প্ৰথম পাঠদান
আৰম্ভ হোৱাৰ দিনা আলীগাঁৱত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছিল। সিদিনা মহচীন হাজী, কেশৱ চৌধুৰী সমন্বিতে গাঁৱখনৰ
প্ৰায়বোৰ গণ্য মান্য লোক উপস্থিত আছিল।
বিদ্যালয়খন স্থাপন হোৱাৰ পাছত
অঞ্চলটোত এক নৱ জাগৰণৰ সৃষ্টি হ'ল ।
আলীগাঁৱৰ বাহিৰেও চুবুৰীয়া গাঁৱসমূহৰ পৰাও ছাত্র-ছাত্রী বিদ্যালয়লৈ আহিবলৈ
ধৰিলে।
একমাত্র লতিফ খাহঁতৰ বাহিৰে অঞ্চলটোৰ
আটাইবোৰ মানুহৰ সমৰ্থন আছিল বিদ্যালয়খনৰ প্ৰতি। লতিফ খাঁহঁতে বহুদিনলৈকে
বিদ্যালয়খনত ল'ৰা-ছোৱালী
পঢ়িবলৈ দিয়া নাছিল। সিহঁতে নিজাববীয়াকৈ বিদ্যালয় এখন স্থাপনৰ বাবে ইয়াৰ পাছতো
বহু দিন চেষ্টা অব্যাহত ৰাখিছিল;
কিন্তু একেটা চুবুৰ্তি দুখন বিদ্যালয় স্থাপনৰ বাবে কৰ্তৃপক্ষৰপৰা অনুমতি
নিদিয়াৰ কাৰণে সেই চেষ্টাত সফল হ'ব
পৰা নাছিল। শেষত অৱশ্যে দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে সিহঁতৰ ল'ৰা-ছোৱালী বিলাককো আলীগাঁৱৰ
বিদ্যালয়লৈ পঠাবলৈ লৈছিল আৰু লতিফ খাঁক সহকাৰী সম্পাদকৰ দায়িত্ব দিয়া হৈছিল ।
শেষৰ পৰ্যায়ত কেশৱ চৌধুৰীৰ নাম মানুহে
পাহৰি গ'লেও মহচীন হাজীৰ
নাম আজিলৈকে জড়িত হৈ আছে বিদ্যালয়খনৰ লগত।
* * * * * *
দেশ স্বাধীন হোৱাৰ সমাগত লগ্নত মহচীন
হাজী পুনৰ লতিফ খাঁহঁতৰ হিংসাৰ বলি হ'ব লগা হ'ল ।
কিন্তু আছে সত্য নাই বিনাশ । প্রথম পৰ্যায়ত অসত্যৰে জয় হ'লেও চিৰকাল অন্তিম পৰ্যায়ত সত্যৰে জয়
সাব্যস্ত হৈ আহিছে। মহচীন হাজী সদায় ন্যায় আৰু সত্যৰ পৃষ্ঠপোষক আছিল। গতিকে লতিফ
খাঁহতে তেওঁক বিপর্যয়ৰ মুখলৈ ঠেলি দিব খুজিলেও শেষ মুহূৰ্তত তেওঁ ন্যায় নিষ্ঠা
আৰু সততাৰ বলত সেই বিপর্যয়ৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হৈছিল।
১৯৪৭ চনৰ কথা। স্বাধীনতাৰ সমাগত লগ্নত
গোবিন্দপুৰ ৰিজাৰ্ভত এক লোমহর্ষক ঘটনা সংঘটিত হৈছিল। মাটিৰ মালিকানা স্বত্বলৈ
চৰকাৰ আৰু কৃষকৰ মাজত গোবিন্দপুৰত এক প্ৰত্যক্ষ সংঘৰ্ষ সংঘটিত হৈছিল। সেই সংঘৰ্ষত
হতাহত হৈছিল শতাধিক নিৰীহ কৃষক।
ব্ৰহ্মপুত্ৰ, মানাহ আৰু বেকী নদীৰ গৰা খহনীয়াৰ কবলত
পৰি বংগীয়মূলৰ এচাম কৃষকে বাঘবৰ পাহাৰৰ পৰা তিনি কিলোমিটাৰ উত্তৰ- পূৱ দিশত
অৱস্থিত গোবিন্দপুৰ ৰিজাৰ্ভত আশ্ৰয় লৈ খেতি-বাতি কৰিবলৈ আৰম্ভ কৰিছিল। সমগ্ৰ
দেশজুৰি তেতিয়া দেশ বিভাজনৰ প্ৰবল ধুমুহাৰ উত্তপ্ত বায়ু স্পৰ্শই এক উদ্বেগজনক
পৰিস্থিতি সৃষ্টি কৰিছিল ৷ ভাৰতৰ ঠায়ে ঠায়ে দেশ বিভাজনক কেন্দ্ৰ কৰি
সাম্প্ৰদায়িক সংঘর্ষও সংঘটিত হৈছিল। হিন্দ-মুছলমানৰ তেজেৰে ভাৰতবৰ্ষৰ সেউজ শ্যামল
বুকু সিক্ত হৈছিল। লীগপন্থী মুছলমানে বিচাৰিছিল পাকিস্থান আৰু হিন্দুসকলে
বিচাৰিছিল অখণ্ড ভাৰত ৷ প্ৰকৃতাৰ্থত দেশ বিভাজনতকৈ বিভাজিত দুখন নতুন ৰাষ্ট্ৰৰ
মাজত চামিল হ'বলগীয়া
অঞ্চললৈহে দুই সম্প্ৰদায়ৰ মাজত মতানৈক্যই চৰম সীমা পাইছিল। ইয়াৰ ফলতে দুই
সম্প্ৰদায়ৰ মাজত ভাৰতৰ ঠায়ে ঠায়ে ভ্রাতৃঘাতী সংঘর্ষ সংঘটিত হৈছিল । গোবিন্দপুৰত
সংঘটিত হোৱা সংঘৰ্ষত যিহেতু আটাইবোৰ মানুহেই মুছলমান আছিল গতিকে এই কৃষক বিদ্রোহক
অসমক পাকিস্থানৰ লগত চামিল কৰাৰ বাবে মুছলমানসকলে চলোৱা এক ব্যর্থ প্রচেষ্টা বুলিও
বহুতে ক'ব খোজে। কিছু
সংখ্যকে আকৌ বংগৰপৰা প্রব্রজিত মুছলমানসকলক অসমৰ পৰা খেদি পঠিওৱাৰ বাবে তদানীন্তন
চৰকাৰে ভাবুকি সৃষ্টিৰ বাবে পৰিকল্পিতভাৱে পুলিচৰ হতুৱাই এই ঘটনা সংঘটিত কৰাইছিল
বুলিও ক'ব খোজে। কিন্তু
নিৰপেক্ষ দৃষ্টিৰে এই সংঘৰ্ষৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে, এই বিদ্ৰোহৰ আঁৰত দেশ বিভাজন বা
সাম্প্ৰদায়িকতাৰ স্পৰ্শ মুঠেই নাছিল। সেয়া আছিল হত দৰিদ্ৰ ভূমিহীন কৃষকে নাঙলৰ
অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে কৰা এক নিভাঁজ কৃষক বিদ্রোহ।
বিষ্ণুৰাম মেধি তেতিয়া তদানীন্তন
গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ ৰাজহ মন্ত্ৰী আছিল। বিষ্ণুৰাম মেধীয়ে ‘বেদখলকৃত ভূমি’ মুক্ত কৰাৰ কাৰণে এক নিৰ্দ্দেশ জাৰী
কৰিছিল। সেই নিৰ্দ্দেশ কার্যকৰী কৰাৰ কাৰণে পুষ্প দাৰোগাৰ নেতৃত্বত ৰে'ল আৰক্ষী বাহিনীৰ পঞ্চাছজনীয়া বৃহৎ
বাহিনী এটা গোবিন্দপুৰলৈ প্ৰেৰণ কৰিছিল আৰু উক্ত বাহিনী গোবিন্দপুৰ ৰিজাৰ্ভৰ
পশ্চিম প্ৰান্তত অৱস্থিত মৰাভাজত ছাউনী পাতি আছিল।
আৰক্ষীৰ আগমনত বাঘবৰ, মৰাভাজ, আলীগাঁও, চাচৰা, গোবিন্দপুৰ, মাণিকপুৰ, শিতুলী, বালিকুৰিকে আদি কৰি বহু গাঁৱৰ মানুহ আতংকিত হৈ উঠিছিল। বিশেষকৈ বাঘবৰ
অঞ্চলৰ মানুহ অধিক আতংকিত হৈ উঠিছিল আৰু ঘটনাৰ তলানলা জানিবৰ বাবে উদ্বাউল হৈ
উঠিছিল। কৃষকৰ মাজত নানা গুণাগঁথা,
জল্পনা-কল্পনা চলিছিল। ফলত ঘটনাটো জনীয়া, কলগাছিয়া আদি অঞ্চললৈকো বিয়পি পৰিছিল
।
মূল ঘটনা সংঘটিত হোৱাৰ দিনা ৰাতিপুৱা
লতিফ খাঁই তাৰ দলবললৈ আহি মহচীন হাজীৰ ঘৰত উপস্থিত হৈছিল ।
মহচীন হাজী ঘৰতে আছিল। তেওঁ বাৰাণ্ডাত
বহি হালুৱা এজনৰ লগত খেতি-বাতি সম্পর্কে আলোচনা কৰি আছিল ৷
লতিফ খাঁই সদলবলে আহি মহচীন হাজীক
বাৰাণ্ডাত বহি থকা দেখি উত্তেজিত কণ্ঠত ক’লে- মহচীন ভাই, আপুনি
দেখিছোঁ এতিয়াও নিশ্চিন্ত মনে বহি আছে! দলবল লৈ ওলাওঁক। গোবিন্দপুৰত আশ্ৰয়লৈ থকা
কৃষকসকলক উচ্ছেদ কৰাৰ কাৰণে মৰাভাজত মেলিটাৰী আহি ভৰি পৰিছে। ব’লক, আমি যেনেতেনে মেলিটাৰীৰ এই কাৰ্যত বাধা প্ৰদান কৰিব লাগিব ।
মহচীন হাজীয়ে মেলিটাৰী সমাৱেশৰ কথা
শুনিছিল যদিও মেলিটাৰী সমাৱেশৰ কাৰণ সম্পৰ্কে তেওঁ অজ্ঞাত আছিল। ঘটনাৰ তলা- নলা
পাবলৈ তেওঁ কালি কেশৱ চৌধুৰীৰ ওচৰলৈ গৈছিল; কিন্তু চৌধুৰী ঘৰত নাছিল। গতিকে তেওঁ ঘটনাৰ গমগতি ল'ব পৰা নাই। সেয়ে তেওঁ লতিফ খাঁৰ পৰা
ঘটনাৰ গমগতি পাবৰ বাবে কৌতুহলীহৈ উঠিল।
মহচীন হাজীয়ে উৎকণ্ঠিত হতাশ সুৰত
সুধিলে- ঘটনাটো কি? মেলিটাৰীয়ে
বাহৰ পতাৰ কথা ময়ো শুনিছোঁ ৷ কালি বাঘবৰলৈ যাওঁতে চাচৰাত গুলীয়া-গুলী হোৱাৰ কথাও
শুনি আহিছোঁ। প্রকৃত ঘটনাটো কি এতিয়ালৈকে জানিব পৰা নাই মই৷
লতিফ খাঁ চাচৰাত হোৱা ঘটনাৰ বিৱৰণ
দিলে- মই কালি সন্ধিয়া আহুকাণে পহুকাণে খবৰটো পাই চাচৰালৈ গৈছিলোঁ। তাত গুলী
চলোৱা কথাটো সঁচা। পুষ্প দাৰোগাৰ নেতৃত্বত ষোল্লজনীয়া চিপাহীৰ দল আৰু এজন প্লেটুন হাবিলদাৰ সহ
আন দুজন হাবিলদাৰ বেদখল উচ্ছেদ কৰিবলৈ ১ নং চাচৰালৈ গৈছিল। আৰক্ষী অহাৰ কথা
গম পাই সহস্ৰাধিক কৃষক আৰক্ষীৰ দলক বাধা দিবলৈ জলস্রোতৰ দৰে আগুৱাই গৈছিল।
দুপৰীয়া বাৰমান বজাত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হৈ বহু কৃষক হতাহত হৈছে চাচৰাৰ ঘটনাত
৷
মহচীন হাজীয়ে উৎকণ্ঠিত ভাবে সুধিলে-
কৃষকসকলক এইদৰে হাৰাশাস্তি কৰাৰ কাৰণ নো কি? এই বিষয়ে কিবা জানিব পাৰিছে নেকি ?
লতিফ খাঁই ক্ষোভেৰে সৈতে ক’লে- কাৰণনো আৰু কি? মুছলমান বিদ্বেষ। এয়া মুছলমানক অসমৰ
পৰা খেদি পঠিওৱাৰ বাবে ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় ৷ কালি চাচৰাত গুলী চালনা
কৰিছে। আজি মৰাভাজত কৰিব । পৰহিলৈ আমাৰ ইয়ালৈকো আহিব । কালি আবেলি কলগাছিয়াৰ
বলাই পথাৰৰ আব্দুল খালেক চৌধুৰী আৰু জনীয়াৰ ভেদ্লীৰ কদ্দুছ খাঁই চাচৰাত মিটিং
কৰিছে। আজি সকলো কৃষক গোবিন্দপুৰলৈ যোৱাৰ বাবে সেই মিটিঙত সিদ্ধান্ত লৈছে। মিটিঙৰ
সিদ্ধান্ত মৰ্মে আমি গোবিন্দপুৰলৈ গৈ মেলিটাৰী খেদি পঠিওৱাৰ কাৰণে ওলাই আহিছো। তাত
কৃষকসকলৰ এখন লিষ্ট কৰা হৈছে। মই আপোনাৰ নামো দি আহিছোঁ সেই লিষ্টত। আপুনি আপোনাৰ
দলবললৈ ওলাওঁক । আমি ওলাই আহিছোঁৱেই।
লতিফ খাঁৰ কথা শুনি মহচীন হাজীৰ ভ্ৰযোৰ
কোঁচ খাই গ'ল।
তেওঁৰ মুখ মণ্ডলত দুশ্চিন্তাৰ ছাপ পৰিল । ক'লে তেওঁ- মেলিটাৰী খেদি পঠিয়াব! বন্দুকৰ বিৰুদ্ধে জানো লাঠিৰে
যুঁজিব পাৰিব?
লতিফ খাঁ উৎসাহিত হৈ উঠিল। সি গৰ্বৰে
সৈতে ক'লে- ভয় নাই।
নিশ্চয় পাৰিম। খালেক চৌধুৰী মৌলভী মানুহ। কামেল। তেওঁ বন্দুক অকামিলা কৰিবপৰা
দোয়া জানে। সেই দোয়াৰ বলত বন্দুকৰ গুলী নুফুটে বুলি কৈছে তেওঁ।
মহচীন হাজী ধৰ্মৰ প্ৰতি অগাধ বিশ্বাস
থকা মানুহ। তথাপি তেওঁ লতিফ খাঁৰ কথা বিশ্বাসত ল'ব নোৱাৰিলে। তেওঁ নিজৰ মনোভাৱ ব্যক্ত কৰিলে- দোয়াৰ বলত বন্দুকৰ গুলী
নুফুটাটো কিন্তু মোৰ বিশ্বাস নহ'ল।
দোয়াৰ বলত যুদ্ধ কৰিব পাৰিলে জানো বৃটিচসকলে ভাৰতবৰ্ষখন মুছলমানৰ হাতৰ পৰা কাঢ়ি
নিব পাৰিলেহেঁতেন? তেতিয়া
জানো ভাৰতবৰ্ষত খালেক চৌধুৰীৰ দৰে ধৰ্মপ্ৰাণ মানুহ নাছিল? মহচীন হাজীয়ে এইদৰে মন্তব্য কৰি
খন্তেক ভাবি ক'লে-
দোয়াৰ বলত বলীয়ান হৈ বন্দুকৰ বিৰুদ্ধে লাঠিৰে যুদ্ধ কৰাতকৈ মেলিটাৰীবিলাক কি
কাৰণত আহিছে এদল মানুহ গৈ সিহঁতৰ লগত এই বিষয়ে আলোচনা কৰাটোহে উত্তম হ'ব বুলি মোৰ ধাৰণা হয় ।
মহচীন হাজীৰ মন্তব্যত লতিফ খাঁ আহত হ'ল। কপাল কোঁচাই কিবা ভাবিলে। মহচীন
হাজী ধৰ্মৰ প্ৰতি আস্থা নথকা মানুহ বুলিয়ে হয়তো ভাবিলে সি। কিন্তু সি নিজৰ
মনোভাব প্রকাশ নকৰি আস্ফালন কৰি ক'লে-
আলোচনা! আলোচনা কৰিলে কি হ'ব? আলোচনাত একো ফল নধৰে। আমি গাৰ বলেৰেই
আমাৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। আজি উচ্ছেদ কৰিব গোবিন্দপুৰৰ পৰা, কাইলৈ আমাৰ ইয়ালৈকো আহিব । ইয়াৰ পৰা
উচ্ছেদ কৰিলে আমি যাম ক'লৈ ? এইদৰে মন্তব্য কৰি লতিফ খাঁই মহচীন
হাজীক ধিক্কাৰ দি ক'লে-
বাৰু, ভয় কৰিছে
যেতিয়া আপুনি যাব নালাগে। ঘৰতে বহি থাকক...... এইদৰে কৈয়ে লতিফ খাঁ নিজৰ
মানুহখিনিক উদ্দেশ্য কৰি ক’লে-
ব’লক, কথা দিছোঁ যেতিয়া আমি যাবই লাগিব।
এওঁলোক ল'ৰা-তিৰোতালৈ
ঘৰতে বহি থাকক।
লতিফ খাঁই নিজৰ দলবললৈ গোবিন্দপুৰ
অভিমুখে ওলাই গ'ল।
লতিফ খাঁৰ মন্তব্যত আহত হৈ মহচীন
হাজীয়ে ঘটনাটোৰ শেষ পৰিণতি কি হ'ব
পাৰে তাকে ভাবিবলৈ ধৰিলে। তেওঁৰ উপলব্ধি হ'ল, যে
এইদৰে গাৰ বলেৰে কেতিয়াও সমস্যা সমাধান নহ'ব; বৰঞ্চ
জটিলতা বাঢ়িবহে। তেওঁ ন্যায্য অধিকাৰ সাৱ্যস্ত কৰাৰ পক্ষপাতি। সেইবুলি বালিৰ
বান্ধেৰে পানীৰ সোঁতক ভেঁটিবলৈ গৈ অযথা হাৰাশাস্তি হোৱাৰ তেওঁ পক্ষপাতি নহয়। কেশৱ
চৌধুৰীৰ লগত আলোচনা কৰিলে ইয়াৰ কিবা এটা সমাধান সূত্ৰ উলিয়াব পৰা যাব বুলি তেওঁ
ভাবিলে। কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলৰ লগত কেশৱ চৌধুৰীৰ উঠা বহা আছে। তেওঁ ইচ্ছা
কৰিলে নিশ্চয় ইয়াৰ কিবা এটা সমাধান সূত্র উলিয়াব পাৰিব। গতিকে তেওঁ বাঘবৰলৈ গৈ
কেশৱ চৌধুৰীৰ লগত এই বিষয়ে আলোচনা কৰাৰ কথা ভাবিলে।
ভবামতেই কাম। কাপোৰ-কানি পিন্ধি তেওঁ
কেশৱ চৌধুৰীক বিচাৰি বাঘবৰলৈ বুলি ওলাল।
কেশৱ চৌধুৰী ঘৰতে আছিল। মহচীন হাজীয়ে
লতিফ খাঁৰ মুখত শুনা ঘটনাবোৰ কেশৱ চৌধুৰীক বিৱৰি ক'লে।
কেশৱ চৌধুৰীয়ে কথাবোৰ মনযোগেৰে শুনি
আক্ষেপৰ সৈতে ক'লে-
চাচৰাত হোৱা ঘটনাৰ কথা ময়ো শুনিছোঁ। নিৰীহ কৃষকৰ ওপৰত গুলী চলোৱাটো বৰ দুখৰ কথা
হৈছে। অৱশ্যে চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰাৰ কাৰণে অধিসূচনা জাৰি কৰা কথাটো সঁচা ।
সেইবুলি কৃষকৰ ওপৰত গুলী চলোৱাৰ বাবে নিশ্চয় আদেশ দিয়া নাই। ইয়াত নিশ্চয় কিবা
ভুল বুজাবুজি সৃষ্টি হৈছে। বেদখলকৃত ভূমি উদ্ধাৰ কৰাৰ লগে লগে উচ্ছেদ কৰা কৃষকসকলক
পুনৰ সংস্থাপন দিয়াৰো নিশ্চয় নিৰ্দ্দেশ দিছে চৰকাৰে ৷ মই কালি বৰপেটাৰ পৰা
আহোঁতে গোবিন্দপুৰ ৰিজাৰ্ভ হৈয়ে আহিছোঁ। সৰিয়হ, মাহ, তিচি, গম, চিনাধান আদিৰে পথাৰবোৰ ঠাহ খাই আছে। এতিয়া যদি কিবা দাংগা-হাংগামা
হয় ফচলতো ক্ষতি হ’বই
প্ৰাণ নাশৰ আশংকাও নুই কৰিব নোৱাৰি। কালি এই বিষয়ে মই আমাৰ মহকুমা কমিটিৰ নেতাৰ
লগত আলোচনা হৈছোঁ। ফচলবোৰ যাতে নির্বিঘ্নে কৃষকসকলে চপাব পাৰে কমিটিয়ে তাৰ
সুব্যৱস্থা কৰিব বুলিও কথা দিছে। কাইলৈ মই আকৌ এই বিষয়ে আলোচনা কৰিবলৈ যাম।
আপুনিও ওলাব মোৰ লগত ৷
কিন্তু তেওঁলোকে আলোচনা কৰাৰ সুযোগ
পোৱা নাছিল। বাঘবৰত বহি এইবোৰ কথা আলোচনা কৰি থাকোঁতেই গোবিন্দপুৰ ৰিজাৰ্ভত
জীৱ-জন্তুৰ দ্বাৰা উপদ্রুত, বানপীড়িত, গৰা খহনীয়াত সৰ্বস্বান্ত, সভ্যতাৰ পোহৰৰ পৰা বঞ্চিত, শিক্ষা-দীক্ষাৰ পোহৰ নোপোৱা এদল নিৰীহ
বিক্ষুব্ধ কৃষকৰ ওপৰত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জ্বিত মেলিটাৰীয়ে পোন্ধৰ
মিনিট সময় অবিৰাম গুলী বৰ্ষণ কৰিছিল। আহত-নিহত কেঁচা তেজেৰে খেতি-পথাৰ সিক্ত হৈ
পৰিছিল। মূমূর্ষ, আহত
কৃষকৰ আৰ্তনাদত আকাশ-বতাহ মুখৰিত হৈ উঠিছিল। আত্মৰক্ষাৰ বাবে বহুতো কৃষকে ওচৰেদি
বৈ থকা ভেলেংগী নদীত জপিয়াই পৰি জীৱন আহুতি দিছিল আৰু এইদৰেই সভ্যতাৰ ইতিহাসত এক
কলংকিত অধ্যায় লিপিৱদ্ধ হৈছিল।
ঘটনাটো ঘটিছিল এনেদৰে-
১৯৪৭ চনৰ বিছ মাৰ্চত ১ নং চাচৰাত গুলী
চালনাৰ ঘটনাত বিক্ষুব্ধ এদল কৃষক মৌলভী আব্দুল খালেক চৌধুৰী আৰু কদ্দুছ খাঁনৰ
নেতৃত্বত গোবিন্দপুৰ ৰিজাৰ্ভৰ পশ্চিম প্রান্তত অৱস্থিত মৰাভাজত বাহৰ পাতি থকা
আৰক্ষী ছাউনী আক্ৰমণ কৰিবলৈ আহত শার্দূলৰ দৰে আগুৱাই গৈছিল। বন্দুকৰ গুলী নুফুটে
বুলি আব্দুল খালেক চৌধুৰীয় বিক্ষুব্ধ কৃষকসকলক প্ৰৰোচিত কৰি কালান্তক যমৰ মুখলৈ
আগুৱাই যাবলৈ উৎসাহিত কৰি আছিল।
ইফালে পুষ্প দাৰোগাই কৃষকসকল ছাউনীৰ
ফালে আগুৱাই অহাৰ বাতৰি পাই দলবললৈ গোবিন্দপুৰলৈকে আগবাঢ়ি আহি ৰৈ আছিল। কৃষকসকলক
বাধা দিয়াৰ কাৰণে মেলিটাৰীসকল শাৰী পাতি সষ্টম হৈ থিয় দি আছিল। কৃষকসকলক আগুৱাই
অহা দেখি পুষ্প দাৰোগাই মেগাফোনেৰে কৃষকসকলক অধিক আগনাবাঢ়িবলৈ সঁকীয়াই দি
নির্লিপ্তভাৱে থিয় দি থাকিল। দাৰোগাৰ সেই সঁকীয়নি আৰু নির্লিপ্ততাক আৰক্ষীৰ
দুৰ্বলতা বুলি ভাবি কৃষকসকল দ্বিগুণ উৎসাহেৰে আৰক্ষীৰ ফালে আগুৱাই থাকিল। নিৰস্ত্ৰ
কৃষকৰ আস্ফালন আৰু মৰসাহ দেখি শাৰী পাতি ৰৈ থকা আৰক্ষী সকলো উত্তেজিত হৈ উঠিল আৰু
বন্দুকৰ নিচানাৰ আওঁতাৰ ভিতৰলৈ সোমাই অহালৈ শ্বাসৰুদ্ধভাৱে অপেক্ষা কৰি থাকিল ।
আৰক্ষীৰ সেই নীৰৱতা আৰু নিৰ্লিপ্ততাক
কৃষকসকলে খালেক চৌধুৰীৰ দোয়াৰ ভেলেকী বুলি ভাবি প্রবল উৎসাহ আৰু আস্ফালনেৰে
আগবাঢ়ি থাকিল ৷
কৃষকসকল ছাউনীৰ একেবাৰে কাষ চাপি অহাৰ
লগে লগে পুষ্প দাৰোগাই আৰক্ষীসকলক উদ্দেশ্য কৰি নিৰ্মম আদেশ দিলে ফায়াৰ...
দাৰোগাৰ নিৰ্দ্দেশ পোৱাৰ লগে লগে
একেলগে অৰ্দ্ধ শতাধিকতকৈও অধিক বন্দুক গর্জি উঠিল।
লগে লগে কৃষকসকলৰ মাজত হুৱাদুৱা লাগি গ'ল। বন্দুকৰ গুলীৰ শব্দ আৰু মৰণোন্মুখ
জনতাৰ চিঞৰ-বাখৰে গোবিন্দপুৰ আকাশ- বতাহ কঁপাই তুলিলে ।
সর্বাগ্ৰে প্ৰাণ হেৰুৱালে খালেক
চৌধুৰীয়ে। কদ্দুছ খাঁন বিৰিণাৰ আঁৰলৈ প্ৰাণলৈ কথমপি পলাই সাৰিল ।
ঘটনাৰ পাছদিনা বৰপেটা মহকুমাৰ
তদানীন্তন মহকুমাধিপতি খনীন্দ্ৰ বৰুৱা, মহকুমা আৰক্ষী অধীক্ষক চামচুদ্দিন, বৰপেটা থানাৰ অ’চি
ঘন লস্কৰকে আদি কৰি চৰকাৰী বিষয়াসকল গোবিন্দপুৰলৈ আহি ঘটনাস্থলী পৰিদৰ্শন কৰি
ছাউনী আক্ৰমণ কৰিবলৈ অহা কৃষকসকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দ্দেশ জাৰি কৰিলে। গুলী
চালনাৰ ন্যায়িক তদন্তৰ বাবে অসম চৰকাৰে জিলা দণ্ডাধীশ শৰৎ বৰকটকীক দায়িত্ব ভাৰ
অৰ্পণ কৰিলে। বৃটিচ পার্লামেণ্টতো এই গুলী চালনাৰ বৈধতাৰ প্ৰশ্ন উত্থাপিত হ'ল। কিন্তু তেতিয়াৰ অবিভক্ত-কামৰূপ
জিলাৰ আৰক্ষী অধীক্ষক কার্চ চাহাবে গুলী চালনাৰ ঘটনা আৰক্ষীৰ আত্মৰক্ষাৰ তাগিদাত
সংঘটিত হোৱা বুলি মত পোষণ কৰিলে। ফলত কৃষকসকল যধে- মধে গ্রেপ্তাৰ হ'বলগীয়া হ'ল।
লতিফ খাঁ সেই গোচৰত দলবল সহ গ্ৰেপ্তাৰ
হ'ল আৰু তাৰ
স্বীকাৰোক্তি অনুসৰি মহচীন হাজীকো গ্ৰেপ্তাৰ কৰা হ'ল । কিন্তু আছে সত্য নাই বিনাশ । ঘটনাৰ সময়ত মহচীন হাজী কেশৱ
চৌধুৰীৰ লগত আছিল বুলি চৌধুৰীয়ে নিজে সাক্ষী দি মহচীন হাজীক আৰক্ষীৰ হাতৰ পৰা
মোকলাই আনিলে। এইদৰেই এক শ্বাসৰুদ্ধকৰ ঘটনাৰ পৰিসমাপ্তি ঘটিল আৰু মহচীন হাজী সততাৰ
বলত উক্ত মিছা কেচৰপৰা ৰক্ষা পৰিল।
** ** **
ভাৰতবাসীৰ অশেষ ত্যাগ আৰু তেজৰ
বিনিময়ত ১৯৪৭ চনৰ পোন্ধৰ আগষ্টত বৃটিছ শাসনৰ ওৰ পেলাই ভাৰতবৰ্ষ দুভাগ হৈ স্বাধীন হ'ল।
দেশ স্বাধীন হোৱাৰ আগত সকলোৱে ভাবিছিল
যে, দেশ স্বাধীন হ'লে দেশত শান্তি প্রতিষ্ঠা হ'ব। প্ৰতিষ্ঠিত হ'ব আইন শৃংখলা । নিজেই নিজৰ শাসন কার্য
নিয়ন্ত্ৰণ কৰিব; ফলত
দেশ সমৃদ্ধ হ'ব।
দেশ স্বাধীন হ'ল
সঁচা; কিন্তু জৰাসন্ধৰ
দৰে দুভাগ হৈ স্বাধীন হ'ল।
এটা ভাগ ভাৰতবৰ্ষ আৰু আনটো ভাগ পাকিস্থান। এই দেশ বিভাজনৰ জৰিয়তে বৃটিছসকলে
প্ৰকাৰন্তৰে সাম্প্ৰদায়িক হিংসাৰ বীজ ৰোপণ কৰি থৈ গ’ল৷
ইংৰাজী ১৯৪৭ চনৰ চৈধ্য আগষ্টৰ
বৃহস্পতিবাৰ দিনা ৰাতি বাৰ বজাৰ আগত তেতিয়াৰ ভাইচৰয় মাউণ্টবেটেনে পাকিস্থানৰ
স্বাধীনতা ঘোষণা কৰিলে আৰু উক্ত নিশাই বাৰ বজাৰ পাছত ভাৰতবৰ্ষৰ স্বাধীনতা ঘোষণা
কৰিলে। ফলত একেটা ৰাতিৰ ভিতৰত হ'লেও
বাৰ বজাৰ আগত ঘোষণা কৰাৰ কাৰণে পাকিস্থানৰ স্বাধীনতাৰ দিনটো হ'ল চৈধ্য আগষ্ট আৰু বাৰ বজাৰ পাছত ঘোষণা
কৰাৰ কাৰণে ভাৰতবৰ্ষৰ স্বাধীনতাৰ দিনটো হ'ল পোন্ধৰ আগষ্ট। কেইটামান ঘণ্টাৰ পাৰ্থক্যই এটা দিনৰ পাৰ্থক্য কৰিলে।
সি যিয়ে নহওঁক, পৰাধীনতাৰ গ্লানিৰপৰা মুক্ত হোৱাৰ
আনন্দত সমগ্ৰ দেশ উল্লাসত ফাটি পৰিল। মানুহবোৰ দলে দলে ৰাজপথলৈ ওলাই আহিল। ওৰে
নিশা ব্যাপী আনন্দ উৎসৱ চলিল। লাখ লাখ টকাৰ বাজি পোৰা হ'ল- ফটকা ফুটোৱা হ'ল। দেশ স্বাধীন হোৱাৰ আনন্দত বাঢ়নি
পানীৰ সোঁতত মেটেকা ভাহি ফুৰাৰ দৰে স্বাধীন দেশৰ স্বাধীন নাগৰিক আনন্দৰ জোৱাৰত উটি
ভাহি ফুৰিবলৈ ধৰিলে।
কিন্তু এই আনন্দ উৎসৱৰ মাজতে
কিছুসংখ্যক উশৃংখল লোকৰ মনত হিংস্ৰ উল্লাস জাগি উঠিল। ফলত হাজাৰ হাজাৰ ঘৰ-বাৰী
জ্বলিল। ক’লা
ধোঁৱাই আকাশ ছানি ধৰিলে ৷ হিংস্র উল্লাসত প্ৰেতৰ তাণ্ডৱ চলালে ।
অবাধে হত্যা, লুট-তাজ, ধৰ্ষণ চলিল। আর্ত চিঞৰে নৱ গঠিত দুখন ৰাষ্ট্ৰৰ আকাশ-বতাহ কঁপাই
তুলিলে।। সভ্রম লুণ্ঠিত হল। মানৱতাৰ মূৰত বাগি কুঠাৰ মাৰিলে৷ ধৰ্ষিতা হ'ল হাজাৰ হাজাৰ জীয়ৰী-বোৱাৰী। শাসন
যন্ত্ৰই নিয়ন্ত্ৰণ হেৰুৱাই পেলালে।
যি গৰাকী মহাপুৰুষৰ অহিংস নীতিৰ ওচৰত
নতি স্বীকাৰ কৰি শক্তিশালী ব্ৰিটিচে ভাৰতবৰ্ষ এৰি গুচি যাবলৈ বাধ্য হ'ল সেই গৰাকী মহাপুৰুষক নিজ দেশৰ মানুহে
প্ৰাৰ্থনাৰত অৱস্থাত গুলীয়াই হত্যা কৰিলে। ৰাম ৰাজ্যৰ সপোন দেখা জাতিৰ পিতা
মহাত্মা গান্ধী ‘হা
ৰাম’ বুলি মৃত্যুৰ
কোলাত ঢলি পৰিল। ইতিহাসৰৰ পাতত খোদিত হ'ল এক কলংকিত অধ্যায়।
কি জঘন্য মানুহৰ হৃদয়!!
এই নাৰকীয় তাণ্ডৱৰ ক্ষেত্ৰ বিশেষকৈ
বংগ, বিহাৰ, দিল্লী, ৰাজস্থান আছিল যদিও এদল স্বার্থান্বেষীলোকে অসমতো সংঘৰ্ষৰ সৃষ্টি
কৰিছিল। ফলত বংগীয়মূলৰ শ শ মুছলমানে ঘৰ-দুৱাৰ, সম্পত্তিৰ মোহ এৰি ধান-চাউল মাটিৰ তলত পুতি থৈ গৰু, ছাগলী, ভেড়া ম’হ
আদি এৰি দি নিজৰ জীৱনলৈ নৱ গঠিত পাকিস্থানলৈ পলাবলৈ বাধ্য হৈছিল।
ইয়াৰ সুযোগলৈ কোনো কোনো অঞ্চলত এচাম
বৰ্বৰলোকে লুট-পাতৰ তাণ্ডৱ চলাবৰ বাবে নিজৰ ঘৰত নিজে জুই লগাই ভূয়া সংঘৰ্ষৰ
সৃষ্টি কৰিছিল। দক্ষিণ বৰপেটা অঞ্চলৰ ভূয়া সংঘৰ্ষৰ নায়ক আছিল লতিফ খাঁৰ ভায়েক
ছালাম খাঁ আৰু তাৰ পুতেক কিতাপ খাঁ । সিহঁতে এদল উদণ্ড লোক গোটাই ভূয়া সংঘৰ্ষৰ
সূত্ৰপাত কৰি গাঁৱে গাঁৱে জুই লগাই মানুহবোৰক আতংকিত কৰি তুলিছিল ।
মহচীন হাজীৰ শহকে তালেবৰ তেতিয়াও
জীয়াই আছিল। সি এই আতংকিত পৰিস্থিতিৰ মাজতে আলিগাঁৱলৈ আহি মহচীন হাজীক এটা বেয়া
খবৰ দিলে- মহচীন বোপা, ধান
চাউল কিছু ৰাখি বাকীবোৰ মাটিৰ তলত পুতি পেলোৱা আৰু নাও এখন ঠিক কৰি ইয়াৰ পৰা পলোৱাৰ
ব্যৱস্থা কৰা । লতিফ খাঁৰ ভায়েক আৰু পুতেকে তোমালোকৰ ঘৰত ডকাইত কৰাৰ কাৰণে দল
গোটাই আছে। ৰূপাকুছিৰ নায়েব আলী ছালাম খাঁহতৰ দলৰ মানুহ। এসময়ত নায়েব আলী মোৰে
সহযোগী আছিল। তোমালোকৰ ঘৰৰ কথা গম পাই সিয়ে মোক কথাটো জনাইছে। তোমালোকৰ ঘৰত যাতে
ডকাইতি নহয় তাৰ বাবে সি অৱশ্যে চেষ্টা কৰি আছে। কিন্তু সি ছালাম খাঁক সৈমান কৰাব
পৰা নাই । লতিফ খাঁহতৰ লগত তোমালোকৰ হেনো পুৰণি আখেজ আছে। সেই আখেজৰ কাৰণেই ডকাইতি
কৰিব হেনো ৷
আখেজ! মহচীন হাজীয়ে ক্ৰযোৰ কোঁচাই ক'লে- সিহঁতৰ লগততো আমাৰ বৰ্তমান তেনে
কোনো আখেজ থকাৰ কথা নহয় ৷
আছে। তালেবৰে ক'লে- গোবিন্দপুৰৰ ঘটনাৰ সময়ত তুমি হেনো
সিহঁতৰ বিৰুদ্ধে সাক্ষী দিছিলা।
মই সিহঁতৰ বিৰুদ্ধে সাক্ষী দিছিলো, নে সিহঁতে মোৰ বিৰুদ্ধে সাক্ষী দিছিল?
ধৰাচোন, কথাটো একেই। তোমাক তেতিয়া চাবপৰা নাছিল। গতিকে এতিয়া তাৰে প্ৰতিশোধ
ল'ব বিচাৰিছে।
কথাটো শুনি মহচীন হাজী বিচলিত হৈ উঠিল।
তেওঁ নুৰুলহকক মাতি নাও এখন ঠিক কৰিবলৈ নিৰ্দ্দেশ দিলে- নুৰল হক, তুমি সোনকালে নাৱৰ ব্যৱস্থা কৰা । আমি
পাকিস্থানলৈ যাব লাগিব। দেশত শান্তি প্রতিষ্ঠা নহয় মানে আমি তাত থকাই সমীচিন হ'ব।
নুৰুলহকে কথাটোৰ অৰ্থ বুজিব নোৱাৰি
সুধিলে- হঠাৎ নাৱৰ প্ৰশ্ন আহিল কিয়, দেউতা?
মহচীন হাজীয়ে কোনো মন্তব্য কৰাৰ আগতে
তালেবৰে নুৰল হকক কথাটো বুজাই ক'লে।
ঘটনাৰ আঁতিগুৰি শুনি নুৰুলহকে ক’লে-
তেনেহ'লেতো কথা
সাংঘাতিকেই। কিন্তু নাৱৰ ব্যৱস্থা কৰিবলৈ হ'লেওতো কিছু সময়ৰ প্ৰয়োজন হ'ব।
এইদৰে কথা-বতৰা চলি থাকোঁতেই জুলহাসো
আহি তাত উপস্থিত হৈছিল। জুলহাস মহচীন হাজীৰ মাজু পুতেক। সি বৰপেটা চৰকাৰী
হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷ দেশত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত সি তেতিয়া
ঘৰতে আছিল। লতিফ খাঁৰ পুতেক কিতাপ খাঁ তাৰ সহপাঠী আছিল । কিতাপ খাঁই বেয়া লগ সংগত
পৰি কে'বাবাৰো ফেল কৰি
পঢ়াৰ ফালে পিঠি দি বর্তমান নানা অসামাজিক কাৰ্যত লিপ্ত থকাৰ কথা সি জানে । জুলহাস
উদণ্ড স্বভাৱৰ কাৰণে কিতাপ খাঁক চকু পাৰি দেখিব নোৱাৰে। গতিকে সি কিতাপ খাঁৰ কথা
শুনি গৰ্জি উঠিল- নাই নাই, কিতাপ
খাঁৰ ভয়ত আমি পলাই নাযাওঁ । সিহঁতৰ শৰীৰতে মাথোন তেজ মঙহ আছে নেকি? আমাৰ শৰীৰত নাই নেকি? আমি সিহঁতক বাধা দিম।
জুলহাসক উত্তেজিত হোৱা দেখি মহচীন হাজী
উত্তেজিত হৈ উঠিল। প্রচণ্ড ভয় সংশয়ত তেওঁৰ অন্তৰাত্মা কঁপিবলৈ ধৰিলে। ডেকা তেজ
বাঢ়নি পানীৰ দৰে উত্তাল গতিত ধমনীসমূহত প্রবাহিত হয়। ডেকা তেজে কোনো নিয়ম
নামানে। অন্যায় দেখিলেই হৃদয়ত ক্ৰোধ সঞ্চাৰিত হয়। ডেকা তেজে ভয়, শংকা পাহৰি আসন্ন মৃত্যুৰ মুখতো
জপিয়াই পৰিবলৈ কুণ্ঠাবোধ নকৰে ৷
সিফালে ছালাম খাঁহত বৰ্বৰ নিষ্ঠুৰ।
পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পোৱা হিংস্ৰ বৰ্বৰ স্বভাৱৰ উত্তৰাধিকাৰী সিহঁত
। সিহঁতৰ হৃদয়ৰ মানবিক অনুভূতি সমূহ পশুত্ব শক্তিৰ ওচৰত হাৰ মানি বৰ্বৰ হিংস্ৰ
ৰূপ ধাৰণ কৰিছে। পশুত্ব শক্তিয়ে উপদেশ আদেশ নামানে৷ বাধা পালে অধিক হিংস্ৰহে হৈ
উঠে। গতিকে পশুত্ব শক্তিৰ লগত যুঁজি নিজৰ শক্তি অপচয় কৰাতকৈ আঁতৰি থকাটোৱে
বুদ্ধিমানৰ কাম।
সেয়ে তেওঁ জুলহাসলৈ উদ্দেশ্য কৰি
উপদেশৰ সুৰত ক'লে-নাই
নাই, একো কৰিব
নালাগে। তাতকৈ আমি ইয়াৰ পৰা কিছুদিন আঁতৰি থকাই বুদ্ধিমানৰ কাম হ'ব।
জুলহাসে দেউতাকৰ কথাৰ বিৰোধিতা কৰি ক'লে- সিহঁতৰ এই অন্যায় কার্যক বাধা
নিদিয়াটোও প্ৰকাৰন্তৰে অন্যায়ক প্রশ্রয়হে দিয়া হ'ব। অন্যায়ক চকুমুদি সহ্য কৰাটোও এক
প্ৰকাৰ অপৰাধহে ।
তালেবৰ নিজেও এসময়ত ডকাইত আছিল। বয়স
হোৱাৰ কাৰণে ডকাইতি কৰিবলৈ এৰিছে যদিও ডকাইতৰ নিদয় স্বভাৱৰ বিষয়ে সি অৱগত । ডকাইতি কৰিবলৈ গ'লে মানুহৰ মানৱিক গুণসমূহ লোভ পায়।
অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ থকাৰ ফলত শৰীৰত তেতিয়া আসুরিক শক্তি জাগি উঠে। হৃদয়ত
জাগি উঠে উল্লাস। মৃত্যুভয় অন্তর্নিহিত হয়। অভীষ্ট সিদ্ধিৰ বাবে উন্মত্ত হৈ উঠে।
নৰহত্যা কৰিবলৈও তেতিয়া কুণ্ঠিতবোধ নকৰে। তালেবৰে জনামতে ছালাম খাঁহতৰ হাতত হেনো
বন্দুকো আছে।
গতিকে তালেবৰে নাতিয়েকৰ আসন্ন বিপদৰ
কথা ভাবি বিচলিত হৈ উঠিল। সি নাতিয়েকক বিপদৰ বিষয়ে সঁকীয়াই দিবলৈ ক'লে- সিহঁতৰ লগত ফেৰ মৰাটো সম্ভৱ নহ'ব। কাৰণ সিহঁতৰ বন্দুক আছে। খালী
হাতেৰে বন্দুকৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱাটো আত্মজাহ যোৱাৰ দৰে ঘটনা হ’ব।
মহচীন হাজীয়ে তালেবৰক সমৰ্থন কৰি ক'লে- আব্বাজানৰ কথাই ঠিক। খালী হাতেৰে
বন্দুকৰ লগত ফেৰ মৰাটো সম্ভৱ নহ'ব।
তদুপৰি ৰাতি শুই থকাৰ সময়ত দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰিলে বাধা দিয়াৰো সময়
পোৱা নাযাব । গতিকে আমি যিমান সোনকালে পাৰি ইয়াৰপৰা গুচি যোৱাই বুদ্ধিমানৰ কাম হ'ব।
ইমান সময় বিচাৰি থকা উপায়টো জুলহাসে
মহচীন হাজীৰ কথাত বিচাৰি পালে। ক'লে
সি- আমি পহৰাৰ ব্যৱস্থা কৰিলে কেনে হয় ?
তেতিয়াও বাঘবৰত
থানা স্থাপন হোৱা নাছিল। গতিকে পহৰাৰ কথা শুনি মহচীন হাজীয়ে ক'লে- কিন্তু পহৰা দিব কোনে? ওচৰে- পাজৰে থানাও নাই যে, পুলিচৰ সহায় বিচাৰিম ।
জুলহাসে উৎসাহিত কণ্ঠত ক’লে- থানাৰ সহায় আমাক নালাগে। আমি
গাঁৱৰ মানুহে এখন শান্তি সমিতি গঠন কৰি পহৰাৰ ব্যৱস্থা কৰিম। প্ৰতিখন ঘৰৰপৰা যদি
এজনকৈ মানুহো আহে প্ৰায় ডেৰশ মানুহ হ'ব। আমি তিনি চাৰিটা দলত ভাগ হৈ পহৰা দিলে ডকাইতৰ দল যিমানেই
শক্তিশালী নহওঁক কিয় গাঁৱত সোমাবলৈ ভয় কৰিব।
জুলহাসৰ কথাত মহচীন হাজীয়ে আশাৰ ৰেঙনি
দেখা পালে। কথাটো তেওঁৰ মনতো ধৰিলে। মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নহয়৷ আটাইবোৰ
মানুহ একগোট হ’লে
অসৎ শক্তিক বাধা দিয়াটোও একো টান কাম নহ'ব। এইবোৰ কথা মনতে ভাবি তেওঁ প্রকাশ্যে জুলহাসক সমৰ্থন কৰি ক'লে- তোমাৰ কথাটো মোৰো মনে ধৰিছে।
আবেলিয়ে মানুহ মাতি কমিটি গঠন কৰাৰ ব্যৱস্থা কৰা। প্ৰতিটো চুবুৰিতে একোটাকৈ কমিটি
গঠন কৰিব লাগিব। দক্ষিণ পাৰাত পাকুবেপাৰীৰ ঘৰত মিটিং বহা ভাল হ'ব। বেপাৰী প্ৰবীণ মানুহ। এই ক্ষেত্ৰত বেপাৰীৰ
পৰামৰ্শ ল'ব
পৰা যাব।
পৰিকল্পনা মতেই সিদিনা সন্ধিয়া
আটাইবোৰ মানুহ পাক্কু বেপাৰীৰ ঘৰত মিলিত হ'ল। আলাপ-আলোচনাৰ অন্তত গাঁৱখনত এখন মূল সমিতি গঠন কৰি প্ৰত্যেক
চুবুৰিতে একোখনকৈ উপ-সমিতি গঠন কৰা হ'ল। মূল সমিতিত এজন নায়ক পতাৰ লগতে প্ৰতিখন উপ-সমিতিৰ কাৰণে একোজনকৈ
নায়ক পতা হ'ল।
জুলহাসৰ উৎসাহ উদ্দীপনাতে সমিতিখন গঠন হোৱাৰ কাৰণে সৰ্বসন্মতি ক্রমে জুলাহাসকে মূল
সমিতিৰ নায়ক পাতিলে। সভাৰ
সিদ্ধান্ত মৰ্মে সিদিনা ৰাতিৰ পৰাই পহৰা দিয়াৰ কাম আৰম্ভ হ'ল আৰু সুস্থ ভাৱেই পহৰাৰ কাম চলি
থাকিল।
পহৰাৰ কটকটীয়া ব্যৱস্থা দেখি ছালাম
খাঁহতে মূৰ পোলোকা মাৰি পহৰাত শিথিলতা অহালৈ অপেক্ষা কৰি থাকিল ।
দহ-বাৰ দিনমান পহৰা দিয়াৰ পাছত
মানুহবোৰ কিছু শান্ত-ক্লান্ত হৈ পৰিল । দিন যোৱাৰ লগে লেগে পহৰাত কিছু খেলি-মেলিও
আৰম্ভ হ'ল। নানা অজুহাত
দেখুৱাই দিনে দিনে পহৰাত উপস্থিতিৰ সংখ্যা কমি আহিবলৈ ধৰিলে। ছালাম খাহঁতওে ডাৰৰ
বাতৰি ডাঁৰতে লৈ আছিল। সিহঁতে যেতিয়া দেখিলে নামমাত্ৰহে পহৰাৰ কাম চলি আছে
তেতিয়া সিহঁতে এৰাতি দলবললৈ গাঁৱৰ পশ্চিম প্ৰান্তত থকা এঘৰত জুই লগাই দিলে।
সিদিনা জুলাহাসে কেইজনমান উৎসাহী
ডেকালৈ সিহঁতৰ চুবুৰিতে পহৰা দি আছিল । বিশ্বা, জলিল আৰু মফিজকে আদি কৰি মাথোন পাঁচজনহে সিদিনা পহৰাৰ কামত নিয়োজিত
আছিল জুলহাসৰ লগত। জুই দেখি সিহঁতে চিঞৰ-বাখৰ কৰি জুই লগোৱা চুবুৰিৰ ফালে দৌৰিবলৈ
ধৰিলে।
ডকাইতৰ দলে জুই লগাই ওচৰৰে বেলেগ এঘৰত
ডকাইতি কৰি আছিল। জুলহাসহঁতে জুই নুমাবলৈ এৰি ডকাইতৰ দলটোক আগুৰি ধৰিলে। ডকাইতৰ
দলটোৱে আত্মৰক্ষাৰ বাবে জুলহাসহঁতলৈ বুলি গুলীয়াবলৈ ধৰিলে। হঠাৎ এটা গুলী আহি
জুলহাসৰ বুকুত লাগিল । ঘটানাস্থলীত সি ঢলি পৰিল আৰু থিতাতে প্রাণ ত্যাগ কৰিলে৷
জুলহাসৰ মৃত্যুত গাঁৱৰ মানুহবোৰ আতংকিত
হৈ উঠিল আৰু মানুহবোৰে পাছদিনাৰ পৰাই গাঁও এৰি পলাবলৈ ধৰিলে । তিনি চাৰি দিনৰ
ভিতৰত গাঁৱখন প্ৰায় জনশূন্য হৈ পৰিল ।
জুলহাসৰ মৃত্যুত মহচীন হাজী সমন্বিতে
পৰিয়ালৰ আটাইবোৰ সদস্য শোকত ভাগি পৰিছিল। সেয়ে ধান, চাউল মাটিৰ তলত পুতি থৈ গৰু-ছাগলী এৰি
দি পৰিয়াললৈ মহচীন হাজী তালেবৰৰ লগত ৰূপাকুছিলৈ গুচি আহিল। বহুতেই আকৌ নাৱেৰে
পাকিস্থানলৈকো গ'ল৷
লতিফ খাহঁতৰ সমাজখনৰ বাহিৰে গাঁৱৰ প্ৰায়বোৰ মানুহ গাঁও এৰি পলাল ৷ জনশূন্য
গাঁৱখনত লতিফ খাহঁতে লুণ্ঠনৰ তাণ্ডৱ চলালে। মানুহে এৰি থৈ যোৱা ধান-চাউল আৰু
গৰু-ছাগলীৰে সিহঁতে নিজৰ ঘৰ ভৰাই পেলালে। লুট-পাতৰ মালৰ জৰিয়তে কেইদিন মানৰ
ভিতৰতে সিহঁত প্রভূত সম্পতিৰ গৰাকী হৈ পৰিল ।
দুই তিনি মাহ পাছত অৱস্থা স্বাভাৱিক হ'ল। ফলত অসমৰ বিভিন্ন ঠাইত আত্মীয়-
স্বজনৰ ঘৰত আশ্ৰয়লৈ থকা মানুহবোৰ পুনৰ নিজৰ নিজৰ ঘৰলৈ উভতি আহিল। নেহৰু-লিয়াকত
চুক্তিৰ ফলত পাকিস্থানলৈ যোৱা মানুবোৰো অসমলৈ আহি নিজা নিজা ঘৰ আৰু মাটি-বাৰী চম্ভালি
ল'লে।
গাঁওলৈ ঘুৰি অহা বহুতৰে লগত লতিফ
খাঁহঁতৰ সংঘাত আৰম্ভ হ'ল।
গাঁও এৰি যোৱাৰ সময়ত বহুতেই ধান-চাউল মাটিৰ তলত পুতি থৈ গৰু-ছাগলী এৰি দি থৈ
গৈছিল ৷ মানুহবোৰৰ অনুপস্থিতিৰ সুযোগলৈ পুতি থৈ যোৱা ধান-চাউল লতিফ খাঁহঁতে খান্দি
আনি ভঁৰালত জমা কৰিছিল আৰু গৰু-ছাগলীবোৰ ধৰি আনি বিক্ৰী কৰিছিল। ভাল ভাল গৰু
কিছুমান বেলেগ বেলেগ গাঁৱৰ দুখীয়া মানুহৰ ওচৰত পুহিবলৈকো দিছিল।
মহচীন হাজীৰ পুতেক নুৰল হকে উক্ত ঘটনাৰ
উমান পাই গাঁৱে গাঁৱে গৰু বিচাৰি ফুৰিবলৈ ধৰিলে । এদিন চুবুৰীয়া গাঁও এখনত সিহঁতৰ
হালুৱা গৰু এহাল দেখা পালে।
গৰু হালৰ কথা সোধাত গৃহস্থই ক’লে- লতিফ খাঁই মোক গৰু দুটা পুহিবলৈ
দিছে। গৰু পোহা বাবদ সি মোক টকা দিব বুলি কৈছে। কাৰ গৰু কি বতৰা এইবোৰ মই একোকে
নাজানো ।
নুৰুল হকে পোনপটীয়াভাৱে ক'লে- গৰু হাল আমাৰ। গতিকে গৰুহাল আমাক দিব লাগিব।
গৃহস্থই ক’লে- আপোনাৰ লগত মোৰ কোনো শত্ৰুতা নাই বা
মই আপোনাৰ গৰু নিজেও অনা নাই। লতিফ খাঁই পুহিবলৈ দিয়া কাৰণেহে পুহি আছোঁ ৷ আমি
দুখীয়া মানুহ। দুপইচা পোৱাৰ আশাত পুহিছোঁ। গতিকে কথাটো আগতে আপুনি লতিফ খাঁক
কওঁকগৈ। সি দিবলৈ ক'লেই মই দি দিম। পোহাৰ কাৰণে আপুনি মোক
দুপইচা দিলেও দিব পাৰে নিদিলেও কথা নাই। সেয়া আপোনাৰ ধর্ম......
নুৰুলহকে গৃহস্থক আশ্বাস দিলে- আমি
আপোনাক নঠগাওঁ । আপোনাৰ উপযুক্ত পাৰিশ্ৰমিক দিয়ে আমি গৰুহাল ল'ম । আপুনি গৰুহাল লতিফ খাঁক নিদিব। মই
কাইলৈৰ ভিতৰতে গৰু হাল নিবলৈ আহিম।
এইদৰে গৃহস্থৰ লগত কথা হৈ ঘৰলৈ আহি
নুৰলহকে মহচীন হাজীক গৰুহালৰ কথা জনালে ।
মহচীন হাজীয়ে গৰু হাল আৰু গৃহস্থৰ লগত
হোৱা ঘটনাৰ বিৱৰণ শুনি আশাহত কণ্ঠত সুধিলে- তুমি লতিফ খাঁক এই বিষয়ে কিবা কৈছা
নেকি?
নাই কোৱা। নুৰুলহকে ক'লে- পোন পোনে ঘৰলৈকে আহিছোঁ।
ভালেই কৰিছা। মহচীন হাজীয়ে খন্তেক ভাবি ক'লে- আমি লতিফ খাঁৰ ওচৰলৈ এই কথালৈ
নোযোৱাই ভাল হ'ব।
কাইলৈ মই গৰু হালৰ কথা আলোচনা কৰিবলৈ নায়েব আলী পেহাক লতিফ খাঁহঁতৰ ঘৰলৈ পঠোৱাৰ
ব্যৱস্থা কৰিম ৷
ভবামতেই পাছদিনা মহচীন হাজীয়ে নায়েব
আলীক মাতি আনি ক'লে-
পেহা, আমাৰ বলধহালৰ
সন্ধান পোৱা গৈছে। লতিফ খাঁই হেনো আলীৰ পামৰ কোনোবা এজন মানুহৰ ওচৰত পুহিবলৈ দিছে।
নুৰুল হকে গৰুহাল দেখিও আহিছে। লতিফ খাঁক কৈ মেলি যদি আপুনি গৰুহাল আনি দিব পাৰে
বৰ উপকাৰ হ'ব।
বৰ্তমান মাথোন এহাল গৰুহে যোগাৰ কৰিছোঁ। দুহাল গৰু নহ'লে মাটি এনেয়ে চন পৰি থাকিব। লতিফ খাঁ
যদি সন্মত নহয় জুলমত খুৰাকে কথাটো জনাব।
মহচীন হাজীৰ অনুৰোধ মৰ্মে নায়েব আলী
সিদিনাই লতিফ খাঁক লগ ধৰি কথাটো জনালে; কিন্তু লতিফ খাঁই গৰু দিবলৈ অস্বীকাৰ কৰি ক’লে- টকা খৰচ কৰি আমি গৰুহাল ইমান দিন
পুহি আছোঁ। নহ'লে
কোনোবাই হয়তো গৰুহাল খায়ে পেলালেহেঁতেন। গতিকে গৰুহাল দিয়াটো সম্ভৱ নহ'ব।
লতিফ খাঁৰ পৰা বিমুখহৈ নায়েব আলীয়ে
জুলমত খাঁক কথটো জনালে।
জুলমত খাঁই ক’লে- মই বর্তমান এই বিষয়ে একো ক'ব নোৱাৰিম । বৰ্তমান মই সংসাৰৰ সকলো
দায়িত্ব পুতকেহঁতৰ ওপৰতে এৰি দিছোঁ। সিহঁতে দিলে মোৰ কোনো আপত্তি নাই ।
নায়েব আলীয়ে এই বিষয়ে যুক্তি তৰ্ক
নকৰি পোনে পোনে আহি মহচীন হাজীক কথাটো জনালে।
নুৰুল হকো ওচৰতে আছিল। লতিফ খাঁই গৰু
দিয়াৰ কথা অস্বীকাৰ কৰাৰ কথা শুনি সি উত্তেজিত হৈ উঠিল। ক'লে সি- সিহঁতে গৰু নিদিব ! গৰু মই
আনিহে এৰিম । সিহঁতৰ কাৰণে জুলহাসক হেৰুৱাইছোঁ। ইমান বাঢ়ি গৈছে সিহঁত ! গোটেইখন
গাঁও লুট-পাত কৰি পাষণ্ডহঁতে ভৰাঁল ভৰাইছে। প্রয়োজন হ'লে বল প্রয়োগ কৰিয়ে আমি সিহঁতৰ পৰা
গৰুহাল আদায় কৰিম। অন্ততঃ এই ক্ষেত্ৰত অন্যায় সহ্য কৰা নহ'ব।
নুৰুল হকক উত্তেজিত হোৱা দেখি মহচীন
হাজীয়ে উপদেশৰ সুৰত ক'লে-
হিংসাৰে কেতিয়াও হিংসাক দমন কৰিব নোৱাৰি । হিংসাক দমন কৰিব লাগে প্ৰেমেৰেহে।
সিহঁতৰপৰা বলেৰে গৰু কাঢ়ি আনিবলৈ গ'লে অশান্তিহে মাথোন হ'ব।
জুলহাসৰ কথা ভাবা। সিতো অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ গৈয়ে জীৱন আহুতি দিলে।
গতিকে গৰু হাল নহ'লেও
নিশ্চয় আল্লাহই আমাক নামাৰে ৷
জুলহাসৰ কৰুণ মৃত্যুৰ কথা মনত পৰাৰ লগে
লগে নুৰুল হকৰ মন সেমেকি উঠিল। ক'লে
সি- কিন্তু সিহঁতৰ অতপালি আৰু কিমান সহ্য কৰিম? একো নোকোৱা কাৰণেহে সিহঁত ইমান বাঢ়ি গৈছে।
মহচীন হাজীয়ে পুনৰ উপদেশৰ সুৰত ক'লে- সকলো বস্তুৰে বঢ়াৰ এটা সীমা আছে।
ভলুকা বাঁহ এডাল মাটি ফুটি গজালি মেলাৰ পাছত এনেকৈ ওপৰলৈ উঠে যেন আকাশখন ভেদ কৰিহে
যাব; কিন্তু এটা
সময়ত আকাশ ভেদ কৰিব খোজা মূৰটো আপোনা-আপুনি দোঁ খাইযায়। সিহঁতৰো এদিন একেই দশা হ'ব। সহি থাকিলে বহি চাব পাৰিব। তদুপৰি
একমাত্ৰ আমাৰ গৰুহালেইতো তেনেকৈ থকা নাই। বহুতৰে গৰু তেনেকৈ আছে। তাতকৈ কাম এটা
কৰা ৷ এখন সভা মাতি কমিটি এখন গঠন কৰা আৰু গাঁৱে গাঁৱে ঘূৰি হেৰুৱা গৰুৰ তালিকা
এখন প্ৰস্তুত কৰা ।
সঁচাকৈয়ে কেইদিনমান পাছত নুৰুলহকৰ
তৎপৰতাত কমিটি এখন গঠন কৰা হ'ল।
কমিটিৰ সদস্যই গাঁৱে গাঁৱে ঘূৰি হেৰুৱা গৰুবোৰ চিনাক্ত কৰি এখন তালিকা প্রস্তুত
কৰি উলিয়ালে। তাৰ পাছত কেশৱ চৌধুৰীক লগতলৈ মহচীন হাজীয়ে বৰপেটালৈ আহি তালিকাখন
থানাত জমা দিলে আৰু থানাৰ পৰা পুলিচ আহি গৰুবোৰ উদ্ধাৰ কৰি প্ৰকৃত মালিকক গতাই
দিলে। পুলিচ অহা দেখি লতিফ খাঁ নিজে যাচি আহি মহচীন হাজীক গৰু দুটা উভতাই দিলে।
মহচীন হাজীৰ তৎপৰতাত গৰু উদ্ধাৰ হোৱাৰ
ফলত দুৰ্ভগীয়া মানুহখিনিয়ে তেওঁক ধন্য ধন্য কৰিবলৈ ধৰিলে। আনহাতে লতিফ খাঁ আৰু
তাৰ দলবল মনে মনে মহচীন হাজীৰ ওপৰত ক্ষুণ্ণ হৈ উঠিল। সিহঁতে মহচীন হাজীক পথে-ঘাটে
আক্ৰমণ কৰাৰ কাৰণে চেলু বিচাৰি ফুৰিবলৈ ধৰিলে। কথাটো আহুকাণে- পহুকাণে নুৰুল হকৰ
কাণত পৰিল । গতিকে সি দেউতাকৰ নিৰাপত্তাৰ কথা ভাবি হাউলিলৈ গৈ ঘোঁৰা এটা কিনি
আনিলে। কিন্তু ঘোঁৰা কিনিও নুৰুলহকে শেষ ৰক্ষা কৰিব পাৰিছিল জানো!
** ** **
পৃথিৱীত এনে কিছুমান মানুহ আছে যিসকলে
নিজে কোনো দিন কোনো অন্যায় কাম নকৰে; অথচ সততে অইনে কৰা অন্যায়ৰ বলি হ'ব লগা হয়। মহচীন হাজীও তেনেকুৱা এজন দুৰ্ভগীয়া মানুহ। তেওঁৰ
প্ৰতিদ্বন্দ্বীও আছিল মাথোন জুলমত খাঁৰ পৰিয়াল আৰু তাৰ তলতীয়া কিছুমান লোকহে।
জুলমত খাঁহঁতৰ বাহিৰে গাঁৱৰ প্ৰায়বোৰ মানুহেই মহচীন হাজীক ভাল পাইছিল আৰু
শ্ৰদ্ধা-ভক্তি কৰিছিল ৷ জুলমত খাঁৰ ভঙা দাঁত দুটাই হয়তো তাৰ সতি-সন্ততিসকলক এই
শত্ৰুতাৰ মনোভাৱ পোষণ কৰিবলৈ উচটাইছিল। ফলত সময় সুযোগ পালেই সিহঁতৰ হৃদয়ত দপকৈ
প্ৰতিহিংসাৰ জুইকুৰা জ্বলি উঠিছিল। কিন্তু এই ক্ষেত্ৰত মহচীন হাজীৰ কৰিবলগীয়া একো
নাছিল ৷
এদিন মহচীন হাজী তেওঁৰ এসময়ৰ হালুৱা
মফিজ উদ্দিনৰ এটি কুকৰ্মৰ ফলতে লতিফ খাঁহতৰ হাতত চৰম অপদস্ত হ'ব লগীয়া হ'ল।
১৯৫৪ চনৰ কথা । উক্ত চনৰ তেৰ
ফেব্ৰুৱাৰীত তাৰাবাৰী আৰক্ষী থানাৰ অধীনত তেতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী
বিষ্ণুৰাম মেধিৰ ঘোষণা ক্রমে বাঘবৰত এটি পহৰাচকী স্থাপন কৰা হয়। (উক্ত পহৰা চকী
খনকে অসম চৰকাৰে ১৯৫৮ চনৰ তিনি নভেম্বৰত Assam Gazzette Notification no. HPL / 463/57/19-Date.26.4.58
মৰ্মে পূৰ্ণ পৰ্যায়ৰ থানালৈ উন্নীত কৰে।) পহৰাচকীখন স্থাপন হোৱাৰ ছমাহমান পাছতে
ঘটিছিল ঘটনাটো। ঘটনাটোৰ ফলত আলীগাঁৱত পুনৰ এক বিশৃখল পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু
সেই ঘটনাৰ গইনালৈ মহচীন হাজী চৰমভাৱে অপদস্তও হ'ব লগা হৈছিল। অৱশ্যে ঘটনাটোৰ ক্ষেত্ৰত লতিফ খাঁহতকৈ মহচীন হাজীৰ
এসময়ৰ হালুৱা মফিজ উদ্দিনৰ দোষেই অধিক আছিল।
সিদিনা দুপৰ ৰাতি মফিজ উদ্দিনৰ
ঘৈণীয়েক অচিৰণ দৌৰি আহি মহচীন হাজী শুই থকা ঘৰৰ দুৱাৰ মুখত অজ্ঞান হৈ ঢলি পৰিছিল।
মহচীন হাজী সাৰে আছিল। ভৰিৰ খোজৰ দুপদুপ্
শব্দ শুনি তেওঁ শব্দৰ ৰহস্য বিচাৰি কিলাকুটিত ভৰ দি মূৰটো দাঙি কাণ পোনালে । তেওঁৰ
অনুমান হ'ল যেন কোনোবাই
দৌৰি আহি তেওঁ থকা ঘৰৰ দুৱাৰ মুখত গুৰিৰ্কটা গছৰ দৰে ধাঁচকৈ পৰি গ'ল।
তেওঁ উৎকণ্ঠিত কণ্ঠত সুধিলে- কোন? কোন তাত ?
কিন্তু কোনো সঁহাৰি নাই। দুৱাৰ মুখৰপৰা
গেঙনিৰ শব্দ
এটাহে মাথোন ভাহি আহি মহচীন হাজীৰ কাণত পৰিল ৷
মহচীন হাজী ব্যস্ত ভাৱে বিছনাত উঠি বহি
কাষত শুই থকা ঘৈণীয়েক নুৰবানুৰ গাত ধৰি জোকাৰি মাতিলে- হেৰা শুনিছানে ? হেৰা............
নুৰবানু টোপনি জড়িত কণ্ঠত সুধিলে- উঃ, কি হ'ল ?
উঠাচোন, চাকিটো জ্বলোৱা । দিয়াচলাই ক’ত? মহচীন
হাজীয়ে ব্যস্ত ভাবে গৰুৰ তলত দিয়াচলাই খেপিয়াই খেপিয়াই সুধিলে । নুৰবানুই
দিয়াচলাইৰ বাকচটো গাৰুৰ তলৰপৰা উলিয়াই মহচীন হাজীলৈ আগবঢ়াই ক’লে- এয়া লওঁক......কি হ'ল? ইমান ব্যস্ত হৈছে কিয়?
মহচীন হাজীয়ে খৰখেদাকৈ চাকিটো জ্বলাই
ক’লে- বাহিৰত কিবা
শব্দ শুনিছা নেকি?
নুৰবাই কাণ পোনাই ক'লে- অ’ কিবা যেন গোঁ গোঁ শব্দ এটা হৈ আছে।
মহচীন হাজীয়ে ব্যস্তভাৱে ক'লে- অ' ময়ো শুনিছোঁ শব্দটো। কেই মুহূর্তমান আগত কোনোবা দৌৰি আহি যেন
গুৰিৰ্কটা গছৰ দৰে ধুপুচকৈ পৰিল। ব’লা, চাওঁগৈ কি হৈছে বাহিৰত ।
নুৰবানুই বাধা দি ক'লে- ৰ'ব, দিন
কাল ভাল নহয়। নুল হকক মাতক।
নুৰুলহক বিবাহিত। দুই সন্তানৰ পিতৃ ।
গতিকে তাৰ ঘৰটো পৃথক । মহচীন হাজী থকা ঘৰটোৰ বিপৰীত দিশত বিছ হাতমান আঁতৰত
নুৰুলহকৰ ঘৰটো। গতিকে নুৰবানুৰ পৰামৰ্শ মতে মহচীন হাজীয়ে ৰিঙিয়াই মাতিলে- নৰুল, নুৰল অ’।
ভৰিৰ খোজৰ শব্দ নুৰল হকেও শুনিছিল।
গতিকে সি দহমহকৈ বিছনাত উঠি বহি ঘৈণীয়েক কদভানুক জগাই দুপৰৰাতি কোন তেনেকৈ দৌৰি
আহিল সেই বিষয়ে উৎকণ্ঠিত ভাৱে আলোচনা কৰি আছিল। এনেতে দেউতাকে তাৰ নাম কাঢ়ি
মাতাৰ লগে লগেই সি সঁহাৰি জনালে- কি হ'ল দেউতা, মাতিছে
কিয় ?
মহচীন হাজীয়ে ক'লে- বাহিৰত যেন কিবা এটা শব্দ হৈ আছে।
চাকিটো জ্বলাই উঠি আহা। হাতত লাঠি-চাঠি কিবা এটা লৈ ওলাবা ।
দুপদুপ্ খোজৰ শব্দ ময়ো শুনিছোঁ।
নুৰুলহকে এইদৰে কৈয়ে কদভানুক চাকিটো জ্বলাবলৈ কৈ পুনৰ দেউতাকক উদ্দেশ্য কৰি ক'লে- ৰ'ব, আহি
আছোঁ।
নুৰুলহকৰ পৰা সঁহাৰি পাই দুৱাৰ খুলি
মহচীন হাজী চাকিলৈ বাহিৰলৈ ওলাই আহিল৷ ঘৰটোত বাৰাণ্ডা আছে। দুৱাৰ মুখৰ বাৰাণ্ডাত
কিবা এটা পৰি থকা তেওঁৰ চকুত পৰিল। তেওঁ লক্ষ্য কৰিলে, বেলেগ একো নহয়; মানুহহে। পিন্ধা কাপোৰলৈ চাই তিৰোতা
মানুহ বুলি অনুমান কৰিবলৈ তেওঁৰ অসুবিধা নহ'ল। মূছক’ছ
গৈ পৰি আছিল তিৰোতাজনী।
মহচীন হাজী আগবাঢ়ি আহি তিৰোতাজনীৰ
মুখৰ ফালে চাকিটো ধৰি নিজকে কোৱাদি ক'লে- মফিজৰ ঘৈণীয়েক যেন লাগিছে!
নুৰবানুই আগবাঢ়ি আহি কুঁজাহৈ মুখখন
নিৰীক্ষণ কৰি ক'লে-
অ’মফিজৰ ঘৈণীয়েক
অচিৰণে হয়। তাই ব্যস্তভাৱে অচিৰণৰ মূৰত ধৰি জোকাৰি মাতিলে- বোৱাৰী, অ’বোৱাৰী! এইদৰে কে’বাবাৰো
মাতিও কোনো সঁহাৰি নাপাই তাই নিজকে কোৱাদি ক’লে- এই ৰাতিখন ক’ৰ
পৰা আহিল এনেকৈ ? কি
হৈছে? মফিজৰ লগত কিবা
কাজিয়া-পেচাল লাগিছিল নেকি? এইদৰে
স্বাগতোক্তি কৰি পুনৰ গাত ধৰি জোকাৰি মাতিলে। কিন্তু কোনো সঁহাৰি নাপালে। শেষত
মুখত হাত দি ক'লে-
এইৰ দেখোন দাঁত কপাটি লাগিছে।
নুৰুলহকে মাকক পৰামৰ্শ দিলে- নাকটো
টিপা মাৰি ধৰা.........
নুৰুলহকৰ পৰামৰ্শমতে নুৰবানুই অচিৰণৰ
নাকটো টিপা মাৰি ধৰিলে । কেই চেকেণ্ডমান ধৰি ৰখাৰ পাছত অচিৰণে ‘হা’ কৈ উশাহ লৈ কৈ উঠিল- সিহঁতে তেওঁক মাৰি পেলাব। কিবা এটা কৰক।
মহচীন হাজীয়ে ব্যস্তভাৱে সুধিলে- কাক
মাৰি পেলাব ?
অচিৰণ খৰখেদাকৈ উঠি বহি মহচীন হাজীৰ
ভৰিত ধৰি কান্দি কান্দি আৰু ক'লে-
তেওঁক! আপোনালোকে তেওঁক বচাওঁক। লতিফ খাঁই তেওঁক মাৰি পেলাব ।
নুৰুলহকে ব্যস্তভাৱে সুধিলে- ঘটনাটো কি
তাকে নোকোৱা কিয়?
মই পানী খাম । অচিৰণে পানী খুজিলে।
কদভানু ওচৰতে থিয় দি আছিল। তাই
খৰখেদাকৈ এগিলাচ পানী আনি অচিৰণৰ হাতত দিলে। অচিৰণে একে উশাহে ঘোঁট ঘোঁটকৈ পানী
খাই গিলাচটো মাটিত নমাই থৈ কাপোৰৰ আঁচলেৰে মুখখন মচি ক’লে- আমি শুই আছিলোঁ। হঠাৎ লতিফ খাঁই
দুৱাৰত ঢকিয়াই মাতিলে। লতিফ খাঁৰ মাত শুনি তেওঁ খৰখেদাকৈ উঠি দুৱাৰ খুলি দিলে।
লতিফ খাঁ দুৱাৰ মুখত থিয় দি আছিল আৰু তাৰ পাছফালে থিয় দি আছিল আন দুজন মানুহ।
বাহিৰলৈ ওলোৱাৰ লগে লগে লতিফ খাঁই মানুহ দুজনক উদ্দেশ্য কৰি ক'লে- ইয়াত একো সুধিব নালাগে। আমাৰ ঘৰলৈ লৈ ব’লা।
আদেশ পোৱাৰ লগে লগে মানুহ দুজনে তেওঁক
ধৰি টানি চোঁচৰাই লৈ গ'ল।
মই বাধা দিবলৈ চেষ্টা কৰিছিলোঁ। অচিৰণে এইদৰে কৈ দুই প্ৰসাৰিত কৰি ক'লে- লতিফ খাঁই মোক ইমান ডাঙৰ তৰোৱাল
এখন দেখুৱাই ক'লে, মনে মনে থাক। চিঞৰ-বাখৰ কৰিলে এই
তৰোৱালখনেৰে কাটি দুছেও কৰিম। এইদৰে কৈয়ে লতিফখাঁহঁতে তেওঁক টানি চোঁচৰাই লৈ গ'ল। সিহঁত যোৱাৰ লগে লগেই মই ইয়ালৈ
দৌৰি আহিছোঁ।
কোনফালে লৈ গ'ল ? নুৰুল হকে উত্তেজিত কণ্ঠত সুধিলে।
পূব ফালে। অচিৰণে পূব দিশলৈ আঙুলিয়াই
দেখুৱালে।
তুমি অলপ সুস্থিৰ হৈ লোৱাচোন, পাছত তোমাৰ পৰা সকলো শুনিম। মহচীন
হাজীয়ে অচিৰণলৈ উদ্দেশ্য কৰি এইদৰে কৈ নুৰুলহকক উদ্দেশ্য কৰি ক'লে- তুমি জুলমত খুৰাহঁতৰ তালৈ গৈ
ঘটনাটোৰ ভূলৈ আহাগৈ। অকলে যাব নালাগে। মানুহকেইজমান লগতলৈ যোৱা। সোনকালে যোৱা।
সিহঁতে কৰিব নোৱাৰা কাম নাই। হত্যাও কৰিব পাৰে। তোমালোকক দেখিলে সাক্ষী ওলোৱাৰ
ভয়ত হত্যা কৰাৰ পৰা অন্ততঃ বিৰত হ'ব।
যোৱা ।
নুৰুল হক ওলাই গ'ল। মহচীন হাজীয়ে তিৰস্কাৰৰ সুৰত ক'লে- মই আগতেই মফিজক সিহঁতৰ তালৈ যাবলৈ
হাক দিছিলোঁ। কিন্তু মোৰ কথা নুশুনিলে । এতিয়া পাওঁক মজাপালি। বেয়াৰ লগত থাকিলে
বেয়া হ’বই।
অচিৰণেও ক্ষোভ প্রকাশ কৰি ক'লে- ময়ো কিমান দিন মানা কৰিছোঁ; কিন্তু মোৰ কথা নুশুনিলে । যাত্রাদলত
গৈয়ে এই অথন্তৰটো হ'ল ৷
জৰিণাৰ ৰূপেই তেওঁক খালে।
ঘটনাটো গুৰিৰ পৰা ক'লেহে স্পষ্ট হ'ব। মহচীন হাজীৰ লগত মফিজৰ সম্পৰ্ক
সৰুৰে পৰা। মাথোন বাৰ-তেৰ বছৰ বয়সত মফিজ উদ্দিন মহচীন হাজীৰ ঘৰলৈ হালুৱা হিচাপে
আহিছিল ৷
এবাৰ গাঁৱখনত কলেৰাৰ বৰ প্ৰকোপ হৈছিল।
প্ৰায় প্ৰতি ঘৰতে সিবাৰ দুই চাৰ্জিনকৈ মানুহ মৰিছিল। মফিজ উদ্দিনৰ মাক-দেউতাকো
সেই বছৰতে কলেৰা হৈ ঢুকাইছিল। মফিজ উদ্দিন তেতিয়া ছয় সাত বছৰৰ শিশু। ফলত
মাক-দেউতাকৰ মৃত্যুৰ পাছত সি খুৰাকৰ লগত আছিল। কিন্তু পাঁচ-ছয় বছৰ পাছত মাটি
সংক্রান্ত বিষয় লৈ খুৰাকৰ লগত তাৰ মনোমালিন্য হয়।
মফিজৰ দেউতাকৰ বাৰ বিঘা মাটি আছিল।
খুৰাকে সেই মাটিখিনি গ্ৰাস কৰিবলৈ চক্ৰান্ত কৰি জাল চহীৰ জৰিয়তে মাটিখিনি নিজৰ
নামত নামজাৰী কৰি লৈছিল।
মহচীন হাজী এদিন মাটি সংক্রান্ত
বিষয়লৈ চার্কেল অফিচলৈ যাওঁতে উক্ত ঘটনাটো তেওঁৰ চকুত ধৰা পৰে।
সমাজৰ মুৰব্বী হিচাপে ঘাট-মাউৰাৰ
সম্পত্তি ৰক্ষা কৰাটো মহচীন হাজীয়ে নিজৰ কৰ্ত্তব্য বুলি ভাবি এদিন তেওঁ মাফিজক লৈ
এচ ডি, চিৰ ওচৰলৈ গৈ
ঘটনাৰ অদ্যোপান্ত বিৱৰি কোৱাত এচ,
ডি, চিয়ে
খুৰাকৰ নামজৰী নাকচ কৰি মফিজ উদ্দিনৰ নামত পুনৰ নামজাৰি কৰি দিয়ে।
এই নামজাৰীৰ পাছৰপৰা খুৰাক আৰু
খুৰীয়েক মফিজৰ ওপৰত অসন্তুষ্ট হৈ নানা অকথ্য অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে আৰু
সাধাৰণ ভুল-ভ্রান্তি হ'লেই
গুৰুদণ্ড বিহিবলৈ ধৰে। এদিন মফিজে হালবাই থাকোঁতে হালুৱা গৰু এটাক দুটমান কোব
মাৰাত খুৰাকে মফিজক এছাৰিৰে কোৱাই দমলা-দমল কৰে।
মফিজ তেতিয়া অলপ বুজিবপৰা হৈছিল।
গতিকে সি মহচীন হাজীক কথাটো জনালে ।
মফিজৰ মুখত ঘটনাৰ বিৱৰণ শুনি মহচীন
হাজীয়ে ক'লে-
আচলতে এই কথাই কথা নহয়। মাটিখিনি তোমাৰ নামত পুনৰ নামজাৰী কৰাত খুৰায়েৰাই তোমাৰ
ওপৰত অসন্তুষ্ট হৈ এই অত্যাচাৰ চলাইছে। পাৰিলে তুমি পৃথক হৈ তোমাৰ মাটিখিনি
চম্ভালাৰ ব্যৱস্থা কৰা ।
মফিজৰ বয়স তেতিয়া মাথোন বাৰ তেৰ বছৰ
। মহচীন হাজীৰ যুক্তিটো তাৰ পছন্দ হ'ল যদিও এষাৰ কথা ভাবি সি হতাশ হৈ পৰিল ৷ খুৰাকৰ পৰা বেলেগ হ'লে সি বেলেগে ঘৰ-দুৱাৰ বান্ধিব লাগিব।
এইবোৰ কৰিবলৈ হ'লে
বহু টকাৰ দৰ্কাৰ হ'ব।
কিন্তু ইমান সোপা টকা সি পাব ক’ত? তাৰ হাতত বৰ্তমান এটকাও নাই দেখোন ৷
এইবোৰ কথা মনতে ভাবি সি হতাশ কণ্ঠত ক’লে- কিন্তু মই টকা ক'ত পাম? ইমান দিন খুৰাৰ সংসাৰত খাটিছোঁ; নিজে বুদ্ধি কৰি কোনো কামে কৰি পোৱা নাই। খুৰাৰ পৰামৰ্শ মতেই সকলো
কৰিছোঁ। বেলেগ হ'লে
ভাত-পানীৰো কথা আছে। মোক ৰান্ধি দিব কোনে?
মহচীন হাজীয়ে ভ্ৰযোৰ কোঁচাই কিছুপৰ
ভাবি ক'লে – অৱশ্যে তুমি মিছা ভবা নাই। বাৰু, তুমি নহ'লে বেলেগ এটা কাম কৰা । তুমি নহ'লে কিছুদিন আমাৰ ঘৰত হালুৱা হিচাপে থাকা। দুই তিনি বছৰমান থাকিলেই হ'ব। তেতিয়া ময়ে তোমাৰ সকলো ব্যৱস্থা
কৰি দিম। অৱশ্যে এই কামৰ কাৰণে খুৰায়েৰাই মোক বেয়া পাব। তথাপিও তোমাৰ ভালৰ কাৰণে
মই এইখিনি কৰিবলৈ প্ৰস্তুত আছোঁ।
-
মফিজ উদ্দিন সিদিনাৰ পৰাই মহচীন হাজীৰ
ঘৰত থাকিবলৈ লৈছিল আৰু চাৰি বছৰমান থকাৰ পাছত মহচীন হাজীয়ে ঘৰ-দুৱাৰ, হালুৱা গৰুৰ লগতে বিয়া-বাৰু কৰাই দি
মফিজক নিজৰ ঘৰলৈ পঠিয়াই দিছে। সি বেলেগে সংসাৰ পতা ইতিমধ্যে দুবছৰ পূৰ্ণ হৈছে।
সকলো ঠিকে-ঠাকেই চলি আছিল। কিন্তু এদিন
লতিফ খাঁহঁতৰ ঘৰত আখড়া চাবলৈ গৈয়ে সি লেঠাটো লগাইছে।
লতিফ খাঁৰ এটা গীতি নাট্যৰ দল আছিল।
প্ৰতি বছৰে শীতকালিৰ আৰম্ভণীতে সি আখড়া আৰম্ভ কৰিছিল আৰু আখড়া শেষ হোৱাৰ পাছত
গাঁৱে গাঁৱে যাত্রাভিনয় কৰি ফুৰে । আখড়া চলা সময়ত গাঁৱৰ চেমনীয়া ডেকাবোৰে
দলবান্ধি লতিফ খাঁৰ ঘৰত আখড়া চাবলৈ গৈছিল ৷ কিন্তু মহচীন হাজীৰ ঘৰত থকা সময়ত
ইচ্ছা থকা সত্বেও মফিজে কোনোদিন আখড়া চাবলৈ যোৱা নাছিল । মহচীন হাজী এজন ধর্মভীৰু
মানুহ হিচাপে সি যাবলৈ ভয় কৰিছিল। ইফালে লতিফ খাঁহঁতৰ লগত মহচীন হাজীৰ সম্বন্ধ
ভাল নথকাটোও সি আখড়া চাবলৈ নোযোৱাৰ আন এটা কাৰণ আছিল। এনেকি বেলেগে ঘৰ বন্ধাৰ
পাছতো দুবছৰলৈ সি আখড়া চাবলৈ যোৱা নাছিল ।
কিন্তু সিদিনা গাঁৱৰে দুজনমান ডেকাৰ
চাপত পৰি মফিজ উদ্দিন আখড়া চাবলৈ গৈছিল।
আখড়া চলি আছিল । লতিফ খাঁই এচুকত চকী
এখনত বহি আখড়া চাই আছিল ৷
পালা আছিল ভাওয়াল সন্যাস। ভাওয়াল
সন্যাস বহু চৰ্চিত বেদনা বিধুৰ কাহিনীৰ আধাৰত ৰচিত এক ঐতিহাসিক যাত্রা পালা ।
নাটটো তেতিয়াৰ দিনত বংগীয়মূলৰ মুছলমান সমাজত খুবেই জনপ্রিয় আছিল।
আখড়া চলি থাকোতেই এজনে ক'লে- আশু ডাক্তৰ নাই। এজনে প্রক্সি
দিয়া।
লগে লগে যুৱক এজনে থিয় দি ক'লে- মই দিম।
সত্যৱতীৰ ৰোল কৰি থকা পৰাণে ক’লে- নাই নাই, বেলেগ এজনে দিয়ক। এওঁৰ মাইকী সুৰীয়া
বচন শুনিলে মোৰ হাঁহি উঠি যাব; মোৰ
বচন গোৱা নহ'ব ।
পৰাণৰ আপত্তিত লতিফ খাঁই উপস্থিত দর্শক
আৰু অভিনেতাসকললৈ দৃষ্টি প্ৰসাৰিত কৰিলে। কোণত বহি থকা মফিজ উদ্দিনৰ ওপৰত তাৰ
দৃষ্টি নিৱন্ধ হ’ল।
মফিজ উদ্দিন এজন পাহোৱাল ডেকা।
দেখিবলৈকো ধুনীয়া আৰু ডাক্তৰৰ পাৰ্টৰ কাৰণে খুবেই উপযোগী চেহেৰা।
লতিফ খাঁই মাফিজক উদ্দেশ্য কৰি ক'লে- মফিজ দেখোন, তুমিয়ে-প্রক্সিটো দিয়া। চাওঁ কেনে
হয় তোমাৰ..........
লগে লগে দুই-তিনিজনে লতিফ খাঁক সমৰ্থন
কৰি ক'লে- মফিজ হ'লে খুবেই ভাল হ'ব। ইয়াৰ কাণ্ঠস্বৰো ভাল। হাল বাওঁতে
যি বচন গায়, শুনিলে
শুনি থাকিবৰে মন যায়।
তেতিয়াৰ দিনত আমোদ-প্রমোদৰ কাৰণে
বিশেষ কোনো ব্যৱস্থা নাছিল। টি,
ভিতো দূৰৰ কথা গাঁও অঞ্চলত ৰেডিওৰ প্ৰচলনো হোৱা নাছিল। তেতিয়া খেলৰ
ভিতৰত হা-ডু-ডু আৰু আমোদ প্রমোদৰ ভিতৰত আছিল যাত্রাভিনয় কৰা আৰু চোৱা। কেতিয়াবা
জাৰী বা কবিগানো অনুষ্ঠিত হৈছিল। জাৰী আৰু কবিগানত তত্বগধুৰ কথা আলোচনা হয় কাৰণে
উক্ত দুবিধ অনুষ্ঠানৰ প্ৰতি ডেকাচামৰ বিশেষ আকর্ষণ নাছিল। ডেকাচামৰ আকৰ্ষণৰ
কেন্দ্ৰ বিন্দু আছিল হা-ডু-ডু খেল আৰু যাত্ৰা গান। গতিকে যাত্ৰাগানৰ কথা শুনিলে
ডেকাচামৰ গা সাতখন আঠখন হৈ নাচি উঠিছিল।
মফিজ-উদ্দিনৰো যাত্রাভিনয় চোৱাৰ খুউব
চখ আছিল। ক'ৰবাত
যাত্ৰাগান হোৱাৰ কথা শুনিলে সি অভিনয় চাবৰ বাবে দৌৰি গৈছিল। তাৰ স্মৃতিশক্তিও
প্ৰখৰ আছিল। কণ্ঠস্বৰো ভাল আছিল। সি যাত্ৰাগানৰ বচন মাতিলে বা মুর্চিদী, ভাটিয়ালী গীতৰ সুৰ জুৰিলে আটায়ে কাণ
পাতি শুনিছিল। হালবাই থাকোঁতে সি কেতিয়াবা ভাওৰীয়াৰ মুখত শুনা বচনসমূহ নিখুঁত
বাবে গাইছিল। ওচৰে-পাজৰে হালবাই থকা মানুহে তাক প্ৰশংসা কৰি কৈছিল- তই কোনোবা
যাত্রাদলত সোমাই ল' তোৰ
বচন শুনিলে মানুহ বলিয়া হ'ব।
মানুহৰ প্ৰশংসা শুনি সি কেতিয়াবা
কেতিয়াবা যাত্রাদলত সোমোৱাৰ কথা ভাবিছিল যদিও মহচীন হাজীৰ ভয়ত সোমাব পৰা নাছিল ।
কাৰণ মহচীন হাজী এজন ধর্মভীৰু মানুহ। গান-বাদ্য ইছলাম ধৰ্মৰ পৰিপন্থী বুলি তেওঁ
সেইবোৰ ভাল নাপাইছিল। মহচীন হাজীয়ে বেয়া পাব বুলিয়ে সি যাত্রাদলত সোমোৱাৰ পৰা
বিৰত আছিল। ইফালে সি অলপ লাজকুৰীয়া স্বভাৱৰো আছিল। গতিকে ইচ্ছা থকা সত্বেও সি
যাত্রা দলত সোমাবপৰা নাছিল ।
সেয়ে সি লতিফ খাঁৰ প্ৰস্তাৱত মনে মনে
ৰোমাঞ্চিত হৈ উঠিল যদিও মৃদু আপত্তি কৰি ক'লে- নাই নাই, মই
নোৱাৰিম, কোনোদিন কৰি
পোৱা নাই ৷
মফিজ উদ্দিন হালবাই থাকোঁতে গোৱা
বচনসমূহ লতিফ খাঁয়ো শুনিছে। তাৰ ভালো লাগিছে বচনসমূহ। সেয়ে সি মফিজক উৎসাহিত
কৰিবলৈ ক'লে- পাৰিবি।
হালবাই থাকোঁতে দেখোন তই ভাল বচন গাৱ। তোৰ দেউতাৰেও ভাল অভিনয় কৰিছিল। সি মৰি
গৈছে যদিও এতিয়াও যাত্ৰাপ্ৰেমীৰ মুখে মুখে তাৰ নাম ৷ তোৰ গাত দেখোন অভিনয়ৰ তেজ
আছেই। আহ প্রক্সিটো দে। ভাল হ'লে
তোকেই পাৰ্টটো দি দিম।
লতিফ খাঁৰ আহ্বান নেওচিব নোৱাৰি মফিজে
প্রক্সি দিবলৈ থিয় হ'ল
আৰু নিখুঁতভাৱে বচন গাই গ'ল।
তাৰ সিদিনাৰ অভিনয় চাই আটায়ে ভালো পালে ৷
লতিফ খাঁ অৱশেষত আশু ডাক্তৰৰ ‘ৰোল’টো মফিজ উদ্দিনকে দি দিলে। কেইদিনমান পাছত মূল অভিনয়ো হৈ গ'ল। তাৰ অভিনয় চাই আটায়ে ধন্য ধন্য
কৰিলে । পাঁচ টকা পুৰস্কাৰো পালে সি। বৰষুণৰ পানী পাই জান জুৰি ওফন্দি উঠাৰ দৰে
লোকৰ প্ৰশংসা শুনি মফিজৰ হৃদয়ো ওফন্দি উঠিল। ফলত সিদিনাৰ পৰা অভিনয়ৰ ৰাগীয়ে তাক
মতলীয়া কৰি তুলিলে ।
মফিজৰ অভিনয়ৰ কথা মহচীন হাজীৰ কাণতো
পৰিল । গতিকে তেওঁ এদিন মফিজক মাতি আনি ক'লে- মফিজ, তোমাক
মই মৰম কৰোঁ, গতিকে
তোমাৰ তিলমান অপকাৰ হ'লেও
মই বৰ দুখ পাম। সেয়ে মোৰ কথা ভাবিয়ে তুমি মোৰ এষাৰ কথা ৰাখিব লাগিব। কোৱা
ৰাখিবানে নাই?
মহচীন হাজীৰ কথাৰ অৰ্থ বুজিব পাৰি মফিজ
তলমূৰ কৰিলে আৰু প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিবৰ্ত্তে মহচীন হাজীৰ পৰা তিৰস্কাৰ শুনিবৰ
কাৰণে নিজকে প্ৰস্তুত কৰিবলৈ ধৰিলে। কিন্তু মহচীন হাজীয়ে তিৰস্কাৰৰ পৰিৱৰ্ত্তে
আবেগ প্রকাশ কৰি ক'লে-
কথা নোকোৱা কিয়? সেইবোৰ
ভাল নহয়-- এৰি দিয়া। তোমাৰ দেউতাৰায়ো অভিনয় কৰিছিল। দেউতাৰাৰ প্ৰায় বিছ বিঘা
মাটি আছিল। কাম-বন নকৰি মাথোন অভিনয় লৈ ব্যস্ত থাকি শেষত মাটি বিক্ৰী কৰি
খাবলগীয়া হৈছিল। এইবোৰ বৰ বেয়া নিচা । আমাৰ ধৰ্ময়ো গান-বাদ্য পছন্দ নকৰে ৷
তোমাক ভাল পাওঁ বুলিয়ে কথাবোৰ ক'লো
। অভিনয় ৰজা জমিদাৰৰ কাম । আমাৰ দৰে দুখীয়া মানুহৰ সেইবোৰ নিচা নথকাই ভাল ।
মহচীন হাজীৰ উপদেশ অনুসৰি মফিজ অভিনয় এৰিব বুলি ভাবি দুদিনমান আখড়ালৈকো যোৱা
নাছিল ৷ সি আখড়ালৈ নোযোৱা দেখি লতিফ খাঁই এদিন তাক মানুহ পঠিয়াই মাতি নিলে ।
লতিফ খাঁই স্নেহ মিহলি কণ্ঠত আখড়ালৈ
নহাৰ কাৰণ সুধিলে- কি হ'ল? কিবা অসুখ-বিসুখ হৈছে নেকি? তুমি দেখোন দুদিন আখড়ালৈ অহা নাই ।
আমাৰ বায়না হৈছে। দুদিনমান পাছত বায়নাত যাব লাগিব। এতিয়া আখড়া নকৰিলে কেনেকৈ হ'ব?
মফিজে তলমূৰ কৰি নিৰ্বিকাৰ ভাবে ক’লে- মই অভিনয় নকৰোঁ ৷
মফিজৰ কথাত লতিফ খাঁ যেন আকাশৰপৰা
মাটিত পৰিল । বিস্ময় মিহলি কণ্ঠত সুধিলে সি- অভিনয় নকৰা মানে ? তোমাক কোনোবাই কিবা কৈছে নেকি?
মহচীন হাজীয়ে কোৱা কথাবোৰ গোপন কৰি
মফিজে ক'লে- নাই নাই, কোনেও একো কোৱা নাই। মোৰ নিজৰে মন যোৱা
নাই ৷ যাত্রাদলত যোগদান কৰাৰ পাছৰে পৰা কামবনৰ যথেষ্ট ক্ষতি হৈ আছে।
লতিফ খাঁই মৃদু অভিযোগৰ সুৰত ক'লে- তোমাৰ কি কাম ক্ষতি হৈছে কোৱা ? আমাৰ দলৰ মানুহে সেই কাম কৰি দিব। তুমি
আমাৰ দলত নাথাকিলে আমাৰ দলেই বন্ধ হৈ যাব দেখোন। অন্ততঃ এই বছৰটো কৰা । তোমাৰ যদি
ভাল নালাগে অহাবাৰলৈ দল বন্ধ কৰি দিম ।
মফিজে কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদি
অন্যমনস্কভাৱে ঘৰৰ ভিতৰৰপৰা বাহিৰলৈ ওলাই আহিল ৷
লতিফ খাঁই পাছফালৰ পৰা মাতি আদেশৰ সুৰত
ক'লে- কাইলৈ
ৰিহাৰ্চেল আছে। নহাকৈ নাথাকিবা কিন্তু।
ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মফিজ চোতালত
থিয় হৈ লতিফ খাঁই কোৱা কথাবোৰ শুনিলে আৰু কেইটামান মুহূৰ্ত বিহ্বলৰ দৰে থিয় দি
থাকি ঘৰৰ ফালে খোজ ল'লে।
এনেতে লতিফ খাঁৰ ভনীয়েক জৰিণাই তাক হাত বাউলি মাতিলে- মফিজ কাই, শুনাচোন।
গছ-গছনিৰ ফাঁকেৰে সৰকি অহা পঞ্চমীৰ
জোনৰ জোনাক আৰু গছ-গছনিৰ ছাঁয়াই জৰিণা থিয় দি ঠাই ডোখৰত এক ৰহস্যময় পৰিৱেশ
সৃষ্টি কৰিছিল। মফিজে মূৰ তুলি চাই চোতালৰ সিটো প্ৰান্তত এক ৰহস্যময়ী
নাৰীমূৰ্ত্তি থিয় দি থকা দেখিলে। সি নাৰীমূৰ্ত্তিটোক জৰিণা বুলি চিনিবও পাৰিলে।
জৰিণা । লতিফ খাঁৰ ভনীয়েক। জুলমত খাঁৰ
কনিষ্ঠ সন্তান। পাচঁজন ভায়েক- ককায়েকৰ মাজত তায়েই একমাত্র কন্যাসন্তান। ঘৰখনৰ
একমাত্র কন্যাসন্তান হিচাপে তাই আটাইৰে মৰমৰ। বিয়াও হৈছিল। কিন্তু স্বামী
পৰিত্যক্তা। এবছৰ আগতে তাই স্বামীৰ গৃহৰপৰা বিতাড়িত হৈ বৰ্তমান মাক-দেউতাকৰ
সংসাৰতে আছে।
গিৰিয়েকৰ লগত কিবা কথালৈ কাজিয়া লগাত
এদিন তাই গিৰিয়েকক মাৰিবলৈ খাদ্যত বিহ মিহলাই দিছিল । গিৰিয়েকে সৌভাগ্যবশতঃ
খাদ্যত বিহ মিহলি কৰাৰ কথা গম পাই কোনোমতে ৰক্ষা পৰিছিল। কিন্তু সেই কুকৰ্মৰ বাবে
গিৰিয়েকে তাইক ঘৰৰ পৰা খেদি পঠিয়াইছে। তেতিয়াৰ পৰা তাই দেউতাকৰ সংসাৰতে আছে।
স্বামী পৰিত্যাক্তা হৈ দেউতাকৰ সংসাৰত
আছে যদিও ঘৰখনত তাইৰ অবাধ স্বাধীনতা। তাইৰ কথাই প্ৰায় আদেশৰ দৰে চলে ঘৰখনত । লতিফ
খাঁৰ দৰে দুৰ্দ্দান্ত চৰিত্ৰৰ মানুহেও তাইক সমীহ কৰি চলে ৷
গতিকে মফিজেও জৰিণাৰ আহ্বান নেওচিব
নোৱাৰিলে। থৰক-বৰক খোজেৰে সি জৰিণাৰ ওচৰলৈ আহি সুধিলে-মোক মাতিছা নেকি ?
জৰিণাই ৰহস্যময় ভংগীত ইফালে-সিফালে
দৃষ্টি বুলাই সুধিলে- কিয় সুধিলা ?
ইয়াত তোমাৰ বাহিৰেও বেলেগ কোনো মানুহ আছে নেকি ?
নাই মানে... মফিজে সেমেনা-সেমেনি
কৰিবলৈ ধৰিলে।
জৰিণা আগবাঢ়ি আহি মফিজৰ গাত গা লগাই
থিয় হৈ সুধিলে- তুমি অভিনয় নকৰা নেকি?
মফিজ দুখোজমান পিচুৱাই আহি ক'লে- নাই নকৰোঁ। ৰাতি জাগিলে বৰ বেয়া
লাগে। কামো ক্ষতি হয়।
জৰিণাই ৰহস্যময় ভংগীত ক'লে- কাম ক্ষতি হয়, নে বিৰহ বেদনাই আমনি কৰে! নবৌয়ে হাক
দিছে নেকি অভিনয় কৰাৰ কাৰণে?
মফিজে অভিনয় কৰাটো অচিৰণে অৱশ্যে ভাল
নাপায় । মাজে সময়ে তাই আপত্তিও কৰে। কিন্তু সি সেইবোৰ কথা গোপন কৰি ক'লে- নাই নাই, তাই কোনো হকা-বধা নকৰে।
গাঁৱৰ জীয়ৰী-বোৱাৰী আটায়ে তোমাৰ
অভিনয় চাই ভাল পায়। জৰিণাই মৃদু ভৎসনাৰ সুৰত ক'লে- মানুহে অভিনয় চাই ভাল পায় কাৰণে অহংকাৰ হৈছে নেকি তোমাৰ ?
নিজৰ প্ৰশংসা শুনি আটায়ে ভালপায়।
বিশেষকৈ ধুনীয়া নাৰীৰ মুখত প্ৰশংসা শুনিলে অধিক ভাল লাগে। মফিজ উদ্দিনৰ কাণতো
জৰিণাৰ প্ৰশংসা গীতৰ মিঠা সুৰৰ দৰে ঝংকাৰিত হ’ল। ভৎসনাৰ আঁৰত প্ৰচ্ছন্ন হৈ থকা প্ৰশংসাও শৰৎ কালিৰ বৰ্ণময় আকাশৰ
দৰে অনুভূত হ'ল
মফিজৰ মনত।
জৰিণাই গিৰিয়েকক বিহ খোৱাই মাৰিব
খুজিছিল বুলি জৰিণাৰ প্ৰতি মফিজৰ ভয়ৰ ভাব এটা আছে। গতিকে জৰিণাৰ ৰূপ যৌৱন থাকিলেও
ভুলতো সি তাইৰ ফালে কোনোদিন মূৰ তুলি চোৱা নাই। কিন্তু জৰিণাই উপযাচি কথা কোৱাৰ
কাৰণে তাৰ মনৰ পৰা সেই ভয় ভাব কিছু পৰিমাণে আঁতৰি গ'ল। সি অবাক ও অতিভূত কণ্ঠত সুধিলে-মোৰ
অভিনয় তুমিও ভাল পোৱা নেকি?
জৰিণাই মফিজৰ সোঁহাতখন নিজৰ হাতৰ
মুঠিতলৈ মৃদু চাপ দি ক'লে-
নাপাওঁ। আজি যোৱা কাইলৈ ৰিহাৰ্চেললৈ আহিবা৷
মুখত ‘নাপাওঁ” বুলি
ক’লেও হাতৰ চাপত
যে পাওঁ বুলি ক'লে-
সেয়া উপলব্ধি কৰিবলৈ মফিজৰ অসুবিধা নহ'ল ৷ প্ৰতিক্ৰিয়া হিচাপে সি কোনো কথা কোৱাৰ আগতেই জৰিণাই কৃত্রিম
ব্যস্ততা আৰু ভয় প্রকাশ কৰি ক'লে-
যাওঁ, ককাইদেৱে দেখিলে
গালি পাৰিব ৷ এইদৰে কৈয়ে তাই ৰহস্যময় ভংগীত আঁতৰি গ'ল । মফিজে জৰিণাৰ অপসৃয়মান দেহৰ ফালে
কিছুমসয় অভিভূতৰ দৰে চাই ৰ'ল।
এন্ধাৰৰ মাজত জৰিণা অদৃশ্য হৈ পৰাৰ পাছতহে সি এক বিচিত্র অনুভূতি লৈ ঘৰৰ ফালে খোজ
ল'লে৷ বাটে বাটে
আহোঁতে সি জৰিণাৰ সেই ৰহস্যময় আচৰণৰ অন্তৰালত থকা উদ্দেশ্যৰ বিষয়ে ভাবি ভাবি ঘৰ
পালেহি।
পাছদিনা চুম্বকৰ আকৰ্ষণত লো-আকৰ্ষিত
হোৱাৰ দৰে জৰিণাৰ আকৰ্ষণত মফিজ আখড়াত উপস্থিত হ'ল। লতিফ খাঁ সিদিনা ৰিহাৰ্চেলত উপস্থিত নাছিল। কিবা বিশেষ কাৰণত
সদৰলৈ গৈছিল। আখড়া শেষ কৰি ঘৰলৈ ওভতাৰ আগে আগে এজন ল'ৰাৰ হতুৱাই জৰিণাই মফিজক মাতি পঠিয়ালে
।
জৰিণাৰ আগৰ দিনৰ আচৰণত মফিজে জৰিণাৰ
প্ৰতি এক বিশেষ আকর্ষণ অনুভৱ কৰি আছিল। গতিকে জৰিণাই মাতি পঠিওৱাৰ কথা শুনি সি
ৰোমাঞ্চিত হৈ উঠিল। আগ-পাছ নাভাবি সি ল'ৰাজনৰ
পাছে পাছে বাহিৰলৈ ওলাই আহিল।
জৰিণা চোতালত থিয় দি আছিল। মফিজক দেখি
তাই আগবাঢ়ি আহি ক'লে-
ব’লা, তোমাৰ লগত মোৰ বিশেষ কথা আছে। মফিজে
মৃদু আপত্তি কৰি ক'লে-
ৰাতি বহুত হ'ল।
কাইলৈ শুনিলে নহ'ব
নেকি?
জৰিণাই অভিমান মিহলি দৃঢ় কণ্ঠত ক’লে-নাই, নাই আজিয়ে শুনিব লাগিব। আজি নুশুনিলে আৰু কোনোদিনে মই তোমাৰ লগত কথা নকওঁ।
চকুপানী আৰু অভিমান এই দুবিধ নাৰীৰ
প্ৰধান অস্ত্র। এই দুবিধ অস্ত্র প্রয়োগ কৰিলে পুৰুষ সহজে ধাশায়ী হয়। অতি
বীৰপুৰুষেও তেতিয়া নাৰীক উপেক্ষা কৰিব নোৱাৰে।
মফিজৰ ক্ষেত্ৰতো সেয়ে হ'ল। সি ক'লে- বাৰু, কোৱা, কি ক'ব খুজিছা ?
ইয়াত নহয় মোৰ শোৱনি কোঠালিত বহি ক'ম।
শোৱনি কোঠালিৰ কথা শুনি মফিজে বিব্রত
বোধ কৰিবলৈ ধৰিলে। কিছু ভয় ভাবো সঞ্চাৰিত হ'ল তাৰ মনত। শোৱনি কোঠালিলৈ আকৌ কিয়? কিবা অসৎ উদ্দেশ্য নাইতো জৰিণাৰ ! স্বামী পৰিত্যক্তা নাৰী। যদি কিবা
অঘটন ঘটায়! এইবোৰ কথা মনতে ভাবি মফিজে সেমেনা-সেমেনি কৰি ক'লে- শোৱনি কোঠালিলৈ মানে...... ইয়াতে
জানো ক'ব নোৱাৰা? মানুহে কি বুলি ভাবিব?
একো নাভাবে। এইদৰে দৃঢ় কণ্ঠত আশ্বাস
দিয়ে জৰিণাই পুনৰ উপলুঙাৰ সুৰত ক'লে-
ভয় কৰিছা নেকি?
নাই মানে........ ভয় কৰা নাই
মানে.........
কি মানে মানে কৰি আছা? ভয় কৰিব নালাগে। ব’লা, তোমাৰ কোনো অনিষ্ট নকৰোঁ মই। আহা। এইদৰে কৈয়ে জৰিণাই মফিজৰ হাতত
ধৰি টানিলে।
মনত ভয় ভাব উপজিলেও এজনী নাৰীৰ আগত
সেই ভয় ভাৱ প্ৰকাশ কৰিবলৈ টান পাই সি ক'লে- বাৰু, ব’লা ।
দুয়ো আহি এটা কোঠালিত সোমাল।
কোঠালিটোত সোমাই জৰিণাই ঢিমিক-ঢামাককৈ
জ্বলি থকা হাৰিকেনৰ ফিতাডাল বঢ়াই দিলে। কোঠালিটো পোহৰেৰে উদ্ভাসিত হৈ উঠিল।
জৰিণাই ব্যস্তভাৱে ক'লে- তুমি বহা, মই আহি আছোঁ ।
মফিজ উদ্দিনৰ অনুমতিলৈ অপেক্ষা নকৰি
জৰিণা ব্যস্তভাৱে কোঠালিৰ পৰা ওলাই গ'ল।
জৰিণা ওলাই যোৱাৰ পাছত মফিজে কোঠাটোৰ
কেউফালে চকু-ফুৰাবলৈ ধৰিলে।
এটা ঘৰত দুটা কোঠালি । মাজত ইকৰাৰ বেৰ
। বেৰটো মাটিৰে লেপা । একাযেদি সিটো কোঠালিলৈ যোৱাৰ কাৰণে নলেৰে সজা দুৱাৰ এখন ।
দুৱাৰখন বন্ধ।
মফিজ বহা কোঠালিটোত জৰিণা আৰু বেৰৰ
সিপাৰে থকা কোঠাত জৰিণাৰ বৃদ্ধ- মাক দেউতাক থাকে। মাক-দেউতাকৰ বয়স হৈছে। প্রায়
সত্তৰৰ উচৰা-উচৰি।
সিটো কোঠালিত চাকি নাই । জৰিণাৰ
মাক-দেউতাকে চাকি নুমাই টোপনি গৈছে হয়তো। কাৰণ ইতিমধ্যে ভালেখিনি ৰাতি হৈ গৈছে।
মফিজ বহা কোঠালিটো পৰিষ্কাৰ-পৰিচ্ছন্ন।
একাষত খাট এখন। (তেতিয়াৰ দিনত বংগীয় মূলৰ মুছলমান সমাজত অধিক সংখ্যক মানুহ মাটিত
বিছনা পাৰি শুইছিল। অপেক্ষাকৃত ধনী মানুহেহে খাট বা চালপীৰা ব্যৱহাৰ কৰিছিল।) খাটৰ
ওপৰত বিছনা। বিছনাৰ ওপৰত ৰঙ-বিৰঙৰ সূতাৰে চিলোৱা কাৰুকাৰ্য খচিত কঁথা এখন পাৰি
থোৱা আছে।
ঘৰৰ বেৰবোৰ ইকৰাৰ। মাটিৰে লেপা। লেপৰ ওপৰত চূণৰ বগা প্ৰলেপ সনা৷
বেৰত ওলমি আছে বিভিন্ন কাৰুকাৰ্য খচিত
ৰঙচঙীয়া সিকাবোৰ। সিকাবোৰত বৈয়াম,
বটল, ৰঙচঙীয়া
টিনৰ বাকচকে আদি কৰি বিভিন্ন বস্তু সজাই থোৱা আছে।
ঘৰৰ মুধাৱৰণ নাই। চালৰ ৰুয়া, মালিতো সিকা ওলমি আছে। তাৰে কিছুমান
খালী আৰু কিছুমানত বৈয়ামকে আদি কৰি বিভিন্ন বস্তু সজাই থোৱা আছে।
মুধচত কাপোৰৰ ভিতৰত তুঁহ গুৰি ভৰাই সজা
কলডিলৰ ওপৰত চূণৰ বগা প্রলেপ সানি ৰঙা কলা ফোঁট দিয়া চাৰিটা কলডিল ওলমি আছে।
মফিজে কোঠাটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা
আৰু কাৰুকাৰ্য দেখি জৰিণাৰ শিল্পী মনৰ প্ৰশংসা নকৰি নোৱাৰিলে । সঁচাকৈয়ে ৰুচিবোধ
আছে জৰিণাৰ! কিন্তু পাছমুহূৰ্ততে সি জৰিণাৰ শিল্পী মনৰ আঁৰত থকা বীভৎস্ মনৰ কথা
ভাবি সন্ত্ৰস্ত হৈ উঠিল। এই অযাচিত আতিথেয়তাৰ অন্তৰালত জৰিণাৰ কোনো অসৎ উদ্দেশ্য
নাইতো? অজান আশংকাত
মফিজৰ হৃদয় কঁপি উঠিল। অধীৰ ভাৱে সি জৰিণাৰ আগমনলৈ অপেক্ষা কৰিবলৈ ধৰিলে।
খন্তেক পাছত জৰিণাই এখন হাতত কাঁহী আৰু
আনখন হাতত পানীৰ গিলাচ এটা লৈ কোঠাৰ ভিতৰলৈ সোমাই আহিল।
কাঁহী আৰু পানীৰ গিলাচ বিছনাৰ ওপৰত
নমাই থৈ জৰিণাই ক’লে-
খোৱা, তোমাৰ কাৰণে থৈ
দিছিলোঁ।
থালত কুলি পিঠা কিছুমান সজাই থোৱা আছিল
।
পিঠাবোৰৰ ওপৰত দৃষ্টি বুলাই জৰিণালৈ
চাই মফিজ অবাক কণ্ঠত ক’লে-
পিঠা !
জৰিণাই মিচিকিয়াই হাঁহি ক'লে- মোৰ কথা শুনাৰ মূল্য, খোৱা।
বাৰু, তুমি কৈছা যেতিয়া নিশ্চয় খাম। মফিজ পিঠা এটা মুখত ভৰাই চোবাই চোবাই
ক'লে-সঁচাকৈয়ে
তোমাৰ কথা পেলাব নোৱাৰিয়ে আহিছোঁ ৷
বাৰু, তুমি খাই থকা মই তামোললৈ আহোঁ গৈ। জৰিণা ওলাই গ'ল।
মফিজ মোহাচ্ছন্নৰ দৰে পিঠা খাবলৈ
ধৰিলে। পিঠা খোৱা শেষ হ'ল
মানে জৰিণাই তামোল লৈ আহিল।
মফিজে তামোল মুখত ভৰাই ক'লে- এতিয়া যাও। ৰাতিও বহুত হ'ল। জোন পাটত বহিলেই। সিফালে অচিৰণ অকলে
আছে। কেইদিন মানৰ পৰা চোৰৰো বৰ উৎপাত বাঢ়িছে।
জৰিণাই ৰহস্যময় ভংগীত ক’লে- এৰা, কালি মোৰ ঘৰতো চোৰ সোমাইছিল।
চোৰ সোমোৱাৰ কথা শুনি মফিজ কৌতুহলী হৈ
উঠিল। বিস্মিত কণ্ঠত সুধিলে- চোৰ সোমাইছিল ! কালি ৰাতি? কি কি বস্তু নিলে ?
জৰিণাই ৰহস্যময় হাঁহি মাৰি বুকুৰ ফালে
আঙুলিয়াই ক'লে-
নাই নাই, মোৰ এই হৃদয়খনৰ
বাহিৰে একো নিব পৰা নাই ।
জৰিণাৰ কৌতুকত মফিজৰ বুকুখন চিৰিংকৈ
উঠিল। সি কথাষাৰৰ অৰ্থ উপলব্ধি কৰিব পাৰিলে যদিও কৃত্রিম কৌতুহল প্ৰকাশ কৰি
সুধিলে- কোন সেই ভাগ্যৱান ?
জৰিণাই কটাক্ষ কৰি কৃত্ৰিম অভিমানৰ
সুৰত ক'লে-নাম নকওঁ।
এইদৰে কৈয়ে তাই মফিজৰ গাত ঠেলা মাৰি কৃত্ৰিম ব্যস্ততা প্রকাশ কৰি ক'লে- যোৱা, নবৌয়ে তোমাৰ কাৰণে বাট চাই আছেহি।
দুৰন্ত আবেগত মফিজৰ বুকুখন বৰ্ষাৰ মেঘৰ
দৰে গুৰকৈ বাজি উঠিল। জৰিণাই যে তাইৰ ৰূপৰ পোহাৰ তাৰ চৰণত জলাঞ্জলি দিবলৈ ব্যাকুল
হৈ উঠিছে সেই কথা উপলব্ধি কৰিবলৈ তাৰ পলম নহ'ল। সেয়ে স্থান-কাল-পাত্ৰৰ কথা পাহৰি সি জৰিণাক সাবটি ধৰি চুমাৰে
উপচাই পেলালে।
এইদৰে দুয়োৰে অভিসাৰ আৰম্ভ হৈছিল আৰু
নদীয়ে সাগৰৰ বুকুত গতি হেৰোৱাৰ দৰে মফিজে জৰিণাৰ উগ্র কামনাৰ সাগৰত হেৰাই গৈছিল ।
কিছুদিনৰ ভিতৰতে কথাটো ইকাণ-সিকাণ হৈ গাঁৱখনত ৰাষ্ট্ৰ হৈ পৰিছিল যদিও লতিফ খাহঁতৰ
ভয়ত কোনেও কথাটো মুখ ফুটাই ক’বলৈ
সাহস গোটাবপৰা নাছিল ।
লতিফ খাঁহঁতৰ পৰিয়ালৰো আটাইবোৰ সদস্যই
জানিছিল কথাটো। কিন্তু এক ৰহস্যজনক কাৰণত সিহঁতে চকুমুদা কুলিৰ ভাও জুৰি আছিল ।
চকুমুদি থকাৰ অন্তৰালত প্ৰকৃতাৰ্থত এক গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছিল, কিছুদিন পাছত সেয়া স্পষ্ট হৈ পৰিছিল ৷
জৰিণা স্বামী পৰিত্যক্তা। নিজৰ
গিৰিয়েকক বিহ প্ৰয়োগৰ কৰি হত্যা কৰিবলৈ গৈ ধৰা পৰি তাই স্বামীৰ দ্বাৰা
পৰিত্যক্তা হোৱা কথাটো আগেয়ে উল্লেখ কৰা হৈছে। গতিকে এনেকুৱা এজনী নিষ্ঠুৰা নাৰীক
স্বেচ্ছাকৃত ভাৱে বিয়া কৰাবলৈ কোনো মানুহ আগবাঢ়ি নাহে বুলি পৰিয়ালৰ আটাইবোৰ
সদস্য নিশ্চিত আছিল। কেনেবাকৈ যদি জৰিণাই মফিজৰ হৃদয় জয় কৰি নিজৰ দিহা নিজে লগাই
ল'ব পাৰে এই আশাই
হয়তো কৰিছিল আটায়ে। ফলত লতিফ
খাঁহঁতৰ দৰে দুৰ্দ্দান্ত মানুহেও দুয়োৰো অভিসাৰৰ কথা জানি বুজিও পৰিয়ালৰ লোকে
চকু মুদি আছিল ।
অচিৰণে কথাটো গম পাই মফিজৰ হাতে ভৰিয়ে
ধৰি জৰিণাৰ সংগ ত্যাগ কৰিবলৈ কাবৌ কাকুতি কৰাৰ পাছতো মফিজে জৰিণাৰ সংগ ত্যাগ
কৰিবপৰা নাছিল। জৰিণাৰ ৰূপৰ মোহত আৱদ্ধ হৈয়ে আছিল সি।
কিন্তু যেতিয়া মোহভংগ হ'ল তেতিয়া বহু পলম হৈ গৈছিল ৷
এসপ্তাহমান আগত জৰিণাই মফিজক জনাইছিল-
মফিজ কাই, লেঠা
এটা হ'ল !
লেঠা ! মফিজে ব্যস্তভাৱে সুধিলে- কি
লেঠা?
জৰিণাই কোনো ধৰণৰ ভূমিকা নকৰাকৈ
পোনপটীয়াভাৱে ক'লে-
তিনিমাহ হ'ল
গা ধোৱা নাই।
কথাযাৰ শুনি মফিজৰ বুকুখন চিৰিংকৈ
উঠিল। চকু মুখত ফুটি উঠিল দুশ্চিন্তাৰ ছাপ। সি কোনোমতে নিজক চম্ভালি ক'লে- এতিয়া কি কৰিম বুলি ভাবিছে?
সুপোত্থিতৰ দৰে চমকি উঠি জৰিণাই ক'লে- মইনো কি ভাবিম! তুমিয়ে কিবা এটা
কৰা ৷
মফিজৰ কপালত দুটামান ভাঁজ পৰিল । সি
জানে জৰিণাক প্ৰত্যক্ষভাৱে প্ৰত্যাখান কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে সি কিছু
অভিনয় কৰাৰ প্ৰয়োজন হ'ব।
ইয়াৰ পৰা আজি কোনোমতে আভুৱা ভাঁৰি গৈ কিছুদিন মূৰ পোলোকা মাৰি থাকি পাছত মহচীন
হাজীৰ সহায় লৈ কিবা এটা কৰিব লাগিব ৷ এইবোৰ কথা মনতে ভাবি সি বিবর্ণ মুখত
চেষ্টাকৃত হাঁহি বিৰিঙাই ক'লে-
ঠিক আছে। আজি এইবোৰ চিন্তা এৰা,
পাছত ভাবি চিন্তি কিবা এটা কৰিম বাৰু। তুমি এই বিষয়ে ভাবিব নালাগে ।
জৰিণাই উদ্বিগ্ন কণ্ঠত ক’লে- যি কৰিবা, সোনকালে কৰিবা । জনা-জনি হৈ গ'লে বৰ লাজত পৰিম ৷ ককাইদেউহঁতে জানিলে
কাটি দুছেও কৰিব ৷
মফিজে ম্লান হাঁহি মাৰি ক'লে- চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব ।
এইদৰে আভুৱা ভাঁৰি মফিজে সিদিনা জৰিণাৰ
পৰা বিদায়লৈ ঘৰলৈ আহি সি কথাটো অচিৰণক জনাইছিল। অচিৰণে তাক মূৰ পোলোকা মাৰি থাকিবলৈ
উপদেশ দিছিল আৰু সি অচিৰণৰ কথামতে কাকো কথাটো নজনোৱাকৈ মনে মনে আছিল ৷
কিন্তু সিফালে এসপ্তাহ পাৰ হৈ যোৱাৰ
পাছতো যেতিয়া মফিজ উদ্দিন জৰিণাৰ ওচৰলৈ নগ'ল তেতিয়া তাই মফিজৰ অভিসন্ধি বুজিব পাৰি নিৰুপায় হৈ কথাটো লতিফ
খাঁৰ ঘৈণীয়েকক জনাইছে। লতিফ খাঁৰ ঘৈণীয়েকে আকৌ কথাটো লতিফ খাঁৰ কাণ চুৱাইছে।
কথাটো শুনি লতিফ খাঁ খঙত জ্বলি-পকি
ভায়েককেইজনৰ লগত আলোচনা কৰি জৰিণাক মফিজৰ লগত বিয়া দিয়াৰ সিদ্ধান্ত লৈ দুজন
মানুহলৈ মফিজক ঘৰৰপৰা এক প্ৰকাৰ বল পূর্বক সিহঁতৰ ঘৰলৈ ধৰি লৈ গৈছে।
এয়াই আছিল মফিজক বলপূর্বক ধৰি নিয়াৰ
ৰহস্য ।
অচৰিণে মহচীন হাজীৰ ভৰিত ধৰি ক'লে- যি হ'বৰ হৈছে। এতিয়া, আপুনি তেওঁক বচাওঁক।
চিন্তা নকৰিবা । নুৰুল হক গৈছে যেতিয়া
কিবা এটা উপায় ওলাবই। এইদৰে শান্ত্বনা দি মহচীন হাজী বাহিৰফালৰ চোতাললৈ ওলাই আহি
লতিফ খাঁহঁতৰ ঘৰৰ ফালে কাণ পোনাই থাকিল।
** ** **
ইফালে লতিফ খাঁই মফিজক ঘৰলৈ নি তাৰ
ফলীয়া গাঁৱৰ মানুহ কেইজনমান মাতি আনি ঘটনাটো বিৱৰি ক'লে। গাঁৱৰ মানুহে জৰিণা আৰু মফিজৰপৰা
ঘটনাৰ আদ্যোপান্ত শুনি মোল্লা মাতিবলৈ মানুহ পঠালে ।
ঠিক তেতিয়াই নুলহক মুছা, বিশ্বাকে আদি কৰি পাঁচজন মানুহ লৈ লতিফ
খাঁহঁতৰ ঘৰত উপস্থিত হ'ল।
লতিফ খাহঁতৰ দুখন চোতাল। বাহিৰ ফালে
এখন আৰু ভিতৰ ফালে এখন। ভিতৰ ফালৰ চোতাললৈ যাবলৈ হ'লে আবুৰ এখন পাৰ হৈ যাব লাগে। নুৰল হকে তাৰ লগত যোৱা মানুহ কেইজনক
বাহিৰ ফালৰ চোতালত থিয় হ'বলৈ
ইংগিত দি সি সন্তর্পণে আবুৰৰ কাষলৈ আহিল।
ইকৰাৰ আবুৰ । সি ইকৰা ফাক কৰি সেই
ফাঁকেৰে ভিতৰফালৰ চোতাললৈ জুমি চালে।
চোতালত ঘূৰণীয়া বৃত্তৰ দৰে
দহ-বাৰ্জনমান মানুহ থিয় দি থকা নুলহকৰ চকুত পৰিল। বৃত্তৰ মাজত হাৰিকেন এটা জ্বলি
আছিল আৰু হাৰিকেনৰ কাষত এজন মানুহ অপৰাধীৰ দৰে তলমূৰ হৈ বহি আছিল। মানুহজনক মফিজ
বুলি চিনিবলৈ নুৰুল হকৰ অসুবিধা নহ'ল।
মানুহকেইজনৰ ভৰিৰ ফাকেৰে সৰকি পাৰ হৈ অহা পোহৰ আৰু মানুহকেইজনৰ ছাঁই চোতালখন জয়াল
আৰু ৰহস্যময় কৰি তুলিছিল। সিহঁত যেন মানুহ নহয়, যমদূত কিছুমানহে যেন থিয় দি আছে চোতালখনত । মানুহকেইজনৰ পৰা অলপ
আঁতৰত লতিফ খাঁ চকী এখনত বহি আছিল ।
দৃশ্যটো দেখি নুৰুল হকৰ বুকুখন কঁপি
উঠিল আৰু এক অজান আতংকত তাৰ বুকুখন ঢপ্ঢপাবলৈ ধৰিলে। নুৰুল হকে চোতালত থিয় দি
থকা মানুহকেইজনৰ বুজ ল'বলৈ
দৃষ্টি প্ৰসাৰিত কৰিলে। জুমটোত লতিফ খাঁৰ ভায়েক কেইজনৰ লগত গাঁৱৰ উদণ্ড স্বভাৱৰ
মানুহ কেইজনমান থিয় দি থকা তাৰ চকুত পৰিল। দুই এজনৰ বাহিৰে বাকীবোৰক সি চিনিবও
পাৰিলে।
নুৰুল হক তাৰ লগৰ মানুহ কেইজনৰ ওচৰলৈ
আহি ফুচফুচাই ক’লে-
কি কৰা যায় এতিয়া ? প্ৰায়
দহ বাৰজন মানুহে মফিজক আগুৰি থিয় দি আছে। সিহঁতৰ গতি-বিধি ভাল যেনো নালাগিল।
মুছা শেখে বিশেষ নভবা-নিচিন্তাকৈয়ে ক'লে- ব’লা, যি
হয় হ'ব আৰু। আহিছোঁ
যেতিয়া তাক এইদৰে যমৰ মুখত এৰি থৈ নাযাও ৷ মুছাশ্বেখে কথা কেইটা অলপ উচ্চকণ্ঠত
কৈছিল। গতিকে কথা কেইটা লতিফ খাঁৰ কাণতো পৰিল।
লতিফ খাঁই ধমকিৰ সুৰত সুধিলে- কোন? কোন তাত?
উপস্থিতি গোপন ৰখাটো সম্ভৱ নহ'ব বুলি ভাবি নুৰুল হক আগবাঢ়ি আহি ক'লে- আমি খুৰা ৷
লতিফ খাঁ গর্জি উঠিল- আমি কোন? নাম নাই ?
আমি খুৰা। মই নুৰুল হক। নুৰুল হক লতিফ
খাঁৰ কাষলৈ আহি বিব্ৰত কণ্ঠত নিজৰ পৰিচয় দিলে।
নুৰুল হকৰ পৰিচয় পাই লতিফ খাঁ খঙত
জ্বলি উঠিল। শ্লেষ মিহলি কণ্ঠত ক’লে-
দলবললৈ কে’লেই
? মৰা-মৰি কৰাৰ
মতলব নেকি ?
চোতালত গোটখোৱা মানুহৰ জুম দেখি নুৰুল
হক স্বাভাৱিকতে অলপ আতংকিত হৈ উঠিছিল। লতিফ খাঁৰ খঙাল মূৰ্ত্তি দেখি সি অধিক
আতংকিত হৈ উঠিল। লতিফ খাঁহঁতৰ লগত সিহঁতৰ পুৰণি শত্ৰুতাও আছে। ইফালে ৰাতিৰ কথা।
গতিকে পৰিস্থিতিটো যাতে অধিক বেয়াৰ ফালে ঢাল নাখায় তাৰ বাবে সি শান্ত সমাহিত
কণ্ঠত তোষামোদৰ সুৰত ক'লে-
মিছাতে খং কৰিছে কিয় ? আপোনালোকে
হেনো মফিজক তাৰ ঘৰৰ পৰা ধৰি আনিছে। তাৰ ঘৈণীয়েৰে দেউতাৰ ওচৰলৈ আহি কন্দা-কটা কৰাত
দেউতাই ঘটনাৰ বুজ ল'বলৈ
মোক পঠিয়াই দিছে।
লতিফ খাঁ ক্ষোভত ফাটি পৰিল- আজিহে
মফিজৰ খবৰ ল'বলৈ
সময় ওলাল নেকি? ইমান
দিন ক'ত আছিল ?
নুৰুল হকে কোনো উত্তৰ দিয়াৰ আগতেই জুমটোৰ
মাজৰ পৰা এজনে কৈ উঠিল- ভালেই হৈছে। ইহঁতকো মফিজৰ লগত বহুৱাই দিয়ক। কূলদাৰাৰাতো
প্রয়োজন হ'ব।
ইতিমধ্যে নুৰুলহকৰ লগত অহা মানুহখিনিও
সেইখিনি পাইছিলহি। মানুহ কেইজনৰ মাজত মুছা শ্বেখো আছিল । সি মানুহজনৰ কথাত অপমান
বোধ কৰি প্ৰতিবাদ কৰি উঠিল- মুখ চম্ভালি কথা ক’বা। আমি কি দোষ কৰিছোঁ, যে আমাকো মফিজৰ লগত বহাবা ?
জুমটোৰ মাজৰ পৰা আন এজনে ভেকুলীৰ দৰে
জাপমাৰি আহি মুছাশ্বেখৰ গালত চৰ এটা শোধাই ক’লে- চোৰ ! কথা ক'বলৈ
আহিছ ! মানুহজনে জুমটোক উদ্দেশ্য কৰি হুকুম দিলে- বান্ধ বেটাক।
নুৰুল হকহঁতৰ লগত যোৱা বিশ্বাই কথাটো
সহ্য কৰিব নোৱাৰিলে। স্থান-কাল-পাত্ৰৰ কথা পাহৰি সি ক্রিকেট বলৰ দৰে জাপ মাৰি আহি
মুছাশ্বেখক চৰ মাৰা মানুহজনক কিল এটা শোধাই ক'লে- চোৰ তইহে, আমি
নহওঁ ।
লতিফখাঁ বহাৰপৰা জাপমাৰি উঠি হুকুম
দিলে- মাৰ বেটাহঁতক.........
দুয়োদলৰ মাজত হুৰা-হুৰি লাগি গ'ল। ইদলে-সিদলৰ লগত মৰা-মৰিত লিপ্ত হৈ
পৰিল। ঠেলা-হেঁচাৰ ফলত এজনৰ ভৰিত লাগি হাকিনটো কাতি হৈ পৰি কেই চেকেণ্ডমান দপদপ
কৰি নুমাই গ'ল ।
মানুহৰ ভৰিত পিষ্ট হোৱাৰ ভয়ত মফিজ
উদ্দিন উঠি থিয় হ'ল।
সি লক্ষ্য কৰিলে যে, আটায়ে
মৰা-মৰিলৈ ব্যস্ত। তাৰ ফালে চাবলৈ কাৰো আহৰি নাই ৷ এই ছেগতে সি ( ভিৰৰ মাজৰ পৰা
ওলাই ভিৰাই লৰ মাৰিলে।
মফিজ উদ্দিন কিছুদূৰ যোৱাৰ পাছত কোনোবা
এজনী মহিলাই তাক দৌৰি পলোৱা দেখি চিঞৰি ক'লে- সৌৱা, সি
পলাল।
কথাটো লতিফ খাঁৰ কাণত পৰিল। সি চিঞৰি
তাৰ দলৰ মানুহক উদ্দেশ্য কৰি হুকুম দিলে- মফিজ হেনো পলাইছে। তাক ধৰা ।
মাৰা-মাৰি এৰি আটায়ে মফিজৰ পিছে পিছে
দৌৰি গ'ল। কিন্তু
মানুহবোৰে মফিজক ধৰাৰ আগতেই সি অন্ধাৰৰ আঁৰত অদৃশ্য হৈ পৰিল। মানুহবোৰে বহু সময়
মফিজক বিচাৰিলে; কিন্তু
তাক নাপাই শেষত হতাশ হৈ উভতি আহিল। লতিফ খাঁই ক্ষোভত অস্থিৰ হৈ কিছুসময়
গুজৰি-গুমৰি মানুহবোৰক পাছদিনা ৰাতিপুৱা পুনৰ আহিবলৈ কৈ ঘৰলৈ পঠিয়াই দিলে।
মহচীন হাজী বাহিৰ ফালৰ চোতালত থিয় হৈ
লতিফ খাহঁতৰ ঘৰত ঘটা ঘটনাৰ বুজলৈ আছিল। নুৰবানু আৰু অচিৰণ তেওঁৰ কাষতে থিয় হৈ
আছিল।
লতিফ খাঁহতৰ ঘৰত হোৱা হাই-উৰুমি আৰু
বাক-বিতণ্ডাৰ লগতে লৰা-ঢপৰাৰ শব্দ শুনি নুৰবানুই অস্থিৰভাৱে মহচীন হাজীক উদ্দেশ্য কৰি
সুধিলে- হেৰি, গণ্ডগোল
শুনিছে নে? সিহঁতৰ
ঘৰত দেখোন মৰা-মৰিৰ শব্দ হৈছে। নুৰল হকহঁতৰ লগত মৰা-মৰি লগা নাইতো ?
মহচীন হাজীয়ে চিন্তিত কণ্ঠত ক’লে- এৰা, মৰা-মৰিয়ে লাগিছে যেন পাইছোঁ। কোৱাচোন কি কৰোঁ এতিয়া?
আপুনি নহ'লে বেলেগ কেইজনমান মানুহ সিহঁতৰ ঘৰলৈ
পঠিয়াই দিয়ক। নুৰবানুই উদ্বেগ কাতৰ কণ্ঠত পৰামৰ্শ আগবঢ়ালে- আপুনি নহ'লে নায়েব আলী খুৰাৰ তালৈ যাওঁক৷ তেওঁৰ
লগত পৰামৰ্শ কৰি যি হয় কিবা এটা কৰক।
মহচীন হাজীৰ হৃদয়ত দুঃশ্চিন্তাৰ
ঘূর্ণিবতাহ পাক খাই উঠিল। তিৰস্কাৰৰ সুৰত ক'লে তেওঁ- মফিজৰ কাৰণেই এই ঘটনাটো ঘটিবলৈ পালে। তাক ইমানকৈ সঁকীয়ালোঁ, তথাপি মোৰ কথা নুশুনিলে । এতিয়া পাওঁক
মজাপালি !
মহচীন হাজীৰ মন্তব্যত নুৰবানু অস্থিৰ
হৈ উঠিল। ক'লে
তাই- সি অকলে গ'লে
কথা নাছিল। এতিয়া উলুৰ লগত বগৰি পোৰাৰ উপক্ৰম হৈছে। সোনকালে কিবা এটা কৰক।
বিপদত ধৈৰ্য্য ধৰাহে জ্ঞানীৰ কাম।
মহচীন হাজীয়ে বিৰক্তিভৰা কণ্ঠত ক'লে – অস্থিৰ নহ’বাচোন৷ চাওঁ কি কৰিব পাৰোঁ।
এনেতে লতিফ খাঁহঁতৰ ঘৰৰপৰা কিছুমান
মানুহ দৌৰি ওলাই অহাৰ শব্দ শুনা গ'ল।
মহচীন হাজীয়ে দুখোজমান আগুৱাই অস্থিৰ ও চঞ্চল কণ্ঠত ক’লে- মানুহ কিছুমান দেখোন দৌৰি ওলাই
আহিল ৷ নুলহকহঁতে আহিল নেকি?
এইবাৰ অচিৰণে উদ্বেগ কাতৰ কণ্ঠত ক’লে- তেওঁৰ নামো দেখোন লৈ আছে! তেৱেঁ
দৌৰি পলাল নেকি?
মহচীন হাজীৰ সৰুটো পুতেক নজৰুলো তাত
থিয় দি আছিল । অচিৰণৰ কথা শেষ হোৱাৰ লগে লগে সি ক'লে- এৰা, মফিজকাইৰ
নামো দেখোন লৈ আছে। সিয়ে হয়তো হাই-উৰুমিৰ সুযোগ লৈ দৌৰি পলাইছে। তাৰ পাছে পাছেই
মানুহবোৰে খেদি গৈ আছে হ’বলা
৷
নজৰুলৰ বয়স তেতিয়া মাথোন বাৰ-তেৰ। সি ৰূপাকুছিত
মোমায়েকহঁতৰ ঘৰত থাকি কাদং এম,ই
স্কুলত পঢ়ে। বছৰেকীয়া পৰীক্ষা দি আহি সি ঘৰত আছিল।
নাওঁ ডুবা মানুহে খেৰকূটাকে অৱলম্বন
কৰাৰ দৰে নজৰুলক দেখি মহচীন হাজীয়ে মনত বল পালে। তেওঁ নজৰুলক উদ্দেশ্য কৰি ক’লে- ব’লা, আমি
নায়েব আলী খুৰাৰ তালৈকে যাওঁগৈ। কিবা এটাতো কৰিবই লাগিব৷
নজৰুলে মানুহ কিছুমান সিহঁতৰ ঘৰৰ ফালে
দৌৰি অহা দেখি ক'লে--সৌৱা
কেবাজন মানুহ আমাৰ ঘৰৰ ফালেই দৌৰি আহিছে। ককাইদেউহঁতে আহিছে নেকি?
নজৰুলৰ অনুমান মিছা নহয়। খন্তেক পাছতে
দলবল লৈ নুল হকসেইখিনি পালেহি। লতিফ খাঁৰ আদেশ পাই তাৰ দলৰ মানুহে মফিজক ধৰিবলৈ
খেদি যোৱাৰ সুযোগতে নুৰল হকহঁত তাৰ পৰা ওলাই আহিছে।
নুৰুল হকক দেখি মহচীন হাজীয়ে
অস্থিৰভাৱে সুধিলে- কি হ'ল? তহঁত এনেকৈ দৌৰি আহিলি কিয়? কি হৈছে সেইখন ঘৰত ? মফিজো আহিছে নেকি ?
নাই অহা। সি পলাইছে। এইদৰে কৈয়ে
নুৰুলহকে আনুপূর্বিক ঘটনা বিৱৰি ক'লে।
ঘটনাৰ বিৱৰণ শুনি মহচীন হাজীয়ে সৃষ্টিকৰ্ত্তাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি ক'লে- আলাহ সর্বজ্ঞ। কোনেও যেহেতু হতাহত
হোৱা নাই তাৰ বাবে আল্লাহক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ আল্লাহই যি কৰে মংগলৰ কাৰণেই
কৰে। সিহঁতে যেহেতু মফিজক ধৰিব পৰা নাই গতিকে এই ৰাতিখন আৰু হুলস্থুল কৰিব নালাগে।
কাইলৈ ৰাতিপুৱা মফিজক বিচাৰি যাব লাগিব। সি অহাৰ পাছত তাৰ মুখত সকলো শুনিহে ইয়াৰ
কিবা এটা সিদ্ধান্ত ল'ব
পৰা যাব৷
নুৰুল হকে ক’লে- মফিজ তেনেকৈ দৌৰি নপলালে আজি দুই
চাৰিটা লাচ পৰি গ'লহেঁতেন, সি তেনেকৈ দৌৰি পলোৱাৰ কাৰণেহে মাৰ্ডাৰ
হোৱা নাই।
মুছাশ্বেখে খঙত গুজৰি-গুমৰি ক'লে- মৰিলেও সিহঁতৰ দুই-চাৰিটালৈহে
মৰিলোহেঁতেন। বেটাহঁতৰ ইমান সাহ,
মোৰ গাত হাত তোলে !
বিশ্বাই মুছাশ্বেখৰ সুৰতে সুৰ মিলাই ক'লে - মুছা কাইৰ গাত হাত তোলা দেখি খঙে
মোৰ চুলিৰ আগ পাইছিলহি। মই মৰিলেও ছালামহঁতক লৈহে মৰিলোঁহেঁতেন। তথাপি তাক কিল
কেইটামান শোধাইছোঁ ৷ কাইলৈ ৰাতিপুৱা বিছনাৰ পৰা উঠাৰ সময়তহে সি মজাটো পাব !
কথাত কথা বাঢ়ি গৈ থাকিব বুলি ভাবি
মহচীন হাজীয়ে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- বাৰু, আজি
আটায়ে ঘৰা-ঘৰি যোৱাগৈ ৷ কাইলৈ ৰাতিপুৱা আটায়ে আহিবা। মফিজ যদি ৰাতিৰ ভিতৰত নাহে, কাইলৈ ৰাতিপুৱা তাক বিচাৰি যাব লাগিব।
অচিৰণ ওচৰতে থিয় দি কথা-বতৰা শুনি
আছিল। তাই উদ্বেগ কাতৰ কণ্ঠত সুধিলে- সিহঁতে তেওঁক খুউব মাৰিছে নেকি?
নুৰুল হকে ক’লে- মাৰা নাই বোধহয়। কিন্তু মাৰিলেই
ভাল আছিল। সিহঁতৰ লগত যাত্ৰা কৰিবলৈ গৈছিল কিয় সি? শেষৰ কথাফাকি নুৰুল হকে কৃত্রিম খঙৰ সুৰত ক'লে।
অচিৰণে চিন্তিত কণ্ঠত ক’লে- সিহঁত যিহে মানুহ! ৰাতিয়ে যদি
বিচাৰি-খোচাৰি ধৰি আনে! কোনফালে গৈছে তেওঁ?
মুছাশ্বেখে ক্ষোভ প্রকাশ কৰি ক'লে- তাৰ কাৰণে যে ইমান ভাবিছা, সি জানো তোমাৰ কথা ভাবিছে? যোৱা ঘৰলৈ গৈ শুই থাকাগৈ। এই ৰাতিখন
সিহঁতে তাক বিচাৰি গ'লেও
নাপাব। ইমান চিন্তা কৰিব নালাগে।
নুৰবানুই পৰামৰ্শ আগবঢ়ালে- তাই আজি
ৰাতি সেইখন ঘৰত অকলে থাকিব নালাগে। আজিৰ ৰাতিটো আমাৰ ইয়াতে থাকক।
মহচীন হাজীয়ে নুৰবানুক সমৰ্থন কৰি ক'লে- হয়, বোৱাৰী তাত অকলে থকাটো উচিত নহ'ব। এইদৰে কৈয়ে তেওঁ বিশ্বাক উদ্দেশ্য কৰি ক'লে- তুমি ঘৰলৈ যোৱাৰ সময়ত মফিজহঁতৰ
দুৱাৰখন টানকৈ বান্ধি থৈ যাবা। এতিয়া আটায়ে যোৱাগৈ। ৰাতিপুৱাবলৈ বেছি দেৰি নাই।
তোমালোক যোৱা এতিয়া। কাইলৈ ৰাতিপুৱা আহিবা । তেতিয়া এই বিষয়ে আলোচনা কৰিম
মহচীন হাজীৰ পৰামৰ্শমতেই সিদিনাৰ কাৰণে
আটায়ে ঘৰা-ঘৰি গুচি গ'ল।
*
* * * *
*
ৰাতি মফিজ ঘৰলৈ নাহিল। ৰাতিপুৱা গাঁৱৰ
ইঘৰ সিঘৰত খবৰ কৰিও মফিজৰ কোনো সন্ধান পোৱা নগ'ল। সেয়ে মহচীন হাজীয়ে মফিজক বিচাৰিবলৈ চাৰিওফালে মানুহ পঠালে।
সিফালে লতিফ খাঁহতেও পাছদিনা ৰাতিপুৱা
পৰামৰ্শ কৰিবলৈ বহিল। মফিজক নাপালে অসুবিধা হ'ব বুলি ভাবি সিহঁতেও মফিজক বিচাৰিবলৈ মানুহ পঠালে।
সন্ধিয়া উভয় পক্ষৰ মানুহ হতাশ হৈ
উভতি আহিল। মফিজক বিচাৰি পোৱাতো দূৰৰ কথা তাৰ শুংসূত্ৰকে উলিয়াব নোৱাৰিলে কোনো
পক্ষই।
পাছদিনাও দুয়োপক্ষৰ মানুহ মফিজক
বিচাৰি ওলাল; কিন্তু
সিদিনাও তাৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে।
এইদৰে পাঁচদিন বিচাৰ-খোচাৰ কৰাৰ পাছতো
মফিজৰ সন্ধান উলিয়াব নোৱাৰি উভয় পক্ষ বিশেষকৈ মহচীন হাজীৰ দলৰ মানুহ চিন্তিত হৈ
পৰিল। মফিজ গ’ল
কলৈ ? সাম্ভাৱ্য সকলো
ঠাইতে বিচৰা হ'ল, ক’তো তাৰ সন্ধান নোলাল ৷ গোট মানুহ এজন কেনেকৈ এইদৰে নোহোৱা হ'ল? লতিফ খাঁহঁতেযে তাক মাৰি পেলোৱা নাই এই বিষয়েও কোনো সন্দেহ নাই।
কাৰণ নুলহকহঁতে তাক নিজ চকুৰে দৌৰি পলোৱা দেখিছে। লতিফ খাহঁতে তাৰ পাছে পাছে খেদি
গৈ তাক নাপাই হতাশ হৈ উভতি অহাও সিহঁতে প্ৰত্যক্ষ কৰি আহিছে। তদুপৰি লতিফ খাহঁতেও
তাক বিচাৰি ফুৰিছে। তাক মাৰি পেলালে এইদৰে নিশ্চয় বিচাৰি নুফুৰিলেহেঁতেন৷
ইফালে মাৰি পেলালেও অৱশ্যে ইমান দিনে কিবা সন্ধান ওলালহেঁতেন। এই দৰে গুণাগঁথা কৰি আটায়ে এটা সিদ্ধান্তত
উপনীত হ'ল যে, মফিজ
নিশ্চয় লতিফ খাঁহঁতৰ পৰা হাত সাৰিবলৈ নিশ্চয় দূৰণিবটীয়া কোনো ঠাইলৈ পলাই গৈছে।
সেয়ে মুছাশ্বেখে প্ৰস্তাৱ আগবঢ়ালে-
মফিজক যেহেতু কোনো শুংসূত্ৰ নাই, গতিকে লিতফ খাঁহঁতে তাক ঘৰৰ পৰা বলপূৰ্বক ধৰি
নিয়াৰ কথা উল্লেখ কৰি কেচ দিলে ভাল হয় নেকি?
মহচীন হাজীয়ে প্ৰস্তাৱটোত আপত্তি জনাই
কলে- সিহঁতে মফিজক বলপূৰ্বক ধৰি নিয়াটো সঁচা যদিও সি পলায়ে গৈছে। গতিকে মোৰ মতে
কেচ দি লতিফ খাঁহঁতক হাৰা শাস্তি কৰাটো উচিত নহব। লতিফ খাঁহঁত এনেয়েও আমাৰ ওপৰত
খড়্গহস্ত হৈ আেছ। কেচ দিলে ঘটনাটো বেছি জটিলহে হব। কিছুদিন মনে মনে থাকি মফিজৰ
খা-খবৰ জানিলৈহে কিব এটা কৰা উচিত হব।
নায়েব আলীয়ে মূৰ জোকাৰি মহচীন হাজীৰ
প্ৰস্তাৱত অসন্মতি প্ৰকাশ কৰি ক'লে-
তোমাৰ কথাটো মই মানিব নোৱাৰিলোঁ। সাপক বিশ্বাস কৰিব পাৰিলেও লতিফ খাঁহঁতক বিশ্বাস
কৰিব নোৱাৰি। ঘুনুক-ঘানাককৈ শুনি আছোঁ লতিফখাঁহঁতে হেনো জৰিণাক থানালৈ লৈ গৈ আমাৰ
বিৰুদ্ধে কেচ দিব। গতিকে আমি বহি থকাটো উচিত নহ'ব। সিহঁতে কেচ দিয়াৰ আগতেই আমি কেচ দিব লাগিব।
মহচীন হাজীয়ে পৰামৰ্শ আগবঢ়ালে-
সিহঁতে আগতে কেচ দিয়ে যদি দিয়ক। পুলিচ আহিলে আমি দাৰোগাৰ আগত আচল কথাবোৰ ভাঙি
পাতি ক’মহি। তেতিয়া
সিহঁতৰ জালত সিহঁতেই বান্ধ খাই পৰিব। আমি এতিয়া মাথোন সিহঁতৰ গতি-বিধি লক্ষ্য কৰি
থাকিলেই হ'ল।
সিহঁত থানালৈ গ'লে
আমি অলপ সজাগ হৈ চলিব লাগিব যাতে পুলিচৰ হাতত ধৰা নপৰাকৈ সাৰিব পাৰোঁ ৷ পাৰিলে মই
আজিয়ে কথাটো কেশৱ চৌধুৰীৰ লগত আলোচনা হ'ম। কেশৱ চৌধুৰী আমাৰ পক্ষত থাকিলে সিহঁতে আমাৰ কোনো ক্ষতি কৰিব
নোৱাৰিব।এইদৰে কেচ নিদিয়াৰ সিদ্ধান্তলৈ আটায়ে ঘৰ-ঘৰি গ'ল।
দুদিন পাছতে নায়েব আলীৰ সন্দেহ
ফলিয়ালে । দুদিনমান পাছত লতিফ খাঁই জৰিণাক লগতলৈ থানালৈ গৈ কেচ দিলে। পুলিচো
আহিল।
প্ৰথম আৰক্ষীচকীটোৰ ঘৰ সজাৰ সময়ত
ৰাইজৰ দান বৰঙণিৰেই ঘৰটো সজা হৈছিল। ঘৰটো সজাৰ সময়ত মহচীন হাজীয়েও বৰঙণি
আগবঢ়াইছিল। প্ৰথম দিনা দাৰোগা অহাৰ সময়তো মহচীন হাজী থানাত উপস্থিত আছিল। ফলত
মহচীন হাজীৰ লগত দাৰোগাৰ সামান্য হ’লেও
পৰিচয় আছিল। গতিকে মহচীন হাজীৰ বিৰুদ্ধে কেচৰ কথা গম পাই দাৰোগা আহি মহচীন হাজীৰ
ঘৰত উঠিল।
মহচীন হাজী ঘৰতে আছিল। দাৰোগা বাবুই
সুধিলে- কওঁকচোন দেওয়ানী চাহাব ঘটনা কি?
মহচীন হাজীয়ে ঘটনাটো দাৰোগাৰ আগত বিৱৰি
ক'লে- হুজুৰ, লতিফ খাহঁত আচলতে অলপ উগ্ৰ প্ৰকৃতিৰ
মানুহ। জৰিণাৰ চৰিত্ৰও ভাল নহয় ৷ তাই নিজৰ স্বামীক বিহ খুওৱাই হত্যা কৰিবলৈ চলোৱা
চেষ্টাৰ কথা সর্বজন বিদিত ৷ আচলতে মফিজক ফচাবলৈয়ে লতিফ খাঁহঁতে জানি-বুজি জৰিণাক
তাৰ প্ৰতি লেলিয়াই দিছিল। মফিজ আচলতে এজন সৰল-সহজ মানুহ। জৰিণায়ে তাক বেয়া
কৰিছে। তদুপৰি লতিফখাঁহঁতে তাক এইদৰে ধৰি নিনি আমাক কথাটো জনালে আমি সুবিচাৰে
কৰিলোহেঁতেন, হুজুৰ।
দাৰোগাই মহচীন হাজীৰ পৰা ঘটনাৰ
আঁতিগুৰিৰ বুজলৈ ক'লে-
ঠিক আছে, আপুনি মফিজৰ
ঘৈণীয়েকক মাতি দিয়ক ।
অচিৰণ মহচীন হাজীৰ ঘৰতে আছিল। তাই দাৰোগাৰ
আগত সকলো কথা বিৱৰি কৈ কান্দি পেলালে- হুজুৰ, সিহঁতে তেওঁক মাৰি পেলাব। আপুনি তেওঁক বচাওঁক, তেওঁ নিৰুদ্দেশ হোৱা আজিলৈ প্ৰায়
আঠদিনেই হ'ল।
তেওঁৰ কোনো শুংসূত্ৰই নাই । সিহঁতে তেওঁক মাৰিয়ে পেলালে নেকি, হুজুৰ। আপুনি ইয়াৰ সুবিচাৰ কৰক ।
দাৰোগাই কিছুপৰ মনে মনে থাকি মহচীন
হাজীক উদ্দেশ্য কৰি ক'লে-
দেওয়ানী চাহাব, আপুনি
কাইলৈ মফিজৰ ঘৈণীয়েকক থানা লৈ যাব । চাওঁ, মই কি কৰিব পাৰোঁ ।
দাৰোগাৰ পৰামৰ্শতেই পাছদিনা মহচীন হাজী
অচিৰণক লৈ থানালৈ গৈ লতিফ খাঁহঁতৰ বিৰুদ্ধে গুমিৰ কেচ দিলে। মহচীন হাজীয়ে অৱশ্যে
গুমিৰ কেছ দিয়াত আপত্তি কৰিছিল। কাৰণ তেওঁ জানে মফিজক হত্যা কৰা হোৱা নাই। সি
নিজৰ ইচ্ছাতে পলাই গৈছে। তেওঁ দাৰোগাক কথাটো বুজায়ো ক'লে ৷
দাৰোগাই তেতিয়া যুক্তি দর্শালে-
যেহেতু লতিফখাঁই বলপূর্বক ধৰি নিয়াৰ পাছৰ পৰা মফিজ নিৰুদ্দেশ হৈ আছে গতিকে সিহঁতে
তাক হত্যা নকৰিলেও গুমিৰ কেচত পৰিব। সিহঁতেতো আপোনালোকৰ বিৰুদ্ধে গুমিৰ কেচেই
দিছে।
দাৰোগাৰ কথা মতেই কেচ দি মহচীন হাজী
ঘৰলৈ আহিল। তেওঁলোক ঘৰলৈ অহাৰ পাছতেই পুলিচ আহি লতিফ খাহঁতক থানালৈ লৈ গ'ল। লতিফখাঁই মফিজক বিচাৰি উলিওৱাৰ
প্ৰতিশ্রুতি দি সিদিনাই জামিনত আহিল ।
এই ঘটনাৰ পাছৰপৰা দুই পক্ষৰ মাজত
প্ৰত্যক্ষ অৰিয়া-অঁৰি আৰম্ভ হ'ল।
ই পক্ষই সি পক্ষক বিশেষকৈ লতিফ খাহঁতে মহচীন হাজীৰ দলৰ মানুহক আক্ৰমণ কৰিবলৈ
বাটে-পথে খাপপাতি থকা হ'ল
আৰু ফলত উভয় পক্ষই সন্ত্ৰস্ত হৈ চলিব লগীয়া হ'ল । লতিফ খাঁৰ সমাজৰ ল'ৰা-ছোৱালী পর্যন্ত স্কুললৈ নহা হ'ল। ক'ৰবালৈ
যাবলৈ হ'লে দুয়োপক্ষই
দলবললৈ যাব লগা হ'ল।
ফলত গোটেই গাঁৱখনত এক উত্তেজনাকৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ল৷
প্রায় তিনিমাহ চলিল এই বিশৃংখল
পৰিস্থিতি। তিনিমাহ পাছতো যেতিয়া লতিফখাহঁতে মফিজৰ সন্ধান উলিয়াব নোৱাৰিলে
তেতিয়া পুলিচে সিহঁতক ধৰি নি সদৰলৈ চালান দিলে।
এমাহ পাছত লতিফখাহঁত জামিনত মুক্ত হৈ
আহিল। সিহঁত জামিনত অহাৰ দুদিন পাছতে ঘটিল ঘটনাটো।
মহচীন হাজীয়ে সিদিনা ঘোঁৰাক গা
ধুৱাবলৈ বুলি নদীলৈ গৈছিল। ঘৰৰপৰা নদী প্ৰায় এমাইলৰ বাট। ঘোঁৰাক গা-ধুৱাই উভতি
অহাৰ বাটতে ছালাম আৰু কিতাপ খাঁই বাট আগচি ধৰি ঘোঁৰাৰ চাবুকেৰে পাৰেমানে কোবালে
মহচীন হাজীক। মাৰিয়ে পেলালেহেঁতেন হয়তো! ঘটনাটো দেখি মাইকীমানুহ কেইজনীমানে
চিঞৰ-বাখৰ কৰাত মানুহ কিছুমান গোট খালে। ফলত ছালামখাঁহতে মহচীন হাজীক হত্যা নকৰি
ক্ষত- বিক্ষত অৱস্থাত এৰি থৈ পলাল। কিন্তু উক্ত ঘটনাত মহচীন হাজীয়ে এটা চকু
চিৰদিনৰ বাবে হেৰুৱালে।
খবৰ পাই নুৰুলহকহঁতে দলবল লৈ গৈ মহচীন
হাজীক ক্ষত-বিক্ষত অৱস্থাত ঘৰলৈ গৈ আহিল ৷
ঘটনাটোৰ খবৰ পাই মহচীন হাজীৰ ঘৰত
ইতিমধ্যে বহু মানুহ গোট খাইছিল। মহচীন হাজীৰ অৱস্থা দেখি মানুহবোৰ উত্তেজিত হৈ
উঠিল। সিহঁতে লাঠি- যাঠি লৈ ছালামখাহঁতক বিচাৰি যাবলৈ উদ্যত হ'ল।
মহচীন হাজীয়ে উত্তেজিত মানুহবোৰক বাধা
দি ক'লে- যি হ'বৰ হৈছে, এইবোৰলৈ উত্তেজিত হৈ লাভ নাই। কুকুৰে কামুৰিছে বুলি কুকুৰক কামোৰাটো
উচিত নহ'ব ।
নুৰুলহকে মহচীন হাজীৰ কথাৰ বিৰোধিতা
কৰি ক'লে- কুকুৰে
কামুৰিলে আঁঠুৰ তলতহে কামোৰে; সিহঁতে
আমাৰ বুকুত কামোৰ মাৰিছে। একোনোকোৱাৰ কাৰণেই সিহঁত ইমান দূৰ বাঢ়ি গৈছে। এইবাৰ
কিবা এটা হেস্তনেস্ত কৰিহে এৰিম.......
বিশ্বাই অনুৰোধৰ সুৰত ক'লে-ককাইদেউ, এইবাৰ আপুনি বাধা নিদিব। সিহঁতৰ
বিষদাঁত এইবাৰ ভাঙিহে এৰিম ৷ আৰু কিমান সহ্য কৰিম সিহঁতৰ অতপালি ?
বৃদ্ধ নায়েব আলীয়ে পৰামৰ্শ আগবঢ়ালে-
ন্যায় হাতত তুলি লৈ ঘটনা জটিল কৰি লাভ নাই। অন্যায়ৰ মোকাবিলা কৰাৰ কাৰণে আইন
আছে। আমি আইনৰ আশ্ৰয় লোৱাটোহে উচিত হ'ব।
মহচীন হাজীয়ে দ্বিমত প্ৰকাশ কৰি ক'লে- নাই নাই, এইবাৰ আইনৰ আশ্ৰয়ো নলওঁ। মোক মাৰি যদি
সিহঁতে শান্তি পাইছে, পাওঁক।
আমাৰ দুইপক্ষৰ মাজত চলা অৰিয়া-অঁৰি এই ঘটনাৰ লগতে অন্ত পৰাটো মই কামনা কৰোঁ।
এইদৰে কোৱাৰ পাছত হঠাৎ মনত পৰাৰ দৰে কৈ উঠিল-অ’এষাৰ কথা ক'বলৈ
পাহৰিয়ে আছিলোঁ। কেইদিনমান আগতে ৰূপাকুছিলৈ যাওঁতে দিলু তাৱৈ হজ কৰিবলৈ যাব বুলি
শুনি আহিছোঁ। ময়ো হজলৈ যোৱাৰ কথা ভাবি আছোঁ। গতিকে পবিত্ৰ স্থানলৈ যোৱাৰ আগতে মই
কাৰো মনত দুখ দিব বিচৰা নাই।
কথাটো শুনি আটায়ে উৎফুল্লিত হৈ উঠিল।
নায়েব আলীয়ে ক'লে- এয়াতো আমাৰ কাৰণে পৰম গৌৰৱৰ কথা।
বাৰু, তোমালোক শান্ত
হোৱা। আমি সিহঁতক শাস্তি নিদিলেও আল্লাহই নিশ্চয় শাস্তি নিদিয়াকৈ নাথাকে। ক্ষমাৰ
সমান ধৰ্ম নাই আৰু সহ্যৰ সমান গুণ নাই।
এই ঘটনাৰ পাছত মহচীন হাজীয়ে মক্কালৈ
যোৱাৰ বাবে প্রস্তুতি চলালে আৰু তিনিমাহ পাছত মক্কালৈ গ'ল।
হজ সম্পন্ন কৰি তিনিমাহ পাছত মহচীন
হাজী মক্কাৰ পৰা উভতি আহিল।
মহচীন হাজী মক্কাৰ পৰা উভতি অহাৰ দিনা
উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছিল গাঁৱখনত।
** ** **
হজ কৰি অহাৰ দুবছৰ পাছত প্ৰচণ্ড মানসিক
আঘাত পাই মহচীন হাজী পক্ষঘাত গ্ৰস্ত হৈ পৰিল। এই আঘাতৰ মূলত আছিল নজৰুলৰ চৰম
অধঃপতন। অধঃপতনৰ মূল আছিল
নাৰীজনিত কেলেংকাৰী। মাথো নজৰুলে নহয় তেতিয়াৰ দিনত নাৰীজনিত কেলেংকাৰীৰ ফলত
বহুতেই মাজবাটতে লিখা-পঢ়া সামৰিব লগা হৈছিল । ইয়াৰ কাৰণে হিচাপে
এটা কথা চিহ্নিত কৰিব পাৰি যে, তেতিয়াৰ
দিনত বংগীয়মূলৰ মুছলমান সমাজৰবেছি ভাগেই অশিক্ষিত আছিল। ফলত শিক্ষিত মানুহখিনিৰ
প্ৰতি আটায়ে বিশেষ আকর্ষণ অনুভৱ কৰিছিল। বিশেষকৈ জীয়াৰী-বোৱাৰীবোৰ ছাত্ৰৰ প্ৰতি
বিশেষ ভাবে আকৰ্ষিত হৈছিল। ফলত সুযোগ পালেই সিহঁতৰ দুই চাৰ্জিনে তথাকথিত ছাত্ৰৰ
প্ৰতি আকৰ্ষিত হৈ অভিসাৰত লিপ্ত হৈছিল।
নজৰুল কাদং মাইনৰ স্কুলত পঢ়িছিল।
লেখা-পঢ়াতো ভাল আছিল। সি মজলীয়া বৃত্তি পৰীক্ষাত বৃত্তিলৈ পাছ কৰিছিল। তেতিয়া
কাদঙতো হাইস্কুল স্থাপন কৰা হৈছিল;
কিন্তু বিদ্যালয়খন ভেঞ্চাৰ পৰ্যায়ত আছিল। নজৰুলৰ ফলাফলত উৎসাহিত হৈ
নুল হকে নজৰুলক কাদং হাইস্কুলৰ পৰিৱৰ্ত্তে বৰপেটাৰ চৰকাৰী হাইস্কুলত পঢ়ুৱাৰ কথা
ভাবিলে। কিন্তু মুকত গৈ কম শ্বেখৰ কাৰণে বৰপেটাৰ চৰকাৰী হাইস্কুলত নাম ভৰ্ত্তি কৰা
নহ'ল।
আঠিয়াবাৰীৰ নিচুকা গাঁৱত মহচীন হাজীৰ
দুঘৰ আত্মীয় আছিল । তাৰে এজন আছিল কম শেখ। কম শ্বেখ মহচীন হাজীৰ পেহীয়েকৰ ল'ৰা । সি মহচীন হাজীহঁততকৈ বয়সত সৰু।
মহচীন হাজীহঁত অসমলৈ অহাৰ পাছতহে তাৰ জন্ম হৈছিল। মহচীন হাজীয়ে তাৰ জন্মৰ কথা
জানিছিল যদিও দেখা নাছিল। ইফালে মহচীন হাজীতকৈ বহু পাছত সিহঁত অসমলৈ আহিছিল। সেয়ে
তেওঁলোকৰ মাজত চা-চিনাকি নাছিল। এনেকি কৰম শ্বেখ নিচুকাত থকাৰ কথাও নাজানিছিল
মহচীন হাজীয়ে। মক্কাৰপৰা উভতি অহাৰ সময়তহে মহচীন হাজীয়ে বৰপেটাৰোড ৰে'ল ষ্টেচনত কম শ্বেখক লগ পাইছিল।
কম শ্বেখৰ লগত চিনাকি কৰি দিছিল তেওঁৰ
লগৰে হাজী গোপাল ভূঞাই । কৰম শ্বেখ গোপাল ভূঞাৰ মাহীয়েকৰ পুতেক । গোপাল ভূঞাৰ ঘৰো
নিচুকাত আছিল। বোম্বেৰ পৰা ৰে'লত
আহি থকাৰ সময়ত গোপাল ভূঞাৰ লগত মহচীন হাজীৰ পৰিচয় হয়। দুয়ো একেটা ডবাতে আহিছিল
৷ ইটো সিটো কথাৰ মাজতে বংগ দেশৰ কথা উঠিছিল।
বংগ দেশত গোপাল ভূঞাৰ ঘৰো হেনো মহচীন হাজীহঁতৰ গাঁৱতে আছিল।
মহচীন হাজীয়ে কৌতুহল বশতঃ সুধিছিল-
নিচুকাত বংগ দেশৰ অৰগজৰ আৰু কোনোৱা মানুহ আছে নেকি ?
আছে। গোপাল ভূঞাই ক'লে- দুদুমিয়া, ফুলচান, নীলু তৰফদাৰ, কৰ্ম
শ্বেখ আমাৰ গাওঁৰে মানুহ।
এওঁলোকক মই চিনি নাপাওঁ । মাথোন পাচঁ
বছৰ বয়সত মই বংগৰ পৰা আহিছোঁ, গতিকে
এওঁলোকৰ নামেই শুনা নাই মই। এওঁলোকৰ দেউতাকৰ নাম ক’লে হয়তো দুই এজনক চিনিব পাৰিম। দেউতাৰ মুখত শুনি শুনি অগজৰ বহু
প্রবীণ মানুহৰ নাম মোৰ মুখস্থ হৈ গৈছে। আপুনি বাৰু এওঁলোকৰ দেউতাকহঁতৰ নাম কওঁকচোন
।
গোপাল ভূঞাই ভ্ৰযোৰ কোঁচাই কিছুপৰ ভাবি
ক'লে – ৰছিদ বেপাৰী, হজৰত আলী, মকবুল শ্বেখ.
মহচীন হাজীয়ে উৎসাহিত কণ্ঠত ক’লে- মকবুল শ্বেখ! মকবুল শ্বেখ দেখোন
মোৰ পেহা।
হয় নেকি? গোপাল ভূঞাই উৎসাহিত কণ্ঠত ক’লে- আমাৰ ঘৰ একেটা চুবুৰিত। কম শ্বেখ
মকবুল শ্বেখৰ ল'ৰা।
মোক আগবঢ়াই নিবলৈ ষ্টেচনলৈ আহিব। তেতিয়া বাৰু মই তাৰ লগত আপোনাক পৰিচয় কৰাই
দিমহি ।
বৰপেটা ৰোড ষ্টেচন পোৱাৰ পাছত গোপাল
ভূঞাই কম শ্বেখৰ লগত মহচীন হাজীক পৰিচয় কৰাই দিছিল।
তেতিয়াৰ পৰাই দুয়োখন ঘৰৰ মাজত অহা-যাহ
আৰম্ভ হৈছে। কৰম শ্বেখ বছৰত অন্ততঃ দুই তিনিবাৰ মহচীন হাজীৰ ঘৰলৈ আহে। সিবাৰো
আহিছিল সি।
নজৰুল বৃত্তি পোৱাৰ কথা শুনি কৰম
শ্বেখে উৎফুল্লিত হৈ কৈছিল- শুনি বৰ সুখী হ'লোঁ। আমাৰ ঘৰৰ ল'ৰায়ো যে কোনোবাদিনা বৃত্তি পাব এয়া
সপোনতো কল্পনা কৰা নাছিলোঁ। বংগত থাকোঁতে আকমলক স্কুললৈ পঠাইছিলোঁ। এম,ই পাচ কৰাৰ পাছত অসমলৈ আহিছোঁ। ইয়ালৈ
আহিও তাক বৰপেটা ৰোডৰ মিছন হাইস্কুলত নাম লগাই দিছিলোঁ। কিন্তু সিনপঢ়িলে। নাইনত
উঠি দুবাৰ ফেল কৰি পঢ়িবলৈ এৰি দিলে। এইদৰে কৈয়ে কৰম শ্বেখে হঠাৎ মনত পৰাৰ দৰে ক'লে- ককাইদেউ, নজৰুলক নহ'লে আঠিয়াবাৰীৰ মিছন হাইস্কুলত নাম
লগাই দিয়ক । তাত লিখা-পঢ়াও ভাল হয়। ( বৰপেটা ৰোডক আগতে আঠিয়াবাৰী বুলিছিল ।
এতিয়াও বহুতকে আঠিয়াবাৰী বুলি কোৱা শুনা যায় ৷ আঠিয়াবাৰীৰ নাম সলনি হৈ বৰপটো
ৰোড হোৱাৰ আঁৰত এক গৌৰৱজনক কাহিনী আছে । বৰপেটাৰ গুৰুপ্ৰসাদ দাস নামৰ ব্যক্তি এগৰাকীয়ে
হেনো ৰে’লৰ ‘ভেকুৱাম ব্রেক' আৱিস্কাৰ কৰিছিল। গতিকে তেওঁৰ
সন্মানার্থে বহুতে বৰপেটা চহৰৰ মাজেৰে ৰে'ল লাইন নিয়াৰ বাবে আপত্তি জনাইছিল। কিন্তু সেয়া সম্ভৱ নোহোৱাত
তেওঁৰ সন্মানার্থে আঠিয়াবাৰীৰ ষ্টেচনৰ নাম বৰপেটা ৰোড ৰখা হয় বুলি জনা যায়।)
বৰপেটা ৰোডৰ মিছন হাইস্কুলখন ইংৰাজসকলে
স্থাপন কৰিছিল। গতিকে কংগ্ৰেছৰ এজন সদস্য হিচাপে মহচীন হাজীয়ে ইতস্ততঃ কৰি ক'লে- কিন্তু সেইখন দেখোন ব্ৰিটিছৰ স্কুল? তাত পঢ়োৱাটো জানো ঠিক হ’ব?
কৰম শ্বেখে যুক্তি দৰ্শালে- ব্ৰিটিছৰ
স্কুল হ'ল বুলি কি হ'ল? ব্ৰিটিছতো এতিয়া আমাৰ দেশৰপৰা গুচিয়ে গৈছে। আমাৰ দেশৰ ল'ৰা- ছোৱালীয়েইতো বৰ্তমান তাত পঢ়ি
আছে।
কিন্তু তাত জানো বোর্ডিঙৰ ব্যৱস্থা আছে?
কম শ্বেখে মহচীন হাজীৰ কথাৰ অৰ্থ বুজিব
নোৱাৰি প্ৰশ্নবোধক দৃষ্টিত তেওঁলৈ চাই ক’লে- বোর্ডিং.মানে...
মহচীন হাজীয়ে কথাটো বুজাই ক'লে- আঠিয়া বাৰীততো আমাৰ কোনো আত্মীয়
মানুহ নাই। বোর্ডিঙত থোৱাৰ বাহিৰে উপায় কি ?
কম শ্বেখে আহত কণ্ঠত ক’লে- কিয়, আমি নাই জানো? আমাৰ তাত থাকি পঢ়াত আপোনাৰ আপত্তি আছে
নেকি?
নাই, মানে.... তোমালোকৰ ঘৰৰ পৰা অহা-যোৱা কৰি পঢ়িব পাৰিব জানো ?
নোৱাৰিব কিয়? আকমলে দেখোন ঘৰৰ পৰাই অহা যোৱা কৰিছিল
।
অৱশেষত কম শ্বেখৰ পৰামৰ্শ মতেই নজৰুলক
মিছন স্কুলত নাম লগাই দিয়া হ'ল
আৰু কৰম শ্বেখৰ ঘৰতে থকা-খোৱাৰ ব্যৱস্থা কৰা
প্ৰথম বছৰ ভালদৰেই পাৰ হ'ল। বছৰেকীয়া পৰীক্ষাত ভালদৰে
উত্তীৰ্ণও হ'ল।
প্ৰথম হ'ব নোৱাৰিলে যদিও
দ্বিতীয় হ'ল।
পাছৰ বছৰতো ছয় মাহিলি পৰীক্ষাত ভাল নম্বৰ পালে। ফলত নজৰুল শিক্ষকসকলৰো চকুত পৰিল।
কিন্তু লেঠা লাগিল ছয় মাহিলি পৰীক্ষাৰ পাছত।
বৰপেটা ৰোড নতুনকৈ গঢ়লৈ উঠা চহৰ।
বাঙালী প্রধান। বাঙালীসকল যাত্রা বলীয়া। গতিকে কলিকতীয়া যাত্ৰাৰ পয়োভৰ লাগিয়ে
আছিল চহৰখনত । তাৰ লগতে আছিল চিনেমা। স্থানীয় ব্যৱসায়ী এজনে নতুনকৈ চিনেমা হল
এখন প্রতিষ্ঠা কৰিছিল । ডেকাৰপৰা বুঢ়ালৈকে, ব্যৱসায়ীৰপৰা ছাত্ৰলৈকে উবুৰি খাঁই পৰিছিল চিনেমা হলত ৷
নজৰুলহতঁৰ বিদ্যালয়ত বৰপেটাৰ ওচৰৰ
ঝাৰাবাৰীৰ ল'ৰা
এজন পঢ়িছিল। নাম আফছাৰ।
নজৰুল থকা ঘৰৰপৰা চাৰি পাঁচ ঘৰ নিলগৰ
এখন ঘৰত আফছাৰ লজিং আছিল। ফলত দুয়ো একেলগে স্কুললৈ অহা-যোৱা কৰিছিল । একেলগে
অহা-যোৱা কৰাৰ ফলত উভয়ৰে মাজত বন্ধুত্বও গঢ়লৈ উঠিছিল।
আফছাৰ যাত্ৰা বলীয়া। যাত্ৰাৰ নাম
শুনিলে তাৰ গা সাতখন আঠখন লৈ নাচি উঠিছিল। কলিকতীয়া যাত্ৰা চোৱাটো ইতিমধ্যে তাৰ
অভ্যাসত পৰিণত হৈ গৈছিল। কলিকতীয়া যাত্ৰাৰ উপৰিও তেতিয়াৰ দিনত গাঁৱে-ভূঞে অভিনীত
হোৱা গীতি নাট্য চোৱাৰ বাবেও সি জনাজাত আছিল । চিনেমাৰ প্ৰতিও সি আকৃষ্ট হৈ আছিল।
প্ৰায় প্ৰতিখন চিনেমাই চাইছিল সি। কোনো কোনো চিনেমা সি তিনি চাৰিবাৰকৈও চাইছিল ।
গতিকে লিখা-পঢ়াতকৈ যাত্রা-চিনেমা চোৱাৰ প্ৰতিয়ে তাৰ বেছি মনোযোগ আছিল ৷ কোনদিনা
হলত কি চিনেমা লগাব, ক’ত কোন যাত্রা বা গীতিনাট্য অভিনীত হ'ব এইবোৰ খবৰ আছিল তাৰ নখ দৰ্পণত ৷ তাৰ
চিনেমা আৰু যাত্ৰা চোৱাৰ লগ আছিল বৰপেটা ৰোডৰে ধনী ব্যৱসায়ীৰ সন্তান নিৰোদ সাহা
নামৰ এজন ল'ৰা।
নিৰোদ সাহাৰ দেউতাকৰ লগত আফছাৰৰ দেউতাকৰ ব্যৱসায়িক সূত্ৰে পৰিচয় আছিল।
এদিন আফছাৰে স্কুল ছুটীৰ পাছত ঘৰলৈ
ওভতাৰ বাটত নজৰুলক ক'লে-ব’ল, আজি চিনেমা চাওঁগে ।হলত ভাল চিনেমা লগাইছে। মোঘল-ই-আজম ৷ আমাৰ ক্লাচৰ
প্ৰায়বোৰেই চাইছে। মই চোৱা নাই। ব’ল, আজি
আমি চাওঁগৈ ৷
আফছাৰে চিনেমা, যাত্ৰা চোৱাৰ কথা নজৰুলে জানে। সি
অকলেই চায়। আগতে কোনোদিন তাক চাবলৈ লগ ধৰা নাই। সেয়ে সি আফছাৰৰ কথাৰ অৰ্থ বুজিব
নোৱাৰি ভেবা লাগি আফছাৰৰ ফালে চাই ৰ'ল ৷
আফছাৰে পুনৰ ক'লে- ব’ল, চালে
ভাল লাগিব। কোনেও গম নাপায়। নিৰোদেও চাব। সি মোৰ কাৰণে চাহৰ দোকান এখনত অপেক্ষা
কৰি আছে। কিতাপ চাহৰ দোকানতে থৈ যামহি।
প্ৰস্তাৱটো নজৰুলৰ কাৰণে খুবেই লোভনীয়
আছিল। আনৰ মুখত চিনেমাৰ গল্প শুনি শুনি সি চিনেমাৰ প্ৰতি আকর্ষণো অনুভৱ কৰি আছিল।
কিন্তু সি কম শ্বেখৰ ভয়ত চাবলৈ সাহস গোটাবপৰা নাছিল। কাৰণ কৰম শ্বেখে চিনেমা
চোৱাটো পছন্দ নকৰে বুলি সি জানে। আকমলে চিনেমা চায় কাৰণে তেওঁ আকমলক গালি-শপনি
পাৰে ।
গতিকে এইবোৰ কথা ভাবি নজৰুলে অনিচ্ছা
প্রকাশ কৰি ক'লে-
নাই নাই, নাচাওঁ। সময়মতে
ঘৰলৈ নগ'লে খুৰাই গালি
পাৰিব ৷
আফছাৰে অভয় দি ক'লে- খুৰাই গম নাপায় নহয় । অলপহে ৰাতি
হ'ব। কোনোবা
বন্ধুৰ ঘৰলৈ যোৱাৰ কাৰণে দেৰি হোৱা বুলি ক'লেই হ'ব।
মই আছোঁ নহয়, যি
ক'ব লাগে ময়ে কম
বাৰু। তই একো ক'ব
নালাগে। ব’ল, ভয় কৰিব নালাগে।
আফছাৰৰ কথাত সি ভৰসা পাই ক'লে- কিন্তু মইতো পইচা অনা নাই । পইচা
নালাগিব জানো ?
পইচাৰ কাৰণে তই চিন্তা কৰিব নালাগে। পইচা
মই দিম ।
এইদৰে পৰামৰ্শ কৰি দুয়ো নিৰ্দ্ধাৰিত
চাহৰ দোকানলৈ আহিল। আফছাৰে কোৱা ধৰণেই নিৰোদ চাহ দোকানত ৰৈ আছিল।
আফছাৰক দেখি নিৰোদ উৎসাহিত হৈ উঠিল- আহ
আহ, তোৰ কাৰণেই ৰৈ
আছোঁ।
আফছাৰে নিজৰ কিতাপৰ লগতে নজৰুলৰ কিতাপো
মেনেজাৰৰ ওচৰত থকা ৰেকত থ’লে।
নিৰোদে হাত ঘড়ীটোলৈ চাই ক'লে- বহু সময় আছে। চাহ-পানী ইয়াৰ পৰাই
খাই যাওঁ ৰ’। এইদৰে কৈয়ে সি
নজৰুললৈ চাই ক'লে-
ইয়ো চাব নেকি?
চাব ৷ আফছাৰে ক'লে- ৰাতি অকলে যাবলৈ ভয় লাগে কাৰণে লৈ
আহিলোঁ।
ভালেই কৰিছ। নিৰোদে উৎসাহেৰে ক'লে- চাব লাগে ৷ চালে জ্ঞান বাঢ়ে। লগতে
স্ফূর্তিও হয়। এইদৰে কৈয়ে নিৰোদে তিনিকাপ চাহৰ অৰ্ডাৰ দিলে।
চাহ খাই তিনিও চিনেমা হললৈ বুলি ওলাই
আহিল ৷
চিনেমা হলৰ সন্মুখত বহুলোকৰ ভিৰ। যেন
কিবা উৎসাৱহে চলিছে ঠাইডোখৰত ৷ মাইকত হিন্দী গীতৰ কলি গমগমাই বাজি আছিল ।
ঠেলা-হেঁচা, চিঞৰ
বাখৰত মুখৰ হৈ আছিল ঠাইডোখৰ ৷
কাউণ্টাৰৰ সন্মুখত ভিৰ অধিক।
ঠেলা-হেঁচা, চিঞৰ-বাখৰো
বেছি। নিৰোদে ভিৰ ঠেলি গৈ তিনিটা টিকট লৈ আহিল।
তিনিও চিনেমা হলৰ ভিতৰলৈ সোমাই গ'ল। এটা সময়ত চিনেমাও আৰম্ভ হ'ল ।
নজৰুলে দৃশ্যবোৰ চাই অভিভূত হৈ পৰিল।
হাঁহি, গান, কথা-বতৰা, চাল-চলন ইমানেই বাস্তৱ যে সেইবোৰ যে
ফটো ভাবিবলৈকে টান পালে সি। তিনি ঘণ্টা সময় চকুৰ পচাৰতে কেনেকৈ পাৰ হৈ গ'ল সি গমেই নাপালে।
চিনেমা শেষ হোৱাৰ পাছত দৰ্শকবোৰ
হাই-উৰুমি কৰি হলৰ পৰা ওলাবলৈ ধৰিলে। কিন্তু নজৰুলৰ যেন সেই ফালে ভ্রূক্ষেপেই নাই
৷ অভিভূতৰ দৰে সি নিজৰ আসনতে বহি থাকিল ।
আফছাৰে মাতিলে- উঠ, চিনেমা শেষ।
আফছাৰৰ মাতত সম্বিত ঘূৰাই পাই নজৰুলে
অভিভূতৰ দৰে বাহিৰলৈ ওলাই আহিছিল।
সেয়াই আছিল আৰম্ভণী। সিদিনাৰ পৰা সি
নিয়মিত ভাৱে চিনেমা চাবলৈ আৰম্ভ কৰিলে। কলিকতীয়া যাত্রাদল আহিলে প্রায় প্রতিখন
নাটকেই চোৱা হ'ল
সি। চিনেমা নাটকৰ বহু সংলাপো তাৰ মুখস্থ হৈ গ'ল। সংলপবোৰ সি নিখুঁতভাৱে গাব পৰাও হ'ল। এটা সময়ত সি চিনেমা যাত্ৰা চোৱাত আফছাৰতকৈও এখোপ চৰা হৈ পৰিল ৷
ঠিক এনেকুৱা এটি সময়তে নজৰুলৰ
জীৱনকাশত শুকতৰাৰ দৰে উদয় হ'ল
আকমলৰ বিধবা স্ত্রী আফৰোজা। ফলত কাঁচঘৰৰ দৰে ভাঙি থানবান হৈ গ'ল তাৰ সপোনৰ কাৰেংঘৰ ৷
সংসাৰত এনেকুৱা কিছুমান নাৰী আছে
যিসকলৰ কেতিয়াও দৈহিক ভোকৰ পৰিতৃপ্তি নহয়। প্রেম, ভালপোৱা, আপত্য
স্নেহ, মান সন্মানৰ
কোনো মূল্য নাই সেইসকল নাৰীৰ ওচৰত। দৈহিক ভোকেই সিহঁতৰ ওচৰত মুখ্য। প্ৰেম-ভালপোৱা
মানৱতা অর্থহীন তুচ্ছ কথা।
আফৰোজাও ঠিক তেনে জাতীয় নাৰী আছিল।
জৈৱিক ভোক পৰিতৃপ্তিৰ বাবেই তাই এটা ল'ৰা, এজনী
ছোৱালী আৰু নিজৰ স্বামী এৰি থৈ আকমলৰ লগত পলাই আহিবলৈও কুণ্ঠাবোধ কৰা নাছিল।
সেয়াও আছিল এক মর্মান্তিক কাহিনী।
আকমল কম শ্বেখৰ প্ৰথম সন্তান। বহু
আশাৰে দেউতাকে তাক স্কুলত পঢ়িবালৈ দিছিল। কিন্তু সি নপঢ়িলে । ক্লাছ নাইনলৈকে
পঢ়ি সি পঢ়িবলৈ এৰি ব্যৱসায়ত লাগিল। কিন্তু ব্যৱসায়ত সফল হ'ব নোৱাৰিলে। এবছৰত সি বহু টকা লোকচান
কৰিলে । গতিকে দেউতাকে এদিন তাক মাতি ক'লে- তই ব্যৱসায় কৰাৰ দৰ্কাৰ নাই। পূৰ্বপুৰুষৰ বৃত্তিকে ধৰ । কৃষি
কৰ্ম কৰিলেই দুবেলা দুমুঠি খাই-বই জীয়াই থাকিব পাৰিবি৷
আকমলে দেউতাকৰ কথাৰ কোনো উত্তৰ নিদি
নীৰৱ প্ৰতিবাদৰ দৃষ্টিত দেউতাকৰ ফালে চাই তলমূৰ কৰিলে ।
আকমলক মনে মনে থকা দেখি দেউতাকে দৃঢ়
কণ্ঠত ক'লে – কাইলৈ মালবোৰ হিচাপ কৰি মহাজনক দি
দিবি। টকা তই আনিব নালাগে। মই গৈ লৈ আহিম। এই বিষয়ে ইতিমধ্যে মহাজনৰ লগত মই
আলোচনা হৈছোঁ ৷
এইদৰে কৈ আকমলৰ উত্তৰলৈ অপেক্ষা নকৰি
কম শ্বেখ হোকা হুপিবলৈ ধৰিলে।
দেউতাকৰ সিদ্ধান্তত আহত হৈ আকমল লাহে
লাহে ঘৰৰ পৰা ওলাই আহিল ৷
এয়া দেশ স্বাধীন হোৱাৰ পাছৰ ঘটনা।
কেইদিনমান আগতে বিধান সভাৰ নিৰ্বাচন হৈ গৈছিল। উক্ত নিৰ্বাচনত আকমলে কংগ্ৰেছৰ হৈ
কামো কৰিছিল ৷ তাৰ ৰাজনৈতিক গুৰু আছিল কলবাৰীৰ ৰহিম শিকদাৰ । গতিকে সি পাছদিনা
ৰহিম শিকদাৰৰ ওচৰলৈ গৈ নিজৰ দুৰৱস্থাৰ কথা জনালে।
ৰহিম শিকদাৰে সকলো কথা শুনি ক’লে- তুমিতো কিছু লিখা-পঢ়াও শিকিছা।
তুমি নহ'লে এটা কাম কৰা।
তাৰাবাৰীৰ পাহাৰ খাঁন মোৰ বন্ধু মানুহ। তেওঁ তাৰাবাৰী সমষ্টিৰ এম এল এ। মই চিঠি এখন লিখি দিওঁ তুমি
তেওঁৰ ওচৰলৈ যোৱা। তেওঁ তোমাক কিবা এটা কামত লগাই দিব পাৰে নেকি চেষ্টা কৰি চোৱা গৈ ।
অসমৰ ৰাজধানী তেতিয়া ছিলঙত । ৰহিম
শিকদাৰৰ পৰামৰ্শমতে আকমলে দোকানৰ মাল বিক্ৰী কৰি পোৱা তিনিশ টকা লৈ ছিলঙলৈ আহিল।
পাহাৰ খাঁনক লগ ধৰি সি ৰহিম শিকদাৰে দিয়া চিঠিখন দিলে।
পাহাৰ খাঁনে আকমলক আশ্বাস দি ক'লে- বাৰু, তুমি কেইদিনমান থাকা। মই তোমাৰ কিবা
এটা ব্যৱস্থা কৰি দিব পাৰো নেকি চেষ্টা কৰি চাও ৷
পোন্ধৰ দিন পাছতো আকমলৰ চাকৰিৰ
ব্যৱস্থা নহ'ল৷
ইফালে টকাও শেষ হৈ আহিল। সেয়ে সি পাহাৰ খাঁক লগ ধৰি চাকৰিৰ বিষয়ে সুধিলে। পাহাৰ
খাঁই ক’লে- তোমাৰ কাৰণে
বহু চেষ্টা কৰিলো । কিন্তু বৰ্তমান ক’তো তোমাৰ জোখাৰে পোষ্ট খালী নাই। তুমি এতিয়া ঘৰলৈ যোৱাগৈ। পুনৰ
এমাহমান পাছত আহি খবৰ কৰিবা ৷
এমাহমান পাছত অহাৰ কথা শুনি চাকৰিৰ আশা
বাদ দি ঘৰলৈ অহাৰ সিদ্ধান্তলৈ এদিন সন্ধিয়া সি হোটেল মালিকক ক'লে- কাইলৈ মই ঘৰলৈ যাম। আপুনি মোৰ বিল
হিচাপ কৰি ৰাখিব ৷
হয় নেকি! থম বাৰু। আকমল চাকৰিৰ কাৰণে
অহাৰ কথা হোটেল মালিকে জানিছিল। সেয়ে সি এইদৰে কৈ ক'লে- পিচে, তোমাৰ চাকৰিৰ ব্যৱস্থা হ'ল নেকি?
নাই নহ'ল। বর্তমান হেনো পোষ্ট ভেকেণ্ট নাই। পোন্ধৰ বিছদিন মান পাছত পুনৰ
আহিবলৈ দিছে।
চাকৰি-বাকৰিৰ কথা লাগি থাকিবই লাগিব।
পিচে,পাছৰ বাৰ আহোঁতে
পাৰিলে মোৰ কাৰণে এজন লিখা-পঢ়া জনা মানুহলৈ আহিবাচোন ৷ বয়সো হ'ল৷ আগৰ দৰে খাটিবও নোৱাৰা হৈছো। গতিকে
সহায়ৰ কাৰণে মেনেজাৰ এজন লাগে। হোটেল মালিকে ক’লে।
মেনেজাৰৰ কথা শুনি আকমলৰ মনত এটা
বুদ্ধি খেলালে । সি নিজেই দেখোন মেনেজাৰ হৈ থাকিব পাৰে! ঘৰলৈ গ'লে দেউতাকে পুনৰ আহিবলৈ নিদিবও পাৰে।
তদুপৰি ছিলঙত থাকিলে মাজে-সময়ে চাকৰিৰ খবৰো লৈ থাকিব পাৰিব। চাকৰি হ'বনে নহয় তাৰো একো ঠিক নাই। গতিকে
পেটৰটোতকৈ কোলাৰটোৰ কথা ভবাই ভাল ৷ এইদৰে মনতে ভাবি সি ক’লে- মোক নাৰাখে কিয় । কাম পালে ময়ে
থাকি যাম।
থাকা যদি থাকিব পাৰিবা । কাইলৈৰ পৰাই
কামত যোগদান কৰা । দৰমহা হ'লে
বেছি দিব নোৱাৰিম। সৰু হোটেল। কোনোমতে পেটে ভাতে চলি আছোঁ দিয়াচোন।
দৰমহাৰ কথা ভাবিব নালাগে। থকা-খোৱাৰ
সুবিধা পাম যেতিয়া হাত খৰচৰ কাৰণে কিবা এটা দিলেই হ'ব।
পাছদিনাৰ পৰাই আকমলে হোটেলৰ কামত যোগদান
কৰিলে।
হোটেলৰ মালিকৰ নাম মোবাৰক। ঘৰ নগাওঁ
জিলাত। প্রথম পক্ষৰ স্ত্ৰীৰ মৃত্যুৰ পাছত বৃদ্ধ বয়সত দ্বিতীয় বিয়া কৰাইছে।
প্রথম পক্ষৰ পাঁচটা ল'ৰা
আৰু দুজনী ছোৱালী। আটায়ে বিয়া বাৰু হৈছে। দ্বিতীয় পক্ষৰ এজনী ছোৱালী আৰু এটা ল'ৰা। ছোৱালীৰ বয়স সাত আৰু ল'ৰাৰ বয়স চাৰি বছৰ। প্ৰথম পক্ষৰ ল'ৰা কেইটাৰ লগত দ্বিতীয় পক্ষৰ স্ত্ৰী
আফৰোজৰ সদায় উখনা-উখনি লাগি থকাত নিজৰ ভাগৰ মাটি- বাৰী বিক্ৰী কৰি তেওঁ ছিলঙলৈ
আহি হোটেলখন কৰি খাই বই আছে।
কিছুদিনৰ ভিতৰতে নিজৰ নিষ্ঠা ও কর্ম
দক্ষতাৰে আকমল মোবাৰকৰ প্রিয়ভাজন হৈ উঠিল। মোবাৰকে হোটেলৰ সকলো দায়িত্ব আকমলৰ
ওপৰত এৰি দি তেওঁ মাথোন কেচ বাকচ লৈ বহি থকা হ'ল । ফলত হোটেলৰ বজাৰ-সমাৰৰ লগতে ঘৰৰ বজাৰ-সমাৰৰ দায়িত্বও আকমলৰ ওপৰত
পৰিল।
মোবাৰকৰ পৰিয়ালটো দুই তিনি ফার্লং
আঁতৰত ভাড়াঘৰ এখনত থাকে। গতিকে বজাৰ-সমাৰ কৰি হোটেলৰ বজাৰ হোটেলত থৈ নিতৌ সন্ধিয়া
আকমলে ঘৰৰ বজাৰ দি আহিব লাগে।
মোবাৰকৰ স্ত্ৰী আফৰোজা যুৱতী । মাথোন
দুটা সন্তানৰ মাতৃ । বয়স পঁচিশ-ছাব্বিশ। ইফালে মোবাৰক বৃদ্ধ । বয়স ষাঠিৰ ওপৰত।
বয়সৰ এই তাৰতম্যৰ ফলত আফৰোজা জৈৱিক ভোকত চাটি-ফুটি আছিল। সেয়ে সঘনে দেখা সাক্ষাৎ
হোৱাৰ ফলত কিছুদিনৰ ভিতৰতে সবল সুঠাম ডেকা আকমলৰ লগত আফৰোজাৰ অবৈধ সম্বন্ধ গঢ় লৈ
উঠিল। আফৰোজা আকমলৰ প্ৰতি শেষ মুহূৰ্ত্তত ইমানেই আকৃষ্ট হৈ পৰিল, যে এদিন তাই ল'ৰা-ছোৱালীহাল থৈ আকমলৰ লগত পলাল।
আকমল আফৰোজাকলৈ ঘৰলৈ আহিল। হঠাৎ বাধ্য হৈ
বিয়া কৰি পেলাইছে বুলি সি মাক-দেউতাকক জনালে। পুতেকৰ কাণ্ড দেখি কৰম
শ্বেখ ক্ষোভ অপমানত অস্থিৰ হৈ উঠিল। বিয়াখন মানি ল'বলৈকে সি অস্বীকাৰ কৰিলে। শেষত মানুহৰ বুজনিত কিছু প্রকৃতিস্থ হৈ
বিয়াখন মানি ল'লে
যদিও বোৱাৰীৰ বয়সলৈ চাই বিয়াৰ আঁৰত কিবা গভীৰ ৰহস্য আছে বুলি সি মনে মনে
সন্দিহান হৈ থাকিল ।
দুমাহ পাছতে কম শ্বেখৰ সন্দেহ
ফলিয়ালে। বিয়াৰ প্ৰকৃত ৰহস্য ওলাই পৰিল ।
দুমাহ পাছত মোবাৰক ল'ৰা-ছোৱালীহাললৈ আফৰোজাক বিচাৰি কৰ্ম
শ্বেখৰ ঘৰ পালেহি। ল'ৰা-ছোৱালীহালে
‘মা মা’বুলি আফৰোজাক সাৱটি ধৰি কান্দিবলৈ
ধৰিলে।
দৃশ্যটো দেখি কৰম শ্বেখ স্থিৰেৰে থাকিব
নোৱাৰিলে । সি আকমল আৰু আফৰোজাক তিৰস্কাৰ কৰি ক'লে- তহঁত ইমানেই পাপিষ্ঠ নে ? নৰকতো তহঁতৰ ঠাই নহ'ব।
এইদৰে তিৰস্কাৰ কৰিয়ে সি আফৰোজাক উদ্দেশ্য কৰি ক'লে- এনেকুৱা ফুলকুমলীয়া ল'ৰা-ছোৱালীহাল এৰি থৈ তুমি আহিলা কেনেকৈ? বাৰু যি হ'বৰ হৈছে, এতিয়া তুমি গিৰিয়েৰাৰ লগত ঘৰলৈ যোৱাগৈ।
কিন্তু আফৰোজাই মোবাৰকৰ লগত যাবলৈ
অস্বীকাৰ কৰিলে । কৰম শ্বেখৰ লগতে আন বহুতেই আফৰোজাক আগৰ গিৰিয়েকৰ লগত যাবলৈ
পৰামৰ্শ দিলে; কিন্তু
সেই পৰামৰ্শ অৰণ্যৰোদনত পৰিণত হ'ল ৷
ক্ষোভ, অপমান, লাজত
বিধ্বস্ত মোবাৰক আফৰোজাক উদ্দেশ্য কৰি বাষ্পাৰুদ্ধ কণ্ঠত ক’লে- তোমাক মোৰ প্ৰয়োজন নাই । নিষ্পাপ
ল'ৰা-ছোৱালীহালৰ
কথা চিন্তা কৰিহে নিলৰ্জৰ দৰে তোমাক নিবলৈ আহিছিলোঁ। তুমি গুচি অহাৰ পাছৰে পৰা ল'ৰাটোৱে সদায় মোক তোমাৰ কথা সুধি
ব্যতি-ব্যস্ত কৰি থাকে। ছোৱালীজনী অৱশ্যে কিছু বুজিবপৰা হৈছে। ল'ৰাটোৰ কথা ভাবিয়ে তোমাক নিবলৈ
আহিছিলোঁ ৷ কিন্তু তুমি মোৰ লগত যাবলৈ সন্মত নহ'লা ৷ ভালেই কৰিলা। সুখী হোৱা ৷ এইদৰে কৈ ল'ৰাটোক কোলাত লৈ ক'লে- ব’লা, এই
পাষাণীৰ হিয়া নগ'লে
৷ আজিৰ পৰা তহঁতৰ মাৰ মৰিল বুলি ধৰি ল'।
এইদৰে ক্ষোভ প্রকাশ কৰি মোবাৰক অৱশেষত
ল'ৰা-ছোৱালীহাললৈ
ভগ্ন হৃদয়েৰে গুচি গ'ল।
কালস্য কুটিল গতি। ল'ৰা-ছোৱালী হালৰ হাহাকাৰ অথবা মোবাৰকৰ
অভিশাপৰ ফলতে হওঁক নাইবা নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ ফলতে হওঁক এই ঘটনাৰ পাঁচ বছৰ
পাছত মেলেৰীয়া হৈ আকমল ঢুকাল । ইতিমধ্যে সিহঁতৰ বৈবাহিক জীৱনৰ সাক্ষী হিচাপে এটা
ল'ৰা আৰু এজনী
ছোৱালী জন্ম হৈছিল। ল'ৰা-ছোৱালীহাল
লৈ আফৰোজা বিধবা হ'ল।
আকমলৰ মৃত্যুৰ ছমাহ পাছৰ ঘটনা । আকমলৰ
মাকক লৈ সিদিনা কৰম শ্বেখ জোঁৱাইৰ ঘৰলৈ গৈছিল। ল'ৰা-ছোৱালীহাললৈ আফৰোজা সিদিনা ঘৰখনত অকলেই আছিল।
বংগীয় মূলৰ ধৰ্মান্তৰিত মুছলমান
পৰিয়ালত তেতিয়া প্ৰায়ভাগৰে ঘৰত কোঠালিৰ ব্যৱস্থা নাছিল। প্ৰতিজন বিবাহিত পুৰুষ
সদস্যৰ কাৰণে একোটাকৈ ঘৰৰ ব্যৱস্থা আছিল। ল'ৰাৰ বয়স দহ বাৰ মান হ'লে চৰাঘৰত থাকিবলৈ দিয়া হৈছিল। তাত তেওঁলোকে কামলা-চাকৰৰ লগত
থাকিছিল। বহুতে মাজত বেৰ দি ল'ৰা
বা লজিঙৰ কাৰণে আছুতীয়া কোঠালি বনাই দিছিল । ছোৱালীবিলাক অলপ বুজিবপৰা হ'লে মাক-দেউতাকৰ ঘৰটোত বেৰ দি আছুতীয়া
কোঠালিত থকাৰ ব্যৱস্থা কৰি দিছিল। ওচৰে-পাজৰে বিদ্যালয় থকা পৰিয়ালৰ বহুতে
তেতিয়া লজিং ৰাখিছিল আৰু তেওঁলোকক চৰাঘৰত মাজত বেৰ দি থাকিবলৈ দিছিল । উপৰোক্ত
হিচাপত অৱস্থা সম্পন্ন গৃহস্থৰ প্ৰায় প্ৰত্যেকৰে পাঁচ ছয়টাকৈ ঘৰ আছিল।
এই হিচাপত কম শ্বেখৰ ঘৰখনত সৰু-বৰ
পাঁচটা ঘৰ আছিল৷ তাৰে এটাত কম শ্বেখ, এটাত ল'ৰা-ছোৱালীহাললৈ
আফৰোজা আৰু আনটোত অর্থাৎ চৰাঘৰত নজৰুল থাকিছিল। চতুৰ্থটো পাকঘৰ আৰু পঞ্চমটো আছিল
গোহালী ঘৰ ।
ৰাতি ভাত-পানী খাই নজৰুল বিছনাত শুই
আপোন মনে বিড়ি হুপি আছিল। প্রায় ছমাহমান আগৰ পৰা সি বিড়ি হুপিবলৈ আৰম্ভ কৰিছে।
আফছাৰ আৰু নিৰোদেই তাৰ বিড়ি হোপাৰ গুৰু। প্ৰথমৱস্থাত অৱশ্যে সি বিড়ি হুপিবলৈ
আপত্তি কৰিছিল। কিন্তু আফছাৰ আৰু নিৰোদে তাক ‘একো নহয়' বুলি
জোৰ কৰি বিড়ি খুৱাইছিল। এদিন এক হোপা, আনদিনা দুই হেপা এনেকৈ বিড়ি হোপাটো তাৰ অভ্যাসত পৰিণত হৈ পৰিছিল।
অন্ততঃ ভাত কেইটা খোৱাৰ পাছত বিড়ি এডাল নহ'লেই নহয় তাৰ। গাটো ভাল নালাগে। মনটো উচপিচ্ কৰে ৷ মুখখন টেঙা টেঙা
লাগে। বিড়ি নাথাকিলে আগতে খাই পেলাই দিয়া অ'ত ত'ত
পৰি থকা বিড়িৰ টুকুৰা বুটলি আনি হুপে। অৰ্থাৎ তাৰ নিচাটো একপ্ৰকাৰ গাঢ় হৈয়ে
উঠিছিল।
নজৰুলে বিড়ি হুপি থকা অৱস্থাতে আফৰোজা
ঘৰৰ ভিতৰলৈ সোমাই আহিল। ঘৰৰ ভিতৰত সোমাই তাই ধোঁৱা দেখি বতাহত শুঙি শুঙি ক’লে- এই ল’ৰা, এতিয়াই বিড়ি হুপিবলৈ আৰম্ভ কৰিছ?
আফৰোজাৰ মাতত নজৰুল চক্ খাই উঠিল। হাতৰ
আঙুলিৰে টিপা মাৰি সি বিড়িডাল নুমাই ধৰ্মহকৈ বিছনাত উঠি বহিল আৰু সন্মুখত আফৰোজাক
দেখি ভয়ত লেড-সেউ হৈ পৰিল।
সৰু ল'ৰাই বিড়ি হোপাটো তেতিয়াৰ দিনত খুবেই গর্হিত কাম বুলি গণ্য কৰা
হৈছিল। জ্যেষ্ঠজনৰ সন্মুখত বিড়ি হুপাটো আছিল দণ্ডনীয় অপৰাধ ৷ গতিকে বহুদিনৰ পৰাই
সি বিড়ি হুপিবলৈ আৰম্ভ কৰিছিল যদিও লুকাই-চুৰকৈহে হুপিছিল। ঘৰত প্ৰায়
নুহুপিছিলেই৷ ঘৰত থকা সময়খিনি সি ৰাস্তালৈ গৈ নাইবা পায়খানাত বহি হুপিছিল ।
সেয়ে কাৰো চকুত ধৰা পৰা নাছিল। বিড়ি হুপি থকা অৱস্থাত আফৰোজা সোমাই অহাত
হাতে-লোটে ধৰা পৰি সি সন্ত্ৰস্ত হৈ উঠিল। কৈফিযতৰ সুৰত ক'লে সি-নাই নাই, আচলতে মই বিড়ি নাখাওঁ । আফছাৰে বিড়ি
এডাল দিছিল। তাকেই হুপি আছিলোঁ।
আফৰোজাই ভীত সন্ত্ৰন্ত নজৰুললৈ চালে।
সবল সুঠাম দেহ। নাকৰ তলত উদ্ভিন্ন গোঁফৰ ৰেখা। মিহি সূতাৰ দৰে দাঢ়িৰ ৰেখাও ফুঠি
উঠিছে মুখমণ্ডলত। শৰীৰৰ ৰং উজ্জ্বল শ্যামবর্ণ। তৰুণ বয়সৰ তাৰুণ্যই চিমেণ্টৰ
পলেস্তৰাৰ দৰে এক চিকণ মসৃণতা সানি দেহটোক মোহময় কৰি তুলিছে। আফৰোজাই নজৰুলক সতৰ্ক
কৰিবলৈ আহিছিল, ঘৰত
কোনো পুৰুষ মানুহ নাই। গতিকে সি যেন জাগি থাকে । কোনো শব্দ হ’লে যাতে তাইক মাতে। কিন্তু নজৰুলক
বিড়ি হোপা দেখি তাই আচল উদ্দেশ্যৰ কথা পাহৰি গ'ল আৰু নজৰুলৰ সবল সুঠাম দেহলৈ লক্ষ্য কৰি ৰোমাঞ্চিত হৈ উঠিল। লগতে
তাইৰ ভাৱনাৰ গতি একাবেকা বাটত প্ৰৱাহিত হ'বলৈ ধৰিলে। জৈৱিক ভোকৰ তাড়নাত তাই অস্থিৰ হৈ উঠিল।
সেয়ে আফৰোজাই বিড়ি হোপা দেখি শাসন
কৰাৰ পৰিবৰ্ত্তে নজৰুলক অভয় দিবলৈ ক'লে- একো নহয়। পুৰুষ মানুহ। বিড়ি হুপিলে একো দোষ নহয় ৷ এইদৰে কৈ
তাই খন্তেক ভাবি ক'লে – তুমি ইটো ঘৰত অকলে থাকিবলৈ ভয় কৰিবা
নেকি?
নজৰুলে টপৰাই উত্তৰ দিলে- নাই নকৰোঁ ।
-
আফৰোজাই নিজৰ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ
কাৰণে ছলনাৰ আশ্ৰয় ল'লে।
কৃত্রিম ভয় প্রকাশ কৰি ক'লে
তাই- মোৰ বৰ ভয় লাগিছে অকলে থাকিবলৈ। সেয়ে তোমাক মাতিবলৈ আহিছোঁ। ব'লা তুমিও আমি থকা ঘৰটোতে থাকিবাহি।
নজৰুলে ভাবিছিল, বিড়ি হোপাৰ কাৰণে আফৰোজাই হয়তো তাক
তিৰস্কাৰ কৰিব; কিন্তু
তিৰস্কাৰৰ পৰিৱৰ্ত্তে প্রশ্রয় দিয়া দেখি সি আফৰোজাৰ প্ৰতি কৃতজ্ঞ হৈ উঠিল ।
আফৰোজাই অকলে থাকিবলৈ ভয় কৰাৰ কথা শুনি সি কোনো ধৰণৰ আপত্তি নকৰি দুৱাৰ বন্ধ কৰি
আফৰোজাৰ লগত ওলাই আহিল।
ঘৰটোত তক্তাৰে সজা এটা মাচিয়া।
মাচিয়াত কোনেও নুশুৱে। আফৰোজাই ল'ৰা-ছোৱালীহাললৈ
মাটিত শুৱে।
আফৰোজাই তাইৰ বিছনাৰপৰা অলপ আঁতৰত
নজৰুলৰ কাৰণে বিছনা পাৰি দিলে।
নজৰুল বিছনাখনত হাত বুলাই ঠিক-ঠাক কৰি
শুই পৰিল।
আফৰোজাই সুধিলে- অকলে ভয় কৰিবা নেকি?
নজৰুলে গাৰুৰ পৰা মূৰটো অলপ দাঙি ক'লে- নকৰোঁ। সিটো ঘৰত দেখোন মই অকলেই
থাকো ।
আফৰোজাই নজৰুললৈ উদাস দৃষ্টিত চাই
চাকিটো নুমাই ল'ৰা-ছোৱালীহালৰ
ওচৰত শুই পৰিল ।
কিন্তু তাইৰ চকুত টোপনি নাই। বাৰে বাৰে
চেষ্টা কৰিও তাই টোপনি যাবলৈ ব্যৰ্থ হ'ল। জৈৱিক ভোকৰ তাড়ণাত তাই চাটি-ফুটি কৰিবলৈ ধৰিলে। তাইৰ চকুৰ আগত
অতীতৰ বহু ৰঙীন প্ৰতিচ্ছবি ভাহি ফুৰিবলৈ ধৰিলে।
চাৰিটা সন্তানৰ মাতৃ তাই। কিন্তু যৌৱন
তেতিয়াও অক্ষত আছিল। আকমলৰ মৃত্যুৰ পাছত জৈৱিক ভোকে তাইক মাজে সময়ে অস্থিৰ কৰি
তুলিছিল যদিও ল'ৰা-ছোৱালীহালৰ
মুখলৈ চাই তাই নিজক সংযত কৰি ৰাখিছিল। কিন্তু নজৰুলৰ সবল সুঠাম দেহৰ আকৰ্ষণে তাইৰ
সেই সংযমৰ বান্ধ শিথিল কৰি পেলালে । তাইৰ চকুৰ টোপনি কাঢ়ি নিলে। তাই নিজক সংযত
কৰি ৰাখিব নোৱাৰা হ'ল।
জৈৱিক ভোকৰ তাড়ণাত তাই অস্থিৰ উঠিল। শোৱাৰ পৰা উঠি চাকি জ্বলাই তাই নজৰুলৰ ফালে
দৃষ্টি প্ৰসাৰিত কৰিলে৷ নজৰুল তেতিয়া নিশ্চিন্ত মনে শুই আছিল।
লাহে লাহে বগুৱা বাই তাই নজৰুলৰ বিছনাৰ
কাষলৈ আহিল। ষোল্ল-সোতৰ বছৰীয়া নিষ্পাপ কিশোৰ নিশ্চিন্ত মনে শুই আছে আৰু
উশাহ-নিশাহৰ তালে তালে তাৰ বুকু উঠা-নমা কৰি আছে ।
নজৰুলৰ বুকুৰ তালে তালে আফৰোজাৰ কামনাৰ
গতিও উঠা-নমা কৰিবলৈ ধৰিলে। কিন্তু নিষ্পাপ কিশোৰ এজনক ধ্বংসৰ মুখলৈ ঠেলি দিয়াটো
জানো উচিত হ'ব!
তাইৰ জানো পাপ নহ'ব? কিন্তু পাপ কি? পাপৰ সংজ্ঞা কি? নিজৰ প্ৰয়োজনীয় বস্তু বিচৰাটো জানো পাপ? তাইৰ এজন পুৰুষৰ সংগ প্ৰয়োজন। নজৰুল
পুৰুষ। সেয়ে তাইৰ নজৰুলৰ সংঘ প্ৰয়োজন। ইয়াত আকৌ পাপ-পুণ্যৰ পাপৰ প্ৰশ্ন ক'ত ?
এইদৰে ভাবি আফৰোজাই নিজক দৃঢ় কৰি লৈ
হাতৰ আঙুলিৰে টিপা মাৰি চাকিটো নুমাই নজৰুলৰ গাত হাত বোলাবলৈ ধৰিলে।
আফৰোজাৰ আলফুল হাতৰ পৰশত নজৰুল সাৰ পাই
উঠিল । সি আফৰোজাৰ হাতখন ধৰি ভয়ার্ত কণ্ঠত চিঞৰি উঠিল- কোন ? কোন ইয়াত?
আফৰোজাই হাতৰ তলুৱাৰে নজৰুলৰ মুখত সোপা
দি ক'লে- ভয় নাই, মইহে। চিঞৰিলে ল'ৰা-ছোৱালীহাল সাৰ পাব ।
নজৰুলে আফৰোজাৰ কণ্ঠস্বৰ চিনিব পাৰি ক'লে- আপুনি ইয়াত কি কৰিছে ?
টোপনি অহা নাই। ভয়ো লাগি আছে। গতিকে
তোমাক জগাবলৈ আহিছোঁ। এইদৰে আভুৱা-ভাঁৰি তাই কৃত্রিম অভিযোগৰ সুৰত ক’লে- মই গাত হাত দিয়াৰ লগে লগে তুমি
দেখোন ভয়ত একেবাৰে চিঞৰি উঠিলা। পুৰুষ মানুহ হৈ ইমান ভয় কৰিব লাগে নেকি? ভয়াতুৰ ক'ৰবাৰ! এইদৰে কৈ আফৰোজাই নজৰুলৰ গাত
ঠেলা মাৰিলে ৷
বয়সতকৈ নজৰুলৰ মন ইতিমধ্যে বহু পূৰঠ
হৈ উঠিছিল। সি নাটক, চিনেমা
চোৱা ল'ৰা। নাটক, চিনেমাত সি অশ্লীল বহু দৃশ্য প্রত্যক্ষ
কৰিছে। নাৰীৰ প্ৰতি এক সহজাত আকর্ষণো তাৰ দেহ-মনত ইতিমধ্যে সৃষ্টি হৈছে। ধুনীয়া
ছোৱালী বা তিৰোতা দেখিলে সি সময় সুযোগ বুজি লুকাই-চুৰকৈ সেই সৌন্দর্য্যও উপভোগো
কৰে ৷
আফৰোজাৰ গাৰ পৰা এটা মিঠা গোন্ধ আহি
নজৰুলৰ নাকত লাগিল। সেই গোন্ধে তাৰ দেহত এক ধৰণৰ শিহৰণ জগাই তুলিলে। আফৰোজাই যে
তাইৰ ৰূপৰ পোহাৰ তাক উপহাৰ দিব খুজিছে এই কথা সি কিছু পৰিমাণে হ'লেও উপলব্ধি কৰিব পাৰিলে। কিন্তু সি
চক্ষু লজ্জাৰ
কাৰণে ক'লে- যাওঁক শুই
থাকক গৈ। ৰাতি বহু হৈছে।
বৰ ভয় লাগি আছে । বিছনাটো তোৰ বিছনাৰ
কাষলৈ আনি শোৱাৰ কথা ভাবিছো। তাত শুলে মোৰ টোপনি নহ'ব। এইদৰে কৈয়ে আফৰোজাই নিজৰ বিছনাখন টানি আনি নজৰুলৰ বিছনাৰ লগত লগ
লগাই শুই পৰিল ৷
সিদিনাৰ পৰা নজৰুল অধঃপতনৰ পংকিল
আবৰ্তত সোমাই পৰিল আৰু আফৰোজাৰ কামনাৰ জুইত চগাৰ দৰে জাহ গ'ল ৷ ফলত সি দেহৰ লগতে মানসিক ভাবেও
দুৰ্বল হৈ পৰিল। এদিন কথাটো কম শ্বেখৰ চকুত ধৰা পৰিল। কৰম শ্বেখে তাক বিশেষ একো নকৈ
নিৰ্বিকাৰভাৱে মাথোন ক’লে-
তুমি ঘৰলৈ যোৱাগৈ। তোমাক আৰু আমাৰ ঘৰত ৰাখিব নোৱাৰিম ।
নজৰুলে কম শ্বেখৰ কথাৰ অৰ্থ বুজিব
পাৰিলে । সেয়ে সি কোনো ধৰণৰ প্ৰতিবাদ নকৰি ঘৰলৈ গুচি আহিল। অহাৰ সময়ত সি তাৰ
কিতাপবোৰ আফছাৰৰ ওচৰত থৈ কৈ আহিল- কিতাপবোৰ তুমি কাৰোবাৰ হাতত পঠাই দিবা, নহ'লে পাৰিলে তুমিয়ে লৈ যাবাহি।
আফছাৰেও ঘটনাটো জানিছিল। সেয়ে সি
উপদেশৰ সুৰত ক'লে-
তোৰ এনেকুৱা অধঃপতন হ'ব
বুলি মই ভবা নাছিলোঁ । বাৰু, হ’বৰ হৈ গ'ল। সেই বুলি পঢ়িবলৈ এৰি নিদিবি। বেলেগ ক'ৰবাত ভৰ্ত্তি হৈ হ'লেও লিখা-পঢ়া কৰিবি ৷
নজৰুলে ঘটনাৰ গুৰুত্ব উপলব্ধি কৰিব
পাৰি হুমুনিয়াহ কাঢ়ি ক’লে-
কিন্তু ঘৰখনে এই কথা জানিলে মুখ দেখুৱাম কেনেকৈ? মোৰ আত্মহত্যা কৰিবলৈকে মন গৈছে।
নিজক মানসিকভাৱে দৃঢ় কৰি লেখা-পঢ়াত
মনযোগ দিলে এইবোৰ কথা পাহৰি যাবলৈ সময় নালাগিব। ভুল কৰিলে ভুলৰ শোধৰণিও আছে।
এইবোৰ কথা পাহৰি পুনৰ লেখা-পঢ়াত মনযোগ দিয়ে তই এই ভুলৰ শোধৰণি কৰিব লাগিব।
আফছাৰে উপদেশৰ সুৰত ক'লে
৷
তোৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰিম।
এনেতে বাছ আহিল। আফছাৰৰপৰা বিদায়লৈ
নজৰুল বাছত উঠি বহিল।
** ** **
মানসিক ভাবে ক্ষত-বিক্ষত হৈ নজৰুল ঘৰলৈ
আহিল। সি ঘৰলৈ অহাৰ এসপ্তাহ পাছত আফছাৰে তাৰ কিতাপলৈ আহিল আৰু কিতাপলৈ অহাৰ দিনাই
মহচীন হাজীৰ জীৱনলৈ এক দুর্যোগ নামি আহিল ৷
আফছাৰে নজৰুলৰ কিতাপ লৈ অহা দেখি
নুৰলহকে সুধিলে- কিতাপ লৈ আহিলা যে! পৰীক্ষা হৈ গ'ল নেকি?
আফছাৰে সেমেনা-সেমেনি কৰি ক'লে- নাই মানে পৰীক্ষালৈ দুমাহ বাকী আছে
।
তেনেহ'লে......নুৰল হকে সংশয় মিহলি কণ্ঠত সুধিলে।
আফছাৰে ঘটনাটো থুলমূলকৈ ভাঙি পাতি কৈ ক'লে- আচলতে এই ক্ষেত্ৰত নজৰুলৰ বিশেষ
দোষ নাই । আকমল কাইৰ ঘৈণীয়েকেই ইয়াৰ বাবে মূলতঃ দায়ী। নজৰুলক এই বিষয়ে একো নক'ব। সি বর্তমান মানসিকভাৱে খুবেই
বিধ্বস্ত হৈ পৰিছে।
নুৰলহকে চেষ্টাকৃত গাম্ভীৰ্য্যতা আনি
দুঃখ ও বিদ্রূপ মিহলি কণ্ঠত ক’লে-
এটা তাল কেতিয়াওঁ নাবাজে বুজিলা?
দোষ নজৰুলৰো আছে। তুমি কৈছা যেতিয়া একো নকওঁ বাৰু। কিন্তু তাক
সাৱধান কৰি দিবা, এনেকুৱা
ভুল যাতে পুনৰ নকৰে৷
আফছাৰৰ অনুৰোধ মৰ্মে নুৰ্লহকে কথাটো
গোপনেই ৰাখিব খুজিছিল; কিন্তু
ৰাখিব নোৱাৰিলে। কদভানুই বাৰে বাৰে পেঘেনিয়াই থকা দেখি শেষ মূহুৰ্তত সি তাইক
কথাটো ক'বলৈ বাধ্য হ'ল। সি ঘৈণীয়েকক কথাটো কোৱাৰ সময়ত
পুতেক শ্বফিক ওচৰতে আছিল।সৰু ল'ৰা বুলি কোনেও তাক গুৰুত্ব দিয়া
নাছিল।
শ্বফিকে কথাটো শুনি দৌৰি গৈ আতাকক কৈ
দিলে- আতা আতা, খুৰাই
হেনো নপঢ়ে।
মহচীন হাজীয়ে নামাজ পঢ়ি মছজিদৰ
সন্মুখত বহি আছিল, শ্বফিকৰ
মুখত কথাটো শুনি তেওঁ কৌতুহলী কণ্ঠত সুধিলে- কোনে ক'লে ?
দেউতাই মাৰ ওচৰত কৈছে।
বোৱাৰীৰ ওচৰত? কেতিয়া ?
এইমাত্র শুনি আহিলোঁ।
কথাটো শুনি মহচীন হাজী উত্তেজিত হৈ
উঠিল আৰু কথাটোৰ তলা-নলা পাবলৈ ব্যস্ত হৈ উঠিল। তেওঁ উত্তেজিত কণ্ঠত বোৱাৰীয়েকক
ৰিঙিয়াই মাতিলে- বোৱাৰী, এইফালে
অকণমান আহিবাচোন।
নুলহক আৰু কদভানুই নজৰুলৰ সম্পৰ্কেই
আলোচনা কৰি আছিল। মহচীন হাজীৰ উত্তেজিত কণ্ঠৰ মাত শুনি দুয়ো সচকিত হৈ উঠিল।
মহচীন হাজী মানুহজন গুৰু-গম্ভীৰ। বিশেষ
কাৰণ নহ'লে উত্তেজিত
নহয়। গতিকে তেওঁৰ কণ্ঠস্বৰত উত্তেজনাৰ আভাস পাই কদভানু চমকি উঠিল। তাই প্ৰশ্নবোধক
দৃষ্টিত নুৰুলহকলৈ চালে।
নুৰুলহকে ক’লে- যোৱাচোন, কি কয় শুনি আহাগৈ।
কিন্তু নজৰুলৰ বিষয়ে যদি কিবা সোধে
তেতিয়া কম ?
নজৰুলৰ বিষয়ে জানিব কেনেবাকৈ? মই তোমাৰ বাহিৰে দেখোন কাকো কোৱা নাই
কথাটো।
যদি কেনেবকৈ জানি থাকে?
জানিছে যদি জানিছেই। কিন্তু তুমি একো
নক’বা নজৰুলৰ
বিষয়ে। যি ক'ব
লাগে মই ক'ম।
বিচলিত ভাৱে কদভান মহচীন হাজীৰ ওচৰলৈ
আহি সুধিলে- মোক মাতিছিল দেউতা?
অ' মাতিছোঁ। পিছে, কোৱাচোন
কথাটো কি? মহচীন
হাজীয়ে সকৰুণ দৃষ্টিত কদভানুলৈ চাই সুধিলে।
কদভানুই মহচীন হাজীৰ প্ৰশ্নৰ অৰ্থ
আংশিকভাৱে উপলব্ধি কৰিব পাৰিলে যদিও নুবুজাৰ ভাওজুৰি অদ্ভুত ও সন্দিগ্ধ দৃষ্টিত
মহচীন হাজীলৈ চাই সুধিলে- কি কথা দেউতা?
নজৰুলে হেনো নপঢ়ে? মহচীন হাজীয়ে পোনপটীয়াভাৱে সুধিলে।
কোনে ক'লে আপোনাক?
মহচীন হাজীয়ে ওচৰতে থিয় দি থকা
শ্বফিকলৈ আঙুলিয়াই ক'লে-
এওঁৰ পৰা শুনিলোঁ। নুৰলহকে হেনো তোমাক কথাটো কৈছে? নাই নাই, পঢ়িব।
আঠিয়াবাৰীত হেনো নপঢ়ে। কদভানুই আভুৱা-ভাঁৰিলে।
আঠিয়াবাৰীত নপঢ়ে মানে? কি হৈছে?
মহচীন হাজীৰ দৃঢ় কণ্ঠৰ প্ৰশ্নত কদভানু
অপ্রস্তুত হৈ পৰিল। সেয়ে তাই সেমেনা-সেমেনি কৰি ক'লে- কিবা হেনো কেলেংকাৰী হৈছে।
কেলেংকাৰী ? কাৰ? নজৰুলৰ নেকি? মহচীন
হাজীয়ে উৎকণ্ঠিত ও বিধবস্ত কণ্ঠত সুধিলে।
কদভানুই অপ্রস্তুতভাৱে মাথোন মূৰ
দুপিয়ালে।
কেলেংকাৰী? কি কেলেংকাৰী? মহচীন হাজীয়ে উদ্ভ্রান্ত ভাৱে সুধিলে
।
এয়া যি সময়ৰ কথা সেই সময়ত শহুৰেকৰ
লগত খোলা-খুলি ভাৱে কথা কোৱাও বোৱাৰী এজনীৰ বাবে অপৰাধ আছিল। শাহু-শহুৰ শোৱাৰ আগতে
কোনো বোৱাৰী স্বামীৰ বিছনালৈ গৈ শোৱাটোও গর্হিত কাম বুলি গণ্য কৰা হৈছিল। দিনত
কোনো বোৱাৰীয়ে নিজৰ স্বামীৰ লগতো বিশেষ প্রয়োজন নহ'লে কথা নাপাতিছিল। গতিকে নাৰীজনিত
কেলেংকাৰীৰ কথা শহুৰেকৰ আগত কোৱাটো সম্ভৱ নহয় বুলি ভাবি কদভানুই অপ্রস্তুতভাৱে
তলমূৰ কৰিলে।
নুৰুলহকে কিছু আঁতৰৰ পৰা দেউতাক আৰু
ঘৈণীয়েকৰ আলেখ-লেখ লক্ষ্য কৰি আছিল।
কদভানুৰ অসহায় অৱস্থা দেখি সি আগবাঢ়ি আহি ক'লে- আকমলৰ বিধবা স্ত্ৰীৰ লগত হেনো কিবা লেটি-পেটি হৈছে।
লেটি-পেটিৰ কথা শুনাৰ লগে লগে মহচীন
হাজীৰ বুকুত প্রচণ্ড শোকে খুন্দা মাৰি ধৰিলে। নির্মেঘ আকাশত মেঘৰ সঞ্চাৰ হৈ যেন
তেওঁৰ মূৰত যেন বজ্ৰপাত হ’ল, দিনৰ পোহৰ যেন তেওঁৰ চকুৰ আগত দপকৈ
নুমাই গ'ল। ভূমি বিদীর্ণ
হৈ যেন তেওঁ লাহে লাহে গাঢ় অন্ধকাৰৰ বুকুত নিমজ্জিত হ'বলৈ ধৰিলে। লগে লগে তেওঁ বহা আসনৰপৰা
ঢলি পৰিল আৰু তেওঁৰ মুখৰপৰা মাথোন গোঁ গোঁ শব্দ বাহিৰ হ'বলৈ ধৰিলে।
নুৰুল হকে আঁঠুকাঢ়ি বহি দেউতাকক সাৱটি
ধৰি মাতিলে- দেউতা, কি
হ'ল দেউতা? এনেকুৱা কৰিছে কিয় ?
কিন্তু মহচীন হাজীৰ সঁহাৰি নাই। গোঁ
গোঁ শব্দৰ বাহিৰে তেওঁৰ মুখৰপৰা বেলেগ কোনো শব্দ নোলাল।
শ্বফিকুল ওচৰতে থিয় দি আছিল। আতাকৰ
অৱস্থা দেখি সি চিঞৰি উঠিল।
শ্বফিকুলৰ চিঞৰত অশুভ বাৰ্তাৰ ইংগিত
পাই নুৰবানু দৌৰি আহিল। গিৰিয়েকৰ অৱস্থা দেখি তাই হুৱাদুৱা লগাই দিলে- কি হ'ল? এনেকুৱা কৰিছে কিয়?
বোৱাৰী, যোৱা
পানীলৈ আহা। মূৰত পানী ঢালিব লাগিব ৷
কদভানুই পানী একলহ আনি শহুৰেকৰ মূৰত
ঢালিবলৈ ধৰিলে। নুলহক আৰু নুৰবানুই মহচীন হাজীৰ হাত-ভৰিৰ আঙুলিবোৰ টানিবলৈ ধৰিলে।
চিঞৰ-বাখৰ শুনি নায়েব আলী, বিশ্বা, আফচাৰকে আদি কৰি কেইজনমান মানুহ লৰি আহিল ।
ভূৱন মুঞ্চী জৰা-ফুকাত ভাল। বিশ্বা
দৌৰি গ'ল ভূৱন মুঞ্চীক
মাতিবলৈ। কেইদিন মান আগতে ৰাখাল ডাক্তৰ পূৰ্ব পাকিস্থানৰ পৰা আহি আলীৰ পাম বজাৰত
ফামাৰ্চী খুলি বহিছিল। পাছৰ ডাক্তৰ নহয় যদিও ডাক্তৰ হিচাপে তেওঁৰ যথেষ্ট সুনাম
আছিল ।
গতিকে ডাক্তৰ মাতাৰ কথা ভাবি নুৰুলহক
আফছাৰক উদ্দেশ্য কৰি ক'লে-
আফছাৰ, তুমি চাইকেল
চলাব জানা নেকি? আফছাৰে
নাকাৰাত্মক মূৰ দুপিয়াই ক'লে-
নাই নাজানো। এতিয়ালৈকে চাইকেলত উঠিয়ে পোৱা নাই মই
।
নুৰুলহক আৰু নজৰুলৰ বাহিৰে আলীগাঁৱত আন
কোনেও চাইকেল চলাব নাজানে বুলি নুৰুলহকে জানে ৷ কাৰণ তাৰ চাইকেলখনেই আলীগাঁৱৰ
প্ৰথম চাইকেল। গাঁওখনত বেলেগ কাৰো ঘৰত চাইকেল নাই। গতিকে চলাবও নাজানে। নজৰুল ঘৰত
নাই । কালি সি বাঘবৰৰ ভিনিহিয়েকৰ ঘৰলৈ গৈছে। গতিকে আফছাৰে চাইকেল চলাব নাজানে
বুলি জানি নুৰুলহক নিজেই চাইকেলখনলৈ ৰাখাল ডাক্তৰক মাতিবলৈ ওলাল।
ডাক্তৰ অহাৰ আগতেই ভূৱন মুঞ্চী আহি
পালে। তেওঁ আহিয়ে জৰা-ফুকা আৰম্ভ কৰিলে। জৰা-ফুকা কৰি থকা অৱস্থাতে নুলহকৰ
চাইকেলত উঠি ৰাখাল ডাক্তৰ আহি পালে ।
ডাক্তৰে মহচীন হাজীৰ নাড়ী টিপি চাই, ষ্টেথিচকোপ লগাই পৰীক্ষা-নিৰীক্ষা কৰি
ক'লে- হঠাৎ মানসিক
আঘাত পাই মূৰ্চ্ছা গৈছে। চিন্তাৰ কোনো কাৰণ নাই। চিকিৎসা কৰিলেই ঠিক হৈ যাব। বেজি
দিব লাগিব। গৰম পানী আনিবলৈ দিয়ক।
পানী গৰম কৰি অনাৰ পাছত ডাক্তৰে
চিৰিঞ্জ ধুই পখালি বেজি দি ক'লে-
এতিয়া ঘৰলৈ নি শোৱাই দিয়ক। আধা ঘণ্টাৰ ভিতৰতে জ্ঞান ঘুৰাই পাব ।
ডাক্তৰৰ পৰামৰ্শমতে কেইজনমানে ধৰা-ধৰি
কৰি মহচীন হাজীক ঘৰলৈ আনি শোৱাই দিলে।
ডাক্তৰে কোৱামতেই আধা ঘণ্টা পাছত মহচীন
হাজীয়ে জ্ঞান ঘূৰাই পালে । কিন্তু তেওঁ মুখেৰে মাতিব নোৱাৰা হ'ল। ওঁঠ লৰালে যদিও তেওঁৰ মুখৰ পৰা কোনো
শব্দ বাহিৰ নহ'ল।
বিহ্বলৰ দৰে তেওঁ অসহায় দৃষ্টিত উপস্থিত মানুহবোৰলৈ চালে। জিভা আৰু শৰীৰৰ বাওঁ
ফাল অসাৰ হৈ যোৱা যেন তেওঁৰ অনুমান হ'ল। সোঁহাতেৰে তেওঁ বাওঁ হাতখনলৈ ইংগিত কৰি বুজালে যে, তেওঁ বাওঁ হাতখন লৰাব পৰা নাই ৷
ৰোগীৰ অৱস্থা দেখি ডাক্তৰে ক'লে- ৰোগীৰ পক্ষাঘাত হৈছে। দীর্ঘ দিন
চিকিৎসা চলাব লাগিব। তেহে ৰোগী ঠিক হব।
ডাক্তৰে পুনৰ বেজি এটা দি ক'লে– টোপনিৰ ইনজেকচন দিলোঁ,
কিছুসময় পাছত টোপনি আহিব।
ইনজেক্চন দিয়াৰ পাছত ডাক্তৰে বেগৰ
পৰা টেবলেট কিছুমান উলিয়াই কাগজ এখনত মেৰিয়াই নুলহকলৈ আগবঢ়াই ক’লে- এই টেবলেট কেইটা ৰাখক। সাৰ পালে
খোৱাই দিব। মই কাইলৈ ৰাতিপুৱা আহি পুনৰ ইনজেক্চন দি যাম।
সিদিনা ৰাতি কাৰো ভাত-পানী খোৱা নহ'ল। আটায়ে মহচীন হাজীক ঘেৰি উৎকণ্ঠিত
ভাৱে বহি থাকিল ৷
ৰাতিপুৱা মহচীন হাজীয়ে সাৰ পালে।
বেঙাৰ দৰে দুই এটা কথাও ক’লে।
কিন্তু প্ৰায়বোৰ কথাই বুজা নগ'ল ৷
সাত-আঠমান বজাত ডাক্তৰ আহি নাড়ী টিপি
পৰীক্ষা কৰি ক'লে-
ভয় নাই। ভাল হৈ যাব। অৱশ্যে কিছু জড়তা থাকিব। ডাক্তৰে ইতিমধ্যে নুল হকৰ পৰা ৰোগৰ
কাৰণ জানিব পাৰিছিল । সেয়ে তেওঁ উপদেশ দিলে- এটা কাম কৰিব, যাৰ কাৰণে এই অৱস্থা হৈছে পৰাপক্ষত তাক
ৰোগীৰ ওচৰলৈ আহিবলৈ নিদিব । তাক দেখিলে পুনৰ অসুস্থ হৈ পৰিব পাৰে ।
এইদৰে পৰামৰ্শ দি সিদিনাও ডাক্তৰে দুটা
ইনজেক্চন দিলে।
ইফালে ডাক্তৰৰ পৰামৰ্শ মতে নুৰল হকে
সিদিনাই নজৰুলক ঘৰৰ পৰা আঁতৰাই পঠোৱাৰ কাৰণে এটা বুদ্ধি কৰিলে৷ ডাক্তৰ গুচি যোৱাৰ
পাছত সি দংৰা হাইস্কুলত নাম ভৰ্ত্তি কৰি দিয়াৰ উদ্দেশ্যে নজৰুলকলৈ দংৰালৈ আহিল।
হাইস্কুলখন তেতিয়াও ভেঞ্চাৰ অৱস্থাত আছিল। সেয়ে স্কুলত নাম লগাই দিয়াত অসুবিধা
নহ'ল। স্কুলৰ
শিক্ষক এজনে এঘৰত লজিঙৰ ব্যৱস্থাও কৰি দিলে । পাছদিনাই কিতাপ আৰু বিছাপত্ৰ লৈ অহাৰ
সিদ্ধান্তলৈ নজৰুলক লজিং ঘৰত থৈ নুৰল হক ঘৰলৈ আহিল । সিদ্ধান্ত মতেই পাছদিনা নুৰল
হকে কিতাপ আৰু বিছনাপত্ৰ দি আহিল। এইদৰে নজৰুল পূৰ্বৰ কথা পাহৰি পুনৰ লেখা-পঢ়াত
মনসংযোগ কৰাৰ কাৰণে চেষ্টা চলালে ।
ইফালে নজৰুলক ঘৰৰপৰা আঁতৰাই পঠাই নুৰল
হকে স্বস্তিৰ নিশ্বাস পেলালে। ইয়াৰ পাছত বিৰামহীন ভাবে মহচীন হাজীৰ চিকিৎসা চলিল।
ডাক্তৰী চিকিৎসাৰ লগতে জৰা-ফুকাও চলালে। দিন যোৱাৰ লগে লগে মহচীন হাজীৰ অৱস্থা
লাহে লাহে উন্নত হৈ আহিবলৈ ধৰিলে ৷ এমাহমান পাছত তেওঁ লাঠিত ভৰ দি খোজ কাঢ়িব পৰা
হ'ল।
মহচীন হাজী সুস্থ হৈ উঠাৰ পাছত পুনৰ
সকলো স্বাভাৱিক হৈ পৰিল ৷
** ** **
মহচীন হাজীৰ ঘৰৰ পৰা ব্ৰহ্মপুত্ৰ নদখন
এমাইলমান দক্ষিণ দিশত অৱস্থিত। গৰুক গা ধুৱাবলৈ কোনো বিকল্প ব্যৱস্থা নথকাত
প্ৰায়বোৰ মানুহেই প্রতি শুক্ৰবাৰে গৰুক গা-ধুওৱাবলৈ নদীলৈ গৈছিল।
সিদিনা মহচীন হাজীৰ হালুৱা ফুলচানে
গৰুক গা ধুৱাবলৈ বুলি নদীলৈ গৈছিল । সি গৰুক গা ধুৱাই আহি মহচীন হাজীক ক'লে- তাৱৈ, নদীৰ সোঁত বৰ কোবাল। দুই এচপৰাকৈ পাৰৰ
মাটি খহাই আছে। ঘাট ভাঙি গৈছে। গৰু নদীত নমাব নোৱাৰিলোঁ। কোনোমতে পানী ছটিয়াই দি
গা ধুৱাই আনিলোঁ ৷
মহচীন হাজী নামাজ পঢ়ি সৰু চাপৰ
চালপীৰা এখনত বহি প্ৰতিদিনৰ দৰে তছবীহ জপি আছিল। ফুলচানৰ কথা শুনি তেওঁ প্ৰশ্নবোধক
দৃষ্টিত ফুলচানৰ ফালে চাই সুধিলে- কি ক’লা? নদীয়ে
পাৰৰ মাটি খহাই আছে ?
হয় তাৱৈ। ফুলচানে উৎসাহিত কণ্ঠত ক’লে- সোঁত বৰ কোবাল। নখ দিলে চিঙি যাব।
জাহাজ উজাব পৰা নাই। দুখন জাহাজ নদীৰ বুকুত লঙৰ পেলাই ৰৈ আছে। পাৰৰ মাটি খহি জপাং
জপাংকৈ পানীত পৰি আছে। মানুহে কৈ আছে নদীত হেনো তাৰাবাৰীৰ দৰে খহনীয়া আৰম্ভ হৈছে।
তাৰাবাৰীত হোৱা খহনীয়াৰ কথা মহচীন
হাজীয়ে বহুদিনৰ পৰা শুনি আছে। তাৰাবাৰী বজাৰখনো হেনো নদীৰ বুকুত জাহ গৈছে।
তাৰাবাৰী বজাৰত বহুতো মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছিল। বজাৰখন খহনীয়াৰ কবলত পৰাত
তেওঁলোকে দুমাহমান আগতে আলীৰ পাম বজাৰখন চাই গৈছে। তেওঁলোকৰ হেনো বজাৰখন পছন্দও
হৈছে। যিমান সোনকালে সম্ভৱ তেওঁলোকে আলীৰ পাম বজাৰলৈ উঠি অহাৰ কাৰণে খাটাং
সিদ্ধান্তও লৈছে হেনো ।
মাথোন তাৰাবাৰী বজাৰখনে নহয় তাৰাবাৰী, ৰৌমাৰী, চেনিমাৰী অঞ্চলৰ বহু জনবসতি, খেতি-পথাৰ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। শ শ বিঘা মাটি থকা মানুহ
বৰ্তমান বাটৰ ভিক্ষাৰী হৈ পৰিছে। মহচীন হাজীয়ে ভাবিলে, খহনীয়াৰ ফলত তেওঁলোকৰ অৱস্থাও যদি
তেনেকুৱা হয় ! কথাটো ভাবোঁতেই মহচীন হাজীৰ বুকু কঁপি উঠিল।
মহচীন হাজীৰ আশংকা অমূলক নাছিল। চাওঁতে
চাওঁতে খহনীয়াই ভয়ানক ৰূপ ল'লে।
মানুহৰ মুখে মুখে খহনীয়াৰ আলোচনা হ'বলৈ ধৰিলে।
ডেকাৰপৰা বুঢ়া, জীয়ৰী-বোৱাৰী, ল'ৰা-ছোৱালীবোৰ দলবান্ধি খহনীয়া চাবলৈ ঢাপলি মেলিলে। খহনীয়াৰ তাণ্ডৱ
দেখি ডাঙৰৰ মনত দুঃশ্চিন্তা দেখা দিয়াৰ বিপৰীতে ল'ৰা-ছোৱালীৰ মনত স্ফূৰ্তিয়ে দলদোপ হেন্দোলদোপ লগালে। খহনীয়াৰ
তাণ্ডৱে ত্ৰাসৰ লগতে যেন উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰিলে অঞ্চলটোত ।
মহচীন হাজীও এদিন খহনীয়া চাবলৈ ওলাল ।
পক্ষাঘাত হোৱাৰ পাছৰপৰা তেওঁ বৰ বেছি ক’লৈকো নাযায়। ধর্ম-কৰ্মলৈয়ে সদায় ব্যস্ত হৈ থাকে । লাঠিত ভৰ দি
স্বচ্ছন্দে খোজো কাঢ়িব পাৰে তেওঁ। বাওঁ ভৰিখনত সামান্য জড়তা আছে যদিও সেয়া
সামান্যই। খোজ কঢ়াত কিছু অসুবিধা হলেও ঘোঁৰাত উঠি স্বচ্ছন্দে ঢেঁকুৰাব পাৰে।
ফুলচানে কোৱা কথাই ঠিক। সঁচাকৈয়ে নদীত
খহনীয়া আৰম্ভ হৈছে।
দৃশ্য দেখি মহচীন হাজীৰ অন্তৰাত্মা
কঁপি উঠিল।
মহচীন হাজীয়ে ব্ৰহ্মপুত্ৰৰ বিচিত্ৰৰূপ
বহুদিনৰ পৰা প্ৰত্যক্ষ কৰি আহিছে। নদখন খৰালি ৰূপালী চাদৰৰ দৰে নিস্তেজ হৈ পৰি
থাকে । বাৰিষা ফেনে-ফুটুকাৰে ওফন্দি উঠে। নদীৰ যৌৱন উথলি উঠে। নয়নাভিৰাম দৃশ্য
সৃষ্টি কৰে। মাছ-কাছবোৰ উজান স্রোতত নাচি-বাগি সাতোঁৰে। শিহুবোৰে বৰভোজ পাতে। নদীৰ
বুকুত চিত-ভলঙা খেলে। ফোঁচ ফোঁচ শব্দ উঠে। বানৰ স্ৰোতৰ টানত ভাহি অহা কাঠ, নল- খাগৰি আদি ধৰিবলৈ ল'ৰা-ছোৱালীবোৰ নদীৰ বুকুলৈ সাঁতুৰি
যায়। কোনে কিমান দূৰলৈ সাঁতুৰি যাব পাৰে তাৰ প্ৰতিযোগিতা কৰে৷
কিন্তু সিবাৰৰ নদীৰ ৰূপ আছিল অন্যধৰণৰ।
প্রচণ্ড স্রোত। আঙুল চিঙি যোৱা সোঁতৰ বেগ। কালান্তক যমৰ দৰে যেন গুজৰি-গুমৰি আছে
নদখন।
গৰাখহনীয়াৰ দৃশ্য অতি ভয়াবহ। চকুৰে
যেন বিশ্বাস কৰিব নোৱাৰি তাৰ তাণ্ডৱ। প্ৰায় আধা বিঘা, পোৱা বিঘা মাটি ব্যাপী ফাট মেলিছে।
চৰচৰকৈ শব্দ উঠিছে। এটা সময়ত সেই ফাট মেলা মাটি নৈৰ বুকুলৈ সোমাই গৈছে। প্রচণ্ড
গৰ্জন কৰি পানীয়ে সেই মাটি নিজৰ বুকুত সুমুৱাই লৈছে। মাটিৰ লগত কলগছ, অন্যান্য সৰু-বৰ গছ-গছনি, ঘাঁহ-বন নৈৰ বুকুত সোমাই অদৃশ্য হৈ
পৰিছে। ঠিক ভোকাতুৰ অজগৰ এটাই যেন সেইবোৰ গিলি পেলাইছে। পানীৰ সোঁতে কলগছৰ গুৰিৰ
মাটি ধুই নিয়াৰ পাছত পুনৰ ফোঁচকৈ পানীৰ ওপৰলৈ ওলাই আহিছে আৰু স্ৰোতৰ টানত ভটিয়াই
গৈছে। শিৱৰ তাণ্ডৱ নৃত্যৰ দৰে নাচি নাচি ভটিয়াই গৈ এটা সময়ত চকুৰপৰা অদৃশ্য হৈ
পৰিছে। কাউৰী, চিলনী
তথা নানাজাতৰ চৰাইবোৰে উৰি উৰি পানীৰ বুকুৰপৰা পোক, মকৰা, উইচিৰিঙা
আদি থপিয়াই ধৰি বৰভোজ পাতিছে। সকলোতে যেন ধ্বংসৰ তাণ্ডৱ চলিছে। ল'ৰা-ছোৱালীবোৰে সেই ভয়ংকৰ দৃশ্য
উৰুলিকৃত হৈ উপভোগ কৰি আছে।
অশতিপৰ বৃদ্ধ মানুহ এজন থৰক-বৰক খোজেৰে
লাখুটিত ভৰ দি মহচীন হাজীৰ ওচৰলৈ আহিল। বৃদ্ধগৰাকীৰ নাম গেদুবেপাৰী। গেদুবেপাৰী
অঞ্চলটোৰ আটাইৰে পৰিচিত। সকলোৱে আতা বুলি মাতে ৷ কিন্তু মহচীন হাজীয়ে খুৰা বুলি
মাতে। গেদুবেপাৰী তেওঁৰ দেউতাক কলিমুদ্দিনৰ বয়সৰ। গেদুবেপাৰী এজন বিচক্ষণ মানুহ।
বিজ্ঞ আৰু ভাল বিচাৰক বুলি অঞ্চলটোত সুনামো আছে তেওঁৰ ৷
গেদুবেপাৰী মহচীন হাজীৰ ওচৰলৈ আহি
লাখুঁটিত ভৰ দি কঁকালটো অলপ পোনাই কপাললৈকে হাত তুলি দৃষ্টি প্ৰসাৰিত কৰি সুধিলে-
কোন? হাজী বোপা নেকি? অসুখ ভাল পাইছা নেকি?
মহচীন হাজীয়ে ক'লে- হয় পাইছোঁ। বৰ্তমান লাখুটিত ভৰ দি
খোজ কাঢ়িব পৰা হৈছো।
গেদু বেপাৰীয়ে সহানুভূতিৰ সুৰত ক'লে- এয়া অৰ্দ্ধাংগ বেমাৰ। এই বেমাৰ হ'লে সচৰাচৰ ভাল নহয়। তোমাৰ ধৰ্মৰ বল
আছে কাৰণেহে খোজ কাঢ়ি ফুৰিব পৰা হৈছা। পিচে, হাজী বোপা, খহনীয়াৰ
তাণ্ডৱ চাবলৈ আহিছা নেকি ?
মহচীন হাজীয়ে বিষণ্ণ কণ্ঠত ক’লে- হয় খুৰা, কেইদিনমানৰ পৰা খহনীয়াৰ কথা শুনি
আছোঁ। নিজ চকুৰে চোৱাৰ বাবে ওলাই আহিছোঁ। বহু ঠাই খহালে দেখোন। এনেকৈ খহাই থাকিলে
মথাউৰিটো পাওঁতে সৰহ দিন নালাগিব ।
গেদুবেপাৰীয়ে বিজ্ঞৰ দৰে ক'লে- কি কৰিবা? আল্লাহৰ লীলা। বুজা টান। পাপ লাগিছে
বোপা, পাপ! ধর্ম-কর্ম
নোহোৱা হৈছে। সকলোতে অনাচাৰ। যিখন বসুমতীয়ে আমাক ধাৰণ কৰিছে- আশ্রয় দিছে সেই
বসুমতীৰ বুকুতে আমি পাপ কৰি দপদপাই ফুৰিছোঁ। বসুমতীয়েনো কিমান সহিব! এশ এটা পাপ হ’লেহে বসুমতী নৈৰ বুকুত আশ্ৰয় লয় ।
মহচীন হাজীয়ে গেদু বেপাৰীক সমৰ্থন কৰি
ক'লে- আপুনি কোৱা
কথা মিছা নহয়। এয়া কলিৰ শেষ- ঘোৰ কলি। কলিযুগত হেনো মানুহে ঘৰৰ চাল মূৰ্তলৈ ঘূৰি
ফুৰিব। চাল নমোৱাৰ ঠাই নোহোৱা হ'ব।
বেঙেনা তলীত বজাৰ বহিব। এয়া তাৰেই আগজাননীহে মাথোন।
এনেতে কেইজনমান মানুহে চাল এটা মূৰত লৈ
অহা দেখিলে। তেওঁ মানুহ কেইজনলৈ আঙুলিয়াই ক'লে- সৌৱা চাওঁক, আৰম্ভ
হ’লেই..........
গেদুবেপাৰীয়ে মহচীন হাজীক সমৰ্থন কৰি
ক'লে –এৰা, এয়া ঘোৰ কলিৰে লক্ষণ। তোমাৰ দৰে মানুহৰ লগত লতিফ খাঁহঁতে যি কাণ্ড
কৰিলে সেয়া কলিৰ কুফলৰ বাহিৰেনো আৰু কি? জুলমত খাঁ হেনো গু-মূত খাই মৰিল। তাৰ দৰে মানুহৰ সেয়াই প্ৰাপ্য
আছিল। কম আলাই-আথানি কৰিছে নে সি মানুহক! তাৰ জীয়েক জৰিণাই মফিজৰ দৰে সৰল-সহজ
ডেকা এজনক দেশৰ পৰা খেদিলে। ছালামে জুলহাসক হত্যা কৰিলে। ইয়াৰ বাহিৰেও কিমান পাপ
যে আঁঠুৱাৰ তলত কৰি আছে তাৰ লেখ-মোকাম নাই। গেদু-বেপাৰীয়ে হঠাৎ মনত পৰাৰ দৰে কৈ
উঠিল- বাৰু বোপা, মফিজ
হেনো পাকিস্থানলৈ গৈ বিয়া-বাৰু কৰাই ঘৰ-সংসাৰ কৰি আছে?
তেনেকৈয়ে শুনি আছোঁ। মহচীন হাজীয়ে
কণ্ঠস্বৰ নিম্ন কৰি ক'লে-
তাৰ আগৰ ঘৈণীয়েকলৈ চিঠি এখন পঠাইছে। তাইক তাৰ তালৈ যাবলৈ লিখি পঠাইছে।
গেদুবেপাৰীয়ে উৎসাহিত কণ্ঠত ক'লে- বৰ ভাল কৰিছে। তাই পাকিস্থানলৈ
যোৱাই উচিত। ইয়াত থাকিলে লতিফ খাহঁতে তাইক শান্তিৰে থাকিবলৈ নিদিয়ে। জৰিণায়ো
তাইৰ পাপৰ ফল পাইছে। বেচেৰীয়ে যক্ষ্মা হৈ তেজ বমি কৰি মৰিল। বোপা, শুনি আছোঁ লতিফ খাঁৰো হেনো যক্ষ্মা
হৈছে?
মহচীন হাজী শান্ত— শিষ্ট মানুহ। পৰচৰ্চা কৰি ভাল নাপায়।
গতিকে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে-
কৰ্ম অনুসৰি ফল পাইছে সিহঁতে । সেইবোৰ চৰ্চা কৰিলে কি লাভ হ’ব! খুৰা, বেলিও পৰি আহিল। এতিয়া ঘৰলৈকে যোৱাই যুগুত হ'ব।
গেদু বেপাৰীয়ে ক'লে- বাৰু, যোৱা। বয়সো যথেষ্ট হ'ল। এতিয়া সিপাৰলৈ যোৱাৰ অপেক্ষাতে ৰৈ
আছোঁ। আবেগতে পৰচৰ্চা কৰিলোঁ। বেয়া নাপাবা। কেতিয়াবা যদি কিবা ভুল-ভ্রান্তি
কৰিছোঁ ক্ষমা কৰি দিবা ৷
নাই নাই খুৰা, তেনেকৈ নক'ব। আপুনি একো ভুল কৰা নাই। কিবা কৰিলেও
সেয়া ক্ষমা কৰি দিলোঁ। আপুনিও মোক ক্ষমা কৰিব ৷
মহচীন হাজী ঘৰলৈ আহি নুৰবানুৰ আগত
খহনীয়াৰ বৰ্ণনা দিলে।
নুৰবানুই শংকিত কণ্ঠত মন্তব্য কৰিলে-
পাপ বুজিছে, পাপ
লাগিছে।
দংৰালৈ যোৱাৰ পাছত নজৰুল এবছৰলৈ ঘৰলৈ
অহা নাছিল । কোমল বয়সৰ ল'ৰা।
ভুল কৰাটো স্বাভাবিক। ঘৰৰপৰা আঁতৰি থাকিলে পুনৰ ভুল কৰিব পাৰে বুলি ভাবি মহচীন
হাজীয়ে নুলক কৈ নজৰুলক এবছৰ পাছত ঘৰলৈ অনাইছে। তাক এতিয়া তেওঁ সহ্যও কৰিবপৰা
হৈছে।
গৰমৰ বন্ধৰ কাৰণে নজৰুল তেতিয়া ঘৰতে
আছিল। সি বাপেকমাকৰ কথা-বতৰা শুনি আছিল। সি মাকৰ খহনীয়া সম্পর্কে মন্তব্য শুনি
মনে মনে হাঁহিলে। নদীৰ গৰা খহনীয়া সম্পর্কে আলোচনা প্রসংগত এদিন সিহঁতৰ ভুগোল
ছাৰে কিছুমান কথা কৈছিল। সেই আলোচনাৰ সাৰমৰ্ম এনেকুৱা আছিল-১৯৫৭ চনত ‘out plan
for flood control in Assam'ৰ জৰিয়তে চৰকাৰে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা
কৰিছে। সেই যোজনানুসাৰে চৰকাৰে ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ বোৰ্ডৰ জৰিয়তে ইটালী, হংকং আদি দেশৰ আৰ্হিত ব্ৰহ্মপুত্ৰ নদৰ
পাৰত কিছুসংখ্যক মথাউৰি নিৰ্মাণ কৰিছে। ফলত উপনৈ সমূহৰ স্ৰোতৰ বেগ বাঢ়িছে আৰু
প্ৰবল সোঁতে কঢ়িয়াই অনা পলস পৰি ব্ৰহ্মপুত্ৰৰ তলিভাগ তৰাং হৈ উঠিছে। ফলত নদীৰ
পানী ধাৰণৰ ক্ষমতা হ্ৰাস পাইছে। তদুপৰি উনৈশ শ পঞ্চাছৰ ভূমিকম্পৰ ফলতো নদীৰ তলিভাগ
ওফন্দি উঠি তলিভাগ তৰাং হৈ পৰিছে। ফলত অতিৰিক্ত পানীৰ চাপত নৈত খহনীয়াৰ তাণ্ডৱ
আৰম্ভ হৈছে। খহনীয়া কেনেকৈ সংঘটিত হয় ? এই বিষয়ে ছাৰে কোৱামতে- নদীৰ গঁৰা সাধাৰণতে উলম্বভাৱে ৯০° কোণ কৰি থাকে। ফলত পানীৰ স্রোতে গঁৰাৰ
নিম্নাংশত ৰুকণিৰে ৰুকাৰ দৰে ৰুকি গৰাৰ তলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গাঁত সৃষ্টি
কৰে। তেতিয়া মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত ওপৰৰ মাটিভাগ তললৈ বহি যায়। এয়াই গঁৰা
খহনীয়াৰ ৰহস্য। ইয়াত পাপৰ কোনো প্রশ্ন নাই উঠিব নোৱাৰে।
সেয়ে নজৰুলে মাকৰ অন্ধবিশ্বাস আঁতৰ
কৰিবলৈ ক'লে- পাপ নহয় মা, বেলেগ কাৰণহে খহনীয়া আৰম্ভ হৈছে।
এইদৰে কৈ সি খহনীয়াৰ কাৰণ মাকক বুজাই ক'লে।
মাকে প্রতিবাদ কৰি ক'লে- থ’ থ’তোৰ
মনেগঢ়া কথা। এয়া পাপৰে ফল। পাপ হ’লে
বসুমতীয়ে পাপ ধুবই ।
পাপৰ ফলতে হওঁক বা অন্য কোনো কাৰণতে
হওঁক খহনীয়াৰ তাণ্ডৱ দিনে দিনে বাঢ়ি গৈ থাকিল। এবছৰৰ ভিতৰতে নদ আহি নজৰুলহঁতৰ বসতিৰ
কাষ চাপিল। আসন্ন বিপর্যয়ৰ মুখা-মুখি হৈ আটায়ে বিপন্ন ও অসহায়বোধ কৰিবলৈ ধৰিলে।
এনেতে জলেশ্বৰৰ পৰা এগৰাকী মৌলনা আহিল।
নাম আব্দুল কাদেৰ। মৌলনা গৰাকী কামেল হিচাপে পৰিচিত। তেওঁ বছৰত এবাৰকৈ মহচীন হাজীৰ
ঘৰলৈ আহিছিল।
সিবাৰ নদীৰ ৰেহৰূপ দেখি কাদেৰ চাহাবে
মহচীন হাজীক উদ্দেশ্য কৰি চিন্তিত কণ্ঠত ক’লে- হাজী চাহাব, যি
দেখিছোঁ নদীৰ খহনীয়া বন্ধ নহ'ব ।
আজি ৰাতি এটা বৰ বেয়া সপোন দেখিলোঁ।
মহচীন হাজী ধর্ম বিশ্বাসী মানুহ।
মৌলানাসকলৰ প্ৰতিও অগাধ বিশ্বাস । কিবা বিপদ-আপদ অহাৰ আগতে ধর্মপ্রাণ মানুহক
আল্লাহই সপোনত দেখা দি সতৰ্ক কৰি দিয়ে বুলিও তেওঁৰ ধাৰণা এটা আছে। গতিকে মৌলানা
চাহাবে সপোন দেখাৰ কথা শুনি তেওঁ কৌতূহলী হৈ সুধিলে- সপোন! কি সপোন দেখিলে ?
কাদেৰ চাহাবে ৰহস্যজনক ভংগীত গহীনাই ক'লে- অ' সপোন দেখিলোঁ। শেষ ৰাতিৰ সপোন সঁচা হ'বই। নদীয়ে ভেলেংগী নদী পাবগৈ। পাপ হৈছে। মানুহে ধৰ্ম-কৰ্ম পাহৰিছে।
আগন্তুক বিপদ সংকেত পাই মহচীন হাজী
আতংকিত হৈ উঠিল। তেওঁ উৎকণ্ঠিত কণ্ঠত সুধিলে- ইয়াৰ কিবা প্ৰতিকাৰৰ ব্যৱস্থা নাই
নেকি ?
কাদেৰ চাহবে চকুমুদি কিছুপৰ ভাবি ক’লে- ঘৰত কোনোবা আছে নেকি ? মম আৰু আগৰবাতি আনিবলৈ পঠাওঁক। আজি ৰাতি অলপ
বহিব লাগিব ।
মৌলানাৰ কথামতে মহচীন হাজীয়ে নজৰুলক
বজাৰলৈ পঠাই মম আৰু আগৰবাতি অনালে।
মৌলানা চাহাবৰ নিৰ্দ্দেশমতে মহচীন
হাজীয়ে সকলো ব্যৱস্থা কৰি দি নিজৰ বিছনালৈ আহি শুই পৰিল । ৰাতি তেওঁৰ টোপনি নহ'ল। দুশ্চিন্তাৰ মাজেদি উজাগৰি নিশা
কটাই তেওঁ দোকমোকালি উঠি নামাজ পঢ়িবলৈ বুলি মছজিদলৈ আহিল। মৌলনা চাহাব আগতেই আহি মছজিদত
বহি আছিল। দুয়ো একেলগে
নামাজ পঢ়িলে।
নামাজ পঢ়ি উঠি মৌলানা চাহাবে ক’লে- আজি ৰাতি এটা বৰ অদ্ভুত কাণ্ড
দেখিলোঁ!
মৌলানা চাহাবে ভূমিকাৰে কথা আৰম্ভ কৰাত
মহচীন হাজীৰ কৌতুহ'ল
বাঢ়ি গ'ল। সুধিলে তেওঁ-
কাণ্ড ! কি কাণ্ড দেখিলে ?
মৌলানা চাহাবে আৰম্ভ কৰিলে- সেয়া এক
বিস্ময়কৰ ঘটনা । ৰাতি মই তছবীহ জপ কৰি শুই পৰিছিলোঁ। চিলমিলকৈ টোপনি ও ধৰিছিল।
এনেতে কোনোবাই মোক দুৱাৰত খট্খটাই মাতিলে- মৌলানা চাহাব, বাহিৰলৈ ওলাই আহক.......
মই টোপনিৰপৰা সাৰ পাই থতমত্কৈ বিছনাত
উঠি বহিলোঁ।
এনেতে পুনৰ গুৰু গম্ভীৰ কণ্ঠৰ আহ্বান
শুনিলোঁ- আহক, বাহিৰত
আমি আপোনাৰ কাৰণে অপেক্ষা কৰি আছোঁ।
প্রচণ্ড শীতত শৰীৰৰ মঙহ টন্টনাই উঠাৰ
দৰে মোৰ শৰীৰটো টনটনাই উঠিল। চকু মোহাৰি স্বপ্ন চালিত মানুহৰ দৰে মই ঘৰৰ ভিতৰৰপৰা
বাহিৰলৈ ওলাই গ'লো।
বাহিৰলৈ ওলাই মই এক অভাৱনীয় দৃশ্য প্রত্যক্ষ
কৰিলোঁ। বগা আচকান, মূৰত
বগা পাগুৰি পৰিহিত সৌম্য দর্শন ওখ-পাখ মানুহ এজন বাহিৰত থিয় দি থকা দেখিলোঁ।
তেওঁৰ লগত একে সাজ-পোচাকেৰে সজ্জ্বিত অপেক্ষাকৃত সৰু সৰু কিছুমান মানুহ আছিল। ভয়ত
মোৰ বুকুখন দুৰুদুৰুকৈ কঁপিবলৈ ধৰিলে। মই মানুহ কেইজনৰ পৰা চাৰি-পাঁচ হাতমান আঁতৰত
ৰৈ গলোঁ।
মানুহ গৰাকীয়ে শান্ত সমাহিত কণ্ঠত
অভয় দি ক'লে-
ভয় নাই। মোৰ লগত ব’লক।
নদীৰ পাৰত স্বয়ং খোয়াজ খিজিৰ আপোনাৰ অপেক্ষাত ৰৈ আছে।
মনত কিছু অস্বস্তি সঞ্চাৰ হ'ব খুজিছিল যদিও কৌতুহলৰ কাৰণে সেই
অস্বস্তি স্থায়ী হ'বলৈ
নিদিলো। মই শংকিতভাৱে মানুহগৰাকীৰ পাছে পাছে খোজ ললোঁ।
নদীৰ পাৰলৈ গৈ বগা আচকান পাগুৰি পৰিহিত
আন এগৰাকী সৌম্য দর্শন মানুহ বহি থকা দেখিলোঁ। মানুহ গৰাকী সোণৰ সিংহাসনত বহি আমাৰ
ফালে চাই আছিল। তেওঁৰ চাৰিওফালে বগা কাপোৰ পৰিহিত সৰু সৰু মানুহ কিছুমান থিয় দি
আছিল।
সিংহাসনত বহি থকা মানুহগৰাকী ওখ-পাখ
আৰু কেঁচা হালধিৰ দৰে গাৰ বৰণ। মই তেওঁৰ ওচৰলৈ গৈ ছালাম (নমস্কাৰ) জনালোঁ ৷
প্রতি নমস্কাৰ জনাই মানুহ গৰাকীয়ে
নিজৰ পৰিচয় দিলে- মই খোয়াজ খিজিৰ। তই আহি ভালেই কৰিলি; কিন্তু যি কৰিবলৈ ওলাইছ সেইবোৰ বাদে
দে। এই মাটিত পাপ লাগিছে। এই মাটি মই ধুই নিমেই। মাজতে তই বিধি-পথালি নিদিবি ।
মোক মাতি নিয়াৰ কাৰণ উপলব্ধি কৰিব
পাৰি মই হাতযোৰ কৰি কাকূতি-মিনতি কৰিলোঁ- হুজুৰ, এইবাৰৰ কাৰণে মানুহবোৰক ক্ষমা কৰি দিয়ক । মই মানুহবোৰৰ মতি-গতি ভাল
কৰাৰ কাৰণে চেষ্টা কৰিম।
মোৰ কাকুতি-মিনতিত খোয়াজ খিজিৰৰ মনটো
অলপ কুমলিল। তেওঁৰ উত্তেজনাও যেন কিছু পৰিমাণে শাম কাটিল। ক'লে তেওঁ- বাৰু, তই কৈছ যেতিয়া ক্ষমা কৰিব পাৰোঁ।
কিন্তু মোলৈ ভোগ আগবঢ়াব লাগিব ৷
আশাৰ ৰেঙণি দেখি মই উৎসাহিত হৈ ক’লো- কি ভোগ হুজুৰ?
আল্লাহৰ নাম ৷ একলাখ পঁচিশ হাজাৰ বাৰ
আৰবী বৰ্ণমালাত আল্লাহৰ নাম কাগজত লেখি ময়দাৰ লাডুত ভৰাই নদী আৰু মাছ থকা
খাল-বিলত ছটিয়াই দিব লাগিব। কিন্তু সাৱধান, কোনেও যেন ভুলতো এটা বর্ণও অপৱিত্ৰ অৱস্থাত নিলেখে। লাড়ুবোৰ ছটিওৱা
হ'লে আজমীৰলৈ গৈ
মোৰ নামত সিন্নি কৰিব লাগিব ।
এইদৰে কৈ খোয়াজ খিজিৰ তেওঁৰ অনুচৰ
বৰ্গলৈ পানীত বুৰ মাৰিলে। মই বহু সময় স্তম্ভিত হৈ থিয় দি থাকি ঘৰলৈ গুচি আহিলো ।
ঘৰলৈ আহিয়ে মছজিদলৈ আহি দুই ৰাকাত নফল নামাজ পঢ়ি অৱশিষ্ট ৰাতি মছজিদত বহিয়ে
কটাই দিছোঁ।
ঘটনাৰ বিৱৰণ শুনি মহচীন হাজী তৎক্ষণাৎ
নুৰুলহকক মাতি মৌলনাই কোৱা ঘটনাটো পুনৰ থূলমূলকৈ বিৱৰি কৈ ক'লে- আজি সন্ধিয়াই মানুহ মাতাৰ
ব্যৱস্থা কৰা। ভোগ খুজিছে যেতিয়া যিমান সোনকালে দিব পাৰি সিমানেই মংগল।
নুৰুল হকে সুধিলে- কিন্তু বহিব ক’ত?
মহচীন হাজীয়ে পৰামৰ্শ আগবঢ়ালে-
মছজিদলৈ আহিবলৈ দিলেই ভাল হ'ব।
তেতিয়া মৌলানা চাহাবেও কথাটো বুজাই ক'ব পাৰিব ।
কথামতে সন্ধিয়া গাঁৱৰ মানুহ আহি
মছজিদত মিলিত হ'ল।
মৌলনা চাহাবে ৰাতি ঘটা ঘটনাৰ বিষয়ে বিৱৰি কৈ ক'ল- আৰবী বর্ণমালাত আল্লাহৰ নাম লেখিব লাগিব। লেখাৰ আগতে পাক পবিত্ৰ
হৈ ল'ব লাগিব। কিছু
কাগজ-কলম যোগাৰ কৰিলেই হ'ল।
ওচৰ- পাঁজৰৰ গাঁৱৰ মুঞ্চী মৌলবীসকলক মাতি আনি লেখাৰ কাম কৰাব লাগিব।
মহচীন হাজীয়ে প্ৰস্তাৱ আগবঢ়ালে- নুৰুল
হক আৰু বিশ্বাৰ ওপৰতে মুঞ্চী আৰু মৌলবী মতাৰ দায়িত্ব থাকিল।
নুৰুলহকে ক’লে- চাইকেল লৈ গ'লে মই দূৰৰখিনি অকলেই মাতিব পাৰিম।
বিশ্বা খুৰাই ওচৰৰখিনি মাতিলেই হ'ব।
এইদৰে সিদ্ধান্তলৈ সিদিনাৰ কাৰণে
আটায়ে ঘৰা-ঘৰি গ'ল।
** *
* * *
দুদিন মান পাছৰ পৰা আল্লহৰ নাম লেখা
কাম আৰম্ভ হ'ল।
পাঁচদিন লেখাৰ পাছত লেখা-কাম শেষ হ'ল।
লেখা শেষ হোৱাৰ পাছত মৌলনাৰ নিৰ্দ্দেশমতে কাগজৰ টুকুৰাবোৰ ময়দাৰ লাডুত ভৰাই নৈ, বিল আদিত ছটিয়াই দিয়া হ’ল। ‘সিন্নি’ কৰিবলৈ
টকা-পইচা দি মৌলনা চাহাবক আজমীৰলৈকো পঠোৱা হ'ল ।
মৌলনাৰ দিহামতে সকলো কাম কৰাৰ পাছতো
খহনীয়া বন্ধ নহ'ল।
খহনীয়াৰ তাণ্ডৱ আগৰ দৰেই অব্যাহত থাকি গ'ল।
মৌলনা চাহাব আজমীৰৰপৰা “সিন্নি’ কৰি ঘূৰি অহাৰ পাছত পুনৰ মৌলনাক মাতি অনা হ'ল। মৌলনা চাহাবে নদীৰ অৱস্থা চাই ক'লে- নিশ্চয় কোনোবাই অপবিত্ৰ অৱস্থাত
আল্লাহৰ নাম লেখিছিল। তাৰবাবেই সকলো অথলে গ'ল। মোক এজন সাহসী মানুহ দিয়ক। মই খোয়াজ খিজিৰৰ ওচৰলৈ চিঠি দি
পঠাম। য'ত স্রোতৰ বেগ
বেছি, চাকনৈয়াই য'ত প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে মানুহজনে মোৰ
চিঠখনলৈ তাতে জাপ মাৰি নামিব লাগিব।
ভয় নাই, পানীত নমাৰ লগে
লগে পানী দুভাগ হৈ ৰাস্তা উলিয়াই দিব। শৰীৰো নিতিতিব। চিঠিখন খোয়াজ খিজিৰৰ হাতত
দিলেই ক'ত কি জগৰ লাগিছে
গম পোৱা যাব ।
কিন্তু এই দুঃসাহসিক কাম কৰিবলৈ কোনেও
সাহস গোটাব নোৱাৰিলে। গাঁৱৰ দুজনমান সাহসী ডেকা সাহস সঞ্চয় কৰি আগবাঢ়ি আহিল যদিও
পানীৰ উগ্রমূৰ্ত্তি দেখি সিহঁতেও ভয়ত কাছৰ দৰে হাত-ভৰি গোটাই পিছুৱাই গ'ল।
ফলত কেইমাহমানৰ ভিতৰতে আলীগাঁৱখন নদীৰ
বুকুত জাহ গ'ল।
জীৱনৰ বিয়লি বেলা মহচীন হাজী ভূমিহীন কৃষকত পৰিণত হ'ল।
ভঙা ভৰি গাঁতত পৰে বুলি এষাৰ প্ৰবাদ
প্রচলিত আছে। মহচীন হাজীৰ ক্ষেত্ৰতো সেয়ে হ'ল। মাটি-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ লগতে তেওঁ আন এক বিপর্যয়ৰ সন্মুখীন
হ'ল।
বৰষুণ আৰু বাঢ়নি পানীৰ প্ৰকোপৰ মাজত
ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ বৃদ্ধি পায়। মহচীন হাজীৰ ঘৰ-দুৱাৰ স্থানান্তৰ কৰাৰ
সময়তো প্ৰচুৰ বৰষুণ আৰু বাঢ়নি পানীৰ তাণ্ডৱ অব্যাহত আছিল।
ইয়াৰ মাজতে উজনিৰ ফালৰ কোনোবা এটা চৰ
ৰাতিৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ খবৰ আহিল। নাও বা ভেলেৰে মানুহবোৰে
প্ৰাণ ৰক্ষা কৰিছে যদিও গৰু-ছাগলী পানীত উটি গৈছে। গাই এজনীৰ মমতা কৰিবলৈ গৈ বুঢ়ী
এজনী পানীত ডুবি মৰাৰো খবৰ আহিল ।
সেয়া এক মর্মান্তিক কাহিনী।
বুঢ়ীগৰাকী অকলশৰীয়া মানুহ। পুতেক
দুজন আছে যদিও অভাৱত পৰি বুঢ়ীক অকলে এৰি থৈ বেলেগ হৈ গৈছে।
বুঢ়ীৰ জীৱিকাৰ একমাত্ৰ উপায় আছিল
এজনী খীৰতী গাই। গাইজনীৰ গাখীৰ বিক্ৰী কৰিয়ে বুঢ়ীয়ে কোনোমতে খাই-বই আছিল ।
দুদিনমান আগৰ পৰাই বানপানীৰ তাণ্ডৱ
আৰম্ভ হৈছিল। বুঢ়ীৰ ভেঁটিতো পানী উঠিছিল। ইয়াৰ মাজতে আৰম্ভ হৈছিল গৰাখহনীয়াৰ
তাণ্ডৱ। খহনীয়াৰ অৱস্থা দেখি মানুহবোৰে ল'ৰা-ছোৱালীলৈ নিৰাপদ আশ্রয় বিচাৰি বেলেগ বেলেগ ঠাইলৈ গুচি গৈছিল।
নতুন চৰ। নতুন চৰৰ মাটি সাধাৰণতে ঢিলা
থাকে। গতিকে খহনীয়া আৰম্ভ হ'লে
কেতিয়াবা চকুৰ পচাৰতে দুই তিনি বিঘাকৈ মাটি ধুই নিয়ে । চৰবাসীৰ এই অভিজ্ঞতা আগৰে
পৰাই আছিল। গতিকে খহনীয়াৰ তাণ্ডৱ দেখি ঘৰ-দুৱাৰ, বস্তু-বাহানিৰ মায়া ত্যাগ কৰি মানুহবোৰে ল'ৰা-ছোৱালীলৈ নিৰাপদ আশ্রয় বিচাৰি
বেলেগ চৰলৈ ঢাপলি মেলিছিল।
বুঢ়ীগৰাকীকো মানুহবোৰে সিহঁতৰ লগত
যাবলৈ লগ ধৰিছিল; কিন্তু
তাই গাইজনী এৰি নগ'ল ।
খবৰ পাই বুঢ়ীৰ সৰুটো পুতেকে মাকক
নিবলৈ আহি গাইজনী ঘৰৰ ভিতৰত বান্ধি মাকে চ’তিৰ ওপৰত তক্তা পাৰি বহি থকা দেখিলে ৷
পুতেকে নাওৰ টিং দুৱাৰেৰে ঘৰৰ ভিতৰলৈ
সুমুৱাই দি ক'লে-
মা, ব’লা। এইখন চৰ নাথাকে ৷ ৰাতিৰ ভিতৰতে যাব
যেন পাইছোঁ । আহা, নাওত
উঠা।
মাকে ক’লে- গাইজনী নাওত তুলি নিব পৰা যাব নেকি ?
নাওখন তেনেই সৰু। গতিকে পুতেকে ক’লে- নাওখন তেনেই সৰু। গাইজনী নিয়া সম্ভৱ নহ'ব। এইদৰে কৈ পুতেকে আশ্বাস দি ক’লে- তুমি এতিয়া ব’লা। মই পাছত আহি গাইজনী নিয়াৰ
ব্যৱস্থা কৰি আছোঁ ৷
মাকে যাবলৈ অস্বীকাৰ কৰি ক'লে- গাইজনী এৰি থৈ মই ক'লৈকো নাযাওঁ। তই যা, পাৰিলে ডাঙৰ নাও এখন যোগাৰ কৰি লৈ
আহগৈ।
বহুতো বুজোৱাৰ পাছতো পুতেকে মাকক নিব
নোৱাৰি শেষত নিৰুপায় হৈ ডাঙৰ নাও বিচাৰি ওলাল। কিন্তু নাওলৈ আহি দেখিলে, মাকো নাই, ঘৰো নাই। মাকৰ গাইজনীও নাই। সকলো
ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
এই ঘটনা শুনাৰ পাছত আটায়ে ভীতিতগ্ৰস্ত
হৈ উঠিছিল আৰু দিনে-ৰাতি পৰিশ্ৰম কৰি ঘৰ-দুৱাৰ স্থানান্তৰৰ কাম অব্যাহত ৰাখিছিল ৷
দেহৰ প্ৰতি কাৰো ভ্ৰক্ষেপ নাছিল। ঘৰ-দুৱাৰ, ল'ৰা-ছোৱালীলৈ
কেনেকৈ নিৰাপদ স্থানলৈ যাব পাৰে সেই চিন্তাতে আটায়ে ব্যস্ত হৈ আছিল ৷
মহচীন হাজীৰ ঘৰ-দুৱাৰ স্থানান্তৰৰ
সময়ত নজৰুলেই আগভাগ লৈছিল । ইফালে বস্ত-বাহানিও কম নাছিল ! চাৰিটা টিনপাতৰ ঘৰ আৰু
দুটা খেৰি-ঘৰ। ইয়াৰ উপৰিও আন আন বস্তু-বাহানি। ইফালে কাম কৰা মানুহৰো অভাৱ ৷ কাৰণ
প্ৰায়বোৰ মানুহ একেলগে খহনীয়াৰ কবলত পৰিছিল। ইয়াৰ উপৰিও আছিল ধুমুহা-বৰষুণ।
অৰ্থাৎ য'ত ৰাতি হয় ত’তে বাঘৰ ভয়ৰ দৰে অৱস্থা। নদখন মহচীন
হাজীৰ ভেঁটিৰ কাষ পোৱাৰ লগে লগে আৰম্ভ হৈছিল বৰষুণ আৰু বাঢ়নি পানীৰ প্ৰকোপ। নাৱো
নচলে,ভৰিও নচলে। ফলত
কোনো কোনো ঠাইত এবুকুলৈকে পানী ভাঙি ঘৰ-দুৱাৰ মূৰতলৈ বৈ আনিব লগা হৈছিল।
নজৰুলৰ গাত ডেকা তেজ। অফুৰন্ত
প্রাণশক্তি। গতিকে সি আসন্ন বিপদৰ কথা ভাবি দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি ঘৰ-দুৱাৰ
স্থানান্তৰৰ কামত আত্মনিয়োগ কৰিছিল। ৰ'দ-বতাহ বৰষুণৰ প্ৰতি তাৰ মুঠেই ভ্ৰক্ষেপ নাছিল। কেতিয়াবা সি
দুই-তিনিজনৰ কাম অকলেই কৰি অঁতাইছিল।
গতিকে কোনো দিন পৰিশ্ৰম নকৰা মানুহ
এজনে হঠাৎ অত্যধিক পৰিশ্ৰম কৰা কাৰণে তাৰ ৰাতি ৰাতি জ্বৰ আহিবলৈ আৰম্ভ কৰিলে ৷ কিন্তু
সি জ্বৰলৈ কেৰেপ নকৰি অবিশ্রান্তভাৱে পৰিশ্ৰম কৰি গ'ল ৷
স্থানান্তৰৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে
তাৰ চেতনা আহিল । গাটো সি দুৰ্বল অনুভৱ কৰিবলৈ ধৰিলে। পানী লগা জ্বৰ হোৱা বুলি
ভাবি সি ৰাখাল ডাক্তৰৰপৰা কুইনাইন দুটা মান আনি খালে। কিন্তু কুইনাইন খোৱাৰ পাছতো
তাৰ জ্বৰ ভাল নহ'ল।
বৰং বেছিহে হ'ল।
লাহে লাহে দুৰ্বল হৈ সি বিছনা ল’লে।
তাৰ অৱস্থা দেখি নুৰলহকে এদিন ৰাখাল ডাক্তৰক মাতি আনিলে ৷
ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি চিন্তিত
কণ্ঠত ক’লে- এয়া
দেখিছোঁ টাইফয়েডৰ লক্ষণ। দীর্ঘদিন চিকিৎসা চলাব লাগিব। কেচটো অলপ জটিল। তথাপিও চাওঁ কি কৰিব পাৰোঁ!
ডাক্তৰে চিকিৎসা আৰম্ভ কৰিলে ।
এসপ্তাহমান চিকিৎসা কৰাৰ পাছতো জ্বৰ নকমিল। বৰং আগতকৈও বেছিহে হ'ল। গতিকে ডাক্তৰো চিন্তিত হৈ পৰিল।
ৰাখাল ডাক্তৰ আচলতে পাছৰ ডাক্তৰ নহয় ।
তেওঁ বংগত থাকোঁতে চাৰি বছৰমান এগৰাকী ডাক্তৰৰ লগত আছিল। ঘঁহি থাকিলে শিল ক্ষয়
হোৱাৰ দৰে দীৰ্ঘদিন ডাক্তৰৰ লগত থকাৰ ফলত চিকিৎসা বিজ্ঞান সম্পৰ্কে তেওঁৰ জ্ঞান
ভালেই আছিল। দেশ স্বাধীন হোৱাৰ পাছত উনৈশ আঠচল্লিশ চনত যি সাম্প্রদায়িক সংঘর্ষই
দেশৰ বায়ু উত্তপ্ত কৰি তুলিছিল সেই সংঘৰ্ষৰ বলি হৈয়ে তেওঁ তেওঁৰ দৰে আন বহুতো
শৰণাৰ্থীৰ লগত ভাৰতলৈ আহিছিল। সিহঁতে প্রথমতে পশ্চিমবংগলৈ আহিছিল। পাছত পশ্চিমবংগ
চৰকাৰে সিহঁতক ‘মাইগ্ৰেশ্বন' কার্ড দি অসমলৈ পঠিয়াই দিছিল।
অসমলৈ আহি সিহঁত প্রথম আঠিয়াবাড়ী
(বৰপেটাৰোড)ত আশ্ৰয় লৈছিল আৰু তাৰপৰা সিহঁতে জীৱিকাৰ সন্ধানত অসমৰ বিভিন্ন ঠাইলৈ
ঢাপলি মেলিছিল। তাৰে এটা ঠাল আহিছিল আলীৰ পামলৈ। আলীৰ পাম তেতিয়া বংগীয়মূলৰ
মুছলমানৰ দৰদী হাতৰ পৰশত শস্য শ্যামল হৈ উঠিছিল। কিন্তু এই শৰণাৰ্থীসকল অহাৰ
আগলৈকে ভাল তেনে কোনো দোকান-পোহাৰ গঢ়ি উঠা নাছিল। গতিকে শৰণাৰ্থীসকল আহি দোকান
খুলি বহিল। গঢ়লৈ উঠিল আলীৰ পাম বজাৰ। ৰাখাল ডাক্তৰো সেই শৰণাৰ্থী সকলৰ লগত আহি
প্রেকটিচ্ আৰম্ভ কৰিছিল।
ৰাখাল ডাক্তৰ অহাৰ আগতে সাধাৰণ জ্বৰতো
বহু মানুহ মৃত্যুমুখত পৰিছিল। কলেৰা হ'লে কবিৰাজৰ জৰা-ফুকা,
মাদুলি বা ডাবৰ পানীয়ে একমাত্র চিকিৎসা আছিল। বসন্ত হ'লে কবিৰাজৰ জৰিয়তে ‘গাঁওবন্ধ’ কৰাই ৰোগীক কলৰ পাতত শুনাই শুকোতাৰ
পানীৰে গা তিয়াই মৃত্যুৰ বাবে ক্ষণ গণিছিল। জ্বৰ হ'লে চিতা বা শুকোতাৰ পানীয়ে আছিল মহৌষধি। ধুনুষ্টংকাৰ হ'লে গাত ভুত লম্ভিছে বুলি বেজৰ শৰণাপন্ন
হৈছিল। ৰসগোল্লা, মালভোগ
কল, গাখীৰ আদি
দেৱতালৈ ভোগ হিচাপে আগবঢ়াইছিল। দেৱতা ‘সেয়ানা’ হ’লে তেলৰ পিঠাও ভোগ হিচাপে আগবঢ়াবলগীয়া
হৈছিল। কেতিয়াবা জীৱনৰ পৰিবৰ্ত্তে জীৱন অৰ্থাৎ গৰু-ছাগলী দেৱতাৰ উদ্দেশ্য এৰি
দিছিল।
ৰাখাল ডাক্তৰ অহাৰ পাছতহে মানুহে
যৎসামান্য হ'লেও
আধুনিক চিকিৎসাৰ সুবিধা পায়। ফলত মানুহে ৰাখাল ডাক্তৰক দেৱতাৰ দৰে জ্ঞান কৰিছিল।
গতিকে ডাক্তৰৰ চকু-মুখত চিন্তাৰ ছাপ দেখি মহচীন হাজীয়ে উৎকণ্ঠিত ভাৱে সুধিলে- কি
হ'ল ডাক্তৰ বাবু, অসুখ ভাল নহ'ব নেকি?
ডাক্তৰে বিবৰ্ণ মুখত ক’লে- এতিয়ালৈকে যিবোৰ ঔষধ দিছোঁ জ্বৰ
এৰিব লাগিছিল। কিন্তু যি দেখিছোঁ,
ঔষধে একো কামেই কৰা নাই ৷ গতিকে তেজ আৰু পেচাপ-পায়াখানা পৰীক্ষা
নকৰাকৈ একো ক'ব
নোৱাৰিম। এইবোৰ পৰীক্ষা কৰিলেহে ৰোগৰ প্ৰকৃত কাৰণ ধৰা পৰিব । আপোনালোকে ৰোগীক
সদৰলৈ নিয়াৰ ব্যৱস্থা কৰক ।
সদৰলৈ নিয়াৰ কথা শুনি মহচীন হাজী
চিন্তিত হৈ পৰিল। ৰোগী সদৰলৈ নিবলৈ হ'লে বহু অসুবিধা । ৰাস্তা নাই- ঘাট নাই ৷ নাহ। কোনো যান-বাহনৰ সুবিধা।
ইফালে ৰোগীও দুর্বল। গতিকে খোজ কঢ়াই নিয়াও সম্ভৱ নহয়। গৰু গাড়ী অৱশ্যে আছে; কিন্তু বাৰিষা কালি কাৰণে গৰু-গাড়ীৰে
নিয়াও সম্ভৱ নহয়। ইফালে নাৱেৰে নিয়াও অসম্ভৱ। খলা-বমা বাট। ক'ৰবাত একঁকাল পানী যদিও ক'ৰবাত আকৌ বাম। শুকান।
গতিকে মহচীন হাজী নজৰুলকলৈ মহা বিপাঙত
পৰিল । ইফালে ডাক্তৰেও চিকিৎসা কৰিবলৈ এৰিলে৷ গতিকে কবিৰাজৰ জৰিয়তে চিকিৎসা চলাই
থাকিল । এদিন জীৱনৰ পৰিৱৰ্ত্তে জীৱন হিচাপে বলধ এটাও এৰি দিলে । কিন্তু একো ফল
নধৰিল ৷ ৰোগীৰ অৱস্থা দিনক দিনে বেয়াৰ ফালেহে ঢাল খাবলৈ ধৰিলে।
নজৰুলৰ অৱস্থা দেখি নুল হকো বিচলিত হৈ
উঠিল। সি এদিন ডাক্তৰৰ ওচৰলৈ গৈ কাকুতি-মিনতি কৰি ক'লে- আপুনিয়ে কিবা এটা ব্যৱস্থা কৰক, নহ'লে
ৰোগীৰ জীৱন ৰক্ষা কৰা টান হ'ব।
নুৰুল হকৰ কাকুতি-মিনতিত, ডাক্তৰৰ মন কুমলিল। তেওঁ নিজে সদৰলৈ
আহি ভাল ডাক্তৰৰ লগত পৰামৰ্শ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিলে। দিনৌ দুটাকৈ ইনজেক্চনৰ
লগতে আন আন ঔষধ। এমাহমান পাছত জ্বৰ এৰিল। লাহে লাহে বিছনাতো উঠি বহিব পৰা হ'ল ৷ দেহা দুৰ্বল। শৰীৰত মঙহ নাই। মৰা
বৰালিৰ দৰে তেজশূন্য শেঁতা মুখমণ্ডল। কেইদিন মানৰ ভিতৰতে মূৰৰ চুলি সৰি গ'ল। স্বাস্থ্যৰ উন্নতি হোৱাৰ লগে লগে
মূৰৰ গণ্ডগোলে দেখা দিলে। মানুহক মাৰপিট কৰিবলৈ ধৰিলে। অৱশেষত নজৰুলক শিকলিৰে
বান্ধি ৰাখিব লগা অৱস্থা হ'ল।
এনেতে আৰম্ভ হ'ল ঐতিহাসিক ভাৰত-চীন যুদ্ধ। জৱহৰলাল
নেহৰুৰ আহবান ক্ৰমে সমগ্ৰ দেশত প্ৰতিৰক্ষা পুঁজিলৈ দান বৰঙণি দিয়াৰ জোৱাৰ আহিল ৷
মহিলাসকলে নিজৰ অলংকাৰ পৰ্যন্ত দান কৰিলে প্ৰতিৰক্ষা পূঁজিলৈ। মহচীন হাজী সমন্বিতে
আলীগাঁৱৰ পৰাও বহুতে দান- বৰঙণি আগবঢ়ালে। (সৌ সিদিনালৈকে বহুতো ঘৰত বৰঙণি
আগবঢ়োৱা কাৰ্ড দেখিবলৈ পোৱা গৈছিল। মহচীন হাজীৰ ঘৰতো আছিল সেই কার্ড। আলীগাঁৱৰ
পৰা মহচীন হাজীয়েই সৰ্বাধিক বৰঙণি আগবঢ়াইছিল।)
এটা সময়ত যুদ্ধ শাম কাটিল । আৰম্ভ হ'ল ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচন। ফখৰ উদ্দিন আলি
আহমেদ, তাজ উদ্দিন, আতোৱাৰ ৰহমান, ৰেণুকা বৰকটকী আদিৰ দৰে নেতাসকল
নির্বাচনী প্ৰচাৰ অভিযান চলাবলৈ পৰ্যায়ক্রমে মহচীন হাজীৰ ঘৰলৈ আহিল।
নজৰুলৰ অৱস্থা দেখি এদিন তাজ উদ্দিন
চাহাবে ক’লে- ল'ৰাটোক চিকিৎসা পাতি কৰাইছে নেকি ?
মহচীন হাজীয়ে হুমুনিয়াহ কাঢ়ি ক’লে- কৰাইছোঁ, কিন্তু একোতে দেখোন ভাল পোৱা নাই।
কোনজন ডাক্তৰক দেখুৱাইছে?
ডাক্তৰক দেখুৱা নাই। বেজ-কবিৰাজৰ
হতুৱাই চিকিৎসা কৰাই আছোঁ।
তাজ উদ্দিন চাহাবে মহচীন হাজীৰ অজ্ঞতাত
মনে মনে হাঁহি ক'লে-
আপুনি এয়া কি কৰিছে! কবিৰাজে বলিয়াৰ কি চিকিৎসা কৰিব?
মহচীন হাজীয়ে সেমেনা-সেমেনি কৰি ক'লে- কিন্তু ডাক্তৰে জানো বলিয়াৰ
চিকিৎসা কৰিব পাৰে ?
কৰিব নোৱাৰে মানে? আজি-কালি চিকিৎসা শাস্ত্ৰত কিহৰ
চিকিৎসা নাই? সকলো
ৰোগৰে চিকিৎসা আছে। তেজপুৰত মানসিক ৰোগীবোৰক চিকিৎসাৰ কাৰণে পগলা ফাটেকো আছে ৷
আপুনি ল'ৰাটোকলৈ
বৰপেটালৈ যাব। মই ডাক্তৰৰ লগত আলোচনা কৰি চিকিৎসাৰ ব্যৱস্থা কৰি দিম।
নিৰ্বাচন হৈ গ'ল। নিৰ্বাচনত তাজ উদ্দিনেই জয়ী হ'ল। নজৰুলকলৈ নুৰুলহক বৰপেটালৈ আহিল ৷
তাজ উদ্দিন চাহাবে ডাক্তৰৰ লগত পৰামৰ্শ কৰি চিকিৎসাৰ ব্যৱস্থা কৰি দিলে। এবছৰমান
চিকিৎসাৰ পাছত নজৰুল পুনৰ স্বাভাৱিক অৱস্থালৈ আহিল। তাক পুনৰ লেখা-পঢ়া কৰিবলৈ
পঠোৱাৰ কথা ভাবিলে যদিও সি পঢ়িবলৈ নগ'ল। ইতিমধ্যে তাৰ বয়সো হৈছিল। সেয়ে মহচীন হাজীয়েও বিশেষ জোৰ নকৰিলে
৷ এইদৰেই নজৰুলৰ শিক্ষা জীৱন ইতি পৰিল ।
** ** **
গৰা খহনীয়াৰ দুবছৰমান পাছৰপৰা মহচীন
হাজীৰ সংসাৰত অভাৱ অনাটন গা কৰি উঠিল। সাঁচতীয়া ধন যিখিনি আছিল ঘৰ-দুৱাৰ
স্থানান্তৰ আৰু নজৰুলৰ চিকিৎসা বাবদ খৰচ গৈ'ল। উপাৰ্জন কমি যোৱাৰ সমান্তৰালভাৱে নুৰুল হকৰ ব্যৱসায়ৰ মূলধনো কমি
আহিবলৈ ধৰিলে। এটা সময়ত মূলধনৰ অভাৱত নুৰুলহকৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম হ'ল। গৰা খহনীয়াৰ পাছত মাথোন চাৰিবিঘা
মাটিহে অৱশিষ্ট আছিল। তাৰো এবিঘাত ঘৰখন আৰু এবিঘাত মছজিদ আৰু বিদ্যালয় গৃহটো আছিল
৷
মাটিৰ কথা চিন্তা কৰি নুৰুলহকে অৱশ্যে
বিদ্যালয়খন খালৰ পাৰৰ খাচ মাটিত স্থানান্তৰ কৰিব খুজিছিল। কিন্তু মহচীন হাজীয়ে
তেতিয়া আপত্তি কৰি কৈছিল- নাই,
নাই, সেয়া
নহ'ব। মই জীয়াই থকা
দিনকেইটা বিদ্যালয়খন মোৰ ওচৰতে ৰাখিম । বহুদিনৰ পৰা ল'ৰা-ছোৱালীৰ হাই-উৰুমি শুনি শুনি মই
অভ্যস্ত হৈ পাৰিছোঁ। হঠাৎ হাই-উৰুমি বন্ধ হৈ গ'লে মোৰ হৃদয়ৰ স্পন্দনো যেন বন্ধ হৈ যাব। ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে
পাঠ পঢ়িলে যি গুঞ্জন উঠে সেয়া মোৰ কাণত সংগীতৰ মূৰ্চ্ছনাৰ দৰে অনুভূত হয়। সেই
ধ্বনিৰ মাজত মই নতুন দিনৰ আহ্বান শুনিবলৈ পাওঁ। অঞ্চলটোৰ ভৱিষ্যত স্কুলখনৰ মাজত
লুকাই আছে। স্কুল নহয় এয়া যেন মোৰ বুকুৰ কলিজাহে ! গতিকে যিয়েই নহওঁক কিয় মই
জীয়াই থকা দিনকেইটা স্কুলখন মোৰ চকুৰ আগতে ৰাখিম। মই মৰি গ'লে তেতিয়া যি মন যায় কৰিবা।
দেউতাকৰ এই কথাৰ বিৰোধিতা বা প্ৰতিবাদ
কৰিবলৈ ভৰসা নাপাই নুৰুলহকে বিদ্যালয়খন ঘৰখনৰ ওচৰতে স্থানান্তৰ কৰিব লগা হৈছে।
ফলত বিদ্যালয়খনৰ বাবেও এবিঘা মাটি এৰি দিব লগীয়া হৈছে। ইয়াৰ উপৰিও অৱশিষ্ট যি
দুবিঘা মাটি আছিল তাৰো এবিঘা বজাৰখনৰ বাবে এৰি দিছে। বজাৰৰ কাৰণে এবিঘা মাটি
অৱশ্যে নুৰ্লহকে নিজে উদ্যোগ লৈয়ে দিছে।
দেশ স্বাধীন হোৱাৰ দুই-তিনি বছৰমান
পাছত পূর্ব পাকিস্থানৰ পৰা অহা শৰণাৰ্থী সকলে বজাৰখন স্থাপন কৰাৰ কথা আগতেই উল্লেখ
কৰা হৈছে। মহচীন হাজী নিজেও তেতিয়া বজাৰখন স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈছিল আৰু তেওঁ
বহুদিন বজাৰ কমিটিৰ সদস্যও আছিল ৷ ব্ৰহ্মপুত্ৰৰ মৰা সুঁতিৰ পাৰত ভোলা বেপাৰীৰ এখন
গেলামালৰ দোকান আছিল। দেশ স্বাধীন হোৱাৰ পাছত পূর্ব পাকিস্থানৰ পৰা অহা হিন্দু
ব্যৱসায়ী শৰণাৰ্থীসকলে ভোলা বেপাৰীৰ দোকানৰ কাষতে বজাৰখন স্থাপন কৰিছিল । প্রথমে
আহিছিল নিত্যানন্দ আৰু গৌড় সাহা। সিহঁতৰ পাছে পাছে বিভিন্ন বৃত্তিৰ প্ৰায় পঞ্চাছ
ষাঠি ঘৰমান শৰণাৰ্থী আহি বাসগৃহ স্থাপন কৰি দোকান-পোহাৰ আৰম্ভ কৰিছিল ৷ অলপ দিনৰ
ভিতৰতে বজাৰখন জাক-জমক হৈ উঠে আৰু আলীৰ পাম বজাৰ নামেৰে বিখ্যাত হৈ পৰে। তাৰাবাৰী
বজাৰৰ পাছতে আলীৰ পাম বজাৰে স্থান লাভ কৰিবলৈ সক্ষম হয়। কিন্তু ব্ৰহ্মপুত্ৰৰ গৰা
খহনীয়াৰ ফলত ১৯৬১ চনত বজাৰখন স্থানান্তৰ কৰিব লগীয়া হয়। ফলত বজাৰখন আগৰ ঠাইৰ
পৰা এক মাইল উত্তৰলৈ উঠি আহে। তাত বজাৰখন শিমলুতল বজাৰ নামেৰে জনাজাত হৈছিল।
এবছমানৰ পাছত বজাৰখন পুনৰ গৰাখহনীয়াৰ কবলত পৰে আৰু দুটা ভাগত বিভক্ত হৈ এটা অংশ
কাঁহিবাৰীলৈ উঠি যায় আৰু এটা অংশ আলীগাঁৱলৈ উঠি আহে। আলীগাঁৱত স্থাপন কৰা বজাৰখন
আলমতল আৰু কাঁহিবাৰীৰ বজাৰখনৰ নাম ‘চুয়েজ
গেট’(শুইজগেট) নামেৰে
জনাজাত হৈ পৰে। দুই তিনি বছৰমান পাছত আলীগাঁও বজাৰখন পুনৰ খহনীয়াৰ কৱলত পৰাত পুনৰ
দুটা ভাগত বিভক্ত হৈ এটা অংশ যায় মাণিকপুৰলৈ আৰু এটা অংশ আলীগাঁৱৰ পশ্চিম
প্রান্তলৈ উঠি আহে। দানেছ মুঞ্চী নামৰ ব্যক্তি এগৰাকীয়ে বজাৰখনৰ নামত আঠ বিঘা
মাটি দান কৰে। ফলত বজাৰখন জাকজমক হৈ উঠে আৰু শেষত মাণিকপুৰলৈ উঠি যোৱা অংশটোও পুনৰ
আলীগাঁৱলৈ উঠি আহে। দানেছ মুঞ্চীয়ে দান কৰা মাটিৰ লগতে মহচীন হাজীৰ মাটি আছিল।
নুৰলহকে মাণিকপুৰৰপৰা উঠি লোকসকলৰ কাৰণে এবিঘা মাটি এৰি দিয়ে। ফলত বৰ্তমান নুৰুল
হকহঁতৰ মাথোন এবিঘা খেতিৰ মাটি অৱশিষ্ট আছে।
নুৰুল হকে পৰিয়ালৰ একমাত্ৰ
উপাৰ্জনক্ষম ব্যক্তি। মহচীন হাজী বৃদ্ধৰ লগতে পক্ষাঘাত গ্রস্ত। নজৰুলৰ বেমাৰ ভাল হ'লেও সি সংসাৰৰ প্ৰতি উদাসীন। সংসাৰ
সম্পৰ্কে তাৰ জ্ঞানো সীমিত। ইফালে উপাৰ্জনৰ কোনো স্থায়ী ব্যৱস্থাও নাই। সেয়ে
পৰিয়ালটো লৈ নুৰুল হক মহা সমস্যাত পৰিল। গতিকে উপাৰ্জনৰ স্থায়ী ব্যৱস্থা কৰাৰ
কাৰণে নুৰুলহকে টিনপাতৰ ঘৰ এটা বিক্ৰী কৰি ব্যৱসায়ৰ বাবে মূলধনৰ ব্যৱস্থা কৰাৰ
কথা ভাবিলে।
ভবামতেই সি এদিন দেউতাকৰ ওচৰত ঘৰ
বিক্ৰীৰ বাবে অনুমতি বিচাৰিলে- দেউতা, মোৰ বাবে বৰ্তমান সংসাৰ চলোৱাটো খুবেই কঠিন হৈ পৰিছে। গতিকে টিনপাতৰ
ঘৰ এটা বিক্ৰী কৰি কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছোঁ। আপুনি যদি অনুমতি
দিয়ে....... নুৰলহকে বাক্যটো আধৰুৱাকৈ এৰি দেউতাকৰ মুখলৈ চালে।
নৰুল হকৰ প্ৰস্তাৱটো শুনি মহচীন হাজীৰ
হৃদয় বিষণ্ণ বেদনাত টন্টাই উঠিল । তেওঁ কোনোমতে নিজক চম্ভালি বিষণ্ণ দৃষ্টিত
নৰুলহকলৈ চাই ক’লে-
সংসাৰখন চলোৱাত যে অসুবিধা হৈছে সেয়া মই উপলব্ধি নকৰা নহয় । কিন্তু মই ভাবিছোঁ বেলেগ
কথাহে । ব্যৱসায়ৰ চিন্তা এৰি কিছু মাটিৰ ব্যৱস্থা কৰা। আমি কৃষক মানুহ। মাটি নহ'লে কৃষকৰ নচলে। তুমি নহ'লে ৰূপাকুছিলৈ যোৱা। তাত কিছুমাটি
কিনাৰ ব্যৱস্থা কৰাগৈ । চৰৰ আশাত ইয়াত পৰি থাকিলে ভবিষ্যত নোহোৱা হ'ব। ল'ৰা-ছোৱালীলৈ লঘোণ দিব লাগিব। বেকী, মানাহ হ’লে বেলেগ
কথা আছিল । এয়া ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰই তাৰ পেটৰপৰা সহজে মাটি উলিয়াই নিদিয়ে
। তদুপৰি ইয়াৰ পৰাওনো নদী কিমান দূৰ! যেনেকৈ ৰুদ্ৰমূৰ্ত্তি ধৰি আগুৱাই আহি আছে
দুই তিনি বছৰৰ ভিতৰতে এইখিনি মাটিও পেটত সুমুৱাই ল'বহি। গতিকে সোনকালে ইয়াৰ পৰা উঠি যোৱাৰ ব্যৱস্থা কৰা। সংসাৰৰ সকলো
দায়িত্বতো এতিয়া তোমাৰ ওপৰতে। নজৰুলে সংসাৰৰ আওভাও একো বুজি নাপায়। মাটিৰ
ব্যৱস্থা কৰিব পাৰিলে তাকো কৃষি কৰ্মত লগাব পৰা যাব।
কিন্তু টকা ক’ত পাম? নুৰুলহকে চিন্তান্বিত কণ্ঠত ক’লে- টকা নোহোৱাকৈ জানো মাটি কিনিব পৰা যাব?
টিনপাতৰ ঘৰকেইটাকে বিক্ৰী কৰি দিয়া ।
নুৰুল হকে কাতৰ মিনতি ভৰা কণ্ঠত ক’লে- কিন্তু আটাইকেইটা ঘৰ বিক্ৰী কৰিলে
ল'ৰা-ছোৱালীলৈ
থাকিম ক’ত?
খেৰী ঘৰৰ ব্যৱস্থা কৰিলেই হ'ব। মহচীন হাজীয়ে দৃঢ় কণ্ঠত ক’লে- মাটি হ'লে পাছত ঘৰৰ ব্যৱস্থা কৰাটো অসুবিধা নহ'ব। নৰুল হকৰো প্ৰস্তাৱটো পচন্দ হ'ল। সেয়ে ক'লে সি- আপুনি ভাবিছে যেতিয়া তাকে কৰক।
কিন্তু মাটি কিনিম ক’ত?
মহচীন হাজীৰ ভ্ৰযোৰ কুঞ্চিত হৈ উঠিল।
মাটি কিনা অৱশ্যে এটা ডাঙৰ সমস্যা। য'তে ত'তে
মাটি কিনা সম্ভৱো নহয় । তদুপৰি দেশ এৰিলে হেনো মানো এৰিব লাগে। এনেকুৱা ঠাইত
পাতিবা ঘৰ, য'ত আছে আধা আপোন আধা পৰ। সেই হিচাপে
ৰূপাকুছিয়ে উত্তম ঠাই। তেওঁলোক এটা সময়ত ৰূপাকুছিৰে মানুহ আছিল। তাত তেওঁলোকৰ
বহুতো আত্মীয় স্বজন এতিয়াও আছে। ভায়েক মজিদো থাকে ৰূপাকুছিত । মাক-দেউতাকৰ
মৃত্যুৰ পাছত সি তাৰ স্ত্ৰীৰ কু-বুদ্ধিত ভোল গৈ শহুৰেকৰ লগত পৰামৰ্শ কৰি মহচীন
হাজীৰ লগত বেলেগ হৈ ৰূপাকুছিলৈ উঠি গৈছে। মহচীন হাজীয়ে অৱশ্যে তাক ৰূপাকুছিলৈ উঠি
নাযাবলৈ অনুৰোধ কৰিছিল। কিন্তু সি সেই অনুৰোধ নাৰাখিলে ৷ অৱশ্যে তেতিয়া সি বেলেগ
হৈ যোৱাত বেয়া পালেও এতিয়া ভালেই পাইছে। আলীগাঁৱত থাকিলে সিও তেওঁৰ দৰে
স্বৰ্বস্বান্ত হ'লহেঁতেন।
আল্লাহই যি কৰে মংগলৰ কাৰণেই কৰে। বেয়াৰ মাজতো কিছু ভাল নিহিত হৈ থাকে। এতিয়া
এনেকুৱাই উপলব্ধি হৈছে মহচীন হাজীৰ ৷ তেওঁৰ শহুৰেকৰ ঘৰো ৰূপাকুছিত। শহুৰেক অৱশ্যে
দুবছৰমান আগত ঢুকাল। তেওঁ ঢুকালেও তেওঁৰ ল'ৰা-ছোৱালী আছে। ভনীয়েক ফৰিদাও বৰ্তমান ৰূপাকুছিতে আছে। দলুমিয়া
ঢুকোৱাৰ পাছত সিহঁত ৰূপকুছিলৈ উঠি গৈছে। গতিকে ৰূপাকুছিয়ে আটাইতকৈ নিৰাপদ ঠাই হ'ব বুলি ভাবিলে মহচীন হাজীয়ে ।
সেয়ে তেওঁ নুৰুলহকক উদ্দেশ্য কৰি ক'লে- ল'ৰা-ছোৱালীলৈ ঘৰ-সংসাৰ কৰা কথা। কিছু আপোন মানুহ থকাটো প্রয়োজন। সেই
হিচাপে ৰূপাকুছিয়ে ভাল হয় নেকি?
তুমি নহ'লে
ৰূপাকুছিলৈ গৈ মাজেদৰ লগত এই বিষয়ে আলোচনা কৰাগৈ ৷
ৰূপাকুছিলৈ যাওঁতে ইতিমধ্যে মই এই
বিষয়ে আলোচনা কৰিছোঁ। নুল হকে ক'লে-
বিক্ৰীৰ বাবে মাটি নাই বুলি জনাইছে তেওঁ। তেনেহ'লে এতিয়া কি কৰা যায়? মহচীন হাজীয়ে হতাশ কণ্ঠত সুধিলে।
নুৰুলহকৰ হঠাৎ এষাৰ কথা মনত পৰি গ'ল। কেইদিনমান আগতে সিহঁতৰ গাঁৱৰে জিগীৰ
বেপাৰী হাজোৰ ওচৰৰ হাবুল খোৱালৈ গৈছিল মাটি চাবৰ বাবে। মাটি চায়ো আহিছে। মাটি
পচন্দও হৈছে তেওঁলোকৰ ৷ মাটিৰ মালিকৰ লগত কথা-বতৰাও পাতি আহিছে। সিদিনা বজাৰত
জিগীৰ বেপাৰীয়ে নুৰুলহকক কথাটো কৈছে। গতিকে সি দেউতাকক ক'লে- কেইদিনমান আগতে পশ্চিমপাৰাৰ জিগীৰ
বেপাৰী হাবলা খোৱালৈ গৈছিল। তাত তেওঁলোকে মাটি চাইয়ো আহিছে। ভাল সাৰুৱা মাটি।
দামো কম । তেওঁলোকে তাত মাটি কিনিবও। গতিকে তেওঁলোকৰ লগত আলোচনা কৰিলে কেনে হয়?
মহচীন হাজীয়ে হতাশ ও বিষণ্ণ কণ্ঠত ক’লে- নজনা নুশুনা ঠাই। হঠাৎ গৈ তাত বসতি
কৰাটো সম্ভৱ হ'ব
জানো?
দেউতাকৰ মন্তব্যত নৰুলহক কিছু পৰিমাণে
বিব্ৰত ও হতাশ হ'ল
যদিও এষাৰ কথা ভাবি সি উৎসাহিত কণ্ঠত ক’লে- দুই এঘৰতো নাযাও! প্রায় পোন্ধৰ গিৰিমান যাব। বিশ্বা, মুছা খুৰা, পোচাই মাতবৰকে আদি কৰি ভালেমান মানুহ
যাব বুলি শুনি আছো । শেষ মুহূৰ্ত্তত আৰু দুই চাৰি গিৰি ওলাবও পাৰে হয়তো। গতিকে
আমি নিজেই সমাজ পাতি থাকিব পাৰিম। লোকৰ ভৰসা কৰাৰ প্ৰয়োজন নহ'ব ।
নুৰুলহকৰ যুক্তিতো মহচীন হাজী সন্তুষ্ট
হ'ব নোৱাৰিলে। ক'লে তেওঁ- সি ফালেতো থলুৱা হিন্দু বসতি
প্রধান। লাইন প্ৰথাৰ ভিতৰত পৰে নেকি সেয়াওতো চাব লাগিব৷
নুৰুলহকে দেউতাকক অভয় দি ক'লে- নাই নাই, চিন্তা কৰিব নালাগে। জিগীৰ বেপাৰীওতো
কেঁচা মানুহ নহয়। তেওঁ সকলো জানি শুনিয়ে পচন্দ কৰিছে! ম্যাদী মাটি। টকা চমজাই
ৰেজিষ্ট্ৰি কৰি দখল চমজাই ল'লে
ভয়ৰ কোনো কাৰণে নাথাকিব। তদুপৰি লাইন প্রথা বর্তমান নামতহে আছে- কামত নাই।
জিগীৰ বেপাৰী পশ্চিম পাৰাৰ মাতবৰ।
মানুহজন ভাল। আইন কানুনৰ বিষয়েও জ্ঞাত। কোনো কাজিয়া-পেচালত নাই ৷ কিন্তু মানুহজন
অলপ জেদী। অন্যায় দেখিলে মূৰ গৰম হয়। লতিফ খাঁহঁত কূট-কৌশলী বাবে তেওঁ সিহঁতক
চকু পৰি দেখিব নোৱাৰে। জিগীৰ বেপাৰী মহচীন হাজীতকৈ বয়সত কিছু সৰু হ'লেও মহচীন হাজীৰ লগত ভাল । হাজীক
সন্মানো কৰে।
গতিকে মহচীন হাজীয়ে ক'লে- তুমি বাৰু জিগীৰ বেপাৰীক মোৰ লগত
দেখা কৰিবলৈ ক’বাচোন।
সি আহিলে মই তাৰ লগত আলোচনা কৰি তোমাক মই মোৰ সিদ্ধান্তৰ কথা জনামহি।
পাছদিনাই মহচীন হাজীৰ আহ্বান ক্ৰমে
জিগীৰ বেপাৰী আহিল। জিগীৰ বেপাৰীৰ লগত আলোচনা কৰি মোটা-মুটি সন্তুষ্ট হৈ মহচীন
হাজীয়ে নুৰুলহকক হাবলা খোৱাত মাটি কিনাৰ বাবে অনুমতি দিলে।
দুদিনমান পাছত নুৰুল হক জিগিৰ বেপাৰীৰ
লগত হাজোৰৰ ওচৰৰ হাবুল খোৱালৈ আহিল। সিহঁতৰ লগত বিশ্বা, মুছা শ্বেখ, পোচাই মাতবৰকে আদি কৰি প্ৰায় বাৰ
জনমান মানুহ আহিল। সিহঁতে মাটি চালে। মাটি চাই পছন্দও হ'ল। বাম মাটি। হালিখেতিৰ উপযোগী মাটি।
দাম-দৰ বন্দোৱস্ত কৰি এশ বিঘা মাটিৰ বায়না কৰিলে। নুৰুল হকে পোন্ধৰ বিঘা আৰু
জিগীৰ বেপাৰীয়ে বাৰ বিঘা মাটি লোৱাৰ সিদ্ধান্ত ল'লে। বাকীবোৰে কোনোবাই দুই বিঘা কোনোবাই চাৰি বিঘা, কোনোবাই কোনোবাই আকৌ পাঁছ বিঘা এনেকৈ
সামর্থ অনুসৰি বাকী মাটিৰ বায়না দিলে।
ঘৰলৈ আহি নুৰুল হকে টিনপাতৰ চাৰিটা ঘৰৰ
লগতে গৰু তিনিটা বিক্ৰী কৰি কৰিলে। তাৰ পাছত হাবুল খোৱালৈ গৈ মালিকক আধা টকা চমজাই
দি বাকী টকা ৰেজিষ্ট্ৰিৰ সময়ত দিয়াৰ সিদ্ধান্তলৈ মাটিৰ দখল চমজাই ল’লে। এইদৰে সিহঁতে একেলগে বিছগিৰি
মানুহে মাটি কিনিলে।
তাৰ পাছত ঘৰ সজাৰ কাম আৰম্ভ হ'ল । স্থানীয় মানুহৰপৰা বাঁহ, খেৰ গোটাই নুৰুল হকেও ঘৰ সজাৰ কাম
আৰম্ভ কৰিলে । পোন্ধৰ দিনৰ অক্লান্ত পৰিশ্ৰমৰ অন্তত ঘৰ সজা কাম শেষ হ'ল।
ঘৰসজাৰ সময়ত নুৰল হকে নজৰুলকো খবৰ দি
নিছিল। ঘৰ-দুৱাৰ সজা হলত নজৰুলক থৈ নুৰুলহক ঘৰলৈ আহিল ৷ নুৰুলহক ঘৰলৈ অহাৰ
দুদিনমান পাছত এটি ঘটনা ঘটিল।
এদিন ৰাতিপুৱা তাৰে স্থানীয় মানুহ
কেইজনমান নুৰুলহকহঁতে পতা নতুন বসতিটোলৈ আহিল। সিহঁত আহি জিগীৰ বেপাৰীৰ ঘৰত উঠিল।
সিহঁতৰ লগত মাটি বিক্ৰী কৰা মানুহ কেইগিৰিও আহিছিল৷
জিগীৰ বেপাৰীৰ ওচৰত মাটি বিক্ৰী কৰা
মানুহজনে বিব্রত মুখমণ্ডলত চেষ্টাকৃত গাম্ভীর্য আনি ক'লে- বেপাৰী, আমি বিশেষ কথা এষাৰ লৈ আপোনাৰ ওচৰলৈ
আহিলোঁ।
জিগীৰ বেপাৰীয়ে কোনো মন্তব্য কৰাৰ
আগতেই অপেক্ষাকৃত বুঢ়া মানুহ এজনে ক’লে- আমি বিশেষ সমস্যা এটাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে
এটা কাম কৰিব লাগিব ।
জিগীৰ বেপাৰীয়ে সন্দিগ্ধ ওকৌতূহলী
দৃষ্টিত মানুহগৰাকীলৈ চাই ক'লে-
কওঁক কি ক'ব
খুজিছে।
মানুহগৰাকীয়ে চিন্তাক্লিষ্ট মুখত
উপদেশৰ সুৰত ক'লে-
আমাৰ মানুহবোৰে আপোনালোকৰ মাটি কিনালৈ এটা সমস্যাত পৰিছে। আমি হিন্দু, আপোনালোক মুছলমান। আমি সন্ধিয়া
যেতিয়া কাঁহ ডবা বজাম, আপোনালোকে
তেতিয়া মছজিদত নামাজ পঢ়িব। ভৱিষ্যতে ইয়াকে লৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তদুপৰি খাদ্যৰো সমস্যা আছে।
আপোনালোকে যি বস্তু খায় আমি সেইবোৰ নাখাওঁ । আকৌ আমি যি খাওঁ আপোনালোকে সেইবোৰ
নাখায়। নাই নাই, আমি
আপোনালোককক ইয়াৰ পৰা উঠি যাবলৈ কোৱা নাই । এই মাটিৰ পৰিৱৰ্ত্তে আমি আপোনালোকক
বিলৰ দাঁতিৰ মাটি দিয়াৰ কথা ভাবিছোঁ। আপোনালোকে তাত ইচ্ছামতে চলিব ফুৰিব পাৰিব ৷
বিলৰ দাঁতিত আমালোকৰ বহু মাটি আছে। বৰোধানৰ খেতিতো খুবেই ভাল হয় বিলৰ মাটিত ৷
ইতিমধ্যে জিগীৰবেপাৰীহঁতৰ দলৰ অন্যান্য
মানুহবোৰ খবৰ পাই আহি জিগীৰ বেপাৰীৰ চোতালত ভিৰ কৰিছিল ৷ মানুহকেইজনৰ মাজত নজৰুলো
আছিল ।
বৃদ্ধগৰাকীৰ কথা শুনি নজৰুল উত্তেজিত
হৈ উঠিল। সি উত্তেজিত কণ্ঠত ক’লে-
আমি টকা দি মাটি কিনিছোঁ, ইতিমধ্যে
আধা টকা দিয়া হৈ গৈছে। এতিয়া এই মাটি এৰি আমি বিলৰ পাৰৰ মাটিলৈ যোৱাৰ প্ৰশ্নই
উঠিব নোৱাৰে। ইফালে ঘৰো সজা হৈ গৈছে।
বৃদ্ধৰ কথা শুনি জিগীৰ বেপাৰীৰ
চকু-মুখত দুশ্চিন্তাৰ ছাপ প্ৰকট হৈ উঠিছিল। খং কৰিলে বা যুক্তি তৰ্কৰ আশ্ৰয় ল'বলৈ গ'লে পৰিস্থিতি অধিক জটিল হ'ব পাৰে বুলি ভাবি তেওঁ নজৰুলক ধমকি দি ক'লে- তুমি মনে মনে থাকাচোন। যি ক'ব লাগে মই ক'ম। নজৰুলক এইদৰে ধমকি দি তেওঁ থলুৱা
মানুহ কেইজনলৈ উদ্দেশ্য কৰি ক'লে-
আপোনালোকে কথাটো অৱশ্যে বেয়া কোৱা নাই ৷ কিন্তু মইতো অকলে মাটি কিনা নাই। মোৰ লগত
আৰু কেইগিৰিমান আছে। সিহঁতৰ লগত আলোচনা কৰি কাইলৈ ৰাতিপুৱা আমাৰ সিদ্ধান্তৰ কথা
আপোনালোকক জনামহি।
থলুৱা মানুহ কেইজনৰ লগত গাঁৱৰ
গাওঁবুঢ়াও আহিল। গাঁওবুঢ়াই উপদেশৰ সুৰত ক'লে- এতিয়ালৈকে যেহেতু মাটি ৰেজিষ্ট্রি লোৱা হোৱা নাই, গতিকে বিশেষ অসুবিধা নহ'ব। বিলৰ পাৰৰ মাটি লোৱাত যদি আলোনালোকৰ
আপত্তি আছে তেনেহ'লে
আমি আপোনালোকক বায়নাৰ টকা ঘূৰাই দিবলৈ সাজু আছোঁ। সিদ্ধান্ত লয় কাইলৈ কথাটো আমাক
জনাব।
মানুহ কেইজন গুচি যোৱাৰ পাছত জিগীৰ
বেপাৰীহঁতে আলোচনাত বহিল । কাৰণ প্ৰায়বোৰ মানুহেই ইতিমধ্যে আহি তাত গোট খাইছিল।
জিগীৰ বেপাৰীয়ে উপস্থিত মানুহবোৰৰ মতামত বিচাৰিলে- আপোনাকে নিজেই কথাবোৰ শুনিলে ।
এতিয়া এই বিষয়ে কি সিদ্ধান্ত ল'ব খোজে?
নজৰুলে ক্ষোভেৰে সৈতে নিজৰ মত ব্যক্ত
কৰিলে- আমি টকা দি মাটি কিনিছোঁ। এতিয়া ক'লেই আমি মাটি এৰি দি বিলৰ পাৰলৈ যাম নেকি? নাযাওঁ। প্রয়োজন হ'লে আমি আইনৰ আশ্ৰয় ল’ম।
পোচাই মাতবৰ মানুহজন অলপ শান্তি প্রিয়
। কাজিয়া পোচাল, আইন
আদালত ভাল নোপোৱা মানুহ। তেওঁ শান্ত সুৰত ক’লে- টকা ঘূৰাই দিব খুজিছে যেতিয়া টকা ঘূৰাই লোৱাই উচিত হ'ব। বাধা পৰিছে যেতিয়া আমি ইয়াৰ পৰা
যোৱাই ভাল।
এইদৰে নানাজনে নানা ধৰণে পৰামৰ্শ
আগবঢ়ালে।
জিগীৰ বেপাৰীয়ে আটাইৰে কথা-বতৰা শুনি
উপদেশৰ সুৰত ক'লে-
আমি ইতিমধ্যে আধাতকৈও বেছি টকা দি পেলাইছোঁ। এতিয়া যদি আমি সিহঁতৰ কথা মতে নাথাকো
মাটিৰ পৰা উঠি যাব লগাও হ'ব
পাৰে। বিলৰ মাটি নল'লে
টকা ঘূৰাই দিয়াৰ কথাও অৱশ্যে কৈছে। কিন্তু টকা ঘূৰাই দিওঁতে যে কিমান দিন লাগিব
তাৰো একো ঠিক নাই। তাতকৈ আমি সিহঁতৰ কথামতে কাম নকৰোঁ কিয়? বিলৰ মাটিকে লওঁ। বিলৰ মাটিওতো বেয়ানহয়।
ভাল বৰোধান হয়। ইচ্ছা কৰিলে বাওধানৰ খেতিও কৰিব পৰা যাব।
পোচাই মাতবৰে ক'লে- নুৰুলহকহঁতৰে মাটি বেছি। সিহঁতৰ
পৰা দুদিন সময় লৈ হাজী চাহাবৰ লগত আলোচনা কৰি আহিলে কেনে হয়? তেওঁতো এজন বিজ্ঞ মানুহ। ভাল-বেয়া
নিশ্চয় বুজিব পাৰিব ৷
জিগীৰ বেপাৰীয়ে পোচাই মাতবৰৰ প্ৰস্তাৱ
সমৰ্থন কৰি ক'লে-
বাৰু, মাতবৰ চাহাবে
কৈছে যেতিয়া তাকেই কৰোঁ। নে কি কয় ৰাইজ?
সমবেত আটায়ে জিগীৰ বেপাৰীৰ কথাত
সমর্থন জনালে। পাছদিনাই জিগীৰ বেপাৰী আলীগাঁৱলৈ আহিল । তেওঁ নুৰুলহক আৰু মহচীন
হাজীক লগ ধৰি হাবনী খোৱাত ঘটা ঘটনাৰ কথা জনালে।
জিগীৰ বেপাৰীৰ মুখত ঘটনাৰ বিৱৰণ শুনি
নুৰুল হকে ক্ষুব্ধ কণ্ঠত ক’লে-
সিহঁতক বিশ্বাস কৰি বিলৰ পাৰত মাটি লৈ লাভ নাই ৷ টকা দিয়ে যদি টকাই ঘূৰাই লওঁক।
জিগীৰ বেপাৰীয়ে মহচীন হাজীৰ মতামত
বিচাৰিলে- এই বিষয়ে আপোনাৰ কি মত?
মহচীন হাজীয়ে খন্তেক মনে মনে ভাবি ক'লে- মুখৰ কথা, হাতৰ শৰ এবাৰ এৰি দিলে দুনাই ঘূৰি
নাহে। টকাও ধৰক প্ৰায় তেনেকুৱাই । ঘৰৰপৰা এবাৰ ওলাই গ'লে পুনৰ ঘূৰি অহা মিছা। সিহঁতে যদি টকা
ঘূৰাই দিয়াৰ কাৰণে সময় খোজে তেনেহ'লে বিলৰ পাৰৰ মাটিকে লওঁকগৈ। ভাগ্যত যি আছে সেয়েই হ'ব আৰু।
জিগীৰ বেপাৰী পাছদিনাই হাবুল খোৱালৈ
আহি মাটি বিক্ৰী কৰা মানুহ কেইগিৰিক লগ ধৰি ক'লে- যদি টকা ঘূৰাই দিয়ে আমি বাৰু টকাই ঘূৰাই ল'ম। আপোনালোকে আমাক টকাই ঘূৰাই দিয়ক।
মাটি বিক্ৰী কৰা মানুহবোৰৰ মাজৰ পৰা
এজনে ক'লে- টকা ঘূৰাই ল'লে নিশ্চয় দিম; কিন্তু আমাক অন্ততঃ দুটা মাহ সময় দিব
লাগিব। কাৰণ আপোনালোকৰ টকা ইতিমধ্যে আমি খৰচ কৰি পেলাইছোঁ। যোগাৰ কৰিলেহে দিব
পাৰিম।
আমাৰ মানুহবোৰে টকা ঘূৰাই দিয়াৰ কাৰণে
সময় দিব নোৱাৰে। গতিকে আপোনালোকে বিলৰ পাৰৰ মাটিয়ে ৰেজিষ্ট্রি দিয়ক। হ'ব বাৰু। আপোনালোকে সমুদায় টকা আদায়
দিলেই আমি মাটি ৰেজিষ্ট্ৰি দি দিম।
শেষত বাকী টকা দি বিলৰ পাৰৰ মাটিকে
ৰেজিষ্টিলৈ আটায়ে বিলৰ পাৰলৈ উঠি আহিল।
বিলৰ পাৰলৈ উঠি অহাৰ পাছত খৰালিৰ
দিনকেইটা ভালদৰেই পাৰ হ'ল।
বৰোধানৰ খেতি কৰি ধানো সময়মতে চপালে ৷ হাল- কোৰ মাৰি কিছু মাটিত বাওধানো সিঁচিলে।
ধানো লপকৈ বাঢ়ি উঠিল। দুখৰ দিনৰ অন্ত পৰিল বুলি আটায়ে স্বস্তিৰ নিঃশ্বাস পেলালে।
বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ঘটিল
ঘটনাটো।
আহাৰৰ প্ৰথম সপ্তাহৰ পৰা বৰষুণ আৰম্ভ হ'ল। কলা ডাৱৰে সমগ্ৰ আকাশ ছানি ধৰিলে।
প্রথম দুদিন চেগা-চেৰেকাকৈ বৰষুণ দিয়াৰ পাছত বিজুলী গাজনিৰে নেৰানেপেৰা বৰষুণ
আৰম্ভ হ'ল। জন-জীৱন
স্তব্ধ হৈ পৰিল। আৰম্ভ হ'ল
প্ৰকৃতিৰ তাণ্ডৱ। দুই তিনি দিনৰ বৰষুণতে বাও ধানৰ পথাৰ পানীত তল গ'ল। দুদিন আগৰ সেউজ শ্যামল পথাৰ পানীৰ
সমুদ্ৰত পৰিণত হ'ল।
পথাবোৰত বিক্ষিপ্তভাৱে মেটেকাৰ দ’ম
ওপঙি ফুৰিবলৈ ধৰিলে।
80নুৰুলহকহঁতৰ ভেঁটিবোৰ বৰ বেছি ওখ
নাছিল । সিহঁতৰ ভেঁটিবোৰ ক্ষুদ্ৰ দ্বীপৰ দৰে পানীৰ মাজত মূৰ দাঙি থিয় দি থাকিল।
কিন্তু পানী বাঢ়ি অহাৰ ফলত এটা সময়ত ভেঁটিবোৰ তল গ'ল। পানী চোতাল পালেহি । চোতালো তল গ'ল এটা সময়ত। কাৰোবাৰ কাৰোবাৰ গোহালিতো
পানী উঠিল। মানুহবোৰে থলুৱা গাওঁলৈ গৈ কলগছ কাটি ভেল সাজি আনিলে। মেটেকা, জাৱৰ-জোঁথৰ গোটাই গোহালিত জাগ দি
গৰু-ছাগলী থকাৰ ব্যৱস্থা কৰিলে ।
এইদৰে কৰ্ম ব্যস্ততাৰ মাজেৰে দিনটো পাৰ
হ'ল। নামি আহিল
ৰাতিৰ আন্ধাৰ ৷ মানুহবোৰে ভাগৰ পলুৱাবলৈ বুলি বিছনাত গা এৰি দিলে। কিন্তু
দুশ্চিন্তাত কাৰো চকুত টোপনি নাহিল । আটায়ে আতংকিতভাৱে দিনৰ আগমনলৈ অপেক্ষা
কৰিবলৈ ধৰিলে ৷
ৰাতি বৰষুণৰ বেগ বৃদ্ধি পালে। বৰষুণৰ
তাণ্ডৱ চলিল। হাবুলখোৱাৰ বুকুত যেন আকাশ ভাঙি পৰিল। বিজুলী গাজনিৰ শৱদে আকাশ বতাহ
নিনাদিত কৰি তুলিলে।
পানী বাঢ়ি আহি দুপৰ ৰাতি আটাইৰে ঘৰৰ
মজিয়া পালেহি। এটা সময়ত মজিয়াও পানীয়ে বুৰাই পেলালে। মানুহবোৰে ল'ৰা- ছোৱালী লৈ চাঙত আশ্ৰয় ল'লে।
হঠাৎ ক'ৰবাৰ পৰা বাঢ়নী পানীৰ স্ৰোতৰ লগত মেটেকাৰ দ’ম ভাহি আহি ঘৰবোৰত লাগি ধৰিবলৈ ধৰিলে।
মেটেকাৰ পৰিমাণ বাঢ়ি অহাৰ লগে লগে প্রচণ্ড পানীৰ স্রোতে মেটেকাৰ ওপৰত হেঁচা দিলে।
ফলত বাঁহৰ খুঁটিৰ দুৰ্বল ঘৰবোৰে সেই হেঁচা সহ্য কৰিব নোৱাৰি মড় মড় কৈ কাতিহৈ
বাগৰি পৰিল। বাগৰি পৰা ঘৰবোৰ পানীৰ স্রোতে ভটিয়াই নিবলৈ ধৰিলে।
হুৱা-দুৱা লাগি গ'ল৷ ধান-চাউল, বয়-বস্তু, গৰু-ছাগলীৰ মায়া এৰি মানুহবোৰে ভেলত
উঠি ওখ ঠাই বিচাৰি ওলাল ।
বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি হৈ
মানুহবোৰে থলুৱা গাঁৱত আশ্ৰয় ল'লে।
থলুৱা মানুহখিনিয়ে ভেদ ভাৱ পাহৰি দুৰ্যোগ পীড়িত মানুহখিনিক নিজৰ নিজৰ ঘৰত আশ্ৰয়
দিলে।
ৰাতিপুৱা দেখা গ'ল গোটেইখন বিল মেটেকাই ছানি ধৰিছে।
ভেঁটি আৰু ঘৰ-দুৱাৰৰ চিহ্নমাত্র নাই বিলখনত। গৰু-ছাগলীবোৰ সাতুৰি- নাদুৰি আহি ওখ
ঠাইত আশ্ৰয় লৈ আছে।
সৰ্বনাশী বানৰ তাণ্ডৱত সৰ্বস্বান্ত হৈ
মানুহবোৰ পাছদিনাই আলীগাঁৱলৈ গুচি আহিল । কিছুদিন পাছত পানী শুকাল যদিও কোনেও পুনৰ
হাবুলখোৱালৈ যোৱাৰ কথা নুলিয়ালে।
জিগীৰ বেপাৰী আৰু নুলহকৰ বাহিৰে
বাকীবোৰে এক-দুই বিঘাকৈহে মাটি কিনিছিল। এদিন নুল হক আৰু জিগীৰ বেপাৰীয়ে
মানুহবোৰক লগ ধৰি হাবুল খোলৈ যোৱাৰ বাবে তাগিদা দিলে। কিন্তু কোনেও পুনৰ হাবুল
খোৱালৈ যাবলৈ সন্মত নহ'ল।
জিগীৰ বেপাৰী আৰু নুলহক অকলে হাবুলখোৱাত থাকিবলৈ ভৰসা নাপালে। সেয়ে সিহঁতে মাটি
বিক্ৰীৰ সিদ্ধান্ত লৈ হাবুল খোৱালৈ আহিল। দুই চাৰ্জিনক লগ ধৰি মাটি বিক্ৰীৰ কথা ক'লেও। কিন্তু মাটি কিনা মানুহ নোলাল ।
গতিকে সিহঁতে মাটি তেনেকৈ পেলাই থৈয়ে হাবুল খোৱাৰ পৰা গুচি আহিল ৷
** ** **
হাবলা খোৱাৰ বিপর্যয়ে মহচীন হাজীৰ
সংসাৰলৈয়ো বিপৰ্য্যয় মাতি আনিলে৷ গৰাখহনীয়াৰ পাছত যি অকণমান সম্বল অৱশিষ্ট আছিল
হাবুলখোৱাৰ দুৰ্ঘটনাত সেয়াও হেৰুৱাই পৰিয়ালটো একেবাৰে সৰ্বস্বান্ত হৈ পৰিল। ফলত
সংসাৰখন সীমাহীন অভাৱ আৰু অনিশ্চয়তাৰ ক'লা ডাৱৰে ছানি ধৰিলে। অভাৱ নামৰ ৰাক্ষসে সংসাৰখন গ্ৰাস কৰিলে।
পৰিয়ালটোৰ ভৱিষ্যত অনিশ্চয়তাৰ অতল গহবৰত নিক্ষিপ্ত হ'ল। কোনোদিনে অভাৱৰ মুখ নেদেখা
পৰিয়ালটো লঘোণ-দিব লগা অৱস্থাত উপনীত হ'ল।
মহচীন হাজী পক্ষঘাতগ্রস্ত পংগু। নজৰুল
সংসাৰৰ প্ৰতি উদাসীন। নুৰৰ্লহকে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি। গতিকে
সংসাৰৰ সকলো বোজা আহি নুলহকৰ মূৰত পৰিল।
মাটিয়ে কৃষকৰ সম্বল । সেই মাটিয়ে
নদীৰ পেটত । হাবুলখোৱাৰ দুৰ্যোগত নিঃস্ব-ৰিক্ত হৈ নুৰলহকে ঘৈণীয়েক কদভানুৰ অলংকাৰ
দুপদ-বিক্ৰী কৰি পোৱা ধনেৰে ব্যৱসায় আৰম্ভ কৰিলে। সীমিত মূলধনেৰে সি হাটে-বজাৰে
গৈ শস্য কিনা-বেচাৰ ব্যৱসায়ত লাগিল। কেতিয়াবা হাটতে কিনি হাটতে বিক্ৰী কৰে, কেতিয়াবা আকৌ ধাৰে সৰহকৈ শস্য কিনিব
পাৰিলে মন্দিয়া বা বৰপেটা ৰোডলৈ নি বিক্ৰী কৰে। এইদৰে কিনা-বেচাৰ ফলত যি লাভ হয়
তাৰে জোৰা-তাপলি মাৰি সংসাৰ চলায়। কিন্তু প্রয়োজন প্ৰচুৰ; আয় সীমিত। ফলত কেতিয়াবা দোকানৰ পৰা
ধাৰ লৈয়ো খাব লগা হয়। ইয়াৰ মাজতে এবাৰ নুলহকৰ মেলেৰীয়া হ'ল আৰু ভালেমান দিন সি শয্যাশায়ী হৈ
থাকিব লগীয়া হ'ল।
ফলত আয়ৰ উৎস বন্ধ হোৱাত দোকানৰ ধাৰ বাঢ়ি গ'ল।
এদিন দোকানীয়ে ধাৰে বস্তু দিবলৈ
অস্বীকাৰ কৰি নজৰুলক ঘূৰাই পঠালে। ঘৰলৈ আহি কথাটো নজৰুলে কদভানুক জনালে। ইফালে ঘৰত
খুদকণ এটাও নাই। সেয়ে তাই নিৰুপায় হৈ কথাটো নুৰুল হকক জনালে- ঘৰত চাউল নাই।
নজৰুলক দোকানলৈ পঠাইছিলোঁ; কিন্তু
আগৰ বাকী নিদিলে দোকানীয়ে পুনৰ চাউল নিদিয়ে বুলি ঘূৰাই পঠাইছে। এতিয়া কোনো
উপায়ে দেখা নাই । ইফালে চাউলৰ ব্যৱস্থা কৰিব নোৱাৰিলে ল'ৰা-ছোৱালীলৈ লঘোণে থাকিব লাগিব।
কথাষাৰ শুনি নুৰুল হকৰ হৃদয়ত ক্ষোভ
আৰু অপমানবোধৰ এক তীব্র ঘূর্ণীবতাহ পাক খাই উঠিল। বজ্ৰাহত মানুহৰ দৰে সি নির্বাক
নিশ্চল দৃষ্টিত কদভানুলৈ চাই আহত কণ্ঠত সুধিলে- গোপাল সাহা নিজে আছিল; নে তেওঁৰ পুতেক আছিল?
কদভানুই অজ্ঞতা প্রকাশ কৰি ক'লে- জানো ! এই বিষেয়ে মই সোধা নাই ৷
নজৰুল আছে নেকি ?
থাকিব লাগে৷ এইমাত্র সি মোক কথাটো কৈ গ'ল ৷
নুৰুলহক প্ৰয়োজনতকৈও অধিক উচ্চকণ্ঠত
চিঞৰি মাতিলে- নজৰুল, ঐ
নজৰুল। এইফালে আহচোন ।
নজৰুল চোতালত থিয় দি ককায়েক-বৌয়েকৰ
কথা-বতৰা শুনি আছিল । সি আহ্বানত সঁহাৰি জনালে- গৈছোঁ, ককাইদেউ।
নজৰুল ঘৰৰ ভিতৰলৈ সোমাই আহি অৱসন্ন
দৃষ্টিত নুলহকলৈ চাই তলমূৰ কৰিলে ।
নুৰুলহকে কোনো ভূমিকা নকৰাকৈ পোনপটীয়া
ভাৱে সুধিলে- দোকানত কোন আছিল? বাপেক-পুতেক
দুয়ো আছিল।
কি ক’লে ?
নজৰুলে দ্বিধাগ্ৰস্ত কণ্ঠত ক’লে- আগৰে বোলে বহু বাকী আছে। আগৰ বাকী
পৰিশোধ নকৰিলে পুনৰ বাকী নিদিয়ে। মই কাকূতি- মিনতি কৰাতো মোৰ কথাত গুৰুত্ব
নিদিলে।
নুৰুলহকে নিজৰ অক্ষমতা ঢাকিবলৈ আস্ফালন
কৰি ক'লে- সিহঁতৰ টকা
কেতিয়াবা মাৰি খাইছোঁ নেকি? চাওঁ, সিহঁতে কেনেকৈ বাকী নিদিয়াকৈ থাকে!
এইদৰে কৈয়ে সি কদভানুলৈ উদ্দেশ্য কৰি ক'লে- মোৰ চোলাটো দিয়াচোন।
কদভানুই সংকোচিত কণ্ঠত ক’লে- চোলাৰে আকৌ কি কৰিব?
বজাৰলৈ যাম। কিমান টকা মাৰি খাইছোঁ তাৰ
হিচাপ কৰি আহোঁগৈ।
কদভানুই হতাশ কণ্ঠত ক’লে- আপোনাৰ শৰীৰ দুৰ্বল। এই অৱস্থাত
বজাৰলৈ গ'লে মূৰ ঘূৰাই
পৰি যাব পাৰে।
একো নহয়। ঠিক যাব পাৰিম। কথাটো শুনি
মোৰ ৰোগ-ব্যাধি নোহোৱা হৈছে। আনা,
চোলাটো আনা।
নুৰুলহক বিছনাত বহি আছিল। বিছনাৰপৰা
নামিবলৈ সি চালপীৰাৰ কাণলৈকে আহিল।
এনেতে লাঠিত ভৰ দি মহচীন হাজী ঘৰৰ
ভিতৰলৈ সোমাই আহিল ।
মহচীন হাজীয়ে নজৰুলৰ মুখৰপৰা ঘটনাটো
আগতেই শুনিছিল। সেয়ে তেওঁ নুলহকক উত্তেজিত হোৱা দেখি পোনপটীয়াভাৱে ক’লে-সময় বেয়া হ'লে এনেকুৱাই হয়। খং কৰি লাভ নাই ।
সিহঁতৰ বস্তু, সিহঁতে
নিদিলে আমাৰনো কি ক’বলগীয়া
আছে ! তোমালোকেই সিহঁতক ইয়ালৈ আনিছা, এতিয়া খং কৰিলে লোকে আমাকেই বেয়া বুলিব ।
কথাটো মিছা নহয় ৷ বজাৰখন আলীগাঁওত
স্থাপনৰ ক্ষেত্ৰত নুৰুলহকেই আগভাগ লৈছিল। সিহঁতৰ নিজৰ মাটি নথকা অৱস্থাতো এবিঘা
মাটি সি বজাৰৰ কাৰণে কোনো টকা-পইচা নোলোৱাকৈ এৰি দিছে। তদুপৰি নুৰুলহকহঁত আলীৰ
পামত থকাৰে পৰা গোপাল সাহাৰ দোকানৰ নিয়মীয়া গ্রাহক। বাকীও খায়, নগদো খায়। কিন্তু লেন-দেনলৈ আজিৰ
ঘটনাৰ বাহিৰে আগতেকোনো কথা হোৱা নাছিল। গৰা খহনীয়াৰ আগতে নুৰলহকে মাজে সময়ে
গোপাল সাহাক মাল অনাৰ কাৰণে টকা-পইচা দি সহায়ো কৰিছিল৷ গতিকে বিপদৰ সময়ত গোপাল
সাহাৰ আচৰণত নুলহক স্বাভাবিকতে খুবেই ক্ষুব্ধ হৈ উঠিছিল। দেউতাকৰ বুজনিত সি আৰু
অধিক উত্তেজিত হৈ উঠিল।
সি অভিযোগৰ সুৰত উত্তেজিত কণ্ঠত ক’লে- দুই এদিনৰ কথা নহয়; সিহঁত আলীৰ পামত থকাৰেপৰা আমি সিহঁতৰ
দোকানৰ গ্রাহক। ইয়ালৈ উঠি অহাৰ সময়তো সিহঁতক বহু প্ৰকাৰে সহায় কৰিছোঁ । মানৱতা
বুলিতো কথা এষাৰ আছে ! মইতো সদায় এটা বাকী পৰিশোধ কৰি আনটো বাকী আনি আছোঁ। মোৰ
অসুখৰ বাবেহে এইবাৰ কিছু সৰহ বাকী হৈছে। তাৰ বাবেই চাউল নিদিয়াকৈ উভতাই দিব লাগে
নে?
নুৰুহলকৰ ক্ষোভ গৈ অৱশেষত চকুপানী হৈ
ওলোৱাৰ উপক্ৰম হ'ল।
সি কথা কেইটা অভিযোগৰ সুৰত কৈ অসহায়ভাৱে দেউতাকৰ মুখলৈ চাই তলমূৰ কৰিলে।
মহচীন হাজীয়ে নুৰুল হকক শান্ত্বনা
দিয়াৰ কাৰণে ক'লে-
ধৈৰ্য্য ধৰা। এই আচৰণৰ বাবে সিহঁত নিশ্চয় এদিন লাজত পৰিব। এইদৰে কৈয়ে মহচীন
হাজীয়ে আচকানৰ পকেট খেপিয়াই পাঁচটকা ৰূপ উলিয়ালে ৷ কেইদিনমান আগতে সৰুজন
জোৱায়েক মতিয়াৰে সময়ত কিবা এটা কিনি খোৱাৰ কাৰণে তেওঁক টকা কেইটা দি গৈছিল। কিন্তু
তেওঁ খৰচ নকৰি টকাকেইটা সাঁচি ৰাখিছিল।
টকাকেইটা তেওঁ নজৰুললৈ আগবঢ়াই ক’লে- লোৱা, কি কি আনিব লাগে এই টকাকেইটাৰে লৈ
আহাগৈ।
নজৰুলে টকাকেইটা লোৱাৰ বাবে সন্মতি
বিচাৰি নুলহকলৈ চালে। নুৰলহকে তাৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি তলমূৰ কৰিলে। মৌনতাই
সন্মতিৰ লক্ষণ বুলি ভাবি নজৰুলে টকাকেইটা লৈ ঘৰৰপৰা ওলাই যাবলৈ উদ্যত হ'ল।
মহচীন হাজীয়ে নজৰুললৈ উদ্দেশ্য কৰি
তিৰস্কাৰৰ সুৰত উপদেশ মিহলি কণ্ঠত ক’লে- নজৰুল, তুমি
কিবা এটা কৰিবলৈ চেষ্টা কৰা। তুমিতো এতিয়া সৰু থৈ থকা নাই? এতিয়া তুমি ককায়েৰাক অকণমান সহায়
কৰাৰ কাৰণে চেষ্টা কৰা উচিত।
নজৰুলে নিৰ্বিকাৰভাৱে কথাকেইটা শুনি
লাহে লাহে ঘৰৰপৰা ওলাই গ'ল।
নজৰুল ওলাই যোৱাৰ পাছত হঠাৎ মনত পৰাৰ
দৰে নুল হকে ক'লে-
দেউতা, জিগীৰ বেপাৰী
এমাহমান আগতে হাবুলখোৱালৈ গৈছিল। এজনে লাম-ছাম মূল্য দি মাটি কিনিব খুজিছে হেনো।
জিগীৰ বেপাৰীয়ে বিক্ৰী কৰিব বুলি কথাও দি আহিছে। আমাৰ মাটিখিনিও বিক্ৰীৰ বাবে
চেষ্টা কৰিলে কেনে হয় ?
মহচীন হাজীয়ে নিৰাসক্ত কণ্ঠত ক’লে- ম্যাদী মাটি। তেনেকৈ থাকিলে কোনোবা
দিনা উচিত মূল্যই পোৱা গ'লহেঁতেন।
বাৰু,
82এদিন গৈ চেষ্টা কৰি চোৱাগৈ। যদি
কিনাৰ গ্ৰাহক ওলায় বিক্ৰীয়ে কৰিয়ে দি আহাগৈ। নজৰুলো এনেয়ে ঘৰত বহি আছে। মাটি
বিক্রী কৰি পোৱা টকাৰে দোকান এখন দি দিব পাৰিলে বেয়া নহ'ব। সি যদি কিছু উপাৰ্জন কৰিব পাৰে বহু
সকাহ পাবা।
সিদ্ধান্ত মতেই নুৰুলহকে এসপ্তাহমান
পাছত হাবুল খোৱাগৈ গৈ মাটি বিক্ৰী কৰি দিলে। মাটি বিক্ৰী কৰি পোৱাৰে টকাৰে সি
নজৰুলক এখন মনোহাৰী দোকান দি দিলে। দোকানখন ভালদৰে চলিবলৈও ধৰিলে। সফলত সংসাৰখনত
কিছু আশাৰ চিক্মিকনিয়ে দেখা দিলে ।
** ** **
দোকানৰ ফলতাত নজৰুল উৎসাহিত হৈ উঠিল।
সি একাণপতীয়া ভাবে কিনা-বেচাৰ কামত আত্মনিয়োগ কৰিলে। ফলত কিছুদিনৰ ভিতৰতে
দোকানখন ঠন ধৰি উঠিল।
আলীগাওঁ বজাৰত বিভিন্ন বৃত্তিৰ প্ৰায়
পঞ্চাছ ষাঠি ঘৰ মানুহ আছিল। মানুহবোৰ হিন্দু সম্প্ৰদায়ৰ । সাহা, বসাক, , কৰ্মকাৰ, সূত্ৰধৰ, বাকালি, স্বর্ণকাৰকে আদি কৰি বিভিন্ন বৃত্তিৰ
মানুহ ৷ আটাইৰে জীৱিকাৰ উপায় দোকান-পোহাৰ ৷ বজাৰখনৰ গাতে লগাকৈ দয়াল চাঁদ
গোস্বামীৰ আশ্ৰম। আলীৰপামত থকা সময়ৰ পৰাই আছে আশ্ৰমখন। দয়াল চাঁদ গোস্বামী
পশ্চিমবংগৰ বালুৰ ঘাটৰ মানুহ। তেৱেঁ বালুৰ ঘাটৰপৰা আহি আশ্ৰমখন স্থাপন কৰিছিল। ৰতন
বৈৰাগী, নাৰায়ণ বৈৰাগী
আৰু ফজল বৈৰাগী আশ্ৰমখনৰ সেৱক। ৰাইজৰ দান বৰঙণিৰেই আশ্ৰমখন চলে।
ঝুলন, ৰথযাত্ৰা, ৰাস, কালিপূজা, লক্ষ্মীপূজা, শাৰদীয় দূর্গোৎসৱকে আদি কৰি বিভিন্ন
উৎসৱ মহা সমাৰোহেৰে প্ৰতি বছৰ উদ্যাপন কৰা হয় আশ্ৰমখনত । ইয়াৰ উপৰিও আছে
সৰু-সুৰা অলেখ উৎসৱ। অর্থাৎ বাৰ্মাহে তেৰ পাৰ্বণ। এইবোৰ পূজা-পাৰ্বণৰ সময়ত
আলীগাঁৱত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয়। হিন্দুৰ বাহিৰে মুছলমানসকলেও এইবোৰ উৎসৱৰ
লগত একাত্ম হৈ পৰে।
এই পূজা উৎসৱ সমূহত প্ৰতিবছৰে বঙলা
নাটক অভিনীত হয়। ভাল ভাল অভিনেতাও যথেষ্ট আছিল আলীগাঁও অঞ্চলত। ৰাধাবল্লভ সাহা, নাৰায়ণ বসাক, ইন্দ্রমোহন নন্দী, কানাই লাল সাহা, ক্ষিতীশ শীল, মোহন বাকালী, ছানা সাহা আদিৰ অভিনয় খুবেই উচ্চ
পৰ্যায়ৰ আছিল। কলিকতাৰ পৰা নাট্য নিৰ্দ্দেশকো অনা হৈছিল মাজে সময়ে। কলিকতাৰ পৰা
অহা নিৰ্দ্দেশকে অভিনয় ক’লা
শিকোৱাৰ লগতে ল'ৰা-ছোৱালীক
নাচ-গানো শিকাইছিল ৷ সন্ধ্যাৰাণী সাহা, টগৰী বসাক ছোৱালীবোৰৰ মাজত অন্যতম আছিল। খোল বাদক হিচাপে খোকা বাকলি, বাসুদেৱ সাহা, হীৰালাল শীল বিখ্যাত আছিল।
সিবাৰো নাটকৰ কাৰণে প্ৰস্তুতি চলি
আছিল। তিনিখন নাটক অভিনয় কৰাৰ সিদ্ধান্ত লোৱা হৈছিল সিবাৰ। কলিকতাৰ পৰা
নিৰ্দ্দেশকো অনা হৈছিল।সিবাৰো নাটকৰ কাৰণে প্ৰস্তুতি চলি আছিল। তিনিখন নাটক অভিনয়
কৰাৰ সিদ্ধান্ত লোৱা হৈছিল সিবাৰ । কলিকতাৰ পৰা নিৰ্দ্দেশকো অনা হৈছিল ৷ পুৰাদমে
আখড়াও চলি আছিল ৷
বজাৰত দোকান দিয়াৰ আগত নজৰুল মাজে
সময় আখড়া চাইছিল। কিন্তু বজাৰত দোকান দিয়াৰ পাছৰ পৰা সি নিয়মিতভাৱে আখড়া
চাবলৈ আৰম্ভ কৰিছিল। বৰপেটা ৰোডত থকাৰে পৰা তাৰ নাটকৰ প্ৰতি বিশেষ আকর্ষণ এটা আছিল
। ভাল ভাল অভিনেতাৰ অভিনয় চাই সি তেওঁলোকৰ অংগী-ভংগী হুবহু আয়ত্ব কৰি লৈছিল।
কিন্তু সি সেইবোৰ প্ৰদৰ্শন কৰাৰ কোনো সুযোগ পোৱা নাছিল । এদিনাখন হঠাৎ তাৰ সেই
দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ আহিল ৷
আনদিনাৰ দৰে সিদিনাও সি আখড়া চাবলৈ
গৈছিল । নাচ মহল নাটক। ৰাধাবল্লভ সাহাই মূৰ্চিদকুলি খাঁৰ ৰোল কৰে। কিন্তু সিদিনা
তেওঁ আখড়াত উপস্থিত নাছিল। ফলত নৰায়ণ বসাকে ‘প্রক্সি’ দি
আছিল। কিন্তু তেঁও ৰোলটো ঠিকমতে ফুটাই তুলিবপৰা নাছিল। ফলত পার্শ্ব চৰিত্ৰৰ
অসুবিধা হৈ আছিল। গতিকে নিৰ্দ্দেশকে বেলেগ কাৰোবাক প্রক্সি দিবলৈ আহ্বান জনালে।
কিন্তু কোনেও আগবাঢ়ি আহিবলৈ সাহস গোটাব নোৱাৰিলে। ৰাধা বল্লভ সাহা এজন উচ্চ
পৰ্যায়ৰ অভিনেতা। তেওঁৰ ৰোলৰ প্রক্সি দিবলৈ গৈ কোনেও হাঁহিয়াতৰ পাত্ৰ হ'ব নুখুজিলে হয়তো। গতিকে নিৰ্দ্দেশকজন
বিৰক্ত হৈ সেইটো দৃশ্য বাদ দি বেলেগ দৃশ্য আখড়া কৰিবলৈ সিদ্ধান্তলৈ ক’লে- বাৰু, এইটো দৃশ্য থাকক। আমি বেলেগ দৃশ্য
ৰিহাৰ্চেল কৰোঁ ।
তেতিয়াৰ দিনত গাঁৱসমূহত সহ অভিনয়
প্রচলন হোৱা নাছিল। পুৰুষে নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। গতিকে কানাইলাল সাহা নামৰ
যুৱকজনে আচমান তাৰাৰ চৰিত্ৰত অভিনয় কৰি আছিল। বেলেগ দৃশ্য অভিনয় কৰাৰ কথা শুনি
সি প্ৰতিবাদ কৰি উঠিল- নাই, নাই, এই দৃশ্যৰ ৰিহাৰ্চেল মুঠেই হোৱা নাই। মই
মাজত দুদিন ৰিহাৰ্চেলত উপস্থিত থাকিব নোৱাৰিম। গতিকে আজিয়ে এই দৃশ্যটোৰ ৰিহাৰ্চেল
কৰিব লাগিব। নহ'লে
সময়ত গৈ মোৰ অসুবিধা হ'ব।
কানাইলাল এজন ভাল অভিনেতা ৷ স্ত্ৰী
চৰিত্ৰত ভাল অভিনয়ো কৰে । স্ত্ৰী চৰিত্ৰত অভিনয় কৰা ভাল মানুহো নাছিল তেতিয়া তাৰ
বাহিৰে । গতিকে অভিনয়ৰ বতৰত সকলোৱে তাক তোষামোদ কৰি চলিছিল। নাটকৰ বতৰত তাৰ
খাতিৰো বাঢ়িছিল যথেষ্ট। গতিকে কানাইলালৰ মতৰ বিৰুদ্ধে যাবলৈ ভৰসা নাপাই
নিৰ্দ্দেশকে নাৰায়ণ বসাকক উদ্দেশ্য কৰি ক'লে- বাৰু, তুমিয়ে
চলাই যোৱা।
নাৰায়ণ বসাক এজন স্বাভিমানী মানুহ।
তেওঁ নিৰ্দ্দেশকৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰি ক'লে- নাই নাই, মই
নকৰোঁ। বেলেগ এজনক দিয়ক।
নজৰুলে তেওঁলোকৰ কথা-বতৰা মনযোগেৰে
শুনি আছিল। সি হঠাৎ থিয় হৈ
ক'লে- মই চলাম।
নজৰুল পাছফালৰ এখন বেঞ্চত বহি আছিল।
আটায়ে পাছফালে ঘূৰি চালে ।
83বজাৰখনৰ আটায়ে নজৰুলক জানে। সি যাত্ৰা
বলিয়া বুলিও আটায়ে অৱগত । কিন্তু তাৰ যে অভিনয় প্রতিভা আছে এই বিষয়ে কোনেও
অৱগত নাছিল। গতিকে উপস্থিত আটায়ে ইজনে সিজনৰ মুখলৈ অৰ্থপূৰ্ণ দৃষ্টিত চালে।
নজৰুলে নিৰ্দ্দেশকৰ অনুমতিলৈ অপেক্ষা
নকৰি নিৰ্ভীকভাৱে আহি কানাইলাল সাহাৰ ওচৰত থিয় হৈ দৃঢ় কণ্ঠত ক’লে- সংলাপ কৈ দিয়ক।
নিৰ্দ্দেশকে সুধিলে- তোমাৰ অভ্যাস আছে
জানো ?
তেনেকৈ অৱশ্যে নাই। নজৰুলে ক'লে- বচন কৈ দিয়ক, চেষ্টা কৰি চাওঁ ।
নিৰ্দ্দেশকে পুনৰ কোনো ধৰণৰ প্ৰশ্ন
অৱতাৰণা নকৰি বচন মাতিবলৈ ধৰিলে ! নজৰুলে নির্ভুলভাৱে সংলাপ কৈ যোৱাৰ লগে লগে
নিখুঁত ভাবে দেহৰ অংগী-ভংগীও কৰি যাবলৈ ধৰিলে। একেবাৰে নিখুঁত অভিনয় । সামান্য
জড়তাৰ বাহিৰে কোনো ধৰণৰ ক্ৰটিয়ে নাই অভিনয়ত । ৰাধাবল্লভ সাহাতকৈও যেন এখোপ চৰা
। কণ্ঠস্বৰো ভাল। কিবা যেন যাদু আছে কণ্ঠত। আটায়ে অভিভূত । কালাইলালো অভিভূত।
নজৰুলৰ লগত অভিনয় কৰি যেন তাৰো অভিনয়ত ৰং চৰিল । আটায়ে অভিভূতৰ দৰে সিহঁতৰ
অভিনয় উপভোগ কৰিবলৈ ধৰিলে।
কলিকতাৰপৰা অহা নিৰ্দ্দেশকজনো অভিভূত ।
এখন অখ্যাত গাঁৱত যে এনেকুৱা এটি প্রতিভা পৰি আছে তেওঁ কল্পনা কৰিবলৈকো টান পালে।
দৃশ্যটো শেষ হোৱাৰ পাছত নিৰ্দ্দেশকে নজৰুলক প্ৰশংসা কৰি ক'লে- ভাল অভিনয় কৰিছা। সামান্য জড়তাৰ
বাহিৰে তোমাৰ অভিনয়ৰ কোনো খুঁত নাই। চেষ্টা কৰিলে ইয়াতকৈও ভাল অভিনয় কৰিব
পাৰিবা। ভাল পার্টিতো চাঞ্চ পাবা ।
নিৰ্দ্দেশকৰ প্ৰশংসা শুনি নজৰুলৰ উৎসাহ
বাঢ়ি গ'ল । সিদিনা
আখড়া চলালৈকে সি মূর্চিদকুলী খাঁৰ চৰিত্ৰত অভিনয় কৰি গ'ল ৷
আখড়া সমাপ্ত হোৱাৰ পাছত নাৰায়ণ বসাকে
নিৰ্দ্দেশক জনক উদ্দেশ্য কৰি ক'লে-
নজৰুলক মোৰ ৰোলটো দি দিয়ক। মোতকৈ সিয়ে ভাল কৰিব। আমাৰ নাটকহে ভাল হ'ব লাগে। মোৰ সময়ো কম। প্ৰয়োজন হ'লে সৰু-সুৰা কিবা বেলেগ এটা ৰোল এটা
কৰিম মই ৷
নাৰায়ণ বসাকৰ বিস্কুট ফেক্টৰী আছে। সি
নাটকত লাগি থাকিলে ফেক্টৰীৰো ক্ষতি হয়। ইফালে ফাইনেল অভিনয়ৰ দিনা প্ৰায়ে তাৰ
কণ্ঠস্বৰ ভাঙি যায়। গতিকে নিৰ্দ্দেশকে বিশেষ আপত্তি নকৰি ক'লে- ঠিক আছে, তোমাৰ কণ্ঠস্বৰৰো প্রব্লেম আছে।
ৰাধাবল্লভ আহিলে তেওঁৰ লগত আলোচনা কৰি কিবা এটা সিদ্ধান্ত ল'ম বাৰু ৷
সিদিনাৰ সেই সিদ্ধান্ত মৰ্মেই পাছত
সঁচাকৈয়ে ৰাধাবল্লভ সাহাৰ লগত আলোচনা কৰি নাৰায়ণ বসাকে অভিনয় কৰা নাছিৰ খাঁৰ
ৰোলটো নজৰুলক দি দিলে। নাছিৰ খাঁৰ চৰিত্ৰত অভিনয় কৰি নজৰুল ৰাইজৰ প্ৰশংসাও
বুটলিবলৈ সক্ষম হ'ল।।
ইয়াৰ পাছৰপৰা নজৰুলৰ নাটকৰ প্ৰতি নিচা
ধৰি গ'ল। সেই সময়ত
বংগীয় মূলৰ মুছলমান সমাজত কবিগান আৰু জাৰীগানৰ লগতে গীতিনাট্যৰ বিশেষ সমাদৰ আছিল।
শীতকালি আৰম্ভ হোৱাৰ লগে লগে গীতিনাট্য অভিনয়ৰ খদমদম্ লাগি গৈছিল ৷ বজাৰৰ নাট্য
গোষ্ঠীৰ অভিনয় বিশেষ উৎসৱ পাৰ্বণতহে অনুষ্ঠিত হৈছিল। কিন্তু গীতিনাট্য সমূহৰ
অভিনয়ৰ কাৰণে বিশেষ কোনো অনুষ্ঠানৰ প্রয়োজন নহৈছিল। যেতিয়া তেতিয়া য'তে ত'তে অভিনীত হৈছিল। নতুনকৈ বহা হাট-বজাৰ বা বিয়া উৎসৱতো গীতিনাট্য
সমূহ অভিনীত হৈছিল। অঞ্চলটোত দুই-তিনিটা গীতিনাট্যৰ দল আছিল। তাৰে এটা আছিল মাজম
বেপাৰী আৰু হোছেন আলী বয়াতীৰ দল । আৰু এটা আছিল মাণিকপুৰৰ জছিম উদ্দিন খাঁৰ দল।
নজৰুল প্ৰতিটো দলৰে সদস্য হৈ পৰিল। ইয়াৰ উপৰিও তাৰ অভিনয় প্ৰতিভাৰ বাবে বেলেগ
বেলেগ অঞ্চলৰ পৰাও অভিনয়ৰ বাবে আহ্বান আহিবলৈ ধৰিলে। সেইবোৰ দলতো সি ভাৰাতীয়া
হিচাপে অভিনয় কৰি প্ৰচুৰ প্ৰশংসাও বুটলিলে। সপ্তাহত প্রায় দুই তিনি দিনকৈ সি
অভিনয় কৰিব লগীয়া অৱস্থা হ'ল।
ফলত মাজে-সময়ে সি দোকান বন্ধ ৰাখি অভিনয়ৰ বাবে যাব লগা হ'ল৷ গতিকে তাৰ দোকানৰ গ্ৰাহক কমি অহাৰ
লগে লগে বিক্ৰীও কমি আহিবলৈ ধৰিলে
৷ নুৰুলহক প্ৰথমাৱস্থাত নজৰুলে অভিনয়
কৰাটো বেয়া পোৱা নাছিল। ভায়েকৰ অভিনয় প্ৰতিভাৰ কথা শুনি সি মনে মনে আনন্দিতই
হৈছিল। এদিন সি নজৰুলৰ অভিনয় চাই অতিভূত হৈ কদভানুক উৎফুল্লিতভাৱে কৈছিল- নজৰুলৰ
অভিনয় কি চাবা! আজি তাৰ অভিনয় চাই আহিলোঁ। সচাকৈয়ে অভাৱনীয়। সি মঞ্চত উঠাৰ লগে
লগে দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনা আৰম্ভ হয় আৰু মঞ্চত থকালৈকে কাঁহ পৰি জীন যোৱা
অৱস্থা বিৰাজ কৰে। সি মঞ্চৰ পৰা নামি যোৱাৰ লগে লগে দৰ্শকৰ হাত চাপৰিৰ শব্দই
অভিনয়স্থলী ৰজন্জনাই যায়। সঁচাকৈয়ে অভাৱনীয় তাৰ অভিনয় !
কিন্তু মাজে সময়ে দোকান বন্ধ হৈ থকাৰ
ফলত গ্ৰাহকৰ সংখ্যা কমি অহাত নুৰুলহকৰ মোহভংগ হ'ল। এদিন সি নজৰুলক দোকানত বহি থকা অৱস্থাত লগ ধৰি ক'লে- তই এইদৰে দোকান বন্ধ ৰাখি
গান-বাজনালৈ ব্যস্ত হৈ থাকিলে দোকান চলিব কেনেকৈ? এইবোৰ বাদ দে। দেউতাই শুনিলে বেয়াও পাব। হাজীৰ পুতেক হৈ গান-বাজনা
কৰাত সমাজৰ একাংশ মানুহে কথাটো সহজ ভাৱে ল’বও পৰা নাই । গতিকে এইবোৰ বাদ দিয়াই ভাল। নজৰুলে কথা কেইটা মাটিৰ
মূৰ্ত্তিৰ দৰে নিশ্চল হৈ শুনি তলমূৰ কৰিলে। অভিনয় এৰিবলৈ কোৱাত সি মনে মনে
মর্মাহতও হ'ল।
দৰ্শকৰ হাত চাপৰি আৰু প্ৰশংসা শুনি শুনি সি ইতিমধ্যে অভিনয়ৰ প্ৰতি বাৰুকৈয়ে
আকৃষ্ট হৈ পৰিছিল। গতিকে অভিনয় এৰাটো সম্ভৱ নহয় বুলি ভাবি সি বেলেগ উপায় চিন্তা
কৰিলে। সি সিদ্ধান্ত ল'লে
যে, অভিনয় কৰিলেও
সি কেতিয়াও দোকান বন্ধ ৰাখি অভিনয় কৰিবলৈ নায়ায়। সি দোকানৰ বেচা-কিনা শেষ
কৰিহে অভিনয় কৰিবলৈ যাব আৰু বেলি উঠাৰ লগে লগে আহি পুনৰ দোকান খুলি কিনা-বেচা
কৰিব। সিদ্ধান্ত মৰ্মেই সি সিদিনাৰ পৰা বেচা-কিনা শেষ কৰিহে চাইকেললৈ অভিনয়
কৰিবলৈ যোৱা হ'ল
আৰু অভিনয় শেষ কৰি ৰাতিপুৱাৰ লগে লগে আহি দোকান খোলা হ'ল।
এদিন নজৰুলে এঠাইৰ পৰা অভিনয় কৰি অহাৰ
বাটতে এটি বিশেষ সমস্যাৰ সন্মুখীন হ'ল।
তেতিয়াও সূৰ্য্য উঠা নাছিল। পূৱাকাশত
গোলাপী আভাহে ফুটি উঠিছিল মাথোন তদুপৰি কুঁৱলীৰ পাতল আৱৰণে আভাৰ জ্যোতি ম্লান কৰি
ৰাখিছিল ।
নজৰুল দ্ৰুত গতিত চাইকেল চলাই আহি
আছিল। বাটৰ দুয়ো কাষে গম খেতি হঠাৎ বাটৰপৰা কোনোবাই গম খেতিৰ মাজলৈ দৌৰি সোমাই
যোৱা তাৰ চকুত পৰিল পোহৰ কম হোৱা কাৰণে কোন তেনেকৈ দৌৰি গ'ল সি অনুমান কৰিব নোৱাৰিলে। তাৰ মাথোন
অনুমান হ'ল যে, দৌৰি পলোৱাজন ডেকা বা বয়স্ক মানুহ
নহয়---- এজন কোমল বয়সৰ কিশোৰহে। দোক-মোকালিতে এজন কিশোৰক তেনেকৈ দৌৰি পলোৱা দেখি
নজৰুলৰ মনত ৰহস্যৰ ঘূৰ্ণী পাক খাই উঠিল। সি দ্রুত চাইকেল চলাই কিশোৰৰ্জন যি
ঠাইৰপৰা দৌৰি পলাইছিল সেই ঠাইডোখৰলৈ আহিল।
সাধাৰণ কেঁচা বাট। বাটত পাতল ধূলিৰ
আস্তৰণ এটাও আছিল । সি চাইকেলৰ পৰা নামি ভৰিৰ খোজৰ চিহ্ন বিচাৰিবলৈ ধৰিলে। পথচাৰী
অহা যোৱা কৰা বহু খোজৰ চিহ্ন বাটত। আটাইবোৰ চিহ্ন অস্পষ্ট। ৰাতিৰ কুঁৱলীৰ পাতল
আস্তৰণ এটাও পৰিছিল চিহ্নবোৰত ৷ কিন্তু দুটা খোজৰ চিহ্ন স্পষ্ট। খোজৰ চিহ্নও
কিশোৰজন দৌৰি পলোৱা ঠাই ডোখৰতে শেষ হৈছে। আগবঢ়া নাই। সৰু আকাৰৰ খোজৰ চিহ্ন। চাৰি
পাচঁ ইঞ্চি জোখৰ। খোজৰ চিহ্ন অনুসৰণ কৰি সি পাঁচ ছয় হাতমান আগবাঢ়ি আহিল। তাতো
সেই একেই খোজৰ চিহ্ন। পশ্চিম দিশৰপৰা পূৱ দিশলৈ খোজৰ গতি। কোন তেনেকৈ তাক দেখি
দৌৰি পলাল! নজৰুলে মনতে ভাবিলে।
সি বগলীৰ দৰে ডিঙি মেলি সন্ধানী
দৃষ্টিৰে গম খেতিলৈ চাই পঠিয়ালে । কিন্তু কোনো জনপ্রাণী তাৰ চকুত নপৰিল। কেইটামান
মুহূৰ্তৰ ব্যৰ্থ চেষ্টাৰ পাছত সি অভয় মিহলি ধমকিৰ সুৰত ক'লে- কোন তুমি? মোক দেখি তেনেকৈ দৌৰি পলালা কিয় ।
ওলাই আহা। ভয় নাই ৷
অনতিদূৰত গম গছ লৰি-চৰি উঠিল আৰু পাছ
মুহূৰ্ততে এজন সৰু ল'ৰা
থিয় হল।
কোন? আহা । ভয় নাই। নজৰুলে পুনৰ অভয় দি মাতিলে।
ল'ৰাজন ধীৰ মন্থৰ গতিত নজৰুলৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিছুদূৰ অহাৰ
পাছতে নজৰুলে ল'ৰাজনক
চিনিব পাৰিলে।
ল'ৰাজন আন কোনে নহয়। মফিজ উদ্দিনৰ ল'ৰা আজমত। বয়স দহ বাৰ বছৰ। টেঙৰ আৰু ধুৰন্ধৰ । বুদ্ধিমানো।
লিখা-পঢ়াতো ভাল আছিল। কিন্তু অলপ দুষ্ট প্ৰকৃতিৰ। দুষ্টালিৰ কাৰণেই তাৰ লিখা-পঢ়া
শিকা নহ'ল। দ্বিতীয়
শ্রেণীলৈকে পঢ়িয়ে সি পঢ়িবলৈ এৰিছে। তথাপিও বংকিমৰ উপন্যাস সল্সলীয়াকৈ পঢ়িব
পাৰে। অৰ্থসমূহ নিজে বুজাৰ লগতে আনকো বুজাই দিব পাৰে। কেম খেলতো ওস্তাদ। ডাঙৰৰ লগত
ফেৰ মাৰি ক্ৰেম খেলে। কথা-বতৰাও বুদ্ধিদীপ্ত। ব্যৱহাৰ পাতিও ভাল। তাৰ নিজৰ বয়সৰ ল'ৰা- ছোৱালীৰ লগত সংগ নাই ৷ ডাঙৰৰ লগতহে
সংগ। অঞ্চলটোৰ আটায়ে তাক খাতিৰ আৰু মৰম কৰে। নজৰুলে নিজেও তাক মৰম কৰে।
লতিফ খাঁই মফিজক ধৰি নিয়াৰ পাছত
নুৰলহকহঁতৰ লগত যি অশুভ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সুযোগতে মফিজ পলাই সাৰিছিল।
তাৰ পাছত সি আৰু ঘৰলৈ উভতি অহা নাই। মানুহে কোৱা-মেলা কৰা মতে সি হেনো বৰ্তমান পূৱ
পাকিস্থানত আছে। তাতে বিয়া-বাৰু কৰাই ঘৰ-সংসাৰ কৰি আছে। সি পলাই যোৱাৰ সময়ত তাৰ
ঘৈণীয়েক অচিৰণ সন্তান সম্ভৱা আছিল। সেই সন্তানেই আজমত ৷ আজমতৰ আলাই-আথানি হোৱাৰ
ভয়ত অচিৰণে পুনৰ বিয়া কৰোৱা নাই । আজমতক বুকুত সাৱটিয়ে তাই কোনোমতে কালাতিপাত
কৰি আছে ।
আজমত আহি নজৰুলৰ কাষ পালেহি। আজমতৰ
পিন্ধোনত হাফপেন্ট আৰু হাফ চাৰ্ট। মূৰৰ চুলি অবিন্যস্ত। চকুত ভয়ার্ত দৃষ্টি।
মুখমণ্ডলত দুশ্চিন্তাৰ অভিব্যক্তি বিৰাজমান। সি ঠাণ্ডাত ঠকঠক্কৈ কঁপি আছিল ৷
আজমতক তেনেকৈ দেখি নজৰুলে সবিস্ময়ে
সুধিলে- তুমি এই ৰাতিপুৱা এই অৱস্থাত?
আজমতে থতমত খালে; কিন্তু সি মুখেৰে একো নামাতিলে ৷
জাৰত দেখোন ঠেটুৱৈ লাগিছা ? নজৰুলে নিজৰ গাৰ চাদৰখন আজমতৰ গাত জাপি
দি ক'লে- কথা নোকোৱা
কিয়? মাকে বকিছে নেকি
?
আজমতে মুখেৰে কোনো শব্দ উচ্চাৰণ নকৰি
মাথোন নেতিবাচক মূৰ জোকাৰিলে ।
তেনেহ’লে? ঘৰৰপৰা
কেতিয়া ওলাই আহিছা?
আজমতে এইবাৰ মুখ খুলিলে-
সন্ধিয়া........
সন্ধিয়া! ওৰেটো ৰাতি ক'ত আছিলা? গান শুনিবলৈ গৈছিলা নেকি ?
নাই যোৱা। আজমতে চমু উত্তৰ দিলে মূৰ
জোকাৰি ৷
তেনেহ'লে ক'ত
আছিলা ?
নাৰু কাপালীৰ এৰাবাৰীত।
নাৰু কাপালীৰ এৰাবাৰীৰ কথা শুনি নজৰুলৰ
গাৰ নোম ডাল ডাল হৈ শিয়ঁৰি উঠিল।
নাৰু কাপালীৰ এৰাবাৰীলৈ ৰাতিতো দূৰৰে কথা দিনতো মানুহ যাবলৈ ভয় কৰে। এৰাবাৰীখনত
ইতিমধ্যে দুজন মানুহে চিপাজৰীলৈ আত্মহত্যাও কৰিছে। ডাঙৰ ডাঙৰ বিষাক্ত সাপ আছে।
সাপৰ অত্যাচাৰত নাৰু কাপালী বেলেগ ঠাইলৈ উঠি গৈছে। তেতিয়াৰে পৰা ভেঁটিটো এৰাবাৰী
হিচাপে পৰি আছে।
নজৰুলে বিস্ময়াভিভুত কণ্ঠত সুধিলে-
নাৰু কাপালীৰ এৰাবাৰীত ! তালৈ গৈছিলা কিয়? ওৰেটো ৰাতি তাতেই আছিলা নেকি?
আজমতে নেতিবাচক মূৰ দুপিয়াই ক'লে- নাই, নাছিলোঁ ?
তেনেহ'লে ক'ত
আছিলা?
আজমত পুনৰ নিৰুত্তৰ ৷
আজমত অলপ অঘাইতং প্ৰকৃতিৰ বুলি নজৰুলে
জানে। লোকৰ বাৰীৰ ইবিধ-সিবিধ বস্তু চখৰ চুৰি কৰাৰো দুৰ্নাম আছে তাৰ । গতিকে নজৰুলে
অভয় দি সুধিলে- কোৱা, ভয়
নাই। ক'ৰবাত চুৰি
কৰিবলৈ গৈছিল নেকি?
আজমতে পুনৰ নেতিবাচক মূৰ দুপিয়ালে ।
সঁচা কথা কোৱা, ক'ত আছিলা ?
ছালাম খাঁৰ ঘৰৰ পাছফালে।
ছালাম খাঁৰ ঘৰৰ পাছফালে মানে! তালৈ
গৈছিলা কিয়?
ছালাম খাঁক মাৰিবলৈ ।
কথাষাৰ শুনি নজৰুলৰ বুকুত যেন কৰত
চলিল। বিপুল বিস্ময়ত হতবাক হোৱাৰ লগতে ভয়-বিহবলো হ’ল সি।
ছালাম খাঁ এজন কুখ্যাত ডকাইত। ইতিমধ্যে
সি নিজ হাতে কে’বাটাও
নৰহত্যা কৰিছে। নজৰুলৰ ককায়েক জুলহাসকো সিয়ে গুলী কৰি হত্যা কৰিছে । যক্ষ্মা হৈ
লতিফ খাঁৰ মৃত্যু হোৱাৰ পাছত বৰ্তমান সিয়ে সিহঁতৰ সমাজৰ মুৰব্বী।বৰ্তমান সি
ডকাইতি কৰিবলৈ এৰি থানাৰ দালালী আৰম্ভ কৰিছে। অঞ্চলটোৰ আটায়ে তাক সমীহ কৰি চলে।
সি কিবা অন্যায় কৰিলেও কোনেও প্রতিবাদ কৰিবলৈ সাহ গোটাব নোৱাৰে ৷ গতিকে দহবাৰ
বছৰীয়া ল'ৰা
এজনে এনে এজন মানুহক অকলে মাৰিবলৈ যোৱাৰ কথা শুনি নজৰুল স্বাভাৱিকতে ভয়-বিহ্বলৰ
লগতে কৌতুহলী হৈ উঠিল।
নজৰুল কৌতুহল মিহলি ভয়ার্ত কণ্ঠত
সুধিলে- ছালাম খাঁক মাৰিবলৈ ! তাক মাৰিবলৈ গৈছিলা কিয়?
আজমত এইবাৰ অভিমানত ফাটি পৰিল । ক'লে সি- সিহঁতৰ কাৰণে দেউতাই দেশ এৰিছে।
এতিয়া ছালাম খাঁই মাক বিয়া কৰাব খুজিছে। তাক নামাৰিনো কি কৰিম ?
কথাটো অৱশ্যে নজৰুলেও শুনিছে।
কেইদিনমানৰ পৰা হেনো ছালাম খাঁই আজমতহঁতৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰি আছে ৷ বয়স হ’লেও অচিৰণ স্বাস্থ্যৱতী। ধুনীয়া।
পুৰুষক আকৰ্ষিত কৰিব পৰাকৈ ৰূপ যৌৱন বিদ্যমান। ছালাম খাঁ নাৰীলোভী। ধুনীয়া নাৰী
দেখিলে সি অস্থিৰ হৈ উঠে। ছলে-বলে কৌশলে ভোগ কৰিবলৈ উন্মাদ প্রায় হৈ উঠে। গতিকে
অচিৰণৰ ৰূপ যৌৱনৰ প্ৰতি আকৃষ্ট হৈয়ে হয়তো সি অচিৰণৰ মন পাবলৈ চেষ্টা চলাই আছে।
যাৰ ফলত সি আজমতহঁতৰ ঘৰলৈ অহা-যোৱা আৰম্ভ কৰিছে। গাঁওখনত ইয়াকেলৈ ভূ-ভাও চলি আছে
। সিদিনা অচিৰণে মহচীন হাজীৰ ওচৰলৈ গৈ এই বিষয়ে অভিযোগো কৰিছে ছালাম খাঁৰ
বিৰুদ্ধে। “নিজে
ভাল হ'লে জগত ভাল' বুলি মহচীন হাজীয়ে তাইক উপদেশ দি
শান্ত্বনা দি পঠাইছে। নজৰুলৰহঁতৰ সমাজতো ইয়াকে লৈ এক চেপা উত্তেজনা বিৰাজ কৰি আছে
৷
দুই এদিনৰ ভিতৰত ছালাম খাঁ তোমালোকৰ
ঘৰলৈ গৈছিল নেকি?
কালি গৈছিল। মা মত নহ'লে বোলে বলপূর্বক ধৰি নিব। এইদৰে কৈ
আজমতে ঘটনাৰ আঁতিগুৰি কৈ গ'ল ৷
ছালাম খাঁই মাকক কথাষাৰ কোৱাৰ সময়ত
আজমতে খাপপাতি ৰৈ নিজেই সেই কথা শুনিছে। কথাষাৰ শুনাৰ পাছৰে পৰা সি বহু কথা
ভাবিছে- থানালৈ গৈ ছালাম খাঁৰ বিৰুদ্ধে কেচ দিয়াৰ কথা ভাবিছে। মাককলৈ পাকিস্থানত
থকা দেউতকৰ ওচৰলৈ পলাই যোৱাৰ কথাও ভাবিছে। কিন্তু শেষ মুহূৰ্ত্তত কোনোটো তাৰ
মনঃপুত হোৱা নাই ৷
শেষত বহুতো ভাবি-চিন্তি সি ছালাম খাঁ
শুই থকা অৱস্থাত ঘৰৰ ভিতৰলৈ সোমাই গৈ ব্লেডেৰে পেট ফালি দুফাল কৰাৰ সিদ্ধান্ত
লৈছিল । সিদ্ধান্ত মৰ্মেই সি বজাৰৰ পৰা ব্লেড এটা কিনিছিল। ব্লেডটো সি পেণ্টৰ
পকেটত ভৰাই ৰাখিছিল । ৰাতি ভাত-পানী খাই মাকে টোপনি যোৱালৈ অপেক্ষা কৰি আছিল ৷
মাকে টোপনি যোৱাৰ পাছত সি মনে মনে ঘৰৰ পৰা ওলাই আহি ছালাম খাঁৰ ঘৰৰ পাছফালে
খাপপাতি ৰৈ আছিল।
ছালাম খাঁ টোপনি গ'লে নাকেৰে ঘেৰ্ঘেৰ শব্দ ওলায়। গতিকে
সি সেই শব্দ হোৱালৈ অপেক্ষা কৰি আছিল। বহু সময় অপেক্ষা কৰাৰ পাছত আকাংক্ষিত
ঘেৰ্ঘেৰ আৰম্ভ হৈছিল আৰু শব্দ আৰম্ভ হোৱাৰ খন্তেক পাছত সি পোলাকাটি ঘৰৰ ভিতৰলৈ
সোমাই গৈ ছালাম খাঁৰ পেটত ব্লেডেৰে ঘেচ্ ঘেকৈ দুটামান টান মাৰিছিল। ব্লেডৰ আঘাতত
ছালাম খাঁ সাৰ পাই উঠি ‘কোন
কোন’ বুলি চিঞৰি উঠাৰ
লগে লগে সি ঘৰৰ পৰা দৌৰি ওলাই আহিছে।
ছালাম খাহঁতৰ পৰিয়ালৰ আন আন সদস্য সাৰ
পাই হুলস্থূল কৰাৰ ছেগতে সি দৌৰি নাৰু কাপালীৰ এৰাবাৰীলৈ আহি আমগাছ এজোপাত বহি
ৰাতিটো কটাই দিছে। কুকুৰাই ডাক দিয়াৰ পাছত সি গছৰপৰা নামি আহি এইখিনি পাইছেহি ।
আজমতৰ কাহিনী শুনি নজৰুল অবাক বিস্ময়ত
স্তব্দ হৈ গ'ল।
দহ-বাৰ বছৰীয়া ল'ৰা
এজনৰ দুঃসাহসিক কাহিনী কল্প কাহিনীৰ দৰে ধাৰণা হ'ল তাৰ মনত । সি ঘটনাটো শুনাৰ পাছত কেইটামান মৌন মুহূৰ্ত পাৰ কৰি
বিহবলৰ দৰে সুধিলে- ছালাম খাঁ মৰিছে নেকি ?
আজমতে ক্লান্ত হতাশ সুৰত ক'লে- নাজানো। মই দৌৰি পলোৱাৰ পাছত বহুতো
মানুহে টর্চ মাৰি ইফালে-সিফালে কিছু সময় বিচাৰ-খোচাৰ কৰি আটায়ে ঘৰ-ঘৰি গৈছে।
কোনো কন্দা-কটাৰ শব্দ শুনিছা নেকি?
নাই শুনা ৷
চাওঁ, ব্লেডটো দিয়াচোন।
ঘৰৰপৰা ভিতৰৰপৰা খৰখেদাকৈ ওলাই অহাৰ
সময়ত ব্লেডটো পৰি গৈছে।
জাৰত দেখোন কঁপি আছা? চাদৰ অনা নাছিলা নেকি?
দৌৰি অহাৰ সময়ত চাদৰখনো পৰি গৈছে।
এতিয়া যাবা ক’লৈ ?
নাজানো।
ছালাম খাঁ এজন ধুৰন্ধৰ আৰু টেঙৰ মানুহ।
সি ব্লেড ও চাদৰ উৎস বিচাৰি কোনে কামটো কৰিছে তাক বিচাৰি উলিওৱাটো এক প্ৰকাৰ
নিশ্চিত । তেতিয়া আজমতৰ জীৱনলৈয়ো সংশয়ে দেখা দিব পাৰে। সেয়ে নজৰুলে কিছুপৰ
ভ্ৰযোৰ কোঁচাই ভাবি ক’লে-
বাৰু, তুমি দুদিনমান
ঘৰলৈ যাব নালাগে। ঘটনাৰ গমগতি টং কৰিহে ঘৰলৈ যোৱা উচিত হ'ব। ব’লা, তোমাক
মন্দিয়াত তোমাৰ পেহীয়েৰাৰ ঘৰত থৈ আহোঁগৈ৷ ঘটনাৰ গমগতি টং কৰি তোমাক মই নিজে গৈ
লৈ আহিমহি।
সিদ্ধান্ত মতেই নজৰুলে তেতিয়াই
আজমতকলৈ মন্দিয়ালৈ বুলি ৰাওণা হ'ল।
পেহীয়েকহঁতৰ ঘৰ পাওঁতে এপৰ বেলি হ'ল।
সি পেহীয়েকৰ ওচৰত ঘটনাৰ আঁতিগুৰি ভাঙি পাতি কৈ সি পুনৰ নহালৈকে আজমতক যাতে ক’লৈকো যাবলৈ দিয়া নহয় এই বিষয়ে সতৰ্ক
কৰি দি দুপৰীয়া আহি আলীগাঁও পালেহি ।
আলীগাঁৱলৈ আহি সি ঘটনাৰ সবিশেষ অৱগত হ'ল৷ আজমত ব্লেডেৰে ছালাম খাঁৰ পেটত আঘাত
কৰাটো সঁচা। কিন্তু গাত গেঞ্জি থকা কাৰণে আঘাত বিশেষ গুৰুতৰ হোৱা নাই। দুঠাইত
সামান্য কাটিছেহে মাথোন। গেঞ্জি নাথাকিলে আঘাত হয়তো গুৰুতৰে হ'লহেঁতেন। ঘটনাস্থলীত ব্লেড পোৱা গৈছে।
আজমত ঘটনাৰ আগদিনা বজাৰৰপৰা ব্লেড কিনাৰো প্ৰমাণ পোৱা গৈছে। আজমতে ঘটনাস্থলীত
পেলাই থৈ যোৱা চাদৰখনো চিনাক্ত কৰা হৈছে। চাদৰখন আজমতৰ বুলি বহুতে প্রমাণো দিছে।
ইফালে আজমতো ঘৰতো নাই । গতিকে ঘটনাটোৰ নায়ক যে আজমত এই বিষয়ে কাৰো দ্বিমত নাই ।
ছালাম খাঁৰ শত্ৰুয়েও এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। ছালাম খাঁহঁতৰ লোকসকলে
আজমতহঁতৰ ঘৰ লুট পাত কৰি নিছে। আজমত, আজমতৰ মাক আৰু মোমায়েকৰ নামত ছালাম খাঁই থানাত কেচ দিছে। পুলিচ আহি
তদন্ত কৰি গৈছে। পুলিচেআজমতৰ মাক আৰু মোমায়েককো বিচাৰি গৈছিল; কিন্তু সিহঁত ঘৰত নথকা কাৰণে গ্ৰেপ্তাৰ
কৰিব পৰা নাই। গাঁৱখনত খুবেই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি আছে। দুজন মানুহ একেলগ হ'লেই এই প্ৰসংগলৈ আলাপ-আলোচনা চলি আছে।
ছালাম খাঁৰ বিৰোধীবোৰে আজমত সাহসৰ প্ৰশংসা কৰি আছে। অৱশ্যে খুবেই গোপনে।
পাছৰ ঘটনা সংক্ষিপ্ত । দুদিনমান পাছত
ৰাতি পুলিচ আহি আজমতৰ মোমায়েকক ধৰি লৈ গ'ল আৰু মাকক গাঁওবুঢ়াৰ জামিনত দি গ'ল। মোমায়েকৰ স্বীকাৰোক্তি মতে দুদিন পাছত পুলিচে আজমতক পেহীয়েকৰ
ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ আহিল। সি ঘটনাৰ আঁতিগুৰি পুলিচৰ আগত ভাঙি-পাতি ক’লে। তাৰ স্বীকাৰোক্তি মতে
দুস্কৃতিকাৰীক সহায় কৰাৰ অপৰাধত নজৰুলকো পুলিচে গ্ৰেপ্তাৰ কৰি আজমতৰ লগতে সদৰলৈ
চালান দিলে। নিৰ্দ্দোষী নজৰুলক পুলিচে ধৰি নি চালান দিয়াৰ কাৰণে মহচীন হাজীৰ
সমৰ্থক সকল ছালাম খাঁৰ বিৰুদ্ধে তলে তলে ক্ষুব্ধ হৈ উঠিল আৰু ছালাম খাঁৰ ওপৰত
প্ৰতিশোধ ল'বলৈ
সংগঠিত হ'ল। কিন্তু মহচীন
হাজীয়ে সিহঁতক বুজাই-বঢ়াই শান্ত কৰিলে- চোৱা, হিংসাৰে কেতিয়াও হিংসাক দমন কৰিব নোৱাৰি। সিহঁতৰ পাপৰ শাস্তি সিহঁতে
এদিন নিজেই ভোগ কৰিব, ধৈর্য
ধৰা ।
মহচীন হাজীয়ে মানুহবোৰক শান্ত কৰিলে
যদিও উক্ত ঘটনাৰ ফলত মৰ্মান্তিক মানসিক আঘাত পাই তেওঁ নিজেই ভাঙি পৰিল। নুৰৰ্লহকে
অৱৰুদ্ধ আক্রোশত গুজৰি-গুমৰি ফুৰিবলৈ ধৰিলে।
গৰা খহনীয়াৰ পাছত মানুহবোৰ সিঁচৰিত হৈ
পৰাৰ কাৰণে আগৰ মনোমালিন্য যি অলপ শাম কাটিছিল, এই ঘটনাৰ পাছত পুনৰ সেই মনোমালিন্য গা কৰি উঠিল। ফলত গাঁৱখনৰ আকাশত
পুনৰ এক অশুভ ক’লা
ডাৱৰ সঞ্চাৰিত হ'ল।
** *** **
এমাহমান পাছত নজৰুলহঁত জামিনত মুক্তি
পাই ঘৰলৈ আহিল। জামিনত আহিয়ে নজৰুল পুনৰ দোকান খুলি বহিল।
কিন্তু জামিনত অহাৰ পোন্ধৰ দিন পাছত
এটি ঘটনা ঘটিল। আজমত এদিন ৰাতি হঠাৎ ঘৰৰ পৰা নোহোৱা হ'ল ৷ তাৰ অন্তৰ্ধান ফলত গাঁৱখনত পুনৰ এক
অশুভ পৰিস্থিতি উদ্ভৱ হোৱাৰ উপক্ৰম হ'ল।
এসপ্তাহ বিচাৰ-খোচাৰ কৰাৰ পাছতো আজমতৰ
কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি তাৰ মাক অচিৰণ ভাঙি পৰিল । অসুখ হোৱাৰ পাছত মহচীন
হাজী সামাজিক কামৰ পৰা অব্যহতি ল'লেও
বিপদ-আপদত তেতিয়াও বহু মানুহ তেওঁৰ ওচৰলৈ পৰামৰ্শ বিচাৰি আহিছিল। এদিন আজমতৰ মাক
অচিৰণ মহচীন হাজীৰ ওচৰলৈ আহি কান্দোনত ভাঙি পৰিল- মোৰ আজমত কোনো সন্ধান নাই ।
তাক নিশ্চয় ছালাম খাঁই মাৰি পেলাইছে। আপুনি কিবা এটা কৰক; নহ'লে মই চিপলৈ মৰাৰ বাহিৰে বেলেগ উপায় নাই ।
মহচীন হাজী তেতিয়া অথর্ব পংগু। লাঠি
নোহোৱাকৈ চলা-ফুৰা কৰিব নোৱাৰে। বিশেষ প্রয়োজন নহ'লে ঘৰৰ ভিতৰৰপৰা নোলায়ে। গতিকে পুত্ৰহাৰা মাতৃক শান্ত্বনা বা উপদেশ
দিয়াৰ বাহিৰে তেওঁৰ বেলেগ কোনো সামর্থ্য বা উপায় নাছিল। সেয়ে তেওঁ উপদেশৰ সুৰত
ক’লে- ধৈর্য ধৰা।
বিপদত ধৈর্য ধৰাটোহে জ্ঞানীৰ কাম। সংসাৰ মানেইতো শোক-তাপ, হাঁহি-আনন্দ। ধৈর্য ধৰি শোক- তাপ জয়
কৰিব পাৰিলেহে হাঁহি আনন্দৰ সোৱাদ ল'ব পাৰি। এইদৰে কৈয়ে তেওঁ প্ৰসংগ সলনি কৰি সুধিলে- পিচে বোৱাৰী, সি ঘৰৰ পৰা কেনেকৈ নোহোৱা হ'ল।
আনদিনাৰ দৰে খাই-বই সি নিজৰ বিছানত
শুইছিল। ৰাতিপুৱা দেখোঁ সি বিছনাত নাই।
কাপোৰ-কানি বা টকা-সিকা লগত নিছে নেকি ?
পিন্ধি থকা কাপোৰৰ বাহিৰে বেলেগ কাপোৰ
বা টকা-পইচা নিয়া নাই। এইদৰে কৈয়ে অচিৰণে পুনৰ কান্দোনত ভাঙি পৰি ক'লে- নাই নাই, সি ক'লৈকো যোৱা নাই। তাক নিশ্চয় ছালাম খাঁই মাৰি পেলাইছে। মই এতিয়া কি
কৰিম? কাকলৈ মই জীয়াই
থাকিম? তেওঁ মোক এৰি থৈ
যোৱাৰ পাছত আজমতকে বুকুত সাৱটি কোনোমতে জীয়াই আছিলোঁ। এতিয়া মই ক'লৈ যাম? কি কৰিম? তাৰ
অবিহনে মই কি লৈ জীয়াই থাকিম? মোৰ
বুকুৰ কলিজা কোনে আঁজুৰি নিলে অ'। মোৰ কি হ’ল অ’?
অচিৰণৰ কন্দা-কটাৰ শব্দ শুনি মহচীন
হাজীৰ পৰিয়ালৰ সদস্যৰ বাহিৰেও ওচৰ-পাজৰৰ দুই চাৰিজন মানুহ আহি গোট খালে।
মহচীন হাজীয়ে বিহ্বলৰ দৰে কেইটামান
মুহূৰ্ত্ত পাৰ কৰি উপদেশৰ সুৰত ক'লে-
ছালাম খাঁই যদি কিবা কৰিও থাকে তাৰ কোনো সাক্ষী প্রমাণ নাই ৷ গতিকে সাক্ষী প্রমাণ
নোহোৱাকৈ তাৰ বিৰুদ্ধে কিবা কোৱাটো ঠিক নহ'ব।
বিশ্বাও তাত উপস্থিত আছিল। সি পৰামৰ্শ
আগবঢ়ালে- তথাপি কথাটো থানাত জনাই থোৱাটো উচিত হ'ব। যদি সঁচাকৈয়ে কিবা এটা হৈ থাকে আগতীয়াকৈ থানাত নজনালে শেষত গৈ
আমিয়ে বিপদত পৰিম ৷
অৱশ্যে সি নিৰুদ্দেশ হোৱা বুলি থানাত
জনাই থোৱাটো বেয়া নহ'ব।
যেহেতু তাৰ নামত কেচ এটাও আছে। মহচীন হাজীয়ে বিশ্বাৰ পৰামৰ্শটোত সমৰ্থন জনাই পুনৰ
ক'লে- তথাপি দুই
চাৰ দিন বাট চোৱাটো উচিত হ'ব।
সিতে অলপ ধুৰন্ধৰ প্ৰকৃতিৰো । গতিকে ক'ৰবাত মূৰ পোলোকা মাৰিও থাকিব পাৰে। দেউতাকক বিচাৰি সি পাকিস্থানলৈ
যোৱাটোও অসম্ভৱ নহয় ৷
মহচীন হাজীৰ মন্তব্যত আটায়ে আশাৰ
ৰেঙনি দেখা পালে। নিৰাশাৰ মাজত আশাৰ ৰেঙনি দেখি অচিৰণো কিছু পৰিমাণে শান্ত হ'ল। আজমতে তাইক কেইদিনমান আগত সোধা
প্রশ্ন কেইটালৈ মনত পৰিল। সেয়ে তাই মহচীন হাজীক সমৰ্থন কৰি ক’লে- আপোনাৰ অনুমান ঠিকো হ'ব পাৰে । কেইদিনমান আগত সি তাৰ দেউতাকৰ
কথা সুধিছিল। দেউতাৰ দেখিবলৈ কেনেকুৱা, ক'ত
থাকে, এই বিষয়ে
সিদিনা সি বহুতো প্রশ্ন সুধিছিল।
অচিৰণৰ কথাত মহচীন হাজী উৎসাহিত হৈ
উঠিল। সুধিলে তেওঁ- তুমি তাক পাকিস্থানৰ ঠিকনা কৈছিলা নেকি ?
হয় কৈছিলোঁ। অচিৰণে সন্মতিসূচক মূৰ
দুপিয়াই ক’লে-
তেওঁ পাঁচ বছৰমান আগতে মোলৈ চিঠি এখন পঠাইছিল। সেই চিঠিখনো তাক দেখুৱাইছিলোঁ।
আজমত পাকিস্থানলৈ যোৱাটো নিশ্চিত বুলি
ধৰিলৈ মহচীন হাজীয়ে ক'লে-
আজমতৰ নিৰুদ্দেশৰ বাতৰি জনাই মফিজ উদ্দিনলৈ চিঠি এখন পঠোৱা৷ আজমত পাকিস্থানলৈ গ'লে সি যাতে তাৰ খা-খবৰ জনাই চিঠি এখন
পঠায় সেয়াও লিখি পঠাবা।
সেইদিনাই নজৰুলৰ জৰিয়তে চিঠি এখন
লেখাই মফিজ উদ্দিনৰ পাকিস্থানৰ ঠিকনাত ৰেজিষ্টি কৰি পঠোৱা হ'ল।। অনুমান কৰা মতেই দুমাহমান পাছত
আজমত পাকিস্থানলৈ যোৱা বুলি মফিজ উদ্দিনৰ পৰা চিঠি এখন আহিল। চিঠিখন পাই সকলোৱে
স্বস্তিৰ নিঃশ্বাস পেলালে।
কথাটো ছালাম খাঁৰ কাণতো পৰিল । আজমতৰ
নিৰুদ্দেশ সম্পর্কে তাক প্ৰত্যক্ষভাৱে জগৰীয়া নকৰিলেও পৰোক্ষভাৱে জগৰীয়া কৰাটো
সি গম পাই আছিল। গতিকে আজমত পাকিস্থানলৈ যোৱাৰ কথা শুনি সি ইয়াৰ পোটক তুলিবলৈ
সিদ্ধান্ত ল'লে
। তেতিয়া পাকিস্থানী নাগৰিক বাচনিৰ প্ৰক্ৰিয়া এটা চলি আছিল। অচিৰণ পাকিস্থানৰ
নাগৰিক বুলি ছালাম খাঁই কেচ এটা তৰিলে।
অচিৰণৰ নামত মিছা কেচ দিয়াত মহচীন
হাজীৰ ফলীয়া মানুহখিনি ক্ষুণ্ণ হৈ উঠিল। সিহঁতে অচিৰণৰ পক্ষলৈ থিয় হ'ল। অচিৰণ পাকিস্থানৰ নাগৰিক নহয় বুলি
প্ৰমাণো কৰি দিলে সিহঁতে। কিন্তু কেচৰ পৰা অব্যহতি পালেও তাই পুতেকৰ ওচৰলৈ যাবলৈ
ব্যাকুল হৈ উঠিল ৷ কাৰো হকা-বধা নামানি তাই পাকিস্থানলৈ শুচি গ'ল ৷ আচলতে অচিৰণক পাকিস্থানলৈ খেদি
পঠিওৱাটো ছালাম খাঁৰ উদ্দেশ্য নাছিল। তাইক বিপদত পেলাই তাৰ উদ্দেশ্য চৰিতাৰ্থ কৰাৰ
কাৰণেহে সি কেচ দিছিল। সেয়ে তাই স্বতঃস্ফূর্তভাৱে পাকিস্থানলৈ যোৱাত সি ক্ষুব্ধ
হৈ উঠিল। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে সি মহচীন হাজীৰ ফলীয়া মানুহৰ বিৰুদ্ধে
যধে-মধে পাকিস্থানী কেচ দিবলৈ ধৰিলে। এনেকি নজৰুলৰ নামো বাদ নিদিলে। কিন্তু কেশৱ চৌধুৰীৰ
হস্তক্ষেপৰ ফলত আটাইবোৰ কেচেই মিছা আৰু ভিত্তিহীন বুলি প্ৰমাণিত হ'ল।
কেচত কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰিলেও
ইয়াৰ ফলত ছালাম খাঁৰ আন এটা লাভ হ'ল ।
কাৰণ ইতিমধ্যে চৰ উঠিছিল। চৰৰ কিছু মাটি শস্য সিঁচাৰ বাবে উপযোগীও হৈ উঠিছিল।
মানুহবোৰে নিজক ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ ব্যস্ত থকাৰ সুযোগত সি তাৰ দলবল লৈ গৈ
চৰ দখল কৰি শস্য সিঁচিলে আৰু শক্তি বৃদ্ধিৰ বাবে বেলেগ বেলেগ ঠাইৰ কেইজনমান দুষ্ট
প্ৰকৃতিৰ মানুহ আনি চৰত মাটি বৃত্তি দি ৰাখিলে ।
মহচীন হাজীৰ ফলীয়া মানুহখিনি এই ঘটনাৰ
ফলত ক্ষুণ্ণ হৈ উঠিল। সিহঁতে এদিন মহচীন হাজীক লগ ধৰি এই বিষয়ে পৰামৰ্শ বিচাৰিলে
।
বিশ্বাই আহত কণ্ঠত ক'লে- ছালাম খাঁই সমগ্ৰ চৰ দখল কৰি তিল, মাহ সিঁচিছে। বেলেগ বেলেগ ঠাইৰ পৰা
দুষ্ট প্ৰকৃতিৰ মানুহ কিছুমান আনি চৰত স্থান দিছে। আমি যাতে চৰলৈ যাব নোৱাৰো তাৰ
বাবে সিহঁতে হাতে হাতে লাঠি-যাঠি লৈ দিনে-ৰাতি চৰ পহৰা দি আছে। যি দেখিছো সিহঁতে
আমাৰ মাটিত ঘৰ-দুৱাৰ সাজি নিগাজীকৈ বসবাস কৰাৰ মতলবত আছে। এতিয়াই যদি আমি চৰৰ দখল
নলওঁ ভৱিষ্যতে আমাৰ খুবেই অসুবিধা হ'ব।
মহচীন হাজীয়ে নিজেও কথাটো ইকাণ-সিকাণ
কৰি শুনি আছিল। গতিকে তেওঁ চিন্তিত কণ্ঠত ক’লে- কথাটো ময়ো শুনি আছোঁ। সিহঁত আচলতে মৰা-মৰি কৰাৰ মতলবত আছে।
এতিয়া চৰলৈ গ'লে
মৰা-মৰি হোৱাটো খাটাং।
মুছা শ্বেখে অসহিষ্ণু কণ্ঠত ক'লে- মৰা-মৰিৰ ভয়ত আমি আমাৰ সম্পত্তি
এৰি দিম নেকি? সিহঁতে
মৰা-মৰি কৰিলে আমিও কৰিম। মৰিব লাগে যদি মৰিম। সেইবুলি মৰা-মৰিৰ ভয়ত আমি আমাৰ
সম্পত্তি এৰি নিদিওঁ।
নায়েব আলীৰ সৰুটো পুতেক পলানে মুছা
শ্বেখক সমৰ্থন কৰি ক'লে-
হয়, মৰিব লাগে যদি
মৰিম। সেইবুলি কাপুৰুষৰ দৰে নিজৰ মাটি অইনক এৰি নিদিওঁ। সিহঁতৰ তেজ-মঙহ আছে, আমাৰ নাই নেকি?
মানুহবোৰক উত্তেজিত হোৱা দেখি মহচীন
হাজী উৎকণ্ঠিত হৈ উঠিল। ইফালে মানুহবোৰ উত্তেজিত হোৱাটোও তেনেই স্বাভাৱিক ৷ এজনৰ
সম্পত্তি আন এজনে অন্যায়ভাৱে কাঢ়ি নিলে কোনেও সহ্য নকৰে। কিন্তু বর্তমান
পৰিস্থিতিত চৰলৈ গ'লে
মৰা- মৰি হোৱাটোও নিশ্চিত। মৰা-মৰি হ'লে হতাহত হেৱাটোও অসম্ভৱ নহয়। কিন্তু হতাহতৰ ভয়ত জানো নিজৰ
সম্পত্তি অইনক এৰি দিয়াটো সম্ভৱ?
অৱশ্যেই সম্ভৱ নহয়। সম্ভৱ নহয় বুলিয়ে নাৰী আৰু মাটিৰ বাবে পৃথিৱীৰ
ইতিহাস যুগে যুগে সলনি হৈছে। যুঁজ-বাগৰ চলিছে। কোনো কোনো জাতি এই যুঁজৰ ফলত ধ্বংস
হৈ গৈছে; কোনো কোনো
নির্যাতিত নিষ্পোষিত জাতিৰ নতুনকৈ অভ্যুত্থান ঘটিছে। কিন্তু কোনেও চিৰদিন একেডোখৰ
মাটিৰ ওপৰত দখল অঁটুট ৰাখিব পৰা নাই। যুগে যুগে মাটিৰ দখলী স্বত্ত্ব সলনি হৈছে।
যোগ্য ভোগ্যা বসুন্ধৰা। সবলে দুৰ্বলৰ ওপৰত চিৰদিন আধিপত্য চলাইছে। কিন্তু দুর্বল
এদিন সবল হৈছে; সেই
সবলো এদিন দুর্বল বুলি পৰিগণিত হৈছে আন এক সবলৰ ওচৰত । লাঠি যাৰ মাটি তাৰ এই
নীতিৰেই যুগ যুগ ধৰি চৰৰ মাটিৰ দখললৈ যুঁজ বাগৰ চলিছে। আজিলৈকে এই যুঁজ-বাগৰ
অব্যাহত আছে । কিন্তু কুৰি শতিকাতো জানো এই যুঁজ-বাগৰ চলি থকাটো উচিত হৈছে? তেনেহ'লে মানুহে নিজকে সভ্য বুলি পৰিচয় দিয়াৰ সার্থকতা থাকিল ক’ত?
মহচীন হাজীয়ে মানুহবোৰৰ উন্মত্ত
অধীৰতা দেখি এইদৰে মনতে ভাবি উপদেশৰ সুৰত ক'লে- মৰা-মৰি কৰাৰ দৰ্কাৰ নাই ৷ দেশত আইন আছে। আমি এই ক্ষেত্ৰত আইনৰ
আশ্ৰয় লোৱাটোহে উচিত হ'ব।
অৱশ্যে আইনৰ আশ্ৰয় লোৱাৰ আগতে আমি ছালাম খাঁৰ লগত এই বিষয়ে আলোচনা কৰা ভাল হ'ব। সি মাটিৰ দখল এৰি দিলে ভাল আৰু যদি
দখল এৰি দিবলৈ সন্মত নহয় তেতিয়া থানালৈ গৈ কথাটো জনালেই হ'ল।
মহচীন হাজীৰ উপদেশ মতেই নুলহক, মুছাশ্বেখ, বিশ্বাকে আদি কৰি কেইজনমান মানুহ
পাছদিনাই ছালাম খাঁক লগ ধৰি ক’লে-
আমি চৰৰ বিষয়ে তোমাৰ লগত কিছু কথা আলোচনা কৰিবলগীয়া আছে। কোনদিনা বহিব পাৰিবা
তুমি এটা তাৰিখ দিয়া ৷
ছালাম খাঁই বিৰক্তি মিহলি কণ্ঠত ক’লে- মোৰ লগত চৰৰ বিষয়ে আলোচনা? মই কিবা মণ্ডল বা এচ.ডি.চি. নেকি? চৰৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে মণ্ডলৰ তালৈ যোৱাগৈ।
ছালাম খাঁৰ কথা কোৱাৰ ভংগীত বিশ্বা
প্রায় উত্তেজিত হৈ উঠিছিল। নুৰলহকে তাৰ মুখ ভংগীত অশুভ বাৰ্তাৰ উমান পাই
সন্ত্ৰস্ত হৈ উঠিল। সি প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- বাৰু, তোমাৰ
কথামতেই হ'ব ।
আমি বাৰু মণ্ডলৰ তালৈকেই যাম । কিন্তু তুমি আমাৰ লগত যাব লাগিব।
ছালাম খাঁই উদ্ধত ভংগীত ক'লে- মই মণ্ডলৰ নক্সা চাই মাটিৰ সীমা
উলিয়াই লৈছোঁ। গতিকে মোৰ যোৱাৰ প্ৰয়োজন নাই ৷ তোমালোকৰ যদি প্রয়োজন আছে
তোমালোকেই যোৱাগৈ। মোৰ প্ৰয়োজন হ'লে
তেতিয়া মই অকলেই যাম । এতিয়া তোমালোকৰ প্রয়োজন যেতিয়া তোমালোকেই যোৱাগৈ ।
অশেষ ধৈর্য ধৰি সিদিনাৰ আলোচনা সিমানতে
সামৰি পাছদিনা নুলহকহঁত থানালৈ গৈ অ’চিক কথাটো জনালে।
অ’চিয়ে ঘটনাৰ বিৱৰণ শুনি বিশেষ গুৰুত্ব নিদিয়াকৈ লঘু কণ্ঠত ক’লে- থানাই মাটিৰ কি কৰিব? আপোনালোকে আগতে এচ.ডি.চিক লগ ধৰি সীমা
চমজাই লওঁক। তেতিয়াও যদি দখল এৰি নিদিয়ে মই নিজে গৈ দখল লৈ দিম।
থানাৰ পৰা বিফল মনোৰথ হৈ আহি সীমা
নিৰ্দ্ধাৰণৰ বাবে এচ.ডি.চিৰ ওচৰত আবেদন জনালে। কিন্তু আজি আহে কালি আহে বুলি
আভূৱা-ভাঁৰি ছয় মাহতো মণ্ডল নাহিল। ইতিমধ্যে বাৰিষা কালি আৰম্ভ হ'ল। ফলত সিবাৰৰ ফচল ছালাম খাঁহঁতেই
চপালে। মহচীন হাজীৰ ফলীয়া মানুহবোৰে দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰি পাছৰ
খৰালিৰ বাবে অপেক্ষা কৰি থাকিল । ইয়াৰ মাজতে মহচীন হাজীৰ ফলীয়া ঘেতু বেপাৰী, পলান বয়াতী আৰু ৰূপচানক ছালাম খাঁই
মাটি দিয়াৰ প্রলোভন দেখুৱাই নিজৰ পক্ষলৈ নিলে। এই তিনিজন আগৰে পৰাই কিছু পৰিমাণে
ছালাম খাঁহঁতৰ অনুগত আছিল। বৈবাহিক সূত্রে ছালাম খাঁহঁতৰ দলৰ মানুহৰ লগত সিহঁতৰ
আত্মীয়তাও আছিল। সিহঁত মহচীন হাজীৰ দলৰ মানুহৰ মাজত বসবাস কৰাৰ কাৰণে মহচীন হাজীৰ
অনুগত হৈ আছিল। মহচীন হাজীৰ লগত থাকিলে মাটি পোৱাৰ আশা মিছা দেখি সিহঁতে ছালাম
খাঁৰ লগত যোগ দিলে। ছালাম খাঁই সিহঁতক ঘৰ-বাৰী কৰাৰ কাৰণে মাটি দিয়াৰ লগতে
খেতি-বাতিৰ বাবেও মাটি দিলে। গতিকে সিহঁতে মহচীন হাজীৰ দলৰ মানুহ এৰি চৰলৈ গৈ বসতি
স্থাপন কৰিলে। কিন্তু ইয়াৰ ফলতে আলীগাঁৱৰ বুকুলৈ আন এক বিপর্যয় নামি আহিল।
এই দলটোৰ নেতা আছিল ঘেতু বেপাৰী। ঘেতু
বেপাৰীৰ ঘৈণীয়েক আহ্লাদীৰ ধৰ্ম মিতিৰ পতাৰ নিচা এটা আহিল। অৱস্থা পাতি ভাল দেখিলে
তাই উপযাচি গৈ মিতিৰ পাতিছিল। ছালাম খাঁ চৰৰ হৰ্ত্তা-কৰ্ত্তা, বিধাতা। গতিকে তাক সন্তুষ্ট কৰি ৰাখিব
পাৰিলে চৰত সৰহকৈ মাটি পোৱাত সুবিধা হ'ব বুলি চৰলৈ যোৱাৰ পাছত তাই ছালাম খাঁক ধর্মপিতা পাতিলে আৰু এদিন তাক
নিমন্ত্ৰণ কৰি ঘৰলৈও আনিলে।
ঘেতু বেপাৰীৰ পুতেক ফজল হকৰ ঘৈণীয়েক
ফুলভানুই খাদ্য পৰিবেশন কৰি আছিল। ফুলভানু প্ৰায় এটি ফুলৰ দৰেই ধুনীয়া। গাৰ বৰণ
উজ্জ্বল শ্যামর্ণ। সুগোল বাহু। জোঙা নাক। পিনোন্নত বুকু। আয়ত বহল চকু । দৰিদ্ৰতাৰ
কঠিন নিষ্পেষণেও তাইৰ সৌন্দৰ্য সম্ভাৰত আঁচোৰ বহাব পৰা নাই ৷
ছালাম খাঁৰ বয়স তেতিয়া চল্লিশ
বিয়াল্লিশ । নাৰীৰ প্ৰতি কৈশোৰৰ পৰাই তাৰ সহজাত দুর্বলতা। ধুনীয়া নাৰী দেখিলে
আকৃষ্ট হ'বলৈ তাৰ বেছি
সময় নালাগে।
প্রথম দর্শনতে ছালাম খাঁ ফুলভানুৰ
প্ৰতি আকৃষ্ট হৈ পৰিল আৰু তাৰ দেহ-মনত কামনাৰ জুই শিখা জ্বলি উঠিল।
ছালাম খাঁই ফুলভানুৰ লগত কথাৰ পাতনি ক'লে- আঞ্জা কোনে ৰান্ধিছে ?
আহ্লাদী ওচৰতে বহি খোৱা-লোৱাৰ তদাৰক
কৰি আছিল। ফুলভাই কোনো উত্তৰ দিয়াৰ আগতেই তাই ব্যস্তভাৱে ক'লে- বোৱাৰীয়ে ৰান্ধিছে। কিয় বেয়া
হৈছে নেকি, দেউতা?
ছালাম খাঁই উচ্ছ্বসিত কণ্ঠত আঞ্জাৰ
প্ৰশংসা কৰি ক'লে-
নাই, নাই, বেয়া হোৱা নাই । বৰ ভাল হৈছে। বহুদিন
যেন এনেকুৱা সুস্বাদু আঞ্জা খায়ে পোৱা নাই ৷
প্ৰশংসাৰ আতিশয্যত ফুলভানুৰ মুখমণ্ডল
লাজত ৰঙা পৰি গ'ল।
তাই কৃত্রিম অভিমান প্রকাশ কৰি ক'লে-
কিনো ভাল ৰান্ধিছোঁ! আপুনি মিছাতে প্ৰশংসা কৰিছে।
নাই নাই, সঁচাকৈয়ে কৈছোঁ। ছালাম খাঁই দৃঢ় কণ্ঠত ক’লে- অমৃত খোৱা যেনেই লাগিছে।
এইদৰেই আৰম্ভ প্রথমে আলাপ আৰম্ভ
কৰিছিল। ইয়াৰ পাছত ছালাম খাঁই ঘনঘন্কৈ ঘেতুবেপাৰীৰ ঘৰলৈ আহিবলৈ ধৰিলে আৰু নানা
প্ৰকাৰে ফুলভানুৰ মন জয় কৰিবলৈ চেষ্টা চলালে। ঘেতুবেপাৰীক চৰৰ পৰা পাঁচ বিঘা মাটি
দিলে। ফজল হকক নাও আৰু জাল কিনি দিলে। ফুলভানুকো ভাল শাৰী আৰু ব্লাউছ কিনি দিলে।
কিন্তু ফুলভানুৰ চৰিত্ৰ আছিল ফুলৰ দৰে
পবিত্র। তাইৰ মনত কোনো পাপ বাসনা নাছিল। সেয়ে উপহাৰ উপঢৌকন দিও ছালাম খাঁই
ফুলভানুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। ফুল ভানুৰ মন পাবলৈ চেষ্টা কৰি বিফল
হৈ সি অধৈৰ্য হৈ উঠিল আৰু এদিন দুপৰীয়া ঘৰত কোনো নথকাৰ সুযোগলৈ সি মনে মনে
ফুলভানুৰ শোৱনি ঘৰত প্ৰবেশ কৰিলে ।
দুৱাৰখন জপাই থৈ ফুলভানু এনেয়ে বিছনাত
চকু মুদি পৰি আছিল । তাইৰ কাপোৰ-কানিও অসংযত অৱস্থাত আছিল। সেয়ে মানুহৰ উপস্থিতিৰ
উমান পাই তাই দহমহকৈ বিছনাত উঠি বহিল।
ছালাম খাঁ তাইৰ মূৰ শিতানত থিয় হৈ
আছিল। ছালাম খাঁক তেনেকৈ থিয় হৈ থকা দেখি তাই বিস্ময় বিহবল কণ্ঠত সুধিলে- আপুনি
! আগজাননী নিদিয়াকৈ এনেকৈ মনে মনে......ফুলভানুই বাক্যটো ইচ্ছাকৃত ভাবেই আধৰুৱাকৈ
এৰিলে।
ছালাম খাঁই অপ্রস্তুতভাৱে ক'লে- কিয়, বেয়া পালা নেকি?
ফুলভানুই অসংযত কাপোৰ-কানি সংযত কৰি
স্নান কণ্ঠত ক’লে-
বেয়া পালেইনো আপোনাৰ কি আহে যায়। ফুলভানুই এইদৰে কৈ বিছনাৰ পৰা নামি ক’লে- বাৰু, আপুনি বহক; মই মাক মাতি আনোগৈ।
ছালাম খাঁই ব্যস্তভাৱে ক'লে- নাই নাই, মাৰাক মতাৰ প্ৰয়োজন নাই। তুমি বহা।
তোমাৰ লগত কথা আছে।
ছালাম খাঁই কি কথা পাতিব খুজিছে সেয়া
ফুলভাই কম-বেচি পৰিমাণে উপলব্ধি কৰিব পাৰিলে। তদুপৰি ঘৰত অকলে থকাৰ কাৰণে তাই কিছু
পৰিমাণে ভয়ো খাইছিল । ইহঁত শেনৰ এজাত ৷ জোৰ-জবৰ্ধস্তিও কৰিব পাৰে। সেয়ে তাই
ঘৰৰপৰা ওলাই যোৱাৰ কাৰণে অজুহাত বিচাৰিবলৈ ধৰিলে। হঠাৎ তাইৰ পাণ-তামোলৰ কথা মনত
পৰিল৷ পাণ ঘৰত আছিল যদিও তাই ক’লে-
ঘৰত পাণ নাই। আপুনি বহক মই সি ঘৰৰপৰা পাণলৈ আহোগৈ ৷ এইদৰে কৈ তাই ছালাম খাঁৰ
অনুমতিলৈ অপেক্ষা নকৰি খৰখেদাকৈ ঘৰৰ ভিতৰৰপৰা ওলাই চুবুৰীয়া ঘৰখনলৈ গ'ল।
ছালাম খাই বহু সময় তাইৰ কাৰণে অপেক্ষা
কৰি বহি থাকিল। কিন্তু বহু সময় অপেক্ষা কৰাৰ পাছতো তাই নহাত ফুলভানুই তাক
আভুৱা-ভাঁৰিছে বুলি সি উপলব্ধি কৰিব পাৰিলে। সেয়ে সি সিদিনাৰ কাৰণে বিফল মনোথ হৈ
গুচি গ'ল।
ছালাম খাঁ গুচি যোৱাৰ পাছত ফুলভানু
ঘৰলৈ আহিল। ইতিমধ্যে শাহুৱেকো ঘৰলৈ আহিছিল। শাহুৱেকৰ ওচৰলৈ আহি তাই অভিযোগ কৰিলে-
মা, নতুনকৈ পতা ককাৰ
ব্যৱহাৰ কিন্তু মই মুঠেই ভাল পোৱা নাই ৷
আহ্লাদীয়ে ব্যস্তভাৱে সুধিলে- কিয়, কি হ'ল?
ফুলভানুই অলপ আগতে ঘটা ঘটনাৰ বিৱৰণ
থূলমূলকৈ কৈ ক'লে-
পুনৰ যাতে মোৰ শোৱনি ঘৰলৈ তেনেকৈ সোমাই নাযায়, আপুনি তেওঁক নিষেধ কৰি দিব ।
ইতিমধ্যে ছালাম খাঁই আহ্লাদীৰ অনুৰোধ
মৰ্মে পাঁচ বিঘা মাটি দিছে আৰু দুবিঘামান দিয়াৰ আশ্বাসো দিছে। গতিকে এই মুহূৰ্তত
অপ্রিয় প্ৰসংগ এটা সৃষ্টি হ'লে
মাটিখিনি হাতৰপৰা গুচি যোৱাটো নিশ্চিত। সেয়ে আহলাদী উদ্বিগ্ন হৈ উঠিল। ঘটনাটো তাই
লঘু ভাৱে লৈ ক'লে-
সম্পৰ্কত তেওঁ তোমাৰ ককা। তুমি তেওঁৰ নাতি বোৱাৰী। নাতি বোৱাৰীৰ শোৱনি ঘৰলৈ সোমাই
যাব পাৰে কাৰণেহে গৈছে! ইয়াতনো তুমি আপত্তি কৰাৰ কথা কি দেখিলা? সিহঁত ক্ষমতাশালী মানুহ। ক্ষমতাশালী
মানুহৰ কিছু আঁকোৰ-গোজ স্বভাৱ থাকেই। সেইখিনি আমি দুখীয়াবোৰে মানি লৈয়ে চলিব
লাগিব। এইদৰে উপদেশ দি তাই সংশয় মিহলি কন্ঠত সুধিলে- তুমি তেওঁক কিবা টানকৈ কৈছা
নেকি?
শাহুৱেকৰ মন্ত্যবত ফুলভানু ক্ষুণ্ণ হৈ
উঠিছিল। সেয়ে তাই ক্ষোভ প্রকাশ কৰি ক’লে- আজি অৱশ্যে কোৱা নাই; কিন্তু এনেকুৱা ব্যৱহাৰ কৰিলে এদিন নিশ্চয় ক'ব লাগিব ।
এইদৰে উষ্মা প্রকাশ কৰি তাই ঘৰৰপৰা
ওলাই যাবলৈ উদ্যত হ'ল।
কিছুমান মানুহৰ কাৰণে স্বার্থই সকলো।
স্বার্থ সিদ্ধিৰ কাৰণে সিহঁতে যিকোনো কৰ্ম কৰিব পাৰে। মান-সন্মান পর্যন্ত বিক্ৰী
কৰিব পাৰে। আহ্লাদীও সেই প্ৰকৃতিৰ তিৰোতা। সেয়ে আহ্লাদীয়ে বোৱাৰীয়েকৰ
মান-সন্মানৰ কথা চিন্তা নকৰি স্বাৰ্থৰ কথা ভাবি পাছফালৰ পৰা মাতি ক'লে- ইমান সতীগিৰি দেখুৱাব নালাগে।
সতীগিৰি দেখুৱাবলৈ গ'লে
চৰৰ মাটি সম্পত্তি নাথাকিব। তেতিয়া গৈ লোকৰ ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিব লাগিব ।
যদি ভিক্ষা মাগি খাব লাগে সেয়াও ভাল, সেইবুলি মান-ইজ্জত বিক্ৰী কৰি চৰৰ মাটি
ৰক্ষা নকৰো ৷
এইদৰে শাহু-বোৱাৰীয়েকৰ মাজত বহু সময়
তর্কা-তর্কি চলিল।
তেতিয়া ইলিচ মাছৰ বতৰ। ফজল হক ইলিচ
মাছ ধৰিবলৈ নদীলৈ গৈছিল তর্কা-তর্কি চলি থাকোতেই সি আহি ঘৰ পালেহি।
ফজল হকক দেখি আহ্লাদী ৰণত ভংগ দি
ঘৰৰপৰা ওলাই গ'ল ৷
শাহু-বোৱাৰীয়ে কি লৈ হুলস্থূলখন কৰি
আছিলা?
সেয়া শুনি আপুনি কি কৰিব? এইদৰে উষ্মা প্রকাশ কৰি তাই ক'লে- বাৰু, শুনিব খুজিছে যদি শুনক।
ফুলভাই ফজল হকক ঘটনাটো বিৱৰি ক'লে। ঘটনাটো শুনি ফজলহক স্তব্ধ হৈ গ'ল। মানুহে নিজৰ মুখৰ পৰা অন্ন কাঢ়ি
নিলেও সহ্য কৰিব পাৰে; কিন্তু
নিজৰ স্ত্ৰীৰ অপমান কেতিয়াওঁ সহ্য কৰিব নোৱাৰে। ছালাম খাঁৰ লগত মিতিৰালি কৰাৰ
পাছৰপৰা সি এনেকুৱা ঘটনা ঘটিব পাৰে বুলি আশংকা কৰি আছিল। সেয়ে ছালাম খাঁৰ লগত
মিতিৰালি কৰাটো সি প্ৰথমৰ পৰাই সহজভাৱে ল'ব পৰা নাই। একমাত্ৰ মাক-দেউতাকৰ মুখলৈ চাইহে সি কথাটো মানি ল'বলৈ বাধ্য হৈছে। কাৰণ ছালাম খাঁৰ
স্বভাৱৰ কথা সি জানে ৷ ছালাম খাঁৰ দৰে মানুহে নিজৰ পাশৱিক আচাৰ দেহৰ ভোকৰ কাৰণে
সকলো কৰিব পাৰে। গতিকে ঘটনাটো শুনি সি বহু সময় স্তব্ধ হৈ বহি থাকিল। তাৰ পাছত সি
বহাৰপৰা উঠি মনে মনে আলীগাঁও বজাৰলৈ বুলি ওলাই আহিল ৷
বজাৰলৈ আহিয়ে সি নজৰুলৰ ওচৰলৈ আহিল।
নজৰুল তাৰ সহপাঠী। প্ৰাইমাৰীত দুয়ো একেলগে পঢ়িছিল। প্ৰাইমাৰী পাছ কৰাৰ পাছত
ওচৰে-পাজৰে মজলীয়া বিদ্যালয় নথকাৰ কাৰণে সি পঢ়িবলৈ এৰি দিছিল আৰু নজৰুল কাদংলৈ
গৈ এম,ই স্কুলত নাম
লগাইছিল। স্কুলত পঢ়ি থাকোঁতে দুয়োৰে মাজত খুবেই সদ্ভাৱ আছিল। সিহঁতৰ সেই সদ্ভাৱ
এতিয়াওঁ অঁটুট আছে। ফজল হকহঁত চৰলৈ অহাৰ পাছত সেই সদ্ভাৱত কিছু ফাট মেলিছে যদিও
সেয়া সামান্যই । এতিয়াও উভয়ে উভয়ক দেখিলে মাতষাৰ নলগোৱাকৈ থাকিব নোৱাৰে।
ফজলহকে আগতেও নজৰুলৰ দোকানৰ পৰা বয়বস্তু কিনিছিল। এতিয়াও কিনে।
গতিকে ফজলহকে নজৰুলৰ ওচৰত ঘটনাটো ভাঙি -পাতি
ক’লে।
ফজলহকৰ মুখত ঘটনাৰ বিৱৰণ শুনি নজৰুল
চিন্তিত ভাৱে ক’লে-
এতিয়া কি কৰিব খুজিছ? চৰত
থাকিলে ছালাম খাঁই তোক শান্তিৰে থাকিবলৈ নিদিব ই ধুৰূপ। তই নহ'লে চৰৰপৰা গুচি আহগৈ ৷
চৰৰপৰা গুচি অহাৰ কথা ফজল হকেও নভৱা
নহয়। কিন্তু চৰৰপৰা গুচি আহিলেই যে সমস্যাটোৰ সমাধান হ'ব এই বিষয়ে সি নিশ্চিত হ'ব পৰা নাই । সেয়ে সি ক'লে- চৰৰপৰা গুচি আহিলেই যে সমস্যাটোৰ
সমাধান হ'ব তাৰ কি
নিশ্চয়তা আছে? এই
দৰে প্ৰশ্নটো কৰিয়ে সি ৰহস্যজনকভাৱে নিম্নস্বৰত ক'লে- তাতকৈ মই বেলেগ কথাহে ভাবিছোঁ।
বেলেগ কথা! কি কথা?
সিহঁত ঘৰৰ ভিতৰত বহি কথা পাতি আছিল।
ফজলহক বহাৰ পৰা উঠি দুৱাৰ মুখলৈ আগবাঢ়ি গৈ চাৰিও ফালে দৃষ্টি বুলাই পুনৰ ঘৰৰ
ভিতৰলৈ সোমাই আহি নজৰুলৰ কাণে কাণে ফুচফুচাই ক'লে- তাক একেবাৰে খতম কৰি দিলে কেনে হয় ?
কথাটো শুনি নজৰুল উচাপ্ খাই উঠিল। ভীত
সন্ত্ৰস্ত কণ্ঠত ক'লে
সি- তই এইবোৰ কি কৈছ ? মানুহ
এজনক হত্যাকৰাটো ইমান সহজ নেকি?
যদি মাৰিবলৈ গৈ মাৰিব নোৱাৰ কি গতি হ'ব ভাবি চাইছ?
তহঁতে সহায় কৰিলে নিশ্চয় পাৰিম।
যিয়ে নোকোৱা কিয়, নৰহত্যাৰ দৰে কামত মই তোক সহায় কৰিব
নোৱাৰিম। নৰহত্যা মহাপাপ। তদুপৰি দেউতাই জানিলেতো মোক ঘৰৰপৰা খেদিয়ে পঠিয়াব।
নৰহত্যা কৰাটো সকলোৰে কামো নহয়।
তই একো কৰিব নালাগে। তই মাথোন মোৰ লগত
থাকিবি। যি কৰিব লাগে ময়ে কৰিম৷
তথাপি তোক মই এই কামত সহায় কৰিব
নোৱাৰিম। মোক ক্ষমা কৰিবি।
ফজলহকে তিৰস্কাৰৰ সুৰত ক'লে- মোৰ দৰে তোৰ পৰিস্থিতি হ'লে তয়ো পাৰিলিহেঁতেন। আচলতে তই মোৰ
সমস্যাটো গুৰুত্ব সহকাৰে লোৱাই নাই ৷
ফজল হকৰ তিৰস্কাৰত নজৰুলৰ আত্মসন্মানত
আঘাত লাগিল। সেয়ে সি পৰামৰ্শ আগবঢ়ালে- তই নহ'লে কথাটো বিশ্বা খুৰাৰ লগত আলোচনা কৰগৈ। তেওঁ মত দিলে মই বাৰু তহঁতৰ
লগত থাকিম।
পৰামৰ্শটো ফজলহকৰ মনঃপূত হ'ল। চৰৰ বিষয়লৈ বহুতেই ছালাম খাঁৰ ওপৰত
খড়গ হস্ত হৈ আছে৷ তাৰ ভিতৰত বিশ্বাও এজন বুলি ফজলহকে জানে। সেয়ে সি নজৰুলৰ
প্ৰস্তাৱটো সমৰ্থন কৰি ক'লে-
বাৰু, তই কৈছ যেতিয়া
তাকেই কৰোঁগৈ। বিশ্বা খুৰাই মত দিলে কিন্তু তই আমাৰ লগত থাকিব লাগিব ।
হ'ব। তই এই বিষয়ে ভাবিব নালাগে।
দুয়ো বিশ্বাক বিচাৰি আহিল। বিশ্বা
ঘৰতে আছিল। ফজলহকে কথাটো বিশ্বাক জনোৱাত সি একেষাৰতে কথাটোত সমর্থন জনাই ক'লে- কামটো কৰিব পাৰিলে অৱশ্যে বেয়া নহ'ব। চৰৰ সমস্যা সমাধান হোৱাৰ লগতে
অঞ্চলটোতো শান্তি প্রতিষ্ঠা হ'ব।
দেখাত কামটো বেয়া হ'লেও
আচলতে এটা ভাল কামে হ'ব
দিয়াচোন, কিন্তু
..........
ফজলহকে দৃঢ় কণ্ঠত ক’লে- কোনো কিন্তু নাই । কামটো মই কৰিম
৷ আপোনালোকে মাথোন মোক সহায় কৰিব।
বিশ্বাই চিন্তিত কণ্ঠত ক’লে- এইবোৰ দুই এজনৰ কাম নহয় । মানুহৰ
প্ৰয়োজন হ'ব।
ধৰিলে যি কোনো প্ৰকাৰে শেষ কৰিবই লাগিব। কামটো কৰিবলৈ গৈ বিফল হ'লে সাংঘাতিক কথা হ'ব। সাপ মাৰি নেগুৰত বিহ ৰখাৰ লেখীয়া হ'ব। তাৰ লগতে প্ৰায়ে দুই তিনি জনকৈ
মানুহ থাকে। প্রয়োজন হ'লে
সিহঁতৰ লগতো মোকাবিলা কৰিব লাগিব। গতিকে অতিকমেও সাত আঠজন মানুহৰ প্ৰয়োজন হ'ব।
নজৰুলে মাজতে ক’লে- একেবাৰে শেষ নকৰি হাত-ভৰি ভাঙি
দিলে কেনে হয়?
বিশ্বাই ক’লে- তই পাগল হৈছ নেকি? সুস্থ বাঘতকৈ ঘায়েল বাঘ বেছি ভয়ংকৰ।
ধৰিলে শেষ কৰিবই লাগিব।
ফজলহকে আহত কণ্ঠত ক’লে- কিন্তু ই মানবোৰ মানুহ পাম ক’ত? তদুপৰি বেছি মানুহৰ লগত আলোচনা কৰিলে ঘটনাটো জনা-জনি হোৱাৰ সম্ভাৱনাও
নথকা নহয় । জনা-জনি হ'লে
দেখোন সকলো অথলে যাব ।
আমি আঁঠুৱা চাই ভৰি মেলিব লাগিব।
বিশ্বাই দৃঢ়কণ্ঠত ক’লে-
সি কাৰনো অন্যায় কৰা নাই ? এই
ধৰা, আজমতৰ ভনীয়েকক
লৈ কম কেলেংকাৰীখন নকৰিলেনে সি। বলপূর্বক ঘৰৰ পৰা উঠাই আনি বিয়া-বাৰু নকৰোৱাকৈ
ছমাহ ৰাখি খেদি দিলে । আজমতে এই বিষয়ে প্ৰতিবাদ কৰাত বজাৰতে তাক ধৰি পিটিলে।
আজমতেতো তেতিয়াৰ পৰাই তাক হত্যাকৰাৰ কাৰণে সুযোগ বিচাৰি আছে। বিচাৰিলে আজমতৰ দৰে
আৰু দুই চাৰ্জিন নিশ্চয় ওলাব। চৰৰ বিষয় লৈয়ো গাঁৱখনৰ বহু মানুহ তাৰ ওপৰত খড়গ
হস্ত হৈ আছে। হাজী চাহাবৰ ভয়তহে মানুহবোৰে হাত-ভৰি গোটাই আছে। বাৰু, তুমি এই বিষয়ে কাৰো লগত আলোচনা কৰিব
নালাগে। যি কৰিব লাগে মই কৰিম। তুমি মাথোন মোক সহযোগ কৰিলেই হ'ব।
ইয়াৰ পাছত গোপনে চলিল দিহা-পৰামর্শ
অর্থাৎ ষড়যন্ত্র। বিভিন্ন ধৰণে নির্যাতিত, নিষ্পেষিত, প্রতাড়িত
তথা অপমানিত ছজন মানুহ বিশ্বা আৰু ফজলহকৰ নেতৃত্বত একগোট হ'ল। সৰু সৰু জান-জুৰি মিলি নৈ সৃষ্টি
হোৱাৰ দৰে ছজন মানুহৰ ধ্যান- ধাৰণা একাকাৰ হৈ প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হ'ল৷ ক্ষোভে আনি দিলে প্রচণ্ড শক্তি ।
দুৰ্বলৰ ক্ষোভ, বেদনা
মনক শান্ত্বনা দিবলৈ চকুপানী হৈ সৰে; কিন্তু সবলৰ ক্ষোভ,
বেদনা জুই হৈ জ্বলে। বিশ্বাহঁতৰ সন্মিলিত শক্তিও ছালাম খাঁক পুৰি
মাৰিবলৈ জুইৰ আকাৰে জ্বলিবলৈ ধৰিলে।
বিশ্বাহঁতে কেনেকৈ ছালাম খাঁৰ ওপৰত
মোক্ষম আঘাত হানিব তাৰে দিহা পৰামৰ্শ কৰিবলৈ সঘনে সিহঁত মিলিত হ'বলৈ ধৰিলে। ছজন মানুহ একদেহ একপ্ৰাণৰ
দৰে হৈ পৰিল। সিহঁতক উৎসাহিত কৰিবলৈও এদল মানুহ সৃষ্টি হ'ল। সেই সকলৰপৰা ছালাম খাঁৰ গতি-বিধিৰ
ওপৰত চকু ৰাখিবলৈ তিনিজন মানুহ নিয়োজিতকৰা হ'ল । ছালাম খাঁৰ অলক্ষিতে তাৰ চৌপাশে এক সবল প্ৰাচীৰ সৃষ্টি হ'ল।
এই ষড়যন্ত্ৰৰ কথা বহুতেই জানিছিল যদিও
মহচীন হাজীৰপৰা পৰিকল্পিত ভাৱে লুকাই ৰখা হৈছিল। কাৰণ ষড়যন্ত্ৰকাৰীহঁতে জানিছিল
যে, এই কথা মহচীন
হাজীৰ কাণত পৰিলে কেতিয়াও ইয়াক সমৰ্থন নকৰিব। গতিকে মহচীন হাজীয়ে যাতে কথাটো
ঘূণাক্ষৰেও টেৰ নাপায় তাৰ কাৰণে যত্ন কৰা হৈ আছিল। কিন্তু মহচীন হাজীক এই
ষড়যন্ত্ৰৰ বিষয়ে কোনেও একো নক'লেও
বিশ্বাহঁতৰ ৰহস্যজনক চাল-চলন আৰু কথা-বতৰাত মহচীন হাজী সন্দিহান হৈ উঠিল। এই
ৰহস্যপূর্ণ চাল-চলনে যে কিবা এক অশুভ বাৰ্তাৰ ইংগিত বহন কৰিছে এই কথা উপলব্ধি
কৰিবলৈ তেওঁৰ অসুবিধা নহ'ল।
তেওঁ এই বিষয়ে নুলহক বা নজৰুলক সুধিও কোনো সুদুত্তৰ নাপালে। গতিকে তেওঁ এদিন
বিশ্বাক মাতি আনি সুধিলে- তোমালোকে যেন মোৰ পৰা কিবা এটা কথা লুকোৱাবলৈ যত্ন কৰি
আছা! নুলহক বা নজৰুলক সুধিও মই একো সদুত্তৰ পোৱা নাই। কোৱাচোন, তোমালোকে কি কৰিব খুজিছা ?
মহচীন হাজীৰ কথাৰ ইংগিত বুজিব পাৰি
বিশ্বা শংকিত হৈ উঠিল। মহচীন হাজীয়ে কথাটো গম পালে কামটো কৰা সম্ভৱ নহ'ব বুলি সি জানে। সেয়ে সি একো নজনাৰ
ভাওজুৰি কৰি ক'লে-
নাইতো, আমি দেখোন একোকে
ভবা নাই ।
মহচীন হাজীয়ে হুমুনিয়াহ কাঢ়ি ক’লে- চোৱা, মানুহৰ স্বচ্ছ আৰু উজ্জ্বল দৃষ্টিত তাৰ
ভিতৰৰ নিষ্কলংক ৰূপ ফুটি উঠে আৰু ম্লান নিষ্প্রভ দৃষ্টিত তাৰ হৃদয়ৰ বিষাদ বেদনা
ফুটি উঠে। কিন্তু চঞ্চল ও ৰহস্যময় দৃষ্টিত ফুটি উঠে তাৰ হৃদয়ৰ কপটতা। তোমালোকৰ
চাল-চলনত যেন কিবা এক ৰহস্যৰ আভাস নিহিত হৈ আছে। দেহৰ বল পৰি অহাৰ লগে লগে মোৰ মনৰ
বলো কমি আহিছে- স্মৃতিও দুৰ্বল হৈ আহিছে; কিন্তু উপলব্ধিৰ ক্ষমতা এতিয়াও অঁটুট আছে। বাৰু, তোমালোকক মই বিৰক্ত কৰিব খোজা নাই ।
মাথোন এটা অনুৰোধ কৰিব খুজিছোঁ,
কোনো পৰিস্থিতিতে অন্যায় পদক্ষেপ নল’বা। অন্যায় কৰ্মেৰে কেতিয়াও ন্যায় প্রতিষ্ঠা কৰিব নোৱাৰি। এই
কথাষাৰ মনত ৰাখিবা । যি কৰিবা ভাবি-চিন্তি কৰিবা ৷
বিশ্বা কোনো ধৰণৰ মন্তব্য বা বিৰোধিতা
নকৰি মৌনভাবে মহচীন হাজীৰ ওচৰৰপৰা গুচি আহিল। সি বাটে বাটে আহোঁতে মহচীন হাজীয়ে
কোৱা কথাবোৰ মনতে আকৌ এবাৰ জুকিয়াই চালে। মহচীন হাজীয়ে কোৱা কথাবোৰ অৱশ্যে ঠিক; কিন্তু সিহঁত যিমানদূৰ আগবাঢ়ি আহিছে
তাৰ পৰা উভতি যোৱা সম্ভৱ নহয। গতিকে সি তাৰ দলৰ মানুহৰ লগত এই বিষয়ে আলোচনা নকৰাৰ
সিদ্ধান্ত লৈ খোজৰ গতি বঢ়াই দিলে।
কিছুদূৰ অহাৰ পাছত বাটত বিশ্বাই তাৰ
ভতিজা জমিৰ আলীক লগ পালে।
জমিৰ আলীক ছালাম খাঁৰ গতিবিধিৰ ওপৰত
চকু ৰাখিবলৈ নিয়োগ কৰা হৈছিল। সি বিশ্বাক একাষৰীয়াকৈ মাতি কাণৰ গুৰিলৈ মুখ আনি
ফুচফুচাই ক'লে-
ছালাম খাঁ এঘণ্টামান আগতে চৰলৈ গৈছে। লগত ৰূপচান খুৰা আৰু সিৰাজ কাই আছে। সিহঁত
সন্ধিয়াৰ আগে আগে উভতিব। সন্ধিয়া বজাৰত কিবা এটা মেল আছে হেনো। সন্ধিয়া আহি সেই
মেলত অংশ গ্ৰহণ কৰিব।
বিশ্বা চৌদিশে সাৱধানী দৃষ্টি বুলাই
স্থিৰ দৃষ্টিত জমিৰৰ ফালে চাই সুধিলে- খবৰটো সঁচা নেকি ?
জমিৰে দৃঢ় কণ্ঠত ক’লে- সচা ৷ ৰূপচান খুৰাৰ লগত ছালাম খাঁ
বজাৰত এই বিষয়ে আলোচনা কৰা মই নিজেই শুনিছোঁ আৰু খন্তেক পাছতে চৰৰ ফালে যোৱাও
দেখিছোঁ।'
বিশ্বাৰ শৰীৰত হিংস্ৰতাৰ বিদ্যুৎ খেলি
গ'ল আৰু চকু-মুখত
খেলি গ'ল কূটিল হাঁহি।
ক’লে সি- বাৰু, তই যা। বাকীবোৰকো খবৰটো দে গৈ।
সকলোকে খবৰ দিয়া হৈছে। সিহঁত বৰ্তমান
আপোনাৰ কাৰণে খালৰ পাৰত অপেক্ষা কৰি আছে ৷ আপুনি হাজী ককাৰ তাত থকা কাৰণে খবৰটো
দিয়াত পলম হৈছে।
বাৰু, তই এতিয়া ঘৰলৈ যা। কথাটো যাতে কোনেও গম নাপায়। কাকো নক’বি কথাটো। মই এতিয়াই খালৰ পাৰলৈ গৈ
আছোঁ।
উত্তেজিতভাৱে দ্ৰুত গতিত বিশ্বা খালৰ
পাৰলৈ বুলি খোজ ল'লে।
খাল মানে মৰাসুঁতি ৷ ব্ৰহ্মপুত্ৰই গৰা
খহাই আহি ঠাইডোখৰ পোৱাৰ পাছত খহনীয়া বন্ধ কৰি চৰ পেলাই আঁতৰি হৈছে। গতি সলোৱাৰ
সময়ত গৰাৰ কাষত খালৰ নিচিনাকৈ এটা সুঁতি এৰি থৈ গৈছে। সুঁতিটো খৰালি শুকাই যায়
আৰু বাৰিষা পানীৰে উপচি পৰি সুঁতিৰ সৃষ্টি কৰে। খালৰ এডোখৰ ঠাই অলপ বাম। বাম
ঠাইডোখৰেদি চৰলৈ অহা-যোৱা কৰাৰ কাৰণে এটা বাট আছে। মানুহে সেই বাটেৰে চৰলৈ
অহা-যোৱা কৰে। বাৰিষা কিছু পানী হ'লেও
সেই বাম ঠাইডোখৰেদি কাপোৰ নিতিতাকৈ অহা-যোৱা কৰিব পাৰে ৷
বিশ্বা আহি ঠাইডোখৰ পালেহি ।
জমিৰে কোৱামতেই ফজলহক, নজৰুল, আজমতকে আদি কৰি পাঁচজন মানুহ তাত বিশ্বাৰ কাৰণে অপেক্ষা কৰি আছিল৷
বিশ্বাই অর্থপূর্ণ দৃষ্টিত আটাইৰে
মুখলৈ চাই উত্তেজিত বিব্রত মুখমণ্ডলত প্ৰসন্ন হাঁহিৰ ৰেখা ফুটাই তুলিলে ।
বিশ্বাক মহচীন হাজীয়ে মাতি নিয়াৰ
কথাটো নজৰুলে জানে, সেয়ে
সি সুধিলে- দেউতাই কি ক’লে ?
মহচীন হাজীয়ে
কোৱা কথাবোৰ ক'লে
বহুতেই কামটো কৰিবলৈ আপত্তি কৰিব বুলি ভাবি বিশ্বাই প্ৰসংগটো সিমানতে সামৰিলৈ ক'লে- নাই বিশেষ একো নহয় ৷ এনেয়ে। পাছত
কম বাৰু। এতিয়া যি উদ্দেশ্যলৈ আহিছ সেই কথা চিন্তা কৰ ৷
ফজল হকে ক’লে- আমি এনেকৈ জুম বান্ধি বহি থাকিলে
কথাটো জনা-জনি হওঁতে বেছি পৰ নালাগিব। তাতকৈ ব’লা, কঁহুৱাডৰাৰ
মাজত চোপপাতি ৰৈ থাকোঁগৈ আমি৷
কঁহুৱাডৰাৰ গা চুই চৰৰ পৰা উঠি অহা বাট
। গতিকে বিশ্বাই ফজলহকক সমৰ্থন কৰি ক'লে- ব’লা, আমি ফজলে কোৱামতেই কৰোঁগৈ। এইদৰে
ফজলহকক সমৰ্থন কৰি সি পৰামৰ্শ আগবঢ়ালে- আমি পাঁচজন কঁহুৱাৰ মাজত অলপ আঁতৰে আঁতৰে
ৰৈ থাকিম। আমাক দেখি ভয়ত দৌৰ পলাবলৈ চেষ্টা কৰিলেও যাতে আমাৰ মাজৰপৰা যিকোনো এজনে
গৈ আঘাত হানিব পাৰে ।
আটায়ে কঁহুৱাৰ মাজত লুকাই থাকিলে সি
অহাটো আমি গম পাম কেনেকৈ? নজৰুলে
নিজৰ মনৰ সংশয় ব্যক্ত কৰিলে।
কঁহুৱাডৰা আজমতহঁতৰ। গতিকে বিশ্বাই
আজমতলৈ উদ্দেশ্য কৰি ক'লে-
যা, তই কাঁচি এটালৈ
কঁহুৱা কাটি থাক গৈ ৷ সি তোৰ ওচৰ আহি পালে গলখেকাৰি মাৰি আমাক তাৰ উপস্থিতিৰ কথা জনাই
দিবি।
বিশ্বাৰ নিৰ্দ্দেশ মতে আজমত কঁহুৱা
কাটিবলৈ লাগি গ'ল।
বাকী পাঁচজন অলপ আঁতৰে আঁতৰে কঁহুৱাৰ মাজত লুকাই থাকিল ৷
সিহঁত বেছিপৰ অপেক্ষা কৰিব লগা নহ'ল। মুনিচুনি বেলি ছালাম খাঁ আহি
সেইখিনি পালেহি। তেতিয়া শাওণ মাহ ৷ কঁহুৱা পূৰঠ হোৱা নাছিল। ফুলিবলৈ আৰম্ভ কৰিছিলহে
মাথোন। গতিকে ছালাম খাঁই আজমতক উদ্দেশ্য কৰি ক'লে- এতিয়াই কঁহুৱা কাটিবলৈ ল’লাই নেকি?
আজমতে গলখেকাৰি মাৰি ক'লে- টকাৰ দৰ্কাৰ কাৰণে..
আজমতৰ কথা শেষ নহ'ল। গলখেকাৰিৰ শব্দ শুনি বিশ্বাহঁতে
হাতে হাতে লাঠি-যাঠি লৈ হুৰমূৰকৈ কঁহুৱাৰ মাজৰপৰা ওলাই আহি ছালাম খাঁক আগুৰি
ধৰিলে।
ছালাম খাঁই ঘটনাৰ গুৰুত্ব উপলব্ধি কৰাৰ
আগতেই ফজল হকে লাঠি এডালেৰে তাৰ মূৰত আঘাত হানিলে।
সন্মুখত কালান্তক যম দেখি ৰূপচান আৰু
সিৰাজ দৌৰি পলাল ৷
বিকট চিঞৰ মাৰি ছালাম খাঁ মাটিত ঢলি
পৰিল। একমাত্ৰ নজৰুলৰ বাহিৰে বাকীবোৰে বহুদিনৰ পূঞ্জীভূত ক্ষোভ উজাৰি বালিয়াৰ দৰে
ছালাম খাঁক ঘপিয়াবলৈ ধৰিলে।
অলপ-সময় পাছতে ছালাম খাঁৰ ক্ষত-বিক্ষত
দেহা নিথৰ হৈ গ'ল।
মৃত্যুৰ পাছতো আজমতে আক্রোশবশতঃ ছালাম খাঁৰ পেটত বলিয়াৰ দৰে ঘপিয়াই থাকিল।
বিশ্বাই তাক বাধা দি ক’লে- বাদ দে। মৰা মানুহক খুচি লাভ নাই।
এতিয়া পলোৱাৰ কথা চিন্তা কৰ। ৰূপচান আৰু সিৰাজে ইতিমধ্যে গাঁৱত কথাটো প্ৰচাৰ কৰি
দিছেই হয়তো। মানুহ অহাৰ আগতেই আমি ইয়াৰপৰা পলাব লাগিব ।
বিশ্বাৰ কথাত আটাইকেইজন সজাগ হৈ উঠিল।
সিহঁতে দ্ৰুত মৰাসূঁতিলৈ গৈ কাপোৰ-কানিত লগা তেজৰ চেকাবোৰ ধুই লাঠি-যাঠি পানীত
পেলাই দি পলাল।
ইফালে ৰূপচান আৰু সিৰাজৰ মুখত ঘটনাটো
শুনি ছালাম খাঁৰ ফলীয়া এদল মানুহ আহি ঘটনাস্থলী পালেহি। ছালাম খাঁক তেজেৰে
লুতুৰি-পুতুৰি হৈ নিথৰভাৱে পৰি থকা দেখি দুজন মানে থানাত খবৰ দিবলৈ ওলাল ।
মহচীন হাজীয়েও খবৰটো পালে। নজৰুল
হত্যাকাণ্ডত জড়িত থকাৰ খবৰ শুনি তেওঁ ক্ষোভ বেদনাত অস্থিৰ হৈ উঠিল। ফলত তেওঁৰ
তেজৰ গতি বৃদ্ধি পালে। তেজৰ গতি বৃদ্ধি পোৱাত তেওঁ পুনৰ পক্ষাঘাত গ্ৰস্ত হৈ পৰিল।
ইফালে পুলিচ আহি ৰূপচান আৰু সিৰাজৰ
মুখত ঘটনাৰ বিৱৰণ শুনি বিশ্বা, ফজল
হক, আজমত আৰু
নজৰুলকে আদি কৰি ছজনৰ নামত কেচ লিখি ছালাম খাঁৰ মৃতদেহ থানালৈ লৈ গ'ল আৰু পাছদিনা ৰাতিপুৱা মৃতদেহটো
পোষ্টমৰ্টেমৰ বাবে সদৰলৈ চালান দিলে।
ইফালে মহচীন হাজী পুনৰ জ্ঞান ঘূৰাই
নাপালে। তিনিদিন অজ্ঞান অৱস্থাত মৃত্যুৰ লগত যুঁজি যুঁজি এটা সময়ত তেওঁ মৃত্যুৰ
কোলাত ঢলি পৰিল। তেওঁৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰিল
আৰু শ শ মানুহ আহি তেওঁক শেষ বিদায় জনাবলৈ উবুৰি খাই পৰিল। যথা সময়ত শ শ মানুহৰ
উপস্থিতিত বিদ্যালয়খনৰ কাষতে তেওঁক কবৰ দিয়া হ'ল। কিন্তু দুখৰ বিষয় পলাতক অৱস্থাত থকা কাৰণে নজৰুলে তেওঁৰ জানাজাত
চামিল হ'ব নোৱাৰিলে।
ইয়াৰ পাছৰ ঘটনাসমূহ খুবেই চমু আৰু
গতানুগতিক। পোন্ধৰ দিনমান পাছত নজৰুলহঁতে পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰিলে । পুলিচে
সিহঁতক কোর্টলৈ চালান দিলে। কোর্টৰপৰা সিহঁতক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল। তিনিমাহ পাছত জেল হাজোতৰপৰা সিহঁত
জামিনত ওলাই আহিল। কেচ চলিল। শেষ বিচাৰত আটাইৰে সাত বছৰকৈ শাস্তি হ'ল। অভিযুক্তসকলে হাইকোর্টত আপীল কৰিলে।
দুবছৰ কাৰাবাসৰ পাছত হাইকোর্টৰপৰা সিহঁতক মুক্তি দিলে।
বর্তমান আগৰ সেই আলীগাঁৱৰ কোনো চিন-চাব
নাই। আগৰ সেই মানুহবোৰো নাই। আছে মাথোন বিদ্যালয়খন আৰু অতীতৰ দুসৰ স্মৃতি। বিদ্যালয়খন আছে
মানে আলীগাঁৱৰ নাম থাকিব। কিন্তু বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক মহচীন হাজীহঁতৰ
সগ্ৰামী জীৱনৰ কথা মানুহে এদিন পাহৰি যাব। কিন্তু উত্তৰপুৰুষৰ মাজত তেওঁলোকৰ তেজৰ
ধাৰা চিৰকাল বোঁৱতী নৈৰ দৰে প্ৰৱাহিত হৈ থাকিব।
-সমাপ্ত-

Comments
Post a Comment